৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাঅনুবাদগল্পষষ্ঠ বছৰ

অতিথি পৰায়ণ মানুহজনৰ ঘৰ (মূল: জ’ম’ কেনিয়াটা; অনুবাদ: পূৰৱী দেৱী)

(লিখকৰ পৰিচয় – ১৮৯১ চনত কেনিয়াৰ প্ৰথম প্ৰধান মন্ত্ৰী জ’ম’ কেনিয়াটাৰ জন্ম হয়। কিকুউ উপজাতিৰ লোক কেনিয়াটায়ে নিজ উপজাতিৰ বিভিন্ন দিশৰ ওপৰত অধ্যয়ন কৰিছিল। তেখেতে লিখা এখন উল্লেখযোগ্য পুথি– “Facing Mount Kenya”. কিকুউ সকলৰ সাধু কথাবোৰ বৰ সুন্দৰ আৰু ৰসাল। এই গল্পটো তেনে এটা সাধুৰ ভিত্তিতে তেখেতে লিখিছে।)

এসময়ত এটা হাতীয়ে এজন মানুহৰ লগত বন্ধুত্ব স্থাপন কৰিছিল। হাবিৰ কাষত মানুহজনৰ এটা সৰু জুপুৰি ঘৰ আছিল। বৰ্ষামুখৰ এটা ৰাতিত হাতীটো গৈ মানুহজনৰ ঘৰৰ মুখত থিয় হৈ ক’বলৈ ধৰিলে– “বন্ধু, বিজুলী ঢেৰেকনিয়ে আকাশ কেনেকৈ আৱৰি আনিছে দেখিছা নে? মোৰ শুঁৰডাল সুমুৱাবলৈ তোমাৰ ঘৰত বাৰু ঠাই হ’ব নে? অন্ততঃ শুঁৰ ডালে অলপ তৎ পাব।”

মানুহজন বৰ দয়ালু আৰু হোজা আছিল। তেওঁ ক’লে – “মোৰ ঘৰটো বৰ সৰু। তথাপি অলপ সময়ৰ কাৰণে তুমি শুঁৰডাল সুমুৱাব পাৰিবা।”

মানুহজনে হাতীক ধন্যবাদ জনাই ক’লে – “মোক কৰা উপকাৰৰ বাবে এদিন তোমাকো মই সহায় কৰিম।”

কিন্তু কি হ’ল? অলপ সময়ৰ পিচত হাতীয়ে তাৰ মূৰটো সুমুৱালে আৰু তাৰ পিচত সুমুৱালে সমগ্ৰ শৰীৰ। উপায় নাপাই মানুহজন বাহিৰ ওলাবলৈ বাধ্য হ’ল আৰু বৰষুণত তিতিবলৈ ধৰিলে। হাতীয়ে ক’লে  – “মোৰ দয়ালু বন্ধু, তোমাৰ ছাল মোতকৈ বহু গুণে ডাঠ। অলপ সময় বৰষুণত তিতিলে তোমাৰ অকণমানো অপকাৰ নহয়।”

খঙত মানুহজনে ভোৰভোৰাবলৈ ধৰিলে। ভোৰভোৰণিয়ে একো কাম নিদিয়া দেখি তেওঁ চিঞৰি কাজিয়া কৰিবলৈ বাধ্য হ’ল। চিঞৰ-বাখৰ শুনি হাবিৰ জন্তুবোৰ আহি ঘটনাস্থলীত উপস্থিত হ’ল।

অৱশেষত আহিল বন ৰজা সিংহ। সিংহই ক’লে  “নাজাননে মই বনৰ ৰজা? মোৰ টোপনি ভংগ কৰিবলৈ তহঁতৰ ইমান সাহস! ইমান অশান্তি কিহৰ?”

হাতী সিংহ ৰজাৰ মন্ত্ৰী আছিল। হাতীয়ে লাহেকৈ মাত দিলে – “মহাৰাজ, আপোনাৰ ৰাজ্যত মইনো অশান্তি বিয়পাব পাৰোঁ নে? মই মোৰ বন্ধুৰ লগত এই ঘৰটোৰ অধিকাৰী প্ৰকৃততে কোন, তাৰেহে আলোচনা কৰিছিলোঁঁ।”

সিংহই ৰাজ্যত সদায়েই “শান্তি আৰু সম্প্ৰীতি” ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে মহাৰাজে অলপ বিনয়ী সুৰত ক’বলৈ ধৰিলে –“অতি সোনকালে এখন “তদন্ত সমিতি” গঠন কৰা হওক। তদন্ত সমিতিয়ে অতি সোনকালে প্ৰতিবেদন দাখিল কৰক। তাৰ পিচত মোৰ বিচাৰ আৰম্ভ হ’ব।” মানুহজনক উদ্দেশ্য কৰি মহাৰাজে ক’বলৈ ধৰিলে – “তোমাৰ বন্ধুত্বত মই সঁচাকৈয়ে মুগ্ধ হৈছোঁ। বিশেষকৈ হাতী মোৰ এজন বিশিষ্ট মন্ত্ৰী। ভয় নকৰিবা, তোমাৰ ঘৰ হেৰাই যোৱা নাই। তদন্ত কমিটীৰ প্ৰতিবেদনে তোমাক সুখী কৰিব বুলিয়েই মোৰ বিশ্বাস।”

মহাৰাজৰ কথাত মানুহজনে বৰ সকাহ পালে। বিচাৰৰ দিন পৰ্যন্ত অপেক্ষা কৰিবলৈ তেওঁ সাজু হ’ল।

আনহাতে সমিতি গঠন কৰিবলৈ হাতী উঠি-পৰি লাগিল। সমিতিৰ সভ্যসকল হ’ল (১) গঁড় ডাঙৰীয়া, (২) ম’হ ডাঙৰীয়া, (৩) কুম্ভীৰ ডাঙৰীয়া। শিয়াল হ’ল সমিতিৰ সভাপতি আৰু বাঘ সচিব।

তদন্ত সমিতিৰ তালিকা দেখি মানুহজনৰ বৰ খং উঠিল। তেওঁৰ ফালৰ পৰা মাত মাতিবলৈ এজনো সভ্য নাই বুলি তেওঁ আপত্তি কৰিবলৈ ধৰিলে। বন ৰজাই হাঁহি মাৰি ক’বলৈ ধৰিলে– “বনৰ আইন-কানুন বৰ জটিল। তোমালোক বৰ অশিক্ষিত। বিশেষকৈ উচ্চ ডিগ্ৰীধাৰী কোনো লোকেই দেখোন তোমালোকৰ মাজত নাই। ভয় নকৰিবা। এইসকল গণ্য-মান্য ব্যক্তি। তেওঁলোকৰ বিচাৰ যে ন্যায় বিচাৰ হ’ব সেই বিষয়ে সন্দেহ নাই। ভগৱানে নখ দন্তহীন নিশকতীয়া জাতিবোৰক ৰক্ষা কৰিবলৈকে তেওঁলোকক সৃষ্টি কৰিছে।

অৱশেষত বিচাৰ আৰম্ভ হ’ল। মহামান্য হাতীক প্ৰথমে বিচাৰ কক্ষলৈ মতা হ’ল। তেখেতৰ পত্নীয়ে যোগাই দিয়া এডাল ধুনীয়া বাঁহ গছৰে দাঁত চাফা কৰি কৰি তেখেতে কক্ষত পদাৰ্পণ কৰিলেহি। কৰ্তৃত্বপূৰ্ণ মাতেৰে তেখেতে ক’বলৈ ধৰিলে – “মহামান্য সভ্যগণ, মই ইয়াত আহি কিয় থিয় দিব লগা হৈছে আপোনালোক সকলোৱে জানেই। তাক পুনৰ বহলাই আলোচনা কৰি মই আপোনালোকৰ মহামূল্য সময় অপচয় কৰিব নোখোজোঁ। বন্ধুক বিপদে আপদে ৰক্ষা কৰা মোৰ প্ৰধান কৰ্তব্য ৰূপে মই গণ্য কৰোঁ। মোৰ বন্ধুৰ লগত ভুল বুজাবুজিৰ গুৰিতে মোৰ এই কৰ্তব্যজ্ঞান। তেওঁৰ জুপুৰিটো ধুমুহা বতাহৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ মোক অনুৰোধ কৰিছিল। আপোনালোকে জানেই খালি ঘৰ এটা বতাহে সহজে উৰুৱাই নিব পাৰে। বতাহৰ পৰা ৰক্ষা কৰিবলৈকে মই ঘৰটোৰ ভিতৰত সোমাব লগা হ’ল। ইয়াৰ ফলত ঘৰটোৰ অনুন্নত আৰু অব্যৱহৃত অংশও ব্যৱহাৰ কৰা হ’ল। ইয়াৰ পৰা কাৰ কি ক্ষতি হ’ল মই ক’ব নোৱাৰোঁ। অৱস্থা বিশেষে এনে কৰ্তব্য আপোনালোকেও যে পালন কৰিব, মই ন দি ক’ব পাৰোঁ।”

নক’লেও হ’ব হায়েনাকে আদি কৰি হাবিৰ সকলো জন্তুৱে হাতীক সমৰ্থন জনালে। সভাপতিয়ে মানুহজনক উদ্দেশ্য কৰি ক’বলৈ ধৰিলে– “দয়ালু মানুহজন, কওকচোন, মহামান্য হাতীয়ে অধিকাৰ কৰাৰ আগতে আপোনাৰ ঘৰৰ অব্যৱহৃত অংশ আন কোনোবাই অধিকাৰ কৰিছিল নে?” মানুহজনে ক’লে –“নাই কৰা, কিন্তু ….”। সভাপতিয়ে ৰায় দিলে – “বেচ, বেচ, আমাৰ সভাৰ ইমানতে অন্ত পৰিল। দুয়ো পক্ষৰ পৰা আমি বক্তব্য শুনিলোঁঁ।” ইমান পৰ বিচাৰ কৰাৰ বাবদ হাতীয়ে সকলোকে ভোজ-ভাত খুৱালে।

বিচাৰৰ শেষত সমিতিৰ ঘোষণা পত্ৰ আছিল এনেধৰণৰ– “সাধাৰণ ভুল বুজাবুজি কন্দলৰ সূত্ৰপাত। মানুহজনেই মূলতঃ ইয়াৰ বাবে দায়ী। হাতীৰ কৰ্তব্যজ্ঞান সঁচাকৈ শলাগিব লাগিব। জুপুৰিৰ অব্যৱহৃত অংশক ৰক্ষা কৰিবলৈ মানুহজনৰ শক্তিৰ নাটনি। গতিকে হাতীয়েই বৰ্তমান ঘৰটো অধিকাৰ কৰক। হাবিৰ চুকত পুনৰ এটা জুপুৰি সাজি ল’বলৈ আমি মানুহজনক অনুমতি প্ৰদান কৰিছোঁ।”

মানুহজনে ভাবিলে “নখ দন্তৰ কৱলত পৰি ধৰাশায়ী হোৱাতকৈ এটা জুপুৰি সাজি লোৱাই অধিক বুদ্ধিমানৰ কাম।” পিচে কি হ’ব? এইবাৰ ঘৰ অধিকাৰ কৰিলে গঁড় ডাঙৰীয়াই।

এইবাৰ মানুহজনে ক’লে – “এবাৰ দুবাৰতকৈ বেছি মূৰ্খ সাজিব নোৱাৰি।”

বাৰিষা আৰম্ভ হোৱাৰ আগে আগে মানুহজনে এটা ডাঙৰ সুন্দৰ ঘৰ সাজিলে। ঘৰ অধিকাৰ কৰিবলৈ প্ৰথমতে আহিল হাতী, ইয়াৰ পিচত গঁঁড়, বাঘ, শিয়াল আৰু অৱশেষত স্বয়ং মহাৰাজ! এইবাৰ কন্দল আৰম্ভ হ’ল জন্তুবোৰৰ নিজৰ মাজত। সকলো জন্তু সোমোৱাৰ পিচত মানুহজনে আৰু সময় নষ্ট নকৰিলে। ওচৰতে আছিল একুৰা জুই। ইয়াৰ পিচত কি হ’ল মই নক’লেও হ’ব। মানুহজনে ক’লে “শান্তিৰ মূল্য বৰ বেচি দিব লগা হ’ল। কিন্তু আৰু উপায় নাই।” এটা সুন্দৰ ঘৰ সাজি মানুহজনে সুখেৰে দিন কটাবলৈ ধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *