অন দ্য ৰুল অব দ্য ৰোড (মূল: এ. জি. গাৰ্ডিনাৰ; অনুবাদ: দ্বীপেন শৰ্মা)
সেয়া আছিল শ্ৰীযুত আৰ্থাৰ ৰেনছমে পেট্ৰ’গ্ৰেডৰ পৰা পঠিওৱা বাৰ্তাবিলাকৰ মাজৰে সিদিনাখনৰ এটা খুহুতীয়া কথা! এগৰাকী শকত-আৱত বৃদ্ধ মহিলাই হাতত নিজৰ বজাৰৰ খৰাহিটো লৈ বাটৰুৱা যাত্ৰীসকলক ভীষণ দোমোজাত পেলাই নিজৰ অকণমানো ক্ষয়-ক্ষতি নোহোৱাকৈ পেট্ৰ’গ্ৰেডৰ এটি প্ৰধান আলিবাটৰ সোঁমাজেদি বাট বুলি আছিল। তেখেতক জনোৱা হৈছিল যে পদচাৰীৰ বাবে নিৰ্ধাৰিত ঠাই হ’ল পদপথহে, পিছে তেওঁ উভতি ধৰিলে, “মোৰ যিপিনেই মন যায় সেইপিনেই যাম। আমি এতিয়া স্বাধীনতা পাইছোঁ।” বেচেৰী আইতাজনীয়ে এয়া ধৰিবই পৰা নাই যে যদিহে স্বতন্ত্ৰতাই পদচাৰীক আলিবাটৰ সোঁমাজেৰে চলাচলৰ অধিকাৰ দিয়ে, তেন্তে তেনে স্বতন্ত্ৰতাৰ শেষ পৰিণতি হ’ব এক সাৰ্বজনীন বিশৃংখলতা। প্ৰত্যেকেই আন প্ৰত্যেকৰ বাট আগচি নিজৰ বাট বুলিবলৈ চাব আৰু শেষত কোনোৱেই নিজৰ ঠাই গৈ নাপাব। ব্যক্তিগত স্বতন্ত্ৰতা হৈ উঠিব পাৰে এক সামাজিক নৈৰাজ্য।
হাতত খৰাহি লৈ আলিবাটৰ মাজেৰে গৈ থকা বৃদ্ধ মহিলাগৰাকীৰ দৰে পৃথিৱীখনো বৰ্তমান সময়ত যেন স্বতন্ত্ৰতাৰ ৰাগীত মত্ত হোৱাৰ লেখিয়া বিপদ আহি পৰিছে, আৰু আমি লগতে এই কথাটোও নিজৰ মনলৈ অনা ভাল যে “আলিবাটৰ নিয়ম” বুলিলেনো কিহক বুজায়। ই বুজায় যে সকলোৰে স্বতন্ত্ৰতা অটুট ৰাখিবলৈ হ’লে সকলোৰে অধিকাৰ সীমিত কৰিব লাগিব। যেতিয়া এজন আৰক্ষীয়ে, ধৰা হওক, লণ্ডনৰ ব্যস্ত “পিকাডিলী চাৰ্কাছ”ৰ সোঁমাজলৈ আহি তেওঁৰ হাতখন দাঙে, তেতিয়া তেওঁ সন্ত্ৰাসৰ নহয়, অধিকাৰৰহে প্ৰতীক। আপুনি পিছে তেনেদৰে নাভাবিবও পাৰে। আপুনি হয়তো লৰালৰিৰ প্ৰকোপত আৰু আপোনাৰ গাড়ীখন এইদৰে কঠোৰভাৱে ৰখাই দিয়া বাবে ভাবিব পাৰে যে আপোনাৰ স্বতন্ত্ৰতা ক্ষুণ্ণ হৈছে। এই মানুহজনৰ কিহৰ ইমান বল যে ৰাজহুৱা ঘাই-পথ মুকলি-মূৰীয়াকৈ ব্যৱহাৰ কৰিবলৈ থকা আপোনাৰ অধিকাৰত হাত দিয়াৰ সাহস কৰে! তেতিয়া, আপুনি যদি এজন যুক্তিবান ব্যক্তি, তেন্তে আপুনি ধৰিব পাৰিব যে যদিহে তেওঁ আপোনাক বাধা নিদিয়ে, তেন্তে তেওঁ আন কাকো বাধা দিব নোৱাৰিব, আৰু ইয়াৰ পৰিণতিত “পিকাডিলী চাৰ্কাছ” হৈ পৰিব এক পাকঘূৰণিৰ দৰে, যাক আপুনি অতিক্ৰম কৰি যাব নোৱাৰিব। আপুনি ব্যক্তিগত স্বতন্ত্ৰতাৰ সীমিতকৰণ মানি লৈছে এইবাবেই যে যাতে আপুনি এনে এক সামাজিক শৃংখলা উপভোগ কৰিব পাৰিব যিয়ে আপোনাৰ স্বতন্ত্ৰতাক অৰ্থবহ কৰি তুলিব।
স্বতন্ত্ৰতা মাথো এক ব্যক্তিগত বিষয়েই নহয়, ই এক পাৰস্পৰিক সামাজিক চুক্তিহে। ই হ’ল আমাৰ সকলোৰে স্বাৰ্থৰ সহাৱস্থান। যিবোৰ কথাই আন কাৰোৰে স্বতন্ত্ৰতাত হাত নিদিয়ে, নিশ্চয়কৈ তেনেবোৰ বিষয়ত মই যিমানখিনিলৈকে বিচাৰোঁ সিমানখিনিলৈকে স্বতন্ত্ৰ হ’ব পাৰোঁ। যদি মই ‘ড্ৰেছিং গাউনে’ৰে, দীঘল চুলি আৰু খালী ভৰিৰে আলিবাটলৈ ওলাবলৈ বিচাৰোঁ, কোনেনো মোক মানা কৰিব বাৰু! মোক লৈ হাঁহিবলৈ আপোনাৰ স্বতন্ত্ৰতা আছে, কিন্তু আপোনাৰ প্ৰতি গুৰুত্ব নিদিবলৈও মোৰ স্বতন্ত্ৰতা আছে। আৰু যদি মোৰ চখ আছে চুলি কলপ কৰিবলৈ, অথবা মোচ নিমজ কৰিবলৈ, অথবা এটি দীঘল টুপী, অ’ভাৰকোট আৰু এযোৰ চেণ্ডেল পিন্ধিবলৈ, অথবা শুবলৈ, পলমকৈ যাবলৈ অথবা সোনকালেই শুই উঠিবলৈ, তেন্তে মই মোৰ চখ পূৰণ কৰিম আৰু আন কাৰো অনুমতি নিবিচাৰোঁ। মই আপোনাক সুধিবলৈ নাযাওঁ যে মই মাংসত মিঠাতেল দি খাব পাৰিম নে নোৱাৰিম। মই মাংসত মিঠাতেল ভাল পাব পাৰোঁ। আৰু আপুনিও মোক নোসোধে যে আপুনি প্ৰটেষ্টাণ্ট হ’ব নে কেথলিক হ’ব, আপুনি কৃষ্ণাংগী নে শ্বেতাংগী মহিলা বিয়া কৰাব, নে আপুনি ‘ৱৰ্ডছৱৰ্থ’তকৈ ‘এল্লা হুইলাৰ ৱিলকক্স’ক বেছি পছন্দ কৰিব, অথবা ‘ছেণ্ডিগাফ’তকৈ ‘শ্বেম্পে’ন’ক!
এই সকলোখিনি আৰু আন হাজাৰটা কথাৰ মাজত আপুনি আৰু মই নিজকে সন্তুষ্ট কৰি ৰাখিব পাৰোঁ আৰু ইয়াত আন কাৰোৰেই অনুমতিৰ সকাম নাই। আমাৰ একোখন বিশাল সাম্ৰাজ্য আছে য’ত আমি বিচৰা মতে শাসন কৰিব পাৰোঁ, হ’ব পাৰোঁ জ্ঞানী অথবা হাঁহিয়াতৰ পাত্ৰ, কঠোৰ অথবা সহজ, খাপখোৱা অথবা নিমিলাবিধৰ। পিছে আমি সেই সাম্ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই অহাৰ ঠিক লগে লগেই আমাৰ কাৰ্যকলাপৰ ব্যক্তিগত স্বতন্ত্ৰতা নিৰ্ভৰ কৰিবলৈ ধৰে আন ব্যক্তিসকলৰ স্বতন্ত্ৰতাৰ ওপৰত। মই মাজনিশা ১২ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈ ‘ট্ৰ’ম্বোন’ বজাই ভাল পাব পাৰোঁ। যদি মই এনে কৰিবলৈ এভাৰেষ্টৰ (Helvellyn) শিখৰলৈ যাওঁ, মই নিজৰ মতে কৰিব পাৰিম, পিছে যদি মই মোৰ শোৱনীকোঠাত এনে কৰোঁ, মোৰ পৰিয়ালে আপত্তি কৰিব, আৰু যদি মই আলিবাটলৈ ওলাই গৈ তেনে কৰোঁ, মোক মোৰ চুবুৰীয়া প্ৰতিবেশীয়ে সোঁৱৰাই দিব যে মোৰ ‘ট্ৰ’ম্বোন’ বজোৱাৰ স্বতন্ত্ৰতাই তেওঁলোকৰ শান্তিৰে টোপনি যোৱাৰ স্বতন্ত্ৰতাক বাধা দিব নালাগিব। এই জগতত বহু প্ৰকাৰৰ লোক আছে, আৰু মই মোৰ স্বতন্ত্ৰতাক তেওঁলোকৰ স্বতন্ত্ৰতাৰ সৈতে খাপ খুৱাই ল’ব লাগিব।
আমি সকলোৱে এই কথাটো পাহৰি যাবও পাৰোঁ, আৰু দুৰ্ভাগ্যক্ৰমে আমি এইক্ষেত্ৰত আমাৰ নিজৰ কৰণীয়তকৈও আনৰ অবাঞ্ছনীয় আচৰণৰ প্ৰতিহে অতি বেছি সতৰ্ক হৈ পৰোঁ।
সিদিনাখন ৰাতিপুৱা মই মফচলীয় ৰে’ল আস্থানৰ ডবা এটাত বহি লৈ এখন “ব্লু বুক” (নীলা বকলাৰে আইনৰ হাতপুথি) গভীৰ মনোযোগেৰে পঢ়িবলৈ লৈছিলোঁ, স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে মনপুতি পঢ়াৰ দৰে। মই এইখন মনৰ তৃপ্তিৰ বাবে পঢ়া নাছিলোঁ। আচল কথা, মই কাহানিও “ব্লু বুক” মনৰ খোৰাকৰ বাবে নপঢ়োঁ। মই এয়া পঢ়োঁ অধিবক্তাই গোচৰৰ ব্যাখ্যা পঢ়াৰ নিচিনাকৈ, তাৰ পৰা দুই এটকা সৎভাৱে ঘটাৰ অতি বিনম্ৰ প্ৰয়াসেৰে। এতিয়া, আপুনি যদিহে কিতাপ এখন মনোৰঞ্জনৰ বাবে পঢ়ি আছে, তেন্তে আপোনাৰ চৌপাশে ঘটি থকা কথাবোৰে একো প্ৰভাৱ নেপেলায়। মইতো ভাবোঁ, ভূমিকম্প চলি থকা সময়তো মই “Tristram Shandy” অথবা “Treasure Islands” পঢ়ি মজা পালোঁহেঁতেন।
পিছে এটা বিষয় যেতিয়া আপুনি একোটা কামৰ বাবে পঢ়ে, আপোনাক বেছ কিছু নিৰিবিলিৰ প্ৰয়োজন হয়, আৰু সেয়াই মই নাপালোঁ, কিয়নো পাছৰটো আস্থানতে দুজন মানুহ উঠিলহি, তাৰে এজনে তেওঁৰ বন্ধুজনক তেওঁৰ তীব্ৰ আৰু মদগৰ্বী মাতেৰে ওৰেটো বাট বলকি থাকিল। তেওঁ আছিল তেনেসকলৰ এজন, যিয়ে এনে এটা কাহিনীলৈ মনত পেলায়, য’ত Tom Hooke য়ে আলিবাটত এজন প্ৰচণ্ড ওফাইদাং মৰা লোকক পাই ৰখায় আৰু সোধে — ” ক্ষমা কৰিব, ডাঙৰীয়া, পিছে আপুনি বিশেষধৰণৰ কোনোবা (someone in particular) নেকি?” ৰে’লৰ এই ভদ্ৰলোকজনো বিশেষধৰণৰ কোনোবাই আছিল। যেতিয়া মই দফা আৰু অনুচ্ছেদ বিলাকৰ গূঢ়াৰ্থ বিচৰাত ব্যস্ত আছিলোঁ, তেতিয়া তেওঁৰ মাতে ঘূৰ্ণী বতাহৰ দৰে পাক দি উঠিছিল, আৰু তেওঁৰ বংশ-বৃত্তান্ত, যুদ্ধত পুতেকহঁতৰ কৃতিত্ব, আৰু সেনা-বিষয়া তথা ৰাজনীতিকৰ বিষয়ে তেওঁ কৰা সমালোচনা আদিয়ে কামটোত মনপুতি লাগি থাকিব খোজা মোৰ নি:কিন প্ৰচেষ্টাক হেঁচা মাৰি ধৰিছিল।
যেতিয়া কণ্ঠস্বৰটোৱে এনেবোৰ বিষয়ত গৰ্জিবলৈ আৰম্ভ কৰিলে যে — “এতিয়া ফৰাচীসকলে কৰা উচিত আছিল যে …”, “জাৰ্মানসকলে কৰা ভুল … “, “যদি কেৱল Asquith য়েহে …”, তেতিয়া মই “ব্লু বুক” খন জপালোঁ, খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ, আৰু অৱশভাৱে শুনি গ’লোঁ। এইজাতীয় কথাবোৰ জানেইচোন। মই এই সকলোখিনি আগেয়েও শুনিছোঁ, ইছ্, কিমান যে বাৰ! এয়া আছিল এটা barrel-organ (নলী থকা এবিধ বাদ্য)ত কোনো পুৰণিকলীয়া সস্তীয়া গান এটাৰে বেসুৰাকৈ চিৎকাৰ কৰাৰ দৰে বিৰক্তিকৰ।
যদিহে নিম্ন স্বৰত কথা পাতিবলৈ তেখেতক অনুৰোধ কৰিলোঁহেঁতেন, মই খাটাং যে তেওঁ মোক অতি কঠুৱালোক বুলি ভাবিলেহেঁতেন। তেওঁৰ সম্বিৎ নাছিল যে তেওঁৰ কথা শুনি থকাতকৈ আন যিকোনো লোকৰেই কিবা ভাল কামো কৰিব লগা থাকিব পাৰে, আৰু মোৰ কোনো সন্দেহ নাই যে তেওঁ ডবাৰ পৰা নামি যাওঁতে ধৰি লৈছিল যে ইয়াত থকা সকলোৱেই তেখেতৰ প্ৰতি ধন্যবাদহে জনাইছে, এটা অতিশয় জ্ঞানগৰ্ভ যাত্ৰা উপভোগ কৰিছে আৰু লগত কঢ়িয়াই নিব তেওঁৰ বিশ্বকোষ-সদৃশ জ্ঞান-ভাণ্ডাৰৰ সুমধুৰ স্মৃতি। তেখেত নিশ্চয়কৈ আছিল এজন ভাল মনোভাৱৰ লোক। তেখেতৰ যিটো বেয়া দিশ আছিল সেয়া হ’ল তেখেতৰ কোনো সামাজিক চেতনা নাছিল। তেখেত নাছিল “এজন “সংঘযোগ্য লোক”(a clubbable man)।
আনৰ অধিকাৰ বা অনুভূতিৰ প্ৰতি এক যুক্তিসংগত বিবেচনাই হ’ল সামাজিক আচৰণৰ ভেটি। সাধাৰণতে মহিলাসকলৰ বিৰুদ্ধে অভিযোগ অনা হয় যে এই ক্ষেত্ৰত তেওঁলোক পুৰুষতকৈ কম সভ্য, আৰু মই স্বীকাৰ কৰিবলৈ বাধ্য যে মোৰ অভিজ্ঞতা অনুসৰি এয়া মহিলাই — সুন্দৰ সাজপাৰৰ মহিলাই — যিয়ে টিকটৰ শাৰীত আপোনাৰ আগত ঠেলা-হেঁচাৰে সোমায়হি।
পুৰুষে এনে নকৰে, কিছু পৰিমাণে কাৰণটো হ’ল তেওঁ জানেই যে তেওঁৰ ক্ষেত্ৰত এয়া সহ্য কৰা নহ’ব, কিন্তু এই কাৰণেও যে সামাজিক সম্পৰ্কৰ সৰু সৰু দিয়া-লোৱা আদিত তেওঁ বেছি অভ্যস্ত। তেওঁ পৃথিৱীৰ বহল সোঁতত বেছি কাল কটাইছে, য’ত আপুনি সাধাৰণ আচাৰ-বিধিৰ সৈতে নিজকে খাপ খুৱাবলৈ শিকিব লাগে, আৰু তেওঁৰ স্কুলীয়া জীৱন, ক্লাবৰ জীৱন, আৰু তেওঁৰ খেলা-ধূলা আদিয়ে তেওঁক এই ক্ষেত্ৰত এক প্ৰশিক্ষণ দিয়ে যিবোৰ মহিলাসকলে এতিয়াহে লাভ কৰিবলৈ আৰম্ভ কৰিছে।
মই বিশ্বাস কৰোঁ যে নি:স্ব আৰু নীৰৱ লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাটো ক্ষুদ্ৰ জাতিসত্তাসমূহৰ অধিকাৰ ৰক্ষা কৰাৰ সমানেই গুৰুত্বপূৰ্ণ। যেতিয়া কোনো গাড়ীচালকে ইচ্ছাকৃতভাৱে বজোৱা হৰ্ণৰ তীব্ৰ, আগ্ৰাসী শব্দ কাণত পৰেহি, মই নকৈ নোৱাৰোঁ যে মোৰ ভিতৰখনত কিবা উতলি উঠা যেন লাগে, যিটো যাতনা মই অনুভৱ কৰিছিলোঁ যেতিয়া জাৰ্মানীয়ে বেলজিয়ামৰ ওপৰত অভিসন্ধিৰে আগ্ৰাসন চলাইছিল।
হে প্ৰিয় ডাঙৰীয়া প্ৰভু, কিহৰ অধিকাৰত, আপুনি আমাৰ ঘাইপথেৰে গৈ থাকোঁতে আপোনাৰ বাটৰ সমুখত পৰা সকলোকে গালি-শপনি পৰাৰ দৰে গৰজি থাকে। আপুনি ভদ্ৰলোকৰ দৰে অহা বুলি জনাব নোৱাৰেনে? আপুনি আপোনাৰ পাল পৰালৈ ৰ’ব নোৱাৰেনে? আপুনি কোনোবা বিশেষ-ধৰণৰ অথবা চিধাচিধি “অৱতাৰী পুৰুষ ন্যীৎস্যেৰ এজন উগ্ৰ প্ৰচাৰক” (hot gospeller of Prophet Nietzsche)? মই আচৰিত হৈ পৰোঁ যে এয়া কেনেধৰণৰ লোক যিয়ে গোঁৱাৰ-গাহৰিৰ দৰে বিৰক্তিকৰ মুখাৰ আঁৰ লৈ বহি থাকিব পাৰে, এই কথা নুবুজাকৈ যে তেওঁ আচলতে Prussia Incarnate ৰহে প্ৰতীক আৰু সভ্য সমাজত এখন অতি কুৎসিৎ মুখ ( ugly spectacle)।
আৰু আছে ইয়াতকৈও “বেছি ক্ষতি-নকৰা লোক” (more harmless man) যিয়ে এটা অতি বিকট গ্ৰামোফোন কিনিছে, আৰু দেওবৰীয়া আবেলি ইয়াক দিলে চলাই, খিৰিকীখন খুলিলে আৰু আলিবাটটোত বিয়পাই দিলে “ৰাম্ভা হো হো হো” (“Keep the homes fire burning”) বা তেনে জাতীয় মাদকতাৰে। এই ধৰণৰ কথাবোৰত সামাজিক আচৰণৰ সঠিক সীমা কিমানখিনি হোৱা উচিত? উদাহৰণস্বৰূপে পুনৰাই “ট্ৰম্ব’ন”ৰ কথাকে লওঁ আহক। Hazlitt য়ে কৈছিল যে যিয়ে সেই ভয়ানক বাদ্যটো শিকিব বিচাৰে, তেওঁ নিজৰ ঘৰতে এয়া শিকাৰ অধিকাৰ আছে, যদিওবা তেওঁ হৈ পৰিব প্ৰতিবেশীৰ বাবে হুলস্থূলৰ কাৰণ, পিছে এয়া তেওঁৰ বাবেও দায়বদ্ধতাৰ কথা যে হুলস্থূলটো যিমানখিনি পাৰি কমাই কৰিব লাগে।
তেওঁ ঘৰৰ মূধৰ কোঠা (attic) ত অনুশীলন কৰিব লাগিব, আৰু খিৰিকী জপাই ল’ব লাগিব। সমুখৰ কোঠাত বহি খিৰিকী মেলি হুলস্থূলীয়া বাদ্যেৰে প্ৰতিবেশীৰ কাণঘোলা কৰি সৰ্বোচ্চ সন্ত্ৰাস বিয়পাবলৈ তেওঁৰ কোনো অধিকাৰ নাই। গ্ৰামোফোনৰ ক্ষেত্ৰতো কথা একেটাই।
আপুনি যদি গ্ৰামোফোন পছন্দ কৰে তেন্তে লোৱাৰ অধিকাৰ আপোনাৰ আছে, কিন্তু যদি শব্দখিনি আপোনাৰ চৌহদতে সীমাবদ্ধ কৰি ৰাখিব পৰা কামখিনি নকৰে, তেন্তে আপুনি আপোনাৰ প্ৰতিবেশীৰ অধিকাৰতহে হস্তক্ষেপ কৰিছে। আপোনাৰ প্ৰতিবেশীয়ে “ৰাম্ভা হো হো…” ভাল নাপাবও পাৰে। তেওঁলোকে নিজৰ দেওবৰীয়া আবেলিটো আমনি বিহীনভাৱে কটাব বিচাৰিব পাৰে, আৰু আপুনি ইচ্ছাকৃতভাৱে তেওঁলোকৰ শান্তিত হস্তক্ষেপ কৰা কথাটো একো নোসোধা নজনোৱাকৈ তেওঁলোকৰ বাগিচাত অনধিকাৰ প্ৰৱেশ কৰি ফুলৰ জোপোহাবোৰ লণ্ডভণ্ড কৰাৰ নিচিনা একেধৰণৰ উদ্ভণ্ডালি মাথোন ।
অৱশ্যে এনে পৰিস্থিতিও আছে য’ত অধিকাৰৰ মুখামুখি সংঘাতৰ ক্ষেত্ৰত বুজাবুজিৰ পথ নথকা যেনো লাগে। মোৰ চেনেহৰ পুৰণিকলীয়া বন্ধু “এক্স” এতিয়া “ৱেষ্ট এণ্ড স্কোয়াৰ”ৰ নিবাসী, যিজন ভাল আচৰণ আৰু চৰিত্ৰৰ এক আশ্চৰ্যকৰ সমাহাৰ– আলিবাটত পিয়ানো বজোৱা শুনিলেই তেওঁ খঙৰ ভমকত আঁতৰাই পঠাবলৈ খেদা মাৰি যায়।
পিছে ওচৰতে বাস কৰে ৰোমাণ্টিক ৰুচিৰ এগৰাকী বিশিষ্ট মহিলা, যি আলিবাটৰ পিয়ানো-বাদন শুনিলেই মৌৰ ভাণ্ডাৰলৈ আকৰ্ষিত ভোমোৰাৰ দৰে উদ্বাউল হয়। এতিয়া কোনজনে আনজনৰ বাবে নিজৰ অধিকাৰ ত্যাগ কৰা উচিত বাৰু? মই কস্মিনকালেও এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। আলিবাটৰ পিয়ানো-বাদন পছন্দ কৰাটো ইয়াক অপছন্দ কৰাৰ সমানেই যুক্তিসংগত — অথবা ওলোটাকৈও একেটাই কথা। এটা পাক-লগা সাঁথৰৰ Sancho Panza ই কি সমাধান উলিয়ালেহেঁতেন, সেয়া জানিবলৈ বৰ মন যায়।
মই ভাবোঁ যে আচল কথা হ’ল এই জটিল পৃথিৱীত আমি সম্পূৰ্ণৰূপে নৈৰাজ্যবাদী বা সম্পূৰ্ণৰূপে সমাজবাদী হ’ব নোৱাৰোঁ — বৰং এই দুয়োটাৰে এক সঠিক জোখৰ সংমিশ্ৰণহে আমি হোৱা উচিত। আমাৰ দুয়োবিধ অধিকাৰেই সংৰক্ষণ কৰিব লগা আছে — আমাৰ ব্যক্তিগত অধিকাৰো আৰু আমাৰ সামাজিক অধিকাৰো। আমি এফালে আমোলা সকলৰ ওপৰতো চকু দিব লাগিব আৰু আনফালে নৈৰাজ্যবাদীহঁতকো ৰোধ কৰিব লাগিব।
মই মাৰ্ক্সবাদীও নহয়, টলষ্টয়-অনুগামীও নহয়, কিন্তু এক আপোচকামীহে। মই কোনো কৰ্তৃপক্ষক এই নিৰ্দেশ দিবলৈ অনুমতি নিদিওঁ যে মোৰ সন্তানে এইখন বিদ্যালয়লৈ যাব নে আনখনলৈ, বিজ্ঞান নে কলাত অধ্যয়ন কৰিব, ৰাগবী খেলিব নে ফুটবল! এই কথাবোৰ ব্যক্তিগত।
পিছে মই যদি ক’বলৈ ধৰোঁ যে মোৰ সন্তানে কোনো শিক্ষাই গ্ৰহণ নকৰিব, যে সিহঁত ডাঙৰ-দীঘল হওক আদিম বৰ্বৰৰ দৰে, অথবা দস্যু চৰ্দাৰৰ প্ৰশিক্ষণত (Mr. Fagin’s academy for pickpockets), তেতিয়া সমাজে বিনয়েৰে অথচ সবলতাৰে মোক জনাব যে আদিম বৰ্বৰৰ কোনো প্ৰয়োজন নাই, আৰু দস্যুৰ প্ৰতি প্ৰবল আপত্তি, আৰু মই বিচাৰোঁ বা নিবিচাৰোঁ– মোৰ সন্তানে নিৰ্ধাৰিত ন্যূনতম শিক্ষা গ্ৰহণ কৰিবই লাগিব। মোৰ তেনে অধিকাৰ থকা উচিত নহয় যাৰ দ্বাৰা প্ৰতিবেশীৰ অশান্তি হয় অথবা মোৰ সন্তানক ৰাষ্ট্ৰসমূহৰ এক সমস্যা আৰু এক বিপদ-ৰূপে গঢ়ি তোলে।
আনৰ অধিকাৰ আৰু অনুভূতিৰ প্ৰতি যথোচিত গুৰুত্ব প্ৰদানেই হৈছে সামাজিক আচৰণৰ মূল ভেটি। আমাৰ আচৰণৰ সৰু কথাবোৰেৰে, বাটে-ঘাটে নিয়ম পালনৰ যোগেদি, আমি আমাৰ নিজৰেই পৰিচয় উদঙাই দিওঁ যে আমি আচলতে সভ্য নে অসভ্য। বীৰত্ব আৰু ত্যাগৰ মহান মুহূৰ্তবোৰ বিৰল। সৰ্বসাধাৰণ জীৱনযাত্ৰাৰ খুঁটিনাটি সৰু সৰু অভ্যাসবোৰেই জীৱনৰ বিশাল ভাণ্ডাৰ গঢ়ি তোলে আৰু এই যাত্ৰা-পথ মধুৰ অথবা তিক্ত কৰি তোলে। মই আশাকৰোঁ ৰে’লৰ ডবাৰ মোৰ বন্ধুজনে এই বিষয়ে গভীৰভাৱে চিন্তা কৰিব। মই নিশ্চিত, তেতিয়া তেওঁ বুজাবলৈ বাট নাচাব যে কোনখিনিত ফৰাচীসকলে ভুল কৰিছিল আৰু ক’ত জাৰ্মানসকলেও একেটাই কৰিছিল; পিছে তেওঁ তেনে কৰিব এনে এক ধৰণেৰে যিয়ে মোক মোৰ “ব্লু বুক” খন নিৰ্বিঘ্নে পঢ়াৰ সুযোগ দিয়ে।