পৰিচয় (জয়শ্ৰী বৰা)
:মানু মোৰ টিফিন ৰেডি হ’লনে? দে দে জলদি দে, চেহ আজিও দেৰি হ’ল!
দৌৰি দৌৰি গৈ গেটৰ মুখত ককায়েকক টিফিনটো দিলেগৈ তাই। তাই দিয়েগৈ মানে ককায়েকে বাইক ষ্টার্ট দিলেই।
:দাদা, ব্ৰেকফাষ্ট ৰেডি আছিল টেবুলতে।
:নাই নাই দেৰি হৈছে মোৰ, আজি লেট হ’ব লাগিলে শেষেই আৰু। কৈয়েই বাইক ষ্টাৰ্ট দি উৰি যোৱাদি গ’ল ককায়েক।
:ছেঃ আজিও একো খাই নগ’ল মানে..
স্বগতোক্তি কৰি গেটখন বন্ধ কৰি ভিতৰ সোমায়েই দেখে ভনীয়েক মুনুও অফিচলৈ বুলি ওলাই আহিছে।
:অ’ বা, তোৰ নতুন ঘড়ীটো দেনা, তইতো ক’লৈকো নাযাৱ। ঘৰতে আলমাৰিত কণী পাৰি পাৰি বেটেৰী ডাউন হৈ হে যাব।
:দি আছো..ৰুটি ভাজি বনাই টেবুলতে সজাই থোৱা আছে। খাই ল যা।
ভনীয়েকে সাৱটি ধৰে মৰমতে তাইক।
পুৱা পাঁচমান বজাতেই বিছনা এৰাৰ পৰাই মানুৰ সময়বোৰ ৰথৰ চকৰি ঘূৰাদি ঘূৰে। বিছনা এৰিয়েই পেপাৰখন আনি দেউতাকৰ বিছনাৰ কাষত থয় তাই। ঘৰখন সাৰি মুচি আজৰি হয় মানে মাকে সেই সময়খিনিতেই শোৱাপাটি এৰে। গোঁসাই ঘৰত চাকি ধূনা জ্বলাই গোটেই ৰুম কেইটাৰ খিৰিকী খুলি দি ধূনা ফুৰাওঁতেই তাইৰ ধুনাৰ গোন্ধত ভনীয়েক আৰু ককায়েকেও বিতৃষ্ণাৰে বিছনা এৰে।
:মানু, তই মানে আমাক শান্তিৰে শুবলৈ নিদিয় ন’! দিনডালতো কাম নায়েই তোৰ, শুইহে থাকিবি। আমাকতো কমছে কম পুৱাটো শুবলৈ দিবি!
একেলগে পুৱাৰ চাহকাপ সকলোৱে বহি খাই মানে তাই ৰাতিপুৱাৰ খাদ্য তৈয়াৰ কৰে। মাকে মন কৰি থাকে এই সকলোবোৰৰ মাজত মানুৰ চাহকাপ প্ৰায়েই ঠাণ্ডা হৈ যায়। বাতবিষে কোঙা কৰি পেলোৱা মানুহজনীয়ে ইচ্ছা থাকিও তাইক সহায় কৰিব নোৱাৰে। অন্তৰে কান্দে তেওঁৰ, হাজাৰ হ’লেও মাকৰ মনহে।
:মানু, তই ইমান কিয় লোকৰ চিন্তা কৰ অ’! তাৰ মাজতে নিজৰ কথাও ভাবিবিচোন। মুনুক তয়েই লাই দি দি নষ্ট কৰিলি। এঘৰলৈ উলিয়াই দিলে দুদিনতে থৈ যাবহি।
:হ’ব দিয়া মা, সকলো শিকি যাব তেতিয়া, এতিয়া থাককচোন তাই মৰমৰ মাজতেই। আৰু থৈ গ’লেও মই আছোঁ নহয়। ওৰে জীৱন একেলগে কটাম আমি বাই ভনীয়ে।
:কিয়, তোক জানো ঘৰতে ৰাখি থ’ম আমি?
:তোমালোকক এৰি ক’লৈকো নাযাওঁ দেই মই।
মাকে বুজি পাই তাইৰ মানসিক অন্তৰ্দ্বন্দ্বৰ কথাবোৰ। কাপোৰৰ দোকানখনেৰে সুন্দৰকৈ চলি থকা পাঁচজনীয়া পৰিয়ালটোলৈ হঠাতে কাল ধুমুহা নামি আহিছিল। দোকানত জুই লাগি ৰাতিটোৰ ভিতৰতে চাৰখাৰ হৈ গৈছিল সকলো। দোকানৰ ইন্সুৰেইন্সৰ ম্যাদ প্ৰায় দুদিন আগতে শেষ হৈছিল। মানুহজনৰ সামান্য অমনোযোগিতাই ঘৰখনলৈ অমানিশা মাতি আনিছিল। সেই আকস্মিক দুর্ঘটনাৰ চাপ সহিব নোৱাৰি অহা প্ৰেচাৰ ষ্ট্ৰ’কটোৱে মানুহজনক চিৰকাললৈ শয্যাশায়ী কৰি তুলিলে। দেউতাকৰ লগত সাঁচতীয়া প্ৰায় সকলোবোৰেই শেষ হৈ গ’ল সিহঁতৰ। দেউতাকৰ সেই সময়খিনিত তাই কলেজৰ মাচুল বিচাৰি আৰু হাৰাশাস্তি নকৰিলে মাকক। পঢ়িবলৈ মন নাই বুলি ককায়েক আৰু ভনীয়েকক পঢ়াৰ পথ অলপ হ’লেও সুচল কৰি দিলে তাই। কাৰণ তাই বুজি পায় সেই সময়ত MBA কৰি থকা ককায়েকৰ পঢ়াটো তাইতকৈ বেছি দৰকাৰী, ঘৰখনৰ আশাৰ মণি সি। মাকে জোৰ কৰিছিল, পঢ়চোন মানু, দুটাক পাৰিছোঁ যেতিয়া তিনটাকো পাৰিম। নাই, তাই মন নাই বুলিয়েই পঢ়া বাদ দিলে।
সময় সলনি হ’ল। সলনি হ’ল ঘৰখনৰ পৰিৱেশ। এসময়ত দৰিদ্ৰতাৰ এককাল বানে হঠাতে বুৰাই পেলোৱা ঘৰখন আজি বানে পলশ এৰা মাটিৰ খেতি দৰাৰ দৰেই স্বচ্ছল। মানুৰ ককায়েক প্ৰীতম আজি এটা ভাল মাল্টি নেচনেল কোম্পানীৰ ৰিজনেল মেনেজাৰ আৰু ভনীয়েকে নতুনকৈ বেংকত প্ৰবেচনাৰী অফিচাৰ হিচাপে জইন কৰিছে। কিন্তু এই সকলোবোৰৰ মাজত যেন একে ঠাইতেই ৰৈ গ’ল মানুৰ জীৱন। আক্ষেপ নাথকিলেও তাইৰ আধৰুৱা শিক্ষাৰ বাবে বাৰে বাৰে যেতিয়া বিয়াৰ বজাৰখনত তাই উপেক্ষিত হয় তেতিয়া ককায়েক আৰু ভনীয়েকৰ তাচ্ছিল্য ভৰা কথাবোৰে তাইক মৃত্যুসম যন্ত্ৰণা দি যায়। ভাগি পৰা মানুক সকলো সময়তে আৱৰি ৰাখিছে তাইৰ মাকে। মানুহজনীয়ে বুজি পায় যে তেওঁৰ অৱৰ্তমানত মানুৰ ভৱিষ্যত বৰ সুৰক্ষিত নহয়। উপায় বিচাৰে তেওঁ মানুক এটা নৱজীৱন দিবলৈ, সমস্ত নোপোৱাবোৰ আঁতৰাই একাঁজলি সুখৰে আচল ভৰাব খোজে তাইৰ। কিন্তু বিবাহেই জানো তাৰ সমাধান। এগালমান যৌতুকৰ বিনিময়ত মানুক যেনিবা গতালেই আজীৱন কাৰোবাৰ হাতত, কিন্তু সেই বস্তুবোৰে জানো নিশ্চিতি দিব পাৰিব মানুৰ মনে বিচৰা ধৰণে সুখময় জীৱন এটা। মাক হয় তেওঁ, বুজি পাই যে হাজাৰ কষ্ট পালেও মাকহঁতৰ কথা চিন্তা কৰিয়েই যিকোনো ধৰণৰ দুৰ্বিসহ যন্ত্ৰণা নিৰৱে আদৰি ল’ব তাই। নাই ইমান স্বাৰ্থপৰ হ’ব নোৱাৰে তেওঁ, মানুৱে যেতিয়ালৈকে নিবিচাৰে থাকক এনেকৈয়ে। মাত্ৰ তাইক স্বাৱলম্বী কৰিব লাগিব। ঘৰৰ চৰুটোকেই তাই সাৱটি ধৰি থাকিলে নহ’ব।
“…এণ্ড দা বেষ্ট কষ্টিউম ডিজাইনাৰ এৱাৰ্ড গ’জ টু মিছ মালিনী দুৱৰা।….”
হঠাৎ ষ্টেজত হোৱা ঘোষণাটোত সম্বিত ঘূৰি আহে মানুহগৰাকীৰ। অতসময় মানে তেওঁ অতীতৰ পৃথিৱীখনতেই ডুবি আছিল। “মা, মা” বুলি কাষতে বহি থকা মানুৱে সাৱটি ধৰে মাকক আৰু ষ্টেজলৈ বুলি ৰাওনা হয় তাই। পুৰস্কাৰ হাতত লৈ মানুৱে তাইৰ কৃতিত্বৰ সকলো অংশীদাৰ মাকক দিয়ে আৰু আৰম্ভ কৰে তাইৰ কৃতজ্ঞতাৰ একাষাৰ-
“মই মালিনী দুৱৰা ওৰফে মানু। আজি এই বঁটাটোৰ বাবে মই চিনেমাখনৰ সকলো কলা কুশলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যিগৰাকী মালিনী দুৱৰাক লগ পাইছে সেই গৰাকীক গৰ্ভত জন্ম দিয়াৰ লগতে পুনৰ জনমো দিছে তেওঁৰ মাতৃয়েই। হয়টো মায়ে মোৰ এই বিদ্যাটো চিনি নোপোৱা হ’লে আজি আপোনালোকৰ আগত মই থিয় হোৱাৰ সুযোগ কণ নাপালোঁহেঁতেন। এটা চিলাই মেচিন কিনি মায়ে মোক ঘৰতেই ইটো সিটো অৰ্ডাৰ ল’ব দিছিল। ঘৰখনত ভাল ভাল চাকৰিয়াল থকা কাৰণে তেনে সামান্য দোকান খনেৰে তেওঁলোকৰ সন্মান লাঘৱ হয় বুলি মই কৰিব খোজা নাছিলোঁঁ। কিন্তু মাৰ প্ৰচণ্ড জেদ আৰু জোৰত লাহে লাহে সেই কাম কৰিব লৈছিলোঁ। পেচা মোৰ নিচাত পৰিণত হৈছিল আৰু তাৰ পৰিণতিতেই আৰম্ভ হৈছিল ‘মা বুটিক’ নামৰ মোৰ ব্যৱসায় প্ৰতিষ্ঠানটো। এটা মাত্ৰ চিলাই মেচিনেৰে আৰম্ভ হোৱা মোৰ ব্যৱসায় আজি তিনিশ পৰিয়ালৰ উপাৰ্জনৰ থল। মই গৌৰৱ অনুভৱ কৰিছোঁ যে মই এই গৰাকী মাৰ সন্তান।”
আৰু বঁটা লৈ মঞ্চৰ পৰা নামি অহা মানুক দেখি গৌৰবত বুকু ফুলি উঠে মিছেছ আকাশী দুৱৰাৰ। কাৰণ এই বৰ্ষৰ শ্ৰেষ্ঠ কষ্টিওম ডিজাইনাৰ মালিনী দুৱৰাৰ মাতৃ ৰূপে পৰিচিত তেওঁ। উচ্চ শিক্ষাৰ গপত উফন্দি থকা পুত্ৰ প্ৰীতম আৰু বোৱাৰী মালালৈ মনত পৰে তেওঁৰ এইসময়ত। হয়তো সিও আজি তাৰ হাই প্ৰফাইল পত্নীৰ আগত নিজৰ ভনীয়েকৰ পৰিচয় দিব পাৰিব যি এসময়ত চিলাই দোকানী বুলি হাঁহিছিল তাইক।