কেন্দ্ৰীয় নিবন্ধ

অনীশ্বৰবাদ আৰু অমর্ত্য সেন -(প্ৰসেনজিৎ চৌধুৰী)

বাছ-বিচাৰহীন সাধাৰণীকৰণৰ প্ৰতি মানুহৰ প্ৰায় সহজাত আকর্ষণ থকা যেন লাগে৷ এনে সাধাৰণীকৰণে মানুহক মানসিক পৰিশ্ৰমৰ পৰা ৰেহাই দিয়ে, ততালিকে কোনো সিদ্ধান্তত উপনীত হোৱাৰ বাট সুগম কৰে। এই সুচলৰ বাবেই বোধহয় বহুতে ভাবে যে ঈশ্বৰৰ লগত বিচ্ছেদ ঘটা সকলো মানুহৰ ব্যাখ্যা-বক্তব্য একে সুৰীয়া, তেওঁলোকৰ চিন্তা, মনোভাব, আচৰণ, ভাবাদর্শ আদি একে বৰণীয়া। তোমাৰ মনতো তেনে ধাৰণা আছে নেকি? যদি আছে তেন্তে তেনে ধাৰণাক বিলম্ব নকৰি বিসৰ্জন দিয়া। ঈশ্বৰৰ নাস্তিত্বৰ প্ৰশ্নটোত একমত হোৱাৰ বাহিৰে অন্য বহু গুৰুত্বপূৰ্ণ কথাত অনীশ্বৰবাদীসকলৰ মাজত বিভাজন আনকি বিৰোধো আছে‌: একৰূপত্ব (uniformity) নাস্তিক বা অনীশ্বৰবাদীসকলৰ বৈশিষ্ট্য নহয়। নির্বাক-নিভৃত নাস্তিক (closet atheist)ৰ পৰা নস্যাৎপ্ৰৱণ নাস্তিক (iconoclastic atheist) সকলোকে অনীশ্বৰবাদৰ সৰ্বঢাক সংজ্ঞাই বুকুত ঠাই দিয়ে‌। এই সকলোকে তুমি সমশ্রেণীভুক্ত বুলি ক’লে জানো অতিসৰলীকৰণৰ দোষে নুচুব? ৰেডিকেল নিৰীশ্বৰবাদী ৰিচাৰ্ড ডকিন্স আৰু ঈশ্বৰহীন সমাজবিজ্ঞানী অমর্ত্য সেনক তুমি জানো একে শাৰীতে থ’ব পাৰিবা?

মনস্বী মেধাজীৱী অমর্ত্য সেনৰ অনীশ্বৰবাদী ভাবনাৰ বিষয়ে লিখিবলৈ তুমি অনুৰোধ কৰিছা। এই আবদাৰেই বৰ্তমান পত্ৰালোচনাৰ সূচনা-বিন্দু। সেনৰ যি কেইখন পুথি পঢ়াৰ সুযোগ পাইছোঁ তাত অনীশ্বৰবাদ সন্দৰ্ভত বিশেষ আলোচনা চকুত পৰা নাই। পিছে লক্ষণীয় বিষয় হ’ল, অমর্ত্য সেনে কেতিয়াও নিজৰ অনীশ্বৰবাদী মতামত গোপন কৰা নাই। আনহাতে অনাবৃত অসহিষ্ণুতাৰে তেওঁ স্বীয় বিসম্বাদ ব্যক্ত কৰাৰ পৰাও বিৰত আছে। অর্থাৎ তেওঁ নিভৃত নাস্তিকো নহয়, নস্যাৎপ্ৰৱণ নাস্তিকো নহয়৷ মননৰ মন্থৰ মুক্তিৰ মাজতেই তেওঁ বোধহয় শৃঙ্খলিত চেতনাৰ উত্তৰণৰ পথ বিচাৰি পাইছে। কোৱা বাহুল্য, মানুহৰ যুক্তি-বুদ্ধিৰ ওপৰত অমর্ত্য সেনৰ আস্থা অপৰিসীম। তেওঁৰ মতে মানুহ ‘unquestioning animals’ নহয় এইবাবে যে মানুহে সংশয় প্রকাশ কৰিব পাৰে, প্ৰশ্ন কৰিব পাৰে। (A. Sen, 1999, p.24) এই প্রশ্নপ্ৰৱন সংশয়ৰ আশ্ৰয়তেই হয় অনীশ্বৰবাদৰ অংকুৰণ৷

অমর্ত্য সেনৰ আত্মজীৱনীখনৰ নামটো বেছ অর্থগর্ভ— Home in the World। জন্মদিনৰ শুভেচ্ছাবাহক শোভন উপহাৰ হিচাপে যোৱা বছৰ কিতাপখন তোমাৰ হাতত তুলি দিছিলোঁ। এই সুখপাঠ্য আত্মচৰিতখনৰ একাধিক ঠাইত তুমি লেখকৰ ঈশ্বৰ-অবিশ্বাসৰ সাক্ষ্য পাবা। পিছে বীক্ষণীয় বিষয় হ’ল, পৰম্পৰাৰ প্ৰতিমুখে গৈ সেনে কিয় ঈশ্বৰৰ পিনে পিঠি দিলে তাৰ সম্ভেদ তেওঁ আমাক দিয়া নাই। অৱশ্যে বিনন্দীয়া বন্ধুত্বেৰে সমৃদ্ধ স্কুলীয়া জীৱনৰ সুষম ছবিখন দাঙি ধৰি দিয়া মন্তব্য এষাৰত অমর্ত্য সেনৰ অনীশ্বৰবাদৰ জন্মেতিহাসৰ কিঞ্চিৎ আভাস পোৱা যায়। নিজৰ ‘extraordinarily happy schooldays’ ৰ বিষয়ে তেওঁ লিখা কথাখিনিৰ ভাবাৰ্থ এই ধৰণৰ: সৌভাগ্যৰ নেপথ্যত মানুহে ‘superhuman agency’ৰ ভূমিকা কল্পনা কৰাটো স্বাভাৱিক, পিছে অগণন মানুহৰ বঞ্চনা-বিপৰ্য্যৰ বিষয়টো বিবেচনা কৰিলে তেনে কল্পনাৰ যৌক্তিক ভিত্তি সোলোক্- ঢোলক হৈ পৰে– ‘So, despite my own fortune, there is clearly no lesson here about any intelligent and kindly creation’ (A. Sen, 2021, p.55) এই তাৎপৰ্যপূৰ্ণ মন্তব্যটোৰ ওপৰত ভেজা দি তুমি সমাজ-বিজ্ঞানীগৰাকীৰ ভাবভূমিৰ অন্দৰ-মহলত ভূমুকি মাৰি চাব পাৰা। কৈশোৰৰ পৰাই সংবেদনশীল অমর্ত্য সেনে চৌপাশে আর্ত মানুহৰ দুৰ্দশা-দুর্গতি দেখি বা তেওঁলোকৰ বেদনাসিক্ত বৃত্তান্ত শুনি/পঢ়ি ক্রমান্বয়ে নিশ্চয় এই সিদ্ধান্তলৈ আহিছিল যে জংকট-জঞ্জালেৰে ভাৰাক্ৰান্ত অজস্ৰ মানুহৰ জীৱনে দৰাচলতে এগৰাকী মেধাসম্পন্ন আৰু মমতাময় স্ৰষ্টাৰ নাস্তিত্ত্বৰহে সাক্ষ্য বহন কৰে। তাৰ মানে, কোনো ধৰণৰ বৌদ্ধিক কচৰৎ‍ নহয়, মূলতঃ বাস্তৱ জীৱনৰ পর্যবেক্ষণলব্ধ অভিজ্ঞতাৰ পৰা অমৰ্ত্য সেনৰ অনীশ্বৰবাদৰ আদ্য অধ্যায়ৰ সূচনা। আত্মচৰিত্ৰৰ পৰা অনুমান কৰিব পাৰি যে ইয়াৰ পিছতহে তেওঁ ভাৰতীয় ঐতিহ্যত নাস্তিক্যৰ বীজ আৰু বিচাৰৰ সম্ভেদ পায়। এইক্ষেত্ৰত তেওঁৰ মাতামহ পণ্ডিত ক্ষিতিমোহন সেনৰ অৱদান অনস্বীকার্য।

[আভ্যন্তৰীণ টোকা: খুব প্রাসঙ্গিক নহ’লেও কিছুমান কথা তোমাক জনাবলৈ মন গৈছে। অমর্ত্য সেনৰ দৰে বহুতেই মানুহৰ দুখ-কষ্ট দেখি ঈশ্বৰৰ প্ৰতি বিমুখ হোৱাৰ দৃষ্টান্ত আছে ৷ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে কৈছিল– “দুনিয়াৰ মালিক যদি অনন্ত দয়ালু হত তবে এত কষ্ট সংসাৰে থাকত?” (বিনয় ঘোষ পৃঃ ৫৫৫)]

কি আছিল সেনৰ মাতামহৰ অৱদান? প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে তোমাক ক্ষিতিমোহন সেনৰ বিষয়ে থোৰতে গুটি-দিয়েক কথা জনাই থওঁ। অমর্ত্য সেনৰ ককাক ক্ষিতিমোহন আছিল অত্যুৎকৃষ্ট সংস্কৃত পণ্ডিত। ৰবীন্দ্ৰনাথে অনেক অনুনয়-বিনয় কৰিহে তেওঁক শান্তিনিকেতনলৈ আনিবলৈ সক্ষম হয়। মধ্যযুগৰ ভক্তি আন্দোলনৰ ভাবাদৰ্শৰ তেওঁ আছিল এগৰাকী অকৃত্রিম অনুৰাগী আৰু একনিষ্ঠ গৱেষক। ধৰ্মপ্ৰাণ ক্ষিতিমোহন কম বয়সতে কবীৰপন্থৰ প্ৰবুদ্ধ অনুগামী হৈ পৰে। (উল্লেখ্য, ধর্মবিমুখ অমৰ্তসেনৰ ল’ৰাৰ নাম কবীৰ।) মধ্যযুগৰ সাধকসকলৰ ঔদাৰ্য্যৰ পৰিচয় দিবলৈ গৈ ক্ষিতিমোহনে কৈছে যে ‘শাস্ত্র-শাসিত’ সম্প্রদায়বোৰে সাধাৰণতে গতানুগতিকতাৰ বাটেৰেই খোজ দিয়ে, কিন্তু ‘নিৰক্ষৰ সাধক’সকলৰ বাণীবোৰ মহান আৰু গভীৰ। ‘ইঁহাদেৰ মধ্যে হিন্দু-মুসলমান বা সম্প্রদায়গত কোনো ভেদবুদ্ধি নাই।’ (ক্ষিতিমোহন সেন, পৃঃ ১৩) এইখিনিতে তোমাক জনাই থওঁ যে যোৱা শতিকাৰ চল্লিশৰ দশকৰ দ্বিতীয়ার্ধত যেতিয়া হিন্দু-মুছলমানৰ মাজত সদ্ভাৱ-সম্প্ৰীতিৰ অভাৱ দেখা গৈছিল তেতিয়া ক্ষিতিমোহনে ৰচিছিল ‘ভাৰতেৰ হিন্দু-মুছলমানেৰ যুক্ত সাধনা’ নামৰ কিতাপখন। (A. Sen, 2021, p. 76) কিতাপখনৰ নামটোতেই যেন ক্ষুদ্র পৰিসৰ অতিক্ৰম কৰাৰ আতুৰ আহ্বান প্রকট। এই তথ্যবোৰৰ পৰা তুমি নিশ্চয় অনুমান কৰিব পাৰিছা যে যি অসাম্প্ৰদায়িক স্থিতিৰ কাৰণে সম্প্ৰতি অমর্ত্য সেন বহুজনবন্দিত / নিন্দিত তাৰ এটা উৎস হ’ল তেওঁৰ মাতামহৰ মনস্বী মনন।

[আভ্যন্তৰীণ টোকা: একেবাৰে অপ্রাসঙ্গিক হ’লেও এটা কথা তোমাক জনোৱাৰ লোভ সম্বৰণ কৰিব পৰা নাই। চৈতন্যদেৱে ‘সামাজিকভাৱে সকলোকে সমান অধিকাৰ দিতে পাৰিলেন না’ বুলি কোৱাৰ পিছত ক্ষিতিমোহনে অসমৰ শংকৰদেৱৰ ‘মহাপুৰুষীয়া মত আৰও একটু উদাৰ’ আছিল বুলি মন্তব্য দিছে। তেওঁৰ বিচাৰ অনুযায়ী এই সামাজিক উদাৰতাৰ কাৰণ হ’ল – ‘শংকৰদেৱ নিজে কায়স্থ ছিলেন। ‘ (ক্ষিতিমোহন সেন, পৃঃ ৪৮, ৪৯)]

তুমি বোধহয় কিঞ্চিৎ বিৰক্ত হৈছা। ভাবিছা, বার্ধক্যজনিত বিভ্ৰমৰ কাৰণে মূল বিষয় অনীশ্বৰবাদৰ পৰা ফালৰি কাটি মধ্যযুগীয়া ভক্তিৰ ভুৱনত সোমাই পৰিলোঁ। তোমাৰ ভয় যে অমূলক সেই কথা প্ৰতিপন্ন কৰাৰ মানসেৰে এইখিনিতে এটা প্রাসঙ্গিক তথ্য উল্লেখ কৰিব বিচাৰিছোঁ। শাস্ত্ৰজ্ঞ ক্ষিতিমোহন সেনে হিন্দু ধৰ্মৰ বিষয়ে এখন গ্ৰন্থ ৰচনা কৰিছিল। পণ্ডিত্যপূর্ণ এই বাংলা গ্রন্থখন ইংৰাজীলৈ ভাষান্তৰিত কৰে ক্ষিতিমোহনৰ নাতিয়েক অমর্ত্য সেনে। আমাৰ কাৰণে বিশেষভাৱে বীক্ষণীয় কথাটো হ’ল— অনুবাদ কৰ্মৰ সুলিখিত পাতনিৰ প্ৰাৰম্ভিক পর্বতেই অমর্ত্য সেনে নিজৰ পৰিচয় দিছে ‘Godless Social Scientist’ বুলি। (K.M. Sen, P. VIII) কোনো আড়ষ্টতা নাই, আঁৰ-বেৰ নাই, একেবাৰে ঋজু বক্তব্য— তেওঁ ঈশ্বৰহীন। উল্লিখিত অনুবাদ কৰ্মৰ প্ৰসঙ্গত সেনে আত্মচৰিত্ৰতো সংকোচহীনভাৱে এক পৰিচয় দাঙি ধৰিছে। (A.Sen, 2021, p. 78) তোমাক ইতিমধ্যে জনাইছোঁ যে অমর্ত্য সেনৰ চেতনাত অনীশ্বৰবাদৰ উন্মেষ-পর্বত তেওঁৰ শাস্ত্রবেত্তা মাতামহৰ অৱদান আছিল গুৰুত্বপূৰ্ণ। সেই প্রসঙ্গলৈ এতিয়া অহা যাওক।

আত্মচৰিত্ৰৰ চতুৰ্থ অধ্যায়ত তুমি অমর্ত্য সেনৰ সংশয়াকুল মনৰ অভিব্যক্তি আৰু উদাৰচিত্ত মাতামহৰ অপ্ৰত্যাশিত প্ৰতিক্ৰিয়াৰ চিত্তাকর্ষক বৃত্তান্ত পাবা। স্পষ্টবাদী কিশোৰ অমৰ্ত্যই শান্তিনিকেতনৰ ধৰ্মীয়/আধা-ধর্মীয় আলোচনাবোৰৰ প্ৰতি অনীহা ব্যক্ত কৰি এদিন ক্ষিতিমোহনক ক’লে যে ধৰ্মৰ প্ৰতি তেওঁৰ বিশেষ আগ্রহ-আকর্ষণ নাই। এই কথা শুনি ককাক কিন্তু ক্রুদ্ধ বা মর্মাহত নহ’ল। তেওঁৰ প্ৰতিক্ৰিয়া আছিল এই ধৰণৰ: যেতিয়া গভীৰভাৱে চিন্তা কৰাৰ ক্ষমতা তোমাৰ আয়ত্তলৈ আহিব তেতিয়া তোমাৰ মনত আপোনা আপুনি ধৰ্মীয় প্রত্যয়ৰ উন্মেষ ঘটিব। অমর্ত্যৰ ধৰ্মীয় চেতনা কিন্তু উন্মীলিত নহ’ল, বৰঞ্চ সেনৰ ভাষাত, ‘my skepticism only seemed to mature with age’। (A. Sen, 2021, p. 64) ধর্মানুভূতি মানুহৰ সহজাত বৃত্তি— এনে প্ৰতীতিৰ দ্বাৰা প্ৰভাৱিত হৈ ক্ষিতিমোহনে কৰা ভৱিষ্যৎবাণী নফলিয়ালে। কেইবছৰমান যোৱাৰ পিছৰ অমর্ত্যই কথাটো মাতামহক জনালে। ক্ষিতিমোহন পিছে ধৰ্মৰ প্ৰতি ধাউতি নথকা নাতিয়েকক পৰম্পৰাচ্যুত ধৰ্মদ্রোহী বুলি গৰিহণা নিদিলে। তাৰ পৰিৱৰ্তে তেওঁ হিন্দু ঐতিহ্যৰ বিশাল আৰু বহুবৰণীয়া চৌহদৰ ভিতৰতেই প্ৰিয় নাতিয়েকৰ কাৰণে ঠাই এটুকুৰা উলিয়াই দি ক’লে, you have placed yourself, I can see, in the atheistic – the Lokayata – part of Hindu spectrum’ (Ibid. p.64)৷ ইয়াতেই ক্ষান্ত নাথাকি মুক্তমনা শাস্ত্রজ্ঞ পণ্ডিত গৰাকীয়ে জ্ঞান- পিপাসু অমর্ত্যক দিলে — ’a long list of references to atheistic and agnostic treaties in ancient Sanskrit’ (Ibid, p. 64)৷ তোমাক বোধহয় নক’লেও হ’ব যে যি বিসম্বাদী/বস্তুবাদী দর্শন ভাৰতীয় ঐতিহ্যৰ বৌদ্ধিক বৈভৱ তাৰ সম্ভেদ দি ক্ষিতিমোহনে অমর্ত্য সেনৰ চিন্তা-চেতনাৰ উত্তৰণত এক লেখত ল’বলগীয়া ভূমিকা পালন কৰিলে।

কেৱল লোকায়ত দৰ্শনেই নহয়, ঋকবেদত সন্নিবিষ্ট সত্য-অন্বেষণকাৰীৰ সংশয়াচ্ছন্ন উক্তিৰ প্রতিও ক্ষিতিমোহনে ঈশ্বৰ-পৰাংমুখ নাতিয়েকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। (Ibid., P 64) আত্মচৰিতত অমর্ত্য সেনে এই মত পোষণ কৰিছে যে ঋকবেদৰ বহু শ্লোক গভীৰভাৱে ধৰ্ম সম্বন্ধীয় যদিও সংশয় আৰু অজ্ঞেয়বাদৰ সপক্ষে উচ্চাৰিত শ্লোকেও তাত ঠাই পাইছে। (Ibid., p. 103) আনকি সৃষ্টি তত্ত্বৰ যি প্ৰচলিত আৰু প্ৰচাৰিত ব্যাখ্যা তাৰ সত্যতাক প্ৰশ্ন কৰা বিমতব্যঞ্জক উক্তিও এই সুপ্রাচীন গ্ৰন্থৰ দশম মণ্ডলত পোৱা যায়। (Ibid, p.64) আত্মচৰিত্ৰত সেনে লিখিছে যে স্বীয় বিবাদ-বিসম্বাদৰ সমৰ্থন বৈদিক ঐতিহ্যত বিচাৰি পাই তেওঁ পুলকিত হৈছিল : ‘I first read the verse [of the Rig Veda] as a young boy, guided by my grandfather, at a time when my own convictions as a non-believer were taking root, I felt thrilled by the support from 3,500 years ago.’ (Ibid., p. 103) ভাৰতীয় ঐতিহ্যৰ এই ধাৰাটোৰ তাৎপৰ্য বিদেশী বিদ্বানসকলেও অনুধাৱন কৰিবলৈ যত্ন কৰিছে। ঋকবেদৰ বিৰল সত্যনিষ্ঠাক বিম্বিত কৰা সৃষ্টিতত্ত্ব বিষয়ক উক্তিৰ বুকুত এগৰাকী ৰুছ পণ্ডিতে দেখা পাইছে ‘spontancous materialistic worldview’ৰ আৰম্ভণি। (V. Brodov, p. 46) ভাৰতত্ত্ববিদ ডনিগাৰে ঋক বেদত ‘atheistic sentiments’ৰ অভিব্যক্তি থকা বুলি মন্তব্য দিছে। (Wendy Doniger, p. 54) হাতৰ ওচৰতে কিতাপ দুখন থকাৰ কাৰণেহে বিদেশী পণ্ডিতৰ মত-মন্তব্য তোমাক জনালোঁ। দৰাচলতে তেওঁলোকৰ মতামত বৰ্তমান প্ৰসংগত সিমান প্রাসংগিক নহয়। কিয়নো, অমর্ত্য সেনে দেশীয় ঐতিহ্যৰ বিসম্বাদী ধাৰাটোলৈ চকু দিয়া আৰম্ভ কৰে উদাৰচিত্ত সংস্কৃতজ্ঞ পণ্ডিতৰ প্ৰেৰণাতহে। সেনৰ অনীশ্বৰবাদৰ আদ্য পর্বত পশ্চিমীয়া পণ্ডিত আৰু প্ৰমূল্যৰ কিবা ভূমিকা থকাৰ তথ্য তেওঁৰ আত্মচৰিতত পোৱা নাযায়৷ (অন্যত্র এই ধৰণৰ তথ্য পালে জনাবলৈ নাপাহৰিবা)।

[‘বেদ-বাক্য’ৰ এটা অর্থ ‘অভ্রান্ত বাক্য’। কিন্তু বেদ বাণীক স্বতঃসিদ্ধ সত্য বুলি গণ্য নকৰাৰ যি প্ৰৱণতা তাৰ প্ৰাক-আধুনিক উৎস যে দেশজ তাৰ ইংগিত তাহানি বংকিম চন্দ্র চট্টোপাধ্যায়ে দি গৈছে: ‘It is not the so-called corrupting influence of English education that has led the people to suspect the Vedas. Doubt about the alleged faultlessness of the Vedas has always been a part of Indian culture’ (B.C. Chattopadhyya, p. 61)]

ওপৰৰ পৰিচ্ছেদত যি ঐতিহ্যৰ কথা কোৱা হৈছে তাৰ যথাযথ মূল্যায়ন বিদ্বৎ‍ মহলত বৰ সুলভ নহয়। সচৰাচৰ আমি সদম্ভে ঘোষণা কৰোঁ – আধ্যাত্মিকতাই ভাৰতীয় (= হিন্দু) ঐতিহ্যৰ নিৰ্য্যাস, তাৰ নিৰ্বিকল্প সাৰমৰ্ম। যিমানেই ঐকান্তিক নহওক, ঐতিহ্যৰ এনে মূল্যায়ন একদেশদর্শী, পক্ষপাতদুষ্ট। (লক্ষ্য কৰিবা, আমি একদেশদর্শীহে বুলিছোঁ, ভিত্তীহীন বা ভুৱা বোলা নাই।) বৃটিছ শাসিত ভাৰতত যি সাংস্কৃতিক জাতীয়তাবাদে গজালি মেলিছিল তাৰেই পৰিণাম এই হানিকৰ একদেশদর্শিতা : ই দৰাচলতে প্রাচীনত্ব বা শ্রেষ্ঠতাৰ দাবীৰে ঔপনিৱেশিক ঔদ্ধত্যৰ মুখামুখি হোৱাৰ জাতীয়তাবাদী প্রকল্প। তাহানি ৰেডিকেল চিন্তক মানৱেন্দ্ৰনাথ ৰায়ে এই বুলি আক্ষেপ কৰিছিল যে আমি আমাৰ কেতবোৰ উৎকৃষ্ট সাংস্কৃতিক সম্পদ আৰু পৰম্পৰাক লৈ গৌৰৱবোধ নকৰোঁ, কেৱল ধৰ্মীয় কথাবোৰকেই ভাৰতীয় সংস্কৃতিৰ বিশেষত্ব বুলি ভাবোঁ। (M.N. Roy, p.43) মানৱেন্দ্ৰ নাথে তেওঁৰ ‘ভাৰতীয় দর্শনে বস্তুবাদ’ শীর্ষক পুথিখনত দেশীয় সংস্কৃতিৰ এই অনাদৃত-অৱহেলিত দিশটোৰ ওপৰত আলোকপাত কৰিবলৈ যত্ন কৰিছে। অমর্ত্য সেনেও প্রাচীন ভাৰতৰ যুক্তি-সমৃদ্ধ দার্শনিক ঐতিহ্যৰ প্ৰতি উপেক্ষাৰ উল্লেখ কৰিছে – যাক তেওঁ ‘selective inattention’ বুলিছে। (A. Sen, 2005, p. 25) অমর্ত্য সেনে আত্মপ্রত্যয়েৰে এই মত পোষণ কৰিছে যে সংস্কৃত ভাষাত যিমান অজ্ঞেয়বাদী/অনীশ্বৰবাদী ৰচনা আছে অন্য কোনো ধ্রুপদী ভাষাত তেনে ৰচনা সিমান নাই : *….. [Sanskrit] has a langer volume of agnostic or atheist writings than in any other classical language’ (Ibid. p. 23) সমজাতীয় বক্তব্য তেওঁৰ অন্য কেইবাখনো গ্ৰন্থত তুমি পাবা। (A. Sen, 2021, p. 94; A. Sen, 2006, p. 35; A Sen, 2018. p. XXXVI) এই পুনৰুল্লেখৰ পৰা তুমি উপলব্ধি কৰিব পাৰিবা ভাৰতীয় ঐতিহ্যৰ স্বল্পচৰ্চিত / উপেক্ষিত / লুক্কায়িত বলিষ্ঠ বিসম্বাদী ধাৰাটোৰ প্ৰতি যুক্তিমনস্ক অমর্ত্য সেনৰ আগ্রহ-আকর্ষণ কিমান অটুট, কিমান অটল৷

[আভ্যন্তৰীণ টোকা: ‘Identity and Violence’ নামৰ গ্ৰন্থত অমৰ্ত্য সেনে প্রাচীন ভাৰতৰ অজ্ঞেয়বাদী/অনীশ্বৰবাদী সাহিত্যৰ প্ৰসংগত সংস্কৃতৰ লগতে পালি ভাষাৰ কথাও উল্লেখ কৰিছে। (p. 35)]

মৃত্যুৰ বাহিৰে মানুহৰ জীৱনত জানো নিশ্চয়তা বুলি কিবা আছে? অৱশ্যে অনিশ্চয়তাৰ উৎস বিবিধ, তাৰ আকাৰ আৰু প্ৰকাৰো সমৰূপী নহয়। আমাৰ চৌপাশে অনিশ্চয়তাৰ যি প্ৰকাশ সচৰাচৰ আমি দেখোঁ তাৰ এটা ঘাই উৎস হ’ল ৰোগ-ব্যাধিৰ আকস্মিক আৰু গোপন আক্রমণ। তোমালোকৰ কলেজৰ অধ্যক্ষলৈ চোৱা। কোষৰ অস্বাভাৱিক আৰু অনিয়ন্ত্রিত বৃদ্ধিয়ে কেনেকৈ কৰ্মিষ্ঠ মানুহজনক কাহিল কৰি পেলালে। অমর্ত্য সেনৰ জীৱনতো এনে ব্যাধিজনিত বিপদ আহিছিল, অতর্কিতে। তেওঁৰ বয়স তেতিয়া ওঠৰ। মুখৰ ভিতৰত তেওঁ লক্ষ্য কৰিলে এটা ক্ষুদ্ৰ টেমুনা৷ অমর্ত্যই ততালিকে ডাক্তৰক দেখুৱালে। ডাক্তৰে বিশেষ গুৰুত্ব নিদি ক’লে—চিন্তা নাই, টেমুনাটো আপোনা আপুনি ভাল হৈ যাব। দুশ্চিন্তা-পীড়িত অমর্ত্যই টেমুনাটোৰ বিষয়ে অধিক জানিব বিচাৰোঁতে ডাক্তৰে নিজৰ অক্ষমতা ঢাকিব বিচাৰিলে ঈশ্বৰেচ্ছাৰ আচ্ছাদনেৰে। তেওঁ ক’লে, ঈশ্বৰে সৃষ্টি কৰা কেতবোৰ সূক্ষ্মাতিসূক্ষ্ম কথা আমি ডাক্তৰসকলে বুজি নাপাওঁ, কিন্তু সেইবুলি আমি আতংকিত নহওঁ। ডাক্তৰৰ উক্তিয়ে উদ্বেগৰ তীব্ৰতা কমাব নোৱাৰিলে, সেনৰ জিজ্ঞাসু মনে প্রশ্নৰ উত্তৰ নাপালে। এই পৰিস্থিতিত তৰুণ অমর্ত্যই তেওঁৰ ‘long term intellectual companion, the old materialist philosophy of Lokayta’-ৰ এটা বুনিয়াদী শিক্ষাৰ কথা মনত পেলালে – ‘material events have material causes – don’t look for any world beyond them’ (A. Sen, 2021, p. 223) তোমাক বোধহয় নক’লেও হ’ব যে ঈশ্বৰৰ দুৰ্জেয় লীলা-খেলা বুলি মুখৰ ভিতৰৰ টেমুনাটো তেনেকৈ থাকিবলৈ দিয়া হলে খুব সম্ভৱ কম বয়সতে অমর্ত্যই মৰ্ত্যলোকৰ পৰা চিৰবদায় ল’লেহেতেন। লোকায়ত-অনুপ্ৰাণিক যুক্তিবোধে তেওঁক ৰক্ষা কৰিলে। কেন্সাৰক কাবু কৰি মননৰ আকাশত তেওঁ আজিও ভোটা-তৰা হৈ জিলিকি আছে।

তোমাক ইতিমধ্যে জনাইছোঁৱেই, প্ৰাক-তৰুণ অমর্ত্যৰ ঈশ্বৰ-বিমুখতাৰ সম্ভেদ পাই তেওঁ সংস্কৃতজ্ঞ মাতামহ ম্রিয়মান হৈ পৰা নাছিল। বৰঞ্চ তেওঁ স্পষ্টভাৱে এই মত পোষণ কৰিছিল যে অমর্ত্যৰ অৱস্থান নিৰীশ্ববাদী লোকায়ত দৰ্শনৰ সৈতে সামঞ্জস্যপূর্ণ। এই ব্যতিক্রমী লোকায়ত/চার্বাক দৰ্শনৰ বিষয়ে নিশ্চয় তোমাৰ কিছু প্রাথমিক ধাৰণা আছে। চাৰ্বাকপন্থীসকলৰ মতে ‘স্বৰ্গ নেই, মোক্ষ নেই, পৰলোকে কোনো আত্মা নেই’। (সুকুমাৰী ভট্টাচাৰ্য্য, ভূমিকা দ্রষ্টব্য) চার্বাক-চৰ্চাকাৰী দেবীপ্রসাদ চট্টোপাধ্যায়ৰ পৰা তুমি জানিব পাৰিবা যে একমাত্ৰ চাৰ্বাপন্থীসকলে কর্মফলবাদ আৰু অদৃষ্টৰ ধাৰণাক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাইছিল। (D. Chattopadhyaya, p. 102) ন্যস্ত স্বাৰ্থৰ মতদর্শগত ভিত্তিত সজোৰে আঘাত হনা এনে দৰ্শনৰ প্ৰতি পৰম্পৰাপন্থীসকলে অত্যন্ত বিতুষ্ট হৈ বিষোদ্গাৰ কৰাটোৱেই স্বাভাৱিক। কিন্তু ‘ঐতিহ্যাশ্রয়ীৰা যতই নিন্দা কৰুক না কেন, এই দর্শনটি ভাৰতীয় চিন্তাৰ বৈদগ্ধ্যেৰ পৰিচায়ক’। (মানবেন্দ্ৰনাথ ৰায় পৃ. ১২) এই উক্তিৰ গুৰুত্বক জানো আওকান কৰিব পাৰিবা ? অমর্ত্য সেনে এনে প্ৰশংসাৰ তাৎপৰ্য্য অনুধাৱন কৰাৰ সাক্ষ্য তেওঁৰ ৰচনাত তুমি পাবা৷ চাৰ্বাক দৰ্শনৰ প্ৰসংগত তেওঁ কৈছে : ‘In addition to the denial of God, there is also a rejection of the soul and an assertion of the material basis of the mind’ (A. Sen, 2005, p. 24) চার্বাক/লোকায়ত দৰ্শনত সংশয় আৰু বাক-বিতণ্ডাৰ যি সমাদৰ তাৰ সৈতে অমৰ্ত্য সেনে বৈজ্ঞানিক অনুসন্ধান পদ্ধতিৰ আধুনিক উদ্‌গাতা বেকনৰ বক্তব্যৰ সাদৃশ্য বিচাৰি পাইছে। (Ibid., p. 27) এই ধৰণৰ মূল্যাংকনত দেশীয় ঐতিহ্যৰ অৱহেলিত দার্শনিক ঐশ্বৰ্য্যক সগর্বে উপস্থাপন কৰাৰ প্ৰয়াস প্রকট।

ভাৰতীয় দৰ্শনৰ পটভূমিত অনীশ্বৰবাদ বিষয়ক যিকোনো পর্যালোচনাত বৌদ্ধ দৰ্শনৰ বিষয়টো অৱলীলাক্রমে আহি পৰে। মহাপণ্ডিত ৰাহুল সাংস্কৃত্যায়নে তেওঁৰ ‘Buddhist Dialectics’ শীর্ষক এটা নিবন্ধৰ প্ৰথম পৰিচ্ছেদতেই বৌদ্ধ মতবাদৰ দুটা বুনিয়াদী বৈশিষ্ট্যলৈ আঙুলিয়াইছে বৌদ্ধ মতবাদত ঈশ্বৰ আৰু দৈৱ বাণী সম্বলিত শাস্ত্ৰৰ কোনো স্থান নাই; দুই বৌদ্ধ নৈতিকতাৰ ভিত্তি ভাল বা বেয়া আচৰণ, ঈশ্বৰৰ লগত তাৰ কোনো সংযোগ নাই (Aloka Chattopadhyaya ed., p.3) তোমাক ইমান পৰে অমৰ্ত্য সেনৰ ভাবৰাজ্যত ভুমুকি মাৰি যিখিনি কথা জনালোঁ তাৰ ওপৰত ভেজা দি তুমি নিঃসন্দেহে অনুমান কৰিব পাৰিছা যে বৌদ্ধ মতবাদৰ সাংস্কৃত্যায়ন কথিত বিশেষত্বই অমর্ত্য সেনৰ মানসপটত ৰেখাপাত কৰাটোৱেই স্বাভাৱিক । ইয়াৰ সাক্ষ্য তুমি তেওঁৰ আত্মজীৱনীত পাবা। বৌদ্ধ বিসম্বাদৰ লগত তেওঁৰ প্ৰথামিক পৰিচয় ঘটে ক্ষিতিমোহন সেনৰ জৰিয়তে। ককাকে কম বয়সতে নাতিয়েকক বুদ্ধ বিষয়ক এখন পুথি পঢ়িবলৈ দিছিল। পুথিখনে অমর্ত্যৰ কোমল মনত দকৈ সাঁচ বহুৱাৰ বৃত্তান্ত তুমি তেওঁৰ আত্মচৰিত্ৰত পঢ়িবলৈ পাবা। শান্তিনিকেতনক ছাত্র অমর্ত্য বৌদ্ধ নৈতিকতাৰ মৰ্মাৰ্থ আৰু মাহাত্ম্যৰ প্ৰতি ইমানেই আকৃষ্ট হৈছিল যে বিদ্যালয়ত তেওঁ নিজৰ ধৰ্মীয় পৰিচিতি বৌদ্ধ হিচাপে পঞ্জীভূত কৰিব বিচাৰিছিল। বিদ্যালয়ৰ কৰ্তৃপক্ষই অৱশ্যে বালকসুলভ দুষ্টালি বুলি তেওঁৰ আচহুৱা অনুৰোধক পাত্তাই নিদিলে। (A. Sen, 2021, p.97) সি যি কি নহওক, সেনৰ আত্মচৰিত্ৰৰ পৰা তুমি অনায়াসে অনুমান কৰিব পৰা যে সুপ্রাচীন বৌদ্ধ মতবাদৰ অনীশ্বৰবাদ আৰু নৈতিক উৎকৃষ্টতাই ঈশ্বৰহীন মানৱতাবাদী চিন্তকজনক বাৰুকৈ আকৃষ্ট কৰিছিল : ‘It was Buddha who changed the religious question from ‘Is there a God?’ to questions such as ‘How should we behave ?’ no matter whether there is a God or not’ (Ibid.p. 96) বৈদিক ঐতিহ্যৰ বিসম্বাদী ধাৰাটোৰ দৰে বৌদ্ধ ঐতিহ্যৰ সংশয় আৰু নৈতিকতা অমর্ত্য সেনৰ অনুপ্ৰেৰণাৰ অন্যতম আধাৰ৷

[আভ্যন্তৰীণ টোকা: বিমত-বিৰুদ্ধতা কম-বেছি পৰিমাণে সকলো বৃহৎ ধৰ্মৰ বুৰঞ্জীতেই পাবা। কেতিয়াবা দ্রোহাত্মক মনোভাৱে দুৰ্মদ ৰূপও ধাৰণ কৰে। ‘মহাপুৰাণ” নামৰ জৈন গ্ৰন্থৰ পৰা এটা নমুনা দিওঁ : ‘The belief in a creator is foolish and must be rejected/ If god created the universe, where was he himself before creation?’ (A. Vajpeyi ed., p.27) প্ৰশ্নটোৱে অমর্ত্য – বন্দিত ‘argumentative Indian’ক প্রতিনিধিত্ব কৰা যেন নালাগেনে? ভাৰতৰ বাহিৰতো বিসম্বাদী পৰম্পৰাৰ সম্ভেদ পোৱা যায়। চুফী কৰা হাফিজৰ ৰচনাৰ পৰা বিসম্বাদৰ বিস্ফোৰক দৃষ্টান্ত এটা পঠিয়াইছো: ‘Drink Wine, tear up the holy book, set fire to the house of God.’ (K. Singh, p.37) এতিয়া এইধৰণৰ কবিতা লিখাটো সম্ভৱ জানো? লিখিলে ডাক্তৰ বা উকিলৰ চেম্বাৰলৈ অহা-যোৱা কৰিব লাগিব। তাতকৈ ভয়ানক ঘটনা ঘটিলে তো খেলাই খতম)]

দৰ্শন আৰু ধৰ্মৰ – সঠিকভাৱে ক’বলৈ গ’লে ধৰ্মতত্ত্বৰ মাজত যি সম্পর্ক – সংযোগ তাৰ গুৰুত্বৰ কোনেও অস্বীকাৰ কৰিব নোৱাৰে। পিছে সমস্যা হ’ল, এই জটিল আৰু বিশাল ৰাজ্য দুখনৰ মাজত সীমাবিবাদ নথকা নহয়। বিবাদৰ এই উচ্চস্তৰীয় বিষয়টোত সোমোৱাৰ যোগ্যতা তথা স্পর্ধা আমাৰ নাই । তথাপি গুটিদিয়েক কথা তোমাক থোৰতে জনাই থওঁ। ‘ধৰ্ম’ শব্দটোৰ অর্থ বহুমাত্রিক। এই বহুমাত্রিকতা উল্লিখিত বিবাদৰ এটা ঘাই হেতু বুলি ক’ব পাৰি। ধৰ্মৰ সংজ্ঞাকে সম্প্ৰসাৰিত কৰি এচাম লেখক আৰু পণ্ডিতে প্রাচীন ভাৰতৰ দাৰ্শনিক ঐতিহ্যৰ অচ্ছেদ্য অংগ অনীশ্বৰবাদক ধৰ্মৰ ৰাজ্যত ঠাই দিবলৈ কুণ্ঠাবোধ নকৰে। আশ্চৰ্য্যজনক কথা হ’ল, নাস্তিক নিবন্ধকাৰৰ ৰচনাতো তুমি এই ধৰণৰ বিভ্ৰান্তিকৰ বক্তব্য পঢ়িবলৈ পাবা । গীতেশ শৰ্মা নামৰ এজন লেখকে কি লিখিছে পঢ়া : ‘Hinduism is the only religion of its kind that not only tolerates but acknowledges atheism It is possible only in the Hindu religion that a person can declare himself on atheist and yet be a Hindu is principle’ (G. Sharma, p.25) শশী থৰুৰৰ গ্ৰন্থতো এই প্ৰৱণতাৰ আংশিক প্রকাশ দেখা পাওঁ। তেওঁ কৈছে, কোনোবাই বেদ, ঈশ্বৰ, আত্মা আদিত বিশ্বাস নকৰিব পাৰে, কিন্তু তেওঁ হিন্দু দৰ্শনৰ নাস্তিক ধাৰাটো অনুসৰণ কৰি হিন্দু হৈ থাকিব পাৰে। (S. Tharoor, p.6) লক্ষণীয়, থৰুৰে হিন্দু ধৰ্মৰ কথা কোৱা নাই, হিন্দু দৰ্শনৰ কথাহে কৈছে। পিছে এইখিনিতে অপ্ৰিয় আৰু অস্বস্তিদায়ক প্ৰশ্ন এটা তোমাৰ জিজ্ঞাসু মনলৈ আহিব পাৰে:  লোকায়ত দৰ্শনক হিন্দু বুলি অভিহিত কৰিলেই বেদ, ঈশ্বৰ, আত্মা, পৰলোক আদিত অনাস্থা ব্যক্ত কৰা লোকায়তপন্থীসকলক হিন্দু বোলা যাবনে?

বহুতে বিশ্বাস কৰে যে হিন্দু ধৰ্মত আচৰণহে ধর্তব্য, বিশ্বাস নহয়। গতিকে মনত বিসম্বাদী বিশ্বাস পুহি ৰাখি আচৰণগত আনুগত্য অক্ষুণ্ণ ৰাখি হিন্দু হৈ থাকিব পাৰি। এই ধৰণৰ বক্তব্য তুমি ৰাধাকৃষ্ণণৰ দৰে পণ্ডিতৰ গ্ৰন্থতো পাবা। ক্ষিতিমোহন সেনে তেওঁৰ হিন্দু ধর্ম বিষয়ক কিতাপখনত ৰাধাকৃষ্ণণৰ বক্তব্য উদ্ধৃত কৰি দিয়া সংশয়সূচক মন্তব্যটো এই প্ৰসংগত বিশেষভাৱে প্ৰণিধানযোগ্য: ‘Ofcourse, it is an open question whether attempts to unite with God should not considered part of Hindu conduct, and it is thus perhaps debatable whether an atheist can be considered a Hindu if he otherwise follows a Hindu way of life’ (K. Sen, p.28) তোমাৰ বোধহয় মনত আছে, এই গৰাকী সংস্কৃত পণ্ডিতে নাতিয়েক অমর্ত্যৰ ঈশ্বৰ বিমুখতাৰ সম্ভেদ পাই তেওঁক হিন্দু ঐতিহ্যৰ চৌহদৰ ভিতৰতে আশ্রয় দি লোকায়তপন্থী আখ্যা দিছিল। আত্মচৰিতৰ পৰা জানিব পাৰি যে এই স্বীকৃতিয়ে সেনক সান্ত্বনা বা সন্তোষ দিয়া নাছিল। কিয়নো কিঞ্চিৎ হতাশাৰে তেওঁ উপলব্ধি কৰিছিল যে এই ‘broad view’ৰ কাৰণে অনীশ্বৰবাদী হৈও তেওঁ ধৰ্ম (= হিন্দু ভাবধাৰা)ৰ পৰা নিষ্কৃতি নাপালে। (A. Sen, p.65) অমর্ত্য সেনে অৱশ্যে নাস্তিক্যৰ হিন্দুকৰণ সন্দৰ্ভত কোনো ব্যাখ্যামূলক মন্তব্য দিয়া নাই। সেনৰ আত্মচৰিতত ব্যাখ্যা নাথাকিলেও বিদুষী মীৰা নন্দৰ ৰচনাত তুমি সমস্যাটোৰ স্বৰূপ অনুধাৱনৰ নিৰ্দেশনা পাব পাৰা। তেওঁ কৈছে – সহিষ্ণুতাৰ নামত ‘Hindu inclusiveness quietly absorbs the dissent into itself’ (Meera Nanda, p.135) অমর্ত্য সেনে এই দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হ’লে ক্ষিতিমোহনৰ ঔদাৰ্য্যৰ আঁৰত হয়তো আৱিষ্কাৰ কৰিলেহেতেন বিসম্বাদ আত্মীকৰণৰ ঐতিহ্যবাহিত পদ্ধতিৰ স্বতঃস্ফূর্ত প্রকাশ।

[আভ্যন্তৰীণ টোকা : প্রাচীন ভাৰতৰ দাৰ্শনিক ঐতিহ্যত এনে বহুত দৃষ্টান্ত আছে যিবোৰত সহিষ্ণুতাৰ / ঔদার্য্যৰ উপাদান বিদ্যামান। কিন্তু কেৱল এই দিশটোত পোহৰ পেলালে ঐতিহ্য খণ্ডিত ৰূপহে উন্মোচিত হ’ব। কিয়নো ঐতিহ্যৰ বুকুত অনুদাৰ – অসহিষ্ণু মনোভাৱ প্ৰকট হোৱাৰ অলেখ দৃষ্টান্ত আছে। নাস্তিকতাৰ প্ৰতি বিৰূপ আনকি বিদ্বেষপূর্ণ – মনোভাবৰ খবৰ তুমি পণ্ডিতসকলৰ লেখা-মেলাত পাবা । (Upinder Singh, pp.200-01) মনু-সংহিতাৰ অষ্টম অধ্যায়ত তুমি বেছ আমোদজনক শ্লোক এটা পাবা : ‘যি ৰাষ্ট্ৰত শূদ্ৰৰ সংখ্যা অধিক থাকে, নাস্তিক বেছি থাকে আৰু এজনো ব্ৰাহ্মণ নাথাকে, সেই ৰাষ্ট্ৰ শীঘ্ৰে দুৰ্ভিক্ষ আৰু ৰোগেৰে পীড়িত হৈ নষ্ট হৈ যায়।’ (মনু-সংহিতা, ৮/২২) এনে উদ্ভট উক্তি নাস্তিক্যৰ প্ৰতি চৰম বিতুষ্টিৰ পৰিচায়ক)]

পত্ৰালোচনাৰ অন্তিম অংশত তোমাক খন্তেকৰ কাৰণে আৰম্ভণিলৈ উভতি যাবলৈ ক’লে বিৰক্ত হ’বা নেকি? প্রথম পৰিচ্ছেদতেই আমি কৈছোঁ – একৰূপত্ব (uniformity) নিৰীশ্বৰবাদীসকলৰ বিশেষত্ব নহয়। তেওঁলোকৰ মাজত বৈচিত্র্য বিদ্যমান। তামিলনাডুৰ যশস্বী যুক্তি-যুঁজাৰু পেৰিয়াৰৰ দুই-এটা লেখা তুমি নিশ্চয় পঢ়িছা। পেৰিয়াৰৰ নিৰীশ্বৰবাদী মতামত স্পষ্ট, আপোচহীন, দৃঢ়, পোনপটীয়া আৰু সোচ্চাৰ। তেওঁৰ মতে ভূত-প্ৰেতৰ ওপৰত থকা বিশ্বাসৰ দৰেই ঈশ্বৰ-বিশ্বাসো ‘foolish and false’ (Periyar, p.110) নিজকে অকপটভাৱে ‘godless social scientist’ বুলি ঘোষণা কৰা অমর্ত্য সেনৰ ৰচনাত তুমি এনে ঋজু ভংগীৰে ঈশ্বৰৰ নাস্তিত্ব ঘোষণা কৰা উক্তি নোপোৱা। তেওঁৰ নাস্তিক্য সোচ্চাৰ নহয়, সংযত। তদুপৰি নিৰীশ্বৰবাদৰ বীজ বিয়পাই দিয়াৰ যি আগ্রহ সততে নিৰীশ্বৰবাদীসকলৰ লেখাত দেখা যায়, তাৰ সাক্ষ্য তেওঁৰ ৰচনাত নাই, অন্তত: আমি পঢ়িবলৈ পোৱা কিতাপকেইখনত। (ই সেনৰ সীমাবদ্ধতা নহয়, কাৰণ তেওঁৰ চিন্তা-চৰ্চাৰ ক্ষেত্ৰ আৰু লক্ষ্য সুকীয়া।)

সামৰাৰ আগতে তোমাক আৰু এটা কথা জনাই থোৱা সমীচীন হ’ব বুলি ভাবিছোঁ। অনীশ্বৰবাদী হ’লেও কিছুমান ধৰ্মীয় সম্প্ৰদায়ৰ মত-মননৰ ঔদ্যৰ্য্যক অমর্ত্য সেনে সশ্রদ্ধ স্বীকৃতি দিবলৈ অকনো সংকোচবোধ কৰা নাই। কবীৰ, দাদু, ৰবিদাস আদি ভক্ত কবিৰ সৃজনত প্ৰতিবিম্বিত ‘interreligious tolerence’ৰ বিষয়টো তেওঁ গুৰুত্ব সহকাৰে উল্লেখ কৰিছে। (A. Sen, 2005, p.19) মধ্যযুগৰ ভাৰতত ‘economically and socially humble backgrounds’ৰ পৰা অহা এচাম সাধক কবিয়ে ধৰ্ম আৰু জাত-পাতৰ ভিত্তিত সমাজত গঢ় লৈ উঠা ‘artificial restrictions’ৰ বিপক্ষে বলিষ্ঠ স্থিতি লৈছিল। এওঁলোকৰ প্ৰতি সেনৰ প্ৰশংসাসূচক মনোভাৱ তুমি তেওঁৰ ৰচনাত পাবা। (Ibid, p.11) ধাৰণা হয়, সাম্প্ৰতিক কালত সামাজিক সংহতিৰ যি অভাৱনীয় অভাৱ দেখা গৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱতঃ সমাজ-বিজ্ঞানী গৰাকীয়ে ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ আপেক্ষিকভাৱে উদাৰ ধাৰাটোৰ কথা আমাক সোঁৱৰাই দিব বিচাৰিছে। এই প্ৰসংগত তেওঁৰ আৰু এটা অর্থবহ উক্তিলৈ তুমি চকু দিব পাৰা : ‘A person can have strong religious faith….. along with tolerant politics’ (A. Sen, 2006, pp.15-16) সেনৰ বক্তব্যৰ প্ৰকৃত সাৰমৰ্ম হ’ল: ধর্ম-বিশ্বাস সুদৃঢ় হ’লেই যে মানুহ মৌলবাদ তথা ধৰ্মীয় সাম্প্রদায়িতাৰ কবলত পৰিব তেনে কোনো ধৰা-বন্ধা কথা নাই। এই বক্তব্যত নিশ্চয় সত্যতা আছে। এইখিনিতে নিশ্চয় তোমাৰ মনলৈ এটাত অস্বস্তিকৰ প্রশ্নও আহিছে: বহুক্ষেত্ৰত ধর্ম-বিশ্বাসেই জানো ধৰ্মীয় উগ্রতা, অন্ধত্ব তথা সংকীর্ণতাৰ প্ৰসাৰৰ অনুকূলে প্রাথমিক ভিত্তি তৈয়াৰ কৰি নিদিয়ে? প্ৰশ্নটো নিঃসন্দেহে যুক্তি-সমর্থিত। পিছে আজি চৌদিশে বিয়পি পৰা অনভিপ্ৰেত ধৰ্মীয় সংঘাতৰ পটভূমিত বিচাৰ কৰিলে তুমি উপলব্ধি কৰিব পাৰিবা যে মানুহৰ মংগলাকাঙ্খী অমর্ত্য সেনৰ উল্লিখিত বক্তব্যৰ মূল্য আৰু সামাজিক গুৰুত্ব অনস্বীকাৰ্য্য। ই এটা অৰ্থত ‘godless social scientist’ গৰাকীৰ সুচিন্তিত বৌদ্ধিক নমনীয়তাৰ দ্যুতিমান দ্যোতক।

গ্রন্থপঞ্জী:

A. Sen, Reason Before Identity, New Delhi, 1999.

A. Sen, The Argumentative Indian Writings on Indian Culture, History and

Identiy, London, 2005.

A. Sen, Identity and Violence: The Illusion of Destiny, London, 2006.

A. Sen, The Country of First Boys, New Delhi, 2018.

A. Sen, Home in the World: A Memoir, U.K. 2021.

K.M. Sen, Hinduism, London, 2005.

Wendy Doniger, On Hinduism, New Delhi, 2013.

B.C. Chattopadhyaya, Many Threads of Hinduism: Selected Essays, Noida, 2015.

V. Brodev, Indian Philosophy in Modern Times, Moscow, 1984.

D. Chattopadhyaya, In Defence of Materialism in Ancient India, New Delhi, 1989.

S. Tharoor, Why I am a Hindu, New Delhi, 2018.

Upinder Singh, Ancient India: Culture of Contradictions, New Delhi, 2021.

M.N. Roy, Humanism, Reivalism and the India Heritage, Calcutta, 1999.

Meera Nanda, Prophets Facing Backward: Postmodernism, Science and Hindu Nationalism, Delhi / Ranikhet, 2006.

Alaka Chattopadhyaya ed. Essays on Indology: Birth Centenary Tribute to Mahapandita Rahul Sankrityayana, Calcutta, 1994.

G. Sharma, Man God and Religion, Calcutta, 1998.

Periyar, Is there a God? Selections from Periyar’s Speeches and Writings, Chennai, 1996.

A. Vajpeyi ed., India Dissents: 3,000 years of Difference, Doubt and Argument, New Delhi, 2007.

K. Singh (with A Chopra), Agnostic Khushwant Singh: There is no God, New Delhi, 2012.

ক্ষিতিমোহন সেন, ভাৰতীয় মধ্যযুগে সাধনাৰ ধাৰা, কলিকাতা, ১৯৬৫।

সুকুমাৰী ভট্টাচাৰ্য্য, বেদে সংশয় ও নাস্তিক্য, কলকাতা, ২০০০।

মানবেন্দ্ৰ নাথ ৰায়, ভাৰতীয় দৰ্শনে বস্তুবাদ, (অনুবাদ) সুশীল ভদ্র, কলকাতা, ১৯৯০ ।

মনু-সংহিতা, (অসমীয়া অনুবাদ), ডিব্ৰুগড়, ২০০৩।

বিনয় ঘোষ, বিদ্যাসাগৰ ও বাঙালী সমাজ, কলিকাতা, ১৯৭৩।

Leave a Reply

Your email address will not be published. Required fields are marked *