অজাতি সপোনৰ কথা (কল্যাণী বৰ্মন)
সাৰে থকা ৰাতিবোৰ পুহি পুহি
ফিচিকি উঠিছে পিতাইৰ ঘৰৰ শেতেলী
চিন্তাবোৰ অহেতুক নাছিল হয়তো পিতাইৰ
মাথোঁ যোৱাৰ আগতে
সাৰি মছি থৈ যাব নোৱাৰিলে
মজিয়াৰ ধূলি-বালি
ৰাতিয়ে বুজে নে বিনিদ্ৰ ৰাতিৰ কথকতা
কিমান গভীৰতাত নিশাৰ নিৰ্জনতাই
বুকুৰ হাড় কুটে ……
অথবা
অভেদ্য প্ৰাচীৰত ঠেকা খাই
ছিন্ন-ভিন্ন হৈ জেঠীৰ দৰে বগাই ফুৰা
ৰৈ থকা আৰু ৰৈ নথকা দিনবোৰৰ কথা
জাতত নুঠা অপ্ৰাচীন সপোনবোৰৰ
বিজ্ঞাপন কোনেও নলয় ইয়াত
সহজাত উদাৰতা জিলিকে
মাথোঁ আপোন ফৈদৰ
বেনামী ফলক এখন লৈ
মই বিচাৰি ফুৰিছোঁ
হাৰি নোযোৱা বুকুৰ
যুদ্ধ শেষৰ ন-বসতি