কেন্দ্ৰীয় নিবন্ধ

পেলেষ্টাইনৰ স্বাধীনতা : মার্কিন অভিযন্তাৰ প্ৰাণাহুতি ইত্যাদি  (প্ৰদীপ শ‍ইকীয়া)

মার্কিন যুক্তৰাষ্ট্ৰৰ ডলাৰ আৰু অস্ত্ৰই গাজাত যি নৰসংহাৰ কৰিছে সেই দৃশ্য অত্যন্ত ভয়াৱহ আৰু হৃদয়বিদাৰক, কোনো শব্দৰেই বৰ্ণনা কৰিব নোৱাৰি। স্বাস্থ্যবান শিশুসকলৰ দেহা ৰক্তাক্ত, ছিন্ন-ভিন্ন। মাতৃৰ কোলাত সন্তানৰ নিঠৰ দেহ। পিতৃৰ কোলাত সন্তানে মৃত্যুক সাৱতি লৈছে; কোনোবা হস্পিতাললৈ গৈ থাকোতেই মৃত্যুক আঁকোৱালি লৈছে। কোনোবাই খোজকাঢ়ি থাকোতেই মিছাইলৰ আঘাতত ঢলি পৰিছে, বোমাৰ আঘাতত ডাঙৰ ডাঙৰ ইমাৰত চূৰ্ণ-বিচূৰ্ণ হৈছে। ধূলি-কংক্রিটৰ টুকুৰাই ঘৰৰ ভিতৰত শুই থকা মানুহক চেপেটা কৰি দিছে। এই গোটেই দৃশ্যবোৰ দেখিলে গাৰ নোম শিঁয়ৰি উঠে। স্বাধীনতাকামী পেলেষ্টাইনীসকলক নিৰ্মূল কৰিবলৈ সাম্ৰাজ্যবাদী দেশ আমেৰিকা, ইংলেণ্ড আৰু ফ্রান্সে ইজৰাইলক সকলো প্ৰকাৰে সহায় কৰিছে। সেই সহায় লাভ কৰি ইজৰাইলৰ চৰকাৰে প্ৰতিদিনেই পেলেষ্টাইনীসকলৰ ওপৰত বোমা মিছাইল আৰু গুলী বৰ্ষণ কৰিছে। এতিয়ালৈকে নিহত পেলেষ্টাইনীৰ সংখ্যা ৪০,০০০-ৰ বেছি। ইয়াৰে ১৬০০০-ৰ অধিক শিশু, ২৫,০০০-গৰাকী নাৰী। ৭০,০০০ হাজাৰ লোক আঘাতপ্ৰাপ্ত। ড্রোনেৰে শিশুৰ নকল ক্ৰন্দন সৃষ্টি কৰি মানুহক ক্ৰন্দনৰ উৎসলৈ টানি আনে। তেতিয়া ইজৰাইলী সেনাই সমবেত মানুহক লক্ষ্য কৰি মিছাইল বা গুলি বর্ষণ কৰি মানুহ হত্যা কৰে। আনকি ইজৰাইলৰ নৰ-চিকাৰীহঁতে খাদ্য দোকানত খাদ্যৰ বাবে শাৰী পাতি থিয় হৈ থকা পেলেষ্টাইনী লোকৰ ওপৰত ধাৰাসাৰ গুলী বৰ্ষণ কৰি শ শ লোকক হত্যা কৰিছে। এই হত্যাকাণ্ডৰ নাম Flour Massacre। সিহঁতে গাজা ষ্টিপত হত্যা কৰিছে চিকিৎসাধীন ৰোগীক, ভাঙি দিছে স্কুল ঘৰ, বিশ্ববিদ্যালয়, হস্পিতেল আদি। গাজাৰ পেলেষ্টাইনীসকলক নির্মূল কৰিবলৈ বাইডেনে ১৬.৫ বিলিয়ন ডলাৰ যোগান ধৰিছে।

হিটলাৰে কনচেনট্ৰেছন কেম্প সাজিছিল দেৱালত আৱদ্ধ কৰি; কিন্তু নেতান্যাহুৰ কনচেনট্ৰেচন কেম্প মুকলি আকাশৰ তলত—যাৰ নাম হৈছে গাজা। নেতান্যাহুই গাজাবাসীক অনাহাৰে ৰাখি হত্যা কৰিছে। গাজাৰ চিকিৎসালয়বোৰ ধ্বংস কৰি ৰোগীক নিৰ্মমভাৱে হত্যা কৰিছে আৰু ইজৰাইলী সেনাই হস্পিতালৰ ভিতৰত মৃতদেহবোৰ কবৰ দিছে। ইতিমধ্যে অসামৰিক চিকিৎসকৰ দলে অলশিফা হস্পিতালৰ ভিতৰত শ শ গণকবৰ উদ্ধাৰ কৰিছে। এই সম্পর্কে বিগত পোন্ধৰ বছৰ ধৰি গাজাত স্বেচ্ছাই চিকিৎসা-সেৱা আগবঢ়াই অহা নৰৱেৱিয়ান ডাক্তৰ মেডচ গিলৱাৰ্ডে অলশিফাৰ গণহত্যা তেতিয়াৰ জাৰ্মান নাজীৰ গণহত্যাৰ সৈতে তুলনা কৰিছে। বর্তমান পাঁচ লক্ষৰো অধিক গাজাবাসী সম্পূৰ্ণ অনাহাৰৰ দিশলৈ গতি কৰিছে। আমেৰিকা আৰু ইংলেণ্ডৰ সহযোগত ইজৰাইলে গাজাৰ ওপৰত সৰ্বাত্মক যুদ্ধ চলাইছে। পেলেষ্টাইনৰ পৰা পেলেষ্টাইনীক নির্মূল কৰিবলৈ বাইডেন আৰু ঋষি চুনাক বদ্ধপৰিকৰ। দুয়োজনেই নিৰাপত্তা পৰিষদত পেলেষ্টাইনত স্থায়ী যুদ্ধবিৰতি সম্পৰ্কীয় প্ৰস্তাৱৰ বিৰোধিতা কৰি পেলেষ্টাইনী নিধনত ইজৰাইলক উৎসাহিত কৰিছে। নৰসংহাৰী দেশ ৰাষ্ট্ৰসংঘৰ সদস্য হৈ থকা উচিত নে? তেনে ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ সংবিধানৰ ৬নং দফা প্ৰয়োগ কৰা হোৱা নাই কিয়? মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰক্তপিপাসু নেতা; তেওঁৰ হাত হেজাৰ হেজাৰ পেলেষ্টাইনী মানুহৰ ৰক্তেৰে ৰঞ্জিত। অৱশ্যে, নৰসংহাৰী ইজৰাইলৰ বিৰোধিতা কৰা আৰু স্থায়ী যুদ্ধবিৰতি দাবী কৰা অসংখ্য মাৰ্কিন নাগৰিকো আছে। তেনে এজন পঁচিশ বছৰীয়া নাগৰিকৰ নাম অ্যাৰন বুশনেল (Aaron Bushnell)।

অ্যাৰন বুশনেল : আত্মজাহ দিলে নৰসংহাৰৰ প্রতিবাদত

আমেৰিকা বায়ুসেনা বাহিনীত কৰ্মৰত তেওঁ এজন অভিযন্তা। পেলেষ্টাইনত ইজৰাইলৰ গণহত্যা বন্ধ কৰাৰ দাবী কৰি তেওঁ কৈছিল, “মোৰ নাম অ্যাৰন বুশনেল। মই কদাপি ইজৰাইলৰ গণহত্যাৰ লগত জড়িত নহওঁ বাবে এক চৰম প্ৰতিবাদী কাৰ্য সংঘটিত কৰিম। পেলেষ্টাইনৰ উপনিৱেশবাদীহঁতৰ হাতত পেলেষ্টাইনীসকলৰ যি ভয়ংকৰ দুৰ্দশা হৈছে তাৰ তুলনাত মোৰ কাৰ্য তেনেই নগণ্য। আমাৰ শাসকহঁতে তাকেই গতানুগতিক কৰি লৈছে। পেলেষ্টাইনক মুক্তি দিয়ক। যিদিনা পেলেষ্টাইনে নিজৰ জন্মভূমিৰ অধিকাৰ হস্তগত কৰিব সেইদিনা খিলঞ্জীয়া পেলেষ্টাইনীসকলে মোৰ চিতাভষ্ম স্বাধীন পেলেষ্টাইনৰ ভূমিত সিঁচি দিলে মই বৰ সুখী হ’ম।” এই কথাখিনি কৈ বুশনেলে ওৱাচিংটন ডি.চি.-ত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ সন্মুখত নিজৰ দেহত অগ্নি সংযোগ কৰি প্ৰাণ আহুতি দিলে। তেওঁৰ প্ৰাণ আহুতিয়ে গোটেই বিশ্বত পেলেষ্টাইনৰ স্বাধীনতাৰ সমৰ্থনত প্রবল জোকাৰণি সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। পেলেষ্টাইনৰ মুক্তিৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা দেশ য়েমেনে অ্যাৰন বুশনেলক বীৰ ৰূপে বৰণ কৰিছে। য়েমেনে এজন মার্কিন নাগৰিকক সন্মানিত কৰাৰ প্ৰথম দেশ। বুশানেলে নিজৰ সমুদায় সাঁচতিয়া ধন পেলেষ্টাইনৰ শিশুসকলৰ কল্যাণৰ বাবে আইনগতভাৱে দান দি থৈ গৈছে। প্ৰসংগক্ৰমে আৰু দুটামান অগ্নিদাহৰ ঘটনা তলত উল্লেখ কৰিলোঁ।

মার্কিনী নির্দেশত চলা দক্ষিণ ভিয়েটনামৰ ডিয়েম প্রশাসনে ১৯৬৩ চনত বৌদ্ধ সন্ন্যাসীসকলক বাছি বাছি নির্মমভাৱে হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ প্ৰতিবাদ কৰি থিক কোৱাং ডাক (Thich Quang Duq) নামৰ বৌদ্ধ সন্ন্যাসীজনে নিজৰ দেহত অগ্নি সংযোগ কৰি প্ৰাণ বিসর্জন দিয়ে। চাইগণৰ ব্যস্ত ৰাজপথত কোৱাং ডাকৰ অগ্নিদগ্ধ শৰীৰৰ হৃদয়বিদাৰক চিত্র মার্কিন সাংবাদিকে সংগ্ৰহ কৰিছিল। আশ্চৰ্যজনকভাৱে সাংবাদিকহতে তেওঁক বচোৱাৰ চেষ্টা কৰা নাছিল।

থিক কোৱাং ডাকৰ ঐতিহাসিক আত্মবলিদান

১৯৬৫ চনত ভিয়েটনামত মার্কিন সেনাই বি-৫২ আৰু নাপাম বোমাৰে যি ধ্বংসলীলা চলাইছিল তাৰ প্ৰতিবাদ কৰি নৰমেন মৰিছনে (Norman Morrison) মার্কিন প্ৰতিৰক্ষা সচিব ৰবাৰ্ট মোমাৰাৰ কাৰ্যালয়ৰ চৌহদত নিজৰ দেহত অগ্নি সংযোগ কৰি আত্মহত্যা কৰে। ভিয়েটনামৰ বিপ্লৱী কবি টো হোহোৱে কবিতাৰে মৰিছনলৈ শ্ৰদ্ধা নিবেদন কৰিছিল। কবিতাটিৰ আৰম্ভ আৰু শেষৰ পংক্তি দুটা ইয়াত উদ্ধৃত কৰিলোঁ-

“…… You gang of devils! In whose name
Do you send B-25s, Napalm and poison gas
From the white house…. To Vietnam?
——————
Now my heart is at its brightest!
I burn my body
So the flame may blaze
The truth”

আত্মবলিদানৰ মাজেদি অমৰ হৈ থকা মানুহজন : নৰমেন মৰিছন

মৰিছনৰ আত্মজাহে মার্কিন সমাজত আলোড়ন তুলিছিল। তেওঁৰ পিছত ১৯৬৮ চনত আন আঠজন মার্কিন নাগৰিকে আত্মজাহেৰে মাৰ্কিন চৰকাৰে ভিয়েটনামত চলোৱা নৰহত্যাৰ প্ৰতিবাদ কৰিছিল। এই ঘটনাসমূহে সেই সময়ত ভিতৰি ভিতৰি মাৰ্কিন চৰকাৰৰ বিৰুদ্ধে জনৰোষ বৃদ্ধি কৰাত বহুলভাৱে সহয় কৰিছিল আৰু ফলত ভিয়েটনামৰ স্বাধীনতাৰ প্ৰতি মার্কিন নাগৰিকৰ সমৰ্থনো এক নতুন মাত্ৰালৈ উন্নীত হৈছিল ।

ইজৰাইলৰ নৰসংহাৰ গাজাতে সীমাবদ্ধ হৈ থকা নাই। ছিৰিয়া, লেবানন, ইৰাক, য়েমেন আৰু ইৰানলৈ বিয়পিছে। অৱশ্যে এই দেশকেইখনত ইজৰাইল প্ৰতিৰোধৰ সন্মুখীন হৈছে। বিশেষকৈ ইজৰাইলে ১ এপ্ৰিলত ছিৰিয়াত থকা ইৰানী দূতৱাসত মিছাইল আক্ৰমণ কৰি দূতাবাসৰ ক্ষতি সাধন কৰে আৰু সাতজনকৈ ইৰানী কূটনীতিকক হত্যা কৰে। তাৰ প্ৰতিশোধ ল’বলৈ ইৰানে অপাৰেচন টু প্ৰমিচ সামৰিক অভিযান ১৩ এপ্ৰিলত সংঘটিত কৰিছিল। এই অভিযানত মানুহ হতাহত হোৱা নাছিল বৰং ইজৰাইলৰ বিমান আৰু সামৰিকঘাটি ক্ষতিগ্ৰস্ত কৰে। ইৰানৰ প্ৰত্যাক্রমণ ইজৰাইলে বাধা দিব পৰা নাছিল। ইজৰাইলে পুনৰ ইৰানৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল যদিও সফল নহ’ল। অন্যথা ইজৰাইলৰ আক্রমণে নিশ্চিতভাৱে তৃতীয় বিশ্বযুদ্ধৰ সূচনা কৰিলেহেতেন।

বৰ্তমান ইজৰাইলে পেলেষ্টাইনত চলোৱা ধাৰাবাহিক নৰসংহাৰৰ বিৰুদ্ধে আমেৰিকাতো জনৰোষে মূৰ ডাঙিবলৈ আৰম্ভ ধৰিছে। সেই দেশৰ ৭৫-খন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেলেষ্টাইনৰ সমৰ্থনত কেম্পাচত তীব্র বিক্ষোভ সংঘটিত কৰিছে। এই বিক্ষোভৰ পৰা উচ্চাৰিত হৈছে Casefire Now! Free Palestine! Israel a terrorist state আদি। আৰু ছাত্র-ছাত্রীসকলে কৈছে যে বিশ্বৰ ৰাষ্ট্ৰসমূহে গাজাত যুদ্ধ বিৰতি নমনা ইজৰাইলক বয়কট কৰিব লাগে। কেৱল ছাত্ৰ-ছাত্ৰীয়ে নহয় শিক্ষক-শিক্ষয়িত্ৰী আৰু গৱেষকসকলেও ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভত চামিল হৈছে। মার্কিন পুলিচে অত্যাচাৰ কৰিও বিক্ষোভ দমাব পৰা নাই। আনহাতে ৰাষ্ট্ৰসংঘত ইজৰাইলৰ জেনচাইড সমৰ্থন কৰা দুখনহে দেশ আছে। এখন মার্কিন যুক্তৰাষ্ট্ৰ আৰু আনখন ইজৰাইল। বৃটেইনে অৱশ্যে ভোটদানৰ পৰা বিৰত থাকি ইজৰাইলৰ গণহত্যাক সমর্থন কৰিছে। আন্তর্জাতিক ন্যায়ালয়ত দক্ষিণ আফ্ৰিকাই ইজৰাইলক গণহত্যাৰ বাবে জগৰীয়া কৰি গোচৰ তৰিছে। ন্যায়ালয়ত নেতান্যাহু আৰু আন আন মন্ত্ৰী বিষয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হ’ব। ভয়ত নেতান্যাহুয়ে ৰাষ্ট্ৰপতি বাইডেনক কৈছে যে আন্তর্জাতিক ন্যায়ালয়ৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিব লাগে যাতে তেওঁক ন্যায়ালয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। জাৰ্মেনী আৰু অষ্ট্ৰেলিয়াকো ইজৰাইলৰ নৰহত্যা সমৰ্থন কৰা বাবে জগৰীয়া কৰা হৈছে।

বিশ্বই ইজৰাইলৰ বিৰুদ্ধে সৰ্বাত্মক প্রতিবন্ধকতা জাৰি কৰিলেহে গাজাত হৈ থকা ধ্বংস বন্ধ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *