পৰমানন্দ মজুমদাৰৰ সৈতে সাক্ষাৎকাৰ (সাক্ষাৎ গ্ৰহণঃ ভাস্কৰ ভূঞা)
‘মুক্ত চিন্তা’ ই-আলোচনীৰপৰা আপোনাক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ৷ বিগত সময়ছোৱাত আপুনি অসমৰ সাহিত্য জগতলৈ বহুকেইটা গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷ বিশেষকৈ বিজ্ঞান চেতনাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ হকে সাহিত্যক মাধ্যম হিচাপে গ্ৰহণ কৰাৰ উপৰি অসমৰ পুৰণি আলোচনীৰ সম্পাদনা আৰু পুনৰ প্ৰকাশৰ ক্ষেত্ৰখনত আপুনি যথেষ্টখিনি কাম কৰিছে৷ সমাজৰপৰা অন্ধবিশ্বাস, গোড়া পৰম্পৰা আদি নিৰ্মূলকৰণতো আপোনাৰ সাহিত্যৰাজিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে৷ সেইদৰে আপুনি বহুকেইখন জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থ, অভিনন্দনমূলক গ্ৰন্থ আদি সম্পাদনা কৰিছে৷ আপুনি ‘বিজ্ঞান জেউতি’ আৰু ‘সমীক্ষণ’ আলোচনীৰ সম্পাদক হিচাপেও অসমীয়া বিজ্ঞান চিন্তা-চৰ্চাৰ দিশটোলৈ অৱদান আগবঢ়াইছে৷ এনে পৰিপ্ৰেক্ষিতত আপোনাৰ জীৱন আৰু কৰ্মৰ বিষয়ে তথা আপোনাৰ দৃষ্টি আৰু দৰ্শন সম্পৰ্কে নতুন প্ৰজন্মটোৱে জনাটো প্ৰয়োজনীয় বুলি আমি উপলব্ধি কৰিছোঁ৷ এই সাক্ষাৎকাৰত আপুনি জড়িত হৈ থকা বিজ্ঞান আৰু সম্পাদনাৰ ক্ষেত্ৰখনৰ সৈতে সম্পৰ্ক থকা কিছু বিষয় সম্পৰ্কে আলোচনা কৰিম৷ সুধিবলগীয়া বহুটো প্ৰশ্নৰ উত্তৰ আপুনি ইতিমধ্যেই আপোনাৰ লেখাৰ জৰিয়তে প্ৰকাশ কৰি থৈছে৷ তথাপিও আমি নতুন প্ৰজন্মটোৱে অনলাইন মাধ্যমত পাব পৰাকৈ এনে কিছু বিষয় পুনৰ আপোনাৰ মুখেৰে কোৱাটো প্ৰাসংগিক হ’ব বুলি অনুভৱ কৰিছোঁ৷ এই সাক্ষাৎকাৰটো মূলতঃ ডিজিটেল মাধ্যমত প্ৰকাশ কৰিবপৰাকৈ আৰু নৱ-প্ৰজন্মক উদ্দেশ্য কৰি গ্ৰহণ কৰা হৈছে৷
প্ৰশ্নঃ আপোনাৰ শৈশৱকালৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ৷ শৈশৱৰ কালছোৱাত আপুনি পোৱা শৈক্ষিক-সামাজিক পৰিৱেশটোৱে আজিৰ পৰমানন্দ মজুমদাৰজনক সৃষ্টিত কেনেদৰে ভূমিকা গ্ৰহণ কৰিছে?
উত্তৰঃ পৰিৱেশটো মোৰ ঘৰখন আৰু অঞ্চলটোৰ পৰাই পোৱা। সৰুৰেপৰা মা-পিতায়ে সদায় পঢ়াশুনাৰ যত্ন লৈছিল। দোকমোকালিতে শোৱাপাটিৰ পৰা উঠাই দিছিল। পিতায়ে স্কুলৰ শিক্ষকসকলৰ লগত অহৰহ সম্পৰ্ক ৰাখিছিল। মাই কিছু কাল শিক্ষকতা কৰিছিল। মাৰ আখৰবোৰ বৰ ধুনীয়া আছিল। মই তাক অনুকৰণ কৰাৰ যত্ন কৰিছিলোঁ। পঢ়াত মনোযোগ গঢ়াত তেওঁলোকৰ ভূমিকাই আছিল মুখ্য। শ্ৰেণীত সদায় প্ৰথম হৈছিলোঁ। ছাৰসকলেও বৰ ভাল পাইছিল। আমাৰ ঘৰলৈ শিক্ষকসকলো সঘনে আহ-যাহ কৰিছিল। ঘৰতো আহি আমাক পাঠ দিছিলহি। হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুটা বিষয়ত লেটাৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ। সেই সময়ত সকলোৱে মোৰ ৰিজাল্টক লৈ আনন্দ প্ৰকাশ কৰিছিল৷
প্ৰশ্নঃ আপুনি জন্ম হোৱা অঞ্চলটোৰ লগতে আপোনাৰ পৰিয়ালটোৰ বিষয়েও কিছু কথা জনাওক৷ আপোনাৰ শৈক্ষিক-সামাজিক জীৱনত জন্মভূমি ঠাইখনৰ প্ৰভাৱ কিদৰে পৰিছিল৷
উত্তৰঃ নলবাৰী আৰু ৰঙিয়াৰ মধ্যৱৰ্তী ৰেলষ্টেচন ঘগ্ৰাপাৰৰ কাষতে আমাৰ ঘৰটো আছিল। পিতা ব্যৱসায়ী। সকলো বস্তুসম্ভাৰ পোৱাকৈ তেখেতৰ এখন দোকান আছিল। পাছলৈ তেওঁ এটা ‘হলাৰ মিল’ বহুৱাইছিল। তাতে প্ৰায়ে অঞ্চলটোৰ গণ্যমান্য ব্যক্তিসকল আহি বহিছিল আৰু অঞ্চলটোৰ উন্নয়নৰ নানা কথা পাতিছিল। অঞ্চলটোৰ এজন উচ্চ শিক্ষিত লোক মাধৱ দত্ত চৌধুৰীয়ে সেই সময়তেই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সোণৰ পদক লৈ এম.এচ.চি ডিগ্ৰী লৈছিল। তেওঁ মৌজাদাৰৰ ভ্ৰাতৃ, চাকৰি নকৰে; ককায়েকক মৌজা চলোৱাতহে সহায় কৰে। অঞ্চলটোৰ উন্নয়নত তেৱেঁই গুৰি ধৰিছিল। ডা: ৰফিক চৌধুৰী আমাৰ ওচৰ-চুবুৰীয়া, খেতিয়ক তৰুণ তালুকদাৰ পিতাৰ পৰম বন্ধু। তালুকদাৰ খুৰাই পিতাৰ সৈতে লগলাগি এটা নামঘৰ প্ৰতিষ্ঠাত আগভাগ লৈছিল। জীৱনৰ শেষৰ ফালে দুয়ো নামঘৰটো লৈয়ে বেছিকৈ ব্যস্ত হোৱা দেখিছিলোঁ। এইসকলে যি কথা পাতিছিল, সেইবোৰ মই দূৰৈত ৰৈ শুনিছিলোঁ। কেতিয়াবা স্কুলৰ শিক্ষক সকলো আহি বহিছিলহি। মোক সমাজমুখী কৰাত আমাৰ দোকানখনৰ এই আড্ডাৰ অৰিহণা আছিল অপৰিসীম। মনত পৰে নলবাৰীৰ প্ৰখ্যাত সমাজসেৱী প্ৰভাত নাৰায়ণ চৌধুৰীয়েও আহি দেউতাক মাত দিছিলহি। তেওঁ আছিল আমাৰ হাইস্কুলৰ পৰিচালনা সমিতিৰ সভাপতি। তেতিয়া আমাৰ বিধানসভা সমষ্টি আছিল বৰভাগ। গৌৰীশংকৰ ভট্টাচাৰ্য দুবাৰকৈ এম.এল.এ হৈছিল। তেওঁৰ জয়লাভত আমি ভীষণ স্ফুৰ্তি কৰিছিলোঁ। আমাৰ লোকসমষ্টি আছিল মংগলদৈ। মই সপ্তম শ্ৰেণীত থাকোতে হোৱা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল হেম বৰুৱা আৰু ভূপেন হাজৰিকা। দুয়োজনক ওচৰৰ পৰা দেখি আনন্দিত হৈছিলোঁ। ভূপেন হাজৰিকাৰ গানে শৈশৱৰ পৰা মন আলোড়িত কৰিছিল। গানবোৰ মুখস্থ হৈ গৈছিল। মোৰ দাদা গিৰীশ মজুমদাৰ আছিল কলাপ্ৰেমী। দাদাৰ এটা কিতাপেৰে পৰিপূৰ্ণ আলমীৰা আছিল। তাত শেহতীয়াকৈ প্ৰকাশ পোৱা গল্প, উপন্যাসৰ উপৰি আমাৰ প্ৰতিনিধি, দীপক, নৱযুগ আদি আলোচনীবোৰো আছিল। সেইবোৰ আনি পঢ়িছিলোঁ। চৈয়দ আব্দুল মালিক, হিতেশ ডেকা, ধন চন্দ্ৰ দাসৰ উপন্যাসবোৰ তেতিয়াই পঢ়িছিলোঁ। দাদাৰ এটা গ্ৰাম’ফোন আছিল। সি ভাল ভাল ৰেকৰ্ড কিনিছিল। তাৰ হাতত ভূপেন হাজৰিকাৰ বহুগানৰ ৰেকৰ্ড আছিল। পাছলৈ এটা টেপৰেকৰ্ৰডাৰো আনিছিল। এইবোৰে মোক আকৰ্ষণ কৰিছিল। সি নাথাকিলে আনি বজাই শুনিছিলোঁ। দাদাই ৰহস্যমূলক গল্প লিখিছিল ‘বিস্ময়’ আলোচনীত। মই নকল কৰি দিছিলোঁ। ‘নতুন অসমীয়া’তো সি প্ৰবন্ধ লিখিছিল। মোৰ আনজন দাদা অতুল মজুমদাৰো সংস্কৃতি অনুৰাগী। ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অন্যান্য নাটৰ বিষয়ে সি নিয়মীয়াকৈ লিখি থাকে।
প্ৰশ্নঃ আপুনি সেই সময়ৰপৰাই সাহিত্যচৰ্চাৰ সৈতে জড়িত হৈছিল ? সচেতনভাৱে লিখা-মেলা কৰা যাত্ৰাটোৰ আৰম্ভ কেতিয়াৰেপৰা হ’ল?
উত্তৰঃ মই ষষ্ঠমান শ্ৰেণীত পঢ়ি থাকোতেই দাদাই এবাৰ ‘ইমান পানী’ শীৰ্ষকেৰে এটা কবিতা লিখি দিছিল। তাত মোৰ নামটো লিখি ‘ৰ’দালি’ আলোচনীখনলৈ পঠাই দিছিলোঁ। প্ৰকাশো হৈছিল। ছপা আখৰত নিজৰ নামটো দেখি সেই সময়ত পুলকিত হৈছিলোঁ। পাছত নিজে লিখাৰ যত্ন কৰিলোঁ। অষ্টম শ্ৰেণীৰ পৰা আমাৰ স্কুলৰ মুখপত্ৰ ‘অংকুৰ’ ত লেখা প্ৰকাশ পাবলৈ ধৰিলে। ব্ৰজেন বৰুৱা, ভূপেন হাজৰিকাৰ গীতিসাহিত্য আৰু বাংলাদেশৰ মুক্তিযুদ্ধৰ বিষয়ে লিখা গল্প তিনিটামান তাত প্ৰকাশ হৈছিল। নৱম-দশম শ্ৰেণীত থাকোতে ‘দৈনিক অসম’ৰ ‘অকণিৰ ৰংঘৰ’ত কবিতা কেইটামান ওলাইছিল। বৰভাগৰ পৰা ‘নতুন প্ৰভাত’ নামৰ এখন পষেকীয়া কাকত ওলাইছিল। তাতো মোৰ কবিতা আৰু গীত প্ৰকাশ পাইছিল। মোৰ সহপাঠী নুৰ ইছলামে গান গাইছিল। তাক প্ৰতিযোগিতাত গাবলৈ গান লিখিছিলোঁ। মই নিজেও দুবাৰ মান গান গাইছিলোঁ আৰু একাংকিকা লিখি মঞ্চস্থও কৰিছিলোঁ। পিতাৰ মুখতে শুনিছিলোঁ বিষ্ণু ৰাভা আমাৰ অঞ্চললৈয়ো আহিছিল হেনো। পিতাৰ পৰা চাৰি অনা লৈ ‘চিৰাজ’ৰ শ্বুটিঙলৈ গৈছিল। স্কুলৰ পাঠ গ্ৰহণৰ লগতে কিতাপ পঢ়া, গান শুনা, ছবি অঁকা আৰু সংস্কৃতিৰ নানা দিশৰ প্ৰতিও সমানে আকৃষ্ট হৈছিলোঁ। এনেদৰেই মোৰ শৈশৱ কৈশোৰ অতিবাহিত হৈছিল।
প্ৰশ্নঃ বিজ্ঞান মানসিকতা গঠনৰ এজন কৰ্মী হিচাপে বা এজন যুক্তিবাদী ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিবলৈ আপুনি কেনেদৰে প্ৰেৰণা লাভ কৰিছিল? সমান্তৰালভাৱে বিজ্ঞানসন্মত চিন্তা-চেতনাবোৰ সাহিত্যৰ মাজেৰে প্ৰকাশ কৰি পাঠক সমাজৰপৰা আপুনি কেনেধৰণৰ ফিডবেক লাভ কৰিছে?
উত্তৰঃ সেই প্ৰেৰণাও মোৰ অঞ্চলটোৰ পৰাই পোৱা। স্কুলত থাকোঁতে এটা ঘটনা ঘটিছিল। মোৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক আৰু সহ প্ৰধান শিক্ষককে ধৰি ৬ গৰাকী শিক্ষকক পুলিচে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোক হেনো নক্সালপন্থী। শাসক দলক সহায় কৰা শিক্ষক দুজনমান উঠিপৰি লাগিল প্ৰধান শিক্ষকৰ চকীত বহিবলৈ। কিন্তু স্কুলৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ দত্ত চৌধুৰীয়ে সেইদিনাই গুৱাহাটীলৈ গৈ স্কুলৰ প্ৰশাসনক লগ কৰি, ছয়জনকৈ শিক্ষকবিহীন স্কুলখন চলাই থকা সম্ভৱ যে নহয় সেই যুক্তি সাব্যস্ত কৰি আগতীয়া গৰমৰ বন্ধৰ অনুমতি লৈ আহিল আৰু পাছদিনা নিজেই প্ৰধান শিক্ষকৰ চকীত বহি বন্ধৰ জাননী দি সকলো ষড়যন্ত্ৰ ওফৰাই দিলে। গৰম বন্ধলৈ তেতিয়াও ২০ দিন বাকী আছিল। কিছুদিন পাছত আটাইকেইজনে বিনাচৰ্তে মুক্তি পালে। পাছত জানিব পাৰিছিলোঁ আটাইকেইজন ছাৰ আছিল মাৰ্ক্সবাদী দৰ্শনৰ প্ৰতি অনুৰক্ত, নক্সাল আন্দোলনৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই। এই ঘটনাই মোৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছিল আৰু ছাৰসকলৰ প্ৰতি শ্ৰদ্ধা নুটুটি বাঢ়িছিলহে। সহ প্ৰধান শিক্ষক মহেন্দ্ৰ কলিতা ছাৰে আমাক ইংৰাজী ব্যাকৰণ পঢ়াইছিল। ইংৰাজী ব্যাকৰণ প্ৰণয়ন কৰি ছাৰে প্ৰকাশো কৰিছিল। তেখেত আছিল এজন বিদগ্ধ শিক্ষক। ছাৰে শ্ৰেণীত পাঠদানৰ ফাকে-ফাকে আমাক মাৰ্ক্সৰ কথা কৈছিল, লেনিনৰ কথা কৈছিল, ৰুচ বিপ্লৱৰ কথা কৈছিল। কৈছিল- তোমালোকে হীৰেন গোহাঁইৰ নাম শুনিছা? তেওঁৰ লেখা পঢ়িবা। সেই সময়ত ছাৰৰ পাঠ আকৰ্ষণীয় হৈ উঠিছিল। কটন কলেজলৈ পঢ়িবলৈ অহাৰ পাছত মনৰ দিগন্ত অধিক প্ৰসাৰিত কৰাৰ সুযোগ পাইছিলোঁ। সহপাঠী আৰু অগ্ৰজ বহুতকে পালোঁ, যিসকলৰ চিন্তা-চৰ্চাই মোক প্ৰভাৱিত কৰিছিল। সেইসকলৰ কেইজনমান পাছত গল্পকাৰ, সাংবাদিক, নাট্যশিল্পী, বিজ্ঞান লেখক হিচাপে জনাজাত হৈছে। সেই সময়তে ‘কটনিয়ানৰ কবিতা’ নামৰ প্ৰাচীৰ পত্ৰিকাৰ লগত যুক্ত হৈ পৰিছিলোঁ। মোৰ হাতৰ আখৰৰে কেইবাবাৰো এই পত্ৰিকা ওলাইছিল। প্ৰাচীৰ পত্ৰিকাৰ উদ্যোগত এখন প্ৰদৰ্শনী হৈছিল। তাত নীলপৱন বৰুৱাই ভিয়েটনামৰ সংগ্ৰামক লৈ অঁকা এখন চিত্ৰ প্ৰদৰ্শিত হৈছিল। মই বিশ্বৰ কেইজনমান বিখ্যাত কবিৰ পৰ্ট্ৰেইট আঁকিছিলোঁ।
প্ৰশ্নঃ আপোনালোকে কটনত পঢ়ি থকাৰ সময়তেই ‘অসম আন্দোলন’ৰ ভৰপক সময় আছিল৷ এই আন্দোলনটোৰ সম্পৰ্কে আপোনাৰ মতামত কেনেধৰণৰ?
উত্তৰঃ অসম আন্দোলনৰ সময়ত যুক্তি-অযুক্তিৰ বিচাৰৰ প্ৰশ্নটোৱে আমাৰ মনবোৰত বৰকৈ আমনি কৰিছিল। সেই সময়ত আৱেগৰ বন্যাত উটি বুৰি গৈ ছাত্ৰসন্থাৰ কৰ্মীসকলে বাটে-হাটে আন্দোলনৰ দ্বিমত পোষণ কৰাসকলক অপমান কৰি ফুৰিছিল। আন্দোলনৰ আৱেগৰ দ্বাৰা প্ৰৰোচিত শিক্ষক কেইজনমানৰ চক্ৰান্ততে আমাক পঢ়োৱা মহেন্দ্ৰ কলিতা ছাৰক আন এখন স্কুললৈ বদলি কৰা হৈছিল। মোৰ বন্ধু নিৰঞ্জন তালুকদাৰক মাকৰ সন্মুখতে দাৰে কাটি টুকুৰা-টুকুৰ কৰিছিল সিহঁতে। মোৰ ঘৰলৈয়ো স্থানীয় আছুৰ এদল উদভ্ৰান্ত কৰ্মী আহিছিল। মই সিহঁতে পতা সভালৈ যাব লাগে আৰু সিহঁতৰ ওচৰত শপত ল’ব লাগে। এইবোৰ দেখি শুনি ঘগ্ৰাপাৰত আমি কেইজনমান বন্ধুবৰ্গ মিলি গণতন্ত্ৰৰ পক্ষে থিয় হৈ প্ৰাচীৰ পত্ৰিকা, দেৱাল লিখন, আৰু প্ৰচাৰ পত্ৰৰে পৰিৱেশ সুস্থ কৰি ৰখাৰ যত্ন কৰিছিলোঁ। অযুক্তিকৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে থিয় হৈছিলোঁ। শশী শৰ্মা ছাৰক মাতি আনি গাঁৱত অসমীয়া জাতিৰ সমস্যা লৈ আলোচনা সভা পাতিলোঁ। কিন্তু কাম নহ’ল, আছুৰ অসহিষ্ণুতা বাঢ়িবহে ধৰিলে। এদিন সন্ধিয়া বজাৰ কৰি উভতোতে আছু কৰ্মীয়ে এজন শ্ৰদ্ধেয় শিক্ষকক কোবাই বাটৰ দাঁতিত পেলাই থৈ গৈছিল। তেওঁৰ দোষ এটাই: তেওঁ এটি বামপন্থী দলৰ সদস্য আছিল। এই সময়তে হীৰেন গোহাঁই সম্পাদিত ‘কলাখাৰ’খন পঢ়িবলৈ পাইছিলোঁ, পঢ়িবলৈ পালোঁ হোমেন বৰগোহাঞি সম্পাদিত ‘সাদিনীয়া নাগৰিক’ খনো। দুয়োখনে আন্দোলনটোৰ অযুক্তিৰ ভেঁটিটো উদঙাই দিছিল। আৱেগ নহয় যুক্তি, তথ্য আৰু ইতিহাস নিষ্ঠা নহ’লে সমস্যাৰ সমাধান হ’ব নোৱাৰে। আনৰ ওপৰত নিৰ্যাতন চলাই আন্দোলন সফল হ’ব নোৱাৰে। দৃষ্টিভংগী পোন কৰাত সেই কাকত দুখনে সাহস দিলে।
প্ৰশ্নঃ তেন্তে সেই সময়ছোৱাতে আপুনি হীৰেন গোহাঁই ছাৰৰ সংস্পৰ্শলৈ আহিছিল? একেদৰে বিজ্ঞান চেতনাৰ বাবে কাম কৰি থকা অসমৰ বিভিন্নজন মানুহৰ সংস্পৰ্শলৈ অহাৰ সুযোগ সেই সময়তে লাভ কৰিছিল?
উত্তৰঃ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰাৰ পাছৰ সময়ছোৱাত গোহাঁই ছাৰক ওচৰৰ পৰা পাইছিলোঁ। নলবাৰীৰ সুৰেন বৈশ্যই ১৯৮২ চনত উলিওৱা ‘সৈনিক শিল্পী বিষ্ণু ৰাভা’ৰ সম্পাদক আছিল গোহাঁই ছাৰ। মই সহযোগী সম্পাদক হিচাপে থাকি অসমৰ প্ৰগতিবাদী লেখকসকলৰ লগত সম্পৰ্ক গঢ়ি তুলিলোঁ। পাছৰটো বছৰত হেমাংগ বিশ্বাস আহোতে ওচৰৰ পৰা লগ পালোঁ। ছাৰৰ ঘৰত এটা বৈঠকত মিলিত হোৱাৰ সুযোগো পাইছিলোঁ। নলিনীধৰ ভট্টাচাৰ্য, শিৱনাথ বৰ্মন, প্ৰসেনজিৎ চৌধুৰীৰ লগত উক্ত সংকলনৰ মাজেৰেই সম্পৰ্ক গঢ়ি উঠিছিল। বৰ্মন ছাৰৰ বৈজ্ঞানিক মানসিকতা সম্পৰ্কে আৰু প্ৰসেনদাৰ যুক্তিবাদী আৰু ইতিহাস অনুসন্ধানী লেখা পঢ়ি অনুপ্ৰাণিত হৈছিলোঁ। যেতিয়া প্ৰাগজ্যোতিষ কলেজত প্ৰবক্তা হিচাপে যোগদান কৰোঁ; কলেজৰ তেতিয়া শৃংখলাহীন এক অৰাজক অৱস্থা। আমি কেইজনমানে মিলি এই পৰিৱেশ সলনি কৰাৰ বাবে কিছু বৌদ্ধিক কাৰ্যসূচী লৈছিলোঁ। সততে বৰ্মন ছাৰ আৰু প্ৰসেনদাৰ পৰামৰ্শ লৈছিলোঁ। বছৰেকত একোখন বিজ্ঞান মানসিকতাৰ প্ৰসাৰৰ বাবে আলোচনা সভা পতাৰ সিদ্ধান্ত ল’লো। তাৰেই পৰিণতিতে “বিজ্ঞান, অন্ধবিশ্বাস আৰু সমাজ’, ‘বিজ্ঞান আৰু মূল্যবোধ’, ‘বিজ্ঞান,যুক্তিবাদ আৰু সমাজ’, ‘বিজ্ঞান, প্ৰযুক্তি আৰু সমাজ’, ‘অসমত বিজ্ঞান চৰ্চাৰ ধাৰা’ আদি আলোচনাচক্ৰ কেইখন সম্পন্ন হৈছিল আৰু সেইবোৰ আলোচনাৰ কথা-বাৰ্তাবোৰ পৰৱৰ্তী সময়ত কিতাপ আকাৰে প্ৰকাশ হৈছিল। আলোচনা সভা নপতাকৈ সম্পাদনা কৰা কিতাপখন হ’ল ‘ডাইনী, জ্যোতিষ আৰু অলৌকিক চিকিৎসা।’ অসমৰ যশস্বী বিজ্ঞান মানসিকতাৰ অগ্ৰণী লেখকসকলে আমাৰ এই আগ্ৰহত সহাঁৰি জনালে আৰু নিজে আহি বক্তৃতা প্ৰদান কৰিলে। আমি সভালৈ মাতি আনিছিলোঁ- ভবেন্দ্ৰনাথ শইকীয়া, নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি, হীৰেন গোহাঁই, শিৱনাথ বৰ্মন, ভুবনমোহন দাস, জ্যোতি মেধি, পৰমানন্দ মহন্ত, অমলেন্দু গুহ, নলিনীধৰ ভট্টাচাৰ্য, কবীন ফুকন, মানিক দাস, প্ৰদীপ খাটনিয়াৰ, বিপুলজ্যোতি শইকীয়া, সমীৰণ বৰুৱা, মনমোহন দাস, চন্দ্ৰমোহন শৰ্মা, ক্ষীৰধৰ বৰুৱা, দীপালি দত্ত, কুলেন্দু পাঠক, তুলতুল বৰুৱা, বিজনলাল চৌধুৰী, কিশোৰ ভট্টাচাৰ্য, কৌশিক দাস, প্ৰশান্ত মিশ্ৰ, ইন্দিবৰ দেউৰী, লক্ষ্মীনাথ তামুলী, পদ্মপাণি, অতনু দত্ত, দেৱকান্ত সন্দিকৈ, দিলীপ শৰ্মা, বিপুল খাটনিয়াৰ, ৰথীন্দ্ৰ নাথ গোস্বামী প্ৰমুখ্যে বহু কৃতবিদ্য লেখকক। প্ৰথমখন কিতাপ আমি কেইজনমানে এহেজাৰকৈ টকা তুলি ছপাইছিলোঁ। চাৰিমাহত বিক্ৰী শেষ হৈছিল। ইয়াৰ পাছত ছপাৰ কাৰণে আৰু চিন্তা কৰিব লগা নহ’ল। ষ্টুডেণ্টচ্ ষ্টোৰচ্ আগবাঢ়ি আহিছিল। আটাইকেইখনৰ আৰু এটা সংস্কৰণ অসম প্ৰকাশন পৰিষদেও উলিয়ালে। প্ৰথমখনৰ চাৰিটাকৈ সংস্কৰণ ওলাইছে। পঢ়ুৱৈৰ সহাঁৰি পাই আমি অভিভূত হৈছিলোঁ। তথাপি আমি ভাবো যে সাধাৰণ মানুহৰ মাজত বিজ্ঞান চেতনা বিয়পাই দিয়াত এইখিনি কামেই যথেষ্ট নহয়। মানুহৰ মাজলৈ অহৰহ গৈ কথা নাপাতিলে অন্ধবিশ্বাস নিৰ্মূল কৰিব পৰা যাব বুলি আশা কৰিব নোৱাৰি। বীৰুবালা ৰাভাই সেই কাম কিছু কৰিব পাৰিছিল বাবে কেইবাটাও ডাইনী হত্যা ৰোধ কৰিব পাৰিছিল। আমি ডাইনী বিষয়ক পুথিখন বড়ো ভাষাত অনুবাদ কৰাই সীমিতভাৱে সাধাৰণ মানুহৰ মাজত প্ৰচাৰ চলাইছিলোঁ। কটনতে লগ পোৱা মোৰ অগ্ৰজ প্ৰতীম বন্ধু কুলধৰ শইকীয়াই আৰক্ষী বিষয়া হিচাপে ‘প্ৰহৰী’ প্ৰকল্পৰ জৰিয়তে ডাইনী হত্যাৰ বিৰুদ্ধে কিছু সজাগতা আনিছিল। অৰ্থাৎ বিজ্ঞান মানসিকতা প্ৰচাৰ আৰু প্ৰসাৰ কেৱল শিক্ষিত শ্ৰেণীৰ মাজত আবদ্ধ থাকিলে নহ’ব, সাধাৰণ মানুহৰ মাজত তাৰ ভেঁটি গঢ়িবলৈ আমাৰ কৰণীয় বহুত আছে। সমাজ ভেদে, ব্যক্তি ভেদে কৌশলো ভিন্ন হ’ব।
প্ৰশ্নঃ বিশ্বাস আৰু অন্ধবিশ্বাসৰ পাৰ্থক্যবোৰ আপুনি কেনেদৰে চিহ্নিত কৰিব বিচাৰে? ব্যক্তিভেদে বিশ্বাস আৰু অন্ধবিশ্বাসৰ পাৰ্থক্য, সংজ্ঞা আদি বেলেগ বেলেগ পৰ্যায়ৰ হয়৷ কোনোৱে বিশ্বাস বুলি মানিব খোজা কথা এটা আকৌ কাৰোবাৰ বাবে অন্ধবিশ্বাস হৈ পৰে৷ এই ক্ষেত্ৰত দুয়োটা অভিধাৰ কিছু সামগ্ৰিক বিশেষত্ব নিৰ্মাণ কৰিব নোৱাৰিনে?
উত্তৰঃ বিশ্বাস আৰু অন্ধবিশ্বাসৰ পাৰ্থক্য ৰেখা টনাটো কেতিয়াবা মস্কিল হৈ পৰে। যিবোৰ বিশ্বাস আমাৰ মাজত আছে তাৰ যুক্তিৰ ভেঁটিটো লেহুকা। কিন্তু সেইখিনিৰ আশ্ৰয়তে ই মানৱ জীৱনত দৈনন্দিন চলি থাকে। যিবোৰ বিশ্বাসে কাৰো ক্ষতি নকৰে, সেই পৰ্যন্ত আমি নিশ্চয় তাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা নকৰিলেও চলে। সেইবোৰ বিশ্বাস সময়ৰ আঁচোৰ পৰি পৰি সেয়া লাহে লাহে লোপ পাব বুলি ধৰি ল’ব পাৰি। কিন্তু যিবোৰ বিশ্বাসে সমাজৰ ক্ষতি কৰে বা কৰি আছে, সি যুগে যুগে মানুহক এন্ধাৰত ৰাখিছে৷ ব্যক্তি জীৱন, সমাজ জীৱন কলুষিত কৰিছে, সমাজৰ গতিপথত হেঙাৰ হিচাপে গণ্য হৈছে, তাক আমি অন্ধবিশ্বাস বুলি বৰ্জন কৰা উচিত আৰু ইয়াৰ বিৰুদ্ধে সংঘবদ্ধভাৱে থিয় হোৱা উচিত। আমাৰ সামগ্ৰিক দৃষ্টিভংগী বোধহয় এইটোৱে হোৱা উচিত।
সঁচা কথা, বিশ্বাস-অন্ধবিশ্বাস ব্যক্তিভেদে যিদৰে ভিন্ন; তেনেদৰে সমাজভেদেও ভিন্ন। ধৰ্ম হৈছে অন্ধবিশ্বাস-কুসংস্কাৰৰ উৰ্বৰ ভূমি। পাহাৰ-ভৈয়ামৰ সমাজখন, বিভিন্ন সম্প্ৰদায়লৈ লক্ষ্য কৰিলেই সেয়া ওলাই পৰে। কিন্তু লোক-সংস্কৃতিৰ সকলো ভিতৰুৱা বিশ্বাস আমি অন্ধবিশ্বাস বুলি উৰাই দিলেও হিতে বিপৰীত হোৱাৰে সম্ভাৱনা আছে। সেইবোৰ বিশ্বাস গঢ় লোৱাৰ সামাজিক তাৎপৰ্য বিচাৰ নকৰাকৈ আমি আগবাঢ়িব নোৱাৰিম। সেই লৈ বিস্তৰ আলোচনা যুক্তিবাদী সকলৰ মাজত হৈছে বুলি ক’ব নোৱাৰি। মই মাজে সময়ে পাহাৰলৈ গৈ থাকোঁ। তাৰ সমাজখনৰ বিশ্বাসবোৰ দেখি বিস্মিত হৈ পৰোঁ, অথচ সেই সম্পৰ্কে আমাৰ অভিজ্ঞতাই নাই। এই বিশ্বাসবোৰৰ ভালেখিনিয়ে তেওঁলোকৰ কৰ্মোদ্যমত অৰিহণা যোগাইছে আৰু কিছুমানে তেওঁলোকক পাছলৈয়ো টানি ৰাখিছে। সমাজখনৰ প্ৰেক্ষাপটত তত্বৰ লগত অভিজ্ঞতাৰে বিশ্বাসবোৰ জুখি চাব লাগিব। সাধাৰণ ধাৰণা এয়ে- আমি বৰ্তমান এটাই সিদ্ধান্তলৈ আহিব পাৰোঁ যে যি বিশ্বাসে সমাজৰ গতিপথত হেঙাৰ হিচাপে থিয় দিছে, তাৰ বিৰুদ্ধে সমাজক আমি সজাগ কৰিব লাগে। সমাজখনৰ সকলো অংশৰ আন্তৰিক যোগাযোগেই আমাৰ এই বিভিন্নতাবোৰ আঁতৰাব পাৰিব। সম্পৰ্ক হৈছে নতুনৰ ভেঁটি, সম্পৰ্কহীনতা নহয়। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰসাৰে এই দিশত ভালেখিনি কথা-বাৰ্তা আগবঢ়াই নিব।
প্ৰশ্নঃ ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটোক লৈ আপোনাৰ স্থিতি সম্পৰ্কে কিছু কথা কওক৷ বিশ্বাস আৰু অন্ধবিশ্বাসৰ মূল গুৰিটো এই ‘ঈশ্বৰ’ নামৰ ধাৰণাটোৰ সৈতে সংপৃক্ত৷ যুক্তিবাদী বা বিজ্ঞান-মানসিকতাৰ অধিকাৰী হ’বলৈ হ’লে ঈশ্বৰ সম্পৰ্কীয় ধাৰণাটোক লৈ মানুহৰ স্থিতি কেনে হ’ব লাগে বুলি আপুনি অনুভৱ কৰে?
উত্তৰঃ ঈশ্বৰ অস্তিত্বহীন। পৃথিৱীখন প্ৰাকৃতিক নিয়মে নিয়ন্ত্ৰণ কৰিছে, কোনো অদৃশ্য শক্তিয়ে নহয়। গতিকে যাক দেখা নাই তাক বিশ্বাস কৰোঁ কেনেকৈ? কিন্তু এই অস্তিত্বহীন ঈশ্বৰেই সৰ্বশক্তিমান। সাধাৰণতে মানুহে ঈশ্বৰৰ অস্তিত্ব থকা বুলি বিশ্বাস কৰে, দেখা নাযায় কাৰণে ইয়াৰ শক্তিও প্ৰচণ্ড বুলি বিশ্বাস কৰে। ভাবে ঈশ্বৰত বিশ্বাস ৰাখিলে, ঈশ্বৰক আৰাধনা কৰিলে সকলো সংকট দূৰ হ’ব। কিন্তু সংকট সংকট হৈয়ে থাকে। পূজা-অৰ্চনা কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হ’লেও ঈশ্বৰক নোদোষে। ঈশ্বৰৰ ওচৰত কোনো মানুহৰ অভিযোগ নাথাকে। ই যে সৰ্বশক্তিমান! কেতিয়াবা সংকট মোচন হ’লে ঈশ্বৰৰেই মহিমা বুলি আত্মসন্তুষ্টি লভে। কথা হ’ল ঈশ্বৰ বিশ্বাস বা ধৰ্ম বিশ্বাসেই আমাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰ জন্ম দিছে। মানুহে সেইবোৰ হেলাৰঙে মানি যায়; নহ’লে ঈশ্বৰৰ প্ৰতি, ধৰ্মৰ প্ৰতি অন্যায় কৰা হ’ব বুলি ভাৱে! তেতিয়া পাপে চুব! সাধাৰণ মানুহৰ এই বিশ্বাসকে সাৰথি কৰি ধনী শ্ৰেণীটোৱে, ক্ষমতাশীল শ্ৰেণীটোৱে শোষণৰ জালবোৰ মজবুত কৰে। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৃষ্ঠভূমিত সাৰ পানী দি থাকে, তাতে মানুহে বাস্তৱৰ সমস্যাৰ উহ ধৰিব নোৱাৰে। তেওঁলোকৰ ঈশ্বৰ হৈ পৰে মানুহক শোষণৰ হাথিয়াৰ আৰু ইফালে সাধাৰণ মানুহৰ ঈশ্বৰ হৈ থাকে পৰিত্ৰাণৰ উপায়।
ঈশ্বৰ হৈছে দুৰ্বলৰ আশ্ৰয়। এই আশ্ৰয়ৰ ভেঁটিত যদি বাস্তৱ জগতৰ সৈতে মুখামুখি হোৱাৰ সাহস আৰু সমল দিব নোৱাৰোঁ, তেন্তে ঈশ্বৰ বহুকাল তেওঁলোকৰ মানত সৰ্বশক্তিমান হৈয়ে থাকিব। এচাম জনা শুনা লোকে ঈশ্বৰ বিশ্বাস এটা বিলাসী অভ্যাস হিচাপে বৰ্তাই ৰাখে। তেওঁলোকে নানা পূজা পাতল কৰি মানুহক আপ্যায়ন কৰি আত্মতৃপ্তি লভে। এওঁলোকৰ ঈশ্বৰ হ’ল- প্ৰদৰ্শনৰ আহিলা, আত্মগৌৰৱৰ সমল। শ্ৰেণীবিভক্ত সমাজত ঈশ্বৰৰ ভূমিকাও বিভক্ত। অৱশ্যে ঈশ্বৰ অবিশ্বাসী জনৰ মনতো একোটা দুৰ্বল মুহূৰ্তত ঈশ্বৰে ক্ষন্তেকৰ বাবে আশ্ৰয় লোৱা দেখিছোঁ। চিকিৎসকে ৰোগীক কোৱা শুনিছোঁ-ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক, ঠিক হৈ যাব!
বৈজ্ঞানিক মানসিকতাৰ অধিকাৰীসকলৰ দায়িত্ব হ’ল মানুহক সঁচা পৃথিৱীখনৰ সতে পৰিচয় কৰি দিয়া, কিয় সমাজত সংকট ঘণীভূত হৈছে তাক যুক্তি তথ্যৰ ভেঁটিত পৰিষ্কাৰ কৰি দিয়া আৰু পৰিত্ৰাণৰ বাস্তৱ পথৰ সন্ধান দিয়া। এই কথাও কোৱা প্ৰয়োজন; মানুহে নিজৰ কৰ্মৰেহে সংকট মোচন কৰিব পাৰে তেওঁলোকৰ সংকট কোনো অদৃশ্য শক্তিয়ে নাইকিয়া কৰিব নোৱাৰে। কৰ্মবিমুখ হৈ অদৃশ্য শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰাটো একপ্ৰকাৰৰ আত্মহত্যাহে। তেনেদৰে সামাজিক সংকট নিৰাময়ো পূজা অৰ্চনাৰে নহয় বাস্তৱ কাৰ্যসূচীৰে হ’ব। প্ৰাকৃতিক ঘটনাবোৰো প্ৰাকৃতিক কাৰণত হে হৈছে, তাকহে কোৱা প্ৰয়োজন। ইয়াৰ অদৃশ্য ঈশ্বৰৰ ভূমিকা নাই। জনসাধাৰণক জীৱন আৰু জগতৰ সামগ্ৰিক ধাৰণা দিব নোৱাৰিলে, জনসাধাৰণৰ সংগ্ৰামী চেতনাৰ লগত বৈজ্ঞানিক মানসিকতাৰ সম্পৰ্ক গঢ়ি দিব নোৱাৰিলে বৈজ্ঞানিক চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰিব পৰা জানো যাব? ঈশ্বৰৰ ধাৰণাটো নোহোৱা কৰিবলৈ এইবোৰ দিশ মনত ৰাখি আগুৱাব লাগিব। ঈশ্বৰ বিশ্বাসী বিশাল জনজীৱনৰ লগত সংপৃক্ত হৈহে ঈশ্বৰৰ অস্তিত্ব যে নাই তাক বুজোৱাৰ কৌশল আয়ত্ব কৰিব লাগিব।
প্ৰশ্নঃ ৰাজনৈতিক পৃষ্ঠপোষকতাত শেহতীয়াকৈ অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামি বহু পৰিমাণে বাঢ়িছে বুলি যদি কওঁ, তেন্তে আপোনাৰ ক’বলগীয়া? বিজ্ঞানৰ প্ৰসাৰ-প্ৰচাৰ আৰু মানুহক যুক্তিবাদী হিচাপে গঢ়ি তোলাত চৰকাৰৰ দায়িত্ব বা ভূমিকা কেনে হোৱাটো বিচাৰে?
উত্তৰঃ হয়, বৰ্তমান ৰাজনৈতিক পৃষ্ঠপোষকতাত কুসংস্কাৰ, অন্ধবিশ্বাসৰ প্ৰাদুৰ্ভাৱ বহুত বৃদ্ধি হ’ল। আমাৰ সমাজত ধৰ্মীয় গোড়ামী চূড়ান্ত ৰূপেই বৃদ্ধি পাইছে। চৰকাৰখন যদিও সংবিধানত শপত লৈয়ে গঠিত, কিন্তু তেওঁলোকৰ কাম-কাজ, কথা আচৰণ-বাৰ্তাত মনুবাদী দৃষ্টিভংগীহে প্ৰকট হৈছে। তেওঁলোকক মধ্যযুগৰ শাসক যেনেই লাগে। এই কথা যোৱা আঠটা বছৰৰ ভাৰতৰ ঘটনাৰাজি পৰ্যবেক্ষণ কৰিলেই সেই কথাটো ওলাই পৰে। ধৰ্মক তেওঁলোকে ৰাজনীতিৰে সনা-পিটিকা কৰিছে। সংখ্যালঘু সকলৰ ধৰ্মবিশ্বাসক হেয় আৰু অৱমাননা কৰাৰ বহু দৃষ্টান্ত দেখুৱাইছে। বিশেষকৈ মুছলমান সকলৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰি ভাৰতীয়ত্বৰ ওপৰত কুঠাৰ আঘাত কৰিছে। হিন্দুত্বৰ গান গাই অতীতত হিন্দুৰ গৌৰৱ বিচাৰি মছজিদৰ তলত মন্দিৰৰ সন্ধানত চৰকাৰ ব্যস্ত হৈ পৰিছে। মোগল যুগত ৰখা ঠাইৰ নাম সলনিকে ধৰি এনে কিছু কাম কৰিবলৈ আগবাঢ়িছে, যিবোৰক আধুনিক যুগৰ সংবিধান নিয়ন্ত্ৰিত এখন চৰকাৰৰ কাম বুলি কোনোপধ্যে ক’ব নোৱাৰি। ধৰ্মীয় কুসংস্কাৰবোৰক এওঁলোকে জাকজমকতাৰে তুলি ধৰাৰ যত্ন কৰিছে। দলিত শ্ৰেণী আৰু নাৰীসকল সেয়ে আগকৈয়ো বেছি হিংসাৰ বলি হ’ব লগা হৈছে। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে যিসকল লোকে জনজীৱনক সজাগ কৰাৰ দৰে মহৎ কৰ্মত নিয়োজিত হৈ আছে, সেইসকলৰ ওপৰতো আক্ৰমণ সংঘটিত হৈছে। দামোদৰ ডাভোলকাৰ, কুলবাৰ্গীৰ দৰে অন্ধবিশ্বাস বিৰোধী সন্মানীয় ব্যক্তিক হত্যা কৰা হৈছে। এই হত্যাৰ আঁৰত সনাতন ধৰ্মৰ লোক জড়িত থকা বুলি কাকতত খবৰ ওলাইছে। গৌৰী লংকেশৰ নিচিনা সাহসী সাংবাদিকক ঘৰৰ সন্মুখতে হত্যা কৰা হৈছে। কাৰণ তেওঁ চৰকাৰৰ অসাংবিধানিক কথাবোৰৰ চোকা সমালোচনা কৰিছিল। অৰ্থাৎ সংবিধান প্ৰদত্ত বাক স্বাধীনতাও নোহোৱা হোৱাৰ উপক্ৰম হৈছে। চৰকাৰৰ অসহিষ্ণুতাৰ বিৰুদ্ধে কোৱাসকলক নানা ধৰণে নিৰ্যাতন জাপি দিয়া হৈছে। আকৌ বিজ্ঞান চিন্তাৰ বিপৰীতে চৰকাৰখনে স্থিতি লৈ মধ্যযুগত বিজ্ঞানৰ নোহোৱা নোপোজা আৱিষ্কাৰৰ কথা মিছাকৈ কৈ ফুৰিছে। স্বয়ং প্ৰধানমন্ত্ৰীজনেই এনে অবৈজ্ঞানিক কথা বহুত ক’লে। বাকী মন্ত্ৰীসকলেও কুসংস্কাৰৰ পক্ষপাতিত্ব কৰি অনেক কথা কৈছে। সেয়ে আমি ক’বলৈ বাধ্য হৈছোঁ যে চৰকাৰখন বিজ্ঞান বিৰোধী কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৃষ্ঠপোষক। অসমতো দেখিলোঁ মেডিকেল কলেজ স্থাপনৰ লাইখুটা স্থাপন কৰোঁতেও এওঁলোকে পূজা পাতল কৰে। উত্তৰ ভাৰতৰ পুৰোহিত আনি নমামী ব্ৰহ্মপুত্ৰ পাতি কোটি টকা খৰচ কৰে!
চৰকাৰ এখনৰ দায়িত্ব মানুহক কুসংস্কাৰ-অন্ধবিশ্বাসৰ গৰাহৰ পৰা মুক্ত কৰি প্ৰগতিৰ বাটেৰে লৈ যোৱা, ধৰ্মীয় গোড়ামিক প্ৰশ্ৰয় দিবলৈ অস্বীকাৰ কৰা, মানুহৰ মাজত আৱেগৰ পৰিবৰ্তে যুক্তিৰ প্ৰসাৰ ঘটোৱা, আৰ্থ সামাজিক জীৱনৰ উন্নতি কৰা। দেশ আৰু জনতাৰ উন্নতিয়েই যদি চৰকাৰৰ লক্ষ্য হয় তেন্তে তেওঁলোকে ইয়াকে কৰিব। তাকে নকৰি কুসংস্কাৰ-অন্ধবিশ্বাসৰ আৱৰ্ততে জনসাধাৰণক ৰখা যদি মূলমন্ত্ৰ হয়, ধৰ্মীয় উত্তেজনা সৃষ্টিয়েই যদি উদ্দেশ্য হয়, তেন্তে তাৰ অৰ্থ জনসাধাৰণৰ ওপৰত শোষণ নিৰ্যাতন দীৰ্ঘস্থায়ী কৰা। এইবোৰ কথা জনসাধাৰণে বুজি পোৱা দৰকাৰ৷
প্ৰশ্নঃ আপুনি সম্পাদনাৰ ক্ষেত্ৰখনৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে৷ ‘জয়ন্তী’, ‘আৱাহন’, ‘চেতনা’, পছোৱা’ আদি আলোচনীৰ সম্পাদনা তথা পুনৰ প্ৰকাশৰ ক্ষেত্ৰত এজন সম্পাদক হিচাপে আপোনাৰ অভিজ্ঞতা আৰু সম্পাদনাৰ অন্তৰালৰ কথাবোৰ কওকচোন৷ পুৰণি আলোচনী এখন সম্পাদনাৰ ক্ষেত্ৰত এজন সম্পাদক হিচাপে আপুনি কোনবোৰ বিষয়ত গুৰুত্ব প্ৰদান কৰে?
উত্তৰঃ পুৰণি আলোচনী সম্পাদনাৰ কামেই যোৱা এটা দশকৰ পৰা কৰি আছোঁ। তাৰ পৰা পৰিত্ৰাণ কেতিয়া পাওঁ ক’ব নোৱাৰোঁ। পিছে এই কাম কৰি মই বহু লাভবান হৈছোঁ। আমাৰ অসমীয়া সাহিত্যৰ ঐতিহ্যৰ সৈতে মুখামুখি হোৱাৰ সুযোগ পালোঁ এই সম্পাদনাৰ মাজেৰে। ২০১১ চনত হোমেন বৰগোহাঞিৰ সৈতে প্ৰথম সম্পাদনা কৰিছিলোঁ ৰঘুনাথ চৌধুৰী সম্পাদিত ‘জয়ন্তী’ৰ প্ৰথমটো বছৰৰ সংখ্যাবোৰ। হোমেন দাই সেইখিনি সংগ্ৰহ কৰি ষ্টুডেণ্টচ্ ষ্টোৰ্চক দিছিল। তেওঁলোকে মোৰ হাতত তুলি দি সম্পাদনাৰ যাৱতীয় কামখিনি কৰিবলৈ দিলে। মই উৱলি যোৱা পৃষ্ঠাবোৰ আন উৎসত বিচাৰি আনি ছপাৰ কাৰণে প্ৰস্তুত কৰি দিছিলোঁ। তাৰ আটাইবোৰ পৃষ্ঠা পঢ়ি অভিভূত হৈ পৰিছিলোঁ। বিশেষকৈ দ্বিতীয় মহাসমৰৰ আগে আগে ১৯৩৮ চনত প্ৰকাশ পোৱা জয়ন্তীত ফেচিবাদৰ বিৰুদ্ধে বলিষ্ঠ লেখনি পঢ়ি অভিভূত হৈ পৰিছিলোঁ। ভালে কেইজন চিন্তাশীল লেখক ইয়াত সমবেত হৈছিল, যিসকলৰ ৰাজনৈতিক বিশ্লেষণ আছিল উচ্চমানৰ। ইয়াৰ আগতে বিশ্ব ৰাজনীতিৰ এনে বিশ্লেষণ চকুত নপৰে। ‘জয়ন্তী’য়ে ধৰ্মীয় আবেগকো প্ৰশ্ৰয় দিয়া নাছিল। পমুৱাৰ আগমন আদি সম্পৰ্কতো স্থিতি আছিল বস্তুনিষ্ঠ। ‘জয়ন্তী’ৰ এই ভূমিকা সাহিত্যৰ বুৰঞ্জীত উল্লেখ নাই। ১৯৪৩ৰ পাছৰ দ্বিতীয় পৰ্যায়ৰ ‘জয়ন্তী’ৰ ভূমিকাৰ কিছু উল্লেখ পোৱা যায়।
২০১৫ চনত দীননাথ শৰ্মাৰ দ্বাৰা সম্পাদিত ‘আৱাহন’- পৰিয়ালৰ সৈতে হোৱা চুক্তি মৰ্মে প্ৰকাশৰ দায়িত্ব লয় অসম প্ৰকাশন পৰিষদে। এইখন সম্পাদনাৰ দায়িত্ব মোৰ হাতত অৰ্পন কৰা হয়। দীননাথ শৰ্মাৰ পুত্ৰ দিলীপ শৰ্মাই নিজেই এইখন প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। মই তেওঁক সহযোগ আগবঢ়াই এটা প্ৰকাশন প্ৰতিষ্ঠানৰ ওচৰলৈ লৈ গৈছিলোঁ। কিন্তু সেয়া হৈ নুঠিল। ইতিমধ্যে তেওঁ ঢুকাল। তেওঁৰ প্ৰয়াণৰ বহুবছৰ পাছত পৰিষদৰ লগত যোগাযোগ হ’ল। তেতিয়াৰ সচিব সদানন্দ গগৈয়ে সুদক্ষিণা শৰ্মাক মাতি পঠালে। তেওঁৰ আগ্ৰহ দেখুওৱাত প্ৰকাশৰ পথ মুকলি হ’ল। ‘আৱাহন যুগ’ বুলি ক’লে একেৰাহে ১৯২৯ৰ পৰা ১৯৪২ লৈ- দ্বিতীয় মহাসমৰলৈকে ওলোৱা সংখ্যা খিনি সদ্যহতে লোৱা হৈছে। বছৰত দুটাকৈ খণ্ড কৰা হৈছে। ২৫/২৬টা খণ্ড হ’বগৈ। শেষলৈ পৃষ্ঠা কমিছিল। হয়তো এটা দুটা খণ্ড কমিবও পাৰে। প্ৰথম নতুনকৈ ডিটিপি কৰি কৰা হৈছিল। কাৰণ বহু উৱলি যোৱা পৃষ্ঠা আছিল। পৰিয়ালে সযতনে ৰখাৰ পাছতো বহু নষ্ট হোৱা পৃষ্ঠা সম্পাদনা কালত চকুত পৰে আৰু সেইবোৰ কেইবাটাও পুথিভঁৰালত চলাথ কৰি বিচৰাটো এটা কষ্টসাধ্য কাম। এই কাম অকলেই কৰিবলগা হৈছে। অৱশ্যে বেছিভাগ ‘আৱাহন’ৰ সংখ্যাই ভাল অৱস্থাত আছে। ছপা আৰু অক্ষৰ বিন্যাসো সুন্দৰ আছিল কাৰণে এতিয়ালৈকে ওলোৱা ১২টা খণ্ডৰ চাৰিটা বাদ দি বাকীবোৰ স্কেন কৰি ছপা কৰা হৈছে। ‘আৱাহন’ এখন অতি সুন্দৰ, সকলো বিষয়ৰে সমৃদ্ধ আলোচনী আছিল। গল্প, কবিতা, বুৰঞ্জী-অৰ্থনীতি-ভাষা-বাণিজ্য-বিজ্ঞান বিষয়কে ধৰি নানা তথ্য আৰু বিশ্লেষণযুক্ত প্ৰবন্ধৰ উপৰি দেশ-বিদেশৰ ৰাজনীতি, বৈজ্ঞানিক আৱিস্কাৰ, মহিলাক লৈ নিয়মীয়া শিতান আছিল। ছপা হৈছিল একোটা ৰঙীন চিত্ৰশিল্প, স্বাধীনতা আন্দোলনৰ নেতাৰ ছবি আৰু নানা তৰহৰ বিজ্ঞাপন। আধুনিক সাহিত্যৰ সমৃদ্ধি এই যুগতেই হয়। ‘আৱাহন’ত স্বাধীনতা আন্দোলনৰ পৰিক্ৰমাই বিশেষ স্থান পাইছিল। হিন্দু-মুছলমানৰ ঐক্যৰ পক্ষে ‘আৱাহন’ কাকতৰ দৃঢ় স্থিতি আছিল। কুসংস্কাৰ-অন্ধবিশ্বাস-ধৰ্মীয় গোড়ামিক আৱাহনে নিন্দা কৰিছিল। ৰুছ বিপ্লৱৰ বিস্তৃত আলোচনা ‘আৱাহন’তেই ওলাইছিল। চোভিয়েট শাসন ব্যৱস্থাৰ কথাও বহলভাৱে তাত প্ৰকাশ হৈছিল। বিজ্ঞান চেতনাক সদায় আৱাহনে আগস্থান দিছিল।জাত-পাতৰ চোকা সমালোচনাও তাত প্ৰকাশিত হৈছিল। ‘আৱাহন’ৰ এই যুক্তিনিষ্ঠ, প্ৰগতিবাদী ভূমিকাৰ সূক্ষ্ম পৰ্যালোচনা হোৱা আৱশ্যক। ‘আৱাহন’ৰ চিন্তা আছিল সমাজমুখী। ‘আৱাহন’ সকলোৰে মুক্ত প্ৰকাশৰ বাহন হৈ পৰিছিল। সম্পাদক দীননাথৰ আশাশুধীয়া শ্ৰম প্ৰতিপৃষ্ঠাতে অনুভূত হৈছিল। সম্পাদনাৰ মেজত বহি তাকে ভাবি বিস্ময়াভিভূত হৈছোঁ।
‘আৱাহন’ৰ গ্ৰন্থৰূপ ২০১৫ চনত প্ৰথম ওলাল। ২০১৯ চনত ১১ আৰু ১২ নং খণ্ড ওলাইছে। বৰ্তমান ১৩ আৰু ১৪ নং খণ্ডৰ সম্পাদনাৰ কাম সম্পূৰ্ণ হৈ আছে। ইয়াৰ মাজতে অম্বিকাগিৰী সম্পাদিত মাহেকীয়া আলোচনী ‘চেতনা’ৰো গ্ৰন্থৰূপত সম্পাদনা কৰিব লগা হ’ল। মই কাম কৰা ‘প্ৰাগজ্যোতিষ কলেজ’ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ‘পৰমানন্দ ৰাজবংশী’য়ে মোক ক’লে -‘প্ৰভু (তেওঁ মোক তেনেকৈ মাতে, একেসময়ত আমি কলেজখনত যোগদান কৰিছিলোঁ) মোক এটা ভাল প্ৰকাশনৰ কাম কৰি দিয়ক। কলেজে প্ৰকাশ কৰিম।’ মই কিছু ভাবি কৈছিলোঁ-‘ আৱাহনৰ পৃষ্ঠা বিচাৰি ফুৰোঁতে আপোনালোকৰ (সাহিত্য সভাৰ) ফণী তালুকদাৰ ভৱনত অম্বিকাগিৰিৰ ‘চেতনা’ আলোচনীখন চাইছিলোঁ। প্ৰথমটো বছৰৰ সকলো পৃষ্ঠাই অক্ষত হৈ আছে। সেইখন ল’লে কলেজৰ মৰ্যাদা বাঢ়িব। ৰাজবংশীয়ে লগে লগে মোক সেই দায়িত্ব দিলে। তেনেকৈয়ে ১৯১৯ চনত ওলোৱা ‘চেতনা’ৰ প্ৰথমটো খণ্ড ২০১৬ চনত ছপা হৈ ওলাল। আমি আৰু উলিওৱাৰ কথা ভবা নাছিলোঁ। কিন্তু খণ্ডটো প্ৰকাশৰ পাছতে অম্বিকাগিৰিৰ জীয়ৰী যুগব্ৰতা দত্ত কলেজলৈ আহি ‘চেতনা’ প্ৰকাশত আনন্দ প্ৰকাশ কৰে আৰু অধ্যক্ষক ক’লে যে কলেজে পাছৰখিনি চেতনা প্ৰকাশ কৰিব লাগে আৰু তেওঁ আটাইবোৰ সংখ্যা কলেজক অৰ্পণ কৰিব বুলিও জনালে। আমি ধৰ্মসংকটত পৰিলোঁ। কলেজৰ ধন আছে, কিন্তু কেইবাখণ্ডৰ কিতাপ ছপাবলৈ কলেজৰ পৰিচালনা সমিতিয়ে দিব কেনেকৈ? কিন্তু ৰাজবংশীয়ে যুগব্ৰতাৰ প্ৰস্তাৱটো নেওচা দিবলৈ টান পালে আৰু সদস্যসকলক সৈমান কৰি ১০ লাখ টকাৰ বাজেট ধাৰ্য কৰিলে। পাছৰ ছটা খণ্ডৰ কাম একেলগে আৰম্ভ কৰা হ’ল। সহকৰ্মী সকলৰ মাজৰ পৰা প্ৰত্যেকটো খণ্ডৰ বাবে পৃথকে পৃথকে একোজন সহযোগী সম্পাদক নিয়োগ কৰা হ’ল। যুগব্ৰতা বাইদেৱে দিয়া সংখ্যাবোৰ জেৰক্সহে আছিল। তাতে বহু পৃষ্ঠা নাছিল, বহু পৃষ্ঠাৰ জেৰক্স ভালকৈ হোৱাই নাছিল। তদুপৰি কেইটামান সংখ্যাও নাছিল। কাকত চিঠি-পত্ৰ আদিৰে বহুতলৈ আবেদন দিলোঁ। মঙলদৈৰ গীতিকাৰ প্ৰভাত চৌধুৰীয়ে নথকা সংখ্যা দুটা আমাৰ হাতত তুলি দিলে। বাকী পৃষ্ঠাবোৰ সহযোগী সম্পাদকসকলে অশেষ কষ্ট কৰি বেছিভাগেই উদ্ধাৰ কৰিলে। আঢ়ৈ বছৰৰ ভিতৰত বাকী ৬টা খণ্ড প্ৰকাশ হৈ ওলাল। এয়া অকল মোৰ কৃতিত্ব নহয়। ‘আৱাহন’ৰ সম্পাদনাৰ কাম চলি থকাৰ মাজতে ‘চেতনা’ সম্পাদনা মোৰ বাবে বৰ কষ্টসাধ্য আছিল। এয়া সম্ভৱ হ’ল সহযোগী মনজিৎ মজুমদাৰ, কল্পনা তালুকদাৰ, ইৰা দাস, ইন্দ্ৰানী কলিতা, কৰৱী খেৰকটাৰী, পৰশমণি দাস আৰু বিশ্বজ্যোতি দেৱ মহন্তই কৰা অপৰিসীম কষ্টৰ বিনিময়ত। চেতনাই মোৰ মনৰ দুৱাৰ নতুনভাৱে খুলি দিলে। অম্বিকাগিৰি সম্পৰ্কে মোৰ বহু অস্পষ্ট ধাৰণা ‘চেতনা’ই দূৰ কৰিলে। এই আলোচনীখনে অসমীয়া জাতিৰ জাতীয়তাবাদ গঢ়াত অহোপুৰুষাৰ্থ কৰিছিল। অম্বিকাগিৰীয়ে কৈছিল- জাতিৰ ভেটি গঢ়ে অৰ্থনীতিয়ে। যি জাতিৰ অৰ্থ নিজৰ হাতত নাথাকে, সেই জাতি পংগুৰ দৰে। অসমীয়াৰ চেতনা তেওঁ তেনেকৈ লিখাৰ মাজেৰে জগাব বিচাৰিছিল। ধৰ্মীয় আবেগক তেওঁ প্ৰশ্ৰয় দিয়া নাছিল। বহু সম্পাদকীয় লিখিছিল হিন্দু-মুছলমানৰ ঐক্যক লৈ। সত্ৰকেন্দ্ৰিক জাত্যাভিমানো ‘চেতনা’ই সাহসেৰে সমালোচনা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। যুক্তিবাদী চিন্তাৰ পৰশ পৰিছিল অনেক লেখাত। ইয়াত গো-মাংস প্ৰসংগতো দিকদৰ্শী ৰচনা প্ৰকাশ পাইছিল। লেনিন আৰু ৰুচ বিপ্লৱৰ বিষয়ে ইয়াতেই বোধহয় প্ৰথম লেখা ওলাইছিল। জাতীয় অৰ্থনীতিৰ বিষয়ে মূল্যবান ৰচনা ওলাইছিল। সত্যেন্দ্ৰনাথ শৰ্মাই ‘অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত’ত লেখাৰ দৰে এইখন উগ্ৰ জাতীয়তাবাদী কাকত নাছিল। যি আছিল সেয়া স্বাভাৱিক আবেগ জাতিটোৰ প্ৰতি। তাত যুক্তিৰ বান্ধ আছিল পৰিষ্কাৰ। ভাৰতীয় জাতিৰ মাজত বিলীন হ’বলৈ তেওঁ অসমীয়াক শক্তিশালী হ’বলৈ আবেদন জনাইছিল।
‘চেতনা’ৰ দৰে ‘পছোৱা’ৰ প্ৰকাশৰ জন্মলগ্নও একে। এদিন অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ক’লে-“তুমি আমাক একো কৰি নিদিয়া নেকি?” কুলদাক কটন কলেজতে প্ৰথম লগ পোৱা। আমাতকৈ একশ্ৰেণী ওপৰত পঢ়িছিল। মই ক’লো-”মই ইমান সংকীৰ্ণ মনৰ মানুহ নহয়। মোৰ মনৰ লগত মিলিলে মই কাম কৰিম।” তেতিয়া তেওঁ মোকে পৰামৰ্শ দিবলৈ কোৱাত ক’লো- “হেম বৰুৱাই ১৯৪৮ ত উলিয়াইছিল “পছোৱা”, এইখন অতি গুৰুত্বপূৰ্ণ আলোচনী। মই চাই থৈছোঁ কিবা কৰিব পাৰি নেকি বুলি।” লগে লগে কুলদা ৰাজি হৈ গ’ল। চাৰিমাহৰ ভিতৰতে একেৰাহে বহি কামটো কৰি পেলালোঁ। পছোৱাৰ সম্পাদনা মোৰ এক অনন্য অভিজ্ঞতা। হেম বৰুৱাৰ দৰে এজন অতি উচ্চস্তৰৰ বুদ্ধিজীৱীৰ সুবাস পাই নিজকে ধন্য মানিলোঁ। অসমীয়া প্ৰগতিশীল কাব্যধাৰাক বলিষ্ঠভাৱে প্ৰকাশ কৰে ‘পছোৱা’ই। তাৰ আগতে তাৰ আৰম্ভণি কৰিছিল ‘জয়ন্তী’য়ে,য’ত এজন প্ৰধান কবি আছিল হেম বৰুৱা, লগতে আছিল ভবানন্দ দত্ত, অমূল্য বৰুৱাৰ আদি। ‘পছোৱা’ই সমসাময়িক ৰাজনীতি, ইতিহাসৰ বস্তুনিষ্ঠ মূল্যায়ন কৰাই নহয়, সাহিত্যৰ প্ৰগতিশীল ধাৰা সম্পৰ্কে দিকদৰ্শী ধাৰণা দিলে বিশ্ব সাহিত্যৰ উল্লেখেৰে। হেম বৰুৱাই নিজৰ নাম প্ৰকাশ নকৰাকৈ অনেক মূল্যবান ৰচনা অনুবাদ কৰিছিল।
‘ৰামধেনু’ৰো প্ৰকাশন পৰিষদে উলিওৱা খণ্ডটোতো মই যুক্ত হ’ব লগা হৈছিল সম্পাদক নগেন শইকীয়াৰ অনুৰোধত। ‘জয়ন্তী’ আৰু ‘ৰামধেনু’ৰ পাছৰ খণ্ডবোৰৰ কাম ৰৈ থাকিল। চেতনা, আৱাহন, জয়ন্তী, ৰামধেনু প্ৰতিখনেই স্বকীয় বৈশিষ্ট্যপূৰ্ণ। সময়ৰ পটভূমিত প্ৰতিখনৰে দিকদৰ্শী ভূমিকা আজিৰ প্ৰেক্ষাপটতো স্মৰণীয়। কেউখনকে কোনো কথা বাদ নিদিয়াকৈ আগৰ সূচীমতেই প্ৰকাশ কৰিছিলোঁ। পাতনিত সমাজমুখী প্ৰগতিশীল ধাৰাটো, যিটো আজি আমাৰ বাবে প্ৰয়োজন তাক ফঁহিয়াই দেখুৱাই দিয়াৰ প্ৰয়াস কৰিছোঁ।
প্ৰশ্নঃ আপুনি বহুকেইজন বৰেণ্য ব্যক্তিৰ জীৱন আৰু কৃতি বিষয়ক গ্ৰন্থ আৰু ৰচনাৱলীও সম্পাদনা কৰিছে৷ এইধৰণৰ গ্ৰন্থ সম্পাদনাৰ বাবে আপোনাৰ মানসিক তথা শাৰীৰিক প্ৰস্তুতিৰো বহুখিনিৰ প্ৰয়োজন হয়৷ এই প্ৰস্তুতিৰ কথাখিনি আপোনাৰপৰা জানিব বিচাৰোঁ৷
উত্তৰঃ ক’বলৈ গ’লে মোৰ বৌদ্ধিক যাত্ৰাটো আৰম্ভ হৈছিল ‘সৈনিক শিল্পী বিষ্ণু ৰাভা’ (১৯৮২)ৰ হাত ধৰিয়েই। নলবাৰীৰ জাৰ্ণাল এম্পোৰিয়ামৰ স্বত্বাধিকাৰী সুৰেশ সৈন্য আৰু মই আড্ডা দি থাকোঁতে বিষ্ণু ৰাভাৰ বিষয়ে এটি সংকলন কৰা কথা আমাৰ মনলৈ আহিছিল। আমি গোহাঁই ছাৰক সম্পাদকৰ দায়িত্ব দিয়াৰ কথা ভাবিলোঁ। ছাৰে আগ্ৰহেৰে দায়িত্ব গ্ৰহণ কৰি নলিনীধৰ ভট্টাচাৰ্য আৰু শশী শৰ্মাক সম্পাদনা সমিতিৰ সদস্য কৰি মোক সহযোগী সম্পাদকৰ দায়িত্ব দিলে। এদিন আমি আটাইকেইজন ছাৰৰ ঘৰত মিলিত হ’লো আৰু কিতাপৰ আঁচনিখন কৰি পেলালোঁ। এইখন কিতাপৰ বাবে লেখা বিচাৰি মই ঘূৰি ফুৰিলোঁ। অবিভক্ত কামৰূপ আৰু গোৱালপাৰাৰ বিভিন্ন ঠাইলৈ গৈ ৰাভাৰ সংগ্ৰামী সতীৰ্থৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলোঁ। মই তেতিয়া বিশ্ববিদ্যালয়ৰ এম. এ. শ্ৰেণীৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ। ছাৰৰ ঘৰলৈ প্ৰায়ে অহা-যোৱা কৰোঁ। আন্দোলনৰ বিস্ফোৰিত সময়। ছাৰে ‘কলাখাৰ’ উলিয়ায়। আমি বৰ সংকুচিত হৈ আছিলোঁ। ছাৰে এই সময়তে সমীন্দ্ৰ হুজুৰি আৰু মোক মাতি নি ‘জ্যোতিপ্ৰসাদ ৰচনাৱলী’ (১৯৮১)ৰ বিকৃতিৰ কথা আঙুলিয়াই দিয়ে আৰু ইতিপূৰ্বে হেমাংগ বিশ্বাসে পোনতে ‘শিল্পীৰ পৃথিৱী’ ৰচনাখনত কেছি চলোৱাৰ বিষয়ে ‘দৈনিক অসম’ৰ চিঠি লিখাৰ কথা উল্লেখ কৰি আমাক লিখিবলৈ কয়। মই ‘সাদিনীয়া নাগৰিক’ত লিখোঁ। নিত্য বৰাই বিষয়টো স্পষ্ট কৰাৰ কাৰণে তেওঁৰ ‘সাম্প্ৰতিক সাময়িকী’ত মোক ৰচনাৱলী সম্পাদনা সমিতিৰ সদস্যসকলৰ সাক্ষাৎকাৰ ল’বলৈ দিয়ে। ৰচনাৱলীৰ বিকৃতিৰ বহু কথাই সেই সাক্ষাৎকাৰত পৰিষ্কাৰ হ’ল। এই সময়তে জ্যোতিপ্ৰসাদ আৰু হেমাংগ বিশ্বাস অধ্যয়নৰ অনুৰাগো মোৰ মনত গঢ় লৈ উঠে। ১৯৮৩ ত হেমাংগ বিশ্বাস আহোতে ওচৰৰ পৰা তেখেতক লগ পাওঁ। অসমলৈ আহিবলৈ কাতৰ অনুৰোধ কৰি ময়ো তেওঁলৈ চিঠি লিখিছিলোঁ। গোহাঁই ছাৰে হেমাংগদাক ঘৰলৈ ভাত খাবলৈ মাতিলে আৰু মোক লৈ আহিবলৈ ক’লে। অসমৰ আন্দোলনটোৰ সম্পৰ্কে ঘাইকৈ হেমাংগদাই ছাৰৰ ঘৰলৈ অহা-যোৱা কৰা সকলোৰে পৰাই মতামত লৈছিল। ছাৰৰ দুই এটা কথাত হেমাংগদাই দ্বিমত প্ৰকাশো কৰিছিল। দুপৰীয়া আমি তিনিও আহাৰ খাইছিলোঁ। এবাৰ ছাৰে মোক ক’লে- সময় বৰ বেয়া, হেমাংগ দাক একেবাৰে টুৰিষ্ট ল’জত থৈ আহিবা। কিন্তু আমি গৈ ফাঁচিবজাৰ পোৱাৰ সময়তে অটো ৰখাবলৈ কৈ হেমাংগ দা নামি পৰিল। মই ছাৰৰ সকিয়নি সোঁৱৰাই দিলোঁ। হেমাংগ দাই ক’লে- মোক কোনে মাৰিবহে। এইখন মোৰ ঠাই। মই নাককটা পুখুৰীৰ কাষেৰে খোজ কাঢ়ি ল’জ পামগৈ। মই আতংকিত হ’লো যদিও হেমাংগ দাৰ দৃঢ়তা দেখি বিস্ময়াভিভূতও হৈ পৰিলোঁ।
‘সৈনিক শিল্পী’ পুথিখন জনপ্ৰিয় হোৱাৰ পাছত ‘চেতনা প্ৰকাশ’ৰ ৰজনীকান্ত শৰ্মাৰ অনুৰোধত আৰু দুখন ৰাভা বিষয়ক পুথিৰ সম্পাদনাত সহযোগ আগ বঢ়ালোঁ। এখন ‘বিষ্ণুপ্ৰসাদ ৰাভা: জীৱন আৰু কৃতি ‘(১৯৮৫)। সম্পাদক: নলিনীধৰ ভট্টাচাৰ্য আৰু আনখন ‘সতীৰ্থৰ দৃষ্টিত বিষ্ণু ৰাভা’ (১৯৮৭)। সম্পাদনা যুটীয়াভাৱে- নলিনীধৰ ভট্টাচাৰ্য, প্ৰসেনজিৎ চৌধুৰী, ৰজনীকান্ত শৰ্মা আৰু মোৰ। এই দুখন পুথিৰ বাবে ৰজনীকান্ত শৰ্মা আৰু মই বিভিন্ন ঠাই ভ্ৰমণ কৰিছিলোঁ। ‘চেতনা’ প্ৰকাশৰ পাছত আৰু তিনিখন পুথি ওলাইছিল। এখন হীৰুদাৰ বিষয়ে ক্ষুদ্ৰ পুথি ‘হীৰেন ভট্টাচাৰ্য আৰু তেওঁৰ কবিতা’ (১৯৮৬)। সম্পাদনা সমিতিত নলিনীধৰ ভট্টাচাৰ্য, প্ৰসেনজিৎ চৌধুৰী আৰু ৰজনীকান্ত শৰ্মা আছিল ৷ দ্বিতীয়খন প্ৰসেনজিৎ চৌধুৰী আৰু মোৰ যুটীয়া সম্পাদনাৰে জ্যোতিপ্ৰসাদৰ মূল্যায়ন সংকলন ‘জ্যোতিপ্ৰসাদ’ (১৯৯০)। আৰু দীঘলীয়া বিৰতিৰ পাছত হীৰুদাৰ কিতাপখন নতুনকৈ সম্পাদনা কৰোঁ ৰজনীকান্ত শৰ্মাৰ সৈতে যুটীয়াভাৱে, নাম দিলোঁ- হীৰেন ভট্টাচাৰ্যৰ কবিতা’ (১৯৯৭)।
হেমাংগ দাৰ সতে গঢ়ি উঠা সম্পৰ্কৰ সূত্ৰে মঘাই ওজাৰ বিষয়ে এখন পুথি উলিয়াবলৈ স্থিৰ কৰি তেওঁলৈ লিখাত তেওঁ ততাতৈয়াকৈয়ে মঘায়ে তেওঁলৈ লিখা চিঠিবোৰ মোলৈ পঠাই দিছিল। সেইখিনিৰ লগত বিভিন্ন জনৰ স্মৃতি লেখা সন্নিৱিষ্ট কৰা ‘গণশিল্পী মঘাই ওজা’ (১৯৮৮) শীৰ্ষক পুথিখন প্ৰকাশ কৰে নলবাৰীৰ বন্ধু (প্ৰকাশক) ‘সমন্বয় গ্ৰন্থালয়’ৰ জিতেন ডেকাই। তেওঁৰ আগ্ৰহতে প্ৰকাশ পায় ‘গান্ধী চিন্তা’ (১৯৯৪) পুথিখনো, যিখন প্ৰসেনজিৎ চৌধুৰী আৰু মই যুটীয়াভাৱে সম্পাদনা কৰিছিলোঁ। জ্যোতিপ্ৰসাদৰ জন্ম শতবৰ্ষ উদযাপনৰ সময়ত জ্যোতিৰ সান্নিধ্যৰ স্মৃতিৰে লেখা পুৰণি ৰচনাৰ সংকলন এটি উলিয়াইছিলোঁ উদয়াদিত্য ভৰালী, লোকনাথ গোস্বামী আৰু মই, নামটো- ‘পোহৰলৈ’ (২০০৩)।
শিৱনাথ বৰ্মন ছাৰৰ সতে লগ লাগি হ’লে নানা প্ৰসংগ ওলায়। ভবানন্দ দত্তৰ বিষয়ে ভালকৈ জানিবলৈ মোৰ আগ্ৰহ হৈছিল। ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী ছাৰৰ লগতো একে প্ৰসংগ মাজে মাজে ওলাইছিল। এদিন তিনিওজন পাণবজাৰত লগালগি হোৱাত দীঘলী পুখুৰীৰ ওচৰত এখন ৰেষ্টুৰেণ্টত বহি আমি ভবানন্দৰ দত্তৰ বিষয়ে এখন পুথি কৰাৰ আঁচনি তৈয়াৰ কৰি পেলালোঁ। আমাৰ তিনিজনৰ সম্পাদনাত তাৰেই ফচল-‘ভবানন্দ দত্ত: জীৱন আৰু প্ৰতিভা’ (১৯৯০)। প্ৰকাশ কৰিছিল ‘বৰুৱা এজেঞ্চী’য়ে। বৰ্মন ছাৰৰ সৈতে সম্পাদনা কৰা জীৱন আৰু কৃতিৰ বিষয়ক আনখন গ্ৰন্থ ‘ৰবীন্দ্ৰনাথ’ (১৯৯৬)।
হেমাংগ বিশ্বাসৰ স্মৃতিত নতুন সাহিত্য পৰিষদে উলিওৱা ‘হেমাংগ বিশ্বাস ‘(২০০২) পুথিখন বিপুল খাটনিয়াৰৰ সৈতে সম্পাদনা কৰিছিলোঁ। হেমাংগ বিশ্বাসৰ জন্মশতবৰ্ষ উদযাপনৰ সময়ত আৰু দুটা সংকলন কৰা হৈছিল। এটা হেমাংগদাৰ বিষয়ে লিখা পুৰণি প্ৰায় আটাইবোৰ স্মৃতি লেখাৰ সংকলন ‘তেজৰ আখৰে লেখা’ (২০১২) আৰু আনটো নতুন সাহিত্য পৰিষদে দিনজোৰা কৰা আলোচনা সত্ৰত পঠিত নিবন্ধৰ সংকলন ‘হেমাংগ বিশ্বাস: দৃষ্টি আৰু সৃষ্টি ‘ (২০১২)।
সহকৰ্মী অতনু কুমাৰ চৌধুৰীৰ তাগিদাত দুগৰাকী মহান পুৰুষৰ স্মৃতি সংকলন কৰিছিলো।প্ৰথমখন ‘ অপূৰ্ব কুমাৰ চৌধুৰী: চলচ্চিত্ৰ নিৰ্মাতা আৰু মানুহজন’ (২০০৫)। সম্পাদনা সহকৰ্মী চৌধুৰী আৰু ৰঞ্জিৎ দাসৰ সৈতে। আনখন ‘ৰমেশ চন্দ্ৰ চৌধুৰী: এক দুৰ্লভ ব্যক্তিত্ব ‘(২০১৭)। বিশিষ্ট অৰ্থনীতিবিদ, লেখক তাৰক চন্দ্ৰ গোস্বামীৰ স্মৃতি সংকলন ‘দুৰ্জেয় যাত্ৰা’ (২০১৪) সম্পাদনা কৰিছিলোঁ জগদীশ গোস্বামীৰ সৈতে। আমি যুটীয়াভাৱে তিনিগৰাকী ব্যক্তিক ৰাজহুৱা সম্বৰ্দ্ধনা জনাইছিলোঁ আৰু সেই উপলক্ষে অভিনন্দন গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছিলোঁ চিন্তামূলক প্ৰবন্ধ সন্নিৱিষ্ট কৰি। শিৱনাথ বৰ্মন, প্ৰসেনজিৎ চৌধুৰী, ইন্দিৰা দেউৰী, নিত্য বৰা আৰু মই সম্পাদনা কৰিছিলোঁ৷ নামটো দিলোঁ-‘ঐতিহ্য আৰু ইতিহাস: অমলেন্দু গুহ অভিনন্দন গ্ৰন্থ’ (২০০৫)৷ শিৱনাথ বৰ্মন, প্ৰসেনজিৎ চৌধুৰী, ইন্দিৰা দেউৰী, অনুজ গোস্বামী, জুনু বৰা আৰু মই লগ লাগি উলিয়াইছিলোঁ- ‘সংগ্ৰাম আৰু সংবীক্ষা: অনিল ৰায় চৌধুৰী অভিনন্দন গ্ৰন্থ’ (২০১১) আৰু ৰবীন্দ্ৰ কুমাৰ দাস, জুনু বৰা, অনুজ গোস্বামী, নিকুমণি হুছেইন, বিপুল তালুকদাৰৰ সহযোগত সম্পাদনা কৰিছিলোঁ -‘সংকল্প আৰু সাধনা: শিৱনাথ বৰ্মন অভিনন্দন গ্ৰন্থ ‘ (২০১৭)।
প্ৰশ্নঃ এইখিনি গ্ৰন্থ আছিল আপোনাৰ ব্যক্তি বিশেষৰ সম্পাদনামূলক গ্ৰন্থ৷ ৰচনাৱলীখিনিৰ কথা?
উত্তৰঃ ৰচনাৱলীত প্ৰথম কাম কৰিছিলোঁ লক্ষ্মীধৰ শৰ্মাৰ। তাৰ মই সম্পাদকো নাছিলোঁ, সমিতিৰ সদস্যও নাছিলোঁ। নতুন সাহিত্য পৰিষদে এই উদ্যোগ লৈছিল। একে সময়তে ষ্টুডেণ্টচ্ ষ্টোৰচেও তেওঁৰ ৰচনাৱলী উলিয়াবলৈ আগবাঢ়িছিল। দুয়োৰো সংযোগ হোৱাত পৰিষদৰ হৈ ষ্টুডেণ্টচে প্ৰকাশ কৰাৰ সিদ্ধান্ত হ’ল। এদিন প্ৰকাশক বিজয় দত্তই মোৰ হাতত ৰচনাৱলীৰ অসম্পাদিত ফাইলটো গতালেহি। মই অসম্পূৰ্ণতাখিনি নাইকিয়া কৰি প্ৰকাশৰ বাবে প্ৰস্তুত কৰি দিছিলোঁ। দ্বিতীয়টো খণ্ডৰ সম্পাদনা অৱশ্যে পৰিষদে মোৰ হাততে দায়িত্ব অৰ্পন কৰিছিল। প্ৰায় দুই দশক পাছত ভবানী বুক্ছে মোৰ সম্পাদনাত এটা খণ্ডত ’লক্ষ্মীধৰ শৰ্মা ৰচনাসমগ্ৰ’ (২০১৩) হিচাপে পুনৰ প্ৰকাশ কৰে। জ্যোতিপ্ৰসাদ জন্মশতবৰ্ষ উদযাপনৰ সময়ত আমি জ্যোতিপ্ৰসাদৰ ৰচনাৱলী নতুনকৈ সম্পাদনা কৰাৰ সিদ্ধান্ত কৰিছিলোঁ। হীৰেন গোহাঁয়ে সম্পাদকৰ দায়িত্ব লৈছিল। সমীন্দ্ৰ হুজুৰি আৰু মই সহযোগী হিচাপে থাকি কাম আগবঢ়াইছিলোঁ। তেজপুৰলৈয়ো গৈ হৃদয় আগৰৱালাক লগ কৰি মূল ৰচনাৰ জেৰক্স সংগ্ৰহ কৰিছিলোঁ। কিন্তু copyrightৰ সমস্যাৰ বাবে আমি থমকি ৰ’ব লগা হ’ল। পিছে তাক সাকাৰ ৰূপ দিয়াত সুযোগ ওলাল। অসম প্ৰকাশন পৰিষদৰ সচিব হৈ আহিল লক্ষ্মীনাথ তামুলী। এদিন তেওঁৰ ঘৰলৈ গৈ সুধিলোঁ- ‘আপুনি কি কি পৰিকল্পনা লৈছে?’ তেওঁ ক’লে- ব্যৱসায় কৰি ঘাটি পূৰণ কৰিম। আটাইবোৰ কিতাপ পুনৰ উলিয়াম। মই ক’লো, তাৰ মানে জ্যোতিপ্ৰসাদ ৰচনাৱলীও উলিয়াব? তেওঁ হয়ভৰ দিলে। মই তেওঁক ক’লো- আমি শতবৰ্ষ সমিতিয়ে সেইখন নতুনকৈ সম্পাদনা কৰোঁ বুলি কিছু আগবাঢ়িছিলোঁ। গোহাঁই ছাৰ সম্পাদক। তামুলী দাই লগে লগে ছাৰলৈ ফোন কৰিলে আৰু নতুনকৈ কৰাখনকে উলিয়াব বুলি প্ৰস্তাৱ দিলে। এনেদৰে ৰচনাৱলী নতুনকৈ কৰা সম্পাদিত ৰূপত প্ৰকাশ পালে ২০০৫ চনত। হুজুৰি আৰু মই পূৰ্ণ সহযোগ কৰিলোঁ। মনত পৰে উন্মোচনৰ আগদিনা তামুলীদাৰ নিৰ্দেশ- কাইলৈ ৰচনাৱলী পুৱা ১১ বজাত পাব লাগিব। গোটেই ৰাতি প্ৰেছত ভুবনচন্দ্ৰ কলিতা আৰু মই উজাগৰে থাকি চাই চিতি দিলো। পুৱতি নিশা ছপা সম্পূৰ্ণ হৈছিল। আমাৰ সম্পাদনাত তিনিটা সংস্কৰণ ওলাল।
জ্যোতিপ্ৰসাদৰ ৰচনাৱলীত কাম কৰোঁতে হেমাংগ বিশ্বাসৰ অসমীয়া ৰচনাবোৰলৈ বৰকৈ মনত পৰিছিল। তেওঁৰো ৰচনাৱলী কৰাৰ হেঁপাহ জাগিছিল। কেইবছৰমান পাছৰ কথা। এদিন ভুবনচন্দ্ৰ কলিতাই ক’লে- নতুন কিতাপৰ পৰামৰ্শ দিয়কচোন। মই প্ৰসেনজিৎ চৌধুৰী, ইন্দিবৰ দেউৰীকে ধৰি কেইগৰাকীমান মননশীল লেখকৰ নাম কোৱাৰ লগতে মোৰ মনত খেলাই থকা হেমাংগ বিশ্বাসৰ অসমীয়াত লিখা ৰচনাৱলীখিনি উলিয়াই তেওঁৰ প্ৰতি সন্মান জনোৱাটো আমাৰ যে এটা দায়িত্ব সেই কথালৈও আঙুলিয়ালোঁ। সেইদিনা পৰিষদৰ সভা আছিল। কলিতাই ৰাতিয়েই মোক খবৰ দিলে যে পৰিষদত ‘হেমাংগ বিশ্বাস ৰচনাৱলী’ উলিওৱাৰ সিদ্ধান্ত হৈ গ’ল আৰু আপুনি সম্পাদনা আৰু সংগ্ৰহ কৰি দিব লাগিব। মন ভৰি গ’ল। এবছৰ কষ্ট কৰি ৰচনাৱলী খন ২০০৮ চনত উলিয়ালোঁ। ছটা বছৰ পাছতে ২০১৬ চনত তাৰ দ্বিতীয় পৰিবৰ্ধিত সংস্কৰণো ওলাল ।
হেমাংগ বিশ্বাসৰ ৰচনা বিচাৰি বিভিন্ন পুথিভঁৰাললৈ যাওঁতে জয়ন্তী, আৱাহন, নতুন অসমৰ পাতত ভবানন্দ দত্তৰ ৰচনা আৰু তেওঁৰ মনোৰঞ্জন শাস্ত্ৰীৰ সৈতে হোৱা বিতৰ্কবোৰ পঢ়াৰ সুযোগ পালোঁ আৰু সেইবোৰ ওলোৱা সংখ্যাবোৰ টোকাবহীত লিখি ৰাখিলোঁ, যাতে পাছত সেইবোৰ সংগ্ৰহ কৰিব পাৰোঁ। তেওঁৰ কিতাপখিনিও একগোট কৰি ৰাখিলোঁ। শিৱনাথ বৰ্মনৰ লগত কথা পাতি অসম প্ৰকাশন পৰিষদক ক’লো- ‘ভবানন্দ দত্ত ৰচনাৱলী’ উলিয়াবলৈ। ভুবন চন্দ্ৰ কলিতাই পৰিয়াললৈ চিঠি দিলে যদিও হৈ নুঠিল। তাৰ পাছত ‘ভবানী বুকচ’ৰ দ্বাৰা কৰা চেষ্টাও ব্যৰ্থ হ’ল। এইবাৰ নতুন সাহিত্য পৰিষদে সিদ্ধান্ত লৈ পৰিয়ালৰ ওচৰ চপাত সহাঁৰি পোৱা গ’ল। ইতিমধ্যে ‘অসম পাবলিচিং কোম্পানী’য়ে আগ্ৰহৰ কথা আমাক কৈ থৈছিল। গতিকে পৰিষদৰ হৈ তেওঁলোকেই ‘ভবানন্দ দত্ত ৰচনা সমগ্ৰ’ (২০২০) পঢ়ুৱৈৰ হাতত তুলি দিলে। কম সময়তে ইয়াৰ প্ৰথমটো সংস্কৰণ শেষ হ’ল। নতুন সংস্কৰণৰ ছপাৰ কাম হৈ আছে।
ভূপেন হাজৰিকাৰ প্ৰয়াণৰ পাছত অসম প্ৰকাশন পৰিষদৰ সহ সচিব সুশীল গোস্বামীয়ে অনুৰোধ কৰিলে ভূপেন হাজৰিকাৰ বিষয়ে এখন কিতাপ কৰি দিব লাগে। ভূপেন হাজৰিকাৰ কোনো কিতাপেই পৰিষদৰ নাই। মই মোৰ সংগ্ৰহত থকা ‘আমাৰ প্ৰতিনিধি’ আৰু ‘গতি’ৰ পৰা তেওঁৰ চিন্তাধাৰাৰ প্ৰতিনিধিত্ব কৰাতকৈ সম্পাদকীয়, প্ৰবন্ধৰ নিৰ্বাচন কৰি দিলোঁ ৷ নামটো- ‘ভূপেন হাজৰিকা: গতিৰ পৰা আমাৰ প্ৰতিনিধিলৈ (২০১২)।
আমাৰ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ‘তীৰ্থনাথ শৰ্মা ৰচনাৱলী’ (২০১০)ৰ দুটা খণ্ডৰ সম্পাদনা কৰিবলগা হ’ল মালিনী গোস্বামী সৈতে যুটীয়াভাৱে ৷ ঘাইকৈ তেওঁৰ পুত্ৰ মুকুন্দকাম শৰ্মাৰ অনুৰোধত এই কাম হাতত লৈছিলোঁ। তেওঁ মোৰ জৰিয়তেই প্ৰকাশন পৰিষদলৈ পিতৃৰ ৰচনাৱলী উলিওৱাৰ প্ৰস্তাৱ দিছিল। ৰমা বৰাৰ সৈতে আৰু এগৰাকী যুক্তিবাদী মননশীল লেখকৰ ৰচনাৱলী সম্পাদনা কৰিলোঁ যুটীয়াভাৱে । তেওঁ হ’ল পাঠশালা নিবাসী প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মা।
ৰচনাৱলী আৰু জীৱন-কৃতি সূচক আটাইবোৰ কিতাপ সম্পাদনা কৰাৰ গুৰিতে আছিল মনৰ আগ্ৰহ। আগ্ৰহে কষ্ট লাঘৱ কৰিছিল। গতিকে মানসিক প্ৰস্তুতিৰ কথা ক’বলৈ গ’লে সকলো সময়তে আছিল। সম্পাদনাৰ শ্ৰমখিনি সকলো সময়তে কৰিছিলোঁ। তাৰ সময়-অসময় একো নাছিল। হাতৰ বেগটোত সম্পাদনাৰ ফাইল সকলো সময়তে আছিল। শ্ৰেণীত পাঠদানৰ পাছত গেপবোৰত ফাইলটো উলিয়াই লৈছিলোঁ। ৰেষ্টুৰেণ্টত খাওঁতে, সভাত বক্তৃতা শুনি থাকোঁতে অথবা দীঘলীয়া ভ্ৰমণ কৰোতে ফাইল লগত আছিলেই। সুযোগ উলিয়াই মেলি লৈছিলোঁ। যতি পৰিব দিয়া নাছিলোঁ। দুই এটা আনৰ হেঁচাত কৰা কাম নধৰিলে বেছিভাগৰে বিষয়বস্তু আছিল মোৰ মনৰ লগত খাপ খোৱা- কৃতবিদ্যলোক সকলৰ দৃষ্টিভংগী ভাল পাইছিলোঁ। তেওঁলোকৰ জীৱন আৰু কৃতিৰ সবিশেষ জনাৰ আগ্ৰহ এটা আছিলেই। সেয়ে আন্তৰিকতাৰে নিয়াৰিকৈ কৰিবলৈ যত্ন কৰিছিলোঁ। অৱশ্যে তাৰ মাজতো আৰ্হি কাকত চোৱাত ভুল ৰৈ গৈছে। প্ৰকাশৰ পাতত নতুনকৈ ৰচনাৰ সম্ভেদ পালে বেয়া লাগে। ৰচনাৱলীসমূহৰ ভাষাত হাত দিয়া নাছিলোঁ। পোনতে বানানতো হাত দিয়া নাছিলোঁ। সম্প্ৰতি অৱশ্যে বৰ্তমানৰ বানান পদ্ধতি অনুসৰণ কৰা হৈছে। ৰচনাৱলী কেইখনে মোক নতুন অভিজ্ঞতা দিলে।
প্ৰশ্নঃ আপুনি ‘বিজ্ঞান জেউতি’ ‘সমীক্ষণ’ আলোচনী দুখন সম্পাদনা কৰিছিল৷ এই বিজ্ঞান আলোচনী দুখনৰ সম্পাদক হিচাপে বিষয়বস্তু আৰু ইয়াৰ প্ৰসাৰ, প্ৰচাৰক লৈ আপুনি সুখী আছিলনে? এজন সম্পাদক হিচাপে আলোচনী দুখনৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত আপুনি কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল?
উত্তৰঃ ‘বিজ্ঞান জেউতি’ আৰু ‘সমীক্ষণ’ দুয়োৰে চৰিত্ৰ একে নাছিল। ভাল লেখা কিছু ছপোৱাৰ সুযোগ পাইছিলোঁ দুয়োখনতে। ‘বিজ্ঞান জেউতি’ৰ ডাইনী হত্যা আৰু আইনষ্টাইনৰ বিষয়ে দুটা বিশেষ সংখ্যা উলিয়াইছিলোঁ। পঢ়ুৱৈৱে ভাল পাইছিল। সমীক্ষণৰো কুসংস্কাৰ বিৰোধী বিশেষ সংখ্যা উলিয়াইছিলোঁ। আমাৰ লেখকৰ সংখ্যা বেছি নহয়। সীমিত সংখ্যকেহে লিখে। ময়ো সম্পাদক হিচাপে যিমান সময় দিব লাগিছিল সিমান সময় দিব পৰা নাছিলোঁ। পাৰিলে নিশ্চয় ইয়াৰ মান আৰু উন্নত হ’লহেঁতেন। নতুন লেখকো উলিয়াব পাৰিলোহেঁতেন। দুয়োখনৰে প্ৰচাৰ আৰু প্ৰসাৰ সন্তোষজনক বুলি ক’ব নোৱাৰি। সাংগঠনিক দুৰ্বলতা অনেক আছে। সম্পাদক হিচাপে প্ৰচাৰত মই বিশেষ ভূমিকা লৈছোঁ বুলি ক’ব নোৱাৰোঁ। স্বীকাৰ কৰোঁ বিজ্ঞান বিষয়ক কিতাপবোৰ কৰোতে লোৱা তৎপৰতা আলোচনী দুখনত ল’ব পৰা নাই।
প্ৰশ্নঃ সম্পাদনাৰ উপৰি ব্যক্তিগত চিন্তা-চেতনাৰ ফচল স্বৰূপে এতিয়ালৈকে আপুনি প্ৰায় ৮খন গ্ৰন্থ প্ৰকাশ কৰিছে। এইকেইখন গ্ৰন্থত আপুনি অসমৰ সমাজ জীৱনৰ লগতে ভাৰতীয় সমাজ-সাহিত্য, ধৰ্ম, বিজ্ঞান আদিৰ প্ৰেক্ষাপটকো আলোচনাৰ আওটালৈ আনিছে। এই গ্ৰন্থকেইখন ৰচনাৰ অন্তৰালৰ কিছু কথা কওঁকচোন ।
উত্তৰঃ হয়, মোৰ প্ৰকাশিত পুথি এতিয়ালৈকে আঠখন। প্ৰথমখন পুথি ‘বাবৰি মছজিদ-ৰাম জনমভূমি: বিবাদ আৰু ইতিহাস’। বাবৰি মছজিদ ধ্বংসৰ পাছত লিখা এইখন এখন ক্ষুদ্ৰ পুথি। ভাৰতৰ বস্তুনিষ্ঠ ইতিহাস প্ৰণেতাসকলৰ ৰচনা পঢ়ি লিখা এই ৰচনা ‘আজিৰ বাতৰি’ত ছোৱা-ছোৱাকৈ ওলাইছিল। শিৱনাথ বৰ্মনৰ আগ্ৰহতেই ১৯৯৩ চনত ‘পাহি প্ৰকাশে’ পুথি আকাৰে উলিয়াইছিল। ১৯৯৬ চনত ষ্টুডেণ্টচ্ ষ্টোৰচে উলিয়াই ‘প্ৰৱাদ-প্ৰতিবাদ’ নামৰ সংকলনটি। এইখনো বৰ্মন ছাৰৰ আগ্ৰহতেই হৈছিল, তেঁৱেই নামটো দিয়া। ইয়াত প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতমুখী চেতনাৰ কিছু ৰচনাৰ উপৰি অন্যান্য ৰচনাও আছিল। দীঘলীয়া বিৰতিৰ পাছত ২০০৫ চনত ওলায় ‘সমাজ সংকট সংহতি’। ষ্টুডেণ্টচ্ ষ্টোৰচেই প্ৰকাশ কৰে। ইয়াত জাতি, জাতীয়তা, সংস্কাৰবাদী চেতনা, জাত-পাত, হিন্দু-মুছলমানৰ প্ৰসংগ, সাংস্কৃতিক আৰু বৌদ্ধিক সংকট সম্পৰ্কীয় কিছু প্ৰবন্ধ আছিল। ২০০৮ চনত আখৰ প্ৰকাশে উলিয়াই ‘চেতনা প্ৰৱাহ: জয়ন্তীৰ পৰা গণনাট্যলৈ’। জয়ন্তীৰ প্ৰগতিশীল লেখক আৰু গণনাট্যৰ গণ সাংস্কৃতিক আন্দোলনৰ শিল্পীসকলৰ ভূমিকাক লৈ এইখন পুথি লিখা হৈছে। ২০১১ চনত ভবানী বুকছে উলিয়ায় ‘বৌদ্ধিক ঐতিহ্য: যুক্তিবাদী চিন্তাৰ অন্বেষণ৷’ ঊনবিংশ শতিকা আৰু বিংশ শতিকাৰ সংস্কাৰবাদী ৬গৰাকী লেখক আৰু গান্ধী, ৰবীন্দ্ৰনাথ আৰু আইনষ্টাইনৰ বিষয়ে প্ৰবন্ধৰ উপৰি ‘বাঁহী’ৰ বিধবা প্ৰসংগ আৰু ‘আৱাহন’ৰ জাত-পাত প্ৰসংগৰ ৰচনা ইয়াত সন্নিৱিষ্ট হৈছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগে ‘জ্যোতিপ্ৰসাদ আগৰৱালা’ৰ বিষয়ে এখন পুথি লিখি দিবলৈ কৈছিল। সেইখন তেওঁলোকৰ ‘বৰেণ্য গ্ৰন্থমালা’ৰ অন্তৰ্ভুক্ত ২০১৪ চনত প্ৰকাশ হয়। ভূপেন হাজৰিকাৰ চিন্তাৰ দিশটো, বিশেষকৈ তেওঁৰ গদ্যৰ ভেঁটিত তুলি ধৰাৰ প্ৰয়াস মোৰ শেহতীয়া গ্ৰন্থ ‘ভূপেন হাজৰিকাৰ শিল্পবোধ আৰু বিশ্ববীক্ষা’-২০২১ চনত ৰেখা প্ৰকাশনে উলিয়ায়। ঊনবিংশ শতিকাৰ অসমৰ ভাষিক আহুকালৰ বিষয়ে কৰা গৱেষণাৰ ফচল মোৰ-‘Cololialism,Language and Politics’ খনৰ কথা ইতিমধ্যে উল্লেখ কৰিছোঁয়েই। DVSএ ২০১৪ চনত সেইখন প্ৰকাশ কৰে। এই জুলাইতে ওলাব ‘ঐতিহ্য আৰু আধুনিকতা’ শীৰ্ষক আন এখন সংকলন। শ্ৰীমন্ত শংকৰদেৱৰ পৰা তিলক হাজৰিকা, ভুবনমোহন দাসলৈকে কেইগৰাকীমান ক্ষণজন্মা পুৰুষে জাতিটোৰ সংহত ৰূপত প্ৰতিষ্ঠা কৰিবলৈ লোৱা ভূমিকা, ভাষিক দুৰ্যোগ, জনজাতীয় সংকটৰ পটভূমি আৰু গণসংস্কৃতিৰ ধাৰাটি এই পুথিত তুলি ধৰা হৈছে।
এটা কথা কৈ থওঁ। মোৰ চিন্তাৰ ভেঁটি গঢ়ি উঠাত হীৰেন গোহাঁই, অমলেন্দু গুহ, নলিনীধৰ ভট্টাচাৰ্য, শিৱনাথ বৰ্মন, অনিল ৰায় চৌধুৰী, প্ৰসেনজিৎ চৌধুৰী, ইন্দিবৰ দেউৰী, তিলক হাজৰিকা, নিত্য বৰা, কেশৱ মহন্ত, দিলীপ শৰ্মা প্ৰমুখ্যে ব্যক্তিসকলৰ অৰিহণা অপৰিসীম। এইসকল শ্ৰদ্ধেয় লোকৰ ওচৰ সান্নিধ্যই সদায়ে মোৰ চিন্তাক প্ৰভাৱিত কৰিছে।
প্ৰশ্নঃ শেহতীয়াভাৱে অসমৰ সাহিত্য-চৰ্চা লবীকেন্দ্ৰিক হৈ পৰিছে বুলি আক্ষেপ শুনা যায়৷ এই কথাটোক লৈ আপুনি কি ভাৱে? সেইদৰে অসমীয়া সাহিত্যত সন্মানীয় বঁটা লাভৰ বাবেও এখন অঘোষিত প্ৰতিযোগিতা একাংশ সাহিত্যিকৰ মাজত অহৰহ চলি থাকে বুলি প্ৰত্যেকবাৰেই বঁটা প্ৰদানৰ সময়ত শুনা যায়৷ এই কথাখিনিক লৈ আপোনাৰ মন্তব্য?
উত্তৰঃ কথাটো হয়। বৰ্তমান আকৌ শিল্পী-সাহিত্যিকৰ মাজত চৰকাৰৰ মুখাপেক্ষী হোৱাৰ প্ৰতিযোগিতাও চলিছে। কোনো কোনোৱে মন্ত্ৰীৰ কিতাপৰ পাতনি লিখে। উন্মোচনী সভালৈ যাবলৈ হেতা-ওপৰা লগায়। চৰকাৰৰ জনবিৰোধী স্থিতিৰ বিষয়ে এওঁলোকে একো নকয়। চৰকাৰৰ প্ৰতি কিছু নমনীয় আৰু আপোচকামী হ’লে বঁটা বাহনৰ সুবিধা পোৱা যায়। এইটো কৰি তেওঁলোক নিজৰ মানহে তললৈ নমায় আৰু সময়ৰ বিচাৰত পৰাস্ত হয় তেওঁলোক। জনসাধাৰণৰ চকুত তেওঁৰ লৰা-ধপৰাবিলাক ৰৈ যায়। কৃতিত্ব নিজৰ শিল্পকৰ্মতহে থাকে। সেইটো বুজি পোৱা ভাল৷
প্ৰশ্নঃ অসমত গ্ৰন্থ উদ্যোগটো ব্যৱসায়িকভাৱে কিমান সফল বা অসফল বুলি আপুনি ভাবে৷ আপুনি সম্পাদনা কৰা আলোচনীবোৰৰ ক্ষেত্ৰতো প্ৰশ্নটো সুধিছোঁ, এই আলোচনীবোৰ জাতীয় দায়বদ্ধতাৰ বাবেই সম্পাদনা তথা প্ৰকাশ কৰা হৈ আহিছে নে, ইয়াৰ ব্যৱসায়িক দিশটোৱেও আপোনাক সন্তুষ্ট কৰিছে?
উত্তৰঃ গ্ৰন্থ উদ্যোগটো অসফল বুলি কওঁ কেনেকৈ? অৱশ্যে হয়, আগৰ দৰে উদ্যোগটোৰ জয়জয়কাৰ অৱস্থা নাই। আচলতে উদ্যোগটোক মাধমাৰ সোধাইছে চৰকাৰে। পাঠ্যপুথি প্ৰকাশৰ আগৰ প্ৰকাশক সকলৰ অধিকাৰ নাইকিয়া কৰি চৰকাৰে ভুল কৰিছে। সকলো নিজ হাতলৈ নি বিনা পইচাত পাঠ্যপুথি দি নিজে কমিছন খোৱাৰ পথহে মোকলাইছে। গ্ৰন্থ জাতিৰ পৰিচয়, জাতিৰ সমৃদ্ধি আৰু বিকাশত গ্ৰন্থৰ ভূমিকা কি নতুনকৈ ক’ব লগা কথা নহয়। চৰকাৰে প্ৰকাশকসকলৰ মনোবেদনা বুজা উচিত। এতিয়া আকৌ শুনা পাইছোঁ, গ্ৰন্থ পাইৰাচি চক্ৰও সক্ৰিয় হৈ কিতাপৰ pdf কৰি গোপনে ব্যৱসায় কৰি আছে হেনো। চৰকাৰে এই চক্ৰৰ সময় থাকোতে ধূলিস্যাৎ কৰিব লাগে। আলোচনীৰ কথা ক’বলৈ গ’লে, তাৰ পৰা ব্যৱসায় নহয়- জাতীয় দায়বদ্ধতাৰ বাবেই উলিয়াই থকা হয়। দুখন এখনেহে সেই দিনত সফল হ’ব পাৰিছে। পঢ়ুৱৈৰ সংখ্যাও কমিছে। বিজ্ঞাপন নহ’লে বিক্ৰীৰ পইছাৰে আলোচনী চলাব নোৱাৰি।
প্ৰশ্নঃ শেহতীয়াকৈ, নব্য মাধ্যম বা ছ’ছিয়েল মিডিয়াৰ যুগত বিজ্ঞান-মানসিকতাৰ বাবে কৰিবলগীয়া কাৰ্যকলাপবোৰো নব্য মাধ্যমসমূহৰ দ্বাৰা অসমতো প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ প্ৰয়োজন অনুভৱ নকৰেনে? জ্যোতিষ বা ৰেইকী আদি বিষয়বোৰ কিন্তু ছ’ছিয়েল মিডিয়াৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত যেনেকৈ বিয়পিছে, তাৰ তুলনাত বিজ্ঞান আৰু যুক্তিবাদৰ কথাবোৰৰ কিন্তু প্ৰচাৰ আৰু প্ৰসাৰ হোৱা নাই৷ এই বিষয়ে আপোনাৰ অভিমত?
উত্তৰঃ হয় সামাজিক মাধ্যমত যিদৰে অন্ধবিশ্বাস বিয়পাই দিয়া হৈছে তাৰ তুলনাত বিজ্ঞান চিন্তাৰ প্ৰচাৰ-প্ৰসাৰ কম। তৰুণ প্ৰজন্মৰ মাজত বিজ্ঞান চিন্তাৰ প্ৰসাৰ বেছি নোহোৱা বাবেই সেয়া হৈছে। কাৰণ তৰুণ প্ৰজন্মৰ মাজত সামাজিক মাধ্যমৰ ব্যৱহাৰ বেছি। এই মাধ্যমৰ ব্যৱহাৰ যিহেতু দ্ৰুতগতিত বাঢ়িছে, বিজ্ঞান কৰ্মীসকল অধিক সচেতন হ’লে মাধ্যমটোত নিশ্চয় বিজ্ঞান চিন্তাৰ প্ৰসাৰ হ’ব।
প্ৰশ্নঃ আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল৷ এজন অভিজ্ঞ তথা সচেতন ব্যক্তি হিচাপে অসমৰ এই দুখন উচ্চ শিক্ষা প্ৰতিষ্ঠানক লৈ আপুনি কিমান সুখী আৰু আশাবাদী? জাতীয় জীৱনত বিশ্ববিদ্যালয় দুখনে আৰু কেনেধৰণৰ নেতৃত্ব দিয়াটো আপুনি আশা কৰে?
উত্তৰঃ মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূগোল বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পাছত এই বিশ্ববিদ্যালয়তে ‘Ethnic Problems of Assam’ বিষয়ত গৱেষণা আৰম্ভ কৰিছিলোঁ। কিতাপ পত্ৰ গোটাইছিলোঁ, ক্ষেত্ৰ অধ্যয়নো কৰিছিলোঁ। কিন্তু বিশ্ববিদ্যালয়ৰ পৰা বহু পলমকৈ synopsisৰ বিশেষজ্ঞই বিষয়টো যেতিয়া ‘Ethnicity of Assam’ কৰিলে- মনটো ভাগি গ’ল। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পিএইচডিত যোগদান কৰাৰ কাহিনীটো কিছু আকস্মিক। অসম আন্দোলনৰ সময়তে শিৱনাথ বৰ্মন আৰু প্ৰসেনজিৎ চৌধুৰীৰ ঊনবিংশ শতিকাৰ অসমৰ ভাষিক দুৰ্যোগৰ কাহিনী পঢ়ি বৰ আপ্লুত হৈছিলোঁ আৰু ময়ো পাছত সেই বিষয়ত কিছু লিখিছিলোঁ তেওঁলোকৰ লেখাত ভেজা দি। তাৰ পাছত সেইবোৰ অধ্যায় হিচাপে সজাই কিতাপ এখন কৰাৰ মন গ’ল। লিখাৰ পাছত শিৱনাথ বৰ্মন আৰু অমলেন্দু গুহ ছাৰেও চাই দিলে। লয়াৰ্চে উলিওৱাৰ কথা। সেয়া ১৯৯৫/৯৬ চন মানৰ কথা। সেই সময়ত মই ছিলঙৰ ICSSRৰে আয়োজন কৰা চেমিনাৰবোৰলৈ গৈ আছিলোঁ। তাৰ যুটীয়া সঞ্চালক পাৰ্থসাৰথি দত্ত মোৰ চিনাকি আছিল। এবাৰ যাওঁতে তেওঁকো কিতাপৰ পাণ্ডুলিপিটো চাবলৈ দিলোঁ। ৰাতিয়েই চকু ফুৰাই পাচদিনা তেওঁ ক’লে- ‘এইখনৰ প্ৰকাশ বন্ধ কৰা। গৱেষণাৰ নিয়মবোৰ অনুসৰণ কৰিয়েই লিখিছাচোন। তুমি এইখন পিএইচডিৰ কাৰণে প্ৰস্তুত কৰা ইংৰাজীত। মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰি দিম।’ তেৱেঁই যোগাযোগ কৰি কাৰো সতে চিনাকি নথকা ৰাজনীতি বিজ্ঞান বিভাগত পঞ্জীয়ন কৰাই দিলে। গৱেষণা নিৰ্দেশক আবু নাছেৰ চাঈদ আহমেদে বৰ আন্তৰিকতাৰে ল’লে, মোৰ পাণ্ডুলিপিটোও পঢ়ি ভাল পালে। বিভাগৰ আটাইবোৰে মোক আন্তৰিকতাৰে আঁকোৱালি ল’লে। গুৱাহাটীতকৈ বৰ মুকলি মুকলি লাগিল। উপাচাৰ্য মুকুন্দ মাধৱ শৰ্মা ছাৰেও ক’লে ভূগোলৰ ছাত্ৰই সেই বিষয়ত ৰাজনীতি বিভাগত গৱেষণা কৰাত বাধা নাই। কাৰণ বিষয়টো অঞ্চলভিত্তিক অধ্যয়ন, তাত ৰাজনীতি, ইতিহাস, ভাষা-সাহিত্যৰ সকলোখিনি দিশ সাঙুৰি খাই আছে। মই ছাৰৰ ইতিবাচক কথা শুনি আপ্লুত হ’লোঁ। গতিকে পঞ্জীয়নত জটিলতা নাহিল। এটা নতুন অভিজ্ঞতা হ’ল। কিন্তু নিৰ্দেশকে কোৱা কেৱল ইংৰাজীলৈ তৰ্জমা কৰিলেই হ’ব- কথাষাৰতে ক্ষান্ত নাথাকি মই আৰ্কাইভ বিভাগত সোমাই পৰিলোঁ আৰু বিস্তৰ তথ্যৰ সন্ধান পালোঁ। কলিকতা, দিল্লীলৈও গলোঁ। নতুন তথ্যৰে গৱেষণা নিতৌ সমৃদ্ধ হ’বলৈ ধৰিলে। কিন্তু মই নতুন সমল পাই পলম কৰি গৈ থাকিলোঁ। এটা সময়ত সময়ো উকলি যোৱাৰ উপক্ৰম হ’ল। তাৰো বাধা আঁতৰাই দিছিল বিভাগৰ আন অধ্যাপকসকলে। তাত দেখিলোঁ এজন অধ্যাপকৰ গৱেষক ছাত্ৰক আন অধ্যাপকেও সহৃদয়তাৰে সহায় কৰে। গৱেষণা পত্ৰখন ওলাইছে- ‘Language, Colonialism and Politics: Origins of the Language Dispute in Assam’ শিৰোনামেৰে। বৰ্তমান গ্ৰন্থৰূপতো দুটা সংস্কৰণ হৈছে। অসমীয়াখন অৱশ্যে এতিয়াও উলিওৱা নাই।
বিশ্ববিদ্যালয়ৰবোৰত বহু নতুন বিষয় অন্তৰ্ভুক্ত হ’ল। বহু নতুন নতুন পদ্ধতিও সোমাল। কিন্তু আগৰ শৈক্ষিক পৰিমণ্ডলৰ পৰা এতিয়াও বৰ বেছি ওলাই আহিব পৰা নাই বুলি ভাবোঁ৷ জনজীৱনৰ দৈনন্দিনৰ লগত শৈক্ষিক কাঠামৰ সম্পৰ্ক সেয়ে আজিও অতি সীমিত। সেয়ে উচ্চ ডিগ্ৰীধাৰীসকল সমাজৰ সংকটৰ সময়ত সততে ওলাই নাহে, সংঘাতৰ সৈতে মুখামুখি নহয়। কেৱল ৰাজনৈতিক বা সামাজিকভাৱে সচেতন সকলেহে ওলাই আহে। বিশ্ববিদ্যালয়ৰ ভূমিকা হ’ব লাগে জাতীয় জীৱনৰ সকলো দিশত দিকদৰ্শী বাট দেখুওৱা পৰ্যায়ৰ। সমাজ জীৱনৰ বিতৰ্কবোৰ নাইকিয়া কৰা। অবৈজ্ঞানিক কথা বতৰা বোৰৰ প্ৰতিবাদ সাব্যস্ত কৰা। বিশ্ববিদ্যালয়ত জাতীয় সংকট মোচনৰ বিস্তৰ গৱেষণা হ’ব লাগে। গৱেষণাই দিয়া পৰামৰ্শবোৰ ৰাজহুৱা হ’ব লাগে। বৰ্তমান বিশ্ববিদ্যালয়বোৰ চৰকাৰৰ মুখাপেক্ষী। সেয়ে স্বাধীনভাৱে বিশ্ববিদ্যালয়ে একো ক’ব নোৱাৰে। উপাচাৰ্যসকলে মন্ত্ৰীৰ দুৱাৰে দুৱাৰে যাবলৈ কুণ্ঠাবোধ নকৰে। চৰকাৰী সভাত বিশ্ববিদ্যালয়ৰ অধ্যাপকে এংকৰিং কৰিও আত্মসন্তুষ্টি লভে।
প্ৰশ্নঃ দীৰ্ঘদিন পুৰণি আলোচনী সম্পাদনাৰ সৈতে জড়িত এজন ব্যক্তি হিচাপে আপুনি অসমত বৰ্তমানে প্ৰচলিত হৈ থকা আলোচনীসমূহক লৈ কিমান সুখী ? এটা সময়ত আলোচনীক কেন্দ্ৰ কৰিয়েই অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰা হৈছিল৷ আগন্তুক দিনত সাহিত্যৰ যুগ বিভাজনত এই আলোচনীসমূহে কেনেদৰে ভূমিকা গ্ৰহণ কৰিব বুলি আপুনি আশা কৰে?
উত্তৰঃ বৰ্তমান চলি থকা আলোচনীসমূহক লৈ মই সন্তুষ্ট নহয়। এখনতো মনে বিচৰা আটাইবোৰ নাপাওঁচোন। ঠিক ‘আৱাহন’ৰ দৰে বিষয় বৈচিত্ৰ্য থকা আলোচনী আজিৰ দিনত এখনো নাই। সেয়ে এখন পঢ়িয়েই আমি সন্তুষ্ট হ’ব পৰা নাই। তদুপৰি আলোচনীবোৰে ধাৰাবাহিক মানো ৰাখিব পৰা নাই। সম্পাদকসকলে সকলো দিশতে চকু ৰখাত ব্যৰ্থ হৈছে বুলি ক’ব পাৰি। আলোচনীৰ সম্পাদক হিচাপে চন্দ্ৰপ্ৰসাদ শইকীয়াই লেখকৰ লগত যিদৰে সম্পৰ্ক ৰাখিছিল তেনেদৰে বৰ্তমানৰ সম্পাদকসকলৰ আছে বুলি মই নাভাবোঁ। সেয়ে এসময়ৰ দৰে বৰ্তমানৰ বোৰে নিজ নামেৰে এটা যুগৰ সৃষ্টি কৰিব পৰা নাই। আচলতে যুগ হিচাপে ‘আৱাহন’ যুগেই শ্ৰেষ্ঠ। ডা: দীননাথ শৰ্মাৰ দৰে সম্পাদক বিৰল। ‘আৱাহন’ৰ পাছত সেই বৈচিত্ৰ্য বহু পৰিমাণে ‘আমাৰ প্ৰতিনিধি’ৰহে আছিল। ‘আৱাহন’ৰ দৰে সকলো অংশৰ পঢ়ুৱৈক ই চুইছিল আৰু দীঘলীয়া সময় ধৰি আলোচনীখন চলি আছিল। অসম আন্দোলনৰ বিদ্বেষৰ আঁচোৰ নলগা হ’লে আলোচনীখন আৰু কিছুদিন চলি থাকিলহেঁতেন । তাৰ পাছত ‘প্ৰান্তিক’ৰ যাত্ৰা দীঘলীয়া হৈছে যদিও চিন্তাৰ ক্ষেত্ৰত ভূমিকা ল’ব পৰা নাই। বিষয় বৈচিত্ৰ্যৰে সমগ্ৰ সমাজখন প্ৰতিনিধিত্ব কৰিব পাৰিলে, লবীকেন্দ্ৰিক সংকীৰ্ণতা, মতাদৰ্শগত সংকীৰ্ণতা পৰিহাৰ কৰিব পাৰিলে নিশ্চয় আকৌ কেতিয়াবা যুগ সৃষ্টি হ’ব। যুগৰ পৰিচয় দিব নোৱাৰিলে জানো যুগ সৃষ্টি কৰিব পাৰি?
প্ৰশ্নঃ অসমত সাম্প্ৰতিক সময়ত জনপ্ৰিয় বিজ্ঞান সাহিত্য চৰ্চাৰ ক্ষেত্ৰখনক লৈ আপুনি সন্তুষ্টনে? নতুন প্ৰজন্মৰ লেখকসকলে বিজ্ঞান আৰু যুক্তিবাদৰ ক্ষেত্ৰত লেখা-মেলা কৰিবলৈ আগ বাঢ়ি আহিবলৈ আপুনি কিদৰে অনুপ্ৰাণিত কৰিব? বিজ্ঞান-চেতনা বিষয়ত আপোনাৰ কোনো ভৱিষ্যত পৰিকল্পনা আছে নেকি?
উত্তৰঃ বৰ্তমান জনপ্ৰিয় বিজ্ঞান চৰ্চা আগতকৈ আগবঢ়া। কিছু লেখকে নিয়মীয়াকৈ চৰ্চা কৰি এই ধাৰাটো অব্যাহত ৰাখিছে। একে সময়তে বৈজ্ঞানিক মানসিকতাৰ প্ৰশ্নটোও আগুৱাই নিব পাৰিলে এই চৰ্চাই আৰু গতি লাভ কৰিব। মনত ৰাখিব লাগিব বিজ্ঞানক সাধাৰণ মানুহৰ মনত স্থাপন নকৰা পৰ্যন্ত এই চৰ্চাই ব্যাপক ৰূপ ধাৰণ নকৰে। সেয়ে আমাৰ গদ্যৰীতি যিমানে সহজ সৰল হ’ব সিমানেই সাধাৰণ মানুহৰ ওচৰ পাব। বিজ্ঞান আমাৰ সংস্কৃতিৰ অংগ বুলি সকলোৱে ভাবিব পাৰিব লাগিব। ভাল-বেয়া, উচিত-অনুচিত কথাষাৰ ধৰ্মক আঙুলিয়াই নিদি বিজ্ঞানক, যুক্তিক আঙুলিয়াই দিয়াৰ অভ্যাস গঢ় লৈ উঠিব লাগিব ৷ সদ্যহতে মই আগতে কৰা বিজ্ঞান মানসিকতাৰ চিৰিজটো নতুনকৈ সম্পাদনা কৰি আকৌ উলিয়াই দিব খুজিছোঁ। এইখিনি বহুতে বিচাৰে। বজাৰত কেতিয়াবাই নাইকিয়া হৈছে। মন আছে, অসমীয়া পত্ৰিকাত থকা বিজ্ঞান কুসংস্কাৰ আৰু সাম্প্ৰদায়িকতা বিৰোধী যুক্তিনিষ্ঠ চেতনাখিনি উলিয়াই আনি পাঠকক একলগে পঢ়াৰ সুযোগ দিম।
প্ৰশ্নঃ অসমত যুক্তিবাদৰ প্ৰসাৰ আৰু বিজ্ঞান মানসিকতা গঠনৰ বাবে ‘মুক্ত চিন্তা’ ই-আলোচনীখনে ডিজিটেল মাধ্যমত কিছু কাম কৰি আছে৷ আলোচনীখনলৈ আপোনাৰ কিছু পৰামৰ্শ?
উত্তৰঃ ‘মুক্ত চিন্তা’ৰ’ ভূমিকা নি:সন্দেহে গুৰুত্বপূৰ্ণ। বিশ্বাস, অন্ধবিশ্বাসৰ আঞ্চলিক ৰূপবোৰৰ ভিন্নতা মাজে সময়ে তুলি ধৰক। তেতিয়া তাৰ ৰূপৰ বহু জানিব লগা প্ৰেক্ষাপটৰ সন্ধান পাম। যুক্তিবাদী আন্দোলনটো বৰ পোনপটীয়া নহয়,ই কৌশলপূৰ্ণও হ’ব পাৰে৷ সমাজ, ব্যক্তি, সম্প্ৰদায় আৰু অঞ্চলভেদে, সেই কথা ‘মুক্ত চিন্তা’ই অনুধাৱন কৰিব পাৰে৷
মোৰ অতি প্ৰিয় চিন্তাবিদ তথা লেখক ডঃ পৰমানন্দ মজুমদাৰ চাৰক লগ পায় আনন্দিত হলো।
মন্তব্যৰ বাবে ধন্যবাদ৷