অপৰাধ আৰু সামাজিক দায়িত্ব (ইন্দ্ৰজিৎ বৰা)
হত্যা এক সামাজিক অপৰাধ। আত্মহত্যা, এজনে আনজনক কৰা হত্যা, দলগতভাৱে কৰা হত্যা অথবা গণহত্যা – যিকোনো হত্যাকাণ্ডই মানৱ-সমাজৰ বাবে অবাঞ্ছিত। কোনো এটা হত্যাকাণ্ডৰ বাবে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জড়িত প্ৰতিজনেই অপৰাধী। মানৱীয় প্ৰমূল্যৰ বাবে হত্যা ইমানেই জঘন্য অপৰাধ যে এনে কাণ্ডক ইয়াৰ কোনো প্ৰস্তাৱিত কাৰণেই প্ৰতিপন্ন কৰিব নোৱাৰে। গতিকে, মানৱৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰত সংঘটিত যিকোনো হত্যাকাণ্ড, লাগে ই কোনোবা ৰজাই নতুবা ৰাষ্ট্ৰব্যৱস্থাই দিয়া মৃত্যুদণ্ডই নহওক কিয়, মানৱীয়তাৰ দৃষ্টিৰে কোনোটোৱেই গ্ৰহণযোগ্য নহয়। ন্যায়িক শাস্তিৰ ব্যৱস্থা হিচাবে থকা মৃত্যুদণ্ডৰ ওপৰত হৈ থকা বিতৰ্কৰ পটভূমিও ইয়াতেই। সেয়ে হত্যাৰ কাৰণৰ ওপৰত সাধাৰণতে তাৎক্ষণিকভাৱে গুৰুত্ব নিদি সকলোৱে একেমুখে গৰিহণা দিয়ে আৰু ন্যায়ৰ দাবী জনায়।
অপৰাধ বৃদ্ধি পাইছে মানেই অপৰাধপৰায়ণতা বৃদ্ধি পাইছে। এয়া সংকটৰ সময়। উন্মত্ত জনতাই ইজনে সিজনৰ প্ৰাণ লৈছে। নিৰীহ জনতাৰ বাবে সংকট এক চিৰন্তন বস্তু হ’লেও সাম্প্ৰতিক সংকটে মানুহক অধিক উন্মত্ত কৰি পেলাইছে। অনাগত দিনবোৰ আৰু অধিক প্ৰত্যাহ্বানজনক হ’ব। সংকট সামাজিক, সেই সংকটেই যদি অপৰাধৰ সংখ্যা বৃদ্ধি কৰিছে, তেন্তে সংকট অৱসানৰ সামাজিক উদ্যম আশাহীন হৈ আহিছে।
সংঘাত-সংকটে জুৰুলা কৰিলে বুলিয়েই অপৰাধ কৰিব লাগিব নেকি? নিশ্চয় নোৱাৰে। গতিকে, অপৰাধী কেতিয়াও ন্যায় ব্যৱস্থাৰ পৰা সাৰি যাব নোৱাৰে। পিছে দৃষ্টান্তমূলক শাস্তি বিহাৰ পাছতো যদি অপৰাধ সংঘটিত হৈ আছে, তেন্তে এই অপৰাধপ্ৰৱণতাৰ পৰিস্থিতিতান্ত্ৰিক দৃষ্টিকোণ আছে। জীৱনৰ যন্ত্ৰণাবোৰ কিজানিবা তেনে শাস্তিতকৈ বেছি দুৰ্দশাজনক! সম্ভাৱনা বেছি থাকিলেও অপৰাধপৰায়ণতা কেৱল মেহনতী মানুহৰ মাজত সৃষ্টি নহয়। যিকোনো শ্ৰেণীৰ মানুহৰ জীৱননিৰ্বাহ অথবা স্বাৰ্থৰ সংঘাতক লৈ বিভিন্ন স্তৰত চলি থকা প্ৰতিযোগিতাৰ দৌৰত মানৱৰ পৰা দানৱ হৈ পৰাৰ বহুত সম্ভাৱনা থাকে। সংকটৰ কালত বা তথাকথিত নিয়মিত সময়ত চলি থকা ব্যৱস্থাগত অনিয়মবোৰো জানো পৰোক্ষভাৱে অপৰাধ নহয়? গতিকে অপৰাধপৰায়ণতা পৰিস্থিতিতান্ত্ৰিক আৰু পৰিস্থিতিতন্ত্ৰই কেৱল অপৰাধপৰায়ণতাই নহয়, দুধৰ্ষ অপৰাধীকো জন্ম দিয়ে। গতিকে অপৰাধ সংঘটিত হোৱাৰ পাছৰ ন্যায়ব্যৱস্থাৰ বাহিৰেও, অপৰাধপৰায়ণতাৰ উৎপত্তিৰ স্তৰতেই ব্যৱস্থা লোৱাৰ বাবে এক সামাজিক দায়বদ্ধতাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব।
দেশৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ অন্তৰ্গত যি আইনী ব্যৱস্থা আছে তাৰ দ্বাৰা অপৰাধী চিনাক্ত কৰি ন্যায়বিচাৰ সুনিশ্চিত কৰাটো হ’ল তাৎক্ষণিক পদক্ষেপ। হত্যাৰ দৰে অপৰাধৰ ন্যায়িক বিচাৰ হ’ল তেনে কাণ্ড সংঘটিত কৰা অপৰাধী আৰু তাৰ অন্তৰালত যদি কোনো তাৎকালিক ষড়যন্ত্ৰমূলক পৰিকল্পনা জড়িত হৈ আছে সেয়া চিনাক্ত কৰা। কোনো হত্যাকাণ্ডৰ ন্যায়িক বিচাৰৰ বাবে তেনে অপৰাধপৰায়ণতাৰ ঐতিহাসিক অথবা আৰ্থ-সামাজিক কাৰণ বিচাৰ কৰি দিয়াটো পৰিধিৰ বাহিৰৰ বস্তু। যিহেতু, তেনে যিকোনো বিশ্লেষণেই হত্যাকাণ্ডক ন্যায়িকভাৱে কোনোধৰণেৰে শ্ৰেণীবিভক্ত নকৰে।
গণতান্ত্ৰিক সমাজত হত্যাকাণ্ডই এক ভয়াৱহ বিপৰ্যয়ৰ ইংগিত দিয়ে। কাৰণ, এনে ধাৰাবাহিক অপৰাধপ্ৰৱণতাও আৰ্থ-সামাজিক সংঘাতৰেই এক পৰিস্থিতিকেন্দ্ৰিক আৰু মনস্তাত্ত্বিক ৰূপান্তৰ। ই ব্যক্তিগত ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত পৰিচালিত সংঘাত হিচাবে প্ৰকাশ পোৱা এক বৃহৎ আৰ্থ-সামাজিক সংঘাত আৰু এই সংঘাতত সমাজৰ সকলো শ্ৰেণীৰ লোকৰে প্ৰাণ যাব পাৰে। গতিকে প্ৰাণ লোৱা বা যোৱা লোকৰ শ্ৰেণী, অন্যান্য সামাজিক পৰিচিতিৰ পৰা উদ্ভৱ হোৱা পটভূমিৰ লগত আৰ্থ-সামাজিক সংঘাতৰ পোনপটীয়া সম্পৰ্ক স্থাপন কৰিব পৰা নাযায়।
অপৰাধ উন্মাদনাৰ সৃষ্টি, অৰ্থাৎ ই সুস্থ মন মানসিকতাৰ বস্তু নহয়। পৰিকল্পিত হত্যাও উন্মাদনাৰ পৰিণাম। এই উন্মাদনাৰ মূল উৎস হ’ল চাপময় জীৱনৰ সংঘাতবোৰ। এই চাপময় জীৱনৰ কদৰ্যতাক ধৰ্ম-গোষ্ঠীৰ নাম দিয়াটো হ’ল ৰাজনৈতিক অপৰাধ। সংকটৰ সময়ত এনেদৰে উচটনি দিয়া অপৰাধীৰ সংখ্যাও বৃদ্ধি পায়। আমি যেন একোজন নাগৰিকতকৈ কিছুমান ধৰ্ম-গোষ্ঠীৰে সৃষ্টি হোৱা দলৰ স্বেচ্ছাসেৱী সদস্য। সেয়ে এনে এক কাল্পনিক পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় য’ত গণতান্ত্ৰিক ৰাষ্ট্ৰ নহয়, একমাত্ৰ আমাৰ দলৰ মানুহেহে যেন আমাক বচাব লগিব। এনেদৰে মানুহৰ মনত কাল্পনিক দলগত নক্সা আঁকিবলৈ আৰু উন্মাদনা সৃষ্টি কৰিবলৈ চেষ্টা কৰা অপৰাধীবোৰো অনাগত দিনবোৰৰ বাবে ভীষণ প্ৰত্যাহ্বানৰ কাৰণ হৈ উঠিব। কাৰণ চাপময় জীৱনে সৃষ্টি কৰা আচল হতাশাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ নিকৃষ্ট অভিপ্ৰায় ক’ৰ’নাতকৈয়ো প্ৰত্যাহ্বানজনক।
কেৱল কৰ’না কাল বুলি নহয়, সংঘটিত অপৰাধবোৰ যদি চোৱা যায়, তেন্তে দেখা যাব অপৰাধপৰায়ণতাৰ অন্তৰালত তাৎকালিকভাৱে ধৰ্ম-গোষ্ঠীৰ কোনো উপাদান থকাটো সদায় সঁচা নহয়। কিন্তু ন্যস্তস্বাৰ্থৰ উচটনিবিলাকৰ অন্তৰালত তাৎকালিকভাৱে ধৰ্ম-গোষ্ঠীৰ ওকালতি থাকে। কিন্তু অলপ বহলাই চালে দেখা যায় যে সেই ধৰ্ম-গোষ্ঠীক লৈ দিয়া উচটনিৰ অন্তৰালতো পোনপটীয়াকৈ ধৰ্ম-গোষ্ঠী নাথাকে, একেবাৰে নিভাঁজ দূৰদৃষ্টিসম্পন্ন ন্যস্তস্বাৰ্থহে থাকে। গতিকে ধৰ্ম-গোষ্ঠীৰ চেতনাই সঁচাকৈয়ে যদি অপৰাধৰ পৰ্যায় পাইছেগৈ, তেন্তে সেয়া আৰু প্ৰত্যহ্বানজনক কথা হ’ব।
এনে জঘন্য হত্যাকাণ্ডক লৈ যি বিভাজনমুখী প্ৰৱণতা বিভিন্ন মাধ্যমত সিঁচৰতি কৰি দিয়া হয়, তাৰ তাৎকালিক বস্তুগত ভিত্তি হ’ল প্ৰত্যক্ষৰ পৰা পৰোক্ষলৈকে বিভিন্ন ৰূপে অৱতাৰী সাম্প্ৰদায়িকতাবাদী ৰাজনীতি, যাক প্ৰধানকৈ নিৰ্বাচনী উপযোগিতাই নিৰ্ণয় কৰে। এনেদৰে ব্যক্ত কৰা হয় যেন হত্যাকাণ্ডবোৰেই পক্ষপাতদুষ্ট– যেন আপেক্ষিকভাৱে ভাল হত্যা আৰু বেয়া হত্যাও থাকিব পাৰে। তেনে হত্যাকাণ্ড একোটা সংঘটিত হোৱাৰ খবৰ অহাৰ মিনিটৰ ভিতৰতেই বিজ্ঞ লোকৰ ৱালত ৰং-বিৰঙৰ পোষ্টাৰত হেডলাইনৰ দৰে জিলিকি উঠে, এতিয়া সেইসকল ক’ত লুকাল? গৰিহণা দিবলৈ সৎ সাহস হ’বনে ইত্যাদি ইত্যাদি। গতিকে, বিভিন্ন মাধ্যমত এনে জঘন্য ঘটনাবিলাকৰ গৰিহণাৰ চলেৰে শ্ৰেণীবিভাজনৰ পৰিকল্পিত চেষ্টাই গণউন্মাদনাৰ মনস্তাত্ত্বিক সমল যোগাই আহিছে। কাৰণ গণ উন্মাদনা বৰ্তাই ৰখাৰ সেয়া কেৱল চেলুৱেই নহয়, জীৱনীশক্তি হিচাবে কাম কৰি আহিছে। বিভেদকামী সামাজিক পৰিৱেশত এটা গণ উন্মাদনাৰ ঘটনাই এটাই আনটোক প্ৰতিপন্ন কৰাৰ বাবে মনস্তাত্ত্বিক সমল পায়। লগে লগে ইয়াৰ প্ৰতিবাদ আৰু গৰিহণাবিলাক কেৱল অভ্যাসজাত হৈ পৰাই নহয়, এইবিলাকো দুৰ্ভাগ্যজনকভাৱে বিভেদকামী অভিযানৰহে অংশ হৈ পৰা দেখা যায়। যেনেকৈ বিগত গণহত্যাবোৰক ব্যৱহাৰ কৰি প্ৰতিটো গণহত্যাক নৈমিত্তিক হিচাবে প্ৰতিপন্ন কৰি তাৰ ভয়াৱহতা অনুধাৱন কৰাৰ বাটত হেঙাৰ সৃষ্টি কৰি অহা হৈছে। অতীতৰ উদাহৰণক ভৱিষ্যতৰ নৈতিক অৱস্থান ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা হয়। যিকোনো অপৰাধৰ প্ৰতি থকা মৌলিক প্ৰতিবাদক কণ্ঠৰুদ্ধ কৰাৰ বাবে এটা বিভেদকামী প্ৰক্ৰিয়াই অহৰহ কাম কৰি থাকে। কোনো অপৰাধৰ ঘটনাক সাম্প্ৰদায়িক অথবা দলগত ৰাজনীতিৰ ৰং সানি কোনোবা বিশেষ জনগোষ্ঠী অথবা মতাদৰ্শৰ মানুহলৈ আঙুলিয়াই প্ৰশ্ন উত্থাপন কৰা হয়, তেওঁলোকে এতিয়া গৰিহণা বা প্ৰতিবাদ কৰিছেনে নাই। মানসিক ৰোগী অথবা বিভেদকামী ৰাজনীতিৰ অংশীদাৰ নহ’লে কোন মানৱসত্তাই বাৰু অপৰাধৰ আনন্দ ল’ব পাৰে? মানুহৰ অৱস্থানক পৰিকল্পিতভাৱে প্ৰক্ষেপ কৰি মনস্তাত্ত্বিক জগতখনত মেৰুকৰণৰ চেষ্টা আৰু গণহত্যাৰ মৌলিক দিশবোৰ আঁতৰাই ৰখাই এই সাম্প্ৰদায়িক মনোবৃত্তিৰ লক্ষ্য।
গতিকে, আমি এটা কথা মন কৰিব লাগিব। কোনোবাই যদি অপৰাধ সংঘটিত হোৱাৰ পিছত হত্যাকাণ্ডক গৰিহণা দিয়াৰ নামত এতিয়া এইসকল ক’ত লুকাল অথবা এতিয়া কোনে কোনে গৰিহণা দিছে জাতীয় নিকৃষ্টতাত লিপ্ত হৈছে আৰু ৱালত ৰঙীন পোষ্টাৰ লগাইছে তেওঁলোক হত্যাকাৰীসকলৰ সমানেই অপৰাধী।