অব্যক্ত আদৰ- (কৃষ্ণা ময়ূৰী হাজৰিকা)
অতুলৰ দৰে এটা কঠুৱা মনৰ মানুহৰ স’তে বিয়া হোৱাৰ পাছত নয়নাই ঘৰখনৰ কামবোৰ নিয়াৰিকৈ কৰি আহিছিল৷ অসুখীয়া শহুৰ শাহু আৰু দুটা দেওৰৰ আপডাল লগতে নিজৰ খটাসুৰ ল’ছালি হাল সৰু সৰু কথাতে ঠেহ পেচ পাতি সততে তাইক কষ্ট দিয়া স্বামী অতুল সকলোৰে মন যোগাই নিমাতি নয়নাই জীৱনটো আগবঢ়াই নিছিল৷ বেমাৰ একো নাই তাইৰ নে বেমাৰ বুলি তাই এইখন ঘৰৰ মানুহক কৈ নাপালে নিজৰে খেলিমেলি লাগে৷ কিন্তু সিদিনা অথন্তৰ ঘটিল৷ তলপেটৰ সোঁফালে অকণ অকণ বিষ অনুভৱ কৰি থকা নয়নাই হঠাৎ পুৱা চোতাল সাৰি থাকোতে প্ৰচণ্ড বিষত বাগৰি পৰিল৷ ওচৰতে দাঁত ব্ৰাছ কৰি থকা অতুলে দাঙি আনি বিছনাত শুৱাই দিলেহি৷ ঘৰখনত হুৱাদুৱা লাগিল৷ সকলো কাষ চাপি আহিল৷ দেওৰেক মদনে ল’ৰালৰিকৈ গেৰেজৰ পৰা সিহঁতৰ পুৰণি মাৰুতি কাৰখন উলিয়াই অতুল সহ হাস্পতাললৈ লৈ গ’ল৷ তেতিয়ালৈ বিষে তাইক অচেতন কৰি পেলোৱাৰ উপক্ৰম হৈছে৷ ততাতৈয়াকৈ হাস্পতালৰ বেডত তাইক শুৱাই দিয়া হ’ল অতুল আৰু মদনৰ সহায়ত৷
কাৰো মুখত মাত নাই৷ দেওৰেক আৰু অতুলে অস্থিৰভাৱে ওচৰতে ৰৈ থাকিল৷ ডাক্তৰ যেই আহি পালে অতুল উচুপি উঠিল৷
“ছাৰ মোৰ মানুহজনী বচাওক, ছাৰ মোৰ মানুহজনী বচাওক৷ টকা পইচাৰ কথা চিন্তা নকৰিব৷ মাথোঁ নয়নাৰ একো হ’ব নালাগে৷”
নয়নাৰ কৰ্ণকুহৰত অতুলৰ কথাষাৰ ৰৈ ৰৈ বাজি থাকিল এটি মিঠা গীতৰ হৈ। ঠিক হিয়া উতলাই তোলা এটি পক্ষীৰ কাকলিৰ দৰে। তাই অনুভৱ কৰিলে বিষটো ক্ৰমান্বয়ে কমি আহিছে৷
বৰ কষ্ট কৰি চকুযোৰ লাহেকৈ মেলি তাই দেখিলে অতুলে তাইলৈকে চাই আছে৷ অতুলৰ দুচকুৰে এসাগৰ মৰমে পাৰাপাৰ ভাঙি বাগৰি আহি যেন তাইৰ শুষ্ক হিয়াখন ভিজাই পেলালে৷
“আপুনি অকণমান ওলাই দিয়ক” বুলি কোৱা নাৰ্ছগৰাকীৰ কথাষাৰ আওকাণ কৰি তাইৰ হাত এখন খামুচি ধৰি থকা অতুলৰ হাতখন তাইও খামুচি ধৰি থাকিল৷