অন্ধবিশ্বাস আৰু অপবিজ্ঞানৰ বিপৰীতে বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ গুৰুত্ব আৰু প্ৰাসংগিকতা-(মৃন্ময় বৰ্মন)
(প্ৰেৰণা পুথিভঁৰাল, সৰুক্ষেত্ৰী শাখাৰ উদ্যোগত প্ৰয়াত যুৱ সাংবাদিক কবি অৰ্ণৱ জ্যোতি ডেকাৰ সোঁৱৰণত অসম ভিত্তিত আয়োজিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ দ্বিতীয় স্থানপ্ৰাপ্ত প্ৰৱন্ধটি কিছু সম্পাদিত ৰূপত এই সংখ্যাৰ ‘মুক্ত চিন্তা’ ৰ পাঠকবৰ্গলৈ আগবঢ়োৱা হ’ল। সৌজন্য: প্ৰেৰণা পুথিভঁৰাল)
ধৰ্ম সৃষ্টিৰ সময়ৰ পৰা ধৰ্মীয় ৰীতি-নীতিৰ সৈতে সাঙুৰ খাই থকা বিষয়টিয়ে হ’ল অন্ধবিশ্বাস, যাৰ কোনো অস্তিত্ব নাই, বৈজ্ঞানিক যুক্তিযুক্ততা নাই। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক বা ধাৰণাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। আজি ২১ শতিকাত য’ত মানৱ সভ্যতা উন্নতিৰ চুড়ান্ত শিখৰত উপনীত হৈছে, যি সময়ত বৈজ্ঞানিক আৱিষ্কাৰ সমূহে পৃথিৱীখনক গোলকীয় গাঁওলৈ পৰিবৰ্তিত কৰিছে, সেই সময়তো আমি অন্ধবিশ্বাস, কু-সংস্কাৰ, অপবিজ্ঞান আদি সামাজিক ব্যাধিৰ পৰা মুক্ত হ’ব পৰা নাই। আজি আমি অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সোমাই আছো। গ্ৰীক দাৰ্শনিক চক্ৰেটিছে সেই সময়ত এথেন্সত চলি থকা কু-নীতি, কু-প্ৰথা অন্ধবিশ্বাস আদি আঁতৰাই সত্য প্ৰতিষ্ঠা কৰিবৰ বাবে এথেন্সৰ যুৱকসকলৰ মাজত জ্ঞানৰ পোহৰ বিলাই দিবলৈ বিচাৰিছিল, কিন্তু এথেন্সৰ বৰমূৰীয়া সকলে ইয়াতে অসন্তুষ্ট হৈ মহান দাৰ্শনিক জনকে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল। সেইদৰে মহান বিজ্ঞানী ব্ৰুনোৱে বৈজ্ঞানিক সত্যৰ হকে থিয় দিয়াৰ বাবেই প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল। কপাৰনিকাছে কৈছিল সূৰ্য স্থিৰ, সূৰ্যই পৃথিৱীৰ চাৰিওফালে নুঘুৰে, পৃথিৱী হে সূৰ্যৰ চাৰিওফালে ঘূৰে। কিন্তু সেইসময়ত বাইবেলত থকা অনুসৰি পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ, পৃথিৱী স্থিৰ, পৃথিৱীৰ চাৰিওফালে হে সূৰ্য ঘূৰে। কপাৰনিকাছৰ তত্ত্ব আৰু বৈজ্ঞানিক সত্যতাৰ হকে থিয় দিয়াৰ বাবেই মহান বিজ্ঞানী ব্ৰুনোৱে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছিল।
আমি যিমানেই শিক্ষিত হৈছো, যিমানেই নিজকে সভ্য বুলি কৈছোঁ, কিন্তু নিজকে সমাজত প্ৰচলিত কু-প্ৰথা বা কু-সংস্কাৰ সমূহৰ প্ৰভাৱৰ পৰা আঁতৰি থাকিব পৰা নাই। ধৰ্মৰ দোহাই দি আমি এতিয়াও পালন কৰি আছো কিছুমান যুক্তিহীন নিয়ম, বৈজ্ঞানিক সত্যতা নথকা কিছুমান নীতি তথা ভিত্তিহীন ৰীতি। অসমৰ ক্ষেত্ৰত যদি অন্ধবিশ্বাস আলোচনা কৰা হয়, তেতিয়া হ’লে প্ৰথমে নিৰীহ মানুহক ডাইনী সজাই হত্যা কৰাৰ কথাকে ক’ব পাৰি। আজিকালি সংবাদ মাধ্যমত ডাইনী হত্যাৰ কথা সঘনাই পোৱা যায়। প্ৰকৃততে ডাইনী বুলি কোনো বস্তৰ অস্তিত্ব নাই। দেওভূত, বীৰা, ডাইনী আদিবোৰ মানুহৰ জটিল মনৰ একপ্ৰকাৰৰ বিকাৰহে। কিন্তু অন্ধবিশ্বাসৰ বাবে প্ৰতিদিনে আমাৰ অসমৰ কোনোবা নহয় কোনোবা এখন ঠাইত ডাইনীৰ নামত মানুহৰ ওপৰত অত্যাচাৰ উৎপীড়ন চলিয়েই আছে। সেইদৰে আমাৰ সমাজত অন্ধবিশ্বাস বা কু-সংস্কাৰৰ বাবে স্বামী হেৰুওৱা নাৰীসকল যুগ যুগ ধৰি অৱহেলিত হৈ আহিছে। আমাৰ গ্ৰাম্য সমাজত স্বামীহাৰা নাৰীসকল যেন অমংগলৰ জলন্ত প্ৰতীকহে। আনহাতে নাৰীসকলৰ লগত জড়িত আন এক অন্ধবিশ্বাস হ’ল যে- মাহেকীয়াৰ সময়ত নাৰী বা ছোৱালী (তিৰোতা) সকলক পুৰুষে দেখা পোৱাটো অশুভ। লগতে সেই তিৰোতাজনীক কোনোৱে চুব নালাগে বা অকলশৰীয়াকৈ থাকিব লাগে, কোনোবাই যদি সেই তিৰোতা জনীক চুই দিয়ে তেতিয়া হ’লে অশুভ হয়। প্ৰকৃততে তিৰোতা মানুহৰ মাহেকীয়া হোৱাৰ কাৰণ বহুত বেলেগ, গতিকে তাক লৈ হোৱা অন্ধবিশ্বাসৰ বলি প্ৰতিগৰাকী ছোৱালী বা তিৰোতাই হ’ব লাগে। অসমৰ বহু গাঁৱত এতিয়াও বেজ লগোৱা বা যাদু কৰা আদি ধৰণৰ অন্ধবিশ্বাসবোৰ প্ৰচলিত হৈ থকা দেখা যায়। বৈজ্ঞানিক যুক্তিযুক্ততা নথকা এনে কু-প্ৰথাবোৰৰ বাবে সমাজৰ দুৰ্বলসকলে দূৰ্ভোগ ভূগিব লগা হয়। আকৌ আমাৰ সমাজত নিৰীহ জীৱ-জন্তুবোৰকো অন্ধবিশ্বাসৰ কবলৰ পৰা মুক্তি দিয়া নাই। বহুতৰে ভ্ৰান্ত ধাৰণা চলাই থকা বাহনৰ আগেদি যদি মেকুৰী পাৰ হ’লে অশুভ হয়। সেইদৰে অতি নিমাখিত জীব ফেঁচাই কুৰিয়ালে বা ঘৰৰ মুধচত পৰিলেও বহুতেই অমংগল বুলি ভাৱে। অসমত হৈ যোৱা নমামীৰ দৰে বৃহৎ চৰকাৰী অনুষ্ঠান এটাত আন ৰাজ্যৰ পুৰোহিত আনি পূজা পতাতকৈ, দেশ-বিদেশৰ অভিজ্ঞ বিজ্ঞানী, অভিযন্ত্ৰাৰে এটা আলোচনা চক্ৰৰ প্ৰয়োজনীয়তাহে অধিক আছিল। গতিকে কেৱল পূজা-অৰ্চনাক গুৰুত্ব দিয়া শাসকীয় পক্ষৰ পৰা আমি কি আশা কৰিব পাৰো ? বৰ্তমান বিজ্ঞান প্ৰযুক্তি অভূতপূৰ্ব সফলতাৰ সমান্তৰালকৈ ধৰ্মই সমাজৰ এচাম সুবিধাবাদী ব্যক্তিৰ হাতত পৰি ধৰ্মীয় বিশ্বাসৰ নামত যি অন্ধবিশ্বাস, কু-সংস্কাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ, শ্ৰেণী বিভাজনৰ এক বিকৃত ৰূপ পালে সেই কথা সকলোৰে অনুমেয়।
আনহাতে আন এক অন্ধবিশ্বাস হ’ল ‘গ্ৰহণ’ৰ সময়ত গৰ্ভৱতী মহিলা বাহিৰলৈ ওলালে আহিবলগীয়া সন্তানটো বিকলাংগ হয় বুলি বিশ্বাস আছে। এই অন্ধবিশ্বাসটোক মিছা প্ৰমাণিত কৰিবলৈ বিজ্ঞানমনস্কতাৰে পৰিপুষ্ট গোৰা আৰু তেওঁৰ পত্নীয়ে গৰ্ভধাৰণ কৰাৰ চাৰিমাহৰ পাছতেই গ্ৰহণৰ সময়ত বাহিৰলৈ ওলাইছিল কিন্তু দেখা গৈছিল গৰ্ভস্থ শিশুৰ কোনো ক্ষতি নহ’ল। যথা সময়ত কোলালৈ আহিল সুস্থ নৱজাতক। কিন্তু কিবা কাৰণত সন্তানটি যদি বিকলাংগ হ’ল হয়, তেতিয়া হ’লে কোনো অন্তৰ্নিহিত কাৰণ বিশ্লেষণ নকৰাকৈয়ে পোনচাটেই গ্ৰহণৰ কথাটিক টানি আনিলে হয়। আনহাতে জ্যোতিষীসকলে মানুহক বিভিন্ন গ্ৰহৰ ৰশ্মিৰ পৰা বা অশুভ ফলৰ পৰা হাত সাৰিবলৈ দিয়া ‘গ্ৰহৰত্ন’ বোৰৰ কাম কি ? গ্ৰহবোৰ বিভিন্ন গেছ, শিল, বৰফ আদিৰে গঠিত। গতিকে বিভিন্ন গেছেৰে গঠিত পদাৰ্থপিণ্ডবোৰক তুষ্ট কৰিবলৈ বুলি লোৱ পাথৰৰ (ৰত্নৰ) কাম কি ? সেইবোৰ কাৰ্যকৰী হোৱাহেঁতেন মহাকাশ গৱেষণাৰ বাবে নিৰ্ভয়ে পাথৰযুক্ত আঙুঠি, ৰঙাসূতা, কলাসূতা পিন্ধিয়েছোন সৌৰজগতৰ আন গ্ৰহবোৰলৈ ইমান দিনে যাব পৰা হʼলহেতেন। আমি যাক গ্ৰহৰত্ন হিচাপে মহাজাগতিক পৰিঘটনাৰ সৃষ্টি হোৱা পদাৰ্থপিণ্ডক তুষ্ট কৰিবলৈ পিন্ধো ভূ-বিজ্ঞানীৰ মতে সি আচলতে সাধাৰণ পাথৰেই। গতিকে গ্ৰহৰ ৰঙৰ লগত একে পাথৰ আৰু তাৰ পৰা মানুহৰ জীৱনত হ’ব পৰা শুভ অশুভ কাৰকসমূহ নিয়ন্ত্ৰণত আনিবলৈ যোৱাটো অন্ধবিশ্বাসৰ বাদে একো নহয়। কেতিয়াবা আকৌ পেটৰ বিষ বা আন কিবা পেটৰ অসুখ হ’লে বহুতেই অন্ধবিশ্বাসৰ বাবে আনৰ ‘নজৰক’ দোষ দিয়ো। বিশেষ এজন ব্যক্তিয়ে খোৱাৰ সময়ত চাই থকাৰ বাবে নজৰ বা মুখ লাগিল। ইয়াৰ প্ৰতিকাৰ পাবলৈ বহুতে বেজে জাৰি দিয়া পানী খাই, অথচ ভাবি নাচাই এবাৰো যে সেই পানীত কিমান বেমাৰৰ বীজাণু থাকিব পাৰে। কেৱল অন্ধবিশ্বাসৰ বাবেই জৰা পানী, জৰা তেল মানুহে ব্যৱহাৰ কৰে। এনেদৰে বিচাৰ কৰিলে আমাৰ সমাজত অন্ধবিশ্বাস বা কু-সংস্কাৰৰ অলেখ উদাহৰণ পোৱা যাব। কিন্তু প্ৰশ্ন হ’ল আমি এই অন্ধবিশ্বাস আৰু কুস্কাৰবোৰ আমাৰ সমাজ জীৱনৰ অংগ হিচাপে লম নে ? নে ইয়াৰ বিৰোধিতা কৰিম ? এখন সভ্য দেশৰ সভ্য নাগৰিক হিচাপে এই কু-প্ৰথাবোৰ পৰিত্যাগ কৰাই আমাৰ প্ৰধান কৰ্তব্য হোৱা উচিত। তাৰ বাবে আমাৰ সৰ্বপ্ৰথম চৰ্ত হ’ব বিজ্ঞান মানসিকতা বা বিজ্ঞান মনস্কতা। কাৰণ বৈজ্ঞানিক মানসিকতাইহে আমাক অন্ধবিশ্বাস আৰু কু-সংস্কাৰ পৰা মুক্ত হৈ যুক্তিপূৰ্ণভাৱে যিকোনো কথা চিন্তা কৰাত সহায় কৰিব। বিজ্ঞান মনস্কতাৰ জৰিয়তে আমি ন্যায়-অন্যায়, সত্য-অসত্য, ভাল-বেয়া, বিচাৰ কৰি চাব পাৰোঁ। বিজ্ঞান মনস্কতাৰ বাবে আমাক সৰ্বপ্ৰথম প্ৰয়োজন হ’ব এটা যুক্তিপূৰ্ণ তথা শুদ্ধ মনৰ। যিকোনো কথা আমি শুদ্ধকৈ চিন্তা কৰিব পাৰিব লাগিব। বিজ্ঞান মনস্কতাৰ বাবে শিক্ষিত হোৱাটো নিতান্তই প্ৰয়োজনীয়। বিজ্ঞান মনস্কতাৰ বাবে প্ৰত্যেকেই অন্তৰৰ পৰা প্ৰস্তুত হ’ব লাগিব। কু-প্ৰথাবোৰক ত্যাগ কৰি প্ৰয়োজনত নতুনক গ্ৰহণ কৰাৰ জোখেৰে মনটোক আমি সকলো সময়ত প্ৰস্তুত ৰাখিব লাগিব।
সুস্থ সমাজৰ আন এক হেঙাৰ স্বৰূপ হ’ল- অপবিজ্ঞান। কোনো অমূলক অথবা ভিত্তিহীন ধ্যান-ধাৰণাক বিজ্ঞানৰ নামত আগবঢ়াই লৈ যাব বিচৰা কাৰ্যই হ’ল- অপবিজ্ঞান। এনে কাৰ্য স্বাভাৱিক ভাৱেই সমাজৰ প্ৰগতিৰ বাবে ক্ষতিকাৰক। অপবিজ্ঞান তথা ছদ্মবিজ্ঞানৰ কৌশল প্ৰয়োগ কৰি কিছুমানে বাণিজ্যিক চল-চাতুৰীৰে মুনাফা আদায় কৰা দুটামান উদাহৰণ হ’ল- হৰলিক্স মধ্যবিত্ত জীৱনৰ এক চিনাকি ব্ৰেণ্ড। হৰলিক্স বা তেনে জাতীয় পুষ্টিদায়ক খাদ্যবিধ নিয়মীয়াকৈ খোৱালেহে শিশুৰ শাৰীৰিক মানসিক গঠন সঠিকভাৱে হয় বুলি অহৰহ বিজ্ঞাপন প্ৰচাৰ কৰি থকা হয়। বাঢ়ি অহা শিশুৰ বাবে নিশ্চয়কৈ পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। স্বাভাৱিকতেই এই পুষ্টি আহিব সুষম আহাৰৰ পৰা। সহজতে পোৱা সুষম আহাৰ গ্ৰহণ নকৰি কেৱল দুচামুচ বা চাৰিচামুচ হৰলিক্সৰ গুৰি খালেই পুষ্টি পোৱা নাযাব। বাঢ়ি অহা শিশুৰ খাদ্যত নিয়মিত পৰিমাণৰ সুষম আহাৰ থাকিলে হৰলিক্স জাতীয় খাদ্যৰ বিশেষ প্ৰয়োজন নাথাকে। কিন্তু বৈজ্ঞানিক পৰিভাষা ব্যৱহাৰ কৰি এনেদৰে উপস্থাপন কৰা হয় যাতে এই খাদ্য অপৰিহাৰ্য বুলি সাধাৰণ মানুহৰ মনত স্বাভাৱিকতেই ধাৰণা হয়। দ্বিতীয়তে, বজাৰত সহজলভ্য ফিয়াৰনেচ ক্ৰীমবোৰে আমাৰ দৰে কলা আৰু মিঠা বৰণীয়া ছালৰ মানুহক বগা ছাললৈ ৰূপান্তৰিত কৰিব পাৰে বুলি প্ৰচাৰ কৰা বিজ্ঞাপনবোৰ দেখি সেই প্ৰসাধন সামগ্ৰীবোৰ কিনিবলৈ গ্ৰাহকে হেতা ওপৰা লগায়। দৰাচলতে এই বিজ্ঞাপনৰো কোনো বাস্তৱ ভিত্তি নাই।
সকলো আধুনিক মানুহৰে বিজ্ঞানৰ প্ৰতি আস্থা আৰু অনুৰাগ আছে। বিজ্ঞানৰ ইতিবাচক প্ৰভাৱবোৰ জনগণে প্ৰত্যক্ষ কৰে। সেয়ে বিজ্ঞানৰ ছদ্মবেশ ধৰিয়েই অপবিজ্ঞানে জনগণৰ মাজলৈ প্ৰৱেশ কৰে। নিজে নজনাকৈ মানুহে অপবিজ্ঞানৰ চিকাৰ হৈ পৰে। এটা কথা ঠিক যে, অপবিজ্ঞানৰ প্ৰচাৰ প্ৰসাৰ আপোনা-আপুনি নহয়। ইয়াৰ আৰত কেইবাটাও উপাদান নিহিত হৈ থাকে। যেনে:
ক) মানুহৰ অজ্ঞতা, অসচেতনতা, মনন্ধতা বা ধৰ্মন্ধতা।
খ) সন্মোহন, বাণিজ্যিক চল-চাতুৰ্য।
গ) ৰাজনৈতিক কাৰচাজি, সামাজিক গোড়ামি, গোষ্ঠীগত আধিপত্য ইত্যাদি কাৰণত মানুহৰ মাজত অপবিজ্ঞানৰ প্ৰচাৰ হৈ পৰে।
অপবিজ্ঞানৰ গ্ৰাসৰ পৰা সাধাৰণ জনতাক আঁতৰাই ৰাখিবলৈ হ’লে সমাজত বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ হকে কাম কৰিব লাগিব। বিজ্ঞান চৰ্চাই হ’ল অপবিজ্ঞানৰ উত্তম প্ৰতিষেধক।
ইয়াৰ পৰা দেখা গ’ল যে আমি অন্ধবিশ্বাস, অপবিজ্ঞান আদি কমাই এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ বাবে গুৰুত্ব দিব লাগিব। গতিকে আমি এনেভাৱে ক’ব পাৰোঁ যে প্ৰকৃততে বিজ্ঞান মানসিকতাৰ জৰিয়তে সমাজত প্ৰচলিত কু-নীতি, অনিয়ম, অন্যায়, কু-প্ৰথা, কু-সংস্কাৰ, অন্ধবিশ্বাস, অপবিজ্ঞান আদি সামাজিক ব্যাধিবোৰৰ অৱসান ঘটাই এখন সত্য সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিব পাৰি।