সাক্ষাৎকাৰ

যুক্তিবাদী লেখক ভৱানীপ্ৰসাদ সাহুৰ সৈতে সাক্ষাৎকাৰ— সাক্ষাৎগ্ৰহণ : ড০ বৰ্ণালী বৰুৱা দাস

মুক্ত চিন্তা: সাম্প্ৰতিক সময়ৰ যুক্তিবাদী আন্দোলনৰ এজন অন্যতম চিন্তাশীল লিখক ৰূপে আমি আপোনাক পাই আহিছোঁ। সেই আন্দোলনৰ বাবে আপোনাৰ এক অপৰিহাৰ্য পাঠব্য গ্ৰন্থ ‘ভূত ভগবান শয়তান বনাম ডা০ কূভূৰ’এ প্ৰকাশনাৰ ৪০ বছৰ অতিক্ৰম কৰিলে। সেই সময়ৰ পৰাই বা হয়তো তাৰো আগৰ পৰাই বৰ্তমানলৈকে আপুনি নিৰৱচ্ছিন্নভাৱে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰীকৰণৰ বাবে কলম চলাই গৈছে। অসমৰ ‘যুক্তি বিকাশ সমিতি’ য়েও ২০০৩ চনৰ প্ৰতিষ্ঠাৰ দিন ধৰি অন লাইন আলোচনী মুক্ত চিন্তাকে ধৰি আৰু বহু ধৰণৰ কাৰ্যসূচী আৰু লেখা মেলা প্ৰকাশ কৰি আহিছে। সেয়েহে একে পথৰে পথিক ৰূপে আপোনালৈ যুক্তি বিকাশ সমিতি, অসম তথা মুক্ত চিন্তাৰ তৰফৰ পৰা জনালোঁ আন্তৰিক অভিবাদন।
ভবানীপ্ৰসাদ সাহু : ধন্যবাদ।
মুক্ত চিন্তা : আৰম্ভণিতেই আপোনাৰ পৰিয়াল, শৈশৱ, কৈশোৰ, শিক্ষা আৰু কৰ্মজীৱন সম্পৰ্কে কিছু কথা মুক্ত চিন্তাৰ পাঠকলৈ আগবঢ়ালে সুখী হ’ম।
ভৱানীপ্ৰসাদ সাহু : মোৰ জন্ম ১৯৫৩ চনৰ ২৩ মাৰ্চ তাৰিখে সাগৰে আগুৰা বৰ্তমানৰ পূব মেদিনীপুৰ জিলাৰ প্ৰত্যন্ত গাঁৱত। দেউতা আছিল স্কুল শিক্ষক প্ৰয়াত শ্ৰী মতিচৰণ চাহু, মাৰ নাম আছিল অন্নপূৰ্ণা চাহু‌। তেওঁ চতুৰ্থ শ্ৰেণীলৈকে পঢ়াশুনা কৰিছিল তথা গাঁৱৰ দৰিদ্ৰ লোকসকলৰ বাবে কেইবা দশকো ধৰি হোমিওপেথি চিকিৎসা সেৱা আগবঢ়াইছিল। গাঁৱৰ স্কুলৰ পৰাই মই প্ৰাথমিক আৰু উচ্চ মাধ্যমিক (১৯৬৮) শিক্ষা লাভ কৰোঁ। উচ্চ মাধ্যমিকত জাতীয় বৃত্তি লাভ কৰি প্ৰথমে কলিকতাৰ প্ৰেচিডেঞ্চি কলেজত ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ শাখাত ভৰ্ত্তি হওঁ। পাছত কলিকতা মেডিকেল কলেজৰ পৰা এম বি বি এছ ডিগ্ৰী লাভ কৰোঁ। ছাত্ৰাৱস্থাত কলিকতাৰ উত্তাল ৰাজনৈতিক পৰিৱেশত বৈপ্লৱিক ৰাজনৈতিক কৰ্মকাণ্ডৰ দ্বাৰা প্ৰভাৱিত হওঁ। আধুনিক চিকিৎসা বিজ্ঞানৰ সমান্তৰালভাৱে ঔষধহীন আকুপাংচাৰ চিকিৎসা পদ্ধতিৰো প্ৰশিক্ষণ লওঁ আৰু কাম-কাজ কৰোঁ। সমাজসেৱামূলক, প্ৰগতিশীল সাংস্কৃতিক সংগঠন ডা:কটনিচ স্মৃতিৰক্ষা সমিতিৰ স’তে যুক্ত হওঁ আৰু প্ৰায় সৰ্বক্ষণ কৰ্মী হৈ পৰোঁ। এম বি বি এছ শেষ কৰাৰ পাছত চৰকাৰী চাকৰি নকৰি এই সংগঠন তথা আকুপাংচাৰ আৰু অন্যান্য সামাজিক সাংস্কৃতিক কামত আত্মনিয়োগ কৰোঁ। কিছুদিনৰ বাবে প্ৰাইভেট প্ৰেক্টিচ কৰোঁ। পৰৱৰ্তী সময়ত পশ্চিম বংগ চৰকাৰৰ আকুপাংচাৰ চিকিৎসকৰ চৰকাৰী পদ সৃষ্টি হোৱাৰ পাছত কেইবছৰমান চৰকাৰী চাকৰিও কৰোঁ। বৰ্তমান সময়ত আৰবান হেল্‌থ্ মিছনত চুক্তিৱদ্ধ চিকিৎসক ৰূপে কৰ্মৰত।
মুক্ত চিন্তা : যুক্তিবাদ চৰ্চাৰ ক্ষেত্ৰখনলৈ অহাৰ আঁৰত কি কি কাৰকে ক্ৰিয়া কৰিছিল?
ভৱানীপ্ৰসাদ সাহু : সৰুকালৰে পৰাই বিভিন্ন বিষয়ে প্ৰশ্ন কৰি সত্য জনাৰ আগ্ৰহ আছিল। কলেজলৈ আহি প্ৰতিষ্ঠান বিৰোধী চিন্তা-ভাৱনাৰ লগত পৰিচিতিৰ ধাৰাবাহিকতাত ধৰ্ম আৰু ঈশ্বৰ বিশ্বাস তথা নানাবিধ কু-সংস্কাৰৰ বিৰুদ্ধে এক মানসিকতা গঢ়ি উঠে।
মুক্ত চিন্তা : সুদীৰ্ঘ সময় জুৰি আপুনি বিজ্ঞানমনস্কতাৰ প্ৰসাৰৰ বাবেই বিভিন্ন লেখা, কিতাপ পত্ৰ লিখি আছে। আপোনাৰ নিজৰ মতে সাধাৰণ পাঠকৰ ওপৰত সেইবোৰৰ প্ৰভাৱ কেনেকুৱা?
ভৱানী প্ৰসাদ সাহু : কিছু সংখ্যক পাঠকৰ ওপৰত মোৰ লেখাসমূহৰ প্ৰভাৱ পৰিছে বুলিয়েই ভাবোঁ। বিশেষকৈ ১৯৮২ চনত ‘ভূত ভগবান শয়তান বনাম ড০ কোভূৰ’ গ্ৰন্থখন প্ৰকাশৰ পাছত বিভিন্ন ব্যক্তি আৰু সংগঠনে তেওঁলোকৰ চিন্তা-ভাৱনা আৰু কাম কাজৰ ক্ষেত্ৰত সহায়ক হৈছে বুলিয়েই জনাইছিল বা জনাই আছে।
মুক্ত চিন্তা : সাম্প্ৰতিক সময়ত শাসকপক্ষই নিজক ক্ষমতাত ৰাখিবলৈ জনসাধাৰণৰ মাজত অতি পৰিকল্পিতভাৱে তথা কৌশলপূৰ্ণভাৱে ধৰ্মীয় গোড়ামী, সাম্প্ৰদায়িকতা আৰু অন্ধবিশ্বাস বিয়পাই দিছে। তাৰ তুলনাত বিজ্ঞানসন্মত যুক্তিবাদী চিন্তা চৰ্চাৰ ধাৰাটো যেন স্তিমিত হৈ পৰিবলৈ বাধ্য হৈছে। এনে অৱস্থাত যুক্তিবাদী আন্দোলনৰ কাৰ্যপন্থা কেনে হোৱাটো আপুনি আশা কৰে?
ভৱানী প্ৰসাদ সাহু : বৰ্তমান জাতীয় পৰিস্থিতিত ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসৰ উৎপত্তিৰ বৈজ্ঞানিক পৰ্যালোচনা, ধৰ্মান্ধতা, কু-সংস্কাৰ আৰু মৌলবাদী চিন্তাভাৱনাৰ বিৰুদ্ধে বিজ্ঞানসন্মত প্ৰচাৰ জনপ্ৰিয় মাধ্যমত সাধাৰণ মানুহৰ মাজত ব্যাপকভাৱে প্ৰচাৰ কৰা দৰকাৰ বুলি ভাবোঁ। ইয়াৰ বাবে কাৰো সবল ধৰ্ম বিশ্বাসত আঘাত কৰাৰ প্ৰয়োজন নাই বা কাকো ইয়াৰ বাবে অপমানিত কৰাও উচিত নহয়। কিন্তু শাসক শ্ৰেণীয়ে ধৰ্ম আৰু ঈশ্বৰ বিশ্বাসক কি দৰে সাধাৰণ মানুহৰ সবল বিশ্বাসৰ গয়না লৈ কামত লগায় সেই কথা গুৰুত্ব সহকাৰে দেখুৱাই দিয়াৰ প্ৰয়োজন আছে।


মুক্ত চিন্তা : আপুনি এজন যুক্তিবাদী লিখক হোৱাৰ লগতে এজন চিকিৎসকো। চিকিৎসা বিজ্ঞানৰ চমকপ্ৰদ উন্নতিয়ে মানুহৰ বিভিন্ন ৰোগৰ আৰোগ্যৰ ক্ষেত্ৰত সফল কৰি তুলিছে। তথাপিও মানুহৰ ‘শৰীৰ ঘিৰে সংস্কাৰ’ এতিয়াও আঁতৰি যোৱা নাই। এতিয়াও আৰোগ্য লাভৰ আশাত নানা বাবা, ওজা, বেজ, জ্যোতিষী, তান্ত্ৰিক, ৰেইকি গুৰু ইত্যাদিৰ ওচৰত মানুহৰ দীঘলীয়া শাৰী দেখা যায়। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে?
ভৱানী প্ৰসাদ সাহু : জীৱনৰ অনিশ্চয়তা, দৰিদ্ৰ, অশিক্ষা, সকলো ৰোগৰ চূড়ান্ত আৰোগ্য লাভৰ উপায় নজনাটো তথা নানাবিধ কু-সংস্কাৰ এইবোৰৰ বাবে দায়ী। লগতে আছে কায়েমি গোষ্ঠীৰ সংকীৰ্ণ স্বাৰ্থ।
মুক্ত চিন্তা : দেখা যায়, এনে বহু লোক আছে যি সম্পূৰ্ণ ৰূপে ঈশ্বৰৰ অস্তিত্বক নাকচ কৰে অথচ সমাজৰ পৰা বিচ্ছিন্ন হোৱাৰ ভয়তে বাধ্য হৈ ধৰ্মীয় আচাৰ-আচৰণ পালন কৰে। এনে ক্ষেত্ৰত এখন ধৰ্মমুক্ত মানৱ সমাজৰ আশু প্ৰয়োজনীয়তা আপুনি অনুভৱ কৰে নে? যদি কৰে, সেই মানৱ সমাজ গঠনৰ প্ৰক্ৰিয়াটো কেনে হোৱা উচিত বুলি আপুনি ভাবে?
ভৱানী প্ৰসাদ সাহু : হয়, ধৰ্মমুক্ত মানৱ সমাজ এখন অৱশ্যেই প্ৰয়োজনীয় কিন্তু আৰ্থ-সামাজিক আৰু শ্ৰেণীগত বৈষম্য ন্যূনতম নকৰাকৈ সেই সমাজ গঢ়া সম্ভৱ নহয়। এনে সমাজ গঢ়াৰ কোনো ফৰ্মূলাও মোৰ পক্ষে দিয়া সম্ভৱ নহয়। অৱশ্যে এই কথা বিশ্বাস কৰোঁ যে তেনে সমাজ গঢ়াৰ স’তে বিজ্ঞানমনস্কতাৰ তথা দ্বন্দ্বমূলক বস্তুবাদী চিন্তাৰ দ্বাৰা শ্ৰেণী বৈষম্য দূৰ কৰাৰ সংগ্ৰাম একাত্মভাৱে যুক্ত।
মুক্ত চিন্তা : অসমৰ সৈতে যোগাযোগ আছে নেকি? অসমৰ কোনোবা লেখক বা যুক্তিবাদী কৰ্মীক জানে নে? মুক্ত চিন্তা আলোচনীখন চাইছে নেকি?
ভৱানী প্ৰসাদ সাহু : অসমৰ সৈতে সিমান যোগাযোগ নাই। কেইজনমান পৰিচিত চিকিৎসক আছে। যোৱা ডিচেম্বৰত এখন সন্মিলনৰ বাবে গুৱাহাটীলৈ গৈছিলোঁ‌। অন লাইন ‘মুক্তচিন্তা’ আলোচনী দেখিছিলোঁ যদিও হাৰ্ডকপি নহ’লে পঢ়াত মোৰ অলপ অসুবিধা হয়।
মুক্ত চিন্তা : আপোনাৰ প্ৰকাশিত গ্ৰন্থৰ তালিকা এখন দিব পাৰিব নে?
ভৱানী প্ৰসাদ সাহু : নিশ্চয়নিশ্চয়। 
মোৰ প্ৰকাশিত গ্ৰন্থপঞ্জী–
০ ভূত-ভগবান-শয়তান বনাম ডাঃ কোভুর,
০ আস্তিক-নাস্তিক,
০ নানা রঙে সংস্কার-নানা রঙে কুসংস্কার,
০ধর্ম-সাম্প্রদায়িকতা-মৌলবাদ,
০ দুই বাংলা, হায় ধর্ম!,
০ দুই বাংলার কুসংস্কার বিরোধী বিজ্ঞান চিন্তা (সম্পাদিত),
০ জানতে চাই (প্রসঙ্গ : বিশ্বাস ও সংস্কার),
০ ধর্মের উৎস সন্ধানে (নিয়ানডার্থাল থেকে নাস্তিক),
০ টম্যাটো ভগবান ও হাইরোডেশ্বর,
০ মৌলবাদের উৎস সন্ধানে,
০ অধার্মিকের ধর্মকথা,
০ বিজ্ঞানের চোখে ভগবান,
০ নারী : অস্তিত্ব ও সংস্কার,
০ কুসংস্কারবিরোধী প্রথম বাংলা বই (বামাসুন্দরী দেবী),
০ আকুপাংচার-আকুসংস্কার,
০ অপবিজ্ঞান-অপসংস্কার,
০ বিজ্ঞানের আলোয় সংস্কার মুক্ত যৌনতা,
০ ‘প্রগতিশীল’ সাম্প্রদায়িকতা,
০ খাদ্য-অখাদ্য সংস্কার-কুসংস্কার,
০ স্বাস্থ্য ও সংস্কার,
০ প্রকৃতি ও সংস্কার,
০ এখনো সংস্কার এখনো কুসংস্কার,
০ শত্রু যখন কুসংস্কার,
০ ডাইনি বলে কিছু নেই, ভূত বলে কিছু নেই,
০ বৈজ্ঞানিক কুসংস্কার,
০ কুসংস্কারের উৎস সন্ধানে,
০ ড্রাগ,
০ অলৌকিকতা বনাম বিজ্ঞান,
০ সুরা শরীর সর্বনাশ (১৯৮৯ সালে রবীন্দ্র পুরস্কার প্রাপ্ত),
০ ওষুধ খেয়ে অসুখ,
০ শরীর ঘিরে সংস্কার,
০ রবীন্দ্রনাথ ও কুসংস্কার,
০ কোন্‌টা মানবো কোন্‌টা মানবো না,
০ কোনটা করবো কোনটা করবো না,
০ আরজ আলী মাতুব্বর (পুস্তিকা),
০ মানবসন্তান ঈশ্বর ও অন্যান্য প্রসঙ্গ,
০ কোন্ ওষুধ কেন খাবেন না,
০ শরীর স্বাস্থ্যের টুকিটাকি,
০ এইডস – ঘৃণা নয়, চাই সতর্কতা,
০ সোনালী সুলেখাদের কথা,
০ মানুষের জন্য বিজ্ঞান না বিজ্ঞানের জন্য মানুষ,
০ Hand Book of Recent Acupuncture Treatment & Research,
০ ম্যালেরিয়া (পুস্তিকা),
০ প্লেগ (পুস্তিকা)
০ অ্যানথ্রাক্স (পুস্তিকা),
০ মেয়েদের আত্মরক্ষার কৌশল (অনুবাদ)। 

মুক্ত চিন্তা: আপোনাৰ বহুমূলীয়া সময় দি সুচিন্তিত মতামতেৰে মুক্ত চিন্তা আলোচনীৰ সাক্ষাৎকাৰ শিতানটো সমৃদ্ধ কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।
ভৱানীপ্ৰসাদ সাহু : মুক্ত চিন্তালৈও ধন্যবাদ আৰু শুভেচ্ছা যাচিলোঁ। 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *