কেন্দ্ৰীয় নিবন্ধনিবন্ধ

অন্ধবিশ্বাস প্ৰতিৰোধত বিজ্ঞানকৰ্মীৰ দায়িত্ব: ৰেইকিৰ প্ৰসংগৰে-(বৰ্ণালী বৰুৱা দাস)

১‌।১: বিজ্ঞান কৰ্মী কাক কয়:

বিজ্ঞান কৰ্মী কাক কয় সেইটো কোৱাৰ আগতে বিজ্ঞান মানে নো কি সেইটো স্পষ্ট হৈ লোৱা দৰকাৰ‌। কাৰণ ‘বিজ্ঞান’ শব্দটো শুনাৰ লগে লগে বহুতৰেই চকুৰ সন্মুখত ভাহি উঠে বগা এপ্ৰ’ন পিন্ধা মানুহ এজন‌। মানুহজনে হাতত টেষ্ট টিউব বা তেনে এটা কাঁচৰ সজুলি লৈ নানাবিধ ৰঙীন পানীয় আন এটা  চক্‌চকীয়া কাঁচৰ পাত্ৰত ঢালি থাকে, সন্মুখত থাকে নানাবিধ ৰাসায়নিক দ্ৰব্য‌। মানুহজনৰ চিন্তাক্লিষ্ট মুখ‌। ইটো ঢালিছে, সিটো ঢালিছে‌। কাঁচৰ জুলীয়াখিনিৰ ৰং সলনি হৈছে‌ — এইধৰণৰ দৃশ্যপট এটা‌। আকৌ বহুতৰে চকু আগত ভাহি আহে ডাঙৰ ডাঙৰ যন্ত্ৰ-পাতি, তাৰ কাষত ক্ষুদ্ৰকায় মানুহ‌। নাইবা অতি ক্ষুদ্ৰাকাৰ কিবা এটা লেঞ্চত থৈ মাইক্ৰস্ক’পেৰে নিবিষ্ট মনে চাই থকা এজন বগা এপ্ৰ’নধাৰী মানুহ‌। অৰ্থাৎ ‘বিজ্ঞান’ বুলিলেই পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞানকে আদি কৰি বিজ্ঞানৰ বিভিন্ন বিষয় বা বিভাগবোৰকে বহুতে বুজে‌ নাইবা যিসকলে দশম শ্ৰেণী মানলৈকে পঢ়িছে, তেওঁলোকে এই বিভাগবোৰলৈ নগৈ বিদ্যালয়ত পঢ়া ‘সাধাৰণ বিজ্ঞান’ৰ বেটুপাতটোলৈকে মনত পেলায়‌। গণ্ডগোলটো হয় এইখিনিৰ পৰাই‌। আচলতে বিজ্ঞানৰ অৰ্থ হ’ল এক প্ৰণালীৱদ্ধ জ্ঞান‌। কিহৰ বিষয়ে জ্ঞান? প্ৰকৃতিৰ বিষয়ে‌। প্ৰকৃতি মানে নো কি? এইখিনিতো আকৌ লেঠা এটা আছে‌। প্ৰকৃতি বুলিলেই বহুতৰে চকুৰ আগত ভাহি উঠে কেৱল গছ-লতা, পৰ্বত-পাহাৰ ইত্যাদি‌। আচলতে প্ৰকৃতিৰ জ্ঞান বোলোঁতেও আমি থকা সমগ্ৰ পৰিৱেশৰ কথাই কোৱা হৈছে‌। য’ত আমি নিজেও অন্তৰ্ভূক্ত‌। প্ৰকৃতিৰ যি কোনো ঘটনাৰে প্ৰণালীৱদ্ধ জ্ঞানেই হৈছে বিজ্ঞান‌। প্ৰকৃতি যিহেতু বিশাল, সকলো জ্ঞান একেদিনাই পোৱা সম্ভৱ নহয়, গতিকে জ্ঞানৰ অন্বেষণ নিৰন্তৰভাৱে চলি থাকে আৰু অন্বেষণৰ সুবিধাৰ বাবে তাক বিভিন্ন বিভাগত ভাগো কৰি লোৱা হয়‌। সি যি নহওক, সকলো ঘটনাৰ আঁৰৰ কাৰণ অনুসন্ধান কৰাই বিজ্ঞানৰ কাম‌। লাগিলে সেই অনুসন্ধান এটা পৰুৱাৰ আচৰণৰ বিষয়েই হওক, আপুনি পুৱাই উঠি খোৱা চাহকাপৰ বিষয়েই হওক নাইবা বিশাল বিশ্বব্ৰহ্মাণ্ডৰ অলেখ অযুত গ্ৰহ-নক্ষত্ৰ-নিহাৰীকাপুঞ্জৰ বিষয়েই হওক‌। পৰ্যবেক্ষণ আৰু নিৰন্তৰ পৰীক্ষণৰ দ্বাৰা প্ৰতিষ্ঠিত সত্যকেই বিজ্ঞানে সত্য বুলি কয়‌। বিজ্ঞানৰ এই সত্য অন্বেষণৰ যি পদ্ধতি সেই পদ্ধতি দৈনন্দিন জীৱনৰ সকলো ঘটনা-পৰিঘটনাত প্ৰয়োগ কৰাৰ যি মানসিকতা সেয়াই হৈছে বিজ্ঞান মানসিকতা বা বিজ্ঞানমনস্কতা‌। বিজ্ঞানমনস্ক হ’বলৈ বিজ্ঞানৰ কোনো বিভাগৰ ডিগ্ৰী লাগিব বুলি কোনো কথা নাই‌। বিজ্ঞান কৰ্মী বুলি কওঁতেও এই ধৰণৰ মানসিকতাৰ মানুহৰ কথাই কোৱা হৈছে‌। অৰ্থাৎ বিজ্ঞানকৰ্মী মানেই গাত বগা এপ্ৰ’ন পিন্ধি পৰীক্ষাগাৰত থাকিব লাগিব বুলি কোৱা হোৱা নাই‌। বিজ্ঞানকৰ্মী হৈছে সেইসকল বিজ্ঞানমনস্ক ব্যক্তি যি নিজৰ সমাজখনত বৈজ্ঞানিক মানসিকতা প্ৰচাৰ কৰিব খোজে‌। এইখিনিতে এজন বিজ্ঞানমনস্ক ব্যক্তি আৰু বিজ্ঞানকৰ্মীৰ পাৰ্থক্যটো  আহি পৰে। এনে এজন ব্যক্তি থাকিব পাৰে যি জীৱনৰ প্ৰতিটো কথা যুক্তিৰ তুলাচনীত উঠাইহে গ্ৰহণ বা বৰ্জন কৰে‌। গতিকে ক’ব পৰা যায় যে তেওঁ এজন বিজ্ঞানমনস্ক মানুহ‌। মানুহজনৰ নিজস্ব চেতনাত বিজ্ঞানমনস্কতাৰ প্ৰবাহ বৈ আছে‌। কিন্তু সেই প্ৰবাহ তেওঁ আনলৈ বোৱাই দিয়াৰ চেষ্টাত ব্ৰতী নহ’বও পাৰে‌। তেনে ক্ষেত্ৰত মানুহজন বিজ্ঞানমনস্ক হ’লেও তেওঁক বিজ্ঞানকৰ্মী বোলা নাযায়‌। আৰু অকণমান স্পষ্টকৈ কওঁ‌। এজন মানুহ নিজে বিজ্ঞানমনস্ক হ’ব পাৰে, কিন্তু যেতিয়ালৈকে বিজ্ঞানমনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কামত তেওঁ ব্ৰতী নহয়, তেতিয়ালৈকে তেওঁক বিজ্ঞানকৰ্মী বুলিব পৰা নাযায়‌।

২‌।১: সমাজব্যৱস্থাৰ পৰিৱৰ্তন আৰু যুক্তিবাদ প্ৰসাৰৰ আন্দোলন

এই কথা  আমি সকলোৱে জানো যে বিজ্ঞানৰ অগ্ৰগতিৰ এই যুগতো আমাৰ সমাজত অজস্ৰ অন্ধবিশ্বাস বৰ্তি আছে‌। এই কথাও বহুতে জানে আৰু মানে যে অন্ধবিশ্বাস সমুলঞ্চে নিৰ্মূল কৰাৰ সৈতে সমাজ-ব্যৱস্থাৰ পৰিৱৰ্তনৰ প্ৰশ্নটোও জড়িত‌। এটা এটাকৈ অন্ধবিশ্বাসবোৰ নিৰ্মূল কৰি গৈ থাকিম বুলি আঁচনি তৈয়াৰ কৰাতকৈ সমাজখনক এনে এক স্তৰলৈ লৈ যোৱাৰ চেষ্টা কৰাহে যুগুত য’ত মানুহৰ চেতনাত প্ৰোথিত হয় বিজ্ঞানমনস্কতা‌। য’ত মানুহ আবেগেৰে নহয়, পৰিচালিত হয় যুক্তিৰে‌। তেনেকুৱা সমাজত এটা অন্ধবিশ্বাসৰ মৃত্যু হোৱাৰ পাছত, নতুন নতুন অন্ধবিশ্বাসে আৰু গজালি নেমেলে‌। আচলতে তেনে এক আদৰ্শ সমাজত কোনো এটা বিশেষ অন্ধবিশ্বাসৰ বিষয়ে সুকীয়াকৈ লিখাৰ প্ৰয়োজনো নাথাকে। তেন্তে? তেনে এখন সমাজ গঢ়ি উঠিলে অন্ধবিশ্বাসবোৰ এনেও নোহোৱা হ’বই দেখোন – এই বুলি ভাবি বিজ্ঞানকৰ্মীসকল কাম কাজ সামৰি বহি থকাই ভাল নেকি?

আচলতে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন হ’লে আপোনা আপুনি অন্ধবিশ্বাসবোৰ নোহোৱা হ’ব বুলি বিজ্ঞান মানসিকতা গঢ়ি তোলাৰ কামটোক নিলগাই থ’লে সি ব্যৱস্থাগত পৰিৱৰ্তনৰ আন্দোলনকো স্থবিৰতাতহে ডুবাই ৰাখিব‌। সাম্প্ৰতিক সময়ত প্ৰগতিশীল আন্দোলনটো এনেও স্থবিৰ হৈয়ে আছে‌। শাসক পক্ষই চলাই ৰখা হিতাধিকাৰী ৰাজনীতি আৰু ধৰ্মীয় জাতীয়তাবাদী ৰাজনীতিয়ে প্ৰকৃত জনহিতাকাংক্ষী প্ৰগতিশীল পক্ষৰ গণভিত্তি শূন্যলৈ নমাই আনিছে‌। এই পৰিপ্ৰেক্ষিতত আচলতে এক সুদূৰ প্ৰসাৰী যুক্তিবাদী আন্দোলনেহে এই প্ৰগতিশীল আন্দোলনকো পুনৰোজ্জীৱীত কৰিব‌। ভাত-কাপোৰৰ সমস্যা আছে বাবেই মানুহক অন্ধবিশ্বাসৰ ব্যৱসায়ীয়ে প্ৰৱঞ্চনা কৰিবলৈ সুবিধা পাইছে‌। গতিকে এই সমস্যাক এৰাই চলিলে প্ৰগতিশীল আন্দোলন চলিব কিদৰে?

২‌।২: ৰেইকি বিৰোধী আন্দোলন: বৰ্তমান সময়ৰ আহ্বান

অসমৰ সৰু বৰ চহৰ নগৰৰ উপৰিও ভিতৰুৱা গাঁওসমূহতো বৰ্তমান ৰেইকি নামৰ অন্ধবিশ্বাসটোৱে দ্ৰুত গতিত প্ৰসাৰ লাভ কৰিছে‌। উজনি অসমৰ যোৰহাট, কাকজান, টিয়ক, শিৱসাগৰ, দেৰগাঁও, গোলাঘাট আদি ঠাইত বিশেষকৈ মহিলাসকলৰ মাজত মাহেকে পষেকে চেমিনাৰ অনুষ্ঠিত কৰি ৰেইকিৰ দীক্ষা দিয়াৰ নামত এদিনত এজনৰ পৰা তিনিহাজাৰৰ ওপৰ টকা সংগ্ৰহ কৰা হৈছে‌। ৰেইকিৰ দ্বাৰা সকলো ৰোগ নিৰ্মূল হয়, অৰ্থনৈতিক সমস্যা, পাৰিবাৰিক সমস্যা নোহোৱা হয়, ল’ৰা-ছোৱালীয়ে পৰীক্ষাত ভাল ফল দেখুৱায় ইত্যাদি ইত্যাদি কথা প্ৰচাৰ কৰাৰ ফলত গাঁৱৰ কিছু সংখ্যক মানুহে আনকি নিজৰ পোহনীয়া গৰু-ছাগলী বিক্ৰী কৰিও ৰেইকি প্ৰশিক্ষণ ল’বলৈ হাবিয়াস কৰিছে‌। গতিকে অসমৰ বিজ্ঞানকৰ্মীসকল সংগঠিত হৈ এক ৰেইকি বিৰোধী আন্দোলন গঢ়ি তোলাটো বৰ্তমান অতিকে জৰুৰী হৈ পৰিছে‌। ই অসমত প্ৰায় স্থবিৰ হৈ পৰা প্ৰগতিশীল আন্দোলনটোকো এক নতুন গতি দিব বুলি আশা কৰিব পাৰি‌। লগতে বিজ্ঞানকৰ্মীৰ কৰ্মতৎপৰতাও বৃদ্ধি কৰিব‌।

৩: ৰেইকি বিৰোধী আন্দোলনত বিজ্ঞানকৰ্মীৰ কৰণীয়

ইতিমধ্যে উল্লেখ কৰা হৈছেই যে অসমৰ চুকে কোণে এই অন্ধবিশ্বাসৰ দ্ৰুত প্ৰসাৰ ঘটিছে‌।  আজিৰ পৰা ১৫, ২০ বছৰৰ আগতেই যদিও ৰেইকি নামৰ অন্ধবিশ্বাসবিধ অসমৰ এচাম মানুহৰ মাজত সোমাই পৰিছিলহি, বৰ্তমান প্ৰসাৰিত হোৱা এই ব্যৱসায়ৰ স্বৰূপ সম্পূৰ্ণ বেলেগ‌। আগতে ই আছিল কিছু পৰিমাণে অভিজাত সকলৰ মাজতে আৱদ্ধ‌। প্ৰিয়জনক হেৰুৱাই অসহায় অনুভৱ কৰা কিছু সংখ্যক মানুহৰ মাজত, মানসিক চাপত থকা কিছু আঢ্যৱন্ত মানুহৰ মাজত বা বিলাসী জীৱন যাপন কৰা অতিমাত্ৰা স্বাস্থ্য সচেতন কিছু মানুহৰ মাজত, যিসকলে স্বাস্থ্যৰ কাৰণে ভাল বুলি ক’লে যিকোনো বস্তুকে গ্ৰহণ কৰিবলৈ সদা প্ৰস্তুত হৈ থাকে তেনে এচামৰ মাজতেই ই আৱদ্ধ হৈ আছিল‌। ৰেইকিৰ জড়িয়তে হ’লেও নিয়মিতভাৱে নিজৰ প্ৰতি লোৱা কিছু শৃংখলিত আচাৰে তেনে মানুহৰ স্বাস্থ্যত কিছু সু-প্ৰভাৱ পেলোৱাতো একো আচৰিতো নহয়‌। কিন্তু বৰ্তমান অসমত ৰেইকিৰ যিটো ঢৌ আহিছে ই আৰু এতিয়া সাধাৰণ এক যোগ বা ব্যায়ামৰ দৰে অনুশীলন হৈ থকা নাই‌। ই হৈ পৰিছে এক বৃহৎ ব্যৱসায়‌। সেই ব্যৱসায়ীয়ে নানা ভুৱা আশাৰে সাধাৰণ মানুহৰ পৰাও শকত ধন আদায় কৰি আছে‌। হাতত থকা ম’বাইল ফ’নটোতেই প্ৰতিদিনে দেখি আছে তেওঁৰেই দৰে আৰ্থিক অনাটনত ভূগি থকা এজনেও ৰেইকিৰ প্ৰশিক্ষণ ল’বলৈ নাম লিখাইছে‌। আনকি এবাৰ দীক্ষা লোৱা এজনে পৰৱৰ্তী সময়ত আৰু কেইজনমানক ধৰি আনি দিয়াৰ ফলত কিছু আৰ্থিক অনুদানো লাভ কৰিছে‌। গতিকে এই ভুৱা আশ্বাসৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি অন্ধবিশ্বাসীৰ কবলত পৰিছে‌। গতিকে ৰেইকিৰ বিৰুদ্ধে কঁকালত টঙালি বান্ধি যুঁজত নামি পৰাটো বৰ্তমান এক সময়ৰ আহ্বান‌। এই আহ্বানত সঁঁহাৰি দিয়া বিজ্ঞানকৰ্মীসকলে মনত ৰাখিব লগা দুটামান কথা এইখিনিতে প্ৰণিধানযোগ্য-

৩‌। ১: বিজ্ঞানকৰ্মীয়ে এই ঢৌক সময় থাকোঁতেই প্ৰতিহত কৰিবলৈ কৰ্মসূচী তৈয়াৰ কৰি অভিযান আৰম্ভ কৰা দৰকাৰ‌। যি গুৰুমুখী অন্ধ পৰম্পৰাৰ ই সৃষ্টি কৰিছে সি অনাগত দিনত সমাজক এক ভয়াবহ পৰিণতিৰ ফালে লৈ যাব পাৰে‌।

৩‌। ২: ৰেইকি ব্যৱসায়ীৰ প্ৰৰোচনাত ভোল গৈ যিসকলে ইতিমধ্যে এই অন্ধবিশ্বাসক বৰণ কৰি লৈছে, সেইসকলৰ ওপৰত বিজ্ঞানকৰ্মীয়ে ক্ষোভ উজাৰি লাভ নাই‌। বিজ্ঞাপনৰ চমকত কোনোবা ভোল যাবই পাৰে‌। তেওঁলোকক পৰাপক্ষত সেই অন্ধকাৰৰ পৰা বাহিৰলৈ অনাৰ চেষ্টা কৰিব লাগে‌। তুচ্চ-তাচ্চিল্য কৰিলে সেইসকলে ঠগ খোৱাৰ পাছতো আন নতুন নতুন অন্ধবিশ্বাসৰ কবলতহে পৰিব‌। গতিকে বিজ্ঞানকৰ্মীৰ তাচ্চিল্য আৰু ৰুক্ষ ব্যৱহাৰ কোনো কাৰণতেই কাম্য নহয়‌। ই ৰেইকি বিৰোধী আন্দোলনটোৰ সফলতাত হেঙাৰ হৈহে উঠিব‌। পানীত পৰা মানুহক উদ্ধাৰ কৰাটোহে আমাৰ কৰ্তব্য হোৱা উচিত। তাৰ সলনি – ‘কিয় পানীত পৰিলি? ভাল হৈছে, গৈছিলি নহয় পানীলৈ’ – এনে কথা কোৱা উচিত নহয়‌।

৩‌‌‌। ৩ : ৰেইকিৰ স্বৰূপ উদঙাই দি বিভিন্ন মাধ্যমত প্ৰচাৰ কৰাটো বিজ্ঞানকৰ্মীৰ কৰ্তব্য‌। আজিৰ সময়ত ইণ্টাৰনেটত ৰেইকিৰ বিষয়ে লিখনি বা ভিডিঅ’ বিচাৰিলে হাজাৰ হাজাৰ লিংক পাব কেৱল ৰেইকিৰ নানা ধাপ্পাবাজী কথাৰ‌। তাৰ বিপৰীতে ৰেইকিৰ স্বৰূপ বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰা তথ্য পাতি, ভিডিঅ’ আদি তেনেই সীমিত‌। সেয়েহে বিজ্ঞানকৰ্মীসকলৰ এইটো এটা গধূৰ দায়িত্ব যাতে এইধৰণৰ তথ্য পাতিও নেটত যিমান পাৰে আপল’ড কৰা হয়, যাতে চাৰ্চ কৰিলে মানুহে সহজেই বিজ্ঞানসন্মত বস্তু বিচাৰি পায়‌।

৩‌। ৪ : ৰেইকিৰ অবৈজ্ঞানিক স্বৰূপ উদঙাই দিয়া ভিডিঅ’, লেখা আদি বহুলভাৱে চেয়াৰ কৰাৰ ওপৰতো বিজ্ঞানকৰ্মীয়ে গুৰুত্ব দিয়া উচিত‌। কাৰণ বহুল চেয়াৰ হ’লেহে চাৰ্চ ইঞ্জিনেও এনে তথ্যবোৰ নেটিজেনৰ সন্মুখলৈ বেছি বেছিকৈ নিয়া কামটো কৰিব‌।

৩‌। ৫ : ৰেইকিৰ বিৰুদ্ধে প্ৰচাৰ কৰাটো হ’ব লাগিব এক অবিৰাম প্ৰয়াস‌। এদিন এটা লিখা লিখি বা এদিন এটা ভিডিঅ’ নিৰ্মাণ কৰি ৰৈ গ’লে নহ’ব‌। কোনোবা যুগতে প্ৰচাৰিত হোৱা লেখা এটাক লৈ সন্তুষ্ট হৈ থাকিলে কাম নিসিজিব‌। কাৰণ সেই লেখাটো এতিয়াৰ অধিকাংশই নপঢ়াৰ সম্ভাৱনাই বেছি‌। বহুতো বিজ্ঞানকৰ্মীয়ে এনে এক মনোভাৱো পোষণ কৰে – “ৰেইকি যে এক অন্ধবিশ্বাসহে, সেই কথাটো দেখোন কেতিয়াবাই প্ৰমাণিত হৈ গ’ল‌। এতিয়া আৰু সেই বিষয়ে আলোচনা কৰি থকাৰ কিবা প্ৰয়োজন আছে জানো?”- এই মনোভাৱ ক্ষতিকৰ‌। এক নিৰন্তৰ প্ৰয়াস লাগিবই‌।

৩‌। ৬ : বিজ্ঞানকৰ্মীসকলে বিষয়টোৰ লগত সংলগ্ন সকলোবোৰ কথা খৰচি মাৰি নিজেও অধ্যয়ন কৰাটো দৰকাৰ‌। নিৰন্তৰ অধ্যয়নৰ যোগেদি নিজৰ যুক্তিৰ ভেটি সুদৃঢ় কৰি ল’বই লাগিব‌।

৩‌। ৭ : ৰেইকিৰ বিৰোধ কৰিবলৈ যাওঁতে সাধাৰণতেই এটা কথা মন কৰা যায় যে আনটো পক্ষই সদায় বিতৰ্কটো বিপথে পৰিচালিত কৰিবৰ বাবে আন কেতবোৰ অন্ধবিশ্বাসৰ কথা টানি আনে‌। কৌশলগত কাৰণতেই বিজ্ঞানকৰ্মীসকলে এনেবোৰ কথা সদ্যহতে এৰাই চলা ভাল‌। সকলোবোৰ অন্ধবিশ্বাসৰ বিৰুদ্ধেই বিজ্ঞানকৰ্মীৰ সবল স্থিতি‌ৰ দৰকাৰ যদিও এটা অভিযান চলাওঁতে কিছু কৌশলো অৱলম্বন কৰা প্ৰয়োজন। কাৰণ বৰ্তমান সময়ত ৰেইকিৰ ঢৌৱে অসমত এক বিশেষ সংকটৰ ৰূপ লৈছে‌।

৩‌। ৮ :  আনুষ্ঠানিক শিক্ষা নথকা, পিচপৰা অঞ্চলৰ মানুহক তেওঁৰ অন্ধবিশ্বাসৰ কথা ক’লে সহজে মানি লয়‌। কিন্তু আনুষ্ঠানিক শিক্ষাৰ ডিগ্ৰীধাৰী মানুহক তেওঁৰ অন্ধবিশ্বাসৰ কথা ক’লে ইগ’ত আঘাত লাগে‌। “মই ইমান জানো‌। গতিকে মোৰ বিশ্বাসটো অন্ধবিশ্বাস হ’ব পাৰে নে? মোৰ দৰে শিক্ষিত মানুহক কোনোবাই ঠগাব পাৰে নে?” – এইধৰণৰ অহং ভাৱৰ বাবেই এইচাম মানুহক বুজুৱা টান‌। নক’লেও হ’ব যে ৰেইকিৰ কৱলত পৰা গৰিষ্ঠ সংখ্যক মানুহ এই চামটোৰ ভিতৰতে পৰে‌। গতিকে বিজ্ঞানকৰ্মীসকলৰ ধৈৰ্যৰ প্ৰয়োজন হ’ব‌।

৩‌। ৮: গাইগুটীয়া প্ৰচেষ্টাতকৈ বিজ্ঞানকৰ্মীসকলৰ এক সাংগঠনিক প্ৰয়াসৰ প্ৰয়োজন‌। অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে থিয় হোৱা বহুতো সংগঠনে বৰ্তমান অসমত কাম কৰি আছে‌। এই সকলো সংগঠনৰ প্ৰতিনিধিৰে এক টাস্ক ফ’ৰ্চ গঠন কৰি পৰিকল্পিত আঁচনিৰ ভিত্তিত ইয়াৰ নিৰ্মূলনৰ চেষ্টা কৰা দৰকাৰ‌।

Leave a Reply

Your email address will not be published. Required fields are marked *