গল্প-কবিতা

নৈখনৰ ফালে যেতিয়াই চাওঁ – (অচ্যুৎ মাধৱ দাস)

বাৰিষাৰ এই ফেনে-ফোটোকাৰে বাঢ়ি অহা
নৈখনৰ ফালে মই যেতিয়াই চাওঁ
উটি যোৱা মেটেকাবোৰে মোক হাত মেলি মেলি মাতে
মই সিহঁতৰ চকুপানীবোৰ দেখিছোঁ
সিহঁতে এৰি অহা ঘৰবোৰ আৰু বানত খহি যোৱা ঘৰবোৰ দেখিছোঁ।

বাৰিষাৰ এই নৈখনৰ ফালে যেতিয়াই চাওঁ
মই দেখিছোঁ,
উটুৱাই নিয়া আঁহত এজোপাৰ কথমপি ওলাই থকা দুখিলা পাত
দুখিলা পাত নহয় যেন
এবুকু ৰঙা-সেউজীয়া সপোন পানীত ককবকাই উটি গৈছে।

জড়াগ্ৰস্ত কোলাহলৰ এই পচিব ধৰা বিভৎসতাৰ মাজত
একো কথাই আৰু শুনাৰ ইচ্ছা নোহোৱা হৈ আহিছে
অনবৰত যেন ওকালি এটা আহি থাকে
একো কথাই আৰু কোৱাৰ ইচ্ছা নোহোৱা হৈ আহিছে
এই যেন বমি হৈ যাবএই যেন বমি কৰি দিম।

যোৱা-ৰাতি চকুত এফুটাও টোপনি নাই
গোটেই ৰাতি বৰষুণৰ দপদপনি শুনি থাকিলোঁ
যোৱা-ৰাতি চকু জাপ খালেই
কাৰোবাৰ খহি যোৱা ঘৰটো দেখিছোঁ
আৰু বাৰে বাৰে চক খাই বিছনাত বহোঁ
মই যেন সেই ঘৰটোৰ ভিতৰতে শুই আছিলোঁ।

বাৰিষাৰ এই ফেনে-ফোটোকাৰে বাঢ়ি অহা
নৈখনৰ ফালে মই যেতিয়াই চাওঁ
পেট ফুলি ফুলি ওপঙি যোৱা গৰুবোৰৰ মাজত
ওপঙি যোৱা কোনোবা অচিন গাভৰুৰ স্ফীত উদৰত
এটা শুধ বগা বগলী বহি গৈ থকা দেখিছোঁ
বাৰিষাৰ এই নৈখনৰ ফালে যেতিয়াই চাওঁ
মই দেখিছোঁ,
ওপঙি যোৱা কোনোবা অচিন শিশুৰ স্ফীত উদৰত
এটা শুধ ধকধকীয়া বগা বগলী বহি যেন গৈ আছে

ইমান ধকধকীয়া বগা বগলী যে
মোৰ দেখিয়েই প্ৰচণ্ড জোৰত ওকালি আহি বমি হৈ গৈছে
বাৰিষাৰ এই নৈখনৰ ফালে মই যেতিয়াই চাওঁ
নৈৰ ওপৰত ধকধকীয়া বগা ডেউকা কোবাই উৰি ফুৰা বগলীবোৰ দেখিছোঁ
আৰু প্ৰচণ্ড জোৰত ওকালি আহি মোৰ বমি হৈ যায়।

জড়াগ্ৰস্ত কোলাহলৰ এই পচিব ধৰা বিভৎসতাৰ মাজত
একো কথাই আৰু পতাৰ ইচ্ছা নোহোৱা হৈ আহিছে
অনবৰত যেন ওকালি এটা আহি থাকে
একো কথাই আৰু কোৱাৰ ইচ্ছা নোহোৱা হৈ আহিছে
এই যেন বমি হৈ যাব, এই যেন বমি হৈ যাব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *