অনুবাদকবিতা

পৰীৰ‌ ৰাজ্য ।। মূল হিন্দী : সঞ্জয় কুন্দন; অনুবাদ : পল্লৱ হাজৰিকা

এই যে প্ৰাইভেট স্কুলবোৰ
হোটেলৰ দৰে অট্টালিকা সদৃশ
শিক্ষাৰ মন্দিৰ বুলি কোৱা হয়

ইয়াত কোনো ভেদাভেদ নাই
প্ৰৱেশ বৰ্জিত নহয় তোমাৰ নিচিনা জনৰো
আন কোনো মন্দিৰৰ দৰেই

কিন্তু ইয়াৰ শকত দক্ষিণা আৰু ঐশ্চৰ্যই
তোমাক লবেজান কৰি দিয়ে
পুতি দিয়ে তোমাক মাটিৰ আৰু গভীৰলৈ
তুমি সেই ল’ৰা-ছোৱালীহঁতৰ লগ হ’ব নোৱাৰা

মাত্ৰ দূৰৰ পৰাই চাব পাৰা
বিশালকায় গেট, কাৰ-বাচৰ শাৰী,
চিকচিকিয়া পোচাক, সুন্দৰ বেগ,
ৰঙীন টিফিন বক্স আৰু পানীৰ বটল,
খেলা-ধূলা, বাদ্য-বাজনা, নাচ-গান
আৰু পৰিস্কাৰ চেহেৰা

এয়া এখন পৰীৰ ৰাজ্য তোমাৰ বাবে

পিছে চিন্তা নকৰিবা
চৰকাৰ তোমাৰ লগত আছে
তেওঁ তোমাক এই পৰীলোকলৈ নিশ্চয় পঠিয়াব
তোমাক ইয়াৰ লায়ক কৰিহে এৰিব তেওঁ
যাতে ডাঙৰ হৈ তুমি তাৰ দাৰোৱান হ’ব পাৰা
নাইবা বজাব পাৰা ঘণ্টা।

Leave a Reply

Your email address will not be published. Required fields are marked *