অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

পৰিস্থিতিৰ সঠিক বিশ্লেষণেৰে নাৰী আন্দোলন বিকশাই তোলো আহক- (অঞ্জু বৰকটকী)

 কংগ্ৰেছৰ বিকল্পৰূপে ইতিমধ্যে কেন্দ্ৰত প্ৰতিষ্ঠা হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ। অসমতো কংগ্ৰেছৰ বিকল্প ৰূপত যোৱা নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি দল। কেন্দ্ৰত গাদী দখল কৰাৰ পিছত যোৱা সময়ছোৱাত বিজেপিৰ শাসনত আমি কি প্ৰত্যক্ষ কৰিছো? সামাজিক অসহিষ্ণুতা বৃদ্ধি পাইছে শংকাজনকভাৱে, যিটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি। ইটোৰ পিছত সিটো দলিত, পিছপৰা শ্ৰেণীৰ ৰাইজৰ ওপৰত আক্ৰমণৰ ঘটনা, হাৰাশাস্তিৰ ঘটনা, শিক্ষানুষ্ঠানত হিন্দুত্ববাদীৰ আধিপত্যৰ চেষ্টা, দলিত পৰিয়ালৰ শিশুক জ্বলাই দিয়াৰ দৰে ঘটনা, কোনোবা সম্প্ৰদায়ৰ ব্যক্তিক খাদ্যক লৈ মৰিয়াই মৰিয়াই হত্যা কৰাৰ দৰে ঘটনা, কোনোবা বুদ্ধিজীৱীৰ মুখত চিঞাহী ঢলা, কালবুৰ্গী-পানচাৰেৰ দৰে যুক্তিবাদীক হত্যা, পাকিস্তানৰ গায়কক অনুষ্ঠান পৰিৱেশনত বাধা দিয়া, দলিত সম্প্ৰদায়ৰ গৱেষক ছাত্ৰক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা আদি ঘটনাৰ লগতে মত প্ৰকাশৰ স্বাধীনতা খৰ্ব হৈছে। আজি হিন্দু-ৰাজৰ বিৰুদ্ধে কোনোবাই কথা ক’লে যদি ‘ৰাষ্ট্ৰদ্ৰোহী’ হয় তেন্তে আম্বেদকাৰ ৰাষ্ট্ৰদ্ৰোহীৰূপে অভিহিত হ’ব, কাৰণ তেওঁ কৈ গৈছে – ‘যদি প্ৰকৃতাৰ্থত হিন্দু-ৰাজ প্ৰতিষ্ঠা হয় – ই হ’ব দেশৰ কাৰণে আটাইতকৈ ডাঙৰ বিপৰ্যয়। ই স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্বৰ প্ৰতি সংকট।”[If Hindu Raj does become a fact, it will, no doubt be the greatest calamity for this country. It is a menace to liberty, equality and fraternity.] কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ স্বৰূপ বিভিন্ন ঘটনাই উদঙাই দিছে। গণতান্ত্ৰিক দেশৰ সংবিধানপ্ৰদত্ত অধিকাৰ মত প্ৰকাশৰ অধিকাৰ। তেনেস্থলত চি পি আই (এম এল)ৰ পলিটব্যুৰোৰ সদস্যা, আইপোৱাৰ কেন্দ্ৰীয় সম্পাদিকা কবিতা কৃষ্ণানক লক্ষ্নৌ বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই ৰেক্টৰৰ কোঠাত আবদ্ধ কৰি ৰাখিছে ‘Honour Crime’ৰ বিৰোধিতা কৰাৰ বাবে ‘ৰাষ্ট্ৰবিৰোধী’ আখ্যা দি, এজন প্ৰখ্যাত সাংবাদিক সিদ্ধাৰ্থ বৰদৰাজনক ঘেৰাও কৰি ৰখা হ’ল বক্তব্য প্ৰদানৰপৰা বিৰত কৰি এলাহাবাদ বিশ্ববিদ্যালয়ত। ৰামজছ কলেজত ছাত্ৰ-শিক্ষকৰ মত প্ৰকাশৰ অধিকাৰত বাধা প্ৰদান কৰি যি অগণতান্ত্ৰিক নজিৰ প্ৰদৰ্শন কৰিলে, সি সংবিধানৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এইসমূহত কিন্তু এইসকল ছাত্ৰক শাস্তি বাদেই, তিৰস্কাৰ কৰাও নহ’ল। প্ৰখ্যাত সমাজকৰ্মী সন্দীপ পাণ্ডেক বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ ভিজিটিং ফেকাল্টি পদৰপৰা আঁতৰোৱা হয় এই অভিযোগত যে তেওঁৰ ক্লাছসমূহ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিৰোধী। এনে অসংখ্য গণতন্ত্ৰবিৰোধী কাৰ্যকলাপ আজি চৌদিশে চলিছে, বিশেষকৈ উচ্চ শিক্ষানুষ্ঠানসমূহত।

এনেবোৰ ঘটনাই দেশৰ গণতান্ত্ৰিক প্ৰগতিশীল চিন্তাৰ সচেতন অংশক চুই গৈছে আৰু এক আন্দোলন দেশত গঢ় লৈ উঠিছে। এই আন্দোলনৰ এটা বৃহৎ অংশই হৈছে নাৰীসকল, যি নাগৰিক হিচাপে গণতান্ত্ৰিক অধিকাৰ খৰ্ব হোৱাৰ প্ৰতিবাদত ওলাই আহিছে। তদুপৰি এই কাৰণেও নাৰীসকল ইয়াত যুক্ত হৈছে যে যিকোনো ধৰ্মীয় মৌলবাদ হ’ল আধিপত্যবাদৰ তথা পিতৃতন্ত্ৰৰ অন্য এক ৰূপ। আজি মৌলবাদীসকলে ফটোৱা জাৰি কৰিছে নাৰীৰ চলন-ফুৰণ, পোছাক-পৰিচ্ছদ, জীৱন যাত্ৰাৰ সম্পৰ্কত, সেই ফটোৱা খাপ পঞ্চায়তত জাৰি কৰা হৈছে – বা তালিবানীসকলৰদ্বাৰা কৰা হৈছে। পৰম্পৰা আৰু ঐতিহ্য ৰক্ষাৰ নামত চৌপাশে যি কৰ্মকাণ্ড আৰম্ভ হৈছে সি প্ৰকৃততে পুৰুষতন্ত্ৰকে ৰক্ষণাবেক্ষণ দিবলৈ বিচাৰিছে। আধুনিক নাৰীৰ বিজ্ঞানমনস্কতাই, যুক্তিবাদী চিন্তাই, পুৰুষতন্ত্ৰবিৰোধী, পুনৰুত্থানবাদবিৰোধী চিন্তাৰ বিকাশে ভাৰতবৰ্ষত নাৰী আন্দোলনক নতুন কিছু চিন্তাৰ খোৰাক যোগাইছে বা ক’ব পাৰি – পৰম্পৰাগত, গতানুগতিক নাৰী আন্দোলনৰ মাজত কিছু নতুন বিষয়ৰো জন্ম দিছে। তাৎক্ষণিকভাৱে এইসমূহে এক উগ্ৰ নাৰীবাদী যেন ধাৰণা দিলেও, সি আমাৰ পৰম্পৰানিৰ্ভৰ সমাজখনক আতংকিত কৰিলেও, প্ৰকৃতাৰ্থত ই কিন্তু আমাৰ সমাজৰ মূল ভেঁটি পিতৃতন্ত্ৰত পোনপটীয়া আঘাত কৰিবলৈ উদ্যত হৈছে। আজিৰ এই নাৰী আন্দোলন কেৱল ধৰ্ষণৰ বিৰুদ্ধে, ঘৰুৱা হিংসা, কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বিৰুদ্ধে, নিৰাপত্তা দিয়াত আইনৰ ব্যৰ্থতাৰ বিৰুদ্ধে কৰা আন্দোলন নহয়। এই আন্দোলন শংকাহীন স্বাধীনতাৰ বাবে কৰা আন্দোলন, সমাজত শিপাবদ্ধ যিকোনো পিতৃতান্ত্ৰিক, সামন্তীয় চিন্তাৰ বিৰুদ্ধে কৰা আন্দোলন আৰু এনে সমস্ত সামন্তীয় শিকলি ছিঙিবলৈ আহ্বান দিয়া আন্দোলন। ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা, ঐতিহ্যৰ ব্যাখ্যাৰে, বিশ্বায়নৰ পুঁজিবাদী অৰ্থনীতিৰ, সংস্কৃতিৰ বিৰুদ্ধে থিয় দিয়াৰ নামত নাৰীৰ অভিভাৱকত্বৰ ৰূপত সমাজৰ এটা অংশই নাৰীৰ জীৱন পৰিক্ৰমাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি কঠোৰ হাতেৰে ‘সমাজ’, ‘ঐতিহ্য’, ‘পৰম্পৰা’ৰ নামত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই গৈছে, আৰু শেহতীয়াকৈ ই আৰু অধিক কটকটীয়া কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সেয়ে ইয়াৰ বিৰোধিতা কৰি এচাম বিজ্ঞানমনস্ক আধুনিক নাৰীয়ে আৰম্ভ কৰিছে ‘Pad Movement’ – নাৰীৰ মাহেকীয়া ঋতুস্ৰাৱৰ সম্পৰ্কত থকা আতংকজনক, অপমানজনক নেতিবাচক চিন্তাৰ বিৰুদ্ধে আন্দোলন। এক স্বাভাৱিক ঘটনাক কেন্দ্ৰ কৰি নাৰীক অস্পৃশ্য জ্ঞান কৰাৰ দৰে পৰম্পৰাৰ বিৰুদ্ধে ই এক প্ৰতিবাদৰ ৰূপ। আমাৰ মাজত পৃথিৱীও বছৰত এবাৰ ঋতুমতী হৈ চুৱা হোৱাৰ দৰে কল্পকাহিনী প্ৰচলিত। নাৰীসকলে শ্লোগান দিছে – ‘এই অৱস্থা অপৱিত্ৰ নহয়, তোমালোকৰ চিন্তাহে অপৱিত্ৰ।”বিজ্ঞান-প্ৰযুক্তিৰ জখলাৰে শীৰ্ষত আৰোহণ কৰাৰ সময়তো আমি নেতাৰ মুখত শুনো ‘গণেশ’ হেনো প্ৰমাণ, যে ভাৰতবৰ্ষত প্লাষ্টিক ছাৰ্জাৰিৰ প্ৰচলন বহু যুগৰ আগত আছিল! বিজ্ঞানকো হিন্দুত্বকৰণ! আজি এনে বহু কথাৰ বিৰুদ্ধে হোৱা বহু প্ৰতিবাদত যুক্ত হৈছে নাৰীসকলো, কাৰণ ই মৰ্মবস্তুত নাৰী অধিকাৰৰ বিৰোধী। নাৰীসকলৰ মাজত বিকাশ হোৱা এটা অগ্ৰণী অংশক, নাৰীৰ মাজত বিকাশ লাভ কৰা এই সচেতন চিন্তাক পিতৃতন্ত্ৰৰ ধাৰক-বাহকসকলে সহ্য কৰিব নোৱাৰে। কিন্তু মনত ৰাখিব লাগিব যে বিশ্বত নাৰী আন্দোলনৰ ইতিহাসত অধিকাৰ লাভৰ আন্দোলনৰ অন্যতম দাবী আছিল সিদ্ধান্ত গ্ৰহণত অংশগ্ৰহণৰ, ৰাজনীতিত অংশগ্ৰহণৰ অধিকাৰ লাভৰ। নাৰীৰ ভোটাধিকাৰ আন্দোলন মানৱ অধিকাৰ আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। তদুপৰি, আমি এই ব্যৱস্থাৰ ভিতৰতে বিভিন্ন আন্দোলনত যুক্ত হৈছো, আইনী অধিকাৰ দাবী কৰিছোঁ, তেনেস্থলত ব্যৱস্থাত হস্তক্ষেপ অতি জৰুৰী আৰু সেয়ে ভোটদাতা হিচাপে এই হস্তক্ষেপৰ প্ৰয়োজন আছে। নাৰীজনিত অপৰাধৰ সংখ্যা বৃদ্ধিয়ে, সমাজৰ দুৰ্নীতিয়ে, প্ৰশাসনব্যৱস্থাৰ দুৰ্নীতিয়ে, সাধাৰণ ৰাইজৰ জীৱনলৈ নামি অহা দুৰ্দশাই যিদৰে কিছু কথা সকীয়াই দিয়ে, সেইদৰেই পিতৃতান্ত্ৰিক, পুনৰুত্থানবাদী, সামন্তীয় শক্তিৰ উত্থানৰ প্ৰশ্নটোৱেও শংকিত কৰি তোলে। অৰ্থনৈতিক উন্নয়নৰ প্ৰশ্নত সঠিক বিশ্লেষণেৰে স্পষ্ট ৰূপত দেখা যায়, কিদৰে সংস্কাৰৰ নামত ‘উদাৰীকৰণ নীতি’ প্ৰয়োগ কৰি দেশলৈ দুৰ্দিন নমাই অনা কংগ্ৰেছৰ বিকল্প হিচাপে ৰাইজে বহু আশাৰে শাসনলৈ অনা বি জে পি চৰকাৰে যোৱা বিশ মাহত তথাকথিত উন্নয়নৰ নামত দেশৰ অৰ্থনীতিৰ কি উন্নতি সাধন কৰিছে। কৃষি উৎপাদনৰ হাৰ উদ্বেগজনকভাৱে হ্ৰাস পাইছে। ‘বিনিয়োগ বান্ধৱ’ নীতিৰে চৰকাৰে দেশী-বিদেশী বহু কৰ্প’ৰেট গোষ্ঠীক ব্যাপক হাৰত কৰ ৰেহাই দিছে আৰু তেওঁলোকৰ অনাদায়ী কৰৰ পৰিমাণ প্ৰায় ৫.৮ লাখ কোটি টকা। অনাদায়ী বেংক ঋণো তেওঁলোকক মাফ কৰি দিয়া হৈছে। ৰিজাৰ্ভ বেংকৰ তথ্য মতে ২০১৪-১৫ এটা বছৰতেই ষাঠি হেজাৰ কোটি টকাৰ অনাদায়ী ঋণ মাফ কৰা হৈছে। অথচ বিভিন্ন অজুহাতত দেশৰ জনকল্যাণমূলক শিতানত তথা সামাজিক খণ্ডত চৰকাৰী ব্যয় ব্যাপক হাৰত কৰ্তন কৰা হৈছে। ইয়াৰদ্বাৰাও ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে দেশৰ দুখীয়া ৰাইজ।  দ্ৰব্যমূল্যৰ বৃদ্ধিৰ কথা নক’লোৱেইবা।

বৰ্তমান চৌদিশে ভয়ানকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধৰ ঘটনা। এইধৰণৰ ঘটনাৰাজিয়ে সমাজত গা-কৰি উঠা এক বিকৃত মানসিকতা দাঙি ধৰিছে। যৌনতাৰ বেহা, সহজলভ্য অশ্লীল ভিডিঅ’, ছবি, আইন-শৃংখলাহীন পৰিস্থিতি আদিয়ে এনে পৰিৱেশ গঢ়াত সহায় কৰিছে, উৎসাহ দিছে। সমাজৰ এক বুজনসংখ্যকৰ এনে মানসিকতা সম্পৰ্কত সমাজবিজ্ঞানী, মনোবিজ্ঞানীসকলে গভীৰভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে।

এনে সমস্যা, এনে ঘটনাসমূহক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু বহু পুংখানুপুংখ আলোচনাও হৈছে। এনে আলোচনাসমূহত বহু গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হোৱা পৰিলক্ষিত হয়। অৱশ্যে এনে আলোচনাসমূহ সদায় একাংশ ব্যক্তিৰ মাজতে আবদ্ধ থাকে। কিন্তু আলোচনাসমূহে কিধৰণে সাধাৰণ অংশৰ ৰাইজক, আক্ৰান্তসকলক সহায় কৰিব, সাহসী কৰিব তাৰ ওপৰত আলোচনা হোৱাৰ প্ৰয়োজন আছে – অৰ্থাৎ তত্ত্ব আৰু প্ৰয়োগৰ সমন্বয় সাধনৰ প্ৰয়োজন। এই সমন্বয় সাধন কৰে বিভিন্ন সংগঠনে তত্ত্বৰ প্ৰয়োগৰ জৰিয়তে। এইক্ষেত্ৰত শেহতীয়াকৈ শুভলক্ষ্মীৰ ঘটনাটোৰ বাহিৰে এনে কোনো ঘটনা বা বিষয়ত নাৰী সংগঠন, গণতান্ত্ৰিক সংগঠনসমূহৰ ঐক্যবদ্ধ ভূমিকা চকুত পৰা নাই। এফালে আক্ৰমণ নামিছে তুলনামূলক সংগঠিত ৰূপত, অন্যহাতে প্ৰতিবাদৰ বাবে বাঁও গণতান্ত্ৰিক শক্তিৰ ঐক্যবদ্ধ প্ৰচেষ্টা ভবাধৰণে নাই দেখা।

প্ৰতিবাদৰ ৰূপৰ ক্ষেত্ৰতো শেহতীয়াকৈ এক ৰূপৰ পৰিবৰ্তন চকুত পৰিছে, যি পৰিবৰ্তনে ধুঁৱলী-কুঁৱলী ৰাস্তাত বাট ফালি ওলাই যাব খোজা নাই। এনে প্ৰতিবাদ অসংগঠিত আৰু ধাৰাবাহিকতা ৰক্ষাৰ বাবে অপাৰগ। ধৰ্ষণ-হত্যাৰ দৰে ঘটনাত যদি সন্ধিয়া মম জ্বলাই প্ৰতিবাদ কৰা হয় তেতিয়া ৰাষ্টযন্ত্ৰৰ কোনো ক্ষতি নহয়, ৰাষ্টযন্ত্ৰৰ ওপৰত হেঁচা নপৰে। এনে প্ৰতিবাদে ব্যৱস্থাক কিমান আঘাত কৰিব পাৰিব সি সন্দেহজনক। কোনো সন্দেহ নাই যে এনে প্ৰতিবাদলৈ সকলো ওলাই আহে হেঁপাহেৰে, প্ৰতিবাদৰ প্ৰয়োজন অনুভৱ কৰি। কিন্তু এই প্ৰতিবাদ দিনৰ পোহৰত, প্ৰশাসনৰ সন্মুখত কিয় কৰিব নোৱাৰি? তদুপৰি বাৰে বাৰে ‘ই কোনো  সংগঠন নহয়’, ‘ৰাজনীতি নহয়’ বুলি সঘনাই ছ’চিয়েল মিডিয়াত কাক উদ্দেশ্য কৰি আৰু কাক আশ্বস্ত কৰিবলৈ কোৱা হয়? যি সময়ত সংগঠিত ৰূপৰ ৰাজনৈতিক স্পষ্টতাৰে প্ৰতিবাদ গঢ়ি তুলিব লাগে, তেনে সময়ত এই প্ৰৱণতা বৰ উৎসাহজনক হ’ব নোৱাৰে। এই সচেতনতা, প্ৰতিবাদৰ ইচ্ছা, আগ বাঢ়ি আহি কিবা কৰাৰ হেঁপাহক সংগঠিত নোহোৱাটো বহুতৰে কাম্য, ‘ৰাজনীতি নহয়’, ‘ৰাজনীতিৰ ঊৰ্ধত’, ‘ৰাজনীতিৰ সৈতে সম্পৰ্ক নাই’ ইত্যাদি বক্তব্যবোৰ কিন্তু অন্যধৰণে ৰাজনৈতিক; অৰাজনীতি হৈছে আন একধৰণে ৰাজনীতি।

নাৰীৰ অধিকাৰৰ প্ৰশ্নত ৰাষ্ট্ৰৰ যি ভূমিকা, তাক নিৰ্ধাৰণ কৰাত হেঁচা প্ৰয়োগ কৰিব সচেতন, ৰাজনৈতিকভাৱে তীক্ষ্ণ আৰু দৃঢ় সংগঠনে আৰু সমাজৰ ভূমিকা নিৰ্ধাৰণত সহায় কৰিব সচেতন, প্ৰগতিশীল শক্তিয়ে, বুদ্ধিজীৱীসকলে– সচেতন আটায়ে। আজিৰ সময়ৰ দাবীয়ে কিন্তু সেইসকলক চুবগৈ পৰা নাই। আৰু প্ৰগতিশীল, বাঁও আদৰ্শত বিশ্বাসী সংগঠনসমূহে একেলগে মে’ দিৱস, আন্তৰ্জাতিক নাৰী দিৱস পাতি প্ৰতীকী মিত্ৰতা প্ৰকাশ কৰাৰ দিন আৰু নাই– সময়ৰ দাবী ঐক্যবদ্ধ সংগ্ৰামৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *