কেন্দ্ৰীয় নিবন্ধ

অসমৰ কৃষক বিদ্ৰোহ : এক পৰ্যালোচনা-(টুনুজ্যোতি গগৈ)

আহোম ৰাজত্বৰ পতনৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন আৰম্ভ হওঁতে প্ৰথমাৱস্থাত অসমৰ সাধাৰণ প্ৰজাই কোম্পানীৰ শাসন বেয়া পোৱা নাছিল। মানৰ অকথ্য নিৰ্যাতনৰ পৰা সকাহ পোৱাৰ লগতে পাইক প্ৰথাৰপৰাও মুক্ত হোৱাৰ বাবে তেওঁলোকে কোম্পানীৰ প্ৰতি কৃতজ্ঞতাই প্ৰকাশ কৰিছিল। কিন্তু, কোম্পানীৰ প্ৰতি প্ৰথমৰ পৰাই আহোম ৰাজ পৰিয়ালৰ ডাঙৰীয়া আৰু অন্যান্য বিষয় ববীয়াসকলে বিষোদগাৰ প্ৰকাশ কৰিছিল। কিয়নো, কোম্পানীয়ে তেওঁলোকৰ ঘৰ-বাৰীত কাম-কাজ কৰা পাইকসকলক অব্যাহতি দিয়াৰ লগতে তেওঁলোকে যুগ যুগ ধৰি ভোগ কৰা মাটি-বাৰীৰ অধিকাংশ পাইকসকলৰ মাজত ভগাই দিছিল। ভোগ কৰিবলৈ দিয়া সামান্য পৰিমাণৰ মাটিৰ ওপৰতো খাজানা লগাইছিল। পূৰ্বতে কোনোদিন পথাৰত হাল-কোৰ নমৰা বিষয় ববীয়াসকলে হঠাৎ ঠেৰুহীন অৱস্থাৰ সন্মুখীন হৈ হৃত প্ৰতিপত্তি ফিৰাই আনিবৰ বাবে হয় ব্ৰিটিছৰ সাম্ৰাজ্য বিস্তাৰ প্ৰক্ৰিয়াত সহায়-সহযোগ কৰি কোম্পানীৰপৰা সা-সুবিধা আদায় কৰিছিল, নহয় ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। লক্ষণীয় যে ব্ৰিটিছ বিৰোধীপক্ষৰ এচামৰ মাজত এক আপোচকামী চৰিত্ৰ ক্ৰিয়াশীল হৈ আছিল। তেওঁলোকে প্ৰধানতঃ নিজৰ প্ৰতিপত্তি ফিৰাই আনিবলৈহে বিদ্ৰোহ কৰিছিল, সাধাৰণ প্ৰজাৰ শোষণ মুক্তিৰ বিষয়ে বিশেষ চিন্তা কৰা নাছিল। দুই-এক বিদ্ৰোহীয়ে নিজৰ বিশ্বাসঘাতক চৰিত্ৰ উদঙাই কোম্পানীৰ ওচৰত সহজেই আপোচ কৰিছিল বাবে ব্ৰিটিছৰ পক্ষে পূৰ্বৰ আহোম ৰাজ বিষয়াসকলৰ বিদ্ৰোহ দমন কৰাটো সহজ হৈ পৰিছিল।

কোম্পানীৰ আগমনত পোনতে স্বস্তিৰ নিশ্বাস কঢ়া অসমৰ জনসাধাৰণে কম দিনৰ ভিতৰতে কোম্পানীৰ অমানৱীয় শাসন-শোষণৰ কেকোঁৰা চেপাত বিদ্ৰোহী হৈ উঠিছিল। কোম্পানীৰ সেই খাজনা শোষণৰ প্ৰতিবাদত খাটিখোৱা কৃষকসকলে অসমৰ ঠায়ে ঠায়ে ৰাইজমেল অনুষ্ঠিত কৰিছিল। উল্লেখ্য যে আহোম ৰাজত্বৰ সামন্তীয় শোষণৰ বিৰুদ্ধে সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহ আৰু ব্ৰিটিছৰ খাজনা শোষণৰ বিৰুদ্ধে সংঘটিত হোৱা কৃষক বিদ্ৰোহবোৰৰ চৰিত্ৰ প্ৰায় একেই আছিল। পূৰ্বৰ ব্ৰিটিছ বিৰোধী বিদ্ৰোহবোৰত ৰাজ পৰিয়াল বা সম্ভ্ৰান্ত শ্ৰেণীৰ নেতৃত্ব জড়িত থকাৰ বিপৰীতে ৰাইজমেলত শোষিত-নিৰ্যাতিত কৃষকসকল জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ পৰিছিল। অৱশ্যে, ঠাই বিশেষে ৰাইজৰ আৰ্থিক-সামাজিক উন্নতিৰ অৰ্থে অনুষ্ঠিত মেলসমূহৰ নেতৃত্ব স্থানীয় গোসাই, দলৈ আদি লোকসকলে নিদিয়া নহয়। এনে ৰাইজমেলসমূহেই অসমৰ কৃষক বিদ্ৰোহক এক নতুন গতি দিছিল।

১৮৫৬ চনত প্ৰথম বাৰৰ বাবে ৰহাত অনুষ্ঠিত হোৱা ৰাইজমেলত ব্ৰিটিছৰ বিৰুদ্ধে কৃষকৰ অৱদমিত ক্ষোভৰ প্ৰকাশ ঘটিছিল। তাৰ পাছত ১৮৬১ চনত নগাঁৱৰপৰা ১৪ কিলোমিটাৰ আঁতৰত অৱস্থিত ফুলগুৰি নামৰ ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। এই বিদ্ৰোহক ফুলগুৰিৰ বিদ্ৰোহ বা ফুলগুৰিৰ ধেৱা হিচাবে জনা যায়। অসমৰ কৃষক সংগ্ৰামৰ ইতিহাসত ফুলগুৰিৰ ধেৱাৰ এক বিশেষ স্থান আছে। উল্লেখ্য যে ফুলগুৰি গাঁৱত মূলতঃ তিৱা আৰু কছাৰী সম্প্ৰদায়ৰ জনজাতীয় লোকসকলে বসবাস কৰিছিল। কানি সেৱনত অভ্যস্ত ফুলগুৰিৰ বাসিন্দাসকলে প্ৰয়োজনীয় কানিখিনি নিজে খেতি কৰি উৎপাদন কৰিছিল। কিন্তু, কানি ব্যৱসায়ৰ জৰিয়তে লাভান্বিত হোৱা ব্ৰিটিছ চৰকাৰে অসমৰ কোনো লোকে ব্যক্তিগত উদ্যোগত কানি খেতি কৰাটো পচন্দ কৰা নাছিল। চৰকাৰে এখন আইন প্ৰণয়ন কৰি ব্যক্তিগত উদ্যোগত কানি খেতি কৰাটো বন্ধ কৰি দিয়ে। কানিৰ নিচা ইমান ভয়ংকৰ আছিল যে ইয়াক এবাৰ সেৱন কৰিলে পাছলৈ ত্যাগ কৰাটো খুবেই কঠিন হৈ পৰে। ফুলগুৰিৰ কানি সেৱনত অভ্যস্ত লোকসকলেও কানিৰ নিচা ত্যাগ কৰিব নোৱাৰিছিল। চৰকাৰে তেওঁলোকক অপৰ্যাপ্ত কানিৰ যোগান ধৰিলেও তেওঁলোকৰ কানি ক্ৰয় কৰিবলৈ পৰ্যাপ্ত টকা নাছিল। আৰ্থিকভাবে দুৰ্বল কৃষক ৰাইজে অধিক দামত কানি কিনি ব্যৱহাৰ কৰিব লগা হোৱাত তেওঁলোকৰ আৰ্থিক অৱস্থা বেছি শোচনীয় হৈ পৰিছিল। তদুপৰি, সেই সময়ত অসমৰ কৃষক ৰাইজে ব্যৱহাৰ কৰা পাণ-তামোলৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি প্ৰচাৰ চলিছিল।

ফুলগুৰিৰ কৃষকসকলৰ অভাৱ-অভিযোগ দাখিল কৰিবলৈ দুজনমান লোক নগাঁৱৰ জিলা বিষয়া স্কন্সৰ ওচৰলৈ গৈছিল। কিন্তু, স্কন্সে তেওঁলোকৰ অভাৱ-অভিযোগক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে দুজনমানক দিনটোৰ বাবে আটক কৰিহে ৰাখিছিল। চৰকাৰৰ এনে অপ্ৰত্যাশিত আচৰণত অসন্তুষ্ট হৈ গাঁৱৰ বৰমূৰীয়া দুজনমানে খাজনাৰ পৰিমাণ কমাবৰ বাবে অনুৰোধ কৰি উপায়ুক্তক এখন স্মাৰকপত্ৰ দিছিল। কিন্তু, সেই পদক্ষেপ সফল নহ’ল। অৱশেষত চৰকাৰৰ অন্যায় নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনোৱাৰ উদ্দেশ্যে ফুলগুৰিত এখন ৰাইজমেল আহ্বান কৰা হৈছিল। এই সম্পৰ্কত শিৱপ্ৰসাদ বৰাই লিখিছে–‘আৱেদন, অনুৰোধৰ সকলো প্ৰচেষ্টা ব্যৰ্থ হোৱাত ৰায়ত প্ৰজাই ব্ৰিটিছ চৰকাৰক কোনো কৰ-কাটল নিদিবলৈ নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰে। পাঁচদিনীয়া ৰাইজমেল অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিলে ৰায়তী প্ৰজাই। অসমৰ ইতিহাসত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো সংগঠিত প্ৰজা বিদ্ৰোহৰ সূচনা হ’ল। ১৮৬১ চনৰ ১৫ ৰ পৰা ১৯ অক্টোবৰলৈ পাঁচদিনীয়া ৰাইজমেল। সাতোৰজা, পাঁচোৰজাৰ উপৰি কামপুৰ, যমুনামুখৰপৰা নেলী, মায়ং, কুমলৈকে সকলো অঞ্চলৰে মুখিয়াল লোকসকলক ৰাইজমেললৈ আমন্ত্ৰণ জনোৱা হ’ল। একো একোটা অঞ্চলৰ গাঁৱে গাঁৱে, খেলে খেলে সৰু সৰু মেল চপাই ৰাইজমেলৰ বিষয়ে আগতীয়া আলচ কৰা হয়। পূৰ্বে প্ৰশিক্ষণপ্ৰাপ্ত ডেকা বিদ্ৰোহী সকলো সাজু হৈ পৰিল।’ (১৮৬১ চনৰ ফুলগুৰি ধেৱা আৰু মণিৰাম দেৱান, সাতসৰী, নৱেম্বৰ, ২০১৯, পৃঃ ৪৩)

১৫ অক্টোবৰৰ বিয়লিৰপৰা ফুলগুৰিৰ তিনিজোপা বৰ আঁহতৰ তলত ৰাইজমেল আৰম্ভ হৈছিল। সমবেত হৈছিল সহস্ৰ কৃষক ৰাইজ। এই মেল ভংগ কৰিবলৈ নিশাৰ ভাগত নগাঁৱৰ জিলা বিষয়াই এজন দাৰোগাৰ নেতৃত্বত কেইবাজনো আৰক্ষী ফুলগুৰিলৈ পঠিয়ালেও আৰক্ষীয়ে মেল ভংগ কৰিব পৰা নাছিল। ১৬ আৰু ১৭ অক্টোবৰতো একে স্থানতে হেজাৰ হেজাৰ লোক সমবেত হৈ বিভিন্ন আলোচনাত মিলিত হয়। ১৮ আৰু ১৯ অক্টোবৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গ’ল। ১৮ অক্টোবৰৰ পুৱা জিলা বিষয়াই লেফটেনেন্ট জি. বি. চিংগাৰৰ নেতৃত্বত ফুলগুৰিলৈ আৰক্ষীৰ দল এটা প্ৰেৰণ কৰে। চিংগাৰে ৰাইজমেলত উপস্থিত হৈ ৰাইজক হাতত লৈ থকা লাঠিবোৰ তেওঁৰ হাতত জমা দিবলৈ নিৰ্দেশ দিয়ে। এনেকি চৰম উৰ্ধতালি দেখুৱাই চিংগাৰে নিজে সেই লাঠি কাঢ়ি নিবলৈ চেষ্টা কৰাত অসন্তুষ্ট আৰু উত্তেজিত ৰাইজৰ মাজৰ এজনে তেওঁক লাঠিৰে আঘাত হানি হত্যা কৰে। সমবেত কৃষক ৰাইজে চিংগাৰৰ মৃতদেহটো চোঁচৰাই নি কলং নৈত উটুৱাই দিয়ে। ৰাইজৰ প্ৰহাৰত আন তিনিজন আৰক্ষীও থিতাতে নিহত হৈছিল। আৰক্ষীয়ে ৰাইজলৈ উদ্দেশ্যি গুলী বৰ্ষণ কৰাত সমবেত ৰাইজৰ মাজত চিঞৰ-বাখৰৰ সৃষ্টি হয়। তেওঁলোকৰ চিঞৰ-বাখৰ শুনি গোপন স্থানত লুকাই থকা ডেকা বিদ্ৰোহীসকল ওলাই আহি বিহ কাঁড় মাৰিবলৈ ধৰাত আৰক্ষীৰ দলটো পলাই-পত্ৰং দিয়ে।

এই খবৰ পোৱাৰ লগে লগে জিলা বিষয়া স্কন্সে দিনটোৰ ভিতৰতে গুৱাহাটী আৰু তেজপুৰৰপৰা সেনা বাহিনী আনি ১৯ অক্টোবৰৰ পুৱা বেলা কেপ্টেইন কেম্পবেলৰ নেতৃত্বত ফুলগুৰিলৈ ৰাইজমেল ভংগ কৰিবৰ বাবে পঠিয়ায়। সেই সময়ত ডেকা বিদ্ৰোহীসকলৰ ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত ৰাইজে আলচ কৰি আছিল। কেম্পবেলৰ নিৰ্দেশত ৫০ জনীয়া সৈন্য দলটোৱে ৰাইজক ঘেৰি ধৰি জধে-মধে গুলীয়াবলৈ ধৰে। বিদ্ৰোহীসকলে প্ৰত্যাক্ৰমণৰ কোনো সুৰুঙাই নাপালে। সেনাৰ গুলী বৰ্ষণত ৩৯ জন বিদ্ৰোহীৰ থিতাতে মৃত্যু হয়। বহু লোক গুৰুতৰভাৱে আহত হয়। খোজ কাঢ়িব পৰা ৬৬ জনক আটক কৰি নগাঁৱলৈ নিয়ে আৰু গুৰুতৰভাৱে আহত প্ৰায় ৪০০ জনক ফুলগুৰিতে বাঁহৰ গঁড়াল সাজি বন্দী কৰি থয়। ৰহাতো গঁড়াল সাজি কিছু লোকক বন্দী কৰিছিল। এনেদৰে বন্দী কৰি থোৱাসকলক বহুদিনলৈ অমানুষিক অত্যাচাৰ চলাইছিল। ব্ৰিটিছ চৰকাৰে বিচাৰ চলাই বিদ্ৰোহৰ দলপতি লক্ষণচিং ডেকাৰ লগতে তেওঁৰ দুই প্ৰধান সহযোগী চাংবৰ লালুং আৰু ৰংবৰ ডেকাক প্ৰাণদণ্ড দিয়ে। বাহু কৈৱৰ্ত, ৰূপচিং লালুং, নৰচিং লালুং, হেবেৰা লালুং, বনমালী কৈৱৰ্ত আৰু কটিয়া লালুঙক নিৰ্বাসন দণ্ড দিয়ে। ইপিনে, ৬০ জনক বিভিন্ন ম্যাদৰ সশ্ৰম কাৰাদণ্ড বিহে।

ফুলগুৰিৰ কৃষক বিদ্ৰোহে চৰকাৰী পক্ষক ভীতিগ্ৰস্ত নকৰা নহয়। এই বিদ্ৰোহে ব্ৰিটিছ প্ৰশাসনক একপ্ৰকাৰে চূড়ান্ত প্ৰত্যাহ্বানেই জনাইছিল। চৰকাৰে সেই ঘটনাৰ তদন্ত কৰিবলৈ এখন সমিতি গঠন কৰিছিল। সমিতিখনে ঘটনাটোৰ বাবে চৰকাৰী কৰ্মচাৰী কিছুমানকহে, বিশেষকৈ জিলা বিষয়া স্কন্সক জগৰীয়া কৰিছিল। সমিতিখনৰ মতে, অভিযোগ দাখিল কৰোঁতা জনকো দোষী সাব্যস্ত কৰি জেলত ভৰাই থোৱা জিলা বিষয়াজনৰ স্বেচ্ছাচাৰিতা আৰু অনীতিৰ ফলতে জনসাধাৰণৰ মাজত অসন্তুষ্টিৰ মাত্ৰা বৃদ্ধি পাইছিল। সন্দেহ নাই, ফুলগুৰিৰ ৰাইজমেলে চৰকাৰৰ ৰাজহ নীতিৰ পৰিৱৰ্তন কৰিব নোৱাৰিলেও অসমৰ গ্ৰাম্যবাসী ৰাইজৰ মাজত জাতীয় চেতনা উদ্ৰেক কৰিছিল আৰু ৰাইজক ঐক্যবদ্ধভাৱে চৰকাৰৰ অন্যায় নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ প্ৰেৰণা যোগাইছিল।

ব্ৰিটিছ চৰকাৰৰ আসোঁৱাহপূৰ্ণ ৰাজহ নীতিৰ ফলত কেৱল ৰহা বা ফুলগুৰিতেই যে বিদ্ৰোহ সূচনা হৈছিল, তেনে নহয়; নামনি অসমৰ বহু ঠাইত প্ৰজা বিদ্ৰোহ হৈছিল। ১৮৯৩ চনত অসমৰ চীফ কমিচনাৰ হিচাবে নিযুক্ত উইলিয়াম ৱাৰ্দে বিশ্বাস কৰিছিল যে অসমৰ প্ৰজাসকলৰ অধিক পৰিমাণৰ ৰাজহ দিব পৰা শক্তি আছে। গতিকে তেওঁ নামনি অসমৰ দুখনমান জিলাৰ মাটিৰ জৰীপ কৰি ৰাজহৰ পৰিমাণ ৭০ শতাংশৰপৰা ৮০ শতাংশলৈ বৃদ্ধি কৰে। তেওঁ নিম্নশ্ৰেণীৰ মাটিক উচ্চশ্ৰেণীৰ মাটি হিচাবে শ্ৰেণীভুক্ত কৰি অধিক পৰিমাণৰ খাজনা আদায়ৰ লক্ষ্যৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু, চৰকাৰৰ এনে একপক্ষীয় নীতিৰ তীব্ৰ বিৰোধিতা কৰি কৃষক ৰাইজে অসমৰ বিভিন্ন ঠাইত ৰাইজমেল অনুষ্ঠিত কৰিছিল। চৰকাৰৰ অন্যায় নীতি প্ৰত্যাহাৰৰ দাবীত কৃষক ৰাইজ মুখৰ হৈ উঠিছিল। বিশেষকৈ অবিভক্ত কামৰূপ আৰু দৰং জিলাত ৰাইজমেল অনুষ্ঠিত কৰি বৰ্ধিত হাৰত খাজনা নিদিবলৈ সংগঠিতভাবে প্ৰচাৰ কাৰ্য চলোৱা হৈছিল। ৰাইজমেলৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰা সকলক সমাজচ্যুত কৰা হ’ব বুলিও ঘোষণা কৰিছিল।

খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৃষক ৰাইজে বিভিন্ন অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ উপৰি মেলৰ সিদ্ধান্তসমূহ প্ৰতিৱেশী গাঁৱৰ লোকক সবিস্তাৰে জনাইছিল। তদুপৰি, চৰকাৰে খাজনা নিদিয়া লোকৰ মাটি-বাৰী অধিগ্ৰহণ কৰিব বিচাৰিলে সেই কাৰ্যত বাধা দিয়াৰ উদ্দেশ্যে বহু ঠাইত লাঠিধাৰী বাহিনীও গঠন কৰিছিল। ৰাইজৰ মাজত উদ্ভৱ হোৱা বিক্ষোভৰ খবৰ শুনি চৰকাৰে খাজনাৰ পৰিমাণ কিছু পৰিমাণে কমাই দিয়াৰ সিদ্ধান্ত ল’লেও ৰাইজে বৰ্ধিত হাৰৰ খাজনা সম্পূৰ্ণ বন্ধ কৰাৰ দাবী তুলিছিল। এই দাবীৰ ভিত্তিতেই ১৮৯৩ চনত ৰঙিয়াত এখন ৰাইজমেল অনুষ্ঠিত কৰা হৈছিল। কেইবা হেজাৰ লোক উপস্থিত থকা ৰাইজমেলখন ৰঙিয়াৰ আৰক্ষী উপ অধীক্ষকজনে ভংগ কৰিবলৈ চেষ্টা চলালেও সফল হোৱা নাছিল। তদানীন্তন কামৰূপ জিলাৰ উপায়ুক্ত মেক্কেবে কিছু সংখ্যক চিপাহী লৈ নিজেই ৰঙিয়াত উপস্থিত হৈছিল। ৰঙিয়াৰ আইন-শৃংখলা ৰক্ষাৰ বাবে প্ৰয়োজনীয় চিপাহী তেওঁৰ লগত নথকাৰ পাছতো তেওঁ কেইবাজনো সন্দেহজনক ব্যক্তিক আটক কৰিছিল। জিলাধিপতিৰ এনে কাৰ্যত অসন্তুষ্ট হৈ ১৮৯৩ চনৰ ১০ জানুৱাৰিত বহু লোক লগ লাগি ৰঙিয়া থানাৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰিছিল। জিলাধিপতিৰ আদেশত চিপাহীসকলে গুলীচালনা কৰি বিক্ষোভকাৰীসকলক ছত্ৰভংগ দিয়াইছিল। চৰকাৰী ভাষ্য মতে গুলী চালনাত কোনো লোক হতাহত হোৱা নাছিল। কিন্তু, স্থানীয় ৰাইজে জনাইছিল যে গুলী চালনাৰ ফলত বহুলোক আহত হোৱাৰ লগতে কেইবাজনো নিহত হৈছিল। এই ঘটনাৰ পাছত চিপাহীসকলে ৰঙিয়াত সৃষ্টি কৰা সন্ত্ৰাসৰ ফলত নিৰীহ কৃষকসকলে অকথ্য নিৰ্যাতন ভোগ কৰিব লগা হৈছিল।

অসমৰ বিভিন্ন অঞ্চলত অনুষ্ঠিত ৰাইজমেলসমূহৰ ভিতৰত অবিভক্ত কামৰূপ জিলাৰ সৰুক্ষেত্ৰী মৌজাৰ অন্তৰ্গত লাচিমাৰ উত্তৰে অৱস্থিত পানা গাঁৱত ১৮৯৪ চনৰ ১৪ জানুৱাৰিত অনুষ্ঠিত ৰাইজমেলখন অন্যতম আছিল। পানাগাঁৱৰ টুপত অনুষ্ঠিত ৰাইজমেলত কৃষক-শ্ৰমিক সকলো ব্ৰিটিছৰ বিৰুদ্ধে মাৰবান্ধি থিয় হৈছিল। উল্লেখ্য যে পানাগাঁও সৰ্থেবাৰীৰ দাতি কাষৰীয়া অঞ্চল। বহুতে কয় যে ১৩ জানুৱাৰিৰপৰা ২০ জানুৱাৰিৰ মাজৰ কোনো এটা দিনত সৰ্থেবাৰীৰ পুষ্পৰাম কঁহাৰ আৰু তেওঁৰ লগৰীয়াসকলে লাটমণ্ডল হলিৰাম মিশ্ৰ আৰু মৌজাদাৰ দাসৰাম চৌধুৰীৰ লগ ধৰি তেওঁলোকৰ খাজনাৰ পৰিমাণ কমাই দিবলৈ অনুৰোধ কৰিছিল। কিন্তু, মণ্ডল আৰু মৌজাদাৰে অনুৰোধ মানি নোলোৱাত তেওঁলোক সমবেত ৰাইজৰদ্বাৰা প্ৰহৃত হৈছিল। এই গণ প্ৰহাৰৰ ফলত পিছদিনা নিজ গৃহতে মণ্ডলৰ মৃত্যু হৈছিল।

সি যি নহওক, ২১ জানুৱাৰিৰ পানাগাঁৱৰ ৰাইজমেললৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈ ভালেমান চিপাহী-চন্তৰীসহ আহিছিল আৰু চৰকাৰৰ অনুমতি অবিহনে অনুষ্ঠিত কৰা মেলখনক অবৈধ ঘোষণা কৰি সমবেত ৰাইজক ঘৰলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিছিল। কিন্তু, সমবেত ৰাইজে মহকুমাধিপতিৰ নিৰ্দেশক অগ্ৰাহ্য কৰাত মহকুমাধিপতিয়ে লাঠি চালনাৰ নিৰ্দেশ দিয়ে। ইমানৰ পাছতো ৰাইজমেল ভংগ নহ’ল বাবে বৰদলৈয়ে পুনৰ শূন্যলৈ গুলী চালনা কৰাৰ নিৰ্দেশ দিয়ে। তেতিয়াহে ৰাইজমেল ভংগ হয় আৰু চিপাহী-চন্তৰীসকলে কেইবাজনো লোকক আটক কৰি লাচিমা গাঁৱৰ কাষতে অস্থায়ীভাৱে সজা জেলত ৰাখে। আটক ব্যক্তিসকল আছিল–ব্যাসকুছি গাঁৱৰ যোগেশ্বৰ গোস্বামী, বৰকাপলা গাঁৱৰ পুষ্প অধিকাৰী, সৰ্থেবাৰীৰ পুষ্প কঁহাৰ, নামশলা গাঁৱৰ শুদ্ধৰাম ভূঞা, কাৰাকুছিৰ ভোলানাথ শৰ্মা, হেলচাৰ হৰকান্ত শৰ্মা, বেঙাপাৰাৰ হেমচন্দ্ৰ শৰ্মা, বনিয়াকুছিৰ শিৱনাথ গোস্বামী আদি। তদুপৰি, চিপাহী-চন্তৰীসকলে অঞ্চলটোৰ বহু সন্মানিত লোকৰ ওপৰতো অত্যাচাৰ চলাইছিল। দুজনমানৰ কান্ধত যুঁৱলী লগাই হালো বাইছিল।

সৰুক্ষেত্ৰী অঞ্চলৰ গণ্য-মান্য লোকসকলৰ ওপৰত চলোৱা অকথ্য নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে পিছদিনা অনেক লোক লচিমাৰ কাষৰ চৰকাৰী জিৰণি গৃহত বাহৰ পাতি থকা মহকুমাধিপতিৰ ওচৰলৈ গৈছিল। ৰাইজে আটকাধীন ব্যক্তিসকলক বিনাচৰ্তে মুক্তি দিবলৈ দাবী জনালেও মহকুমাধিপতিয়ে সেই দাবীৰ প্ৰতি অলপো ভ্ৰুক্ষেপ নকৰিলে। তাৰ পৰিৱৰ্তে ৰাইজক ছত্ৰভংগ দিয়াবলৈ চিপাহীসকলক নিৰ্দেশ দিয়ে। মহকুমাধিপতিৰ অনুৰোধক্ৰমে উত্তেজিত ৰাইজক দমন কৰিবলৈ জিলাধিপতি মেক্কেবে অনেক সৈন্য-সামন্ত লৈ সৰুক্ষেত্ৰী অঞ্চলত উপস্থিত হয় আৰু বিভিন্ন গাঁৱৰ ভালেমান লোকক আটক কৰি পানাগাঁও টুপৰ অস্থায়ী জেলত আবদ্ধ কৰি ৰাখে। আটক কৰা লোকসকলৰ বিচাৰ কৰি পুষ্পৰাম কহাঁৰক দোষী সাব্যস্ত কৰে আৰু তেওঁক ছয় বছৰৰ কাৰাদণ্ড দিয়ে।

এই ৰাইজমেলৰ প্ৰসংগত কমল চৌধুৰীয়ে লিখিছে–‘সৰ্থেবাৰী কাঁহ নগৰী নামেৰেই আজি বিখ্যাত। … এই বৃহৎ অঞ্চলৰ মাটিভাগ আছিল দ। খেতি বাতিৰ বাবে মুঠেও উপযোগী নাছিল। ভূ-সম্পত্তি আছিল বোজাস্বৰূপ। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি আহি পৰিল মাটিৰ পট্টা দিয়াৰ ‘টেকেলি ভঙা পিয়ল’ নামৰ এক অবৈজ্ঞানিক পিয়ল পদ্ধতি। (মাটি পিয়ল কৰাৰ সময়ত দীঘল বাঁহৰ আগত মাটিৰ টেকেলি একোটাহঁত দি মাটি জোখ-মাখ কৰোঁতে ব্যৱহাৰ কৰিছিল আৰু জোখ-মাখৰ অন্তত তাক কোবাই ভাঙি পেলাইছিল। ইয়াকেই টেকেলি ভঙা পিয়ল বুলিছিল। এনেদৰে বৃটিছসকলে জধে-মধে পটা দি অধিক ৰাজহ বৃদ্ধিৰ ফান্দ পাতিছিল। চৰকাৰক বৰ্ধিত হাৰত খাজনা নিদিয়াৰ দাবীত পানাগাঁৱৰ টুপত ছহেজাৰতকৈ অধিক জনতাৰ সমাবেশ ঘটিল।… চৰকাৰে বিদ্ৰোহ দমনৰ বাবে কঠোৰ ব্যৱস্থা হাতত ল’লে। ৰচ্ছ্ৰপ্ত জন বিদ্ৰোহীক কাৰাদণ্ড বিহা হ’ল। আটাইতকৈ সৰহ দিন কাৰাবাস খাটিলে (ছবছৰ বিহা হৈছিল যদিও কলিকতা হাইক’ৰ্টত আপিল কৰাত এবছৰ ৰেহাই পালে) পুষ্পৰাম কঁহাৰে।’ (ৰাইজমেল : প্ৰথম প্ৰজা বিদ্ৰোহ, প্ৰান্তিক , ১৬ মে’, ২০০৪, পৃঃ ১৩)

সৰ্থেবাৰীত অনুষ্ঠিত ৰাইজমেলৰ এসপ্তাহৰ পাছতেই অৰ্থাৎ ১৮৯৪ চনৰ ২৮ জানুৱাৰিত দৰং জিলাৰ পথৰুঘাটত সংঘটিত হৈছিল এক ঐতিহাসিক কৃষক বিদ্ৰোহ। ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰৰ নিত্য নতুন খাজনা বৃদ্ধিত অতিষ্ঠ হৈয়ে কৃষক ৰাইজে পথৰুঘাটৰ ৰণ বা পাথৌঘাটৰ ধেৱা সূচনা কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানী চৰকাৰে অবিভক্ত দৰঙৰ কৃষকৰ ওপৰত প্ৰতিটো নাঙলৰ বিপৰীতে তিনি টকাকৈ কৰ ধাৰ্য কৰাত কৃষকসকল অসন্তুষ্ট হৈ পৰিছিল। তাৰ পাছতেই কোম্পানীয়ে মাটি পিয়ল কৰি নতুনকৈ খাজনা লগাইছিল। এনেদৰে সঘনে কৰ বৃদ্ধি হোৱাত কৃষক ৰাইজ অতিষ্ঠ হৈ পৰিছিল আৰু তেওঁলোকে বাটে-ঘাটে এই সম্পৰ্কত আলোচনা কৰি ব্ৰিটিছৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰিছিল। ৰাইজে নিজৰ মাজত আলোচনা কৰি সিদ্ধান্ত লৈছিল যে তেওঁলোকে পথৰুঘাটৰ তহচিলদাৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ বৰ্ধিত কৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাব। ইমানৰ পাছতো কোম্পানীয়ে কৃষকৰ সুবিধা-অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদি পুনৰ আন এটা জৰীপৰ কাম সম্পূৰ্ণ কৰাত কৃষকৰ ক্ষোভৰ আগ্নেয়গিৰিত বিস্ফোৰণ ঘটিল। ৰাইজে বৰ্ধিত হাৰৰ খাজনা নিদিবলৈ সিদ্ধান্ত লোৱাত তহচিলদাৰ ভৱানী ভট্টই ৰাইজক প্ৰবোধ দিলে যে ২৮ জানুৱাৰিৰ দিনা ৰাইজৰ অভাৱ-অভিযোগৰ কথা শুনিবলৈ জিলাধিপতি আহিব।

নিৰ্দিষ্ট দিনটোত পুৱাৰে পৰা শ শ কৃষক আহি পথৰুঘাটত সমবেত হ’ল। ৰাইজে আশা কৰিছিল, চৰকাৰে তেওঁলোকৰ অভাৱ-অভিযোগবোৰ সহানুভূতিৰে শুনি তেওঁলোকক বৰ্ধিত হাৰৰ খাজনাৰ পৰা ৰেহাই দিব। দৰং জিলাধিপতি এণ্ডাৰচন আৰু আৰক্ষী অধীক্ষক ৰেমচন বিশাল নিৰাপত্তা বাহিনীৰে পৰিৱেষ্টিত হৈ পথৰুঘাটলৈ আহিল। কিন্তু, তেওঁলোকে পোনেই ৰাইজৰ অভাৱ-অভিযোগ নুশুনি ডাক-বঙলাত জিৰণি ল’বলৈ প্ৰৱেশ কৰিলে। তেওঁলোকে পুৱাৰে পৰা ৰৈ থকা ৰাইজক আবেলিলৈকে সাক্ষাৎ নকৰাত ৰাইজৰ ধৈৰ্যচ্যুতি ঘটিছিল। এসময়ত তেওঁলোক নিৰাপত্তা বাহিনীক লগত লৈ ৰাইজৰ সন্মুখলৈ ওলাই আহিল আৰু ৰাইজৰ কোনো অভিযোগ নুশুনি ঘোষণা কৰিলে যে নিৰ্দিষ্ট হাৰৰ খাজনা আদায় দিবই লাগিব, কোনো কাৰণতে খাজনা ৰেহাই নিদিব। এনে এক অপ্ৰত্যাশিত ঘোষণাত ৰাইজ উত্তেজিত হৈ চাহাব দুজনৰ পিনে আগুৱাই যোৱাৰ লগে লগে ৰাইজ আৰু নিৰাপত্তা বাহিনীৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়। সশস্ত্ৰ নিৰাপত্তা বাহিনীয়ে জাঁই জাঁই গুলী বৰ্ষণ কৰাৰ বিপৰীতে নিৰস্ত্ৰ ৰাইজে মাটিৰ চপৰা, লাঠি-টাঙোন আদিৰে প্ৰত্যাক্ৰমণ চলালে। প্ৰশিক্ষণপ্ৰাপ্ত নিৰাপত্তা বাহিনীৰ অস্ত্ৰৰ সন্মুখত নিৰস্ত্ৰ ৰাইজ বেছি সময় টিকি থকাটো সম্ভৱ নাছিল। আৰক্ষীৰ গুলীত ৰচ্ছ্ৰঙ্ম জন কৃষক নিহত হোৱাৰ বিপৰীতে প্ৰায় ডেৰশ কৃষক চিৰ জীৱনৰ বাবে পংগু হৈছিল।

পথৰুঘাটৰ ৰণ বা উল্লিখিত ৰাইজমেলবোৰ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে একো একোটা শক্তিশালী গণ অভ্যুত্থান আছিল। এই ৰাইজমেলবোৰে অসমৰ ৰাজনৈতিক স্বাধীনতা সংগ্ৰামৰ ভেটি স্থাপনত যথেষ্ট অৰিহণা যোগাইছিল । চৰকাৰী আৰক্ষী বাহিনীৰ বিৰুদ্ধে কৃষক ৰাইজে কোনো শক্তিশালী নেতা বা সংগঠনৰ নেতৃত্বৰ অবিহনেও লাঠি আৰু দলিৰ চপৰাৰে সন্মুখীন হোৱাটো সঁচাই বিৰল সাহসৰ কথা আছিল। সমসাময়িক চহা কবিয়ে এই বিদ্ৰোহৰ কাহিনী লিপিবদ্ধ কৰা কিতাপখন দলিপুৰাণ নামেৰে পৰিচিত। দলি পুৰাণতে কৃষক বিদ্ৰোহত ছহিদসকলৰ একাংশৰ নাম উল্লেখ আছে। ছহিদসকল হ’ল–দোমহু শৰ্মা (ব্যাসপাৰা), বৰলিকিৰা সেখ (মুছলিমঘোপা), প্ৰাণহৰি শৰ্মা (ডাঁহী), কাটা সেখ (বৰকলিয়াঝাৰ), ঘনদেউ শৰ্মা (আলিখাপাৰা), বলী সেখ (ঘোপা), বকুল কোচ (সৰাবাৰী), বাগৰু কোচ (বৰমপুৰ), শিলেইকুছীয়া বুৰা (শিলেইকুছি), আঠিয়া কোচ (পাতিদৰং), শিশুৰাম দাস, লয়ন কোচ, ৰঙা শালৈ, জুৰণ কোচ, সৰু বাপু বেজ, ৰাতিমন, হলিৰাম, ভাঠিৰাই গাঁওবুঢ়া, তপধন ডেকা, বাগৰু কোচ, কিনাৰাম, শম্ভু কোচ আদি।

পথৰুঘাট ৰণৰ অন্য এক তাৎপৰ্য ডঃ পৰমানন্দ ৰাজবংশীয়ে এনেদৰে উল্লেখ কৰিছে–‘মুছলমান অধ্যুষিত পথৰুঘাটত হিন্দু-মুছলমানে হাতত ধৰাধৰিকৈ সংগ্ৰামত জঁপিয়াই পৰাৰ উদাহৰণ প্ৰাক্-স্বাধীনতা কালৰ আৰম্ভণি পৰ্যায়ত নিশ্চয় বিৰল আছিল। … অৰ্থনৈতিক সমস্যাত জুৰুলি-জুপুৰি হোৱা অসমৰ কৃষক ৰাইজ সেই সময়ত ধৰ্মীয় গোড়ামিৰ বহুত উৰ্দ্ধত আছিল। অৰ্থনৈতিক সমস্যাৰ লগতে পৰাধীনতাৰ গ্লানিয়ে কৃষক ৰাইজৰ অন্তৰত বিদেশী ইংৰাজৰ প্ৰতি তীব্ৰ ক্ষোভ-ঘৃণাৰ সৃষ্টি কৰিছিল। সেয়ে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অসমৰ কৃষক ৰাইজে সংঘবদ্ধভাবে ৰাইজমেলৰ জৰিয়তে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহত অৱতীৰ্ণ হৈছিল।’ (অসমৰ কৃষক বিদ্ৰোহ আৰু পথৰুঘাটৰ ৰণ; দৈনিক জনমভূমি , ২৯ জানুৱাৰি, ১৯৯৫)

ৰাইজমেলৰ দৰে কৃষক বিদ্ৰোহ মূলতঃ মধ্য আৰু নামনি অসমতহে সংঘটিত হৈছিল। উজনি অসমত হৃত স্বাধীনতা বিচাৰি ব্ৰিটিছৰ বিৰুদ্ধে কেইবাটাও বিদ্ৰোহ সংঘটিত হ’লেও কৃষক অভ্যুত্থান ঘটা নাছিল। ইয়াৰ মূল কাৰণ হ’ল, ‘উজনিত চাহ শিল্পৰ লগত জড়িত বনুৱাৰ বাবদ দিয়া ৪৮ লাখ টকা মজুৰীৰ একাংশ কৃষক ৰাইজে উৎপাদিত দ্ৰব্য-সামগ্ৰী বিক্ৰী কৰি আহৰণ কৰিছিল। তদুপৰি, নামনিৰ তুলনাত উজনিত প্ৰব্ৰজনৰ লগতে মানুহৰ সংখ্যা আছিল কম, ফলত মাটিৰ ওপৰত অত্যাধিক হেঁচা নাছিল।’ (হুছেইন বৰুৱা, ৰফিউল; স্বাধীন অসম আৰু ঐতিহাসিক পটভূমি, প্ৰথম সংস্কৰণ, ১৯৯৩, পৃ.-৩৮)

কৃষক বিদ্ৰোহবোৰ বিফল হোৱাৰ কাৰণ হিচাবে ক’ব লাগিব যে কৃষক সমাজৰ কোনো বাস্তৱসন্মত আৰু পৰিকল্পিত আঁচনি নাছিল। তেওঁলোকক নেতৃত্ব দিবলৈ নাছিল কোনো দক্ষ নেতা বা নিৰ্দিষ্ট দল-সংগঠন। অসমৰ তৎকালীন শিক্ষিত আৰু মধ্যবিত্ত শ্ৰেণীটো কৃষক-শ্ৰমিকৰ সমস্যাসমূহৰ প্ৰতি উদাসীন আছিল। ব্ৰিটিছ প্ৰশাসনৰ একান্ত অনুগত শিক্ষিত আৰু মধ্যবিত্ত শ্ৰেণীটোৱে ব্ৰিটিছৰ সৈতে সংঘাতত লিপ্ত নোহোৱাকৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতি কল্পে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিলেও শোষণ-লুণ্ঠনত জৰ্জৰিত কৃষকসকলৰ প্ৰতি কিঞ্চিৎ সহানুভূতি দেখুৱাবলৈ আহৰি পোৱা নাছিল। ইয়াৰ পৰিৱৰ্তে গুণাভিৰাম বৰুৱাৰ দৰে লেখকে ৰাইজমেলক কটাক্ষহে কৰিছিল। নতুনকৈ খ্ৰীষ্টান ধৰ্ম লোৱা নিধিলেভিয়েও ব্ৰিটিছৰ ভৃত্য হিচাবে অৰুণোদইৰ পাতত কৃষক বিদ্ৰোহক উপলুঙা কৰিছিল। অসমীয়া জাত্যভিমানীৰ বুকুৰ আপোন মিছনেৰীসকলে ফুলগুৰিৰ বিদ্ৰোহীক ‘কুসাহিয়াল নগঞাদ্ৰোহী লোক’ হিচাবে আখ্যা দিছিল।

এনেবোৰ কাৰণতে ঐতিহাসিকসকলে কৃষক বিদ্ৰোহবোৰক অসম বা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে সাঙুৰি লোৱাতকৈ ইবোৰক শোষকৰ বিৰুদ্ধে খাটিখোৱা কৃষকৰ গণ বিক্ষোভ বুলিয়েই চিহ্নিত কৰি আহিছে। উল্লেখ্য যে এই অভ্যুত্থানবোৰ স্বাধীনতাৰ দাবীত সংঘটিত নহ’লেও অভ্যুত্থানবোৰৰ বস্তুনিষ্ঠ অধ্যয়নে অসমীয়া জাতিৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামখনক এক নতুন মাত্ৰা দিব বুলি ভাবিব পাৰি। কাৰণ, তৎকালীন মধ্যবিত্ত শ্ৰেণীৰ নেতৃত্ব বা সক্ৰিয় অংশ গ্ৰহণৰ অবিহনেও সম্পন্ন হোৱা গণ অভ্যুত্থানবোৰত শ্ৰেণী সংগ্ৰামৰ লক্ষণ পৰিলক্ষিত হয়। বিদ্ৰোহী কৃষকসকলে সঠিক নেতৃত্ব পোৱা হ’লে হয়তো অসমৰ ইতিহাসৰ গতিয়েই সলনি হৈ পৰিলহেঁতেন। উল্লেখ্য যে পথৰুঘাটৰ বিদ্ৰোহৰ পাছতে লণ্ডনৰ মহাৰাণীৰ নিৰ্দেশ অনুসৰি কোম্পানীয়ে কৰ হ্ৰাস কৰিবলৈ বাধ্য হৈছিল।

সি যি নহওক, স্বাধীনতাৰ আগে আগে অসমত কৃষক বিদ্ৰোহে এক নতুন ৰূপ গ্ৰহণ কৰিছিল। ৰাজ্যখনত কমিউনিষ্ট আন্দোলন আৰম্ভ হোৱাৰ লগে লগে কমিউনিষ্ট কৰ্মীসকলে কৃষকসকলক সংগঠিত কৰিবলৈ হালোৱা সংঘ নামৰ এটা সংগঠন জন্ম দিছিল। ১৯৩৮ চনত গোলাঘাটৰ কমাৰগাঁৱত হালোৱা সংঘৰ এখন অধিৱেশন অনুষ্ঠিত হৈছিল। সেই অধিৱেশনতে ‘হালোৱা সংঘ’ নামটো বিলোপ কৰি ‘কৃষক সভা’ কৰা হয়। ইয়াৰ আগলৈকে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোনো ঠাইতে কৃষক সভা গঠন হোৱা নাছিল। লাহে লাহে বিভিন্ন ঠাইত কৃষক সভা গঠন হয় আৰু এই সভাবোৰ ১৯৪৬ চনত ঠেকেৰাগুৰিত অনুষ্ঠিত এক সন্মিলনৰ জৰিয়তে ‘অসম ৰাজ্যিক কৃষক সভা’ নামেৰে ঐক্যবদ্ধ হয়।

স্বাধীনতাৰ প্ৰাক্ ক্ষণত গোৱালপাৰা জিলাত কৃষক সভাৰ নেতৃত্বত জমিদাৰৰ বিৰুদ্ধে শ শ জনজাতীয় কৃষকে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। ‘কুঠাৰী আন্দোলন’ৰূপে পৰিচিত আন্দোলনটোৰ বিষয়ে হেমেন দাসে এনেদৰে লিখিছে–‘কুঠাৰী আন্দোলন সংগঠিত হৈছিল বাঁশবাৰী, টিপকাই, মংগলজোৰা আদিক লৈ গঠিত পৰ্বতজোৰা অঞ্চলত। … এই অঞ্চলতে আছিল বগৰীবাৰী জমিদাৰৰ এখন সংৰক্ষিত বনাঞ্চল। তাত বসবাস কৰা লোকসকলে বাঁহ, কাঠ, খেৰ আদি ব্যৱহাৰ কৰিব পাৰিছিল; কিন্তু মূল্যৱান গছ বিক্ৰী কৰিলে বিক্ৰী কৰি পোৱা ধনৰ ৬ ভাগৰ এভাগ জমিদাৰক দিব লাগিছিল। অধিক লাভৰ আশাত ১৯৪৪ চনত জমিদাৰে প্ৰচলিত নীতি ত্যাগ কৰি কাঠৰ কূপ ডাক দিয়াৰ ব্যৱস্থা কৰে। তেতিয়া মহলদাৰে বাহিৰৰ পৰা মজুৰ আনি গছ কাটিব ধৰাত স্থানীয় মানুহবোৰ– যিবোৰে গছ কাটি জীয়াই আছিল– কৰ্মহীন হ’ল। জমিদাৰ আৰু তেওঁৰ নতুন ব্যৱস্থাৰ প্ৰতি ক্ষুব্ধ লোকসকলৰ মাজত কৃষক সভা গঢ়ি তোলা হ’ল। এই কৃষক সভাৰ সদস্যসকলে হাতত কুঠাৰ লৈ গছ কাটি জীয়াই আছিল বাবে এওঁলোকৰ আন্দোলনক কুঠাৰী আন্দোলন বোলা হয়। কৃষক সভাৰ নেতৃত্বত তেওঁলোকে কাঠৰ মহলদাৰে বাহিৰৰ পৰা নিয়া মজুৰক বনাঞ্চলত প্ৰৱেশত বাধা দিলে। মহলদাৰে সংঘৰ্ষৰ পৰ্যায়লৈ নগ’ল। জমিদাৰে হুকুম দিলে যে কৃষকসকলে কাঠ কাটিব বা কাঠ কাটি গাড়ীৰে কঢ়িয়াব নোৱাৰিব। জমিদাৰৰ আদেশক প্ৰত্যাহ্বান জনাই এদিন ৩০০ খন মান গৰু গাড়ী জংগলত সুমুৱাই দিলে। জমিদাৰক সহায়ৰ বাবে পুলিচ আহে। কৃষকসকলে গছ কাটি গাড়ীত বোজাই কৰি ৰক্ত পতাকাৰে সজ্জিত কৰি জংগলৰ পৰা ওলাই আহে। দুই বছৰ ধৰি এই আন্দোলন চলিছিল। শেষত বনাঞ্চলবাসী সকলৰেই জয় হয়। ইয়াৰ প্ৰভাৱত অন্যান্য গাঁৱতো কৃষক সভাৰ সংগঠন গঢ়ি উঠিব ধৰে।’ (অসমৰ কমিউনিষ্ট আন্দোলনৰ চমু ইতিহাস; নৱযুগ প্ৰকাশন, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃ.-৪১-৪২)

১৯৪৬ চনত কাছাৰ জিলাত আধিয়াৰ কৃষকৰ তেভাগা আন্দোলন আৰম্ভ হৈছিল। চৰকাৰে আৰক্ষী বাহিনী মেলি দি আন্দোলনকাৰীৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ চলাইছিল। ১৯৪৯ চনলৈ চলা তেভেগা আন্দোলনত কৃষক নেতা মাধৱ নাথসহ পাঁচ জন কৃষকৰ মৃত্যু হৈছিল। উল্লেখ্য যে স্বাধীনতাৰ পাছত কামৰূপ জিলাৰ বেলতলা মৌজাত বিপ্লৱী কমিউনিষ্ট পাৰ্টি আৰু ট্ৰাইবেল লীগৰ নেতৃত্বত বিখ্যাত কৃষক আন্দোলন আৰম্ভ হৈছিল। লীগৰ নেতা দেবেন খাখলাৰীয়ে মাটি মালিকৰ বিৰুদ্ধে আধিয়াৰ কৃষকসকলক লৈ আন্দোলন আৰম্ভ কৰে। কৃষক শোষণৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ প্ৰস্তাৱ দি খাখলাৰীক সহযোগ কৰিছিল ধীৰেশ্বৰ কলিতা, কনক নাথ, লোহিত লহকৰ আদি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্যসকলে। উল্লেখ্য যে আন্দোলনৰ অন্য এজন অগ্ৰণী কৰ্মী আছিল কুল বসুমতাৰী ওৰফে কুল খুৰা। লীগৰ হাতৰপৰা আন্দোলনৰ নেতৃত্ব কমিউনিষ্ট পাৰ্টিৰ হাতলৈ অহাৰ পাছত পাৰ্টিৰ তত্ত্বাৱধানত বেলতলা মৌজাৰ বিভিন্ন গাঁৱত কৃষক সভা গঢ় লৈ উঠে। আগতে মাটিৰ মালিকক বিঘাই প্ৰতি চাৰি মোনকৈ ধান খাজনা দিয়া আধিয়াৰসকলে ডেৰ মোনকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আন্দোলনৰ তীব্ৰতা বাঢ়ি অহাত চৰকাৰে বেলতলা মৌজাক উপদ্ৰুত অঞ্চল হিচাবে ঘোষণা কৰে। ‘জৰিমনা আদায়ৰ বাবে ব্ৰিটিছ চৰকাৰৰ দৰে কংগ্ৰেছ চৰকাৰেও সশস্ত্ৰ পুলিচ বাহিনী নিয়োগ কৰিলে। কৃষকৰ সম্পত্তি ক্ৰোক কৰিলে। এই অৱস্থাত আন্দোলন উচ্চ পৰ্যায়লৈ লৈ যোৱাৰ বাবে গাঁৱৰ যুৱকক অস্ত্ৰ শিক্ষা দিয়াৰ বাবে কেন্দ্ৰীয় কমিটিয়ে ৰাজ্যিক কমিটিৰ অনুৰোধত জয়পাল সিঙক বেলতলালৈ পঠালে। বীৰেশ মিশ্ৰৰ লগত আলোচনা কৰি বিস্তৃত পৰিকল্পনাৰ বাবে দিন ঠিক কৰিলে। কিন্তু পিছ দিনাই নন্দেশ্বৰ তালুকদাৰ ধৰা পৰিল। ইতিমধ্যে প্ৰাণেশ বিশ্বাস, ধীৰেশ্বৰ কলিতা সহ বহু লোকক গ্ৰেপ্তাৰ কৰি জেলত ৰাখিছিল। গুৱাহাটী জেল ৰাজনৈতিক বন্দীৰে পূৰ্ণ হ’ল। চি পি আই আৰু আৰ চি পি আই– দুয়ো দলৰ কৰ্মী কাৰাৰুদ্ধ হৈ জেলত থাকে। ইফালে পুলিচৰ ক্ৰমবৰ্ধমান অত্যাচাৰত অতিষ্ঠ হৈ জনসাধাৰণ আন্দোলনৰ পৰা পিচ হোঁহকিব ধৰিলে।’ (দাস, হেমেন; পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ.-৪৩-৪৪)

বেলতলাত কৃষক আন্দোলন চলি থকাৰ সময়তে অসম চৰকাৰে আধিয়াৰ সংৰক্ষণী আইন গৃহীত কৰে। এই আইন মতে আধিয়াৰে উৎপাদিত ফচলৰ পাঁচ ভাগৰ এক ভাগ মাটিৰ মালিকক দিয়াৰ নিয়ম কৰা হৈছিল। উল্লেখ্য যে চি পি আয়ে আধিয়াৰ সংৰক্ষণী আইনখন ৰূপায়িতৰ বাবে কৃষক আন্দোলন কৰাৰ পৰিৱৰ্তে আইনখন আধিয়াৰৰ স্বাৰ্থ প্ৰতিকূলে বুলিহে সমালোচনা কৰিছিল। অৱশ্যে, পৰৱৰ্তী কালত আধিয়াৰ সংৰক্ষণী আইন প্ৰয়োগৰ দাবীত আন্দোলন গঢ়ি তুলিছিল। সেই আন্দোলনৰ সময়ত অসমৰ শাসনাধিষ্ঠ কংগ্ৰেছ চৰকাৰে আইনখনৰ বিৰোধিতা কৰা মাটিৰ মালিকৰ সপক্ষেহে থিয় দিছিল। চৰকাৰ আৰু মাটিৰ মালিক লগ হৈ শ শ আধিয়াৰ কৃষকৰ ওপৰত ভুৱা গোচৰ জাপি দিছিল। আৰক্ষীয়ে শ শ কৃষকক গ্ৰেপ্তাৰ কৰি অবৰ্ণনীয় নিৰ্যাতন চলাইছিল।

সামৰণিত দ্বিজেন বৰ্মনৰ ভাষাৰে ক’ব পাৰি যে ‘অসমৰ কৃষক বিদ্ৰোহৰ ঐতিহ্যৰ মাজত নিহিত হৈ আছে মুক্তিকামী কৃষকৰ সপোন ফলোৱাৰ উপায়। আজিও আমাৰ কৃষক সমাজ উপেক্ষিত। স্বাধীনোত্তৰ কালত লুইত আৰু ইয়াৰ উপ নৈবোৰৰ গৰাখহনীয়াত অসমৰ সমুদায় কৃষিভূমিৰ ৮ শতাংশ জাহ গৈছে। বিৰাট সংখ্যক কৃষকৰ ভেটি-মাটি নাইকীয়া হৈছে। তেওঁলোকে কাম বিচাৰি চহৰলৈ ঢাপলি মেলিছে। চৰ-চাপৰিৰ তেনে লোকসকলক বিদেশী বাংলাদেশী সজোৱাৰ প্ৰৱণতা গঢ় লৈছে। গ্ৰামাঞ্চলত থকা গৰীৱ কৃষকক চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই। এনৰেগাৰ দৰে আঁচনিৰ সুফলো তেওঁলোকে পোৱা নাই। শাসক দলৰ চেলা-চামুণ্ডাক দিয়া হৈছে জবৰ্কাড। আন আঁচনিতো ৰাজনীতিকৰণ চলিছে। … গতিকে সংগ্ৰামী চেতনাৰে জাগ্ৰত হৈ আজিৰ কৃষকে মুক্তিৰ পথ ৰচিব লাগিব।’ (অসমৰ কৃষক বিদ্ৰোহৰ ঐতিহ্য, কৃষি সংকট সন্দৰ্ভত, অসম ৰাজ্যিক কৃষক সভা, প্ৰথম প্ৰকাশ, মে’, ২০১০, পৃ.-৪৭)।

(এই লেখাটো ‘অসমৰ কৃষক বিদ্ৰোহ (১৮৬০-১৯০০) : এক ঐতিহাসিক সমীক্ষা’ শিৰোনামেৰে দৈনিক ভূমিপুত্ৰ, ২ নৱেম্বৰ, ২০০২ সংখ্যাত প্ৰথম প্ৰকাশ হৈছিল। বহু বছৰৰ পাছত লেখাটো পৰিৱৰ্ধন কৰা হৈছে।)

One thought on “অসমৰ কৃষক বিদ্ৰোহ : এক পৰ্যালোচনা-(টুনুজ্যোতি গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *