অসমীয়া লোকগীত: এক চমু আলোকপাত -(সূৰ্য্য বৰা)
যেতিয়া বিৰিখে দুপাতি মেলিলে
তললৈ মেলিলে শিপা।
সেইনো গছে জুপি খোজে মহাদেৱে
টোকাৰি সাজোঁগৈ দিয়া।।…
(দেহবিচাৰৰ গীত।)
আমাৰ এনে কিছু সম্পদ আছে, য’ত ভাস্বৰ হৈ উঠে জাতিটোৰ সামগ্ৰিক ঐতিহ্য, জাতীয় জীৱনচৰ্যা। ইয়াৰে এটা পূৰঠ অংশ হ’ল লোক-সংগীত। সুখৰ কথা, অসমীয়া লোক-সংগীতৰ ভঁৰালটো এনে ঐশ্বৰ্যপূৰ্ণ তথা বৈচিত্ৰ্যময় যে, চহাজীৱনৰ নিভাঁজ ভাব-ভাষাৰ এই গীতে, বকুল-খৰিকাজাঁইৰ সুবাসিত সুৰে, বৰ কম মানৱ প্ৰাণকে আলোড়িত নকৰাকৈ থাকিব পাৰে। আমি সকলোৱে শুনা এটি নিচুকনি গীতেৰে তাৰ প্ৰমাণ পাব পাৰি-
লাই হালে জালে আবেলিৰ বতাহে (এ’)
লফা হালে জালে পাতে,
আমাৰে মইনা হালিছে জালিছে
কালি দুপৰৰে * ভাতে…
(* ঠাই বিশেষে ‘দুপৰৰে’-টো আবেলিৰে বুলিও গায়।)
এটা কথা কৈ লোৱা যুগুত হ’ব, -যদিও সংগীত হ’বলৈ গীতক বাদ্যই, গীত-বাদ্যক নৃত্যই অনুসৰণ বা সংগত কৰিব লাগে আৰু সেই দৃষ্টিকোণেৰে চালে সকলো লোক-গীত সংগীত নহ’বও পাৰে, তথাপি এই লেখাত বিশেষ পাৰ্থক্য নৰখাকৈয়ে শব্দ দুটা ব্যৱহাৰ কৰা হৈছে।
আমি মন কৰিলে দেখিম- সৰহভাগ অসমীয়া আধুনিক গীতৰ আধাৰ লোক-সংগীত। হয় কথা ভাগৰ, নহয় সুৰৰ- কেতিয়াবা আকৌ উভয়ৰে। অৰ্থাৎ এইটো কোনেও উলাই কৰিব নোৱাৰে যে, আমাৰ আধুনিক সংগীতৰ যুগজয়ী বেছি সংখ্যক গীতিকাৰ, সুৰকাৰৰ সৃষ্টিক লোক-গীতৰ এই বিশাল সম্ভাৰে প্ৰভাৱান্বিত কৰি ৰাখিল বা ৰাখিছে।
এনেকি আমাৰ লোক-সাহিত্যৰো শিপাডাল লোক-সংগীততে প্ৰোথিত। এইখিনিতে লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক, ড° বিৰিঞ্চি কুমাৰ বৰুৱাদেৱৰ মন্তব্যৰ কিছু অংশ উদ্ধৃত কৰা হ’ল– “…লোকগীত আৰু লোক-সঙ্গীতৰ কোলাতেই আমাৰ লোক-সাহিত্যই উম লৈ শুই আছে। অসমীয়া ভাষাত বিবিধ লোক-গীত আৰু লোক-সঙ্গীত আছে। এইবোৰ সমগ্ৰ গাঁৱলীয়া সম্প্ৰদায়ৰ আপুৰুগীয়া সাংস্কৃতিক সম্পদ। যোজনা,সাঁথৰ আৰু সাধুকথাৰ দৰেই লোক-গীতসমূহো বৰ্তি আছে মৌখিক ঐতিহ্যৰ ওপৰত। দৰাচলতে লোক-গীত শিকাৰ বা শিকোৱাৰ কোনো পদ্ধতি নাই। এই গীতবোৰ ইপুৰুষ সিপুৰুষলৈ কাণে কাণ বাগৰি আহি আছে। লোক-গীতত সমাজৰ প্ৰত্যেক লোকেই অংশগ্ৰহণ কৰে; নগৰীয়া শিক্ষিত লোকৰ সঙ্গীতত সাধাৰণতে এনে নঘটে। গাঁৱৰ প্ৰত্যেক মুনিহ-তিৰোতাই দুই-চাৰিফাঁকি গীত জানে আৰু অৱস্থা অনুসৰি গায়, আন নহ’লেও মন দি শুনে আৰু তাৰ মাধুৰ্য উপলব্ধি কৰিব পাৰে।…”(‘অসমৰ লোক-সংস্কৃতি’-ড° বিৰিঞ্চি কুমাৰ বৰুৱা।) অসমীয়া লোক-সংগীতৰ বিবিধতাৰ-ঠাইভেদেই হওক (উজনি-নামনি) বা উপলক্ষ্য/বিষয়ভেদেই হওক (নিচুকনি গীত, আই নাম, বিয়া নাম, বিহু নাম, লখিমী আদৰা গীত, দেহ বিচাৰৰ গীত, নাৱৰীয়া বা নাও খেলোৱা গীত, মহো-হো গীত, মালিতা আদি।), প্ৰায়বোৰৰে উপভাগৰ মাজতো প্ৰেমবিষয়ক গীতৰ প্ৰাধান্য লক্ষণীয়। প্ৰসংগক্ৰমে পুনৰ ড° বৰুৱাদেৱৰ আন এটি মন্তব্য আগবঢ়োৱা হ’ল- “অধিক সংখ্যক অসমীয়া লোক-গীতৰ প্ৰধান উপজীৱ্য হ’ল প্ৰেম; সেই কাৰণে এইবোৰ গীতত বহুলভাৱে প্ৰতীকৰ প্ৰয়োগ আছে। কিয়নো প্ৰেমৰ কথা মন্ত্ৰৰ দৰে গোপনীয়। সেই ভাষাৰ অৰ্থ কেৱল প্ৰেমিক-প্ৰেমিকাৰহে উপলব্ধিৰ বিষয়। কেতবোৰ চৰাই-চিৰিকটিৰ নাম অসমীয়া লোক-গীতত সেই কাৰণে বিশেষ অৰ্থত প্ৰতীকৰূপে ব্যৱহৃত হৈছে। যেনে- মউ, মউমাখি, মইনা, কোৱা, শালিকা, ভাটৌ, কুলি, কাউৰী,ম’ৰা চৰাই, কপৌ, হাঁহ, কামচৰাই,চাকৈ-চকোৱা। মউ, মউমাখি আৰু প্ৰজাপতি সকলো দেশৰ সাহিত্যত প্ৰমৰ প্ৰতীক; সংস্কৃতত, প্ৰাকৃত সাহিত্যত ইয়াৰ উল্লেখ আছে। বিহুগীতত আছে:
চৰাই হৈ পৰিম গৈ ছালত।।
আমি জুৰণীয়া মৌ……।।ইত্যাদি।” (পূৰ্বোক্ত গ্ৰন্থৰপৰা।)
প্ৰাত্যহিক জীৱনৰ ভিন্ ভিন্ পৰিৱেশ পৰিস্থিতিত, তাহানিৰ অনাখৰী চহা লোকৰ মুখেৰে নিগৰি ওলোৱা গীত-পদবোৰত হয়তো অনুপস্থিত ব্যাকৰণৰ বান্ধ। অথচ সেয়া শ্ৰৱণ কৰি অনাবিল আনন্দ পাব পাৰি; অৱচেতন মনক জাগ্ৰত কৰিব পাৰি; গুণ গুণাই পৰিতৃপ্তি লভিব পাৰি সৰ্বোপৰি পাব পাৰি অতীতৰ সমাজ জীৱনৰ আচাৰ-আচৰণ, সামাজিক, সাংস্কৃতিক, প্ৰাকৃতিক আদি পৰিৱেশ-পৰিস্থিতিৰ আভাস। এঠাইত উনুকিয়াছোঁ যে, অসমীয়া লোক-গীতৰ প্ৰায়বোৰ শাখাৰে এক বা অধিক উপশাখাও পৰিলক্ষিত। ইয়াৰ ভিতৰত বোধকৰোঁ বিয়ানামৰে ভাগ-উপভাগৰ সংখ্যা অধিক। প্ৰসংগক্ৰমে উল্লেখ্য যে, নিচুকনি গীত, আই নাম,বিয়া নাম আদিৰ স্ৰষ্টা নিসন্দেহে নাৰী আৰু অসমীয়া লোক-গীতৰ মণি-মুকুতা সদৃশ এই শাখাকেইটিৰ জৰিয়তে অতীতৰ আনাখৰী অসমীয়া নাৰীৰ বিস্ময়কৰ তথা দেদীপ্যমান প্ৰতিভাৰো উমান পোৱা যায়।
উদাহৰণস্বৰূপে বিয়ানামৰ কেইটামান শাৰী দিয়া হ’ল:
(১) ওলাই আহাঁ শশীপ্ৰভা ৰজাৰ মহাদৈ।
শুভক্ষণে যাত্ৰা কৰি জলে আনোগৈ।।… (পানীতোলা নাম।)
(২) বহি আছা আইদেৱে মনত ৰঙ্গে কৰি।
মাকে আনিছে পানী নোৱাব সাদৰী।।…..
(নোৱনী নাম)
(৩) উজনি ৰাজ্যৰে এ গন্ধে গাঁঠিয়নে
নামনি ৰাজ্যৰে পটা হৰি
নামনি ৰাজ্যৰে পটা।
সাতো আয়তীয়ে গাঁঠিয়ন খুন্দিছে
কোনে কোনে কৰি বটা ৰাম হৰি…..।
(গাঁঠিয়ন খুন্দা নাম।)
(৪) মাৰাৰ ঘৰতে আছিলা আইদেউ
ঐ ৰাম খাই পিঠা গুৰিৰ লাড়ু।
আমাৰ ৰামচন্দ্ৰত পৰিলা আইদেউ
ঐ ৰাম পিন্ধাব সোণৰে খাৰু।।…..
(জোৰা নাম।) ইত্যাদি।
(বিয়ানামৰ শাৰীকেইটা ড° প্ৰফুল্লদত্ত গোস্বামীদেৱে সম্পাদনা কৰা ‘বাৰ মাহৰ তেৰ গীত’ পুথিৰপৰা দিয়া হ’ল।)
অসমৰ গ্ৰাম্য জীৱন লোকগীতে মুখৰিত কৰি ৰাখিছে- সেয়া জনজাতীয় সমাজেই হওক বা অ-জনজাতীয়ই হওক, বৰত, চামাংকানেই হওক বা আলি-আই-লৃগাং, ভেঁকুলী বিয়াই হওক- পুৱাৰপৰা সন্ধিয়ালৈ, সন্ধিয়াৰপৰা পুৱতি নিশালৈ অথবা জন্মৰপৰা মৃত্যুলৈ পালিত ভিন্ন লোকাচাৰ, বিভিন্ন উপলক্ষ্যত পতা উৎসৱ-পাৰ্বণৰ লগত এই গীতবোৰৰ সম্পৰ্ক অঙ্গাঙ্গি। এইখিনিতে লোক-সংস্কৃতিৰ বিশিষ্ট গৱেষক ড° প্ৰফুল্লদত্ত গোস্বামীদেৱৰ এটি মন্তব্য উল্লেখ কৰাটো প্ৰাসংগিক হ’ব- “অনাখৰী গাঁৱলীয়া লোকৰ মাজত পুৰণি কালৰ পৰা কেতবিলাক গীত-পদ চলি আহিছে। গাঁৱৰ চহা ডেকা-গাভৰুৰ লিখা-পঢ়াৰ লগত বিশেষ সম্বন্ধ নাই, কিন্তু ওঁঠত গীত-নামৰ সুৰ। পূজা-পাতলত নাম, খেতি-পথাৰত নাম, অপায়-অমঙ্গল হলে নাম…..। ” (‘বাৰ মাহৰ তেৰ গীত’-সম্পাদনা-ড° প্ৰফুল্লদত্ত গোস্বামী।)
এই গীতবোৰৰ জৰিয়তেই প্ৰকাশ পায় মানৱ মনৰ অনুভৱ। আধ্যাত্মিকতা, প্ৰকৃতি প্ৰেম, সম্প্ৰীতি, মৰম-চেনেহ, জীৱনবোধ, হাস্যৰস, নিৰ্মল বা তীৰ্যক ব্যংগ আদি এই গীত-পদবোৰৰ প্ৰধান উপাদান; সৰলতা আৰু অকৃত্ৰিমতা ইয়াৰ প্ৰধান বৈশিষ্ট্য। এই বৈশিষ্ট্য ৰক্ষা কৰি, নিভাঁজ ৰূপত লোক-সংগীতৰ চৰ্চা তথা সংৰক্ষণ কৰাতো আমাৰ সকলোৰে জাতীয় দায়িত্ব।