বিবিধ চিন্তা

ওচমান আলি সদাগৰক মনত পেলাও আহক-(-মছদ্দৰ হুছেইন)

(১)

১৯৪৮ চনৰ ২৮ এপ্ৰিলত ওচমান আলি সদাগৰৰ মৃত্যু হৈছিল। ওচমান আলি সদাগৰক খুব কম মানুহেহে আজি মনত ৰাখিছে। বৃটিছৰ ৰাজত্বৰ সময়ত অসমলৈ আহি অসমৰ মাটি-পানী-বায়ুক আঁকোৱালী অসমীয়া হৈ পৰা, নিজ জনগোষ্ঠীৰ আনসকলকো অসমীয়া জাতিত সংমিশ্ৰিত হোৱাৰ কাঠামো তৈয়াৰ কৰা এগৰাকী সামাজ-অভিযন্তা ওচমান আলি সদাগৰক বাদ দি অসমীয়া জাতিৰ ইতিহাস চৰ্চা আধৰুৱা হৈ ৰ’ব।

বৃটিছৰ আমোলত পূৰ্ব বঙ্গৰ পৰা অসমলৈ প্ৰব্ৰজনৰ সময়ত তাৰ সাধাৰণ মুছলমান খেতিয়কসকল সুদীৰ্ঘকালৰ সামন্ততান্ত্ৰিক শাসনত গা কৰি উঠা দেৱানী আৰু মোল্লাতন্ত্ৰৰ তলত অতি-দাৰিদ্ৰতা আৰু নিৰক্ষৰতাত নিমজ্জিত হৈ আছিল। ফলত ঊনৈশ শতিকাৰ বাঙালি নৱজাগৰণৰ ঢৌ আৰু ১৯০৫ৰ বঙ্গ বিভাজনৰ বিৰোধীতাৰ প্ৰৱল জাতীয় আন্দোলনে এই লোকসকলক স্পৰ্শ কৰিব পৰা নাছিল। বঙ্গৰ বাঙালি হিন্দুসকলৰ দৰে শক্তিশালী শিক্ষিত মধ্যবিত্ত শ্ৰেণী এটা তেওঁলোকৰ মাজত গঢ় লৈ উঠা নাছিল। সেয়ে প্ৰব্ৰজন কৰি অসমত স্থায়ীভাৱে থাকিবলৈ লোৱাৰ পিছত অসমীয়া শিক্ষিতৰ প্ৰথম আহবানতে সঁহাৰি জনাই নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ আগবাঢ়ি অহাত কোনো ধৰণৰ মানসিক দ্বন্দৰ সন্মূখীন হ’বলগীয়া হোৱা নাছিল এই পুৰ্ববঙ্গীয় মুছলমান কৃষিজীৱী লোকসকল।

১৮৫৬ চনৰ ১৯ মে’ত অবিভক্ত বঙ্গৰ মৈমনসিংহ জিলাৰ ৰামেৰ কান্দি গাঁৱত জন্ম ওচমান আলিৰ। পিতৃ মহম্মদ দৌলৎ আলী শ্বেখ আৰু মাতৃ মুলুকজান বিবি। গৰাখহনীয়াত খেতিমাটি হেৰুৱাই ডেকা ওচমান আলিয়ে জীৱিকাৰ সন্ধানত যেনি-তেনি ঘূৰি ফুৰিছিল। ষ্টীমাৰত উঠি অসমলৈ আহি ধুবুৰী, গোৱালপাৰাৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চল অনাবাদী হৈ পৰি থকা দেখিলে। ষ্টীমাৰৰ ভাড়া বেছি বাবে পৰৱৰ্তী সময়ত এজন মোমায়েকৰ লগত পুনৰ অসমলৈ আহে। মোমায়েকজন ডিব্ৰুগড়মুখী বাণিজ্যিক নাৱৰ আৰিকাটি (ডাঙৰ নাৱৰ সমূখত থাকি পানীৰ গভীৰতা জোখা কৰ্মচাৰী) আছিল। মোমায়েকৰ লগত নাৱত আহি গোৱালপাৰা জিলাৰ চৰত নামে আৰু তাত থকা গৰু-মহৰ খুটিৰ নেপালী মালিকৰ লগত কথা পাতি তেওঁলোকৰ লগত কিছুদিন থাকে। নাও পুনৰ বঙ্গদেশলৈ উভতি যোৱাৰ সময়ত মোমায়েকে আকৌ ওচমান আলিক উঠাই লৈ যায়। নেপালী গোপালকসকলৰ পৰামৰ্শ পালন কৰি পাছৰবাৰ মাহ, সৰিয়হ, চাউল, দালি আদিৰ বীজ লৈ আহি অনাবাদী মাটিত চতিয়াই থৈ যায়। পাছৰ বাৰ পুনৰ আহোতে দেখে যে যথেষ্ট পৰিমানে খাদ্য-শস্য উৎপন্ন হৈছে; গৰু-মহ আদিয়ে খোৱাৰ পিছতো বহু পৰিমাণে শস্য ৰৈ গৈছে। সেইবাৰ উভতি গৈ পাছৰবাৰ খেতি কৰাৰ পূৰ্ণ প্ৰস্তুতিৰে আহে আৰু চৰৰ মাটি মুকলি কৰি খেতি কৰে। অসমৰ চৰৰ অনাবাদী মাটিয়ে ওচমান আলীৰ ভাগ্যলিপি সলনি কৰি দিলে। প্ৰথমতে গাঁৱৰ পৰা আহি খেতি কৰি শস্য চপাই উভতি গৈছিল। পাচলৈ স্থায়ীভাৱে থাকি খেতি কৰিবলৈ লয়। ১৮৮৫ চনত ওচমান আলিয়ে পিতৃ আৰু পৰিয়ালসহ নগাঁৱলৈ আহি জুৰীয়াৰ ওচৰৰ আলিটাঙনিত স্থায়ীভাৱে থাকিবলৈ লয়। ওচমান আলিৰ এজন খুড়াক ৱলিউল্লা শ্বেখ বহু আগতেই আহি দৰং জিলাত বাস কৰিছিল। এইজন খুড়াকৰ লগতো ওচমান আলি বহুদিন আছিল।ৱলিউল্লা শ্বেখে ১৮৯৪ চনৰ পথৰুঘাটৰ ৰণত অংশগ্ৰহণ কৰি ছহিদৰ মৃত্যু বৰণ কৰিছিল। পথৰুঘাটৰ ছহিদ স্তম্ভত এই গৰাকী ছহিদৰ নাম বলি শ্বেখ  বুলি উল্লেখিত হৈছে। ৱলিউল্লা শ্বেখৰ এজন পুত্ৰ মফিজ উল্লাৰ ভৰিতো গুলি লাগিছিল। পিতৃ ছহিদ হোৱাৰ পিছত পুত্ৰই মনৰ বেজাৰত দৰং জিলা ত্যাগ কৰে আৰু নগাঁৱলৈ উঠি যায়।

অসমত স্থানীয় মানুহৰ লগত সম্পৰ্ক গঢ় লৈ উঠাৰ পিছত ওচমান আলিৰ মনৰ দিগন্ত প্ৰসাৰিত হ’ল, ধৰ্মৰ ক্ষেত্ৰত উদাৰ দৃষ্টিভঙ্গী গঢ় লৈ উঠিল, শিক্ষাৰ প্ৰতি আগ্ৰহে জন্মিল। নিজে নিৰক্ষৰ ওচমান আলীৰ অসমীয়া মানুহৰ বিদ্যা শিক্ষাৰ প্ৰতি থকা ধাউতি দেখি শীঘ্ৰে বুজি উঠিছিল যে স্থানীয় লোকৰ লগত মিলাপ্ৰীতিৰে বাস কৰা আৰু শিক্ষাৰ অবিহনে কেৱল ধন-সম্পত্তি, টকা-পইচাৰে তেওঁৰ পৰিয়াল আৰু তেওঁৰ জনগোষ্ঠীটো কেতিয়াও আগবাঢ়িব নোৱাৰে। ওচমান আলীয়ে আৰু বুজি পালে যে জনগোষ্ঠীটোৰ ল’ৰাবোৰেই নহয়, ছোৱালীবোৰো শিক্ষিত হ’ব লাগিব। সেয়ে শিক্ষাৰ প্ৰসাৰৰ প্ৰতি উৎসাহিত হৈ পৰিল।

(২)

ওচমান আলী সদাগৰে ১৯০২ চনত আলিটাঙনিত নিজ ভূমিত এখন মোক্তাৱ আৰম্ভ কৰে। এইখন আছিল চৰত স্থাপন কৰা দ্বিতীয়খন অসমীয়া মাধ্যমৰ বিদ্যালয়। মোক্তাৱখনত ইচলাম ধৰ্মৰ শিক্ষা প্ৰদানৰ বাবে নোৱাখালী, ঢাকা, চট্টগ্ৰামৰ পৰা মৌলবী অনাৰ লগতে ওচমান আলি সদাগৰে অসমীয়া ভাষা শিক্ষা প্ৰদানৰ বাবে বৰদোৱাৰ সত্ৰাধিকাৰ মহেশ চন্দ্ৰ মহন্তক অনুৰোধ কৰে। সত্ৰাধিকাৰ গৰাকীয়েও ওচমান আলিৰ অনুৰোধ আদৰেৰে গ্ৰহণ কৰে। ১৯১০ চনত ২৬৫ নং এল পি স্কুল ৰূপে ই চৰকাৰী স্বীকৃতি লাভ কৰে। সেই সময়ত স্কুলখনক বঙালী মাধ্যমলৈ ৰূপান্তৰিত কৰাৰ বাবে ওচমান আলি সদাগৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা হৈছিল, কিন্তু সদাগৰ সন্মত নহ’ল (‘যুগ সন্ধিত অসমৰ মুছলমান’ –ৰেজাউল কৰিম, পৃ: ১৫৬)। অসমীয়া মাধ্যমৰ এই বিদ্যালয়খন বিগত এশ বছৰো অধিক কাল অঞ্চলটোৰ শিক্ষাৰ প্ৰসাৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। আলিটাঙনিৰ পূৰ্বে ১৮৯৮ চনত হোছেইন আলি সৰকাৰে মৈৰাবাৰীত এখন অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰাৰ তথ্য পোৱা যায়।

মোক্তাৱখনৰ পিছত ১৯২৪ -ত ওচমান আলিয়ে আলিটাঙনিত এখন মজলীয়া বিদ্যালয় স্থাপন কৰে। ১৯২৮ চনত ওচমানীয়া হাইস্কুল স্থাপন কৰে। ১৯৩৭ চনত হাইস্কুলখনে চৰকাৰী স্বীকৃতি লাভ কৰে। দেৱেশ্বৰ শৰ্মা শিক্ষামন্ত্ৰী হৈ থকা সময়ত স্কুলখনলৈ ৮০ টকাৰ এককালীন সাহায্য আগবঢায়। স্কুল পৰিদৰ্শক শৰৎ চন্দ্ৰ গোস্বামীয়ে ওচমানীয়া হাইস্কুলক কলকতা বিশ্ববিদ্যালয়ৰ পৰা এফিলিয়েছন লাভ কৰাত সহায় কৰে। পাচত, ১৯৮৫ চনৰ পৰা ই উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয়। নাৰী শিক্ষাৰ প্ৰতিও ওচমান আলি সচেতন আছিল। ১৯৪০ চনত নিজা মাটিত বালিকা মোক্তাৱ স্থাপন কৰে আৰু ঘৰৰ বোৱাৰী ৰমিছা খাতুনক মোক্তাৱ পৰিচালনা আৰু শিক্ষাদানৰ কামত নিয়োজিত কৰে।

অসমীয়া জাতি আৰু ভাষাৰ এক বিশেষ সন্ধিক্ষণত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত ‘আসাম সাহিত্য সভা’ৰ প্ৰথম ‘সন্মিলন’ হৈছিল ১৯১৭ চনত শিৱসাগৰত। ডাক্তৰ হৰেকৃষ্ণ দাসে আগবঢ়োৱা দহ টকাৰ বৰঙনিৰে সাহিত্য সভাৰ শুভাৰম্ভ হৈছিল। ওচমান আলী সদাগৰে সাহিত্য সভাৰ সন্মিলনখনলৈ দহ টকাৰ বৰঙনি আগবঢ়ায়। ১৯১৭ চনত ডা: হৰেকৃষ্ণ দাস আৰু ওচমান আলি সদাগৰে আগবঢ়োৱা দহ টকা বৰঙনিৰ মূল্য আজি হয়তো অনুমান কৰা কঠিন হ’ব। ১৯১৪ চনত এজন প্ৰাথমিক স্কুলৰ শিক্ষকৰ দৰমহা ৮ টকালৈ বৃদ্ধি হৈছিল। ডাঙৰ প্ৰাথমিক স্কুলৰ প্ৰধান শিক্ষকৰ দৰমহা ২০ টকা, দ্বিতীয় শিক্ষকৰ ১৫ টকা আৰু তৃতীয় শিক্ষকৰ দৰমহা ১০ টকা আছিল। সদৰৰ ডাকঘৰৰ কেৰাণী আৰু পোষ্টমাষ্টাৰসকলে চাকৰিত যোগদানৰ সময়ত ২০ টকা দৰমহা পাইছিল(মানিক চন্দ্ৰ বৰুৱা –নীলমণি সেনডেকা, পৃ ১৬২, ২১২)। অধ্যাপক আব্দুল মান্নানৰ ‘অনুপ্ৰৱেশ: অসম আন্দোলনৰ আদি কথা’ গ্ৰন্থত ওচমান আলীৰ দহ টকাৰ মূল্য সম্পৰ্কে লিখিছে’ “দহ টকাৰে তেতিয়া দহ বিঘা মাটি কিনিছিল”।

১৯২৬ চনৰ ২৭-৩০ ডিচেম্বৰত নগাঁৱত অনুষ্ঠিত অসমীয়া সাহিত্য, সঙ্গীত আৰু মহিলা সন্মিলনৰ চাৰিদিনীয়া সন্মিলনত ওচমান আলি সদাগৰে অসমীয়া আৰু প্ৰব্ৰজিতসকলৰ মাজত ঐক্য গঢ়ি তোলাৰ হকে এক দীঘলীয়া বক্তব্য আগবঢ়াইছিল। সেইসময়ত প্ৰচলিত লাইন প্ৰথাই অসমীয়া মানুহৰ লগত বঙ্গমূলীয়সকলৰ মিলামিছাত বাধাৰ সৃষ্টি কৰা বুলি অনুভৱ কৰি ওচমান আলি সদাগৰে লাইন প্ৰথাৰ বিৰোধিতা কৰিছিল।

ওচমান আলি সদাগৰৰ সামাজিক অৱদান আছিল অসামান্য। ১৯৪২ চনত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত নগাঁৱৰ কাৰাগাৰত কয়েদীৰ বাবে খাদ্যৰ নাটনি হোৱাত ইংৰাজ জিলাধিপতিগৰাকীয়ে ওচমান আলিক খাদ্যৰ বাবে অনুৰোধ কৰে। জিলাধিপতিৰ অনুৰোধ ৰক্ষা কৰি ওচমান আলীয়ে চাউল, দালি, মাহ বস্তাত ভৰাই গৰু গাড়ীৰে উপায়ুক্তৰ বাসভৱনলৈ পঠিয়াই দিয়ে। আলিটাঙনিৰ পৰা জিলা উপায়ুক্তৰ বাংলোলৈ সাত মাইল জোৰা পথ খাদ্য কঢ়িওৱা গাড়ীৰে হেনো ভৰি পৰিছিল। ওচমান আলি নগাঁও লোকেল বৰ্ডৰ সদস্যও নিৰ্বাচিত হৈছিল। কিন্তু কংগ্ৰেছৰ আহবানত দুৰ্ভিক্ষ পীড়িতক সহায় কৰা বাবে সেই একেজন ইংৰাজ জিলাধিপতিৰ ৰোষত পৰে আৰু লোকেল বৰ্ডৰ সদস্যপদ হেৰুৱাবলগীয়া হয়।

(৩)

ওচমান আলি সদাগৰে অসম আৰু অসমীয়াৰ প্ৰতি অন্যতম বৃহৎ অৱদান আগবঢ়াইছিল ৰাজনীতিকৰ ৰূপত। ১৯৩৭ চনৰ অসম বিধান সভাৰ প্ৰথমটো নিৰ্বাচনত অংশগ্ৰহণ কৰি বিধায়ক নিৰ্বাচিত হৈছিল। অত্যন্ত জটিল আছিল অসমৰ ৰাজনীতিৰ সেই সময়ছোৱা। বিধান সভাৰ ১০৮ খন আসনৰ বিপৰীতে সৰ্বাধিক আসন লাভ কৰা কংগ্ৰেছৰ বিধায়কৰ সংখ্যা আছিল ৩৩ জন। নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব নোৱাৰিলে চৰকাৰ গঠন নকৰাৰ সৰ্বভাৰতীয় নীতি অনুসৰি কংগ্ৰেছে অসমত চৰকাৰ গঠন নকৰিলে। সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি ইউৰোপীয় চাহ খেতিয়কসকলৰ সমৰ্থনত মহম্মদ ছাদুল্লাই চৰকাৰ গঠন কৰিবলৈ আগবঢ়ি আহিল। মহম্মদ ছাদুল্লাই বিধান সভাত সংখ্যালঘিষ্ঠ হৈয়ো চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। মহম্মদ ছাদুল্লা বিধান সভালৈ নিৰ্বাচিত হৈছিল অসম উপত্যকা মুচলিম পাৰ্টিৰ পৰা। সুদীৰ্ঘ দিনৰ পৰা ৰাজনীতিৰ লগত জড়িত হৈ অহা, ‘অসম ব্যৱস্থাপক সভা’ৰ আৰম্ভণিৰে পৰা সদস্য হিচাপে ৰাজনীতি আৰু প্ৰশাসন উভয়তে অভিজ্ঞ ছাদুল্লাই মন্ত্ৰীসভা গঠনত সমৰ্থন লাভ কৰিছিল সুৰমা উপত্যকা মুচলিম পাৰ্টি, মুচলিম প্ৰজা পাৰ্টি, মুচলিম লীগ, ইংৰাজ আৰু অনুসূচীত জাতি-জনজাতিৰ প্ৰতিনিধি আৰু তৰুণৰাম ফুকন নেতৃত্বাধীন মিলিত নিৰ্দলীয় গোটৰ।

সংখ্যাগৰিষ্ঠতা নথকা বাবে অসমত চৰকাৰ গঠন নকৰাৰ কংগ্ৰেছৰ সিদ্ধান্ত যে ভুল আছিল সেয়া কিছুদিনৰ ভিতৰতে প্ৰমাণিত হৈছিল। বিধান সভাৰ অধিৱেশনৰ প্ৰথম দিনাই কংগ্ৰেছৰ অমিয় কুমাৰ দাসে চাদুল্লা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল। সিদিনা কেৱল অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচনৰ কাৰ্যসূচী থকাৰ যুক্তি দি নৱনিৰ্বাচিত অধ্যক্ষ বসন্ত দাসে অমিয় কুমাৰ দাসৰ প্ৰস্তাৱ নামঞ্জুৰ কৰিছিল (Muslims in Assam Politics, M Kar পৃ ২১১)। কিন্তু অধ্যক্ষ আৰু উপাধ্যক্ষ উভয়ৰে নিৰ্বাচনত দেখা গ’ল যে কংগ্ৰেছ আৰু কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীয়ে দুয়োখন আসন লাভ কৰিছে। গোৱালপাৰাৰ আমিৰুদ্দিন, নগাঁৱৰ ওচমান আলি সদাগৰৰ নেতৃত্বত চৰৰ পৰা অহা পাঁচগৰাকী মুছলমান বিধায়কে মুচলিম লীগ চৰকাৰক সমৰ্থন নকৰি এটা সুকীয়া গোট গঠন কৰে আৰু কংগ্ৰেছৰ লগত জোট বান্ধি কাম কৰে। দেৱেশ্বৰ শৰ্মাই লিখিছে, “এই দলৰ চৰুৱা মুছলমানৰ পাঁচজনীয়া গোটৰ সমৰ্থন কংগ্ৰেছৰ পক্ষে তেতিয়া বৰ আৱশ্যকীয় হৈছিল।(‘হেৰাই যোৱা দিনবোৰ’ –দেৱেশ্বৰ শৰ্মা পৃ ১৯২ তৃতীয় সংস্কৰণ)। অধ্যক্ষ পদৰ বাবে ফখৰুদ্দিন আলী আহমেদৰ নামো প্ৰস্তাৱ কৰা হৈছিল আৰু প্ৰস্তাৱৰ সমৰ্থক আছিল ওচমান আলী সদাগৰ। ফখৰুদ্দিন আলী আহমেদকে ধৰি প্ৰায়সকল প্ৰাৰ্থীয়ে নাম প্ৰত্যাহৰ কৰাত বসন্ত দাস আৰু কেৰামত আলীৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দিতা হয় আৰু বসন্ত দাস মাত্ৰ পাঁচটা ভোটত জয়ী হয়। ওচমান আলি সদাগৰ আৰু আন চাৰি গৰাকী নিৰ্দলীয়ই গঠন কৰা চৰুৱা গোটে মুছলমান কেৰামত আলীৰ বিপৰীতে বসন্ত দাসক সমৰ্থন কৰা বাবে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়ী হ’বলৈ সক্ষম হয়। চাদুল্লাই জোৰাতাপলি মৰা চৰকাৰ এখনৰ নেতৃত্ব দিব লগীয়া হৈছিল। ১৯৩৭ চনৰ প্ৰথম অধিৱেশনত ১২ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে বিশদিনৰ ভিতৰত ছাদুল্লা চৰকাৰ ১১ বাৰ বিৰোধীৰ হাতত পৰাস্ত হ’ব লগীয়া হৈছিল। ক্ষমতাৰ লেকামডাল ইউৰোপীয় চাহ খেতিয়ক আৰু তেওঁলোকৰ সহযোগী শক্তিৰ হাতত আছিল (প্লেণ্টাৰ্ছ ৰাজ টু স্বৰাজ, অমলেন্দু গুহ)।

১৯৩৮ চনত গোপীনাথ বৰদলৈয়ে চৰকাৰ গঠন কৰাৰ সময়তো ওচমান আলি সদাগৰকে ধৰি চাৰিজন চৰুৱা নিৰ্দলীয় বিধয়কৰ সমৰ্থন লাভ কৰিছিল। বাস্তৱ পৰিস্থিতি অনুসৰি ৰাজ্য ভেদে সুকীয়া সিদ্ধান্ত গ্ৰহণ কৰি অসমত কংগ্ৰেছে আৰম্ভণিতে চৰকাৰ গঠন কৰা হ’লে হয়তো অসমৰ ৰাজনীতিৰ গতিগোত্ৰয়েই সলনি হৈ গ’ল হয়।

সাধাৰণ নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণে সীমিত ৰাজনৈতিক ক্ষমতা লাভৰ সুযোগ লাভ কৰা এই সময়ছোৱা অসমৰ বাবে অত্যন্ত গুৰুত্বপুৰ্ণ আছিল। স্বাধীনতা আন্দোলন তুঙ্গত আছিল। মুচলিম লীগে অসমৰ মুছলমানৰ মাজত পাকিস্তানৰ দাবীৰ প্ৰতি সমৰ্থন সৃষ্টি কৰিবলৈ উঠিপৰি লাগিছিল। ঢাকাৰ নৱাবে নিৰ্বাচনত প্ৰচাৰৰ বাবে আলি টাঙনিলৈকে গৈছিল(ৰণজিৎ সভাপণ্ডিত, পৃ ১০) কিন্তু স্থানীয় জনসাধাৰণৰ পৰা সঁহাৰি লাভত ব্যৰ্থ হৈছিল। মুচলিম লীগৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াই নিৰ্দলীয় ওচমান আলি সদাগৰে জয়ী হৈছিল। আবূল হামিদ খাঁয়েও ব্ৰহ্মপুত্ৰ উপত্যকাত মুচলিম লীগৰ সংগঠন গঢ়াৰ বাবে আলি টাঙনিলৈকে গৈছিল (Muslims In Assam Politics, M Kar পৃ: ৩১০)। কিন্তু সঁহাৰি লাভত তেৱোঁ ব্যৰ্থ হৈছিল।

(৪)

যি সময়ত অসমীয়া জাতীয়তাবাদী নেতাসকল অসমত অসমীয়া ভাষাক ৰাজ্যভাষা ৰূপে প্ৰতিষ্ঠাৰ বাবে নিৰ্ণায়ক যুঁজত অৱতীৰ্ণ হৈছিল, মুচলিম লীগৰ আব্দুল হামিদ খাঁ, মতিউৰ ৰহমান মিঞাৰ দৰে প্ৰব্ৰজিত মুছলমান নেতাই বঙালী ভাষাৰ পক্ষে প্ৰচাৰ চলাইছিল, তেনে এটা সময়ত বিধান সভাত চৰৰ মুছলমানৰ প্ৰতিনিধি আমিৰুদ্দিন, ওচমান আলি সদাগৰ আদি সকলে মুচলমান নেতৃত্বক পৰিহাৰ কৰি কংগ্ৰেছক সমৰ্থন কৰাটো যথেষ্ট তাৎপৰ্যপূৰ্ণ আছিল।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ আমোলৰ আৰম্ভণিৰে পৰা হোৱা প্ৰব্ৰজনৰ কোবত অসমত অসমীয়াৰ জনসংখ্যা পঞ্চাশ শতাংশতকৈ কম আছিল। ৰাজ্যভাষা, শিক্ষাৰ মাধ্যম আৰু বিশেষকৈ প্ৰশাসন যন্ত্ৰত অংশগ্ৰহণৰ ক্ষেত্ৰত অসমীয়া জাতীয়তাবাদীসকল যথেষ্ট চিন্তিত হৈ পৰিছিল। ১৯৪১ চনত হ’বলগীয়া লোক পিয়লত অসমীয়াৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰশ্নটোৱে অসমীয়া শিক্ষিত মধ্যবিত্তক দুশ্চিন্তাত পেলাইছিল। ১৯৪০ চনৰ ২৯ আগষ্টত নবীন বৰদলৈ ভৱন (তেতিয়াৰ কাৰ্জন হ’ল)-ত আহবান কৰা এখন ৰাজহুৱা সভাত ১৯৪১ চনৰ লোকপিয়লত ‘সকলো শ্ৰেণীৰ ইমিগ্ৰেণ্টছ’ক নিজকে অসমীয়া বুলি লিখাবলৈ অনুৰোধ কৰি আৰু লোক পিয়ল কৰ্তৃপক্ষকো এওঁলোকক ‘অসমীয়াৰ লগত চামিল কৰিবলৈ অনুৰোধ’ কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। উক্ত সভাত সভাপতিত্ব কৰিছিল অম্বিকাগিৰী ৰায়চৌধুৰীয়ে।

অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা আহি অসমত বাস কৰিবলৈ লোৱা সকলো জাতিৰ লোককে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰিবলৈ আহবান জনাইছিল। “……. আসামত বহু কাল বাস কৰি থকা ভাৰতৰ আন প্ৰদেশৰ লোকসকলক ভাষা ৰীতি-নীতি ইত্যাদিৰে অসমীয়াই সম্পূৰ্ণ অসমীয়া কৰি ল’ব খুজিছে। অসমীয়াৰ এই চেষ্টাত এই লোকসকলে সন্মতি দি ‘অসমীয়া’ হৈ গ’লে তেওঁলোকৰ উদাৰতা প্ৰকাশ পাব আৰু অসন্মত হ’লে সঙ্কীৰ্ণতা সপ্ৰমাণিত হ’ব। আমি অসমীয়াই সেইবাবে অনুৰোধ কৰিছো, কি বঙ্গালী, কি মাৰোৱাৰী, কি হিন্দুস্তানী সকলোৱে তেওঁলোকৰ মাতৃভাষা অসমীয়া কৰি লওক; আচাৰ-ব্যৱহাৰ আদি অসমীয়া সমাজৰ লাগত খাপ খুৱাই লওক; আৰু নিজকে অসমীয়া বুলি পৰিচয় দি অসমীয়া হৈ যাওক।”(‘নতুন অসমীয়া’ প্ৰৱন্ধ)৷

অম্বিকাগিৰী ৰায়চৌধুৰীৰ এই আহবান স্বাভাৱিকতে কাৰো বাবে গ্ৰহণযোগ্য নাছিল। সংমিশ্ৰণ বা আত্মীকৰণ কেতিয়াও বলপূৰ্বক বা কৃত্ৰিম হ’ব নোৱাৰে অথবা হঠাতে হৈ যোৱা বিধৰ কথাও নহয়; ই এক দীঘলীয়া আৰু ঐতিহাসিক প্ৰক্ৰিয়া। বঙ্গমূলীয় মুছলমান খেতিয়কসকলৰ মাজত এই প্ৰক্ৰিয়া তেওঁলোক ৰাজ্যখনলৈ অহাৰ সময়ৰ পৰাই আৰম্ভ হৈছিল, বাট মুকলি কৰিছিল হোছেইন আলী সৰকাৰ, ওচমান আলি সদাগৰৰ দৰে লোকৰ দূৰদৰ্শিতাই। তাৰোপৰি এই প্ৰব্ৰজিতসকলৰ প্ৰব্ৰজনপূৰ্ব আৰ্থ-সামাজিক অৱস্থাটোৱেও ঐতিহাসিক কাৰকৰ ভুমিকা পালন কৰিছিল। প্ৰায় একেই পটভূমি আছিল মধ্যভাৰত-মূলৰ ফাকি দি অনোৱা চাহ শ্ৰমিকসকলৰ। সেয়ে এই দুই জনগোষ্ঠীয়ে অসমীয়া জাতি সত্বাত স্বত:স্ফুৰ্তভাৱে সংমিশ্ৰিত হ’ব পাৰিছিল।

অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত ‘ডেকা অসম’ত ‘শ্ৰীযুত অসমৰ প্ৰধানমন্ত্ৰী, মহামান্যবৰেষু’ক সম্বোধন কৰি প্ৰকাশিত এখন পত্ৰৰ জৰিয়তে ‘বৰপেটা মহকুমাৰ ইমিগ্ৰাণ্টছ’ ‘প্ৰজাবৃন্দ’ৰ হৈ ৯ গৰাকী মুছলমান লোকে লোক পিয়লত তেওঁলোকক অসমীয়া বুলি ‘ধৰাৰ কাৰণে গোহাৰি’ জনায়। উক্ত আবেদনৰ প্ৰতি সহাৰি জনাই প্ৰচাৰ চলাবলৈ চৰ-চাপৰিবাসী আগবাঢ়ি আহে। নগাঁৱত প্ৰব্ৰজিত মুছলমানসকলে এখন অভিৱৰ্তনৰ জৰিয়তে অসমীয়া ভাষা গ্ৰহণৰ বাবে ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰিছিল (যুগসন্ধিত অসমৰ মুছলমান –ৰেজাউল কৰিম, পৃ: ১৫৮)। বৰপেটাৰ আলোপতি চৰত ইন্তাজ আলী চৰকাৰ, ইয়াকুব আলী, চাদুল্ল্যা আহমেদ, মাজৰ চৰৰ চাবান আলী চৰকাৰ, বাঘমাৰা চৰৰ মাধুফকিৰ, ছফিৰ উদ্দিন সৰকাৰ, ভাতনাপাইতি গাৱঁৰ বছিৰ উদ্দিন মাষ্টাৰ আদি যুৱকে লোক পিয়লত অসমীয়া বুলি পৰিচয় দিবলৈ ব্যাপক প্ৰচাৰ চলায় (বৃহত্তৰ অসমীয়া জাতি গঠনত চৰ-চাপৰিবাসীৰ অৱদান –হবিবুৰ ৰহমান, প্ৰকাশক অসম সাহিত্য সভা)। বঙ্গমূলীয় মুছলমান কৃষকে বাস কৰা প্ৰায়বোৰ অঞ্চলতে এনে প্ৰচাৰে ব্যাপক প্ৰভাৱ পেলাইছিল। ১৯৪১ চনত লোক পিয়ল নহ’ল। পৰৱৰ্তী ১৯৫১-ৰ লোকপিয়লতো বঙ্গমূলীয়সকলে নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ স্বেচ্ছাই আগবাঢ়ি অহাৰ বাবে উক্ত যুগান্তকাৰী লোক পিয়লত অসমীয়াৰ হাৰ সন্তোষজনকভাৱে উন্নত হৈছিল। অথচ ইয়াৰ আগৰ ১৯৩১ চনৰ লোকপিয়লত অসমীয়াৰ হাৰ আছিল মাত্ৰ ৩১.৪ শতাংশ। ১৯৫১, ১৯৬১, ১৯৭১-ত অসমত অসমীয়াৰ হাৰ আছিল যথাক্ৰমে ৫৬.২৯%, ৫৭.১৪%, ৫৯.৫৩%। ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়াৰ হাৰ ক্ৰমান্বয়ে উন্নত হৈ অহাৰ চিত্ৰখন আছিল এনেধৰণৰ: ১৯১১: ৪৯.২%; ১৯২১: ৪৪.৬%; ১৯৩১: ৪২.০; ১৯৫১: ৭৩.১%; ১৯৭১: ৭৩.৩%(নতুন সাহিত্য পৰিষদৰ ‘চৰ-চাপৰিৰ জীৱনচৰ্যা’ত প্ৰকাশিত ড০ অমলেন্দু গুহৰ নিবন্ধ ‘ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া সমাজত বহিৰাগত:এটি দৃষ্টিপাত’…)। ১৯৫৫ চনত কেন্দ্ৰীয় চৰকাৰৰ ভাষা ভিত্তিক ৰাজ্য পুনৰ গঠনৰ সময়ত লোক পিয়লৰ তথ্যসমূহে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল। তদানীন্তন অবিভক্ত গোৱালপাৰা, গাৰোপাহাৰ আৰু কামৰূপ জিলাক পশ্চিম বঙ্গৰ লগত চামিল কৰাৰ দাবী উত্থাপিত হৈছিল(ড০ যোগেন্দ্ৰনাৰায়ণ ভূঞাৰ ‘নিবন্ধ উনবিংশ’ৰ ‘অসম সাহিত্য সভা’ শীৰ্ষক নিবন্ধ)। কিন্তু জিলা কেইখনৰ হিন্দু-মূছলমান উভয়ৰ ঐক্যবদ্ধ শক্তিয়ে অসমক বিভাজনৰ পৰা ৰক্ষা কৰিছিল। ১৯৬০ চনত অসমীয়া ভাষাই ৰাজ্যভাষাৰ মৰ্যাদা লাভ কৰিছিল লোক পিয়লৰ তথ্যৰ বাবেই।

(৫)

ওচমান আলি সদাগৰ, হোছেইন আলি সৰকাৰৰ দৰে নতুন প্ৰব্ৰজিত নেতাসকলে শিক্ষা, সাহিত্য, ৰাজনীতিৰ ক্ষেত্ৰকেইখনৰ জৰিয়তে যি বাটেৰে বাট বুলিবলৈ আৰম্ভ কৰিছিল, সেই বাটেৰেই বঙ্গমূলীয় মুছলমান সমাজখনে বাট বুলিবলৈ লৈছিল। এই সময়ছোৱাৰ ভিতৰত চৰ অঞ্চলসমূহত বহু অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়ি উঠে। আজিৰ তাৰিখত বঙ্গমূলীয়সকলে বাস কৰা অঞ্চলৰ সকলো স্কুলেই অসমীয়া মাধ্যমৰ। চাহ জনগোষ্ঠীয়া লোকসকলৰ ক্ষেত্ৰটো একেটাই কথা। বঙ্গমূলীয় মুছলমানসকল আৰু চাহজনগোষ্ঠীয় লোকসকল জাতিৰ ৰক্তত এক নতুন ডিএনএ হিচাপে সংৰোপিত হৈ বৰ্তমানে অসমীয়া জাতিক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে।

১৯৪৮ চনৰ ২৮ এপ্ৰিলত ৯২ বছৰ বয়সত ওচমান আলি সদাগৰৰ মৃত্যু হয়। ওচমান আলি সদাগৰৰ মৃত্যুৰ পিছত তেখেতৰ ঐতিহ্যক আগবঢ়াই নিছিল সুযোগ্য পুত্ৰ অধ্যাপক আব্দুল হায়ে। বিদ্যাশিক্ষাৰ প্ৰতি অনুৰাগী ওচমান আলীয়ে পুত্ৰক পঢ়ায়-শুনাই সঁচা অৰ্থত ডাঙৰ মানুহ কৰি থৈ গৈছিল। আব্দুল হায়ে অসমৰ পৰা ২য় বিভাগত মেট্ৰিক পাছ কৰি ঢাকাৰ পৰা আই এ আৰু বিএ পাছ কৰে। আলিগড় মুচলিম বিশ্ববিদ্যালয়ৰ পৰা ইতিহাসত স্নাতকোত্তৰ আৰু ডিষ্টিংচনসহ এল এল বি পাছ কৰি নগাঁও মহাবিদ্যালয়ত অধ্যাপনা কৰে আৰু এডিবি কলেজৰ অধ্যক্ষ হৈ থকা অৱস্থাত তেখেতৰ মৃত্যু হয়। আব্দুল হায়ে পিতৃৰ পদাঙ্ক অনুসৰণ কৰি নগাঁৱৰ বঙ্গমূলীয়সকলক অসমীয়া মূলসুতিলৈ অনাৰ বাবে দেৱকান্ত বৰুৱাৰ সৈতে একেলগে উদ্যোগ গ্ৰহণ কৰিছিল। ওচমান আলি সদাগৰৰ বংশৰ পৰৱৰ্তী প্ৰজন্মসমূহৰ পৰা অসমৰ কেবাগৰাকী বিশিষ্টলোকে সমাজলৈ বহুমূলীয় অৱদান আগবঢ়াই আহিছে।

দুৰ্ভাগ্যৰ বিষয়, স্বাধীনোত্তৰ ভাৰতত ৰাজনৈতিক আধিপত্য লাভত সফলতা লাভ কৰাৰ সময়ত আজিৰ অসমত অসমীয়াই নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতা হেৰুৱাই একক সংখ্যাগৰিষ্ঠ জাতি ৰূপেহে বৰ্তি থাকিবলগীয়া হৈছে। ২০০১ আৰু ২০১১ চনৰ লোক পিয়লত ৰাজ্যত অসমীয়াৰ হাৰ আছিল যথাক্ৰমে ৪৮.৮০ আৰু ৪৮.৩৮ শতাংশ। ইয়াৰ বাবে আন কোনো জাতিকে দোষাৰোপ কৰাৰ থল নাই। একাংশ অসমীয়াৰ সুবিধাবাদী চৰিত্ৰ আৰু জাতিদম্ভৰ পুৰণি বেমাৰৰ বাবেই অসমৰ জনজাতীয় ভাইসকলে অসমীয়াৰ পৰা আতৰি গৈছে। এতিয়া আকৌ নতুনকৈ জাতিৰ সংজ্ঞা সলনি কৰিব বিচৰা হৈছে। ভাষাৰ ভিত্তিত অসমীয়াৰ পৰিচয়ৰ সলনি ধৰ্মৰ ভিত্তিত জাতিৰ পৰিচয় প্ৰদানৰ তত্ব প্ৰচাৰ কৰা হৈছে। বঙ্গমূলীয় মুছলমানক ধৰ্মৰ নামত অসমীয়া জাতিসত্বাৰ পৰা আতৰাই পঠিওৱাৰ ষড়যন্ত্ৰ কৰা হৈছে। অসমীয়া জাতি গঠনত এওঁলোকৰ অৱদানক অৱজ্ঞা কৰিব বিচৰা হৈছে। ষড়যন্ত্ৰৰ অংশ হিচাপে তেওলোকক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰাৰ ব্যাপক অভিযোগ উথ্থাপিত হৈছে। এই ষড়যন্ত্ৰ সফল হ’বলৈ দিব নোৱাৰি। সময় থাকোতেই সকলোৱে সচেতন হ’ব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *