বিবিধ চিন্তা

“অৰাজনৈতিক” ছাত্রসমাজ-(ৰাজদ্বীপ মহন্ত)

সৌ সিদিনা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ চৰ্তহীন বিনামূলীয়া নামভৰ্তিৰ বাবে মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলক সংগঠিত কৰি থকাৰ সময়তে এজনে ক’লে-‘অহাবাৰ ই নিশ্চয় “election” খেলিব।’

ইয়াৰ মূল অৰ্থ এইটোৱেই যে সাম্প্ৰতিক সময়ত ৰাজনীতি শব্দটোৰ পৰিসৰ অতি সীমিত অৱস্থালৈ ৰূপান্তৰিত হৈছে। অৰ্থাৎ সাংসদ হোৱা, বিধায়ক হোৱাটোৱেই আমি ৰাজনীতি বুলি ভাবোঁ। আকৌ আজিৰ বহু ছাত্ৰই ৰাজনীতিৰ পৰা দূৰত অৱস্থান গ্ৰহণ কৰে। বিশেষকৈ বহুতৰে ‘facebook’-ৰ ‘political views’ ত লিখা থাকে ‘not interested’। যেতিয়াই ছাত্র-ৰাজনীতিৰ কথা আহে তেতিয়াই কিছুলোকে আৰু চৰকাৰী বিষয়ববীয়াই ছাত্রসমাজে ৰাজনীতি কৰিব নালাগে বুলি মতপোষণ কৰে। পিছে নৱপ্ৰজন্মই নিজকে ৰাজনীতিৰ পৰা দূৰত ৰাখিছে বুলি ভাবিলেও আমি বুজিব লাগিব যে আমাক অৰ্থাৎ ছাত্রসমাজক পৰিকল্পিতভাৱে ৰাজনীতিৰ পৰা দূৰত ৰখা হয়, যাতে ছাত্রসমাজে নিজৰ সমস্যাবোৰক কেন্দ্ৰ কৰি সংগঠিত নহয়, যাতে আজিকালিৰ তথাকথিত নেতাবোৰৰ কাৰণে বিকল্পৰ সৃষ্টি নহয়।

কমৰেড্ ৰাভাই কৈছিল—কেঁচুৱাই জন্মৰ লগে লগেই কান্দে, কান্দে তিনিটা কাৰণে। মাতৃগৰ্ভৰ পৰা সি যি কষ্টৰে পৰিশ্ৰমৰে লাই আহে, সি ভাগৰি যায়। ভোক-পিয়াহত সি কাতৰ হয়, সি তেতিয়া কান্দে। মাকে তেতিয়া তাক পিয়াহ খুৱাই সান্তনা দিয়ে। তেতিয়া তাৰ কান্দোন থামে। মাতৃৰ গৰ্ভৰ পৰা লাই সেই কেঁচুৱাটোৱে অকলশৰীয়াকৈ মাটিত পৰে। মাতৃৰ গৰ্ভ তেনেই কোমল। কিন্তু মাটি টান। গতিকে সি আশ্ৰয় বিচাৰি কান্দে। মাকে তেতিয়া তাক কোলাত আশ্ৰয় দি সান্তনা দিয়ে। তাৰ কান্দোন থামে। মাতৃৰ গৰ্ভ তপত।তাত কেঁচুৱাটোৱে জাৰ নাপায়। মাতৃগৰ্ভৰ পৰা ওলাই ধৰণীৰ বা বতাহ লগাত কেঁচুৱাটোৱে জাৰত কঁপি উঠে,কান্দে। তেতিয়া মাকে তাক বাহুৰ বান্ধোনৰে আঁকোৱালি ধৰে। তেতিয়া সি বাহুৰ আৱৰণ পাই সান্তনা লাভ কৰে। নাকান্দি মনে মনে থাকে। এই আহাৰ, আশ্ৰয় আৰু আৱৰণৰ কাৰণে মানুহে জন্মৰ পৰাই কান্দে।এই খাদ্য, ঘৰবাৰী, পিন্ধন-উৰণৰ কাৰণে মানুহে জন্মৰ পৰাই সংগ্ৰাম কৰে। এই তিনিটাৰ অভাৱতে মানুহৰ জীৱন সংকটপূৰ্ণ হৈ উঠে। এই তিনিটাৰ কাৰণে কন্দাই ৰাজনীতি, আচল ৰাজনীতি

প্ৰথমতেই যেতিয়া আমি ছাত্র-ছাত্ৰীৰ সমস্যাৰ কথা ভাবোঁ, তেতিয়া দেখিম যে ৭৫% নম্বৰ লাভ কৰাৰ পাছতো আমি আমাৰ মনে বিচৰা মহাবিদ্যালয়খনত, মনে বিচৰা শাখা বা কোনো বিষয়ত পঢ়িবলৈ আসন নাপাওঁ। পিছে তাতো আমি নিজকেই দোষ দিওঁ যে আমি ভালদৰে নপঢ়িলোঁ। পিছে আমি সুস্থ মগজুৰে চিন্তা কৰিব লাগিব যে মহাবিদ্যালয়খনত পৰ্যাপ্ত আসন কিয় নাই, প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাছতো কিয় ইচ্ছানুযায়ী পঢ়িব নোৱাৰিলোঁ? তেতিয়া আমি বুজি উঠিম যে ৰাজনীতিয়ে আমাক কেনেদৰে নিজৰ আসনৰ পৰা বঞ্চিত কৰিছে।

উচ্চতৰ মাধ্যমিকৰ AHSEC বৰ্ডত অৱতীৰ্ণ আৰু উত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ সংখ্যাৰ তালিকা হ’ল-

শাখা               অৱতীৰ্ণ                        উত্তীৰ্ণ

বিজ্ঞান-          ৩৭৩৭৩         –          ৩২০৩৮

কলা-             ১৯৪৫৩         –          ১৪৫২৩৩

বাণিজ্য-         ১৭৭৬৭         –          ১৫০৩৩

আনহাতে CBSC ত অৱতীৰ্ণ আৰু উত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ সংখ্যাৰ তালিকা হ’ল-

অৱতীৰ্ণ        –       উত্তীৰ্ণ

৫০৮৭৬      –     ৩৩০৫৫

ইয়াৰ বিপৰীতে কিন্তু স্নাতক পৰ্যায়ত আমাৰ মহাবিদ্যালয় সমূহত থকা আসনৰ সংখ্যা কেৱল ১৬৭২৮৯।

আকৌ ৰঙিয়া মহাবিদ্যালয়ত ৫০% তলৰ ছাত্র-ছাত্ৰীসকলে নামভৰ্তি কৰিব পৰা নাই। ৪৫%-তকৈ কম পোৱা ছাত্র-ছাত্ৰীসকলক ফৰ্ম পূৰাবলৈকে দিয়া হোৱা নাই। অথচ সেই এলেকাত এখনেই মহাবিদ্যালয়। হাইলাকান্দিৰ শ্ৰীকৃষ্ণ সাৰদা কলেজত ৪০% তলৰ কোনেও আসন পোৱা নাই। একেই অৱস্থা বৰপেটা ৰোডৰো। বিজনী কলেজতো ৪৮% তলত কোনেও গুৰু পাঠ্যক্ৰম পোৱা নাই।

১০-১৫ বছৰ আগৰ শিক্ষা খণ্ডলৈ লক্ষ্য কৰিলে দেখিম যে তেতিয়াৰ পৰা এতিয়ালৈকে কলেজসমূহত আসনৰ সংখ্যা একে আছে। তাৰ পাছত আমি বাধ্য হওঁ ব্যক্তিগত খণ্ডৰ অনুষ্ঠানত পঢ়িবলৈ! আনহাতে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান বুলিলেই আমাৰ মনত এক অৱহেলামূলক মানসিকতা গঢ়ি উঠিছে নতুবা গঢ়ি তুলিবলৈ চেষ্টা কৰা হৈছে। তাৰ লগতেই আকৌ চেবাৰ পৰীক্ষাৰ বহী কেতিয়াবা গৰুৱে খোৱা, কেতিয়াবা জুইয়ে পোৰা, কেতিয়াবা আকৌ পৰীক্ষাৰ আগতেই প্ৰশ্ন কাকত ফাদিল হোৱা খবৰবোৰ আমি বাতৰি কাকত আদিত পঢ়ি আহিছোঁ। লক্ষ্য কৰিবলগীয়া কথা এয়া যে ছেবাৰ সংশোধনৰ বাবে শ্ৰী নাথ বৰুৱাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিয়া হৈছিল। কিন্তু সেই কমিটিৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা নহ’ল। যদি চৰকাৰী শিক্ষানুষ্ঠান উন্নত হয়, তেনেহলে ব্যক্তিগত শিক্ষানুষ্ঠান গঢ়ি তোলা সাংসদ, বিধায়ক বা কোনো পুঁজিপতিৰ মুনাফাত কুঠাৰঘাত পৰিব।বন্ধু, এয়াই ৰাজনীতি সাম্প্ৰতিক সময়ৰ! তোমাৰ মহাবিদ্যালয়ত বিশুদ্ধ খোৱাপানী অভাৱৰ সমস্যা, অপৰিহাৰ্য খেল-ধেমালিৰ আহিলা-সামগ্ৰীৰ অভাৱৰ সমস্যা, উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ সমস্যা, প্ৰয়োজনীয় শিক্ষকৰ সংখ্যাৰ অভাৱৰ সমস্যা-কোনো এক জাতি বা ধৰ্মৰ সমস্যা নহয়, এয়া কলেজীয়া ছাত্রসমাজৰ সমস্যা।

এম.এ, এম.কম, এম.এছ.চি-ত উত্তীৰ্ণ হোৱাৰ পাছতো আমাৰ চাকৰি কিয় নাই, এয়া জানোঁ ছাত্রসমাজৰে সমস্যা নহয়! তোমাৰ সমস্যা, সমাধান তুমিয়েই কৰিব লাগিব।

বিশ্বৰ যিকোনো বিপ্লৱত ছাত্ৰ-ছাত্রীৰ ভূমিকা আছিল অপৰিহাৰ্য। কোনো কাৰণত যি আমি ৰাজনৈতিক উদাসীন মনোভাৱ পোষণ কৰিছোঁ, সেই একেই মনোভাৱ গান্ধী বা ভগত সিঙে পোষণ কৰা হ’লে আমি স্বাধীনতা অৰ্জন কৰিলোঁহেতেন নে? নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে প্ৰশ্ন তোলাই ৰাজনীতি। নিজৰ ঘৰখন যেতিয়া অপৰিষ্কাৰ হয়, সেয়া পৰিষ্কাৰ কোনে কৰিব? ওচৰ-চুবুৰীয়াই নে নিজেই? সেয়েহে এইবোৰ কথা ছাত্রসমাজে চিন্তা কৰিব লাগে। দৰিদ্ৰ লোকৰ সমস্যা, জনকল্যাণবিৰোধী ভিন্ন কাৰ্যকলাপৰ লগতেই ছাত্রসমাজৰ সমস্যাবোৰৰ কথা নিজৰ বন্ধুবৰ্গৰ লগত আলোচনা কৰিব লাগিব, সংগঠিত কৰিব লাগিব আৰু প্ৰশ্ন উত্থাপন কৰিব লাগিব, প্ৰয়োজনত ৰাজপথলৈ ওলাই আহিব লাগিব। ই সূচনা কৰিব এক নতুন দিগন্তৰ। যেতিয়াই ছাত্রসমাজে সমন্বিতভাৱে প্ৰশ্ন কৰিব, তথাকথিত নেতাবোৰে, ছাত্রনেতাসকলে ভয় খাব। মনত ৰাখিবা, তুমি জন্ম নোহোৱাৰ পৰাই ৰাজনীতিয়ে তোমাক আৱৰি ৰাখিছে। ৰাতিপুৱা যিটো টুথপেষ্টেৰে তুমি দাঁত পৰিষ্কাৰ কৰা, সেই টুথপেষ্টটো ক্ৰয় কৰোঁতে আদায় দিবলগীয়া মূল্যটোত যি “জি.এছ.টি.” সংযুক্ত হৈ থাকে, সেয়া নিৰ্ধাৰণ কৰে ৰাজনীতিয়ে। তোমাৰ চৌপাশৰ প্ৰতিটো ঘটনাৰ লগত ৰাজনীতি জড়িত হৈ আছে। তুমি কি শ্ৰেণীত কি পাঠ্যক্ৰম পঢ়িবা, কিমান শতাংশ পালে তুমি লেপটপ পাবা, সেয়া যদি ৰাজনীতিয়ে নিৰ্ধাৰণ কৰে, তেন্তে তুমিও তোমাৰ নিজৰ ৰাজনীতি নিৰ্ধাৰণ কৰা। ৰাজনীতি কেনে হোৱা উচিত বা কেনে হ’ব লাগিব সেয়া তুমিও নিৰ্ধাৰণ কৰা। ড°ভীমৰাও আম্বেদকাৰে কৈছিল,”শিক্ষিত  হোৱা, সংগঠিত হোৱা, সংগ্ৰাম কৰা”—এয়া ছাত্রসমাজৰ মূলমন্ত্ৰ হোৱা উচিত।

বন্ধু, যিমানেই ৰাজনীতিৰ পৰা পলাব নিবিছাৰা কিয়,ৰাজনীতিয়ে তোমাৰ পিছ নেৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *