বিহংগম দৃষ্টি আৰু ক্ল’জআপ ।। কিশোৰ শৰ্মা
বহু খলপীয়া শ্ৰেণীবিভক্ত সমাজখনত আমাৰ সপোনৰ চহৰখন মাথোঁ এমুঠিমান মানুহৰ কাৰণে ।। মুক্ত চিন্তা, দশম বছৰ, তৃতীয় সংখ্যা, নভেম্বৰ, ২০২৪ ।।
ये दाग़ दाग़ उजाला, ये शबगज़ीदा सहर
वो इन्तज़ार था जिस का, ये वो सहर तो नहीं
-फ़ैज़ अहमद फ़ैज़
এই চহৰখন আমাৰ বাবে আছিল সপোনৰ দৰে। ওখ ওখ অট্টালিকা, মসৃণ পথ, বিশাল হোটেল, চিনেমা, নাটক বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ বাবে বিভিন্ন প্ৰেক্ষাগৃহ, কিতাপৰ দোকান, পাৰ্ক, বিশাল ব্ৰহ্মপুত্ৰ, মুকলিকৈ যিকোনো খাদ্য গ্ৰহণ কৰিব পৰাকৈ ডাঙৰ ডাঙৰ ৰেষ্টুৰা, শ্বপিং ম’ল, হোটেল, সুৰা, সুৰাৰ বাৰ, ডিস্ক’, বিলাসী গাড়ী, চিটি বাছৰ সেৱা, অট’ৰিক্সা, সকলো সুবিধা দিব পৰাকৈ ডাঙৰ ডাঙৰ চিকিৎসালয়, আধুনিক সকলো শিক্ষা গ্ৰহণ কৰিব পৰা ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান। এইবোৰ হাততে ঢুকি পোৱা আনন্দই আমাৰ মন উদ্বাউল কৰিছিল। এইবোৰৰ উপৰিও আমাৰ ধাৰণা আছিল অতি সহজে এই চহৰে দিব জীৱিকাৰ উপায়। এই চহৰত উপস্থিত হোৱাৰ পিছত আমি দেখিলোঁ কি? বহু খলপীয়া শ্ৰেণীবিভক্ত সমাজখনত আমাৰ সপোনৰ চহৰখন মাথোঁ এমুঠিমান মানুহৰ কাৰণে। আৰু এমুঠি মানুহৰ নাই মূৰৰ ওপৰত এখন চালি, নাই খাবলৈ এমুঠি আহাৰ। খাদ্য, বাসস্থানৰ অভাৱত বা হীনমন্যতাত ভুগি কিছু মানুহে অপৰাধৰ জগতত ভৰি থৈছে। এফালে পুঁজিবাদী ব্যৱস্থাই যোগান ধৰা বিলাসী জীৱন, আনফালে সীমাহীন দৰিদ্ৰতা। ইয়াৰ টনাটনিত মানুহ অস্থিৰ। এই অসমতা কি মোৰ ওচৰৰ চহৰখনতেই নে বিশ্বব্যাপী একেই ঘটনা। বিভিন্ন মাধ্যমৰ সহায়ত বিশ্বৰ বিভিন্ন চুক কোণ পৰ্যবেক্ষণত ধৰা পৰে একেই অসমতা। এই চহৰৰ এই মুহূৰ্তবোৰৰ লগত আন এটা মাধ্যমত আন এখন ঠাইত আন এজন মানুহে কৰা কামৰ লগত যোগসূত্ৰ আছে। গতিকে মোৰ এই প্ৰয়াস একেবাৰে নতুন বুলি দাবী কৰাৰ থল নাই। কেৱল যন্ত্ৰণাবোৰ মোৰ ধৰণে উপস্থাপন কৰা হৈছে।

(ইৰাণৰ মাজিদ মাজিদিৰ এখন চলচ্চিত্ৰৰ নাম)

(চৗদি আৰবৰ হাইফা অল মনচুৰৰ এখন চলচ্চিত্ৰৰ নাম)

(ভাৰতৰ এম. গণিৰ এখন চলচ্চিত্ৰৰ নাম)


(ভূপেন হাজৰিকাৰ এটা গানৰ কলি)

(বব ডিলানৰ এটা গানৰ কলি)


(সুমনৰ এটা গানৰ কলি)

(সুমনৰ এটা গানৰ কলি)