বিবিধ চিন্তা

চাইবাৰ ক্ৰাইমচ্‌- (বৃষ্টি বৰুৱা)

মানৱ জাতি সভ্য হিচাপে জীয়াই থাকিবলৈ শিকাৰে পৰা আজিকোপতি এচাম দুষ্ট প্ৰকৃতিৰ মানুহে সহজ উপায়েৰে আনক ঠগি নিজৰ মোনাফা আদায় কৰাৰ চিন্তা সদায় কৰি আহিছে। বৰ্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যিমান দূৰ আগবাঢ়ি গৈছে তাৰ নেতিবাচক দিশটোৰ সুযোগ এচাম দুষ্ট প্ৰকৃতিৰ লোকে সদায় নিজৰ সুবিধাৰ্থে ব্যৱহাৰ কৰি আহিছে। পূৰ্বপৰিকল্পিতভাৱে আনে গম নোপোৱাকৈ মানসিকভাৱে আক্ৰমণ কৰি ব্যক্তিৰ পৰা তথ্য চুৰ কৰা এক অভিনৱ ডিজিটেল টেকনিক! যাক আমি চাইবাৰ ক্ৰাইমচ্‌ বুলি কওঁ। এনেদৰে চুৰ কৰা তথ্য বিভিন্ন ধৰণে অপপ্ৰয়োগ কৰি ভুক্তভোগীক আৰ্থিক অথবা সামাজিকভাৱে বিপদত পেলাব পাৰে।
আমাৰ লোকসকল চাইবাৰ ক্ৰাইচ্‌ৰ সাধাৰণতে বলি হোৱাৰ কিছুমান কাৰণ থাকে,যিবোৰ কাৰণে হেকাৰসকলে নিজৰ স্বাৰ্থ সহজে সিদ্ধি কৰিব পাৰে। বহু মানুহ বিভিন্নধৰণে হেকাৰৰ বলি হ’ব পাৰে। বহু ক্ষেত্ৰত আমি দেখোঁ যে লটাৰীত বহু কোটি টকা জিকা বুলি অহা ই-মেইল অথবা ম’বাইল মেচেজ আজি কালি নিচেই সহজলভ্য। কিছুমান লুভীয়া আৰু সহজে টকা ঘটা মানসিকতাৰ বাবে বহু মানুহে হেকাৰসকলৰ কবলত পৰে আৰু হেকাৰসকলে তাৰে সুযোগ লয়। কেনেবাকৈ সেই কোটি টকাৰ টোপটো এবাৰ গিলিলেই ব্যৱহাৰকাৰীৰ একাউণ্টৰ পৰা ভালেখিনি টকা ওলাই যাব পাৰে। কেৱল টকাৰ লোভেই নহয় হেকাৰসকলে ইণ্টাৰনেট ব্যৱহাৰকাৰীক বিভিন্নধৰণে প্ৰলোভিত কৰিব পাৰে। নিচেই সামান্য মূল্যত দামী বস্তুৰ ক্ৰয়ৰ সুবিধা, কম্পিউটাৰত বিনামূলীয়াকৈ এণ্টিভাইৰাছ ভৰাই দিয়াৰ লোভ, শেহতীয়া চিনেমা বিনামূলীয়াকৈ ডাউনল’ড কৰাৰ সুবিধা আদিকে ধৰি বিভিন্ন ধৰণে হেকাৰসকলে ইণ্টাৰনেটৰ সাগৰখনত টোপ দি থাকে। সেয়েহে ইণ্টাৰনেটত বিচৰণ কৰি প্ৰতিজন লোকেই চাইবাৰ জগতত দেখা পোৱা সকলো ধৰণৰ প্ৰলোভনৰ পৰা আতঁৰি থাকিব লাগে।
আকৌ কেতিয়াবা দেখা যায় এছ-এম-এছ, ৱাটছ এপ, ই-মেইল আদিৰ দ্বাৰা এজন ব্যক্তিৰ সুপৰিচিত যেন লগা কিছুমান ৱেবচাইডৰ পৰা একোটা লিংক পঠোৱা হয়। এজন ব্যক্তিলৈ যদি এটা মেইল আহে আৰু তাত যদি লিখা থাকে যে দীৰ্ঘদিন ধৰি কে ৱাই চি নিদিয়াৰ বাবে কেইঘণ্টামানৰ পাছত তেওঁৰ ই-মেইল আইডি আৰু তাৰ লগত সংযোজিত সকলোবিলাক সেৱা বন্ধ কৰি দিয়া হ’ব। কে ৱাই চি অনলাইন আপডেট কৰিবলৈ www.mail.gooogle.com/verify লিংকটো ক্লিক কৰি যাৱতীয় তথ্যখিনি দিব পাৰে। এনেক্ষেত্ৰত অধিকাংশ লোকেই সমস্যা বঢ়াই নাথাকি, বৰ বিশেষ চিন্তা নকৰাকৈয়ে উক্ত লিংকটো ক্লিক কৰিব আৰু তাৰ পাছত ওলোৱা অনলাইন প্ৰ-পত্ৰখন লৰালৰিকৈ পূৰাই দি যিমান পাৰে সিমান সোনকালে আজৰি হবলৈ চেষ্টা কৰিব। কিন্তু লৰালৰি কৰোঁতে উক্ত লিংকটোত ‘google’ শব্দটোত যে তিনিটা ‘o’ দি ‘gooogle’ বুলি লিখা আছিল সেয়া হয়টো মনেই নকৰিব। আৰু তাৰ পাছত কি হ’ব পাৰে সেয়া হয়টো কল্পনা কৰিবলৈ বৰ কঠিন নিশ্চয় নহ’ব। মাজে সময়ে বেংকৰ কে ৱাই চি অনলাইন আপডেট কৰিবলৈও এনেধৰণৰ মেইল অহা দেখা যায়।
আকৌ কেতিয়াবা ৱাটছ এপ ভিডিঅ’কলৰ যোগেদিও বহুলোক চাইবাৰ ক্ৰামচ্‌ৰ পাকচক্ৰত সোমাই পৰি দেখা যায়। এজন ভুক্তভোগী মানুহৰ বিষয়ে জানো আহক— ফেচবুকত নতুনকৈ বন্ধু হোৱা ধুনীয়া ছোৱালীজনীয়ে যোৱা কিছুদিন ধৰি মানুহজনক আচ্ছন্ন কৰি ৰাখিছে। মেচেঞ্জাৰত উত্তৰ দিয়া অলপ পলম হ’লেই তাই অভিমান কৰে। হ’ল বুলিয়েনো বাৰু মেচেঞ্জাৰটো অনবৰতে চাই থাকিব পাৰিনে? সেয়ে সেইদিনা তাই ৱাটছ এপ নম্বৰ বিচাৰিলত তেওঁ সানন্দে নম্বৰটো দিলে। তেতিয়াৰে পৰা তাই গুড মৰ্নিংৰ পৰা আৰম্ভ কৰি দিনটো কিমান যে মেচেজ দিয়ে, তাৰ হিচাপ ৰাখিবলৈ তেওঁ বাদেই দিলে। খুব কম সময়ৰ ভিতৰতে তাই সেই মানুহজনৰ সৈতে ইমান বেছি ফ্ৰী হৈ গ’ল যে, এতিয়া তাই আনক ক’ব নোৱৰাধৰণৰ একান্ত ব্যক্তিগত কথাবিলাকো তেওঁৰ লগত পাতিবলৈ লৈছে। আজি হেনো তাই ভিডিঅ’কল কৰিব। নিশা চাৰে এঘাৰ বজাত, আজৰি হৈ থাকিবলৈ কৈছে। নিশা আহাৰ খোৱাৰ পাছত মানুহজনে অফিচৰ কাম আছে বুলি কৈ এটা আচোতীয়া কোঠাত সোমাই দৰজাখন ভালদৰে মাৰি ল’লে যাতে পত্নীগৰাকীয়ে কোনো সন্দেহ নকৰে। ঠিক চাৰে এঘাৰ বজাত তাইৰ ফোন আহিল। ফ’টোত দেখাতকৈও বহু গুণে ধুনীয়া সেই ছোৱালীজনী। প্ৰথমে তাই তেওঁৰ কোঠাটো দেখুৱাবলৈ ক’লে। তাৰ পাছত ইটো সিটো কথা পতাৰ পিছত বৰ গৰম উঠিছে বুলি কৈ পিন্ধি থকা কাপোৰখিনি খুলি পেলালে। মানুহজন আচৰিত হ’ল, তেওঁৰ চকু কপালত উঠিল। তাই অনুৰোধ কৰাত তেৱোঁ নিজৰ ছাৰ্ট আৰু গেঞ্জিটো খুলি ল’লে। এইদৰে আৰু অলপ মিঠা মিঠা কথা পতাৰ পিছত পিছদিনা পুনৰ তেনেকৈ ফ’ন কৰাৰ প্ৰতিশ্ৰুতিৰে ভিডিঅ’কলৰ সামৰণি পৰিল। পিছদিনা পুৱাই দেখে যে তেওঁৰ মোবাইলত ৱাটছ এপত এটা মেছেজ আহিল। মেছেজটো সেই ছোৱালীজনীৰ। গুড মৰ্নিংৰ সৈতে এটা ভিডিঅ’। ভিডিঅ’ চাই তেওঁৰ কাণ-মূৰ গৰম হৈ গ’ল। বস্ত্ৰহীন উৰ্ধ-অংশৰে তেওঁ বহি লৈ উলংগ যুৱতীগৰাকীৰ সৈতে কথা পাতি আছে। মাজে মাজে তেওঁৰ কোঠাটো ঘূৰাই পকাই দেখুৱাইছে। এই বিলাকৰ অৰ্থ কি? কিয় ভিডিঅ’টো কৰা হ’ল? – সিফালৰ পৰা উত্তৰ আহিল– তলত দিয়া নম্বৰটোত দুঘণ্টাৰ ভিতৰত দুই লাখ টকা ভৰাই দিয়ক। নহ’লে ফেচবুকত আপোনাক টেগ কৰি ভিডিঅ’টো ভাইৰেল কৰি দিয়া হ’ব। মানুহজন জ্বৰে ঘমাদি ঘামিবলৈ ধৰিলে। কলেজত পঢ়া ল’ৰা-ছোৱালীহালে, শিক্ষয়িত্ৰী পত্নীয়ে, তেওঁৰ সহকৰ্মীসকলে, চুবুৰীয়াসকলে, আত্মীয়স্বজনে এই ভিডিঅ’টো দেখা পালে কি হ’ব বুলি ভাবি ভাবিয়েই তেওঁ পাগল হোৱাৰ উপক্ৰম হ’ল। তেওঁ পুনৰ মেছেজ দিলে। কিন্তু এইবাৰ না ফোন না মেছেজ একোৱেই নগ’ল। উপায়ন্তৰ হৈ তেওঁ আগবেলাৰ ভিতৰতে যেনে তেনে ধাৰ ঋণ কৰি হলেও ছোৱালীজনীৰ একাউণ্টত দুই লাখ টকা ভৰাই দিলে। কিন্তু কাহিনী ইমানতে শেষ নহ’ল। তাৰ পাছতো মানুহজনক ভয়-ভাবুকিৰে কাবু কৰি লৈ আজি ইমান, কালিলৈ সিমানকৈ বহু লাখ টকা সৰকোৱাৰ পাছতো তেওঁক ৰেহাই নিদিয়াত স্নায়ুৰ হেচাঁ সহ্য কৰিব নোৱাৰি এদিন মানুহজনৰ মৃত্যু হ’ল। উক্ত কহিনীৰ পৰা আমি এটা কথা ক’ব পাৰোঁ যে এজন সহজ সৰল ভদ্ৰ লোক চাইবাৰ অপৰাধীৰ কবলত পৰি নিজৰ মান সন্মান ৰাখিবলৈ গৈ নিজৰ প্ৰাণ পৰ্যন্ত হেৰুৱাব লগা হ’ল।
একেদৰে, বৰ্তমান ফ’টো লেব নামৰ এটা এপচ্‌ৰ যোগেদি যুৱতীসকল আৰু নাৰীসকল চাইবাৰ ক্ৰাইমচ্‌ৰ চিকাৰ হোৱা দেখা গৈছে, যিটো এপচ্‌ৰ যোগেদি যুৱতীসকলৰ মুখৰ অবয়বটো আন কেমেৰাৰ তুলনাত এই এপচ্‌ত ফটো মৰিলে সুন্দৰ দেখা যায়। নিজকে ধুনীয়াকৈ সাজিবলৈ নো কাৰ মন নাযায়? এই এপচ্‌টো ডাউনলোড কৰোঁতে নটিফিকেচনটো ভালদৰে পঢ়ি নোলোৱাৰ বাবে তেওঁলোক বিপদত পৰে। নিজকে ধুনীয়া সাজিবলৈ যাওঁতে ছচিয়েল মিডিয়াত এই এপচ্‌ত বনোৱা সেই ধুনীয়া ফটোখন আপলোড কৰি বিপদত পৰা দেখা যায় । যাৰ ফলত ফটোলেবৰ ফেইচটো নি বেলেগ পৰ্ণ গাৰ্লৰ ফটোৰ লগত এডজাষ্ট কৰি ভিডিঅ’ বনাই ব্লেকমেইলিং কৰা দেখা যায়। এইধৰণেও সচেতন নোহোৱাৰ বাবে বহুত যুৱতী , মহিলা এনেধৰণৰ চাইবাৰ ক্ৰাইমচ্‌ৰ বলি হোৱা দেখা যায়।
এতিয়া কথা হ’ল চাইবাৰ ক্ৰাইমচ্‌ৰ বলি হোৱাৰ পিছত ভুক্তভোগীয়ে নিজৰ অজ্ঞতাক স্বীকাৰ কৰি ভাগ্যক ধীয়াই বহি থাকিলে নহ’ব। এই অপৰাধৰ ক্ষয় ক্ষতিৰ পৰা অলপ হলেও সকাহ পাব পৰাকৈ সমাধান নথকা নহয়। চাইবাৰ অপৰাধীৰ দ্বাৰা আৰ্থিক ক্ষতি অথবা প্ৰৱঞ্চনাৰ সন্মুখীন হ’লে ততালিকে ১৯৩০ নম্বৰলৈ ডায়েল কৰিব লাগে। এইটো হৈছে জনসাধাৰণে আৰ্থিকভাৱে চাইবাৰ ঠগৰ পৰা প্ৰৱঞ্চিত হ’লে লগে লগে অভিযোগ দিব পৰা ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ। এই নম্বৰলৈ ফোন কৰি সবিশেষ জনালে সুফল লাভ কৰিব পৰা যায়।
অসমীয়াত এষাৰ কথা আছে– বাছি খাবা, জাগি শুবা বা সাৱধানীৰ মৰণ নাই বোলা কথাষাৰ মনত ৰাখি নিজকে এজন সচেতন নাগৰিক হিচাপে নৈতিকতাৰে বৰ্তমান যুগৰ লগত খাপ খাই চলিবলৈ শিকিলে এক সুস্থ সবল পৰিবেশত আমি সকলোৱে নিৰাপদে চলিব পাৰিম।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *