সম্পাদকীয়

সম্পাদকৰ টোকা :: অসহায়ৰ আপোচ নে ভণ্ডৰ ভণ্ডামি : যুক্তিবাদী আন্দোলনৰ এটি সমস্যা – (কৌশিক দাস)

যুক্তিবাদৰ সপক্ষে অৱস্থান লোৱা কিছু সংখ্যক মানুহে যেতিয়া সংগঠিত ৰূপত যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ প্রচাৰ আৰু প্রসাৰৰ হকে কাম-কাজ কৰিবলৈ আগবাঢ়ে, তেতিয়াই যুক্তিবাদী আন্দোলন এটি গঢ় লৈ উঠাৰ সম্ভাৱনাই দেখা দিয়ে। কিন্তু তেনে সম্ভাৱনাক এক গণসাংস্কৃতিক আলোড়নলৈ ৰূপান্তৰ কৰাৰ বাটটি অতি দুৰ্গম। যুক্তিবাদী আন্দোলনৰ বাট মসৃণতো নহয়েই, সৰলৰৈখিকো নহয়। যুক্তিবাদৰ পথত অগ্রসৰ হ’বলৈ প্রয়াস কৰা ব্যক্তি আৰু সংগঠনে প্রতিটো পদক্ষেপতেই সন্মুখীন হ’ব লগা হয় নানানধৰণৰ বাধা-বিঘিনিৰ, সমস্যাৰে কণ্টকিত জটিল পথৰ একা-বেঁকা কেঁকুৰিৰ পৰা অতৰ্কিতে ওলাই আহে বিবিধ আৰু বিচিত্র প্ৰত্যাহ্বান। এই কথাটো যিহেতু অতি স্বাভাৱিক, গতিকে যুক্তিবাদীসকলে তেনে প্রত্যাহ্বান অতিক্রম কৰিবলৈ অবিৰতভাৱে চেষ্টা চলাই যোৱাটো বৰ জৰুৰী। কিন্তু তেনে প্রত্যাহ্বান নেওচিবলৈ প্রথমতে প্রত্যাহবানসমূহৰ স্বৰূপ বুজি লোৱাটো হৈছে এটা প্রাথমিক কথা। যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ প্রসাৰৰ বাটৰ তেনে গতিৰোধকবোৰৰ ৰেহৰূপ ভালদৰে বুজি ল’ব নোৱাৰিলে নানান বিভ্রান্তিৰ উদ্ভৱ হয়। তেনে বিভ্রান্তিয়ে যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ অগ্রগতি ব্যাহত কৰি পেলায়।
কোৱা বাহুল্য, যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ অগ্রগতিৰ বাটৰ হেঙাৰ নানানটা, সেইবোৰৰ স্বৰূপ বহুমাত্রিক। আমি এই চমু টোকাটিত তেনে বাধাৰ মাজৰ এটি বিশেষ দিশহে মাত্র আলোচনালৈ আনিম। আলোচনাৰ বাট সুগম কৰিবলৈ—স্থান-কাল-পাত্র অনুল্লিখিত কৰি—আমি বাস্তৱ জগতখনৰ পৰা বুটলি অনা কেইটিমান উদাহৰণ সহায় ল’ম।
প্রথম উদাহৰণ
এইটো কাণ্ডৰ নায়ক অতি ভিতৰুৱা গাঁৱৰ এগৰাকী সংস্থাপনহীন উচ্চশিক্ষিত নিবনুৱা যুৱক। নিজৰ যুক্তিবাদী চিন্তা-ভাবনাৰ কথা বিভিন্ন মাধ্যমত প্রকাশ কৰাৰ বাবে তেওঁ বহুতৰে মনত এগৰাকী বিজ্ঞানমনস্ক ব্যক্তি বুলি পৰিচিত হৈ পৰিছে। তেওঁৰ পিতৃ, মাতৃ আৰু দুই কনিষ্ঠ ভাতৃৰ পৰিয়ালটো অতি গোড়া ধৰ্মীয় সংগঠন এটাৰ বহুদিনীয়া সদস্য; ঘৰখনত সেই সংগঠনটোৰ নীতি-নিয়ম অতি নিষ্ঠাৰে পালন কৰি থকা হয়—আনকি যুৱকজনকো সেইটো সংগঠনৰ সদস্য বুলিয়েই বিবেচনা কৰা হয়। গাঁওখনৰ সকলো মানুহ সেইটো ধৰ্মীয় সংগঠনৰেই সদস্য-সদস্যা, সকলো সামাজিক আচাৰ-অনুষ্ঠান সংগঠনটোৱে বান্ধি দিয়া নিয়মৰ মাজেদি সম্পন্ন হয়। যুৱকগৰাকী আজন্ম সেইটো পৰিৱেশত ডাঙৰ-দীঘল হ’লেও, ক্রমাৎ তেওঁ অযুক্তিকৰ নীতি-নিয়মৰ সংক্রান্তত প্রশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে, কাকত-আলোচনী আদিত লেখিবলৈও আৰম্ভ কৰিলে। স্বাভাৱিকতেই যুৱকজনৰ সৈতে গাঁৱৰ বহুতৰেই সংঘাত আৰম্ভ হ’ল।
হঠাতে এদিন যুৱকগৰাকীৰ মাতৃৰ মৃত্যু হ’ল। জ্যেষ্ঠ পুত্র হোৱাৰ বাবে যুৱকজনৰ ওপৰত পৰিল ধৰ্মীয় সংগঠনটোৱে বান্ধি দিয়া মাতৃৰ মৰণোত্তৰ কাম-কাজৰ বহুখিনি দায়িত্ব। যুৱকজনে তেনে নীতি-নিয়ম পালন কৰিবলৈ অস্বীকাৰ কৰাত ধৰ্মীয় সংগঠনটোৱে মেল পাতি সিদ্ধান্ত দিলে যে তেনে কৰিলে ঘৰখনক সামাজিকভাৱে বৰ্জন কৰা হ’ব। তাৰ লগে লগে, পৰিয়ালটোৰ মুৰব্বীস্বৰূপ যুৱকজনৰ পিতৃয়ে ব্যক্ত কৰিলে যে নীতি-নিয়ম পালন নকৰিলে তেওঁ জ্যেষ্ঠ পুত্রক তাজ্যপুত্র বুলি ঘোষণা কৰি ঘৰৰ পৰা বাহিৰ কৰি দিব, উত্তৰাধিকাৰ সূত্রে সকলো সম্পত্তি পাব দুই কনিষ্ঠ ভাতৃয়ে। অৱশেষত সংস্থাপনহীন নিবনুৱা যুৱকগৰাকীয়ে কঠোৰ নীতি-নিয়মৰ মাজেৰে ধৰ্মীয় কাৰ্যখিনি সম্পন্ন কৰিলে।
দ্বিতীয় উদাহৰণ
দ্বিতীয় কাণ্ডৰ মূল চৰিত্রত আছে শৈশৱতেই মাতৃহীন হোৱা এগৰাকী ডেকা, তেওঁ কথাকথিত উচ্চ বৰ্ণৰ, বাস কৰে এখন নগৰত। পিতৃৰ সীমাহীন আদৰ-যত্নৰ মাজেদি ডাঙৰ হোৱা ডেকাগৰাকী আৰু দেউতাকৰ মাজৰ সমন্ধটো অতি গভীৰ মৰম-চেনেহৰ ডোলেৰে বন্ধা। আৰ্থিক দিশত স্বনিৰ্ভৰশীল ডেকাগৰাকীয়ে যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ সপক্ষে কাকত-আলোচনীত লেখা-মেলা কৰিবলৈ আৰম্ভ কৰিছে, নিজেও অন্ধবিশ্বাস-কুসংস্কাৰী কাৰ্যৰ পৰা আঁতৰত অৱস্থান ল’বলৈ আন্তৰিকতাৰে প্রয়াস কৰি আছে। ডেকাজনৰ তেনে কামত সমাজৰ একাংশ লোক ক্ষুব্ধ হৈ পৰিলেও তেওঁ সেইবোৰলৈ ভ্রক্ষেপ নকৰে, নিজৰ মত আৰু কাম-কাজত যুক্তিপূৰ্ণভাৱে আপোচহীন হৈ থাকে তেওঁ। তেওঁৰ পিতৃ কিন্তু অত্যন্ত গোড়া আৰু ৰক্ষণশীল প্রকৃতিৰ মানুহ, বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ কথাই নুশুনে। সেই প্রসংগত দুয়োৰে অৱস্থান একেবাৰে বিপৰীত আৰু বিৰোধেৰে পৰিপূৰ্ণ হ’লেও, পিতা-পুত্রৰ মাজৰ স্নেহৰ সমন্ধটোত তাৰ সামান্য আঁচোৰো পৰা নাছিল।
কৈশোৰৰ পৰাই সহপাঠী ছোৱালী এগৰাকীৰ সৈতে ডেকাগৰাকীৰ প্রেমৰ সমন্ধ এটি আছিল, সময়ত বিয়াৰ কথাও ওলাল। যুৱতীগৰাকী আছিল তথাকথিত নিম্ন বৰ্ণৰ। ঘটনাটো গম পাই ডেকাৰ বৰ্ণাভিমানী পিতৃ ভিতৰে-ভিতৰে মৰ্মাহত হ’ল। পিতৃৰ সৈতে থকা নিবি‌ড় মানসিক সমন্ধটোৰ বাবেই ডেকাই দেউতাকৰ মনৰ বেদনা উপলব্ধি কৰিলে। বিষয়টো লৈ মুকলিকৈ আলোচনাও কৰিলে পিতৃৰ সৈতে। কিন্তু নিজৰ পুৰণি ধ্যান-ধাৰণাসমূহৰ পৰা ওলাই আহি পুত্রৰ অসবৰ্ণ বিবাহৰ কথাটো মানি ল’বলৈ মানসিকভাৱে কোনোপধ্যেই নিজকে প্রস্তুত কৰিব নোৱাৰিলে তেওঁ।
তেনেতে দেউতাক আক্রান্ত হ’ল দুৰাৰোগ্য ব্যাধিত, চিকিৎসকে তেওঁৰ অন্তিম সময় সমাগত বুলি ঘোষণা কৰিলে—হাতত আছে মাত্র কেইটিমান মাহ। তেনে অৱস্থাত তেওঁ সস্নেহে পুত্রৰ অসবৰ্ণ বিবাহত সন্মতি প্রদান কৰিলে, টানি অনুৰোধ কৰিলে যে তেওঁ জীয়াই থকা দিনকেইটিৰ ভিতৰতেই যেন পুত্রই বিয়াখন পাতি পেলায়। লগতে পুত্রক অনুৰোধ কৰিলে যাতে বিয়াখন প্রচলিত সামাজিক প্রথাসমূহ মানি চলি সম্পন্ন কৰে।
বহুতো ভাবি ডেকাগৰাকীয়ে—বৰ বিশেষ বাহুল্য নকৰাকৈ—প্রচলিত সামাজিক নীতি-নিয়মৰ মাজেৰে বিবাহ কাৰ্য সম্পন্ন কৰিলে।
তৃতীয় উদাহৰণ
তৃতীয় কাণ্ডৰ মূল চৰিত্রত আছে দুগৰাকী উচ্চ শিক্ষিত, স্বাধীন চিন্তাৰ যুৱক-যুৱতী। দুয়ো আৰ্থিক দিশত স্বনিৰ্ভৰশীল। তেওঁলোকৰ চৌপাশৰ সমাজখনো যথেষ্ট উদাৰ, কোনোবাই প্রচলিত ৰীতি-নীতিবোৰ উলংঘন কৰিলে বিশেষ হকা-বাধাৰ কথা তেনেকৈ নোলায় তাত। দুয়ো অন্ধবিশ্বাস, কুসংস্কাৰ, পুৰুষতন্ত্র ইত্যাদিৰ বিৰুদ্ধে কাকত-আলোচনী আৰু সামাজিক মাধ্যমত জংগী ভাষাত বিদ্রোহ ঘোষণা কৰি আহিছে। বিশেষকৈ, বৈবাহিক আচাৰ-অনুষ্ঠানৰ মজ্জাই মজ্জাই শিপাই থকা বিবিধ আৰু বিচিত্র পুৰুষতন্ত্রিক নিয়মবোৰ—যেনে, সেন্দুৰ লোৱা, কইনাই দৰাক সেৱা কৰা আদি; অন্ধবিশ্বাস-কুসংস্কাৰজনিত ৰীতি-নীতিবোৰ—যেনে, মন্ত্রপাঠ আদি—ওফৰাই পেলাবলৈ কৰা তেওঁলোকৰ উদাত্ত আহ্বানে নতুন প্রজন্মৰ বহুতকেই উদ্দীপিত কৰি পেলাইছে; দুয়োৰে কান্ধত যেন প্রগতিশীল জংগী সামাজিক আন্দোলন এটিৰ নেতৃত্বৰ গুৰু দায়িত্ব, তেওঁলোকৰ হাতত উত্তোলিত হৈছে নতুন দিনৰ তেজাল পতাকা। অন্ধবিশ্বাস-পুৰুষতন্ত্রৰ বিৰুদ্ধে একনিষ্ঠ নাৰীবাদী-যুক্তিবাদী যুঁজাৰু নেতা তেওঁলোক, বহুতো অনুৰাগী তেওঁলোকৰ চৌকাষে।
সময়ত দুয়োৰে মাজত প্রেম হ’ল, বিয়াৰ দিনো আহিল। অনুৰাগীসকলে বিমূ‌ঢ় বিস্ময়ৰ মাজেৰে এইবাৰ দেখিলে, বিয়াখনত পুৰুষতান্ত্রিক ৰীতি-নীতি, অন্ধবিশ্বাস-কুসংস্কাৰে ভৰা আচাৰ-অনুষ্ঠান—এইবোৰ দৰা-কইনাই স্বইচ্ছাৰে, আনন্দ মনেৰে পালন কৰি গ’ল। সেইবোৰ পালন কৰিবলৈ তেওঁলোকৰ ওপৰত কোনো প্রৱল সামাজিক কিম্বা পাৰিবাৰিক হেঁচা পৰা নাছিল, প্রথাবিৰোধিতাৰ বাবে তেনেই মৃদু ওজৰ-আপত্তি কিছুমান উঠাৰ হয়তো সম্ভাৱনা আছিল—, যিবোৰ অতি সহজেই অতিক্রম কৰা গ’লহেতেন। কথাটো তভকমাৰি চিন্তা কৰি থাকোঁতেই অনুৰাগীবৃন্দ সাংঘাতিকধৰণে চমকি উঠিল, যেতিয়া দৰা-কইনাই তেওঁলোকৰ তেনে অন্ধবিশ্বাসী-পুৰুষতান্ত্রিক কাৰ্যবোৰক নিঃসংকোচে মহিমামণ্ডিত কৰি, সেইসমূহৰ আলোকচিত্র সগৌৰৱেৰে সামাজিক মাধ্যমত অবিৰতভাৱে ৰাজহুৱা কৰিবলৈ আৰম্ভ কৰিলে। অনুৰাগীবৃন্দৰ হুৱা-দুৱাৰ মাজতেই যুৱক-যুৱতীৰ বিবাহৰ কাণ্ডটো শেষ হ’ল।
ঘটনাটো কিন্তু তাতেই শেষ হোৱা নাছিল। দুদিনমানৰ পিছত তেওঁলোক অন্ধবিশ্বাস-পুৰুষতন্ত্র আদিৰ বিৰুদ্ধে পুনৰাই সোচ্চাৰ হৈ পৰা দেখা গ’ল।

উপৰিউক্ত তিনিওটি উদাহৰণত আমি দেখিবলৈ পালোঁ যে যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ সপক্ষে মতামত ব্যক্ত কৰা ব্যক্তিয়ে অযুক্তিকৰ প্রথা কিম্বা অবৈজ্ঞানিক ৰীতি-নীতিৰে পৰিপূৰ্ণ কাম-কাজত লিপ্ত হৈছে। তেনে কৰাৰ বাবে উদ্ভৱ হোৱা এটা তাৎক্ষণিক প্রতিক্রিয়া যুক্তিবাদী আন্দোলনৰ বাবে অতি ক্ষতিকৰ। কি তেনে তাৎক্ষণিক প্রতিক্রিয়া‌? যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ সপক্ষে সততেই ৰাজহুৱাভাৱে মাত মাতি অহা কোনোবাই যদি তেনে কৰে, তেনেহ’লে—যুক্তিবাদৰ বিৰোধীসকলৰ ব্যংগ-বিদ্রূপৰ কথা ক’বই নালাগে—তেওঁলোকৰ অনুৰাগীসকলেও তেওঁলোকৰ তেনে কাম-কাজত বিব্রত-বিমূঢ় হৈ পৰে। নক’লেও হ’ব, তেওঁলোকৰ তেনে প্রথা পালনৰ কথাটো বহুতৰেই বাবে উত্তপ্ত, সৰস আৰু বিদ্রূপ-তাচ্ছিল্যৰে ভৰা আলোচনা-সমালোচনাৰ কেন্দ্র হৈ পৰে। কোনোবাই আনকি অতি জংগী ভাষাৰে তেনে ব্যক্তিক আক্রমণ কৰি ভণ্ড বুলি অভিহিত কৰাও দেখা যায়।
কিন্তু কথাবোৰ জানোঁ ইমান সহজ-সৰল‌? বিজ্ঞানমনস্ক কোনো লোকে অযুক্তিকৰ কৰ্মকাণ্ডত প্রবৃত্ত হ’লেই চিধাই ভণ্ড বুলি অভিহিত কৰিব পাৰিনে‌? তেনে কৰা যুগুত হ’ব নে‌? এই প্রশ্নটোৰ উত্তৰ পাবলৈ আমি উপৰিউক্ত তিনিওটি উদাহৰণৰ কথা মনলৈ আনিব পাৰোঁ। প্রথম উদাহৰণটিত আমি লগ পাই অহা ডেকাজনৰ ওপৰত যি প্রচণ্ড সামাজিক, পাৰিবাৰিক আৰু আৰ্থিক হেঁচা আৰু ভাবুকি পৰিছিল—সি আছিল সঁচাই অতি ভয়ংকৰ। তাৰ বিপৰীতে ডেকাগৰাকীৰ সপক্ষে কোনো ব্যক্তি বা সংগঠনৰ সবল উপস্থিতি কাষত নাছিল—এক কথাত, আৰ্থিক দিশত সংস্থাপনহীন যুৱকজন আছিল তেনেই অসহায়। দ্বিতীয় উদাহৰণটিৰ ডেকাগৰাকীৰ ক্ষেত্রত আহি পৰিছে এটা গভীৰ মানৱিক আন্তঃসম্পৰ্কৰ কথা। এইবোৰ দিশ পোনে-পোনে অগ্রাহ্য কৰি তেওঁলোকক জানোঁ ভণ্ড বুলি নিৰ্দ্বিধাই অভিহিত কৰাটো যুক্তিসংগত হ’ব‌?
কিন্তু তৃতীয় উদাহৰণটিৰ যুৱক-যুৱতীৰ ক্ষেত্রত কথাটো একেবাৰেই বেলেগ। প্রথম দুটি কাহিনীৰ যুৱক দুজনৰ দৰে তৃতীয় কাণ্ডটোৰ কুশীলৱ দুগৰাকীয়ে প্রচলিত অযুক্তিকৰ প্রথাৰ বিৰোধ কৰিবলৈ কোনো হেঁচা-বাধা কিম্বা মানৱীয় আন্তঃসম্পৰ্কৰ জটিলতাৰ মাজত সোমাবলগীয়া হোৱা নাছিল। তেওঁলোকৰ তেনে কাৰ্য আৰু তাৰ পৰৱৰ্তীসময়ৰ আচাৰ-আচৰণৰ পৰা তেওঁলোকৰ তেনে মতিগতিক দ্বিধাহীনভাৱে ভণ্ডামি বুলি যুক্তিসংগতভাৱে অভিহিত কৰা যায়। কিয়নো, যিসকলে নিজেই যুক্তিবাদী আন্দোলন এটিৰ নেতৃত্ব দিব বুলি সততেই সোচ্ছাৰ, যাৰ ওপৰত কোনোধৰণৰ সামাজিক-পাৰিবাৰিক হেঁচা-বাধা নাই, আৰ্থিকভাৱে স্বনিৰ্ভৰ—তেনে ব্যক্তিয়ে জানি-বুজি তেনেকুৱা নিকৃষ্ট কাৰ্য কৰিলে তাক ভণ্ডামি নুবুলি উপায় নাই। কিন্তু দুই-এজনৰ তেনে নেতিবাচক কামৰ বাবে কিছুমান অত্যুৎসাহী সমালোচকে সাধাৰণতেই গোটেই সংগঠনটোকেই জগৰীয়া কৰা পৰিলক্ষিত হয়। এইটো কথা ঠিক যে দুই-এজন সুবিধাবাদীৰ বাবে গোটেই যুক্তিবাদী সংগঠনটোকেই ঠাট্টা-বিদ্রুপ কৰাত বিৰুদ্ধ পক্ষই—অন্ধবিশ্বাসী, সাম্প্রদায়িক, সোঁপন্থী, পুৰুষতান্ত্রিক আদিয়ে—এটা ডাঙৰ সুযোগ লাভ কৰে। বিজ্ঞানমনস্ক সংগঠনৰ অন্য কৰ্মীসকলৰ বাবে এইটো এটা বৰ বিড়ম্বনাৰ কথা হৈ পৰে। যুক্তিবুদ্ধিৰে চিন্তা-চৰ্চা কৰা লোকসকলে সুবিধাবাদীক সমালোচনা কৰোতে এই দিশটো সতৰ্কতাৰে মনত ৰখা ভাল। কিয়নো, একাংশৰ ভণ্ডামিৰ সমালোচনা কৰোতে যদি নিৰ্বিচাৰে সংগঠনটোকহে আক্রমণ কৰা হয়, তেনেহ’লে শেষত গৈ সি বিৰুদ্ধ পক্ষৰ হাতহে শক্তিশালী কৰে। তেনে পৰিস্থিতিত, বিজ্ঞানমনস্কতাৰ পক্ষলৈ অহাৰ সম্ভাৱনা থকা লোকসকলৰ মনত সমগ্র যুক্তিবাদী আন্দোলনৰ প্রতিয়েই শংকা-সন্দেহৰ উদ্রেক ঘটায়। সংগঠনটোৰ অন্য সৎ কৰ্মীসকলৰ বাবে তেনে পৰিস্থিতি উৎসাহজনক নহয়; বৰঞ্চ যুক্তিবাদী আন্দোলনৰ বাবে এইটো এটা বৰ ক্ষতিকৰ কথা। ব্যক্তিগত পৰিসৰতো কাৰোবাক ভণ্ড বুলি অভিহিত কৰি অবিৰতভাৱে তীব্র আৰু কটূ সমালোচনা কৰি থকা কামটোও—যুক্তিবাদী আন্দোলন এটি আগ বঢ়াই লৈ যোৱাত—সিমান একো লাভজনক কথা নহ’বও পাৰে। সুবিধাবাদীৰ ভণ্ডামি চিহ্নিত কৰি তাক উন্মোচন কৰাটো নিশ্চয় এটা প্রয়োজনীয় কাম। কিন্তু তেনে লোকসকলক মূল লক্ষ্য হিচাপে লৈ, তেওঁলোককেই মাত্র অহৰহ আক্রমণ কৰি থাকিলে সি যুক্তিবাদী আন্দোলনটোক বিশেষ সহায় কৰিব বুলিও ভাবিব নোৱাৰি।

প্রথম আৰু দ্বিতীয় উদাহৰণৰ ডেকা দুগৰাকীৰ ক্ষেত্রত কথাটো কিন্তু ভিন্ন মাত্রাৰ। কিয়, সেইটো আগতেই উনুকিয়াই আহিছোঁ। এই ক্ষেত্রত আমি গুৰুত্ত্বসহকাৰে এটি বিশেষ দিশত—অতি সতৰ্কতাৰে—চকু দিয়া উচিত। কথাটো হ’ল, কোনো সন্দেহ নাই, প্রথম দুটি কাহিনীতো আমি দেখিছোঁ যে যুক্তিৰ সপক্ষে মাত মাতি অহা যুৱক দুগৰাকীয়ে কৰা কাম-কাজ তেওঁলোকৰ চিন্তা-চৰ্চাৰ সৈতে সংগতিপূৰ্ণ হোৱা নাই—অযুক্তিৰে ভৰা কৰ্মকাণ্ড কৰিবলগীয়া হৈছে তেওঁলোকে। তেওঁলোকে নিৰুপায় অৱস্থাত পৰি তেনে কাৰ্য কৰাটোক চিধাই ভণ্ডামি বুলি ক’লে কিন্তু ডাঙৰ ভুল কৰা হ’ব। তেনে ভুল সততেই একাংশ লোকে কৰা পৰিলক্ষিত হয়। তেনে কৰাটো কিয় ভুল‌? তেনে ভুলৰ সামাজিক তাৎপৰ্য‌ই বা কি? এই দুটি প্রশ্নৰ উত্তৰ যথাস্থানত আমি নিশ্চয় পাম। তাৰ আগতে আমি আনুষংগিক দুটিমান দিশ আলোচনালৈ অনা যুগুত হ’ব, কিয়নো তেনে দিশে উপৰিউক্ত প্রশ্ন দুটিৰ উত্তৰ আমাৰ বাবে সহজ কৰি তুলিব।
প্রথমতেই আমি বুজিবলৈ চেষ্টা কৰোঁ—যুক্তিৰ সপক্ষে মাত মাতি অহা একাংশ মানুহে কিয় কেতিয়াবা অযুক্তিকৰ কৰ্মকাণ্ড সম্পন্ন কৰি পেলায়‌? অলপ মন কৰিলেই আমি দেখিবলৈ পাম যে তেনে কৰাৰ আঁৰত এটা নহয়—বহুতো কাৰক সক্রিয় হৈ থাকিব পাৰে। আমাৰ প্রথম উদাহৰণটিৰ ডেকাগৰাকীৰ কথাই ধৰা যাওক। কোনো সন্দেহ নাই, পৰিয়াল আৰু সমাজে দিয়া প্রচণ্ড হেঁচাৰ বাবে যুক্তিৰ সপক্ষে থকা ডেকাগৰাকীয়ে বাধ্য হৈ কৰিবলগীয়া হৈছে কিছুমান অযুক্তিকৰ আৰু অবৈজ্ঞানিক নীতি-নিয়ম। যুগ যুগ ধৰি চলি থকা অযৌক্তিক ৰীতি-নীতি-প্রথা-কানুনক অকলশৰীয়াকৈ বিৰোধ কৰি, সেইবোৰ নমনাকৈ থকাটো এটা বৰ ডাঙৰ প্রত্যাহ্বান। এই প্রত্যাহ্বান অধিক কঠিন আৰু ভয়ংকৰ হৈ পৰে, যেতিয়া যুক্তিৰ পথত আগবাঢ়িবলৈ আগ্রহীজনৰ চৌকাশে থাকে মাত্র কঠোৰভাৱে প্রথাচাৰণ কৰি থকা আপোচহীন মতান্ধ মানুহৰ দল। গতিকে, যুক্তিৰ সপক্ষে থকা মানুহে কেতিয়াবা অযুক্তিকৰ কাম-কাজ কৰাৰ আঁৰত থকা এটা প্রধান কাৰণ হৈছে প্রচণ্ড বাহ্যিক হেঁচা। লগতে আমি মন কৰিব লাগিব, তেনে অমিত শক্তিৰ হেঁচা-বাধাৰ বাবে বিজ্ঞানমনস্কতাৰ সপক্ষে থকা কোনো ব্যক্তিয়ে অযুক্তিকৰ ৰীতি-নীতি সম্পন্ন কৰিবলৈ বাধ্য হ’লে তাক ভণ্ডামি বোলা নাযায়।
কেতিয়াবা দেখা যায় যে কঠিন সামাজিক-পাৰিবাৰিক পৰিস্থিতিৰ মাজতো কোনোবাই যুক্তিবাদৰ পথৰ পৰা আঁতৰি অহা নাই—নিজৰ মতত অবিচল হৈ থাকি তেওঁলোকে অযুক্তিকৰ প্রথা কিম্বা নিয়মৰ পৰাহে আঁতৰি আছে। নক’লেও হ’ব, এইসকল লোকৰ মানসিকতা বেলেগধৰণৰ সাহসিকতাৰে পৰিপূৰ্ণ। সেই একেই প্রাৱল্যৰ সামাজিক-পাৰিবাৰিক হেঁচা-বাধা হয়তো অন্য এজনে অগ্রাহ্য কৰিব নোৱাৰিব। এই বাস্তৱটো আমি স্বীকাৰ কৰি ল’বই লাগিব যে সকলো ব্যক্তিৰে সাহসিকতাৰ মাত্রা একেই নহয়; কোনোবাই প্রচণ্ড হেঁচাৰ মাজতো অবিচল হৈ থাকিব পাৰে, কোনোবাই হয়তো হেঁচাৰ ওচৰত—অনিচ্ছা সত্ত্বেও—নতি স্বীকাৰ কৰে। ব্যক্তিভেদে বাহ্যিক হেঁচা প্রতিৰোধী আভ্যন্তৰীণ মানসিক শক্তি বেলেগ বেলেগ মাত্রাৰ হয়; তেনে মানসিক তাৰতম্যৰ বাবে আমি বেলেগ বেলেগ পৰিণতি দেখিবলৈ পাওঁ। আৰু এটা আনুষংগিক আভ্যন্তৰীণ মানসিক কাৰক— আপোচহীনতা—তাৰ ৰেহৰূপো ব্যক্তিভেদে বেলেগ বেলেগ হয়। কোনোবাই হয়তো তেনেই কম প্রাবল্যৰ বাধাৰ মুখামুখী হ’লেই আপোচ কৰি পেলায়, কোনোবাই অবিচল হৈ ৰয় তীব্র প্রতিকূল পৰিস্থিতিৰ মাজতো। গতিকে, ব্যক্তিৰ মানসিক গঠন আৰু চৰিত্রইও নিৰ্ণয় কৰে—বাহ্যিক বাধাৰ প্রতিমুখে তেওঁলোকে দৃঢ় অৱস্থান ল’বলৈ সক্ষম হ’ব নে নহয়। ইয়াত‌ো আমি মন কৰিব লাগিব, যুক্তিবাদৰ সপক্ষে থকা কোনো লোকে—নিজৰ আপেক্ষিকভাৱে দুৰ্বল মানসিক স্থিতিৰ বাবে—অযৌক্তিক নিয়ম-নীতি পালন কৰিবলৈ বাধ্য হ’লে তাক আপোচ বুলি বিবেচনা কৰিব পাৰিলেও, তাক কদাপি ভণ্ডামি বোলা নাযাব। বিভ্রান্তিৰ উদ্ভৱ নহ’বলৈ উল্লেখ কৰি থওঁ যে আমি ইয়াত যি মানসিক শক্তিক কথা উনুকিয়াইছোঁ, সি ব্যক্তিৰ মানসিক গঠনৰ সৈতেহে সম্পৰ্কিত; পৰামনোবিদ্যা নামৰ ছদ্মবিজ্ঞানৰ মানসিক-শক্তিৰ সৈতে তাক মিহলাই পেলালে ভুল হ’ব।
যুক্তিৰ পথত আগবাঢ়িবলৈ চেষ্টা কৰা কোনো কোনো লোকে কেতিয়াবা অযুক্তিৰ আশ্রয় লোৱাৰ আঁৰত আৰু এবিধ আভ্যন্তৰীণ মানসিক কাৰকে ক্রিয়া কৰে। যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ পথৰ পথিকৰ যাত্রা অবিৰাম—প্রতিটো ক্ষণতে তেওঁলোকে চেষ্টা চলাই যাবলগীয়া হয় নিজৰ মানসিক উত্তৰণৰ বাবে। পূৰ্বৰ পৰা মনত থকা অযুক্তিকৰ পূৰ্বধাৰণা পৰিত্যাগ কৰা, নতুন তথ্য-প্রমাণৰ পোহৰত সকলো দিশ পুনৰালোচনা কৰা, নিৰ্মোহভাৱে নতুন সত্যক গ্রহণ কৰা—এইসমূহৰ বাবে নিৰন্তৰ মানসিক সংগ্রাম চলাই যাবলগীয়া হয় যুক্তিবাদীসকলে। এই বাটত কোনোবা হয়তো বহুদূৰ অগ্রসৰ হৈছে, কাৰোবাৰ হয়তো হৈছে মাত্র যাত্রাৰম্ভ। গতিকে, যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ সপক্ষে থকা লোকসকলৰ মনৰ যুক্তি আৰু বিজ্ঞান চেতনাৰ গভীৰতাত যথেষ্ট পাৰ্থক্য পৰিলক্ষিত হয়। যুক্তিচিন্তাৰ ক্ষেত্রত মানসিক পৰিশীলন চালুকীয়া অৱস্থাত থকা কোনো ব্যক্তিৰ মনৰ গভীৰলৈ শিপাই থকা অন্ধবিশ্বাসে কেতিয়াবা কোনো দুৰ্বল মানসিক মুহূৰ্ত্তত হয়তো উক্‌মুকাই উঠিবও পাৰে। যৌক্তিক মানসিক বিন্যাস অপৈণত হোৱাৰ বাবেও—ব্যক্তি এগৰাকী যুক্তিৰ সপক্ষে থকা সত্ত্বেও—কোনো দুৰ্বল মানসিক অৱস্থাত তেওঁ অযুক্তিকৰ কাম কৰি পেলাবও পাৰে। ইয়াতো বিভ্রান্তিৰ উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে বুলি আশংকা কৰি উনুকিয়াই থওঁ যে ব্যক্তিৰ মানসিক স্তৰ আৰু অৱস্থানক বাহ্যিক কাৰকসমূহৰ পৰা সম্পূৰ্ণ বিচ্ছিন্নকৈ অৱলোকন কৰিব নোৱাৰি। আলোচ্য প্রসংগতেই কথাটো চোৱা যাওক। প্রচণ্ড আৰু অবিৰত সামাজিক বাধা-হেঁচাৰ বাবে কোনো নিঃসংগ, আপেক্ষিকভাৱে দুৰ্বল মনৰ যুক্তিপথযাত্রীৰ মানসিক অৱস্থাটো অধিক বিধ্বস্ত হৈ পৰিব পাৰে। তেনে অৱস্থাত তেওঁলোকে কোনো অযুক্তিকৰ কৰ্মকাণ্ড কৰি পেলাবও পাৰে। স্পষ্টতঃ এইটো এক বিচ্যুতি হ’লেও তাক ভণ্ডামি বুলি কোৱা নাযায়।
গতিকে, যুক্তিৰ প্রতি আগ্রহীজনে কোনো অযুক্তিকৰ কাম কৰি পেলালে তাক পোনে-পোনে ভণ্ডামি বুলি অভিহিত কৰাটো কিয় ভুল, সেই কথাটো নিশ্চয় উপৰিউক্ত আলোচনাৰ পৰা স্পষ্ট হৈছে। কিন্তু বাস্তৱ কথাটো হৈছে, কোনো কোনোৱে তেনে কাৰ্যক—কোনো কাৰণানুসন্ধান নকৰি—সুবিধাবাদীৰ ভণ্ডমি বুলি তৎক্ষণাত আখ্যায়িত কৰে। এইটো মাত্র ভুলেই নহয়—ই হৈছে যুক্তিবাদী আন্দোলনৰ বাবেই এটা বৰ ক্ষতিকাৰক কথা। কিয়নো, বাহ্যিক প্রতিকূল পৰিস্থিতিৰ বাবেই হওঁক, কিম্বা নিজৰ মানসিক স্থিতিৰ বাবেই হওঁক, অথবা কোনো আন্তঃমানৱিক সম্পৰ্কৰ অনতিক্রম্য জটিলতাৰ বাবেই হওঁক—কোনো ব্যক্তিয়ে কেতিয়াবা অযুক্তিকৰ প্রথা-নিয়মৰ আগত নতি স্বীকাৰ কৰিবও পাৰে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ব্যক্তিগৰাকী চিৰদিনলৈ যুক্তিবাদৰ পথৰ পৰা আঁতৰি গৈ অন্ধকাৰ-অযুক্তিৰ বাট ল’লেগৈ। তেনেকুৱা কাৰ্য সম্পাদন কৰাত হয়তো আপোচ থাকে; কিন্তু তেনে আপোচ কৰিবলৈ মানুহক যে পৰিস্থিতিয়ে বহুক্ষেত্রত বাধ্য কৰি পেলায়, সেই কথাটোও আমি বিবেচনা কৰি চাব লাগিব। কিন্তু সাময়িকভাৱে—পৰিস্থিতিগত কাৰণত পৰি—তেনে নিৰুপায় আপোচক নিৰ্লজ্জ ভণ্ডামি বুলিলে তেনে লোকসকল যুক্তিবাদী আন্দোলনৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ সম্ভাৱনাই বেছি। আমাৰ বোধেৰে তেনে লোকসকলৰ সমস্যাবোৰ, সীমাবদ্ধতাসমূহ গভীৰ মমতা আৰু গভীৰ যুক্তিবুদ্ধিৰে বিবেচনা কৰিলেহে সি যুক্তিবাদী আন্দোলনৰ সহায়ক হ’ব।

নিৰাপদ স্থানত থাকি আস্ফালন কৰা সহজ, হেজাৰটা বাধা-হেঁচাৰ মাজত সংগ্রাম কৰা সঁচাই কঠিন। বাস্তৱৰ সমস্যাসমূহৰ প্রত্যাহ্বান গ্রহণ কৰিবলৈ সংঘবদ্ধ ৰূপত আগবাঢ়িবলৈ যত্ন কৰাটোৱেই হৈছে বাস্তৱসন্মত পন্থা। যুক্তিবাদী-বিজ্ঞানমনস্কসকলৰ সুসংগঠিত আৰু সক্রিয় সাংগঠনিক ভিত্তি আৰু কাঠামো থাকিলে, পাৰিবাৰিক-সামাজিক হেঁচা-বাধা বহুদূৰলৈ প্রশমিত কৰা সম্ভৱ হৈ পৰিব। তেনে সক্রিয় আৰু সজীৱ সংগঠনে ব্যক্তিৰ মানসিক বিচ্ছিন্নতা আৰু সামাজিক নিঃসংগতাৰ চোককো হ্রাস কৰি পেলাব। তাৰ লগে লগে, আপেক্ষিকভাৱে দুৰ্বল—মনত আপোচকামিতাৰ অৱশেষ থাকি যোৱা লোকসকলৰ বেলিকাও সংগঠিত সতীৰ্থসকলৰ উপস্থিতিয়ে তেওঁলোকৰ মানসিক শক্তি বৃদ্ধি কৰিব বুলি আশা কৰিব পাৰি। তাতোতকৈও তাৎপৰ্যপূৰ্ণ কথা, যুক্তিবুদ্ধিৰ চিন্তা-চৰ্চাত আপেক্ষিকভাৱে অনগ্রসৰ অথচ বিজ্ঞানমনস্কতাৰ প্রতি আগ্রহী লোকসকলৰ মানসিক উত্তৰণত সাংগঠনিকভাৱে একত্রিত হোৱা সতীৰ্থসকলৰ সহযোগিতাই গুৰুত্ত্বপূৰ্ণ ভূমিকা ল’বলৈ সক্ষম হ’ব।
গতিকে, যুক্তিৰ পথত আগবাঢ়িবলৈ প্রয়াস কৰা কোনো লোকে যদি কিবা অযৌক্তিক কৰ্ম কৰি পেলায়, সি অসহায়ৰ আপোচ নে ভণ্ডৰ ভণ্ডামি—তাক অতি স্পষ্টকৈ বুজি উঠাটো যুক্তিবাদী আন্দোলনৰ বাবে এটা বৰ প্রয়োজনীয় কথা। তৃতীয় উদাহৰণটোৰ যুৱক-যুৱতী দুগৰাকীৰ নিচিনাকৈ কোনোবা ট্রয়ৰ ঘোঁৰাৰ দৰে যুক্তিবাদী আন্দোলনৰ মাজত সোমাই পৰিলেও, তেওঁলোকৰ কৰ্মকাণ্ডৰ পৰা তেওঁলোক যে সুচতুৰ সুবিধাবাদী ভণ্ড—সেইটো বুজি উঠাটো বৰ এটা কঠিন নহয়। এইসকল হৈছে অসংশোধনশীল সলিসিয়ান লোক আৰু সেয়েহে যুক্তিবাদী আন্দোলনত তেওঁলোক পৰিত্যাজ্য বুলি বিবেচিত হোৱাই যুগুত। কিন্তু পৰিস্থিতিগত কাৰণত—অনিচ্ছা সত্ত্বেও—অযুক্তিকৰ কৰ্মত লিপ্ত হ’বলৈ বাধ্য কৰা নিৰুপায় লোকসকলক ভণ্ড বুলি আঁতৰাই পঠিয়ালে সি যুক্তিবাদী আন্দোলনৰ বাবে কোনোপধ্যেই সহায়ক নহ’ব। কৈ থোৱাটো ভাল হ’ব, আমি আপোচ কৰা কাৰ্যক কেতিয়াও মহিমামণ্ডিত কৰিবলৈ চেষ্টা কৰা নাই। পৰিস্থিতিগত কাৰণত কেতিয়াবা যে আপোচ এটা সামাজিক বাস্তৱ—সেই কথাটো আৰু তৎজনিত সমস্যাৰ কিছুমান দিশহে আমি এই টোকাটিত উত্থাপন কৰিছোঁ। আপোচৰ আঁৰত যে বিভিন্ন এৰাব নোৱাৰা কাৰণ থাকে, আপোচৰো যে থাকে বিভিন্ন স্তৰ—এই কথাটো আমি সকলোৱে অনুধাৱন কৰাটো বৰ দৰকাৰী। আপোচৰ কবলত পৰা ব্যক্তিক মাত্র কটূ সমালোচনা আৰু তীব্র আক্রমণ কৰিলে যে বিশেষ লাভ নহ’ব—সেই কথাটো পূৰ্বে উল্লেখ কৰিছিলোঁ। আপোচ নাইকিয়া কৰিবলৈ কিম্বা আপোচৰ মাত্রা হ্রাস কৰিবলৈ আপোচৰ আঁৰৰ কাৰকবোৰ আমি অনুধাৱন কৰি সেইমতে কাৰ্যপন্থা গ্রহণ কৰিবলৈ চেষ্টা কৰা উচিত।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *