পেছাদাৰী চৰিত্ৰ- (আশ্ৰাফুল হুছেইন)
ইটো-সিটো কাম-কাজত চৰকাৰী কাৰ্যালয়লৈ প্ৰায় সকলোৰে মাজে-সময়ে যাবলগীয়া হৈ থাকে নিশ্চয়। সঞ্চালকালয়, কোষাগাৰ, আয়ুক্ত-উপায়ুক্তৰ কাৰ্যালয়, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, থানা, ডাকঘৰ, বেংক ইত্যাদি ৰাজহুৱা খণ্ডৰ কাৰ্যালয়লৈ আমিও কেতিয়াবা অহা-যোৱা কৰোঁ যদিও একাংশ বিষয়া-কৰ্মচাৰীৰ ভাষা-ব্যৱহাৰ আৰু কাম-কাজৰপৰা চৰম বিতৃষ্ণা জাগে। কেতিয়াবা ভাব হয় – প্ৰতিজন কৰ্মচাৰীৰ গাত থাকিবলগীয়া পেছাদাৰী চৰিত্ৰৰ তিলমানো লেখ নথকা কৰ্মচাৰীৰে যেন ৰাজহুৱা খণ্ডৰ কাৰ্যালয় ভৰি আছে, এওঁলোকক শুধৰাবলৈ কোনো টুলছ বা কণ্ট্ৰ’ল চৰকাৰৰ হাতত নাই নেকি? নিশ্চয় আছে কিজানি, কিন্তু সৎ ব্যাৱহাৰ আৰু চৰকাৰী যন্ত্ৰৰ কাৰ্যক্ষম কাৰ্যব্যৱস্থাৰহে অভাৱ। অৱশ্যে পেছাদাৰী চৰিত্ৰটো কৰ্মচাৰী বা আমোলাজনে নিজে নিজেই গ্ৰহণ কৰাটো খুবেই দৰকাৰী।
মানুহ এজন কাৰ্যালয় এটালৈ কিবা কাম লৈ গ’ল, কামটোৰ বিষয়ে তেখেতে ভালদৰে নাজানে বাবেই বুজাই ক’ব লাগে, এবাৰ এজনে বুজাই ক’লে – অমুকৰপৰা ফৰ্ম লওক, ফিল-আপ কৰক, অমুকৰ-অমুকৰপৰা চহী-এপ্ৰোভেল আনি অমুকৰ হাতত জমা দিয়ক। বাৰু জমা দিলে যেনিবা। জমা দিয়াৰ সময়ত কৈ দিলে, ১৫ দিনমান পাছত খবৰ ল’ব। অৱশ্যেই ১৬ নং দিনটো তৃতীয় শনিবাৰ, ১৭ নং দিনটো দেওবাৰ আৰু ১৮ আৰু ১৯ নং দিনটো সেইজন ব্যক্তি যিজনৰ ওচৰত তেওঁৰ কামটো আছে তেখেতে আগতীয়াকৈ ছুটী লৈ লৈছে। মানুহজন অৰ্থাৎ কাৰ্যালয়খনৰ মক্কেলজন আহি ১৮ নং দিনত ওলালহি, মোৰ এনেকুৱা কাম এটা আছিল… নাই নাই, মানুহজন ছুটীত আছে, দুদিনমান পাছত আহিব!! ন্যূনতম সৌজন্যবোধ প্ৰদৰ্শন কৰি বহক, ৰ’ব, মই চাই আছোঁ, এনে-এনে কথা যে মানুহজন বিশেষ কাৰণত ছুটীত আছে – গতিকে আপোনাৰ অসুবিধাৰ বাবে আমাৰ কাৰ্যালয় দোষৰ ভাগী, গতিকে বেয়া নাপাব, অমুক দিনা আহক, আপোনালৈ আমি নিশ্চিত সেৱা আগ বঢ়াব পাৰিম বুলি কোৱা মানুহ চৰকাৰী কাৰ্যালয়ত পাবলৈ খুবেই টান । দুদিনমান পাছত আহিল আকৌ, নিৰ্দিষ্ট মানুহজনৰ কাষত, কামটোতো হোৱা নাই, মক্কেলজন সন্মুখত আহি থিয় হোৱাতে মুখখন ক’লা-মলা কৰি – নাই নাই, কামটো হোৱা নাই, অহা শুক্ৰবাৰে দুপৰীয়াৰ পাছত আহক। শুক্ৰবাৰে আহিলে চেক এখন লৈ গ’ল, চৰকাৰী কিবা স্বাস্থ্য আঁচনিৰ হাজাৰ ডেৰমান টকা, শুক্ৰবাৰৰ পাছৰ দিন চতুৰ্থ শনিবাৰ বেংক বন্ধ, সোমবাৰলৈ বাট চাব লাগিল…!!
চিকিৎসকসকলক প্ৰায় সকলোৱেই ভগৱানৰ দৰে চায়। ৰোগীয়ে চিকিৎসকৰ ওচৰলৈ গ’লে কেতিয়াবা চিকিৎসকজনৰ আচাৰ-ব্যৱহাৰ আৰু ৰোগীজনক পৰিত্ৰাণৰ উপায় হিচাপে কোৱা দুই-চাৰিটা কথাই যেন বহু বেমাৰ নিমিষতে ভাল কৰি দিয়ে। কিন্তু একেটা সময়তে একাংশ চিকিৎসকৰ চকুৰ আগতে ৰোগীৰ প্ৰতি দেখা গুৰুত্বহীন তথা অনীহা ভাবে আমাক ব্যথিত কৰে, অন্যহাতে একাংশ চিকিৎসকে দুৰ্বল শ্ৰেণীৰ তথা অশিক্ষিত ৰোগী বা অন্যসকলৰ সৈতেও কেতিয়াবা কৰা ব্যৱহাৰে আমাক এখন্তেক ভাবিবলৈ বাধ্য কৰায় – ক’ত এইজন ভগৱান, এওঁ দেখোন জানোৱাৰ এটাহে, মাথোঁ হাতত এটা ডিগ্ৰী আছে।
পুলিচ, থানা, দাৰোগা! বহুতে এইবোৰৰ কথা চৰ্চালৈ আনিলেই এক বিশেষ ধাৰণা কৰি লয়, সেই ধাৰণাটো মুঠেই ধনাত্মক নহয়। কিন্তু আমি ব্যক্তিগতভাৱে এইবোৰক অলপ অন্যধৰণে চাওঁ। পুলিচে দিনে-ৰাতি একাকাৰ কৰি ৰ’দে-বৰষুণে জ্বলি-তিতি কৰা কৰ্তব্যক যথেষ্ট সন্মানসহকাৰে চাওঁ। ট্ৰেফিক পইণ্টত থিয় হৈ থকা পুলিচ বেচেৰাটোৰ জ্বলি যোৱা ছাললৈ চালে তেওঁলোকৰ প্ৰতি থকা সন্মান দুগুণ বাঢ়ি যায়। একেটা সময়তে পুলিচৰ একাংশ কৰ্মকাণ্ড যিবোৰ নিজ চকুৰে প্ৰত্যক্ষ কৰিছোঁ সেইবোৰলৈ মনত পৰিলে তীব্ৰ ঘৃণাও জন্মে। বিপদত পৰা মানুহজন নতুবা ন্যায় বিচাৰি অহাজনৰপৰা কিদৰে অবৈধভাৱে ধন সংগ্ৰহ কৰে আপুনি শুনিলে কেৱল আচৰিতেই নহয়, আক্ৰমণাত্মকো হৈ পৰিব পাৰে। এইবোৰৰপৰা মুক্তি কেনেকৈ?
এবাৰ ষ্টেট বেংকৰ বয়সিয়াল মহিলা কৰ্মচাৰী এগৰাকীৰ কাউণ্টাৰত মোৰ কাম পৰিল, ফৰ্ম এখন পূৰণ কৰিছোঁ, দুটামান ভুল আছে, মানে বাদ পৰি আছে লিখিবলৈ। এইটোৰ বাবে বাপৰে কি ব্যৱহাৰ, মই আচৰিত হৈ পৰিলোঁ। মই সেৱাটো প্ৰাপ্ত কৰাৰ বাবে পইচা জমা কৰিব লাগে, ভাবিছোঁ খুজিলে দিম, ঠিকেই খুজিলে মহিলাগৰাকীয়ে! কিন্তু এনেকুৱা সুৰত পইচাখিনি খুজিলে যে মোৰ ভাব হ’ল, ডকাইতে পইচা দাবী কৰিলেও ইয়াতকৈ ভালদৰে খুজিলেহেঁতেন কিজানি!! মই জানো, এয়া ষ্টেট বেংক বাবে, আই চি আই চি আই, এক্সিছ আদি বেংকত এনে কৰিব নোৱাৰে (সেইবুলি এই বেংকসমূহক ভাল বেংক বোলা নাই কিন্তু)। একেটা সময়তে ভাল আচাৰ-ব্যৱহাৰৰ কৰ্মচাৰীও ৰাজহুৱা খণ্ডত বহুত দেখা পাইছোঁ। অন্যহাতে, আমাৰ প্ৰজন্ম অৰ্থাৎ নৱপ্ৰজন্মৰ বহু যুৱক-যুৱতী যিসকলৰ গাত চৰ্চিত বদনামী হাৱা এতিয়ালৈ লগা নাই তেওঁলোকে আশাপ্ৰদভাৱে মক্কেলক সেৱা আগ বঢ়োৱা পৰিলক্ষিত হয়। আমি আশাবাদী, চৰকাৰী আমোলা-কৰ্মচাৰীৰ গাত লাগি থকা অকটা দুৰ্গন্ধী চৰ্চিত বদনামফেৰা নৱপ্ৰজন্মৰ প্ৰতিভাৱান আমোলা-কৰ্মচাৰীসকলে দূৰ কৰিব।