গল্প-কবিতা

অৰণ্যাৰ্ত-(ববিতা কলিতা)

খবৰ পাইছেনে?
মই হেনো মৰিছোঁ! মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ।মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণীতো লিখা নাছিল। তথাপি মই মৰি থাকিলোঁ। মোৰ অপূৰ্ণ আশাৰ অস্হিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই ৰাখিলোঁ।…আৰু নিজে অশৰীৰী সপোনবোৰৰ জখলাত ‘বেতাল’ হৈ ওলমি ৰ’লোঁ। এৰা! জীৱনৰ তাল হেৰুৱাই পেলোৱা বেতাল এজন মই।

জনহীন অৰণ্যত বেতাল হৈ ডাল বগাই ফুৰোঁতে মই ভাগৰ অনুভৱ কৰা নাছিলোঁ। শুকান জাৰণিত জিৰণি ল’বৰ বেলাহে মোৰ মনটো বেজাৰত দোঁ খাই পৰিছিল। কি কৰুণ মানুহৰ মৃত্যু? কি নিঠুৰ মানুহৰ জন্ম!

পিতায়ে কৈছিল মোৰ জন্ম হেনো সহজ নাছিল। মোক জীৱন দিবলৈ গৈ মায়ে হেনো মৃত্যুৰে যুঁজিছিল। গাঁৱৰ জুই-পানী নোচোৱা দুই ধাইয়ে সিদিনা দিহা-পোহা নাপাই মুখা-মুখিকৈ বহিছিল। দুয়োজনীয়ে সিদিনা আমাক বচাবলৈ নিজ নিজ ঈশ্বৰক বাৰে বাৰে কাবৌ-কোকালি কৰিছিল।

জন্মজাৰত ঠেৰেঙা লগা মোৰ এমুঠিমান দেহাটোত চেতনা নাছিল। বহু সেকা-পোৰা,জৰা-ফুকা কৰিহে হেনো সিহঁতে মোৰ চেতনা ঘূৰাই আনিছিল।মানুহ হৈছিলোঁ মই। পিছে মা এটি চেতনাবিহীন মাংসপিণ্ড হৈ তেজৰ নৈত উটি গৈছিল। ঠিকেই কৈছিল পিতায়ে, মোৰ জন্ম সহজ নাছিল।

মৃত্যুৰ পিছৰ কষ্টৰ খবৰ মানুহে নোপোৱাৰ দৰেই জন্ম মুহূৰ্তৰ কষ্টৰ অনুভৱো সময়ত পাহৰণিত হেৰাই যায়। কিন্ত্ত জন্ম-মৃত্যুৰ মাজৰ ‘জীৱন’ বোলা সময়খিনি ৰৈ যায় আমৃত্যু। জীৱৰ বাবে হেনো জীৱনটোহে বেছি কষ্টকৰ। সেই কষ্টেৰে মই মোকাবিলা কৰিছিলোঁ। ‘মুকদ্দৰ কা ছিকন্দৰ’ হোৱাৰ সপোন মই তাহানিতেই দেখিছিলোঁ।

মাবিহীন মোৰ জীৱনৰ চোতালখন জোনবিহীন আকাশখনৰ দৰেই উকা আছিল। সেই চোতালৰে এচুকত আপুনি গজি উঠা কচুগছৰ থুৰিপাতটোৰ দৰে নুৰিয়াই থোৱা মোৰ জীৱনটো পূৰঠ হোৱাতহে পূৰাকৈ মেল খাইছিল। কিন্ত্ত তেতিয়াই চেতনাত ঠাই লৈছিল জীৱন সম্পৰ্কীয় নিৰ্মম সত্যটোৱে-জীৱনটো যে সেই কচুপাতখিলাত নাচি থকা পানীটোপালৰ দৰেই।
অথিৰ!
মোৰ মৃত্যুৰ খবৰটো মই পোৱাৰ আগতেই হয়তো হকাৰে পদূলিয়ে-পদূলিয়ে দলিয়াই দি আহিছিল। নিজে কঢ়িয়াই ফুৰা খবৰবোৰ হয়তো সি নিজেই নপঢ়িছিল। এৰা! অচিনাকি পঢ়ুৱৈৰ বাবে মই আছিলোঁ এটি খবৰৰ মাজৰ খবৰ। আখৰৰ মাজৰ আখৰবোৰৰ দৰেই। কিন্ত্ত মোৰ আপোনজনে কিদৰে লৈছিল মোৰ মৃত্যুৰ সংবাদটোক? চাকৰি প্ৰাৰ্থীৰ তালিকাত নিজৰ নছপা নামটো বিচাৰি বাৰে বাৰে পঢ়াকে পঢ়ি থকা খবৰটোৰ দৰে পঢ়িব পৰা খবৰ আছিল জানো সিটো? বাৰে বাৰে পঢ়িও হোৱাক নোহোৱা কৰিব পৰা খবৰেই বা আছিল জানো সিটো? কি কৰিছিল নয়নাই?আঠমহীয়া গৰ্ভৱতী মানুহজনীয়ে জানো পাৰিছিল হাউলিব? মোৰ মৃত্যুৰ খবৰ কঢ়িওৱা কাকতখন পাৰিছিল জানো নিজে বুটলিব? নে সন্মুখৰ বিল্ডিঙটোত জিমলৈ অহা ৰাহুলে আগবাঢ়ি আহি নয়নাৰ হাতত তুলি দিছিল মোৰ মৃত্যুৰ সংবাদ কঢ়িওৱা কাকতখন? দৃষ্টিৰে নিতৌ চুই চোৱা মানুহজনীক কাকতখন তুলি দিবৰ পৰত সি জানো এবাৰ চুই চোৱা নাছিল? কি কৰিছিল তেতিয়া নয়নাই? হাতখন জোৰকৈ আজুৰি আনিছিল নে লাজ লাজকৈ তলমুৱা হৈছিল?
মই নয়নাক প্ৰথম স্পৰ্শ কৰিবৰ দিনা কি কৰিছিল নয়নাই? লাজ কৰিছিল? ভয় কৰিছিল? নে নিৰ্লিপ্তভাৱে বিয়াৰ উপহাৰ বুটলাদি মৰমবোৰ আজলি পাতি লৈ পাছ মুহুৰ্ততে একাষৰীয়া কৰি থৈছিল! নয়নাই মৰমবোৰ বুকুত গুজি নল’লেও মইতো তাইক মৰম কৰিবলৈ নেৰিছিলোঁ।

নয়নাৰ চৌপাশে মোৰ মৰমৰ দ’ম বান্ধিছিল। কিন্ত্ত তাইৰ কণমানি বুকুখন জানো মোৰ মৰমে ভৰাব পাৰিছিল। হয়তো পৰা নাছিল!
নয়নাকতো মই বিয়া পতা নাছিলোঁ। মই তাইক জয় কৰিছিলোঁ মোৰ প্ৰতিপত্তিৰে। ৰাজপত্ৰিত বিষয়া হোৱাৰ সুবাদেৰে। নিজে গঢ়ি লোৱা সামাজিক স্হিতিৰে। প্ৰভাৱেৰে। কোৰোণাৰে ধন চপোৱা দুই নম্বৰী পথটোৰে মই উজুটি নোখোৱাকৈ দৌৰি ফুৰিছিলোঁ। ফলত কম দিনতে মই সৰু চহৰখনত চকুত পৰাকৈ ধনশালী লোক হৈ পৰিছিলোঁ।  ধন আৰু পদবীৰ বিজ্ঞাপন দি মই অনিন্দ্যসুন্দৰী নয়নাক মোৰ জীৱনত চপাই লৈছিলোঁ। পিছে নয়নাই মোক তাইৰ অন্তৰত চপাব পাৰিলে নে নাই, সেই কথা মই কেতিয়াও জানিবৰ চেষ্টা কৰা নাছিলোঁ। কিছুমান সত্যেৰে মুখা-মুখি হোৱাটো বৰ কষ্টকৰ। জানি-শুনিয়েই মই সত্যৰ সন্মুখীন নহ’লোঁ। তাৰ সলনি আলাউদ্দিনৰ জীণটো হৈ মই নয়নাক হুকুমমাফিক সুখৰ সামগ্ৰী যোগাই থাকিলোঁ।তাই হয়তো বস্তুবাদিতাৰ মাজতেই সুখী হোৱাৰ অজুহাত বিচাৰি ফুৰিছিল। আৰু মই তাইৰ সুখৰ মাজত আত্মসুখ বিচাৰি চাইছিলোঁ।

সঁচাকৈ নয়নাৰ সুখৰ বাবে মই ধোঁৱাৰ কুণ্ডলীৰে নিৰ্মিত পেটুৱা জীণ এটা হৈ পৰিছিলোঁ। ধনৰ বাবে সকলোৰে গোলামী কৰিছিলোঁ। টকা পালেই ‘যো হুকুম মেৰি আঁকা’ বুলি মূৰ দোৱাই উৰা মাৰিছিলোঁ। এই উৰণৰ শেষ নাছিল। ভোগৰ শেষ নথকাৰ দৰে। তৃপ্তিৰ পৰিধি নথকাৰ দৰে।
কিন্ত্ত হঠাৎ এদিন মোৰ উৰণবোৰ থমকি ৰ’ল। ক’ৰ পৰা জানো অইন এজাক অতৃপ্ত আত্মাই আহি মোক বেঢ়ি ধৰিলেহি। সিহঁতক হেনো তৃপ্তি নালাগে,মুক্তি লাগে। সিহঁতক হেনো নিজকীয়া দেশ এখন লাগে। কিন্ত্ত হাস্যকৰভাৱে দেশ স্বাধীন কৰিবলৈ সিহঁতে বিদেশতহে গোপন বাহৰ পাতে।জনতাৰ মুকুতিৰ বাবে সিহঁতে জনতাকেই পণবন্দী কৰে। ভৱিষ্যৎ প্ৰজন্মৰ বাবে এখন মুক্ত দেশ এৰি যাব বিচৰা আৰণ্যকসকলৰ বন্দুকে পিছে নিচিনে নতুন প্ৰজন্মৰ কুমলীয়া বুকুবোৰ। যদুবংশ ধ্বংস কৰাদি ধ্বংস কৰে সিহঁতে আপোন ভাতৃক। আপোনজনৰ তেজৰ ফাকুৰে খেলে সিহঁতে অস্তিত্ব ৰক্ষাৰ খেল।

বনৰীয়াৰ জাকটোৱে ক’লা কাপোৰেৰে দুচকু বান্ধি অচিন বাটেৰে লৈ যোৱা সময়খিনিত ময়ো দেখিছিলোঁ মুকুতিৰ সপোন। পিতায়ে দেহে-কেহে খাটি কৰা মাটি-ভেটি বিকি চাকৰিটো কিনাৰ দৰেই আততায়ীৰ হাতত টকা এজাপ গুজি দি মই কিনিব খুজিছিলোঁ মোৰ বন্ধকীত পৰা জীৱনটো।পিছে মুক্তিৰ দৰ-দাম চলি থকা সময়তে সিহঁতৰ কমাণ্ডাৰ-ইন-চীফে আদেশ দি পেলালে ‘মুক্তি নহয়, চিৰমুক্তি দিয়া হওক চৰকাৰৰ গোলাম কেইজনক।’

চৰকাৰৰ সন্মুখত সিহঁতৰ দাবী নৰজিল। সেইদেখি সিহঁতৰ সন্মুখত আমাৰ আকুতি নৰজিল।
জনহীন অৰণ্যখনৰ মাজেৰে ‘নিউ নিউ’ কৈ থকা ফেঁচাৰ কুৰুলি শুনি আগুৱাই গৈ থাকিলোঁ আমি। ঠিক যেন যোৱা নাছিলোঁ, আমাক নিয়া হৈছিল চোঁচৰাই এন্ধাৰ বাটেৰে। সেই মুহূৰ্ত্তত সিহঁতক আমাৰ চিষ্টেমটোৰ দৰেই লাগিছিল। আমি সিহঁতৰ অনুগত হৈ পৰিছিলোঁ।
সিহঁতে ৰ’বলৈ ক’লে আমি ৰৈছিলোঁ। আঁঠু কাঢ়িবলৈ ক’লে আঁঠু কাঢ়ি দিছিলোঁ। হাত দাঙিবলৈ ক’লে দাঙিছিলোঁ হাত। তাৰপিছত চলি গৈছিল ধাঁই ধাঁইকৈ কেইবাজাঁইও গুলী আৰু হেৰাই গৈছিল নিউ নিউ কৰা কাল ফেঁচাটোৰ মাত।
বাৰুদ বাৰুদ গোন্ধবোৰ বুকুত গুজি তেজৰ সুঁতিত লুটি খাই পৰি আছিল একো একোটা ঠেং নোহোৱা জীণ। গুলী সোধাবৰ পৰত সোধা নাছিল আৰণ্যকসকলে জীণকেইটাৰ অন্তিম ইচ্ছা। নুসুধিবৰে কথা। জীণৰো থাকে জানো কিবা নিজকীয়া আশা? পুৰণি চাকিটোৰ পৰা মুকুতি পালেই জীণ গোলাম হৈ পৰে গৰাকীৰ। গোলাম হৈ পৰিছিলোঁ মই। চিষ্টেমৰ? নয়নাৰ? না,নয়না মাত্ৰ এটা বাহানাৰ নাম। মই নয়নাৰ নামত চিকন্দৰ হ’ব বিচৰা সপোনটো পূৰণ কৰিছিলোঁ। অভাৱী জীৱনটোক ধাঁই ধাঁইকৈ গুলী মাৰি উৰুৱাই দিছিলোঁ। ক্ষত-বিক্ষত হৈ পৰা অভাৱ নামৰ দৈত্যটোৰ সুৰুঙাবোৰত টকাৰ নুৰাবোৰ গুজি দিছিলোঁ। দেশ-সংবিধান, আইন-কানুন, চৰকাৰ-ব্যৱস্হা সকলোকে চেপেটা টকা সজাই জেপত লৈ ফুৰিছিলোঁ।টকাৰ সন্মোহিনীয়ে ধৰিছিল মোক।

বন্দুকধাৰীকেইজনৰ হাতত বন্দী হ’বৰ দিনাহে মোৰ নিচা ফাটিছিল। সেইদিনা নয়নালৈ মোৰ বৰকৈ মনত পৰিছিল। পিতাইৰ কথা মনত পৰাত বুকুখনে হম হম কৰিছিল। আৰু মা? মোক জন্ম দিবলৈ গৈ নিজে তেজৰ নৈত উটি যোৱা মোৰ মা? মাক সিদিনা ভাল হস্পিতাল এখনলৈ নিয়া হ’লে! শেঁতা দেহাটোত কেইইউনিটমান তেজ দিব পৰা হ’লে…! সজ স্বামীৰ শেঁতা পৰা পত্নী হৈ নীৰৱে আঁতৰি যোৱা মালৈ মোৰ খং উঠিছিল। তেওঁ নয়নাৰ দৰে অলপ অসন্ত্তষ্ট হোৱা হ’লে! নয়নাক মই শেঁতা পৰিবলৈ দিয়া নাই। তেজৰ নৈত উটি যাব নোৱাৰাকৈ মই বান্ধি ৰাখিছোঁ নয়নাক।মৰমেৰে।
কিন্ত্ত কিমান পৰলৈ?
বুকুৰে তেজৰ সোঁত বৈ থকা পেটুৱা শ’বোৰৰ মাজৰ পৰা মই কেনেবাকৈ উঠি আহিছিলোঁ। জনহীন অৰণ্যখনৰ ডালে-পাতে মই বগাই ফুৰিছিলোঁ।গিৰিপ্ গিৰিপ্ খোজ কেতবোৰ আহি গছজোপাৰ তলত থমকিছিল। সিহঁতৰ আঙুলিৰ পাবৰ পৰা বাৰে বাৰে হিচাপ এটা সুলকি পৰিছিল।
‘এটা বডি কম আছে।’
সিহঁতৰ বাবে মই এটা ‘মিছিং বডি’ আছিলোঁ। কিন্ত্ত মোৰ বাবে মই তেতিয়াও নয়নাৰ অপূৰ্ণ আশা পূৰণৰ তাবিচ বুকুত ওলমাই ফুৰা এটা ধোঁৱাকৃত জীণ আছিলোঁ।
পুৱা বডিকেইটা তুলি নিবৰ পৰত সংগঠনৰ সদস্য এজনে খবৰ কাকত এখন তাতেই পেলাই গৈছিল। কানিমুনি পোহৰতো মণিব পৰাকৈ মৃতকৰ ঘৰত মোৰ ছৱিখন জিলিকি আছিল। মাথোন মণিব নোৱাৰা সৰু সৰু আখৰবোৰৰ মাজত মই এটি অতীত হৈ হেৰাই গৈছিলোঁ।
বডীকেইটা বুজি পোৱাৰ আগতেই খবৰৰ প্ৰতিযোগিতাত নামি পৰিছিল সংবাদকৰ্মীসকল। টি আৰ পিৰ দৌৰত পাহৰি গৈছিল সিহঁতে মৃত্যুৰ কিৰিলীৰ মাজত থাকিব পৰা জীৱনৰ সম্ভাৱনাৰ কথা। অৱশিষ্ট উশাহকেইটালৈ কাৰো ৰ’বৰ সময় নাছিল!
প্ৰচণ্ড ঘৃণাত কাকতখন দলিয়াই পেলাই ওলমি ৰ’লোঁ মই প্ৰকাণ্ড ডাল এটাত। গণতন্ত্ৰৰ ঘূণে খোৱা খুঁটাকেইটালৈ মনে মনে সমবেদনা জনালোঁ।ব্যৱস্হাটো কোনেও অকলে বগৰাব নোৱাৰে। হাতে হাত ধৰি সকলোৱে উঠি পৰি লাগিব লাগিব। আমি যিদৰে চিষ্টেমৰ পৰা সৰি পৰা একোটা পেটুৱা জীণ হৈ পৰিছিলোঁ, তেনেকৈয়ে বন্দুকধাৰী,কলমধাৰী সকলোৱে সময়ে সময়ে ক’ব পাৰিব লাগিব,’যো হুকুম মেৰি আকা!’ নহ’লে বিয়াগোম নেতাই অকলে কিদৰে গঢ়িব আকাংক্ষিত চিষ্টেমটো! কিদৰে ক’ম আমি, ‘কাকনো বুলিম ককা,সকলোৰে দাড়ি-চুলি পকা।’
আ…স…। বিষবোৰ কলিজালৈ উজাই আহিছে। বুকুৰে সৰকি যোৱা গুলীটো যেন চেতনাৰ সৰ্বত্ৰে বগাই ফুৰিছে।
কিন্তু ভাবনাৰ শেষ বিন্দুলৈ ভাবি থাকিলোঁ মই।
পূবৰ আকাশত পুৱাৰ ৰং চৰিছে। নয়নাই এতিয়া নিশ্চয় শোৱাপাটী এৰিছে। মোৰ মৃত্যুৰ সংবাদ কঢ়িওৱা কাকতখন হয়তো তাই নিজে বুটলিছে! কি হ’ব তাইৰ মোৰ মৃত্যুৰ সংবাদ নিজ চকুৰে দেখা পালে? নিজক চম্ভালিব নোৱাৰিলে কিদৰে বচাব তাই গৰ্ভস্হ সন্তানটিক? কিদৰে বচাব তাই নিজক? মোৰ অতদিনৰ চৰ্যা নাযাব জানো অথলে?
পোহৰবোৰ বাঢ়ি অহাত মোৰ চৌপাশে বাঢ়ি আহিছিল গিৰিপ্ গিৰিপ্ শব্দবোৰ। প্ৰতিষ্ঠিত সংবাদগোষ্ঠীসমূহৰ পৰা হেঁচা আহিছে। যেনে তেনে হিচাপ মিলাব লাগে। চাৰ্কুলেট হোৱা খবৰবোৰ বন্দুকৰ পৰা এৰা গুলীৰ নিচিনা। লোকাৰণ্যত বিয়পি পৰা খবৰবোৰ ঘূৰাই আনিব নোৱাৰি। কিন্ত্ত বন্দুকৰ আৰু দুটা গুলী জনহীন অৰণ্যৰ মাজত এৰি দিব পাৰি।
হঠাৎ বেতাল হৈ ওলমি থকা মইজনক দেখা পাই পিঠিত কঢ়িয়াই নিলে কোনোবা বিক্ৰমে।
এইবাৰ ভুল নকৰে সিহঁতে।
কেইবাটাও বন্দুক সাজু হৈ উঠিল মোক লক্ষ্য কৰি। হাত,ভৰি,মূৰ,বুকু,পিঠি সকলো থকা-সৰকা কৰিবলৈ মূৰ টঙাই থিয় হৈ ৰ’ল এদল বনৰীয়া আত্মা।
মোৰ সময় শেষ হৈ আহিছিল। কিন্তু চকুমুদাৰ আগতে এবাৰ জানিবৰ মন গৈছিল।
‘কেনে আছে নয়না মোৰ মৃত্যুৰ বাতৰি পাই?’
‘শেষ ইচ্ছা?’ যুৱক এজনে হঠাৎ মোলৈ দয়া দেখুৱালে। হয়তো সিহঁতেও বুজিছিল আশা নেৰালৈকে লিকটা জীৱই নেৰিব দেহা।
মই মোৰ অৱশিষ্ট শক্তিখিনি একগোট কৰিলোঁ।
‘নয়না।’ মুমূৰ্ষু কলিজাৰ পৰা সৰি পৰিল এটি মাত্ৰ শব্দ।
মোৰ হাত দুখন জৰীৰে কটকটীয়াকৈ বান্ধি সিহঁতৰ মাজৰ এজনে মোবাইলৰ নিউজ পৰ্টেলত নয়নাক লাইভ দেখুৱালে।
কান্দিছে তাই। বিয়াৰ ৰাতি মাকৰ ঘৰৰ পৰা বিদায় ল’বৰ বেলিকাও এনেদৰেই কান্দিছিল তাই। কান্দি কান্দি বাউলি হৈ পৰা নয়নাক এখন বলিষ্ঠ বাহুৱে সাৱটি ধৰিছে। তাইৰ দুগালেৰে নৈ হৈ বৈ অহা চকুলোবোৰ সি আলফুলকৈ মচি দিছে। তাইৰ হাতদুখনত খামোচ মাৰি ধৰি সি বাৰে বাৰে সান্ত্বনা দিবৰ চেষ্টা কৰিছে। তাই ক্ষান্ত হোৱা নাই। কিন্ত্ত বলিষ্ঠ হাতখন তাই গাৰ জোৰে আঁতৰাইও অনা নাই। তাইৰ লিহিৰি আঙুলিকেইটা সোমাই ৰৈছে বলিষ্ঠ হাতখনৰ মুঠিত।
‘ৰাহুল!’ মই হাতখন চিনি পালোঁ।
মই আৰু কিবা কোৱাৰ আগতে মোবাইলটো যুৱকজনে টান মাৰি আজুৰি নিলে।
তাৰপিছত…।
এটি কৰ্কশ কমাণ্ড।
আকাশ কঁপাই যোৱা মৃত্যুৰ আদেশ।
‘ফায়াৰ।’
মই চকু মুদি দিছিলোঁ।
মোৰ চেতনাশ্ৰোতবোৰ ক্ৰমে মিলি যাব ধৰিছিল বিশাল চৰাচৰত। শৰীৰী ভাৰবোৰ কমি কমি ক্ৰমাৎ শূন্য হৈ আহিছিল। ইটো আৰু সিটো পাৰৰ মাজত আছিল মাত্ৰ এটি লহমাৰ দূৰত্ব।
শেষবাৰৰ বাবে অৰণ্যৰ মায়াত মই কঁপি উঠিছিলোঁ। চেতনাৰ অন্তিম বিন্দুলৈকে অৰণ্যখন মই বুকুত ধাৰণ কৰিছিলোঁ।
মা আৰু পিতাই ৰৈ আছিল মোলৈ অৰণ্যৰ সিটো পাৰে। মই দেখা অৰণ্যখন শেষ হৈছিল মা আৰু পিতাইৰ বুকুত। তেওঁলোকৰ প্ৰসাৰিত হাতদুখন সোণৰ জৰী হৈ নামি আহি মেৰাই ধৰিছিল মোক। মই সাজু হৈছিলোঁ সিটো পাৰৰ বাবে। তেওঁলোকৰ সুদা হাতদুখনে ভৰাই পেলাইছিল মোক। মই সাজু হৈছিলোঁ ভৰাই তুলিবলৈ দুজন শূন্য মানুহক।

Leave a Reply

Your email address will not be published. Required fields are marked *