অসমত ধৰ্মৰ বিৱৰ্তন : জনজাতীয় লোকবিশ্বাসৰপৰা হিন্দুত্ববাদলৈ- (গুঞ্জন দাস)
অসমৰ সংস্কৃতিৰ ভালেখিনি উপাদান ভাৰতীয় সংস্কৃতিৰ বুনিয়াদৰ ওপৰত প্ৰতিষ্ঠিত যদিও সময়ৰ লগে লগে হোৱা উপাদানসমূহৰ বিৱৰ্তন আৰু পৰিৱৰ্তনে অসমৰ সংস্কৃতিক এক স্বকীয় ৰূপ দিছে। এই বিৱৰ্তিত সাংস্কৃতিক উপদানসমূহৰ অন্যতম হ’ল সমাজত প্ৰচলিত ধৰ্ম-বিশ্বাস আৰু ধৰ্মীয় ৰীতি-নীতি৷ গতিকে, এই আলোচনাত অসমীয়া সমাজ আৰু পৰিচয় গঠনত ধৰ্মৰ স্থান আৰু শেহতীয়াকৈ ধৰ্মৰ সৈতে সম্পৃক্ত হৈ ৰাজনৈতিক বাতাবৰণে কঢ়িয়াই অনা পৰিৱৰ্তনৰ সম্পৰ্কত আলোকপাত কৰিব বিচৰা হৈছে।
সাংস্কৃতিক একীকৰণ আৰু জনজাতীয় সমাজ
প্ৰাচীন অসমত (প্ৰাগজ্যোতিষপুৰ আৰু পাছলৈ কামৰূপ নামেৰে পৰিচিত) আৰ্য মূলৰ জন সমষ্টিৰ আগমনৰ লগে লগে ভাৰতীয় মূলৰ ধৰ্মসমূহ প্ৰৱেশ কৰে। তেওঁলোকে ইতিমধ্যে বসবাস কৰি থকা অষ্ট্ৰো-এছিয় আৰু তিব্বত-বর্মীয় ভাষিক গোষ্ঠীৰ মংগোলীয় বৰ্ণৰ লোকৰ সৈতে সংঘৰ্ষ আৰু পিছলৈ সহাৱস্থান কৰিবলৈ লয়।১ পুৰাণ-মহাভাৰতত এই পৰিঘটনাকে বৰ্ণনা কৰিবলৈ কামৰূপলৈ মধ্যদেশৰ বিদেহ ৰাজ্যৰপৰা নৰকৰ আগমন আৰু কিৰাত-ম্লেচ্চসকলক (তেওঁলোকৰ ভাষাত) পাহাৰীয়া অঞ্চল আৰু অৰণ্যলৈ ঠেলি আৰ্যসকলে সমতল ভূমি দখল কৰাৰ কথা কাহিনীৰূপত কোৱা হৈছে।২ ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। অসমৰ প্ৰাচীনতম ঐতিহাসিক পৰিঘটনাবোৰ ধৰ্মীয় কাব্য-পুৰাণত বহিৰাগতৰ দৃষ্টিকোণেৰে তেওঁলোকৰ মনোভাব আৰু ধাৰণাত খাপ খোৱাকৈ নিৰ্মিত কাহিনীবোৰৰ জৰিয়তে অনুমানহে কৰিব পৰা যায়।
হিন্দু ধৰ্ম যেতিয়া অসমত প্ৰৱেশ কৰিছিল, সেয়া আছিল ইতিমধ্যে পূৰ্বৰ ব্ৰাহ্মণ্যবাদী (Brahmanical) পৰম্পৰাৰপৰা লঘুকৃত হোৱা এক পৰম্পৰা। বৈদিক যুগৰ হিন্দুধৰ্ম, অৰ্থাৎ ব্ৰাহ্মণ্যবাদী ধাৰণা সাংস্কৃতিক আৰু সামাজিক দিশত সংকীৰ্ণ আছিল। ভাৰতৰ উত্তৰ-পশ্চিম দিশৰপৰা প্ৰবজন কৰা জন-সমষ্টিৰপৰাই উদ্ভৱ হোৱা আৰু তাৰ মাজতেই সীমাবদ্ধ থকা এই পৰম্পৰাত বৈদিক দেৱ-দেৱতাক আড়ম্বৰপূৰ্ণতাৰে হোমজুই আৰু নৈবদ্যৰে সন্তুষ্ট কৰিবলৈ বিচৰা হৈছিল।৩ বৈদিক দেৱ-দেৱতাসমূহ যেনে ইন্দ্ৰ, অগ্নি, বৰুণ, সূৰ্য, সোম, ৰুদ্ৰ আদিয়ে উপাসনাত মুখ্যস্থান পাইছিল। বৰ্ণ-ব্যৱস্থা বা বৰ্ণাশ্ৰমধৰ্মৰ ৰূপায়ণৰ প্ৰয়াস আছিল অন্যতম বৈশিষ্ট্য। অনাৰ্য মূলৰ জনগাঁথনিৰ প্ৰতি যুযুৎসু মনোভাৱ আৰু তেওঁলোকক অসুৰ, কিৰাত, ম্লেচ্চ আদি ‘অসভ্য’ জাতি বুজোৱা শব্দেৰে আৰ্যৱতৰ প্ৰান্তীয় বুলি গণ্য কৰা হৈছিল। এনে কাৰণতেই ব্ৰাহ্মণ্যবাদী পৰম্পৰা সামাজিক স্তৰৰ উচ্চ স্থানত অৱস্থান কৰা এক গোষ্ঠীৰ ব্যক্তিগত সম্পত্তিলৈ ৰূপান্তৰিত হৈছিল। ইয়াৰ বিৰোধিতাতেই উৎপত্তি হয় নতুন ধাৰাৰ৷ যেনে বৌদ্ধ আৰু জৈন ধৰ্ম।৪
ব্ৰাহ্মণ্যবাদী ধাৰাৰ অৱনতিয়ে অস্তিত্ব সংকটৰপৰা পৰিত্ৰাণ পাবলৈ হিন্দুধৰ্মক নতুনকৈ সজাই-পৰাই এক বহল সামগ্ৰিক প্ৰকৃতি ল’বলৈ বাধ্য কৰিলে। এই ধৰ্মক জনসাধাৰণমুখী কৰাৰ আৰু বৰ্ণ-বৈষম্যৰ প্ৰতি থকা উগ্ৰতা হ্ৰাস কৰি ভাৰতৰ প্ৰান্তীয় অনাৰ্য সমাজলৈ প্ৰচাৰ আৰু বিস্তাৰ কৰাৰ প্ৰয়োজন আহি পৰিল। এইদৰেই হিন্দুধৰ্মই জনজাতীয় লোক-সংস্কৃতি, লোক-বিশ্বাস আৰু জনজাতীয় দেৱ-দেৱতাৰ প্ৰতি নতুন বাখ্যা আগবঢ়ালে। অসম এটা প্ৰান্তীয় অঞ্চল হোৱা বাবে, ঘাইকৈ অনাৰ্য বা জনজাতীয় জনসাধাৰণৰ বাসভূমি হোৱা বাবে হিন্দুধৰ্মৰ এই বিৱৰ্তন অতি স্পষ্টকৈ দৃষ্টিগোচৰ হ’ল।
অসমত বৈদিক যুগৰ দেৱতাৰ উপাসনাতকৈ পৌৰাণিক দেৱতাৰহে উপাসনা বিৰাজমান। বৈদিক সাহিত্যত অসমৰ কথা উল্লেখ নাই। কিন্তু পৌৰাণিক সাহিত্যত অসমক প্ৰান্তীয় অঞ্চল হিচাপে সুকীয়া স্থান দিয়া হ’ল৷ ৰচনা হ’ল কালিকা-পুৰাণ আৰু যোগিনী-তন্ত্ৰৰ। ইয়াৰ আগতেও উত্তৰ-বৈদিক সাহিত্য, যেনে মহাভাৰতত কামৰূপকলৈ যথেষ্ট কাহিনী ৰচনা কৰা হৈছিল৷ ভগদত্তই নৰকৰ পুত্ৰ আৰু আৰ্যমুলীয় ৰজা হিচাপে মহাভাৰতত অংশ ল’লে। এই সকলো বাখ্যাত অসমক ভাৰতীয় সংস্কৃতি আৰু সভ্যতাৰ এক অংগ হিচাপে পৰিগণিত কৰিবলৈ চেষ্টা কৰাৰ উমান পোৱা যায়। হিন্দু সংস্কৃতিৰ উপাদানেৰে দিয়া কামৰূপৰ বাখ্যাৰপৰা এই কথা ধৰিব পাৰি।
হিন্দু ধৰ্মত পৌৰাণিক দেৱ-দেৱীৰ পয়োভৰ বঢ়াত বিষ্ণু আৰু ইয়াৰ দশাৱতাৰ, মূলতঃ ৰাম আৰু কৃষ্ণৰ গুৰুত্ব বাঢ়িল। ত্ৰিমূৰ্তিৰ অন্যতম শিৱয়ো মুখ্য স্থান ল’বলৈ ধৰিলে। অসমত ঘাইকৈ শিৱৰ উপাসনা জনজাতীয় সমাজত বহুল প্ৰচলন হ’ল। শিৱৰ উল্লেখ বেদত নাই।৫ শিৱৰ প্ৰকৃতি দেখি ই এক জনজাতীয় দেৱতা যেন অনুভৱ হোৱাটো স্বাভাৱিক। অসমত শৈৱধৰ্মৰ উত্থান হৈছে এই প্ৰান্তত হিন্দু ধর্মৰ প্ৰতিষ্ঠাৰ আদিতম নিদৰ্শন। কালিকা-পুৰাণত উল্লেখ কৰা হ’ল “স চ দেশঃ স্বৰাজ্যাৰ্থে পূর্বং গুপ্তচ্ছ শম্ভুনা”, অৰ্থাৎ অত্যন্ত মদ্য-মাংসৰত কিৰাতসকলে তেতিয়া এই দেশত বসতি কৰিছিল আৰু দেশখন শিৱৰ অধীনত আছিল।৬ মহেশ্বৰ নেওগৰ মতে, সেইকালত সম্ভৱতঃ কিৰাতসকলে শিৱদেৱতাক মদ্য-মাংসৰে অনাৰ্য নীতিৰে এক বিশেষ পদ্ধতিৰে পূজা কৰিছিল। তদুপৰি ইতিহাসৰ পাতত উপলব্ধ প্ৰথম তিনিটা হিন্দু ৰাজবংশ ক্ৰমে বৰ্মন, শালস্তম্ভ আৰু পাল বংশ মূলতঃ শৈৱধৰ্মী আছিল।৭
অনাৰ্যসকলে তেওঁলোকৰ জনজাতীয় দেৱতাক জনজাতীয় পদ্ধতিৰে পূজা কৰা কাৰ্যটো ব্ৰাহ্মণ্যবাদৰ সম্পূৰ্ণ বিপৰীতধৰ্মী আছিল। তথাপিও হিন্দুধৰ্মৰ ভিতৰলৈ অনিবলৈ জনজাতীয় শিৱক বেদৰ নিকটৱৰ্তী সামঞ্জস্য থকা ৰুদ্ৰদেৱতাৰ অন্য ৰূপ বুলি গণ্য কৰিলে। তদুপৰি হিন্দু ধর্মৰ সৈতে জনজাতীয় পৰম্পৰাৰ সংমিশ্ৰণত শিৱপূজাৰ নীতিও ব্ৰাহ্মণ আৰু জনজাতীয় নীতিত ভাগ হ’ল। “দৰং ৰাজবংশাৱলী”ত উল্লেখ থকা অনুসৰি কোচ ৰজা নৰনাৰায়ণে ৰাজ্যৰ উত্তৰফালৰ কছাৰীসকলক গোট খুৱাই এইদৰে ৰাজাজ্ঞা ঘোষণা কৰিছিল-
“গোহাঁইকমল আলি মধ্যে সীমা কৰি।
উত্তৰৰ ফালে আছে যতেক কছাৰী।।
সেহিফালে দেৱালয় আছে যত যত।
কোচে মেচে পুঁজিবেক মোহোৰ বাক্যত।।
দক্ষিণৰ ফালে পূজা ব্ৰাহ্মণে কৰিব।
এহি নিবন্ধনে সৱে ধৰ্ম প্ৰৱৰ্তিব।”৮
প্ৰাচীন অসমত শাক্তধৰ্মৰ উত্থান হৈছে অসমৰ সমাজত হিন্দুধৰ্মৰ প্ৰসাৰৰ অন্যতম প্ৰয়াস। পুৰাণত লিখিছে (কাল্পনিক) হেনো নৰকাসুৰেই প্ৰথমে দেৱীধৰ্ম কামৰূপত প্ৰতিষ্ঠা কৰে। ইতিহাসবিদ এইচ. এইচ. ৱিলছনে তেওঁৰ বিষ্ণু পুৰাণৰ অনুবাদ গ্ৰন্থৰ আগকথাত এই কথাই কৈছে যে শাক্ত আৰু তান্ত্ৰিক পৰম্পৰা, যি হিন্দুধৰ্মৰ ব্ৰাহ্মণ্যবাদৰপৰা বহুদূৰ আঁতৰি অহা এটা বিকৃত ৰূপ, তাৰ উৎস হৈছে অসম বা উত্তৰ-বংগ।৯ কালিকা-পুৰাণ ৰচনাৰ সময়ত (প্ৰায় খ্ৰীষ্টীয় দ্বাদশ শতিকা) শাক্তধৰ্ম বৰকৈ গা কৰি উঠিছিল। ভয়ংকৰ শৈলীৰে পূজা-পাতল কৰা এই ধৰ্মত নৰ-বলি পৰ্যন্ত প্ৰচলিত হৈছিল। প্ৰাচীন শদিয়াৰ ওচৰৰ তাম্ৰেশ্বৰী মন্দিৰ বলি-বিধানৰ বাবে জনাজাত হৈছিল।
শাক্তধৰ্মৰ অন্যতম কেন্দ্ৰ হৈছে গুৱাহাটীৰ কামাখ্যা মন্দিৰ। হিন্দু সাহিত্যই প্ৰান্তীয় অঞ্চলক ভাৰতৰ অংগ কৰিবলৈ বিভিন্ন কাল্পনিক কাহিনীৰ জন্ম দিছিল। তাৰ ভিতৰত এক উৎকৃষ্ট নিদৰ্শন হ’ল, শিৱই সতীক ভাৰতৰ প্রান্তে প্রান্তে কঢ়িয়াই নিওঁতে দেহৰ একাংশ কামৰূপত পৰা আৰু তাৰপৰাই কামাখ্যাৰ উদ্ভৱ হোৱা কাহিনী। তদুপৰি যোগিনী-তন্ত্ৰত উল্লেখ থকা অনুসৰি শিৱই পাৰ্বতীক কয় যে কামাখ্যা দেৱীৰ অনুশাসনৰ পৱিত্ৰ ক্ষেত্ৰৰ ধৰ্ম কিৰাতসকলৰ ধৰ্মৰপৰা আহিছে। মহেশ্বৰ নেওগে উল্লেখ কৰে যে কোচ ৰজা বিশ্বসিংহৰ অধীনত ব্ৰাহ্মণ পুৰোহিতে পূজা কৰাৰ আগতেই গাৰোসকলে কুকুৰা-গাহৰি আদি দি দেৱীক পূজা কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই কোৱাৰ দৰে শাক্তধৰ্মৰ তান্ত্ৰিক আচাৰ জনজাতীয় সমাজৰেই সৃষ্টি।১০ ইয়েই হিন্দুধৰ্মৰ অন্তৰ্গত হৈ পৰে আৰু হিন্দু সাহিত্যত বৃহত্তৰ হিন্দু সমাজৰূপে পৰিগণিত হয়।
অসমত বৌদ্ধধৰ্মৰ প্ৰভাৱ নাই বুলিয়ে ক’ব পাৰি যদিও যি নূন্যতম প্ৰৱেশ ঘটিছিল, সেয়াও বিকৃত হৈ বৌদ্ধৰ দৰ্শনৰ বৈশিষ্ট্য হেৰুৱাইছিল। অসমৰ বৌদ্ধদৰ্শন মুলতঃ বজ্ৰায়ন, সহজযান বা তন্ত্ৰযান ৰূপৰ। সপ্তম শতিকামনত উদ্ভৱ হোৱা বৌদ্ধধৰ্মৰ এই ৰূপত বৌদ্ধৰ বাণী নাই বুলিবই পাৰি। ই গৈ থৈ ঐন্দ্ৰজাল বিদ্যা, ৰতিশাস্ত্ৰ অথবা ভৌতিক বিদ্যা আৰু বৌদ্ধদৰ্শনৰ অদ্ভুত মিশ্ৰণ হৈ পৰিছিল। মহাপুৰুষ শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ত বৌদ্ধধৰ্মৰ বিকৃত ৰূপৰ প্ৰতি থকা বিদ্বেষ প্ৰকাশ পাইছিল দশাৱতাৰৰ এটি শ্লোকত —
“বুদ্ধ অৱতাৰে বেদ-পথ কৰি ছন।
বামানয় শাস্ত্ৰে মুহি আছা সৰ্বজন।।”১১
নৱবৈষ্ণৱ ধৰ্মৰ উত্থান আৰু জাতীয় চেতনা
অসমত তিনিওটা হিন্দু বংশৰ সময়ৰেখাত যদি শৈৱধৰ্মই প্ৰাধান্য পাইছিল, তেন্তে পাল বংশৰ পতন আৰু নৱবৈষ্ণৱ ধৰ্মৰ উত্থানৰ মাজৰ সময়ত শাক্তধৰ্মৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছিল। এনে বলিপ্ৰথা, তন্ত্ৰ-মন্ত্ৰকলৈ প্ৰতিষ্ঠিত অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু জাত-পাতে ছানি ধৰা অসমৰ জাতীয় জীৱনৰ ঐক্য আৰু সমতাৰ মূল্যবোধলৈ সংকট নামি আহিছিল। বলি-বিধানতো অন্ধ-বিশ্বাস আছিলেই, আকৌ এই বলি-প্ৰথাও সকলোৰে অৰ্হতাৰ আওতাৰ অধীনত নাছিল।
ব্ৰাহ্মণ্যবাদৰ দৰেই হিন্দুৰ এই শাক্তধৰ্মৰ ভক্তি-পদ্ধতি আছিল আড়ম্বৰপূৰ্ণ, সংকীৰ্ণ আৰু শ্ৰেণীগত দিশৰপৰা চালে বাৰুকৈয়ে বৈষম্যমূলক তথা বিভেদকামী। জাত-পাতৰ প্ৰচলনে শ্ৰেণীগত বিভেদক আৰু স্থায়ী কৰি তুলিছিল। এনে সময়ছোৱাতেই শ্ৰীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ উত্থান ঘটিছিল।১২ শংকৰদেৱৰ একশৰণবাদ সমগ্ৰ ভাৰতবৰ্ষত সেই সময়ত গঢ়ি উঠা ভক্তি-আন্দোলনৰ জোৱাৰৰ এক অন্যতম নিদৰ্শন। ভাৰতৰ তীৰ্থস্থান জগন্নাথ-বাৰণসী-অযোধ্যা ভ্ৰমণ কৰি তেওঁ বৈষ্ণৱ ধৰ্মৰ নতুন ধাৰাক অসমৰ তান্ত্ৰিক কু-সংস্কাৰ ৰোধ কৰাৰ একমাত্ৰ পথ বুলি বিবেচনা কৰিছিল। ফলস্বৰূপে অসমৰ ধৰ্মীয় ক্ষেত্ৰখনৰ বিৱৰ্তনৰ এক অতি গুৰুত্বপূৰ্ণ স্তৰ হৈ পৰে একশৰণ নামধৰ্ম। দেৱ-দেৱীৰ পৰিৱৰ্তে বিষ্ণুৰ অৱতাৰ, মূলতঃ শ্ৰীকৃষ্ণকেই কেন্দ্ৰ কৰি তাক একক আৰু বিশ্বজনীন ভগৱানৰ ৰূপ দিছিল। ইয়াৰ প্ৰমাণ আমি পাওঁ শংকৰদেৱৰ ভাগৱত-পুৰাণৰ ভাঙনিত উল্লিখিত এই শ্লোকৰপৰা,
“অন্য দেৱী দেৱঃ নকৰিবা সেৱ,
প্ৰসাদ নাখাইবা তাৰ।
মূৰ্তিকো নচাইবা, গৃহও নপশিবা,
ভক্তি হৈবে ব্যভিচাৰ।”
(ডঃ মহেশ্বৰ নেওগৰ “অসমৰ ধৰ্মৰ বুৰঞ্জী: আন্ধাৰ আৰু পোহৰ” শীৰ্ষক বক্তৃতাৰপৰা উদ্ধৃত)
ভাগবত-পুৰাণ আৰু ভাগৱত-গীতাক মুখ্যস্থান দিয়া এই ধৰ্মৰ মূল ধাৰণা আছিল বাহ্যিক আড়ম্বৰপূৰ্ণ উপাসনাৰ পৰিৱৰ্তে অন্তৰ্দৃষ্টি আৰু নিজে হৰিনাম লৈ আধ্যাত্মিক উৎকৰ্ষ সাধন। এই ধাৰাৰ অনাড়ম্বৰপূৰ্ণতাই শ্ৰেণীগত বৈষম্যৰ সমাধানৰ বাট দেখুৱাইছিল আৰু জাত-পাতৰ প্ৰতি বিৰোধিতাই সামাজিক বিভেদ আঁতৰাই ব্ৰাহ্মণ আৰু শূদ্ৰ একেলগে বহি শ্ৰৱণ-কীৰ্তন কৰিব পৰাকৈ এক বহল সমাজৰ কল্পনা কৰাইছিল। আজি অসমীয়া জাতি বুলিলে মনলৈ অহা জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে বহল অসমীয়া সমাজখনৰ কল্পনাৰ বুনিয়াদ গঢ়ি দিছিল শংকৰদেৱৰ একশৰণ নামধৰ্মই।১৩ মূলসুঁতিৰ আঁতৰত অৱস্থিত জনজাতীয় সমাজক অসমৰ জাতীয়-জীৱনৰ অংগ কৰি লোৱা হৈছিল। এইদৰে ধৰ্মৰ বিৱৰ্তনে অসমীয়া সমাজলৈ দীৰ্ঘস্থায়ী পৰিৱৰ্তন আনিলে।
ব্ৰিটিছ শাসন, স্বাধীনোত্তৰ অসম আৰু হিন্দুত্ববাদ
ঔপনিবেশিকতাই পাতনি মেলাৰ পাছত অসমীয়া সমাজৰ আধুনিকীকৰণ হ’ল। ব্ৰিটিছৰ ছত্ৰছাঁয়াত সৃষ্টি হ’ল ঘাইকৈ চাকৰিয়াল প্ৰকৃতিৰ নতুন অসমীয়া মধ্যবিত্ত শ্ৰেণী। এই শ্ৰেণীয়েই অসমীয়া ভাষাক আধুনিক ৰূপত সু-সংগঠিত কৰে। পিছে একে সময়ত এই শ্ৰেণীয়ে সমাজৰ নিম্নবৰ্গৰ জনসাধাৰণ আৰু জনজাতীয় ৰাইজৰ স্বাৰ্থৰ প্ৰতিনিধিত্ব ল’ব নোৱাৰিলে।১৪ বহুসময়ত তেওঁলোকৰ দ্বাৰা পোষিত অসমীয়া জাতীয়তাবাদৰ ধাৰণাত তেওঁলোক বাদ পৰাও দেখা গ’ল।
সৰ্বভাৰতীয় প্ৰেক্ষাপটত ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ একাংশৰপৰাই হিন্দুত্ববাদৰ জন্ম হয়। হিন্দুত্ববাদক আমি ভাৰতীয় ধৰ্মৰ বিৱৰ্তনৰ এক শেহতীয়া স্তৰ হিচাপে গণ্য কৰিছোঁ। হিন্দুত্ববাদ হিন্দুধৰ্মৰ সাজ পিন্ধা এক ৰাজনৈতিক আদৰ্শ। নৈতিক, আধ্যাত্মিক আৰু মূল্যবোধৰ দিশত হিন্দুধৰ্মৰপৰা ই বহু নিলগত অৱস্থিত। আশীস নন্দীয়ে কোৱাৰ দৰে, হিন্দুত্ববাদ ঔপনিবেশিক শাসনে সূচনা কৰা আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ অধীনত সৃষ্টি হোৱা হিন্দুধৰ্মৰ এক বিকৃত ৰূপ, যিয়ে ইয়াক পশ্চিমৰ আব্ৰাহামীয় ধৰ্মৰ বৈশিষ্ট্যৰে সজাই তুলি এক সংকীৰ্ণ, উগ্ৰ ধৰ্মপন্থাৰ সূচনা কৰে।১৫
ইতিহাসবিদ বিপান চন্দ্ৰই এই মত পোষণ কৰিছে যে বিংশ শতিকাৰ দ্বিতীয় দশকৰপৰা ভাৰতীয় স্বাধীনতা সংগ্ৰাম গান্ধীৰ নেতৃত্বত জনসাধাৰণমুখী হোৱাত পূৰ্বৰ ব্ৰিটিছভক্ত এচাম মধ্যবিত্ত শ্ৰেণীয়ে সামাজিক গুৰুত্ব হেৰুওৱাৰ উপক্ৰম হৈছিল।১৬ নিজকে প্ৰাসংগিক কৰি ৰাখি ব্যক্তিগত শ্ৰেণীস্বাৰ্থৰ পূৰণৰ বাবে তেওঁলোকে সাম্প্ৰদায়িকতাক আহিলা হিচাপে লৈছিল। এই সন্ধিক্ষণত হিন্দু মহাসভা আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ইত্যাদি অনুষ্ঠানৰ উত্থানে হিন্দুধৰ্মৰ এক নতুন বাখ্যা আগবঢ়াবলৈ ধৰিলে। ইয়াতেই হিন্দুত্ববাদৰ উৎপত্তি, এক আধুনিক আদৰ্শ হিচাপে।
হিন্দুধৰ্মৰ নতুন বাখ্যাত আছিল হিন্দু পৰিচয়ৰ ওপৰত প্ৰতিষ্ঠিত জাতীয়তাবাদী চেতনা৷ হিন্দুসকলৰ মাজত এক উমৈহতীয়া বৈৰীৰ চিনাক্তকৰণো আছিল। লগতে আধুনিক ৰাষ্ট্ৰব্যৱস্থাত ক্ষমতা অধিগ্ৰহণত সহায় কৰিব পৰাকৈ হিন্দুধৰ্মক এক সংকীৰ্ণ ধৰ্মব্যৱস্থালৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসো অন্তৰ্নিহিত আছিল। এনেবোৰ কাৰণত সাম্প্ৰদায়িকতাৰ বিষবাষ্প ভাৰতৰ চুকে-কোণে বিয়পে। মানুহে হিন্দুধৰ্ম আৰু হিন্দুত্ববাদৰ পাৰ্থক্য ধৰিব নোৱাৰি ফান্দত পৰে।
অসমত হিন্দুত্ববাদী সংগঠন ব্ৰিটিছৰ সময়ত প্ৰৱেশ কৰিছিল যদিও ১৯৮০ চনৰ অসম আন্দোলনৰ পটভূমিত ই নতুনকৈ সাৰ-পানী পাই তজবজীয়া হৈ উঠিল। আৰ. এছ. এছ., জনসংঘ আৰু পাছলৈ ভাৰতীয় জনতা পাৰ্টীৰ অংশগ্ৰহণে আন্দোলনটোক ভাষা আৰু জাতিৰ সলনি ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আন্দোলনলৈ ৰূপান্তৰ কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। বাংলাদেশী মুছলমান বা ‘মিঞা’ৰ ধাৰণাটোত এনে সাম্প্ৰদায়িক সংগঠনে বিশেষ জোৰ দিছিল। তথাপিও পৰৱৰ্তী অসমৰ ৰাজনৈতিক বাতাবৰণত বিজেপিৰ অস্তিত্ব লেখত ল’বলগীয়া নাছিল বুলিবই পাৰি। ধৰ্মনিৰপেক্ষ অসমীয়া জাতীয়তাবাদক কেন্দ্ৰ কৰি অগপৰ উত্থান আৰু অগপ আৰু কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বিতা কেইবাবছৰো চলিল। বিজেপিৰ অতি-ৰাষ্ট্রীয়তাবাদী স্বভাৱ আৰু ৰাম-কেন্দ্ৰিক এক উত্তৰ-ভাৰতীয় হিন্দু ধাৰণাই হিন্দুধৰ্মৰ প্ৰান্তীয় বিচিত্ৰতাক আওকাণ কৰাত হিন্দুত্ববাদক অসমৰ মধ্যবিত্ত সমাজে বহিৰাগত অসমীয়াৰ স্বাৰ্থবিৰোধী শক্তি হিচাপেই গণ্য কৰিছিল।
পিছে অসমত হিন্দুত্ববাদৰ বিৱৰ্তন নোহোৱাকৈ নাথাকিল। এই বিৱৰ্তনে অসমতো হিন্দুত্ববাদী চেতনাৰ বীজ সিঁচি ধৰ্মনিৰপেক্ষ জাতীয় চেতনাক দুৰ্বল কৰিলে। ডঃ হীৰেন গোহাঁইৰ ভাষাত অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে “বিজেপিৰ শেহতীয়া প্ৰভাৱ-প্ৰতিপত্তি দেখি এক হিন্দুত্ববাদী সৰ্বভাৰতীয় ৰাষ্ট্ৰীয়তাবাদৰ পিনে ঢাল লয়”।১৭ অসমীয়া সমাজত খোপনি পুতিবলৈ হিন্দুত্ববাদৰ অতি-ৰাষ্ট্রীয়তাবাদ আৰু ৰাম-কেন্দ্ৰিক সংকীৰ্ণতা আৰু উগ্ৰতা কিছু লঘু কৰা হয়। অসমীয়া সমাজ পুনৰবাৰ সাংস্কৃতিক একীকৰণ বা সংমিশ্ৰণৰ বলি হয়। এইবাৰৰ একীকৰণ কিন্তু অতি ভয়াবহ। প্ৰাচীন সাংস্কৃতিক একীকৰণে যদি সুকীয়া অসমীয়া পৰিচয়ৰ সৃষ্টি কৰিছিল, হিন্দুত্ববাদী শিবিৰৰ অধীনৰ এই একীকৰণত অসমৰ স্বকীয় পৰিচয় আৰু সংস্কৃতি মৃত্যুৰ দুৱাৰদলি পাবগৈ।
হিন্দুত্ববাদ অসমত প্ৰৱেশ কৰিছে অসমীয়া জাতীয়-জীৱনৰ প্ৰতীকসমূহৰ চুৰিৰ জৰিয়তে। শংকৰদেৱ, বীৰ লাচিতক হিন্দু জাতীয়তাবাদৰ অংগ হিচাপে প্ৰচাৰ ইয়াৰ অন্যতম উদাহৰণ।১৮ আৰ. এছ. এছ.ৰ প্ৰয়াসত শংকৰদেৱৰ নামেৰে অনুষ্ঠানৰ জন্ম (যেনে শংকৰদেৱ বিদ্যা নিকেতন) বা বীৰ লাচিতক মুছলমানৰ বিৰুদ্ধে যুঁজা হিন্দু বীৰ হিচাপে জনমত গঠনৰ প্ৰয়াসে অসমৰ বাতাবৰণত সাম্প্ৰদায়িকতা বিয়পাইছে।১৯ মধ্যবিত্ত হিন্দু অসমীয়া শ্ৰেণী ইয়াতেই ভোল গৈ অসমীয়া জাতীয়তাবাদৰ প্ৰতিনিধি হিচাপে সংঘ পৰিয়ালকে বাছি লৈছে। অসম আন্দোলনত অসমীয়া জাতীয় চেতনাৰ বাবে যুঁজ দিয়া তৰুণ-তৰুণীয়েই ৪০ বছৰৰ পাছত এগৰাকী আদহীয়া মধ্যবিত্ত অসমীয়া হিচাপে বিজেপিক চৰকাৰ গঠন কৰিবলৈ বাছনি কৰিছে। অসমীয়া জাতীয় সংগঠন আৰু হিন্দুত্ববাদী সংগঠনৰ মাজত জাতীয় প্ৰতীকসমূহকলৈ হোৱা টনা-আঁজোৰাত অসমীয়া জাতীয় অনুষ্ঠান তেনেই দুৰ্বল হৈছে। ফৰাচী সমাজবিজ্ঞানী দুভেৰ্জেৰে কৈছিল যে FPTP (First Past The Post) নিৰ্বাচন ব্যৱস্থাত বহুদলীয় গণতন্ত্ৰ হ’লেও মূল যুদ্ধ গৈ থৈ দুটা দলৰ মাজতেই হয়।২০ গতিকে অসমতো আঞ্চলিক দলৰ পয়ালগা ৰূপ দেখি পূৰ্বতে ভোট দিয়া মধ্যবিত্ত হিন্দু অসমীয়াই বিজেপিকে কংগ্ৰেছৰ বিকল্প হিচাপে বাছি লৈছে। হিন্দুত্ববাদৰ বিকেন্দ্ৰীকৰণ আৰু অসমীয়া জাতীয়তাবাদৰ প্ৰতি সহানুভূতিশীল হৈ দেখুওৱাৰ অন্তৰালত থকা সম্প্ৰসাৰণকাৰী অভিসন্ধি অসমীয়াই এতিয়াও যেন ভালদৰে বুজি উঠা নাই। এই ষড়যন্ত্ৰ মাজে মাজে বিভিন্নধৰণে দৃষ্টিগোচৰ হয়। অনাহকত অসমৰ স্বাৰ্থৰ সৈতে কোনো সম্পৰ্ক নথকা হিন্দুত্ববাদীক (শ্যামাপ্ৰসাদ মুখাৰ্জী বা দীনদয়াল উপাধ্যায়) লৈ হোৱা বিতৰ্ক ইয়াৰ চিন। অসমৰ বিজেপি নেতৃবৃন্দই সেইসকল ব্যক্তিৰ প্ৰতি ৰাজহুৱাকৈ দেখুওৱা অতিভক্তি-শ্ৰদ্ধাঞ্জলিয়েও ৰাজনৈতিক বাতাবৰণত হোৱা পৰিবৰ্তনবোৰ মুক্তভাবে প্ৰকাশ কৰিছে।
বৰ্তমান অসমীয়া সমাজে হিন্দু আৰু হিন্দুত্বৰ পাৰ্থক্যৰ বিষয়ে জনা উচিত। হিন্দুত্ববাদৰ পূৰ্বৰ প্ৰকৃতিয়ে প্ৰান্তীয় অঞ্চলত জনপ্ৰিয়তা লাভ নকৰাত ই প্ৰান্তীয় সমাজৰ প্ৰয়োজন পূৰ কৰিব পৰাকৈ কিদৰে বিৱৰ্তিত হৈ প্ৰৱেশ কৰিছে তাক বিবেচনা কৰা উচিত। অসমীয়া জাতীয়তাবাদ বৃহত্তৰ হিন্দু জাতীয়তাবাদৰ অংগ হৈ পৰাটো মুঠেই সমীচীন নহ’ব।
অসমৰ সমাজ-জীৱনত ধৰ্মৰ বিৱৰ্তনৰ চকা নিৰন্তৰ ঘূৰিছে। সমাজ আৰু ৰাজনীতিলৈ অহা পৰিৱৰ্তনে ধৰ্মৰ ধাৰাতো যে পৰিৱৰ্তন আনে, তাক আমি ঐতিহাসিক পৰিঘটনাৰ এনে বিশ্লেষণৰ জৰিয়তে অনুধাৱন কৰিব পাৰোঁ। এই বিৱৰ্তনবোৰত নিহিত হৈ থাকে এক ক্ষমতাৰ সমীকৰণ। দুটা বিপৰীত পক্ষৰ সংঘৰ্ষৰ মাজেৰে বিৱৰ্তন আহে। এই সংঘৰ্ষত অধিক ক্ষমতাশীল পক্ষই বিৱৰ্তনৰ ৰূপ নিৰ্ধাৰণ কৰে। প্ৰাচীন অসমত জনজাতীয়সকলৰ হিন্দুকৰণ ইয়াৰেই প্ৰতিফলন। ঠিক সেইদৰে বৰ্তমান সময়ত অসমীয়া সমাজৰ হিন্দুত্বকৰণ আৰু নিৰপেক্ষ অসমীয়া পৰিচয়ৰ ভেঁজালিকৰণ সৰ্বভাৰতীয় হিন্দুত্ববাদী শক্তিৰ প্ৰভাৱৰ বাহিৰে আন একো নহয়। এইদৰে সংমিশ্ৰণ আৰু একীকৰণ চলি আহিছে। শেহতীয়া একীকৰণে অসমৰ সুকীয়া জাতীয় পৰিচয়লৈযে অন্ধকাৰ আনিব, সেয়া ধুৰূপ।
গ্ৰন্থপঞ্জী:
১. গেইট, এডৱাৰ্ড, Prehistoric And Traditional Rulers, A History of Assam, সুৰজিৎ প্ৰকাশন, অষ্টম প্ৰকাশ, ২০১৫
২.বৰুৱা, ডঃ বিৰিঞ্চি কুমাৰ, Introduction to Brahmanical Creeds, A Cultural History of Assam (Early Part), বীণা লাইব্ৰেৰী, পঞ্চম প্ৰকাশ, ২০১১, পৃষ্ঠা ১৬৩
৩.Basham, Arthur L., Religion: Cults, Doctrines & Metaphysics, The Wonder that Was India, Grove Press: New York, Sixteenth Edition, Page: 239
৪. ঐ , পৃষ্ঠা: ২৫৬
৫. ঐ, পৃষ্ঠা: ৩০৭
৬. নেওগ, ডঃ মহেশ্বৰ, অসমৰ ধৰ্মৰ বুৰঞ্জী: আন্ধাৰ আৰু পোহৰ, মহেশ্বৰ নেওগৰ ৰচনাৱলী, পৃষ্ঠা ২৪৯
৭. নেওগ, ডঃ মহেশ্বৰ, Religions of the North-East, নতুন দিল্লী, ১৯৮৪, পৃষ্ঠা: ৪-৫
৮. নেওগ, ডঃ মহেশ্বৰ, অসমৰ ধৰ্মৰ বুৰঞ্জী: আন্ধাৰ আৰু পোহৰ, মহেশ্বৰ নেওগৰ ৰচনাৱলী, পৃষ্ঠা: ২৫১
৯. Wilson, H. H., Introduction, The Vishnu Purana, Christian Literature Society, 1895
১০. বৰুৱা, ডঃ বিৰিঞ্চি কুমাৰ, Shaktism, A Cultural History of Assam (Early Part), বীণা লাইব্ৰেৰী, পঞ্চম প্ৰকাশ, ২০১১, পৃষ্ঠা ১৬৯
১১. নেওগ, ডঃ মহেশ্বৰ, অসমৰ ধৰ্মৰ বুৰঞ্জী: আন্ধাৰ আৰু পোহৰ, মহেশ্বৰ নেওগৰ ৰচনাৱলী, পৃষ্ঠা: ২৪৭
১২. ঐ, পৃষ্ঠা: ২৬৬
১৩. ঐ, পৃষ্ঠা: ২৬৯
১৪. মহন্ত, ডঃ প্ৰফুল্ল, অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস প্ৰসংগ, জানকী প্ৰকাশন, প্ৰথম প্ৰকাশ, ১৯৯৪
১৫. Nandy, Ashis, Bonfire of Creeds: The Essential Ashis Nandy, Oxford University Press, 2004
১৬. Chandra, Bipan, Rise and Growth of Communalism, India’s Struggle for Independence, Penguin Books, 2016, Page: 398
- গোহাঁই, ডঃ হীৰেন, অসমীয়া মধ্যবিত্তৰ সংকট, পৰম্পৰা আৰু আধুনিকতা, বনলতা, ২০১৫, পৃষ্ঠা: ১১৪-১১৫
- Dutta, Dr. Akhil Ranjan, From the ‘Rainbow’ to ‘Saffron’, Hindutva Regime in Assam: Saffron in the Rainbow, Sage Publications, 2021, Page: 31
১৯. ঐ, পৃষ্ঠা: ৩১
২০. Duverger, Maurice, Political Parties: Their Organization and Activity in the Modern State, Wiley, 1963
সময়োপযোগী হৈছে।