অপ্ৰাপ্তি-প্ৰাপ্তি (মানসী হাজৰিকা)
“ক’লী, ঐ ক’লী”—-
পিছফালৰ পৰা কোনোবাই ৰিঙিয়াই মতা যেন শুনি তাই অকণমান অস্বস্তিত পৰিল। ঠিক অংকৰ চন্দ্ৰেশ্বৰ শৰ্মা ছাৰে গৰম বন্ধ খোলাৰ পিছত ছমহীয়া পৰীক্ষাৰ বহীবোৰ ঘূৰাই দিওঁতে হাতৰ তলুৱা চেৰচেৰাই যোৱাকৈ চতৌপ চতৌপ শব্দ তুলি চিৰিপনি এচাৰিৰে মৰাৰ পিছত বহীখন ঘৰলৈ নি বিছনাৰ তুলীৰ তলত লুকুুুৱাই থোৱা সময়ছোৱাত দেউতাকৰ লগত শনিবৰীয়া হাটলৈ যাওঁতে ছাৰৰ সৈতে মুখামুখি হ’লে যেনেকুৱা লাগে তেনে! এই যেন ছাৰে সুধি দিব –“কাইদ’, ছোৱালীৰ নম্বৰ দেখিছাই নহয়?” সেই সময়খিনি পাৰ হৈ নোযোৱা পৰ্যন্ত তাই বুকুখনৰ ধপধপনি এটা নিজেই শুনে। এতিয়া বাৰু তাই সেই হাইস্কুলত পঢ়ি থকা ছোৱালীজনী নহয়। কিন্তু পিছফালৰ পৰা ক’লী বুলি মাতি দিয়াৰ লগে লগে তাইৰ বুকুখন ধিপধিপাই উঠিল। এবাৰ ভাবিলে নুশুনা ভাও জুৰি গুচি যাব নেকি! বজাৰৰ মাজত বেলেগৰ নামো ক’লী হ’ব পাৰে! এনেদৰে ভবা গুনা কৰি থাকোঁতেই তাই অনুভৱ কৰিলে যে মাতৰ গৰাকী তাইৰ নিচেই কাষত। উচ্ছাসেৰে সি আগতকৈও ডাঙৰকৈ ক’লে,
—“অ’ই ক’লী, ইমান মাতিছোঁ তোক। নুশুন নেকি? কালৰী নেকি অ’ তই?” ক’লীক কালৰী বুলি কৈ যেন সি নিজেই সন্তুষ্ট হ’ল!!
—“পদ্ম কাইটি তুমি ইয়াত কি কৰিছা? মইনো বাৰু কেনেকৈ জানিম তুমি মোকেই মাতিছা বুলি!!”
কণ্ঠত যথাসম্ভৱ ভুল কৰি ধৰা নপৰা মানুহৰ নমনীয়তা সানি তাই ক’লে।
—“থ থ। তোৰ বাহিৰে কাৰ নাম ক’লী হ’ব পাৰে। মই টাউনলৈ আহিছিলোঁ পিতাইৰ পেঞ্চনৰ কামত। দুদিন তাঁতবাতি কৰিলোঁ। কামটো হ’ল। তাকে বোলো যোৱাৰ আগতে বজাৰখনকে চাই যাওঁ!”
–পদ্মই এখন হাত কঁকালত থৈ আনখন হাত কঁপালত লগাই ৰ’দৰ পৰা বাচিবলৈ ঠিক যেনেকুৱা ভংগিমা কৰে তেনেকুৱা কৰি ইমূৰৰ পৰা সিমূৰলৈ চাই কথাখিনি ক’লে। গৰমত ঘামি জুৰুলা দিছে সি। তাই বেগৰ পৰা ঠাণ্ডা পানীৰ বটলটো উলিয়াই তাক দিলে। সি গলাধকৰণ কৰি থাকোঁতেই ইমান পৰে এটিএমত পইছা উলিয়াবলৈ সোমোৱা লগৰজনী আহি পালেহি। তাই চিনাকি কৰি দিলে। পানীঢোক খপজপকৈ গিলি শকত বটলটো দুয়োখন হাতৰ মাজত সোমোৱা ভাগেই সি নমস্কাৰ এটা দিলে। নমস্কাৰ নহৈ যেনিবা আধা নমস্কাৰ!অকস্মাতে লগ পালেও হেজাৰ হওক পদ্ম একে গাঁৱৰে ল’ৰা। থিয়ৈ থিয়ৈ বিদায় দিলে কি ঠিক গাঁৱত গৈ যে ঢোলপিটি নুফুৰিব! বোলে–
—“ক’লীৰ বৰ ডেমাকী দেও, টাউনত লগ পাই মানুহ বুলি গণিতাই নকৰিলে!!”
ক’লীৰ নো ডেমাকী মাৰিবলৈ কি আছে! গতিকে তাই বজাৰতে তাৰ লগতে অকণ ঘূৰা-মেলা কৰি সিনো কি কিনে চালে। পদ্মই মাটিত বহি দোকানীকেইটাৰ পৰা ঘৰত পিন্ধা ধৰণৰ হাফপেণ্ট এটা কিনিলে। বৌটিয়েক আৰু বৌৱেকক লগা কাপোৰ ঘৰতে বৈ কাটি লয়। সেইবুলি টাউনলৈ আহি কিবা এটা কিনি নিনিলে কিহৰ বেহাদুৰি! সি ৰাস্তাৰ কাষতে ওলোমাই থোৱা মনোহাৰীৰ দোকানৰ পৰা চুলিত মৰা বেক-কিলিপ আৰু নেইলপলিছ এটা ল’লে। ৰঙ এটা তাই পছন্দ কৰি দিছিল, সি যিটোহে হাঁহি মাৰিলে! বোলে,
–“বৌদেউ ৰঙা-বগা মানুহ দে, ইমান পাতল ৰঙ নেলাগে। সৌ ৰঙাটোৱেহে শুৱাব!”
তাই অকনমান কোঁচ খাই গ’ল। যিমান পাৰি সোনকালে তাক বিদায় দিবলৈ মনটোৱে খৰখেদা অকণ লগালে যেন! হঠাতে তাইৰ বহুদিনৰ পৰা কিনিম কিনিম বুলি ভাবি থকা কিতাপ এখনলৈ মনত পৰিল। তাক ক’লে–“তুমি নহ’লে গৈ থাকা পদ্মকাইটি। মোৰ কিবা কিবি কিনিবলৈ আছে। শেষৰ বাছখনতে মই পামগৈ।”
এন্ধাৰ মুন্ধাৰ বৰণটো লৈ জন্মা ছোৱালীজনীক লৈ আয়েক পিতাকৰ কোনো সমস্যা নাছিল। পিতাক হালোৱা, মাক ৰোৱনী। বেলি মূৰত লৈ চৌফলীয়া ৰ’দত কাম কৰিলে পোহৰ মুখৰ মানুহকো ৰ’দে পুৰি ক’লা কৰি পেলায়। তাই যেনিবা সেয়া মাকৰ পেটতে লৈ আহিলে। বহাগৰ দোমাহীৰ দিনা ওপজা ছোৱালীকণ আইতাকৰ বাবে সাক্ষাৎ লখিমী, চকুৰ মণি। পোচাকী নামো সেইসূত্ৰে নয়নতৰা, ঘৰত তৰা।
তৰাৰ টাউনত থকা আটাইকেইজন বৰদেউতাক-খুৰাকৰ ল’ৰা ছোৱালীমখা উজ্জ্বল বৰণীয়া। সিহঁত থাকেও চাহাবী ঢঙত, পঢ়েও সলসলীয়াকৈ ইংলিছ কোৱা চাহাবী স্কুলত। তৰাৰ বাপেকেই একমাত্ৰ ৰৈ গ’ল গাৱঁত ককাকৰ হাড় কাটনৰ মাটিবাৰীৰ ৰখীয়া হৈ। তেৰ বাৰ মেট্ৰিক দিও যেতিয়া দেওনাখন পাছ কৰিব নোৱাৰিলে আইতাকে ভেকাহি মাৰি ক’লে,
–“পইখা পাছ কৰি হাকিম উকীল হ’ব নেলাগে দে। হোৱাগাল হওক। অতগাল মাটিবাৰী পৰি আছে, খাবলে নেপাই নমৰ তই!”
আইতাকে পিছদিনাৰ পৰা ছোৱালী বিচৰা আৰম্ভ কৰিলে। ইতিমধ্যে বাকী তিনিওজনে পঢ়া-শুনা সমাপ্ত কৰি ভাল ভাল বিভাগত চাকৰি লৈ নিজৰ পছন্দমতে একোজনী আনিছিলেই। মেট্ৰিকটোতে গেঠেলা মৰা তৰাৰ বাপেকলৈ ৰৈ থাকিবলৈ ধৈৰ্য বা প্ৰয়োজন বোধ কোনো এটা ককাই ভায়ে কৰা নাছিল। বিয়াত অৱশ্যে ‘বৰ মাজুৰ বিয়া’ বা ‘মাজু কাইদেউৰ বিয়া’ বুলি আটায়ে হাত উজান দিলে। বংশৰ কাৰো লগত নিমিলা তৰাৰ ৰঙটো বিষয়ে বৰমাকে খুৰীয়েক দুজনীক এদিন ফুচফুচাই ক’লে,
–“নিৰলাই বোলে তৰা গাত থাকোঁতে মোকোৰা মোকোৰে এঙাৰ খাইছিলে, সেই গতিকেহে!”
খুৰীয়েক দুজনীৰ চকু বিস্ময়ত ডাঙৰ হ’ল,
“সঁচাকৈ নে বৰ নবৌ??”
–“এনেহেন কথাত মিছা কম কিহলৈ? এবাৰ নিজে দেখিছিলো মই! ইমান খাবলৈ মন কৰা দেখি আয়ে এঙাৰবোৰ পৰিষ্কাৰকৈ ধুয়ো দিয়া দেখিছিলো। পিছে কাম নিদিলে। মৰ খঁকে ধৰিছিল হপায় তাইক!!”-
–বৰ বোৱাৰীয়েকে বিশ্বাসযোগ্যভাৱে পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে।
লাহে লাহে তৰা ডাঙৰ হ’ল। বস্তা এখন হাতত লৈ এলপি স্কুল যাব পৰা হোৱাৰ আগৰে পৰাই তাইৰ তৰা নামটো লাহে লাহে মচ খাই তাৰ ঠাইত ক’লী নামটো বেছ জনপ্ৰিয় হৈ পৰিল। পথাৰত হাইগুডু বা চোৱা চুই খেলিলে তৰাৰ লগত মতবিৰোধ হ’লে সমনীয়াই জোকাবলৈ ল’লে—
ক’লীমতী কলাপাত
ক’লীয়ে নেখায় সুদা ভাত
ক’লীক লাগে পোৰা মাছ
মাকে দিয়ে ঠাঁচ ঠাঁচ!!
সিহঁতজাক এবাৰতে গাই ক্ষান্ত নহয়। সুৰ লগাই লগাই কেইবাবাৰো গায়। উচাৎ মাৰি তৰা গুচি আহে।আইতাকক অভিযোগ দিয়েহি-
-“আইতা, মোক ক’লী বুলি জোকাইছে।”
ক’লী নাম পোৱা তৰাক আইতাকে বুকুৰ মাজত সোমোৱাই লৈ কয়,
–“কওক যি কয়, তই কাণ নিদিবি !”
“ক’লা ৰঙ বেয়া নি আইতা?” তাইৰ জানিবলৈ মন যায়।
“ঔ আই, কৃষ্ণ গোসাঁইৰ বৰণ সেয়া। এনেইনো কওঁনে আমি কলীয়া কৃষ্ণ বুলি!”—আইতাকে তৰাক যুক্তিৰে বুজায়।
কণমানি তৰাৰ মন প্ৰফুল্ল হৈ পৰে। সকলো বাদ দি তাইৰ কাণত কেৱল এটাই বাজে– কলীয়া কৃষ্ণ!
পিছে এলপি পাছ কৰি হাইস্কুল পোৱাৰ পিছত মেট্ৰিকটো দিয়ালৈকে তাইৰ ক’লী নামটো অপৰিৱৰ্তিত থাকিল। গাঁৱৰ সেইখন হাইস্কুল ক’লীৰ দুই নম্বৰ দদায়েকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম এ পৰীক্ষা দি আহিয়েই বাৰীৰ গছ কাটি ৰাইজৰ সহযোগত আৰম্ভ কৰা। তাৰ মাষ্টৰকেইজন খুৰাকৰ সমনীয়া। স্কুলখন ভেন্সাৰ হৈ থাকোঁতে গাঁৱৰ ইয়ে বোলে ধান এমোন দিলে, সিয়ে বোলে চাপৰিত কৰা ৰঙালাওৰ খেতিৰ পৰা ৰঙালাও কেইটামানকে দিলে তাকে বেচি মাষ্টৰকেইজনক দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছিল। পিছত যেনিবা চৰকাৰীকৰণ হোৱাৰ পিছত সেয়া লেঠা মৰিল।
পিছে স্কুল ছুটী হ’লেই “অ’ নবৌ” বুলি চিধাই পাকঘৰলৈ সোমোই অহা অভ্যাসটো পিছলৈও নুগুচিল মাষ্টৰহঁতৰ। পোৰ লগৰ পো, আইতাকে ভাত মুঠি নোখোৱাকৈ যাবলৈ নিদিয়ে। এতিয়া সেই ভাতখোৱা ঘৰখনৰ ছোৱালীজনীক ছাৰহঁতে সকলোৱে মৰমতে মতা ‘ক’লী’ নামেৰে নেমাতি কিবা বোলেনে শ্ৰীমতী নয়নতৰা বৰা বুলি মতাটো শাওণৰ দেই পুৰি নিয়া ৰ’দত ছাতি নোহোৱাকৈ বৰ আলিৰে কৰবালৈ যাব লগা হ’লে “মূষলধাৰ বৰষুণ এজাক তৎক্ষণাত দি দিয়া প্ৰভু” বুলি আশা কৰা নিচিনা নহ’ব নে? চমৎকাৰ কৰি আবতৰীয়া বৰষুণজাক কেতিয়াবা আহিলেও তাইৰ নামটো গাৱঁৰ মানুহৰ মুখত নয়নতৰা হৈ কেতিয়াও নোলাল! ক’লী নামটো গৌৰৱেৰে বাহাল থাকিল।
এনেকৈয়ে তাই কলেজ পালেগৈ। দহখন গাঁৱৰ ৰাইজে গম পাব পৰাকৈ মুধাফুটা ফলাফল নহ’লেও তাই ভালদৰেই পাছ কৰি গৈ থাকিল। নৈৰ সিপাৰৰ পাঁচ কিল’মিটাৰ দূৰৈৰ আঞ্চলিক কলেজখনত ‘নয়নতৰা’ নামটোৰ চলতি হ’ল যদিও টেম্প’ত আহোঁতে যাওঁতে গাঁৱৰে কোনোবা নহয় কোনোবা উঠেই টাউনলৈ যাবলৈ, সিহঁতে বাটটো সোঁৱৰাই থাকে তাইৰ বিখ্যাত নামটো,
“ক’লী, ভালে হ’ল তোক লগ পালো। বাপেৰক ক’বি মৌ এবটল মোলৈ থ’বলৈ। গধূলা লৈ আনিমগৈ।”
অথবা,
“ঐ ক’লী, আও বৰ এজনী হ’লি অ’। মাৰে কি খুৱাইছে হয়!”
টেম্প’খনত অচিনাকি মানুহো থাকে। “ক’লী ক’লী” বুলি শুনাৰ মুুুহূৰ্তত তাই বৰ আশা কৰে টেম্পখন ৰাস্তাৰ প্ৰকাণ্ড গাঁত এটাত সোমাই থেকেছনি এটা দিয়ক আৰু মানুহখনৰ “আয়ৌ, আস, ওহ” আদি শব্দবোৰে ‘ক’লী’ক ঢাকি পেলাওক!
মাকৰ নিচিনাকৈয়ে তায়ো বোৱা কটাত কাজী। মাকে তাঁত বৈ থাকোঁতে কেতিয়ানো হাতৰ মাকো জীয়েকৰ হাতলৈ গ’ল তাৰ উমান কোনেও নাপালে। তাইক শুৱাই তোলা পাতল ৰঙৰ কাপোৰ যোৰে যোৰে বৈ বাকচ ভৰাই দিছে তাই। মাকে কয়—
–“গৰমত পাতল ৰঙটোৱে সকাহ দিয়ে। ডাঠ ৰঙবোৰে কিবা গিলিপ মাৰি ধৰে চোন!”
তাইৰ ক’বৰ মন যায় ৰঙা ৰঙৰ কাপোৰ এযোৰ বৈ পিন্ধিবলৈ মন যোৱাৰ কথা। পিছে উজ্জ্বল ৰঙৰ কাপোৰ এযোৰ এনেয়ে গাত মেৰাই চালেও যেন মানুহবোৰে গাত ঢকা মাৰি মাৰি হাঁহিব তেনে লাগে তাইৰ!
সেইবাৰ আহাৰত ন-ভূঁই ৰোৱা দিনা তাই কলেজলৈ নগ’ল। পিছদিনা সৰহকৈ বোকা দিয়া বাবে ৰোৱনীলৈ পুৱাতে কোমল চাউল আৰু পকা কঁঠালৰ জলপান নি সমানে মাটি ৰুলেগৈ।
“মাটি ৰুবা মাজ খাল,
ছোৱালী আনিবা জাতি ভাল!”
পদুমী পেহীয়ে তামোল এমোকোৰা মুখত ভৰোৱা ভাগেই ফঁকৰা জুৰিলে। আটাইয়ে হয়ভৰ দিলে।
“পিছে ঔ ক’লী, জাত ভাল হ’লেও তোলৈ পিছে দৰা পোৱা টান আছে আই!”
কথাৰ লাচতে বৰমূৰীয়ানী খুৰীয়েকে কোৱা কথাটো শুনি দুপৰীয়াৰ ভাত লৈ অহা তাইৰ মাকৰ গাটো যেন কঁপি উঠিল।
—“হ’ব দে, ঈশ্বৰে কাণী, কুঁজীলৈও এজন থোৱা নাই জানো! বাকী আৰু কপালৰ লিখন! আমিনো চিন্তা কৰি কি পাৰ পাম!”
তাইৰ মাকে কথাখিনি কৈ জীয়েকলৈ চালে। তাই নিৰ্লিপ্ততাৰে ওচৰৰ জানটোত বোকা লগা ভৰি হাতকেইটা ঘঁহি ঘঁহি ধুইছে। একো যেন তাই শুনাই নাছিল। আৰু শুনিলেও যেন সেয়া তাইক উদ্দেশ্যি কোৱা হোৱাই নাছিল!!
মাকক কোনোবাই পৰামৰ্শ দিয়ে মাটিমাহ হালধিৰে সৈতে পিহি তাৰ প্ৰলেপ লগাবলৈ, বগা হয় হেনো! মাকে পটাত পিহে, তাই লগায়। লগাবলৈ তাইৰ মন নেযায় কিন্তু মাকে ভাল পাওক বুলিয়েই লগায়। ছালখন উজ্জ্বল হয় আগতকৈ, কিন্তু ৰঙটো সলনি নহয়। মাকে বেছিকৈ কিবা-কিবি সানিবলৈ কেৰজেৰ কৰিলে আইতাকে ডবিয়াই উঠে,
–“থাওক তাই তেনেকৈয়ে, নেলাগে বগী পটেশ্বৰী হ’বলৈ। আমাৰ ছোৱালী এনেয়ে ধুনীয়া!”
গাৰ বৰণটোক লৈ তাই কষ্ট পায় বুলি দেউতাক বৰ সংশয়ত থাকে। তাইক বুজায়–“আই অ’, চেহেৰা-পাতি ঈশ্বৰে দিয়া বস্তু। মানুহৰ পৰিচয় কামেৰেহে হয়। মনত ৰাখিবি।” তাই শলাগি থয়।
পিছে তাই টেট পাছ কৰি পঢ়ি অহা হাইস্কুলখনতে যোগদান কৰাৰ পিছত কথাবোৰ অলপ বেলেগ হ’ল। কথাটো সেই টেলিভিশ্বনৰ চিনেমাত ওলোৱা নিমাখিত নায়িকাজনী খলনায়কৰ গতাত পাহাৰৰ পৰা সৰি পৰিব বুলি আশংকাত দৰ্শকৰ বুকু কঁপি উঠা সময়তে ক’ৰবাৰ পৰা নায়ক উৰি অহাদি আহি থাপ মাৰি হাতখনত ধৰি টানি উঠাই বুকুৰ মাজত লৈ গীত জুৰি কাহিনীৰ গোটেই দৃশ্যপটটোৱেই সলনি কৰি পেলোৱা লেখীয়া হ’ল। গাঁৱৰ মানুহবোৰে তাইক আজিকালি সমীহ কৰি মাতে৷ মাকহঁতে ধুনতী জীয়েকহঁতক— “পঢ়া-শুনাৰ ধেন্দা নাই, খালী অকল ইচটাইল মাৰিবলৈ দিবা, ক’লীক দেখা নাই মাষ্টৰনী হ’লগৈ” — বুলি পুৱা-গধূলি ৰেকৰ্ড এখন বজাই সিহঁতৰ শান্তি ভংগ কৰিলে। ইংৰাজী গ্ৰামাৰ বুজি নোপোৱা গাঁৱৰে নৱম দশম শ্ৰেণীৰ ল’ৰা-ছোৱালী দুই এটা বন্ধৰ দিনবোৰত পঢ়িবলৈ আহিল।
তেনেকুৱা ভাললগা দিনবোৰৰ দেওবাৰ এটাতে গাঁৱৰ মানুহৰ তিৎকাৰিক বুঢ়া আঙুলি দেখুৱাই তাইক চাবলৈ ল’ৰাঘৰীয়া মানুহ আহিল। মুহূৰ্ততে হুৱা-দুৱা এখন লাগি গ’ল। “এনেকৈনো খা-খবৰ নিদিয়াকৈ মানুহ আহেনে বুলি”– তৰাৰ মাকে খপজপকৈ গাৰ ছাদৰখন সলালে। লগতে বোৱা নতুন কাপোৰ এসাজ তৰালৈ উলিয়াই ভালকৈ পিন্ধিবলৈ দিহা দি ওলাই গ’ল। বাপেকে পিছবাৰীয়েদি গৈ নৰেশ্বৰৰ ঘৰৰ পৰা তেলাল হাঁহ এটা যোগাৰ কৰিলে। ছোৱালী চাবলৈ অহা বুলি গম পাই নৰেশ্বৰেই হাঁহটো মাৰি কাটি বাছি দিয়াৰ দায়িত্ব লৈ নিশ্চিন্তে আলহীৰ লগত পৰ্টিকত বহি কথা বতৰা পাতিবলৈ ক’লে। তৰাৰ বাপেকটো উত্তেজনাত ঘামি গ’ল। কমটি কথা নে, ছোৱালীক চাবলৈ মানুহ আহিল!! ল’ৰাই মীনপালন বিভাগত কৰে। বাপেক মণ্ডল। গাঁৱৰে কাৰোবাৰ তাত ফিছাৰীৰ কাম চাবলৈ আহোঁতে তাইৰ কথা শুনা বুলি ক’লে।
অৱশ্যে ততাতৈয়াকৈ হ’লেও আলহীৰ শুশ্ৰূষাত খুঁত নাৰাখিলে মাক-বাপেকহালে। যথাসময়ত চৌ চৌ কৰে তেল বিৰিঙি থকা হাঁহৰ মাংস কোমোৰাৰে সৈতে, পুখুৰীত জাল পেলাই ধৰা এবেগেতীয়া ভাঙোন মাছ ঔ আৰু জাতিলাওৰে টেঙা আৰু বাৰীৰ ইবিধ সিবিধ পাছলিৰ ভাজিৰে ল’ৰাঘৰীয়াই উদৰ পূৰাই খালে। ছোৱালী ঘৰৰ কথন-মথনত সন্তুষ্ট হোৱাটো তেওঁলোকৰ চকুৱে মুখে জিলিকি উঠিল। ল’ৰাই ছোৱালী পছন্দ কৰিলে। যাবৰ পৰত তাইৰ নম্বৰটো লৈ সি ক’লে–“নয়ন, ৰাতিকৈ ফোন কৰিলে বেয়া পাবা নেকি??” আস! কি বুলি মাতিলে সি? ভাল লগা জোকাৰনি এটা যেন গাৰ মাজেৰে পাৰ হৈ গ’ল! তাই মূৰটো লৰালে, নাপায় বেয়া।
ল’ৰাঘৰীয়া যেনেকৈ ভূ-নিদিয়াকৈ আহিল, আঙুঠি পিন্ধোৱাও তেনেকৈ ধুমুহা গতিৰে হৈ গ’ল। বিয়াৰ আয়োজনো একদম পূৰ্ণগতিত চলিছে। বৰদেউতাক, খুড়াকহঁতেও দায়িত্ব লৈছে। তাইৰ এনে লাগিল দৰাঘৰীয়াক যেন কোনোবাই ভৱিষ্যৎ বাণীহে কৰি থৈছে বোলে এইকেইদিনৰ ভিতৰতে ছুনামি হোৱাৰ প্ৰবল আশংকা আছে, বিয়া-বাৰু যি পাতিব লগা আছে পাতি লোৱা! তাৰ মাজতে তাই মন কৰিছে পিতাকৰ মনটো যেন উদাস হৈ থাকে, মাজে মাজে বাৰীৰ চুকলৈ গৈ ভূনভূনাই পতা দি ফোনত কথা পাতে। বিয়াৰ যা-যোগাৰৰ চিন্তা নে কথা কিবা অন্যহে! তাইৰ ষষ্ঠ ইন্দ্ৰিয়ই যেন কিবা গোন্ধ পালে! এপাকত সুযোগ পাই তেওঁক শোৱা কোঠাটোলৈ টানি নিয়াদি নিলে।
—“কি হৈছে পিতাই, সজে সজে ক। মোৰে শপত!”
—-অন্য কথাৰ অৱতাৰণা নকৰি চিধাই বাপেকৰ হাত এখন নিজৰ মূৰৰ ওপৰত ৰাখি তাই ক’লে। হাতখন ধৰমৰাই আঁতৰাই আনিলে যদিও তাইৰ তীব্ৰ চকুযুৰিৰ আগত তেওঁ মিছা মাতিব নোৱাৰিলে।
—-“আই, তেওঁলোকক যৌতুক লাগে। খুৰাৰহঁতে ডাঙৰ চাকৰি কৰাৰ উমান পাই সিহঁতে জোৰ পুৰি ধৰিছে বোলে টাউনত মাটি একঠাই, গাড়ী এখনে দিব লাগে। নহ’লে তই মাষ্টৰনী হ’লেও তোৰ গাৰ বৰণটো চাই বিয়া নকৰাই বোলে!!”
অৱশ সুৰেৰে কথাখিনি আৰম্ভ কৰি বাপেকে হুকহুকাই কান্দি পেলালে। দুৱাৰৰ সিপাৰে মাক আৰু আইতাকৰ সন্মিলিত উচুপনিৰ শব্দ শুনা গ’ল।
বাপেকক তাই সাৱটি ধৰিলে। কেচুঁৱা এটাক নিচুকুওৱাদি তাই নিচুকাই থাকি ভাবিলে আঙুঠিটো ঘূৰাবলৈ যাওতেই ৰঙা সূতা কেইমুঠিমান কিনি আনিব। ইমানদিনে পিন্ধিম বুলি ভাবি থকা তেজ ৰঙা কাপোৰযোৰ তাই তাঁতত বৈ পেলাব!
মুখতে বিৰবিৰাই তাই ক’লে,
“পিতাই, ৰঙা ৰং মোৰ বৰ ভাল লাগে অ’!”