অপেক্ষা-(অনামিকা শৰ্মা)
এজাক দোপালপিটা বৰষুণত
তিতিবলৈ বৰকৈ হেঁপাহ জাগিছে।
পোৰা আলকেটেৰাৰ চিটিকনিত
শৰীৰত জোলা বান্ধিছে,
বিৰিখৰ ছাঁত আৰু শীতল নহয় দেহা
তাত যে কেৱল তেজৰ চেঁকুৰাৰ গোন্ধ!
জীয়া সপোনবোৰ বুকুত বান্ধি
আশাবোৰ শেষ হয় আন্ধাৰত
বতাহতো তেজৰ কেচেমা-কেচেম গোন্ধ।
ৰাতি পিন্ধা পোছাকযোৰ ক’লা হ’লে ভাল
দিনত ধ্ক ধ্কীয়াকৈ বগা।
সংস্কৃতিৰ পথাৰত এতিয়া
অপসংস্কৃতিৰ বেপাৰ
স্পন্দিত হৈ উঠে ৰজনীবোৰ।
তথাপি সোনোৱালী পথাৰৰ
সোণগুটিবোৰ চাই চাই
হেঁপাহ বোৰ বাঢ়ে।