কেন্দ্ৰীয় নিবন্ধনিবন্ধ

পেৰানইয়া (প্রসেনজিৎ চৌধুৰী)

জিন্তু ফুকন উদীয়মান কবি। তেওঁৰ ‘লুইতৰ লুণীয়া সোৱাদ’ নামৰ নাতিদীর্ঘ কবিতাটো অলপতে ‘লুইত-লাচিত মহোৎসৱ’ৰ জক্‌মকীয়া স্মৰণিকাত প্রকাশ পাইছে। খ্যাতি-কাংক্ষী ডেকা কবি জিন্তু স্বাভাৱিকতে উৎফুল্লিত হোৱাৰ কথা। পিছে তেওঁৰ প্ৰতিক্ৰিয়াত আনন্দৰ তিলমানো চিন নাই। বৰঞ্চ তেওঁ অসন্তুষ্টহে। বাৰুকৈ ক্ষুব্ধ। কাৰণ? কাৰণটো বেছ আমোদজনক। কবিৰ নাম ভুলকৈ ছপা হ’ল। হ’ব লাগিছিল জিন্তু ফুকন, হ’ল জন্তু ফুকন। ছপাশালৰ ভূতৰ উৎপাতত “ি” অদৃশ্য হৈ গ’ল! জিন্তুৰ বহুমূল ধাৰণা, তেওঁক কাব্যৰসিক ৰাইজৰ আগত অপদস্থ কৰাৰ উদ্দেশ্যে প্ৰেছৰ মেনেজাৰে জিন্তুক জন্তু লৈ ৰূপান্তৰিত কৰিলে। গোটেই ঘটনাটোৰ আঁৰত তেওঁ গভীৰ ষড়যন্ত্ৰৰ গোন্ধ পাইছে। জিন্তুৰ প্ৰকৃতি জান্তৱ—এই অপমানসূচক ধাৰণাটো প্ৰচাৰ কৰাৰ মানসেৰে মেনেজাৰে কামটো কৰালে কৌশলেৰে। আলোচনীৰ কথা বেলেগ, পৰৱৰ্তী সংখ্যাত শুধৰণি দিয়াটো সম্ভৱ। কিন্তু স্মৰণিকাৰ ক্ষেত্ৰত তেনে সুবিধা নাই। গতিকে শুধৰণিৰ—“জন্তু”ক সসন্মানে জিন্তু কৰাৰ সুযোগো নাই। জিন্তুৰ যুক্তিৰ তূণত আৰু এটা তথ্য আছে। প্ৰেছৰ আদহীয়া মেনেজাৰে এসময়ত কবিতা লিখিছিল। উদ্দাম প্ৰেমৰ কবিতা। এতিয়া চাকৰিৰ বাধ্যবাধকতা আৰু সাংসাৰিক ব্যস্ততাৰ কাৰণে তেওঁৰ কাব্য-চৰ্চা ধোঁৱাচাঙত উঠিল। এইজন প্রাক্তন কবিৰ মনত জনপ্ৰিয়তাৰ জখলাৰে ক্ৰমে ওপৰলৈ উঠিব বিচৰা কবি জিন্তুৰ প্ৰতি ঈৰ্ষাজনিত বিদ্বেষ ভাব থকাটো খাটাং। এই মনেসজা যুক্তিয়ে জিন্তুৰ সন্দেহত সাৰ-পানী দিছে অহৰহ।

তুমি পেৰানইয়াৰ (Paranoia) বিষয়ে জানিব বিচাৰিছিলা। অনুৰোধ নহয়, এক প্ৰকাৰ নিৰ্দেশেই দিছিলা। পিছে আদাৰ বেপাৰীক জাহাজৰ খবৰ সুধি জানো কিবা লাভ আছে (জাহাজতো বাদেই নাও এখনৰ খবৰো তোমাক দিব নোৱাৰিম!)‌? তথাপি তোমাৰ আজ্ঞা পালন কৰিবলৈ যত্ন কৰিম। অৱশ্যে এই পত্র-প্রবন্ধৰ পৰা তুমি বেছি আশা নকৰিবা। কথাটো আগতীয়াকৈ তোমাক জনাই থোৱা দৰকাৰ বুলি ভাবিলোঁ। কাৰণ বেছি আশা কৰিলে আশাহত হোৱাৰ সম্ভাবনাও বাঢ়ে। আমাৰ এই লেখাটোত আমি পেৰানইয়াৰ সকলো দিশ সামৰি লোৱা নাই। সঠিকভাৱে ক’বলৈ গ’লে জ্ঞানৰ সীমাবদ্ধতাৰ কাৰণে আমি সকলো কথা প্রণালীবদ্ধভাৱে আলচ কৰিব পৰা নাই। খোলোচাকৈ তোমাক কওঁ, দুই-এখন পুথিত পঢ়িবলৈ পোৱা সহজবোধ্য কথা কেইটামানহে তোমাক জনাবলৈ চেষ্টা কৰিছোঁ। এই চেষ্টাৰ প্ৰথম পদক্ষেপ হিচাপে বাটচ’ৰাতেই তোমালৈ আগবঢ়ালোঁ কবি জিন্তু ফুকনৰ কাহিনীটো। ছপাশালৰ ভূতৰ অতপালি দেখি জিন্তু বিৰক্ত হোৱা হ’লে কোনো কথা নাছিল। প্রচণ্ড খঙত তেওঁ তর্জন-গর্জন কৰা হ’লেও আমি উত্তেজনাপ্রৱণ মানুহৰ স্বাভাৱিক প্রতিক্রিয়া বুলিয়েই ক’লোঁহেঁতেন। কিন্তু তেওঁৰ প্ৰতিক্ৰিয়া অস্বাভাৱিক, অপ্রত্যাশিত। কোনো প্রমাণ বা যুক্তি নোহোৱাকৈ তেওঁ মুদ্রণ-প্ৰমাদৰ আঁৰত আৱিষ্কাৰ কৰিছে কুটিল অভিসন্ধি। এয়া পেৰানইয়াৰ নিভাঁজ লক্ষণ।

সংজ্ঞাৰ প্ৰতি তোমাৰ আগ্ৰহৰ কথা জানো। এই আগ্রহৰ সমৰ্থনত তুমি দাঙি ধৰা যুক্তি প্রশংসনীয় : আলোচনাৰ সুবিধার্থে সংজ্ঞা এটা ঠিক কৰি ল’ব লাগে। পিছে সমস্যা হ’ল, সংজ্ঞাৰ বাটত বহুত বেমেজালি। পেৰানইয়াৰ ক্ষেত্ৰতো এনে সমস্যা নথকা নহয়। তথাপি তোমাৰ সন্তুষ্টিৰ কাৰণে পেৰানইয়া বিষয়ক কিতাপ এখনৰ পৰা খুব সহজ আৰু সংক্ষিপ্ত সংজ্ঞা এটা সংগ্ৰহ কৰি তোমালৈ পঠিয়াইছোঁ—“Paranoia is the unrealistic belief that other people want to harm us” (D. Freeman / J. Freeman, Paranoia P. 23 )। অৱশ্যে সকলো পুথিত একেধৰণৰ সংজ্ঞা নাথাকিবও পাৰে। জেম্‌ছ ড্রেভাৰৰ মনস্তত্ত্বৰ অভিধানত অলীক বিশ্বাস বা ভ্রান্তিৰ (delusion) কথাহে আছে, অন্য লোকে “harm” কৰাৰ কথা নাই। কেইদশকমান পূর্বে ৰুছ দেশৰ পৰা প্ৰকাশিত এখন মনস্তত্ত্ব বিষয়ক অভিধানত আকৌ পেৰানইয়াৰ কোনো সংজ্ঞাই নাই। তুমি হয়তো ভাবিছা, এটা চুটি বাক্যতেই সামৰি থোৱা সদ্য-উদ্ধৃত সংজ্ঞাটো বৰ সংক্ষিপ্ত। যদি তেনেধৰণে ভাবিছা, তেনেহ’লে কলকাতাৰ পাভলভ ইনষ্টিটিউটৰ পৰা প্ৰকাশিত “মনোবিদ্যাৰ অভিধান”-ত সন্নিবিষ্ট সংজ্ঞাটো এবাৰ পঢ়ি চাব পাৰা। এই সংজ্ঞাৰ পৰা জনা যায়, পেৰানইয়া বদ্ধমূল ভ্রান্তিজনিত মানসিক ৰোগ—যি ৰোগত সন্দেহ, অবিশ্বাস অস্বাভাৱিকভাৱে দেখা দিয়ে আৰু কোনো যুক্তি বা কাৰ্যকাৰণ সম্পৰ্কৰ ব্যাখ্যাৰ সহায়ত সেই ভ্ৰান্তি দূৰ কৰা নাযায় (P. 190)।

পেৰানইয়া শব্দটোৰ জন্মকাহিনী তোমাক থোৰতে জনাই থওঁ। গ্ৰীচৰ হিপোক্ৰেটিছ— যাক চিকিৎসা বিজ্ঞানৰ জনক বোলা হয়—তেওঁ সুদূৰ অতীজতে পেৰানইয়া শব্দটো নিৰ্মাণ কৰে। পেৰানইয়াৰ বুকুত দুটা গ্রীক শব্দ সোমাই আছে—Para [beside‌] আৰু nous [mind)। শব্দ দুটাৰ মিলনৰ ফলত জন্ম লোৱা অৰ্থটো হ’ল—“out of one’s mind”। হিপোক্রেটিছে এই নতুন শব্দটো ব্যৱহাৰ কৰিছিল প্রচণ্ড জ্বৰত ভোগা ৰোগীৰ প্ৰলাপ বিকাৰক বুজাবলৈ (D. Freeman / J. Freeman, Paranoia, P. P. 21-22 )। পৰৱৰ্তী কালত জোহান হেইনৰথ নামৰ এগৰাকী মনোচিকিৎসকে জ্বৰ নথকা অৱস্থাতো ৰোগীয়ে ব্যক্ত কৰা অলীক বিশ্বাসক বুজাবলৈ শব্দটো ব্যৱহাৰ কৰিব ধৰিলে (P.P. 22-23)। এয়া আচলতে অর্থ সম্প্ৰসাৰণৰ দৃষ্টান্ত। কোনে জানে হিপোক্ৰেটিছে হয়তো জ্বৰত ভোগা ৰোগীৰ প্রলাপত অযুক্তিকৰ সন্দেহ আৰু ভয়ৰো উমান পাইছিল। হয়তো ভ্ৰম থকা ৰোগীৰ এই অযুক্তিকৰ উক্তিবোৰকো তেওঁ পেৰানইয়া শব্দটোৰে সামৰি লৈছিল। হিপোক্রেটিছৰ পিছৰ যুগৰ এগৰাকী চিকিৎসকে—Aretacus-এ—মেলানকলিৰ (melancholy) কবলত পৰা ৰোগীৰ যি বিৱৰণ দিছে তাৰ এটা কথা মন কৰিবলগীয়া : “Unreasonable fears also seize them” (R. Porter, Madness : A Brief History, P.45)। পর্যবেক্ষণলব্ধ অভিজ্ঞতাৰ ভিত্তিত এইগৰাকী চিকিৎসক কৈছে যে উল্লিখিত ৰোগত ভোগা মানুহৰ মনোভূমিত সন্দেহ, অবিশ্বাস, উৎকণ্ঠা আৰু ভয়জনিত চাঞ্চল্য দেখা যায় (P.46)। এইধৰণৰ তথ্যৰ পৰা নিশ্চয় তুমি অনুমান কৰিব পাৰিছা যে প্রাচীনকালতো পেৰানইয়াৰ লক্ষণ থকা ৰোগীৰ অভাৱ নাছিল। অৱশ্যে সমস্যাজর্জৰিত আধুনিক যুগত যে পেৰানইয়াৰ প্ৰসাৰৰ ক্ষেত্ৰখন দিনকদিনে বাঢ়ি গৈছে তাত কোনো সন্দেহ নাই। ব্যক্তিগত বিকাৰ বা পাৰিবাৰিক সমস্যাৰ কথা বাদেই, আমাক আগুৰি থকা ৰাজনৈতিক পৃথিৱীখনলৈ চালেই কথাটো তুমি টং কৰিব পাৰিবা‌। এইখন পৃথিৱীত বিবিধ চক্রান্ত তত্ত্বৰ আধিপত্য। ইয়াৰে কেতবোৰত কল্পনাৰ প্ৰলেপ বেছ প্রকট।

পেৰানইয়াৰ মূল লক্ষণ ভ্রমাত্মক বিশ্বাস—delusion। বিশ্বাসৰ এই বিচিত্র পৃথিৱীখন বহু বৰ্ণেৰে ৰঞ্জিত। এই বৈচিত্ৰ্যৰ সোৱাদ তোমাক নিদিয়াকৈ থাকোঁ কেনেকৈ? জেম্‌ছ চি ক’লমেনৰ গ্ৰন্থৰ পৰা বুটলি অনা দুটা বাক্যৰ জৰিয়তে তোমাক ভ্রমাত্মক বিশ্বাসৰ পৃথিৱীত ভ্ৰমণৰ সুযোগ দিব পাৰোঁ। তেওঁ লিখিছে—

In paranoia the individual feels that he is being singled out and taken advantage of, mistreated, plotted against, stolen from, spied upon, ignored or otherwise mistreated by his ‘enemies’. His delusional system usually centers around one major theme, such as financial matters, a job, an invention, an unfaithful wife, or other life affairs (J. C. Coleman, Abnormal Psychology and Modern Life, P.311)।

আচৰিত হৈছা? আচৰিত হোৱাৰেই কথা। কিমান ধৰণৰ উদ্ভট চিন্তাই যে মানুহৰ মনটোক বিকল-বিভ্ৰান্ত কৰি পেলাব পাৰে! আটাইতকৈ ডাঙৰ কথা হ’ল, কিছুমান উদ্ভট চিন্তা আৰু অলীক বিশ্বাস ইমানেই দৃঢ়মূল যে সেইবোৰৰ শুধৰণি প্ৰায় অসম্ভৱ। পেৰানইয়াগ্ৰস্ত মানুহ এজনে যদি বিশ্বাস কৰে যে তেওঁৰ বিৰুদ্ধে সংগোপনে ষড়যন্ত্র চলিছে তেনেহ’লে এশ-এবুৰি প্ৰমাণ গোটায়ো তুমি তেওঁৰ মনৰ পৰা ভুল বিশ্বাসটো আঁতৰাব নোৱাৰা। যুক্তি-তৰ্কেৰে তেওঁক বুজোৱাটোও সম্ভৱ নহয়। তুমি বেছিকৈ বুজাবলৈ চেষ্টা কৰিলে তেওঁ তোমাকো চক্রান্তকাৰীৰ বেশী সহযোগী বুলি সন্দেহ কৰিব পাৰে!

লক্ষণীয় বিষয় হ’ল, মূল বিষয়টোৰ বাহিৰে অন্যান্য ক্ষেত্ৰত তেওঁৰ আৱেগ-অনুভূতি, চিন্তা-ভাবনা তথা আচাৰ-ব্যৱহাৰত সাধাৰণতে অস্বাভাৱিকতা দেখা নাযায়। এইবাবে পেৰানয়ড ৰোগীক চিনাক্ত কৰাটো কেতিয়াবা টান হৈ পৰে। আৰু সঁচাকৈ যদি বাস্তৱ জীৱনত কোনো চক্রান্ত বা অন্যায়-অবিচাৰৰ মুখামুখি হৈ তেওঁ অস্বাভাৱিকভাৱে সন্দেহপ্রৱণ হৈ পৰে তেতিয়া সমস্যাই অধিক জটিল ৰূপ ধাৰণ কৰে। এনে অৱস্থাত কেতিয়াবা তেওঁৰ বন্ধু-বান্ধৱ বা আত্মীয়-স্বজনেও তেওঁৰ অলীক বিশ্বাসবোৰ সঁচা বুলি পতিয়ন যাব পাৰে। ফলস্বৰূপে একধৰণৰ বণ্টিত বিভ্রান্তিৰ (Shared delusion) সূচনা হয় (এইবিধ delusion কোনো কোনো ক্ষেত্ৰত ৰোগীৰ ভিত্তিহীন বক্তব্যৰ অবিৰত পুনৰাবৃত্তিৰ ফলতো সৃষ্টি হ’ব পাৰে।)।

ভ্ৰমবিকাৰত (delusional disorder) ভোগা সন্দেহী মানুহে ভাবে অন্য লোকে তেওঁৰ অহিত চিন্তা কৰিছে, তেওঁৰ ক্ষতি কৰিব বিচাৰিছে। এই ক্ষতিৰ চৰিত্ৰ অৱশ্যে বিভিন্ন ধৰণৰ। ক’লমেনৰ কিতাপৰ পৰা দিয়া উদ্ধৃতিটো ফঁহিয়াই চালে দেখিবা যে পেৰানইয়া পীড়িত মানুহৰ মনটোক সামাজিক ক্ষতি (দুৰ্ব্যৱহাৰ), বৈষয়িক ক্ষতি (সম্পদ আনে আত্মসাৎ কৰিছে / কৰিব), মনস্তাত্ত্বিক ক্ষতি (স্ত্ৰীৰ বিশ্বাসঘাতকতা) আদি বিভিন্নধৰণৰ ক্ষতিৰ ‘অভিজ্ঞতা’ আৰু শংকাই আচ্ছন্ন কৰি ৰাখে। এই প্রসংগত তোমাক জনাই থোৱা যুগুত হ’ব যে পেৰানইয়াৰ ক্ষেত্ৰত নিৰ্যাতনমূলক ভ্রান্তিয়ে (Persecutory delusion) আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লয়। আলোচনাৰ আৰম্ভণিতে উল্লেখ কৰা জিন্তু ফুকনৰ কাহিনীটো মনত আছেনে? জিন্তু নিৰ্যাতনমূলক ভ্ৰান্তিৰ চিকাৰ। কেৱল অৱজ্ঞা-অপমান বা কুৎসা ৰটনাই নহয়, হত্যাৰ সম্ভাৱনায়ো এইবিধ ভ্ৰান্তিত ভোগা মানুহক সদাশংকিত কৰি ৰাখিব পাৰে। মনোবিদসকলৰ ৰচনাত তুমি বিবিধ ভ্ৰান্তিৰ খবৰ পাবা। এইবোৰ ইমানেই বিচিত্র যে পঢ়ি থাকোঁতে গল্প-উপন্যাস পঢ়া যেন লাগে। অৱশ্যে এই ভ্ৰান্তিবোৰ কেৱল পেৰানইয়াৰ লগত সম্পৃক্ত বুলি ভাবিলে ভুল হ’ব। এটা দৃষ্টান্ত দিলে কথাটো সহজবোধ্য হ’ব। বিষণ্ণতাত ভোগা ৰোগীও কেতিয়াবা নির্যাতনমূলক অলীক বিশ্বাসৰ কবলত পৰে। পাপ-ভ্ৰান্তিৰ ফলত তেওঁৰ মনত এনে ধাৰণা বদ্ধমূল হৈ পৰিব পাৰে যে তেওঁৰ ওচৰে-পাঁজৰে থকা মানুহে তেওঁক ইতিকিং কৰিছে, চৌদিশে বিয়পি পৰিছে তেওঁৰ অপযশ। পিছে বিষণ্ণতাৰ ৰোগীয়ে পাপবোধৰ কাৰণে এনে উপহাস আৰু সমালোচনা তেওঁৰ প্ৰাপ্য বুলি ধৰি লয়। পেৰানইয়া ৰোগীৰ ক্ষেত্ৰত এনে প্রতিক্রিয়া তুমি আশা কৰিব নোৱাৰা।

পেৰানইয়াৰ লগত সম্পর্ক থকা কেইটামান ভ্ৰমাত্মক বিশ্বাসৰ বিষয়ে তোমাক দু-আষাৰ ক’ব বিচাৰিছোঁ। অৱশ্যে আমাৰ কথনভংগী হ’ব ভিন্নধৰণৰ। বিভ্ৰান্তিগ্ৰস্ত ৰোগীৰ মনৰ গহনত থিতাপি লোৱা কিছুমান বিশ্বাস সংলাপৰ আকাৰত তোমালৈ পঠিয়াইছোঁ। পত্র-প্রবন্ধৰ  শৈলীগত একেসুৰীয়া ভংগীৰ পৰা ই নিশ্চয় তোমাক সাময়িকভাৱে কিছু সকাহ দিব। মনস্তত্ত্বত বহুলভাৱে চৰ্চিত ভ্রমাত্মক বিশ্বাসেৰেই আৰম্ভ কৰা যাওক।

নির্যাতনমূলক বিভ্রান্তি (Persecutory delusion): “মোক অৱজ্ঞা-অপমান কৰে সিহঁতে। কেউপিনে বদনাম উলিয়াইছে। মোৰ বিৰুদ্ধে চক্রান্তকাৰী তৎপৰ হোৱাৰ অকাট্য প্রমাণ মই পাইছোঁ। মোৰ জীৱন-জীৱিকা বিপন্ন।”

আত্মপ্ৰাসংগিক বিভ্রান্তি (delusion of reference): “চাৰিআলিৰ সৌ দোকানখনত আড্ডা মাৰি থকা ডেকাকেইজনে মোলৈ চাই হাঁহে, মোক ভেঙুচালি কৰে। সিহঁতৰ ফুচফুচীয়া মেলৰ বিষয় মই। ৰেডিঅ’ আৰু টেলিভিছনৰ কথা-বতৰাতো মোৰ বিষয়ে কিবা ইংগিত থকা যেন লাগে।”

আত্মগৌৰৱমূলক বিভ্রান্তি (grandiose delusion / megatemania): “মই অভাৱনীয় প্ৰতিভাৰ অধিকাৰী। মোৰ ক্ষমতা, প্রভাৱ, সম্পদ তথা আভিজাত্যৰ তুলনা নাই। স্বাভাৱিকতে মানুহৰ ঈৰ্ষা আৰু আক্রোশৰ টার্গেট ম‍ই।”

ঈর্ষাজনিত বিভ্রান্তি (delusion of jealousy): “মোৰ পত্নীৰ চাল-চলন সন্দেহজনক। বিশ্ববিদ্যালয়লৈ যাওতে তেওঁ ইমান মেকআপ কৰে কিয়? কাৰ সৈতে ৰাতি মোবাইলত আনন্দমনে কথা পাতে? মোৰ প্ৰতি তেওঁৰ আগ্ৰহ নাই। পৰপুৰুষৰ লগত তেওঁৰ গোপন সম্পর্ক।”

ধর্মীয় বিভ্রান্তি (religious delusion): “মই ঈশ্বৰৰ প্রিয়পাত্র। ঐশ্বৰিক শক্তিৰ সৈতে মোৰ পোনপটীয়া যোগাযোগ আছে”।

ওপৰৰ সংলাপবোৰে সকলো দিশ সামৰি ল’ব পৰা নাই। পেৰানইয়াৰ সৈতে কম-বেছি পৰিমাণে সম্পর্ক থকা আটাইবোৰ বিভ্ৰান্তি আমি উল্লেখ কৰিছোঁ বুলিও দাবী কৰিব নোৱাৰোঁ। উদাহৰণ হিচাপে কওঁ, ৰোগ বিষয়ক বিভ্রান্তিৰ (hypochondriacal delusion) কথা তোমাক জনাব লাগিছিল। এইবিধ বিভ্রান্তিত ভোগা লোকে দৃঢ়ভাৱে বিশ্বাস কৰে যে তেওঁৰ দেহাত কোনো মাৰাত্মক ৰোগে বাহ লৈছে। কোনো কোনো ক্ষেত্ৰত এওঁলোকে ভাবিব পাৰে যে তেওঁৰ অহিত কামনা কৰা বৈৰী-ভাবাপন্ন লোকে যাদুমন্ত্ৰৰ সহায়ত বা অন্য উপায়েৰে তেওঁৰ স্বাস্থ্যৰ ওপৰত চৰম আঘাত হানিছে (এনে মানসিকতাৰ লগত ডাইনী বিশ্বাসৰ কিবা সম্পর্ক আছে নেকি, সি এক অনুসন্ধেয় বিষয়)। তুমি নিশ্চয় লক্ষ্য কৰিছা—অধিকাংশ ক্ষেত্ৰত পেৰানইয়াৰ জন্ম-প্ৰক্ৰিয়াত উদ্বেগমিশ্রিত ভয়ৰ এক ভূমিকা থাকে। আতংকৰ (Phobia) সৈতে ইয়াৰ সাদৃশ্য থাকিলেও কোনো কোনো ক্ষেত্ৰত সোচ্চাৰ সন্দেহ প্ৰৱণতাই ইয়াৰ চৰিত্ৰক এক সুকীয়া মাত্রা দিয়ে। শ্ৰীযুত ‘ক’-ই সম্ভাব্য দুৰ্ঘটনাৰ কথা ভাবি আতংকগ্রস্ত হৈ ৰাস্তালৈ ওলাবলৈ নিবিচাৰিব পাৰে। তেওঁৰ অস্বাভাৱিক আচৰণক তুমি অযৌক্তিক ভয় বা আতংক বুলি অভিহিত কৰিব পাৰা। কিন্তু শ্ৰীযুত ‘ক’-ই ৰাস্তাত খোজ দিলেই কুমতলবী চক্রান্তকাৰীয়ে তেওঁক গাড়ীৰে খুন্দিয়াই হত্যা কৰিব বুলি যদি ঘৰতেই সোমাই থাকে তেতিয়া তেওঁক তুমি পেৰানইয়া-পীড়িত ৰোগী নুবুলি কি বুলিবা?

আচলতে শ্ৰীযুত ‘ক’ৰ দৰে লোকৰ আৱেগ-অনুভূতিৰ পৃথিৱীখন উৎকট স্থানগত উদ্বেগৰ (situational anxiety) দ্বাৰা ভাৰাক্ৰান্ত। এওঁলোকে সাধাৰণতে ব্যস্ত বাট-পথ, সভা-সমিতি, বিপৰীত লিংগৰ সান্নিধ্য আদিৰ পৰা দূৰৈত থাকিবলৈ ভাল পায়, স্বস্তিবোধ কৰে। মনস্তাত্ত্বিকসকলে কয়, উদ্বেগাক্রান্ত লোকে উৎকণ্ঠা নিৰসনৰ উদ্দেশ্যে কেতবোৰ নিৰাপত্তাদায়ক আচৰণৰ (safety behaviour) আশ্ৰয় লয় (D. Freeman / J. Freeman, Anxiety, P.26)। শ্ৰীযুত ‘ক’ৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য নিৰাপত্তাদায়ক আচৰণ হ’ল—গৃহবন্দিত্ব। তোমাক নিশ্চয় বহলাই কোৱাৰ সকাম নাই যে পেৰানইয়া-পীড়িত লোকে নিৰাপত্তাদায়ক আচৰণ হিচাপে নানা কৌশল অৱলম্বন কৰে। যেনে— অপমানসূচক ইতিকিঙৰ কল্পিত অভিজ্ঞতাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁ নানা অজুহাতত জনসমাগম পৰিহাৰ কৰি চলিব পাৰে। এনে অসামাজিক আচৰণ এচাম মানুহৰ চৰ্চাৰ বিষয় হোৱাটো তেনেই স্বাভাৱিক কথা। ফলস্বৰূপে পেৰানইড মানসিকতা অধিক দৃঢ় আৰু উৎকট হৈ পৰে। তেওঁ নিশ্চিত হয়— আশে-পাশে থকা মানুহখিনিৰ নিন্দাত্মক চর্চাৰ লক্ষ্য তেৱেঁই।

তোমাক ইমানপৰে ভ্রমাত্মক বিশ্বাসৰ কথাহে কৈ আহিছোঁ। এতিয়া চমুকৈ তোমাক আমূল প্রত্যক্ষৰ (hallucination) বিষয়ে দু-আষাৰ ক’বলৈ বিচাৰিছোঁ। বাহিৰৰ কোনো উদ্দীপক অবিহনেই নানা ঘটনা বস্তু প্রত্যক্ষ কৰাকেই আমূল প্রত্যক্ষ বোলে। ধৰা, শ্রীমতী “খ”-ৰ ওচৰে-পাঁজৰে কোনো নাই, অথচ তেওঁৰ কাণত পৰিছে তেওঁৰ প্ৰতি অবাইচ-অশ্রাব্য বাক্যবাণ। ই শ্রৱণমূলক আমূল প্রত্যক্ষ (auditory hallucination)। সেইদৰে ভক্তিপ্ৰাণ একনিষ্ঠ সাধকে কেতিয়াবা ঈশ্বৰৰ বহুপ্রতীক্ষিত দর্শন লাভ কৰাটো অসম্ভৱ নহয়। এনে উদ্দীপকহীন অলীক দর্শনক চাক্ষুষ আমূল প্রত্যক্ষ (optical hallucination) বোলে। এইধৰণৰ আৰু আমূল প্রত্যক্ষ আছে। পিছে পেৰানইয়া বিষয়ক আলোচনাত উল্লিখিত অলীক প্রত্যক্ষ দুটাৰ গুৰুত্ব বেছি। সন্দেহী শ্ৰীযুত “ক”-ৰ স্ব-আৰোপিত গৃহবন্দিত্বৰ কথা তোমাক অলপ আগতে জনাইছোঁ। অনুমান কৰিব পাৰি, কেবল ভ্রমাত্মক বিশ্বাসেই নহয়, তেওঁক হয়তো শ্রৱণমূলক অলীক প্রত্যক্ষয়ো বৰ উদ্বিগ্ন আৰু শংকিত কৰি তুলিছে। হয়তো দুশ্চিন্তাত ডুব গৈ কোঠাত অকলশৰে বহি থাকোতে তেওঁ শুনা পাইছে শত্ৰুৰ নিৰ্মম হুংকাৰ— “তই ৰাস্তালৈ ওলা, মুহূৰ্ত্ততে সিপুৰী পাবিগৈ!” কোনো উদ্দীপক নোহোৱাকৈ মানুহে কিমান বিচিত্র, উদ্ভট আৰু অবিশ্বাস্য কথা শুনিব বা ঘটনা দেখিব পাৰে তাৰ কিঞ্চিৎ আভাস তুমি পাবা জেম্‌চ ক’লমেনৰ পূর্বোক্ত কিতাপখনত, “The patient may hear singing, or God speaking, or the voices of his enemies, or he may see angels or feel electric rays piercing his body at various points” (P.275)।

উদ্ধৃতিটোৰ শেষাংশ আকৌ এবাৰ পঢ়ি চোৱাচোন—, বৈদ্যুতিক ৰশ্মিৰ কথা কোৱা হৈছে। যুক্তিসংগতভাৱে তুমি ক’ব পৰা যে অলীক প্রত্যক্ষৰ উক্ত বিষয়বস্তু—বৈদ্যুতিক ৰশ্মিয়ে দেহাক বিশুদ্ধ কৰাৰ “অভিজ্ঞতা”—আধুনিক যুগৰ অৱদান। মধ্যযুগৰ আমূল প্রত্যক্ষত মহাপ্রতাপী ভূত-ভগৱানৰ আধিপত্য নিশ্চয় আছিল। কিন্তু সেইকালত বৈদ্যুতিক ৰশ্মিয়ে ৰোগীক বিব্ৰত তথা সন্ত্ৰস্ত কৰাৰ কথা ভাবিবই নোৱাৰি। কাৰণ বিজ্ঞানৰ বুৰঞ্জীৰ পিছৰ এটা পৰ্যায়তহে মানুহে বিদ্যুতৰ বিস্ময়কৰ শক্তিৰ বিষয়ে প্রকৃত জ্ঞান আহৰণ কৰিবলৈ সক্ষম হ’ল। একেদৰে ভ্ৰমাত্মক বিশ্বাসৰ বিষয়বস্তু বহুক্ষেত্রত সাংস্কৃতিক আৰু সামাজিক বাতাৱৰণে নিৰ্ধাৰণ কৰে। মনোবিদৰ অভিজ্ঞতালব্ধ পৰ্যবেক্ষণত তুমি ইয়াৰ সাক্ষাৎ পাবা—“….আজিকালি প্ৰায়বোৰ শিক্ষিত লোকে ভূত-প্ৰেতৰ সলনি বিভিন্ন ৰাজনৈতিক বা সামাজিক শক্তিৰ দ্বাৰা বা ৰেডিঅ’ তৰংগ, ৰেডিঅ’ মেগনেটিক তৰংগ, ৱায়াৰলেছ আদিৰ দ্বাৰা উৎপীড়িত হোৱাৰ অভিযোগ কৰে” (পংকজলোচন শৰ্মা, মনোৰোগ পৰিচিতি, পৃঃ ৬০)। ৰাজনৈতিক দ্বন্দ্ব-সংঘাতেও পেৰানইয়াত ভোগা মানুহৰ ভ্ৰমাত্মক বিশ্বাসত নতুন মাত্রা যোগ দিব পাৰে। জেম্‌ছ ক’লমেনৰ গ্ৰন্থত তুমি এজন ৰোগীৰ আমোদজনক কাহিনী পঢ়িবলৈ পাবা। এওঁৰ অলৰ-অচৰ বিশ্বাস—ৰাছিয়ানসকলক ৰোধ কৰিবলৈ তেওঁক পঠোৱা হৈছে। ৰাছিয়ানসকলে তেওঁৰ পিছত গুপ্তচৰ লগাই দিছে। পিছে তেওঁ গুপ্তচৰবোৰতকৈ বেছি চতুৰ(P.276)। এইগৰাকী ৰোগীৰ অস্বাভাৱিক মন-মনন খুবসম্ভৱ অধুনালুপ্ত ছোভিয়েট ইউনিয়ন আৰু আমেৰিকাৰ মাজত চলি থকা শীতল যুদ্ধৰ ৰাজনৈতিক বাতাৱৰণৰ দ্বাৰা প্ৰভাৱিত (তোমাক বোধহয় নক’লেও হ’ব যে সংকীৰ্ণ ৰাজনীতি বা সমধৰ্মী উগ্র মতবাদৰ গোন্ধ থকা পেৰানইয়াৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা সম্প্রতি বাঢ়িছে। এইবিধ সন্দেহী লোকে হিংসাত্মক কাম-কাজত উৎসাহেৰে অংশ লোৱাৰ সম্ভাৱনা প্ৰচুৰ)।

আমি প্রাত্যহিক কথা-বাৰ্তাত মনস্তত্ত্বৰ পৰা ধাৰ কৰা কেইটামান কথা প্ৰায়ে ব্যৱহাৰ কৰোঁ। কেতিয়াবা বহল ব্যৱহাৰৰ ফলত শব্দবোৰৰ সংজ্ঞা সোলোক-ঢোলোক হৈ পৰে। ইয়াত বোধহয় আপত্তি কৰিবলগীয়া একো নাই। কিয়নো শব্দবোৰ টুপীৰ দৰে— বিভিন্ন লোকে জধে-মধে পিন্ধিলে টুপীৰ আকাৰ জানো আটিল হৈ থাকে? মনস্তত্ত্বৰ পৰা সংগ্ৰহ কৰি সৰ্বসাধাৰণে সঘনে ব্যৱহাৰ কৰা এটা শব্দ হ’ল হীনমন্যতাবোধ (inferiority complex)। হীনমন্যতাৰ গুৰিত নানা কাৰণ থাকে। প্রথিতযশা মনোবিদ আলফ্রেড এডলাৰৰ মতে মানুহে শৈশৱাৱস্থাতেই অসহায় বোধ কৰে, হীনমন্যতাত ভোগে (A. Adler, Understanding Human Nature, P.70)। পিছে তাৎপর্যপূর্ণ কথা হ’ল, পৰৱৰ্তী কালতো মানুহে নিজৰ বিষয়ে বাস্তৱভিত্তিক বা কাল্পনিক হীন ধাৰণা পোষণ কৰিব পাৰে। এডলাৰৰ ধাৰণাৰ আঁত ধৰি ক’ব পাৰি যে যিসকলে জীৱনত বিশেষ সাফল্যৰ মুখ নেদেখে বা কাংক্ষিত লক্ষ্যত উপনীত হ’ব নোৱাৰে, তেওঁলোকৰ মন গহনত এক ধৰণৰ হীনমন্যতাৰ সূচনা হয়। এই অস্বস্তিকৰ বোধৰ পৰা নিজৰ অহঙক সুৰক্ষা দিবলৈ এওঁলোকে নানা কৌশল অৱলম্বন কৰে। বহুতে ঈষৎ অভিযোগৰ সুৰত কয়, আনৰ বাধা বা বৈৰীমূলক আচৰণ তেওঁলোকৰ বিফলতাৰ কাৰণ। অর্থাৎ নিৰ্যাতনমূলক বিভ্রান্তিক প্রশ্রয় দি তেওঁলোকে ব্যৰ্থতাৰ এটা আত্ম-তৃপ্তিদায়ক ব্যাখ্যা দাঙি ধৰে। এনে পৰ-জগৰীয়া ব্যাখ্যাই আত্মবিশ্লেষণ তথা আত্ম-সমালোচনাৰ কষ্টকৰ প্ৰক্ৰিয়াৰ পৰা তেওঁলোকক ৰেহাই দিয়ে।

আলোচনাৰ বৰ্তমান পৰ্যায়ত তোমাক কিঞ্চিৎ দুর্জেয় যেন লগা ব্যাখ্যা এটাৰ আভাস দি থ’ব বিচাৰিছোঁ। কোনো কোনো মনস্তাত্ত্বিকৰ ৰচনাত প্ৰক্ষেপণ (Projection) নামৰ আত্মৰক্ষামূলক প্ৰক্ৰিয়া (defensive mechanism) এটাৰ উল্লেখ পোৱা যায়। এইবোৰ কথা নিজেই বুজিবলৈ টান পাওঁ, তোমাক বুজাওঁ কেনেকৈ? তথাপি চেষ্টা কৰিছোঁ– এটা দৃষ্টান্তৰ আলমত। সমবয়সী বুদ্ধিজীৱীসকল প্রশংসিত-পুৰস্কৃত হোৱা দেখি “ড প”-ৰ মনৰ গভীৰ স্তৰত ঈষাই গোপনে বাহৰ পাতিছে। “ড প”-ৰ উদাৰ বন্ধুবৎসল সচেতন মনে কিন্তু ঈর্ষা নামৰ অপ্রার্থিত আৱেগৰ অস্তিত্বক স্বীকাৰ কৰিব পৰা নাই। এইধৰণৰ অনভিপ্রেত অৱস্থাত তেওঁ নেতিবাচক আৱেগ-ঈর্ষাক বহিঃজগতৰ ওপৰত প্ৰক্ষেপ কৰিব পাৰে। অৰ্থাৎ তেওঁৰ মনোমালিন্যমুক্ত, তেওঁৰ সমবয়সী বুদ্ধিজীৱীসকলেহে তেওঁক হিংসা কৰে, সুনাম-সাফল্যৰ বাটত হেঙাৰ দিয়ে। ইয়েই প্রক্ষেপণ। প্ৰক্ষেপণৰ এই ধাৰণাৰ ওপৰত ভিত্তি কৰি কোৱা হৈছে যে নিৰ্যাতনমূলক বিভ্ৰান্তিৰ কবলত পৰা লোকে শত্রুভাবাপন্ন লোকৰ যি আক্রমণাত্মক আচৰণৰ কথা কয় সি আচলতে তেওঁৰ নিজৰ গোপন মানসিকতাৰেই প্রতিফলন : “[The paranoid individual’s ] underlying eggression literally comes back to haunt him” ( G. S. Blum, Psychodynamies, The science of the unconscious Mental Forces, P.40)। অর্থাৎ এই ব্যাখ্যা অনুসাৰে, লুকাই থকা অবাঞ্ছনীয় আৱেগৰ অসচেতন আৰু পৰোক্ষ অভিব্যক্তি নির্যাতনমূলক বিভ্রান্তি।

মুক্ত চিন্তক বাৰ্ট্ৰেণ্ড ৰাছেল তোমাৰ প্ৰিয় লেখক বুলি জানো। তেওঁৰ নিৰ্মোহ চিন্তাৰ প্ৰখৰতা আৰু নিৰ্ভীকতাৰ একান্ত অনুৰাগী তুমি। এইগৰাকী চিন্তকৰ সুখপাঠ্য ৰচনাৰ পৰা এটা চুটি অথচ অর্থপূৰ্ণ বাক্য তোমালৈ পঠালোঁ—, “Persecution mania is always rooted in a too exaggerated conception of one’s own merits” (B. Russell, The Conquest of Happiness, P.89)। ৰাছেলৰ বক্তব্য স্পষ্ট : সকলো ক্ষেত্ৰতে আত্মগৌৰৱমূলক বিভ্ৰান্তিৰ পৰাই নির্যাতনমূলক অলীক বিশ্বাসৰ সূচনা (ৰাছেলে ব্যৱহাৰ কৰা ‘always’ শব্দটো যথোপযুক্ত হৈছে নে নাই সেইটো এটা বিবেচনাযোগ্য প্রশ্ন)। মনোবিদৰ লেখাতো প্রায় সমধর্মী বক্তব্য পাওঁ : “নির্যাতনমূলক ভ্ৰান্তি আৰু আত্মম্ভৰিতাকেন্দ্রিক ভ্ৰান্তি পৰস্পৰৰ পৰিপূৰক। একেজন ৰোগীৰ মাজতে এই দুই ধৰণৰ ‘ডিলিউশ্যন’ দেখা দিব পাৰে” (ধীৰেন্দ্ৰ নাথ গংগোপাধ্যায়, পাভলভ পৰিচিতি, তৃতীয় খণ্ড, পৃঃ ১৪০)। এই উক্তি যুক্তিপূর্ণ। নিজৰ বিষয়ে অতিৰঞ্জিত উচ্চ ধাৰণা থকা এচাম মানুহে চৌপাশে পৰশ্ৰীকাতৰ—আনকি অনিষ্টকাৰী—লোকৰ সন্দেহজনক উপস্থিতি কল্পনা কৰাতো খুবেই স্বাভাৱিক। এইখিনিতে অৱশ্যে তোমাক কৈ থোৱা উচিত হ’ব কোনো কোনো পেৰানইড ব্যক্তিৰ ক্ষেত্ৰত ওলোটাটোও ঘটিব পাৰে। অৰ্থাৎ নির্যাতনমূলক ভ্রান্ত বিশ্বাসৰ পৰা আত্মম্ভৰিতাকেন্দ্রিক বিভ্ৰান্তিৰ সূচনা হোৱাটো সম্ভৱ। ৰোগীয়ে ভাবিব পাৰে, তেওঁ মানুহৰ মনোযোগৰ, তেওঁলোকৰ ঈর্ষা, অৱজ্ঞা, অপমান, চক্ৰান্তৰ লক্ষ্য হৈ পৰাৰ কাৰণ হ’ল—তেওঁ অসামান্য প্ৰতিভাৰ গৰাকী, তেওঁৰ মাহাত্ম্য অতুলনীয়। আত্মম্ভৰিতা বিষয়ক বিভ্ৰান্তিৰ কথা ওলালেই যেতিয়া তোমাক এজন ৰোগীৰ চিত্তাকর্ষক ইতিবৃত্তৰ কথা কওঁ। এই ৰোগীজনৰ দাবী : বিশেষধৰণৰ অগ্নিক্ষেপকেৰে তেওঁ মার্কিন যুক্তৰাষ্ট্ৰৰ সকলো শত্ৰুক নিঃশেষ কৰিব পাৰিব। তেওঁ সগর্বে দাঙি ধৰা নিজৰ পৰিচয় হ’ল : “There is God who is No.1, and Jesus Christ who is No. 2, and me, I am No 3” (J. C Coleman, Abnormal Psychology and Modern Life, P.312)। আত্মগৌৰৱসূচক ভ্ৰমাত্মক বিশ্বাসৰ ইয়াতকৈ উৎকট ৰূপ আৰু কি হ’ব পাৰে? আমাৰ দেশৰ একাংশ ধর্মগুৰুও এইধৰণৰ বিভ্ৰান্তিত ভোগা বুলি অনুমান কৰিব পাৰি।

তুমি নিশ্চয় মন কৰিছা; যুক্তৰাষ্ট্ৰৰ পৰাক্ৰমী ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হোৱা ৰোগীজনৰ বিভ্ৰান্তিত ৰাজনীতি আৰু ধৰ্মবিশ্বাসৰ সংযোগ ঘটিছে। যুক্তৰাষ্ট্ৰৰ শত্ৰু হিচাপে তেওঁ কমিউনিষ্ট আৰু মার্কিন শিবিৰৰ বাহিৰত থকা শক্তিসমূহক চিহ্নিত কৰা যেন লাগে। আনহাতে সৰ্বশক্তিমান ঈশ্বৰৰ লগত এইবিধ বিভ্ৰান্তিৰ যোগাযোগ থকাটো তেনেই স্বাভাবিক কথা। ঐশ্বৰিক সংযোগে আত্মম্ভৰিতাক এক সুকীয়া মাত্রা দিয়ে (ধৰ্মগুৰুৰ ব্যক্তিত্বত কেতিয়াবা ইয়াৰ নিৰ্লজ্জ প্রকাশ দেখা যায়)। প্রসংগক্রমে ঊনৈশ শতিকাত ইংলেণ্ডত এগৰাকী যশস্বী চিত্রশিল্পীৰ মৰ্মান্তিক কাহিনী তোমাক জনোৱাৰ লোভ সম্বৰণ কৰিব পৰা নাই। শিল্পীগৰাকীৰ নাম ৰিচাৰ্ড ডেড। পৱিত্র ভূমি (Holy Land) ভ্রমণ কৰাৰ পিছৰে পৰা তেওঁ নিৰ্যাতনমূলক বিভ্রান্তিত ভুগিবলৈ ধৰিলে। “… he began to suffer from delusions of being persecuted. He described being prompted by voices and became convinced that he was being called upon by divine forces to battle with the devil, who could assume any shape he desired” (C. Frith / E. Johnstone, Schizophrenia, P.67)। ছাব্বিছ বছৰ বয়সত ডেড-এ দেউতাকক হত্যা কৰে, কাৰণ চয়তানে দেউতাকৰ ৰূপ লোৱা বুলি তেওঁৰ মনত সন্দেহ ওপজে। জীৱনৰ বাকী সময়ছোৱা তেওঁ মনোৰোগীৰ চিকিৎসালয়ত কটায়। অৱশ্যে এই অবস্থাতো তেওঁৰ চিত্ৰ চৰ্চাত যতি পৰা নাছিল। উগ্ৰ আৰু অপৰিমিত ধর্মীয় বিভ্রান্তিয়ে মানুহক অযুক্তিকৰ নিশ্ছিদ্র অন্ধকাৰলৈ কিদৰে নিক্ষেপ কৰে তাৰ এক শোকাবহ দৃষ্টান্ত পিতৃ-হন্তা ডেডৰ কৰুণ জীৱন বৃত্তান্ত।

প্রণালীবদ্ধভাবে লিখিব পৰা নাই যদিও পেৰানইয়া সম্পর্কে নিশ্চয় তুমি কিছু ধাৰণা কৰিব পাৰিছা। এই ধাৰণাৰ ভিত্তিত তোমাৰ কাৰণ অনুসন্ধানী মনটোত কেইটামান প্রশ্নই ভূমুকি মৰাটো স্বাভাৱিক : পেৰানইয়াৰ কাৰণ কি? ইয়াৰ উৎস জেনেটিক নে জৈৱ ৰসায়নিক? নে পাৰিবাৰিক তথা সামাজিক বাতাৱৰণ ইয়াৰ উৎপত্তিস্থল‌? প্রশ্নবোৰৰ উত্তৰ দিয়াৰ ক্ষমতা আমাৰ নাই। আমি কেৱল পেৰানইয়াৰ উৎসৰ বিষয়ে সামান্য ইংগিত দিবলৈ চেষ্টা কৰিম (এই চেষ্টাও আনৰ ব্যাখ্যা-বিশ্লেষণৰ আলমতহে)। পিছে তাৰ আগতে জেম্‌হ ক’লমেন মত উল্লেখ কৰা যুগুত হ’ব : “Neither genetic nor bio-chemical attenations have been emphasized in the Vetiology of paranoia. Available evidence indicates that Psychosocial factors etiology are of primary importance” (J. C. Coleman, Abnormal Psychology and Modern Life, P.315)। কলমেনে মনোসামাজিক কাৰণৰ প্ৰসংগত পাৰিবাৰিক দিশটোৰ বিষয়ে কিছু কথা লিখিছে। তেওঁৰ মতে ‘air of superiority’ থকা স্বৈৰতান্ত্রিক আৰু দোষদৰ্শী পৰিয়ালত ডাঙৰ-দীঘল হোৱা ব্যক্তিয়ে সন্দেহজাত অপব্যাখ্যাৰ সহায়ত অন্য লোকক বিচাৰ কৰে (P.315)। আনহাতে নিজৰ বিফলতাজনিত হীনমন্যতা বা অহংবোধক সুৰক্ষা দিবলৈ এচাম মানুহে চাৰিওফালে বৈৰীমূলক আচৰণ তথা গভীৰ চক্ৰান্ত বিচাৰি পায়। এই প্ৰক্ৰিয়াটোৰ বিষয়ে ইতিমধ্যে জনাইছোঁ। গতিকে ইয়াত তাৰ পুনৰাবৃত্তি কৰি তোমাক আমনি নিদিওঁ। তাৰ সলনি পেৰানইয়াৰ অন্য এটা ব্যাখ্যাৰ কথাহে থোৰতে জনাই থওঁ।

পাভলভীয় মনোবিদ ধীৰেন্দ্ৰ নাথ গংগোপাধ্যায়ৰ এখন কিতাপত বিভ্ৰান্তিৰ মস্তিষ্কাশ্রয়ী ব্যাখ্যা প্ৰসংগত লিখা কথাখিনিৰ কিয়দংশ এই প্ৰকাৰ : মস্তিষ্কৰ অনড় উত্তেজিত কোষবোৰৰ আশে-পাশে থকা কোষবোৰত যদি নিস্তেজনা বেছিকৈ বিয়পি পৰে তেতিয়া ভুল ধাৰণা সম্বন্ধে সংশয়ৰ আৰু অৱকাশ নাথাকে; অর্থাৎ ৰোগীৰ “ক্রিটিকেল এটিচিউড” নষ্ট হয়, তেওঁ আত্মসমালোচনাৰ ক্ষমতা হেৰুৱায়; কিয়নো নিস্তেজনাৰ ব্যাপ্তি আৰু গভীৰতাৰ কাৰণে যুক্তি-বুদ্ধিয়ে উত্তেজিত অনড় অংশক প্রভাৱিত কৰিব নোৱাৰে। ইয়াৰ উপৰি মনোবিদগৰাকীয়ে মস্তিস্কৰ অতি স্ববিৰোধী (Ultra Paradoxical Phase) অৱস্থাৰ কথা উল্লেখ কৰিছে। এই অৱস্থাত ইতিবাচক উদ্দীপনাই নেতিবাচক প্রতিক্রিয়াৰ সৃষ্টি কৰে, শুভাকাংক্ষী হৈ পৰে সন্দেহৰ পাত্ৰ (পাভলভ পৰিচিতি, তৃতীয় খণ্ড, পৃ ১৩৫)। এই সন্দৰ্ভত তুমি অধিক প্রশ্ন নকৰাই ভাল। কাৰণ মস্তিষ্কৰ বিষয়ক তত্ত্ব-তথ্য আমাৰ মস্তিষ্কৰ এক্তিয়াৰ বাহিৰত।

পেৰানইয়াৰ সামাজিক উৎসৰ বিষয়ে যৎকিঞ্চিৎ আভাস দিম বুলি তোমাক কথা দিছিলোঁ। শিথিলার্থত “সামাজিক” শব্দটোৱে একাধিক দিশ সাঙুৰি লয়—সামাজিক পৰিৱেশ, সাংস্কৃতিক পৰিমণ্ডল, ৰাজনৈতিক পৰিস্থিতি, অর্থনৈতিক ব্যৱস্থা আদি। আমি ইতিমধ্যে উল্লেখ কৰা Paranoia শীর্ষ কিতাপখনত এই দিশকেইটাৰ কথা প্ৰসংগক্রমে উল্লেখ কৰা হৈছে। এঠাইত কোৱা হৈছে, নগৰায়নৰ ফলত—মানুহৰ বিচ্ছিন্নতাবোধ বাঢ়ি যোৱাৰ ফলত—“an increasingly urbanized population is likely to be an increasingly paranoid one” (P.54)। এই উক্তিৰ পৰা বুজা যায়—মানুহৰ মানসিক স্বাস্থ্যৰ ওপৰত আধুনিকীকৰণৰ যি প্ৰভাৱ তাৰ এটা নেতিবাচক দিশো আছে। সচৰাচৰ আমি সগর্বে কওঁ যে গণমাধ্যমৰ ক্রমবর্ধমান প্রভাৱ আধুনিকীকৰণ এক লেখত ল’বলগীয়া বৈশিষ্ট্য। কথাটো মিছা নহয়। পিছে বিৰতিহীনভাৱে বিপদ-বিপর্যয়ৰ ভয়াবহ “ব্রেকিং নিউজ”-ৰ “over reporting” চলি থাকিলে পেৰানইয়াৰ অংকুৰোদ্‌গমৰ কাৰণে উপযুক্ত বাতাৱৰণৰ সৃষ্টি হয় (P.51)। কোৱা হৈছে টেলিভিছনৰ আগমনৰ পিছৰে পৰা মানুহৰ ভয় আৰু উদ্বেগৰ চৰিত্ৰও সলনি হ’ল (P.25)। ৰাজনীতিৰ পট পৰিৱৰ্তনেও চক্রান্তকাৰীৰ পৰিচয়লৈ পৰিৱৰ্তন আনিছে। যেনে—কুৰি শতিকাৰ আশীৰ দশকত ৰাছিয়ানসকল আছিল অন্যতম চক্রান্তকাৰী, সম্প্ৰতি তাৰ ঠাই লৈছে মৌলবাদী সন্ত্রাসে (P.25)। আনহাতে বজাৰ অৰ্থনীতিৰ ফলত মধ্যবিত্তৰ ওপৰত অনিশ্চয়তাজনিত মানসিক চাপ অভাৱনীয়ভাৱে বাঢ়িছে। এতিয়া অনেক চাকৰি চুক্তিভিত্তিক বা অংশকালীন। ই চাকৰি-বাকৰিৰ ক্ষেত্ৰত উৎকট প্রতিযোগিতাৰ জন্ম দিছে—“encouraging us to see our colleagues as rivals and potential threats” (P.57)। তোমাক বোধহয় নক’লেও হ’ব যে সাম্প্রতিক কালত এনে মানসিকতাই পেৰানইড প্ৰৱণতাক পাকে-প্ৰকাৰে উদগনি দিছে। শ্রমিক আৰু কৰ্মচাৰীসকলৰ সংগঠনসমূহ দুৰ্বল হৈ পৰিলে মানসিক স্বাস্থ্যৰ অধিক ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰচুৰ।

পুঁজিবাদী জীৱন-দর্শনে আত্মকেন্দ্ৰিকতা, নিৰন্তৰ প্ৰতিদ্বন্দ্বিতা আৰু বৈষয়িক স্বার্থ-চিন্তাৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়ে। ই সম্প্রতি প্ৰায় যুগধৰ্মই হৈ পৰিছে। পিছে উদ্বেগৰ বিষয় হ’ল, অপৰিমিত প্রতিদ্বন্দ্বিতাই যি “nervous strain”-ৰ জন্ম দিয়ে তাৰ পৰিণাম দুঃখজনক : এই প্রতিযোগিতাত যিসকলে আটাইতকৈ বেছি দক্ষতা আৰু দ্রুততাৰ পৰিচয় দিয়ে তেওঁলোকে শীঘ্ৰে পৃথিৱীৰ পৰা বিদায় লয় (K. Lorenz, Civilized Man’s Eight Deadly Sins, PP.20-21)! আমি উল্লেখ কৰা পেৰানইয়া বিষয়ক কিতাপখনৰ উপসংহাৰত পুঁজিবাদে কেনেকৈ মানুহৰ মন-মননক প্রভাৱিত কৰে সেই বিষয়ে থোৰতে দু-আষাৰ কোৱা হৈছে। লেখকদ্বয়ে অৱশ্যে কমিউনিষ্ট দেশতো পেৰানইয়াৰ প্ৰাদুৰ্ভাৱৰ কথা কৈছে। আমাৰ ধাৰণা, কমিউনিষ্ট পাটীয়ে শাসন কৰা দেশবোৰত পেৰানইয়াৰ প্ৰধান উৎস তুমুল প্রতিদ্বন্দ্বিতা নহয়, ৰাষ্ট্ৰ পৰিচালিত নিৰীক্ষণহে। ই অৱশ্যে আমাৰ অনুমানহে। আনহাতে নানা কাৰণে প্ৰশাসনো ক্ষেত্রবিশেষে পেৰানইড প্ৰৱণতাৰ পৰা মুক্ত নহ’ব পাৰে। সি যি কি নহওক, পুঁজিবাদে কেনেকৈ তাৰ অন্তর্নিহিত বৈশিষ্ট্যৰ কাৰণে মানুহৰ মনোভূমিত উদ্বেগ, দুশ্চিন্তা তথা সন্দেহৰ বীজ ৰোপণ কৰে তাৰ সংক্ষিপ্ত বৃত্তান্ত শুনা—, “Indeed, it may be that the kind of consumer capitalism we see in the countries like the UK, US, and Australia predisposes us to suspicious thoughts… An emphasis on individual economic success can encourage us to see other people as competitors and potential threats (Paranoia, P.155)।

তুমি নিশ্চয় লক্ষ্য কৰিছা, আমি এতিয়ালৈকে সমূহীয়া পেৰানইয়াৰ কথা আলোচনাৰ মজিয়ালৈ অনা নাই। অথচ বিষয়টো অতীৱ গুৰুত্বপূৰ্ণ। বিশেষকৈ সাম্প্রদায়িকতা কলুষিত আৰু আইডেনটিটী আলোড়িত পলিটিক্সৰ দিনত। অলপ ভালকৈ গমি চালে তুমি দেখিবা যে আমাৰ সমাজত যৌথ স্বীকৃতি লাভ কৰা একাধিক বিভ্রান্তি (delusion) আছে। এইবোৰৰ চৰিত্ৰ অৱশ্যে অভিন্ন নহয়। অৱজ্ঞা আৰু / বা তিৰস্কাৰৰ লক্ষ্য হৈ পৰা সম্প্ৰদায়ৰ বিষয়ে সাধাৰণতে ক্ষমতাশালী আৰু সুবিধাভোগী মহলত কেতবোৰ উদ্ভট তথা ভিত্তিহীন ধাৰণা বেছ জনপ্রিয়। আনহাতে নিন্দিত, বঞ্চিত প্রাপ্তিকায়িত আৰু পীড়িত জনসমষ্টিৰ মানসতো কিছুমান সমূহীয়া বিভ্ৰান্তি থাকে। এইবোৰৰ পটভূমি হ’ল অৱহেলা-অবিচাৰৰ দীৰ্ঘদিনীয়া ইতিহাস। তোমাক এটা দৃষ্টান্ত দিলে কথাটো সহজবোধ্য হ’ব যেন লাগে। গণতন্ত্ৰৰ পীঠস্থান হিচাপে বহুজনবন্দিত আমেৰিকাৰ কৃষ্ণাংগসকলৰ অধিকাৰ আৰু মৰ্যাদাৰ বিষয়ে তুমি নজনা নহয়। একৈশ শতিকাতো সমান অধিকাৰৰ কাৰণে তেওঁলোকে প্রাণপণে যুঁজিবলগীয়া হৈছে। স্বাভাৱিকতে তেওঁলোকৰ সমূহীয়া মানসত কতিপয় বিভ্রান্তি সোমাই পৰিছে, যিবোৰ দৰাচলতে অভিজ্ঞতাজাত অনাস্থাৰ অস্বাভাৱিক অভিব্যক্তি। ১৯৯৯ চনত এটা সমীক্ষা চলোৱা হৈছিল। দেখা গ’ল, সমীক্ষাই সামৰি লোৱা কৃষ্ণাংগসকলৰ শতকৰা সাতাইছজনে বিশ্বাস কৰে যে চৰকাৰে এইড্‌ছৰ ভাইৰাছ সৃষ্টি কৰি কৃষ্ণাংগসকলক নিঃশেষ কৰিব বিচাৰিছে। ২০০৬ চনৰ এটা সমীক্ষাতো সমজাতীয় সন্দেহ বেছ প্রকট (Paranoia, P.6)। এই মনোভাৱ নির্যাতনমূলক বিভ্রান্তিৰ (Persecutory delusion) চৰম প্রকাশ।

এইবিধ বিভ্ৰান্তিৰ প্রভাৱে কেতিয়াবা ব্রিটিশাসিত ভাৰতীয়ৰ মন-মেজাজকো উত্তেজিত কৰাৰ তথ্য তুমি কিতাপে-পত্রই পাবা। ঊনৈশ শতিকাৰ শেষ দশকত প্লেগৰ আতংকত ভোগা কিছুমান মানুহৰ মনত উৰা বাতৰিয়ে এই সন্দেহৰ জন্ম দিছিল যে প্রশাসনে চক্রান্তমূলকভাৱে নাদৰ পানীত বিহ মিহলাই দিছে। ইয়াৰ ফলত হুচিয়াৰপুৰ জিলাত ৰাজহুৱা জীৱনৰ শান্তি-শৃংখলাও বিঘ্নিত হৈছে (C. Tumbe, The Age of Pandemics : 1817-1920, P.94)। একে সময়তে উত্তৰ ভাৰতত জনপ্ৰিয় হোৱা এটা গুজৱ আছিল এই প্ৰকাৰ : ব্ৰিটিছে ইচ্ছাকৃতভাৱে প্লেগ নামৰ মাৰাত্মক ব্যাধি আনিছে, যাতে ৰুছসকলে ভাৰত আক্ৰমণ কৰিব নোৱাৰে। আনহাতে কলিকতাৰ মুছলমানসকলৰ মাজত এই ধাৰণা বিয়পি পৰিছিল যে প্লেগৰ নিষেধাত্মক নিয়মবোৰ অজুহাতহে, প্ৰশাসনৰ আচল উদ্দেশ্য হজযাত্রা বন্ধ কৰা (দীপেশ চক্রবর্তী, ইতিহাসেৰ জনজীবন ও অন্যান্য প্রবন্ধ, পৃঃ ৬০-৬১)। প্লেগকেন্দ্ৰিক উৰাবাতৰিৰ প্ৰসংগত এগৰাকী পণ্ডিতে বৰ অর্থবহ মন্তব্য এটা দিছে : “… rumers take us closer to popular perceptions and responses than other sources allow (D. Amnlod, Colonizing the Body : State Medicine and Epidemic Disease in Nineteenth Century India, P.219)। এই মন্তব্যৰ আঁত ধৰি আমি ক’ব পাৰোঁ যে পেৰানইয়াৰ লক্ষণযুক্ত উল্লিখিত জনৰৱবোৰ অনেক ক্ষেত্ৰত প্ৰশাসনৰ / ৰাষ্ট্ৰৰ প্ৰতি দেশীয় সমাজৰ অনাস্থা-অবিশ্বাসৰ প্ৰতিফলন।

এইখিনিতে আঠ হাজাৰ মানুহৰ ওপৰত চলোৱা এটা ব্ৰিটিছ সমীক্ষাৰ কথা তোমাক জনোৱাটো প্ৰাসংগিক হ’ব। এই সমীক্ষাৰ অর্থবহ সিদ্ধান্ত হ’ল, “… People with a history of victimization were twice as likely to suffer from Paranoia” (Paranoia P.59)। কেৱল ব্যক্তিৰ ক্ষেত্ৰতেই নহয়, সমষ্টিৰ ক্ষেত্ৰতো সিন্ধান্তটো সঁচা। সেইকাৰণে অবিচাৰ-অৱজ্ঞা তথা জোৰ-জুলুমৰ তিতা-কেঁহা অভিজ্ঞতা থকা সংখ্যালঘুৰ মন-মনন সহজেই পেৰানয়ড প্রৱণতাৰ কবলত পৰে। আনহাতে স্বার্থান্ধ চতুৰ ৰাজনীতিকে মনঃপীড়াগ্রস্ত মানুহৰ মানসিক অৱস্থাৰ সুযোগ লৈ কৃত্রিমভাৱেও কেতিয়াবা ভ্রমাত্মক ধাৰণা প্ৰচাৰ কৰে অথবা ইতিমধ্যে উদ্‌গমন ঘটা বিভ্রান্তিক দৃঢ় আৰু স্থায়ী কৰিবলৈ যত্ন কৰে। আচল কথা কি জানা? সামাজিক-ৰাজনৈতিক পৰিমণ্ডল অসুস্থ হ’লে সমূহীয়া মানসত পেৰানইয়াৰ দৰে মানসিক অস্বাভাৱিকতাৰ অংকুৰণ সহজ হৈ পৰে। এই প্ৰসংগত এটা অতিশয় দৰকাৰী কথা তোমাক জনাই থওঁ : সংখ্যালঘুৰ উপৰি নাৰী আৰু দলিতৰ দৰে প্ৰান্তিকায়িত সম্প্রদায়ৰো “Victimization” দীৰ্ঘ আৰু তিক্ত অভিজ্ঞতা থাকে—যাৰ ফলত তেওঁলোকৰ মনোৰাজ্যত নির্যাতনমূলক বিভ্ৰান্তিৰ সূচনাৰ বাবে এক উৰ্বৰ ক্ষেত্ৰ প্রস্তুত থাকে। তোমাৰ নাৰীবাদী মনটো কিঞ্চিৎ ক্ষোভিত হৈছে নেকি? সম্ভাৱ্য নিন্দাৰ পৰা নিষ্কৃতি পাবলৈ তোমাক জনাই থওঁ : নাৰী নিৰ্যাতনৰ বাস্তৱতাক অস্বীকাৰ কৰাৰ প্ৰশ্নই নুঠে। কেৱল কোনো ক্ষেত্ৰত নিৰ্যাতনৰ বৃত্তান্তত অতিৰঞ্জন বা ব্যাখ্যাত একদেশদর্শিতাই প্ৰভাৱ পেলাব পাৰে। ইয়াৰ বাবে মূলতঃ জগৰীয়া অভিজ্ঞতাৰ তিক্ততা তথা পুৰুষতন্ত্ৰৰ নিৰ্বিবেক পীড়নমূলক চৰিত্ৰ।

কেৱল সংখ্যালঘু বা অন্য প্রান্তিকায়িত লোকসমষ্টিৰ প্ৰসংগত আমাৰ আলোচনা সীমিত ৰাখিলে তুমি যৌথ পেৰানইয়াৰ এটা গুৰুত্বপূৰ্ণ দিশৰ পৰিচয় পোৱাৰ পৰা বঞ্চিত হ’বা। প্রথমেই তোমাক জনাই থওঁ, সংখ্যাগুৰুৰ মন-মেজাজো পেৰানইয়াৰ কবলত পৰে। ব্যতিক্রমী চিন্তা-সাহসেৰে ব্যক্ত কৰা বিদ্বান প্রফুল্ল দত্ত গোস্বামীৰ আত্মজীৱনীমূলক গ্রন্থ “মনৰ পখী উভতি উৰে”-ৰ পৰা এটা উক্তি উদ্ধাৰ কৰিলে তুমি এই বিষয়ে কিছু ধাৰণা কৰিব পাৰিবা। গোস্বামীদেৱে লিখিছে, “পেৰানইয়া ব্যক্তিগত বিকাৰ নহৈ জাতিগতও হ’ব পাৰে। অসমীয়া মানুহে বিশেষ এক গোষ্ঠীৰ মানুহক সদায় বেয়া পাই আহিছে সিও এই বিকাৰৰে লক্ষণ। দুৰ্বলতা ঘাইকৈ আমাৰ নিজৰ, কিন্তু আমি জগৰীয়া কৰোঁ লোকক” (পৃঃ ১২৬)। গোস্বামী কথিত পেৰানইয়াৰ ঐতিহাসিক-সামাজিক উৎস বিচৰাৰ কামফেৰা বর্তমান আলোচনাত সম্ভৱ নহয়। সি প্রাসংগিকো নহ’ব। পিছে উল্লেখনীয় বিষয় হ’ল, পেৰানইড প্রৱণতা কম-বেছি পৰিমাণে প্ৰতিৰোধধৰ্মী জাতীয়তাবাদত থাকেই বুলি ক’লে বোধহয় অত্যুক্তি নহ’ব। কিছুমান জাতীয়তাবাদীয়ে ভাবে, তেওঁলোকৰ সমাজ-সংস্কৃতিক উছন কৰাৰ গভীৰ অভিসন্ধি চলিছে অহৰহ। এয়া জানো‌ নিৰ্যাতনমূলক বিভ্রান্তিৰ (Persecutory delusion) নমুনা নহয়‌? অন্য এচামে ভাবে, তেওঁলোকৰ ঐতিহ্য, ভাষা-সংস্কৃতি বা সমাজ প্রণালীৰ ঈৰ্ষণীয় উৎকৰ্ষৰ কাৰণে তেওঁলোক আনৰ বিৰাগ-বিদ্বেষৰ লক্ষ্য হৈ পৰিছে। এয়া আত্মগৌৰৱমূলক বিভ্রান্তিৰ (Grandiose delusion / megalomania) লক্ষণ।

তুমি ধৈর্যসহকাৰে ফঁহিয়াই চালে দেখিবা যে কেতবোৰ সমূহীয়া ভ্রমাত্মক বিশ্বাসৰ উদ্ভৱ বা তাৰ দ্রুত প্রসাৰৰ লগত প্ৰচাৰৰ সাফল্য জড়িত। হিটলাৰ আমোলত “আমাৰ চৌদিশে শত্রু” বা “প্রতিৱেশী ৰাষ্ট্রই আমক আক্রমণ কৰিব”—এনেধৰণৰ প্রচাৰৰ দ্বাৰা “জনচৈতন্যক ভয়াবিষ্ট আৰু নিস্তেজিত কৰি তোলা হৈছিল” (ধীৰেন্দ্রনাথ গংগোপাধ্যায়, পূর্বোক্ত গ্রন্থ, পৃঃ৮৫)। কেতিয়াবা আকৌ কোৱা হয়, শীঘ্ৰে সংখ্যাগুৰুৰ অর্থনৈতিক অধিকাৰ, সামাজিক নিৰাপত্তা আৰু ৰাজনৈতিক ক্ষমতা ধূলিসাৎ হ’ব, কিয়নো, সংখ্যালঘু সংখ্যাগুৰু হোৱাৰ দিন সমাগত। এইধৰণৰ বিভ্ৰান্তিবোৰ হয় ভিত্তিহীন, নহয় ই বাস্তৱৰ খণ্ডিত অথবা অতিৰঞ্জিত ৰূপ। সচৰাচৰ ৰাজনীতিৰ সৈতে যুক্ত এই ভ্রমাত্মক বিশ্বাসবোৰ—অন্ততঃ আংশিকভাৱে—কৃত্ৰিম। দীৰ্ঘকালৰ বঞ্চনা-পীড়নে জন্ম নিয়া পেৰানইয়াৰ লগত এইবোৰৰ বৈসাদৃশ্য নথকা নহয়। একাংশ মিডিয়াৰ সযত্ন প্ৰতিপালনৰ ফলত এইবিধ সমূহীয়া পেৰানইয়াই জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা লাভ কৰে।

নিজেই টং কৰিব পাৰিছোঁ, পত্ৰালোচনাৰ মোখনি মৰাৰ সময় আহি পৰিছে। লিখি লিখি বাৰুকৈ আমনি লাগিছে, অলপ ভাগৰো লাগিছে। বাৰে বাৰে মনলৈ এটা প্ৰশ্ন আহিছে—এতিয়া বাৰ্ধক্যৰ অৱসৰ যথাসম্ভৱ উপভোগ কৰাৰ কাল, মনস্তত্ত্বৰ অলিয়ে-গলিয়ে ঘূৰা-ঘূৰি কৰি মানুহৰ মনৰ অন্দৰ মহলত ভুমুকি মৰাৰ দৰকাৰ কি? তোমাৰ অনুৰোধ পেলাব নোৱাৰি, নিজৰ সামৰ্থ্য অনুযায়ী পেৰানইয়া সম্বন্ধে কিছু খবৰ তোমাক দিলোঁ। তুমি সন্তুষ্ট হৈছা নে নাই নাজানো।

সন্তুষ্ট নহ’লেও উপায় নাই। যাৰ ওদামত যিমান বস্তু মজুত থাকে তেওঁ সিমানেই যোগান ধৰিব পাৰিব! পিছে “সমাপ্তি” বুলি স্বস্তিৰে ঘোষণা কৰাৰ পূৰ্বে এটা বিষয়ত তোমাক সতৰ্ক কৰি নিদিলে দায়িত্বহীনতাৰ পৰিচয় দিয়া হ’ব। কথাটো হ’ল, কাৰোবাৰ আচৰণ কথা-বতৰাত সন্দেহৰ অলপ গোন্ধ পালেই পেৰানইয়াগ্ৰস্ত ৰোগী বুলি তেওঁৰ পিঠিত লেবেল মাৰি নিদিবা। মনস্তাত্ত্বিকসকলে কয়, ভয় আৰু উদ্বেগৰ দৰে আপাতদৃষ্টিত এশ শতাংশ নেতিবাচক যেন লগা আৱেগৰ প্ৰয়োজন একেবাৰে নোহোৱা নহয় (D. Evans, Emotion. P.57,115)। সন্দেহ-সংশয়ৰ বিষয়েও তুমি একেধৰণৰ বক্তব্য পঢ়িবলৈ পাবা। কুটিলনা সহকৰ্মীৰ ষড়যন্ত্র বা বেপাৰীৰ প্রৱঞ্চনা কোনো নাভূত-নাশ্রুত ঘটনা নহয়। পুঁজিপতিসকলৰ কুন্ধচ আভ্যন্তৰীণ প্রতিযোগিতাৰ কথাতো সর্বজনবিদিত। চাকৰিৰ বজাৰ সংকুচিত হোৱাৰ কাৰণে প্রতিদ্বন্দ্বীৰ সংখ্যাও দিনক দিনে বাঢ়ি গৈছে। তদুপৰি এচাম ক্ষমতালিপ্সু ৰাজনীতিকৰ উগ্ৰ প্ৰচাৰ আৰু গোপন এজেণ্ডা সম্প্রতি এক বহুচৰ্চিত বিষয় হৈ পৰিছে। এনে এক জটিল অৱস্থাত সংবেদনশীল আৰু সাৱধানী মানুহৰ মনত সন্দেহৰ সংযত প্রকাশ মাজে-সময়ে দেখা যাব পাৰে। এই সমস্ত কথা চিন্তা কৰি পত্ৰালোচনাৰ অন্তিম পৰিচ্ছেদত সতৰ্কীকৰণ হিচাপে আমাৰ অসমৰ এগৰাকী মনোবিদৰ লেখাৰ পৰা সংগ্ৰহ কৰি দুটামান বাক্য তোমালৈ পঠিয়াব বিচাৰিছোঁ : “সন্দেহী হোৱাৰ উপযোগিতাও আছে। … সেয়ে সকলো সন্দেহ ভাবকে উৎপীড়ন বিভ্রান্তি বা স্ব-সন্দর্ভ বিভ্রান্তি বুলি ক’ব নোৱাৰি। যেতিয়া মানুহজনৰ সন্দেহ ভাবে এনে এক প্রচণ্ড ৰূপ লয়হি যে কোনো যুক্তি আৰু প্ৰমাণেৰে তেওঁৰ সন্দেহ দূৰ কৰিব নোৱাৰি আৰু তেওঁ উদ্ভট যুক্তিৰে নিজৰ সন্দেহ যুক্তিসংগত বুলি ক’বলৈ ধৰে, তেতিয়াহে আমি তাক বিভ্রম বুলি ক’ম (পংকজলোচন শর্মা, স্কিজ’ফ্রেনিয়া, পৃ: ৪৪)। সতর্ক সুস্থ মানুহকো তুমি সন্দেহবাতিকগ্রস্ত বুলি সন্দেহ কৰিব পাৰা—এই সন্দেহ মনত ওপজাৰ কাৰণেহে সতৰ্কীকৰণেৰে পত্রালোচনা সামৰিলোঁ।

ব্যৱহৃত গ্ৰন্থৰ বিশদ তালিকা

  1. C. Coleman, Abnormal Psychology and Modern-Life, Bombay, 1974
  2. Freeman J. Freeman, Paranoia : The 21st Century Fear, Oxford, 2008
  3. Finth / E. Johnstone, Schizophrneia : A very Short Introduction, Oxford, 2003
  4. Freeman / J. Freeman, Anxiety : A very Short Introduction, Oxford, 2012
  5. Porter, Modern : A Brief History, Oxford, 2013
  6. G S. Blum, Psychodynamics: The Science of Unconscious Mental Forces, New Delhi, 1969
  7. Russell, The Conquest of Happines, London, 1975
  8. Evans, Emotion: The Science of Sentiment, Oxford, 2001
  9. Lorenz, Civilized Men’s Eight Deadly Sins, London, 1974
  10. Alder, Understanding Human Nature, London, 1946
  11. Amold, Colonizing the Body : State Medicine and Epidemic Discase in Nineteenth Century India, New Delhi, 1983
  12. Tumbe, The Age of Pandemics : 1817-1920 : How They Shaped India and the World, Noida, 2020
  13. Drever, A Dictionary of Psychology, Harmondsworth, 1973
  14. V. Petrovsky / M. G Yoroshevskyed, A Concise Psychological Dictionary: Moscow, 1987.
  15. বাসুদেৱ মুখার্জী, মনোবিদ্যাৰ অভিধান, কলকাতা, ২০১১
  16. ধীৰেন্দ্ৰনাথ গংগোপাধ্যায়, পাভলভ পৰিচিতি, (তৃতীয় খণ্ড), কলকাতা, ১৯৭৬
  17. অমৰেন্দ্ৰ বসু, মনোবিজ্ঞান ও আমৰা, কলকাতা, ১৯৯৯
  18. ধীৰেন্দ্ৰনাথ নন্দী, মনেৰ বিকাৰ ও প্রতিকাৰ, কলকাতা, ১৪০০ বংগাব্দ
  19. দীপেশ চক্রবর্তী, ইতিহাসেৰ জনজীবন ও অন্যান্য প্রবন্ধ, কলকাতা ২০১১ পংকজলোচন শর্মা, মনোৰোগ পৰিচিতি, গুৱাহাটী, ১৯৯৮‌
  20. পংকজলোচন শর্মা, স্কিজ’ফ্রেনিয়া, গুৱাহাটী, ২০১৪
  21. প্রফুল্লদত্ত গোস্বামী, মনৰ পখী উভতি উবে, গুৱাহাটী, ১৯৯৮

(পূৰ্বে প্রকাশিত এই গুৰুত্ত্বপূৰ্ণ প্রবন্ধটি লেখকৰ অনুমতি লৈ পুনৰ্প্রকাশ কৰা হ’ল)

Leave a Reply

Your email address will not be published. Required fields are marked *