অৰণ্যৰ বিষাদগাঁথা (ৰাহুল শ্যাম)
এটি পথৰুৱা সপোনৰ আঁত ধৰি পালোগৈ
এৰাসূঁতিৰ জাৰণিখন;
য’ত আছিল এখনি নৈৰ ইতিহাস।
নৈ বৈ যায়,
নিৰবধি।
নিতাল নিশাৰ অৰণ্যখনত বিষাদৰ সুৰ তুলিছে
বাৰিষাৰ ঢল উঠা গাভৰু নৈখনে…
লুংলুঙীয়া এটি বাটেৰে আগবাঢ়ি গৈছে
পিশাচবোৰ।
‘পাইন’ আৰু ‘চাইপ্ৰেছ’বোৰ কঁপিব ধৰিছে –
বতাহত নহয় যেন অজান আতঙ্কত!
বটগছৰ অপদেৱতাই পঢ়িছে প্ৰাচীন শিলালিপি,
হঠাৎ এক আৰ্তনাদ…
ক্ৰমশঃ
বাঢ়ি আহিছে কবৰৰ সংখ্যা;
সিহঁতৰ চিঞৰ যে আমাৰ বিলাসৰ অবাঞ্ছিত শব্দ
বৰষুণজাকে ধুৱাই নিয়ে
তেজেৰে ৰাঙলী হোৱা অৰণ্যভূমি;
হৰিণাৰ মঙহেই যে বৈৰী
কি বিষাক্ত সিহঁতৰ লোলুপ দৃষ্টি,
কাৰোবাৰ আত্মৰক্ষাৰ খৰ্গটোৱে সিহঁতৰ
মাতাল অভিপ্সা।
আন্ধাৰ এখন আকাশ উচুপি উঠিছিল,
গজালি মেলা বৰ্ষাবিদ্ধ সপোনটোলৈ চাই;
বিষাদবোৰ যেন নিশাৰ প্ৰহৰী,
আঁউসীলৈ বাট চাই
আৰু
বৰষুণ হৈ সৰে
শেলাই ধৰা মনত,
আন্ধাৰত হেৰাই যায় অৰণ্যৰ বিষাদগাঁথা…