প্ৰান্তীয় কণ্ঠ ৰূপত বিকল্প গণ মাধ্যম : এক অৱলোকন-(টুনুজ্যোতি গগৈ)
‘মোৰ মন যায় প্ৰাচীৰে প্ৰাচীৰে
কিছু কথা লিখিবলৈ
মই যে বেকাৰ
পাইছোঁ লেখাৰ স্বাধীনতা…’
‘ক্ষুধাৰ ৰাজ্যে পৃথিবী গদ্যময়’ বুলি কৈ যোৱা বিপ্লৱী কবি সুকান্ত ভট্টাচাৰ্যই প্ৰাতিষ্ঠানিক শক্তিৰ বিৰুদ্ধে নিজৰ মত প্ৰকাশৰ বাবে ওখ ওখ প্ৰাচীৰবোৰ নিৰ্বাচন কৰি লৈছিল ৷ প্ৰাচীৰত জিলিকি ৰোৱা সুকান্তৰ প্ৰতিবাদী কবিতাবোৰ পঢ়ি আলোড়িত হৈছিল বংগৰ পৰিৱৰ্তনকামী জনসাধাৰণ। কেৱল বংগতে নহয়, স্বাধীনতাৰ পূৰ্বৰ পৰাই ভাৰতৰ অন্যান্য প্ৰান্ততো প্ৰাচীৰবোৰেই প্ৰতিবাদী জনতাৰ কণ্ঠ হিচাপে পৰিগণিত হৈ আহিছে। বঞ্চিত–লাঞ্ছিত–নিৰ্যাতিত মানুহসকলে তেওঁলোকৰ খং, ক্ষোভ আৰু চিঞৰবোৰ শাসকপক্ষৰ দ্বাৰা পৰোক্ষ বা প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰিত গণ মাধ্যম অৰ্থাৎ বাতৰিকাকত, আকাশবাণী, দূৰদৰ্শন আদিত প্ৰকাশ কৰাৰ সুবিধা পোৱা নাছিল বাবে তেওঁলোকে প্ৰাচীৰ লিখনৰ জৰিয়তেই সিবোৰ প্ৰকাশ কৰি শাসকপক্ষৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল। আজিও প্ৰাচীৰ লিখন প্ৰতিবাদী জনতাৰ কণ্ঠৰূপে পৰিগণিত হৈ আছে বাবেই বুদ্ধিজীৱীসকলে শাসকপক্ষক প্ৰাচীৰ লিখনৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।
এই উদাহৰণৰ পৰা বুজা যায় যে বিকল্প গণ মাধ্যম একেবাৰে নতুন ধাৰণা নহয়। সমাজত গণ মাধ্যমৰ প্ৰয়োজনীয়তা বৃদ্ধি পোৱাৰ লগে লগে বিকল্প গণ মাধ্যমেও নিজৰ বাট কাটি লৈছিল। অৰ্থাৎ গণ মাধ্যম আৰু বিকল্প গণ মাধ্যমৰ ইতিহাস সমানেই প্ৰাচীন। প্ৰচলিত ব্যৱস্থা বা মাধ্যমৰ প্ৰতি আস্থা হেৰুৱালে মানুহে বিকল্পৰ সন্ধান কৰাটো স্বাভাৱিক নিয়ম। বিকল্প গণ মাধ্যমৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে পৰম্পৰাগত গণ মাধ্যমৰ বিষয়েও দুআষাৰ কৈ লোৱাটো প্ৰয়োজন বুলি ভাবো। সাধাৰণ দৃষ্টিত গণ মাধ্যম হ’ল এনে এক ব্যৱস্থা, যাৰ সহায়ত সমাজ আৰু ব্যক্তিৰ প্ৰকাশ আৰু প্ৰচাৰ নিৰপেক্ষ অথচ সামগ্ৰিকভাৱে চলোৱা হয়। অন্য অৰ্থত, গণ মাধ্যমৰ মূল উদ্দেশ্য হ’ল— ব্যক্তি আৰু সমাজৰ বিকাশ, বিস্তাৰ তথা উত্তৰণ। কিন্তু, গণ মাধ্যমৰ মূল উদ্দেশ্য বাস্তৱ ক্ষেত্ৰত সঠিক ৰূপত সাধিত হৈছেনে? উত্তৰ এটাই— নাই হোৱা। নোহোৱাৰ কাৰণ হ’ল, গণ মাধ্যম অতীজৰ পৰা শাসকপক্ষ বা প্ৰভাৱশালী চক্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আহিছে বাবে শাসকপক্ষই তেওঁলোকৰ স্বাৰ্থৰ অনুকূলে থকা খবৰবোৰহে প্ৰকাশ তথা প্ৰচাৰত বেছি গুৰুত্ব দিয়ে। শাসকপক্ষৰ স্বাৰ্থ বিঘ্নিত কৰিব পৰা খবৰ বা কথাবোৰ বিভিন্ন উপায়েৰে ঢাকোন দিয়েই ৰখা হয়। ক’বলৈ গ’লে, গণ মাধ্যমে সমাজৰ উচ্চশ্ৰেণীৰ অৰ্থাৎ শাসনতন্ত্ৰৰ মুষ্টিমেয় অংশীদাৰৰ বিকাশ, বিস্তাৰ আৰু উত্তৰণত সহায় কৰিলেও নিম্নশ্ৰেণীৰ অৰ্থাৎ সংখ্যাগুৰু শাসিতপক্ষক তেনেধৰণৰ সহায় নকৰে।
পুৰণি কালত ৰজাঘৰ অৰ্থাৎ শাসকপক্ষই কোনো নীতি–আদেশ প্ৰচাৰ কৰিবৰ বাবে এচাম নিৰ্দিষ্ট লোকক নিয়োগ কৰিছিল। তেওঁলোকে ৰাজপথে ৰাজপথে বাদ্যযন্ত্ৰ বজাই শাসকপক্ষৰ নীতি–আদেশ চিঞৰি চিঞৰি প্ৰচাৰ কৰিছিল। ৰাজহুৱা স্থানসমূহৰ দেৱাল বা গছত জাননী আঁৰি থৈছিল। সেইদৰে, এখন ৰাজ্যই অন্য এখন ৰাজ্যৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিবলৈ দূত নিয়োগ কৰিছিল। ইয়াৰ বিপৰীতে ৰজাঘৰৰ কোনো নীতি–আদেশ প্ৰজাসকলৰ মনঃপূত নহ’লে সেই বিষয়ে তেওঁলোকে কোনো কেন্দ্ৰীয় অঞ্চলত নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বহা হাট, ধৰ্মীয় অনুষ্ঠান, বিভিন্ন মেলা, উৎসৱ আদিত আলোচনা কৰিছিল। তেনে আলোচনাই কেতিয়াবা প্ৰজা বিদ্ৰোহৰো সূচনা কৰিছিল। এনে হাট–মেলাবোৰেই বিকল্প গণ মাধ্যমৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল বুলি ক’ব পাৰি।
আমাৰ অসমৰ ক্ষেত্ৰত দেখা যায় যে মধ্যযুগৰ আহোম প্ৰশাসন ব্যৱস্থাত ৰজাঘৰীয়া নীতি–নিৰ্দেশনা প্ৰচাৰ–প্ৰসাৰ কৰাৰ আৰু বহিঃৰাজ্যৰ সৈতে সম্পৰ্ক ৰখাৰ দায়িত্ব কটকী, দলৈ আৰু খাউণ্ড খেলৰ ওপৰত ন্যস্ত আছিল। অৰ্থাৎ বৰকটকী, মাজুকটকী, সৰুকটকী, ডফলা কটকী, নগা কটকী, বৰদলৈ, মাজুদলৈ, সৰুদলৈ, খাউণ্ড বৰাগী, চোৰাংচোৱা, সভাপণ্ডিত আদি বিষয়–ববীয়াই বিভিন্ন স্তৰত গণ মাধ্যমৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ বিপৰীতে বিহুতলী, বিয়া ঘৰ, নৈৰ ঘাট, কাৰোবাৰ ঘৰৰ হাঁউৰি আদি প্ৰজাসকলৰ খবৰ প্ৰচাৰ আৰু ভাব বিনিময়ৰ কেন্দ্ৰ আছিল। এইবোৰক নিঃসন্দেহে বিকল্প গণ মাধ্যমৰ স্থলী বুলি আখ্যা দিব পাৰি। ৰজাঘৰৰ দোষ–দুৰ্বলতা উদঙাই অনাখৰী লোকে ৰচনা কৰা লোকগীতসমূহেই বিকল্প গণ মাধ্যমৰ উল্লেখযোগ্য ফচল আছিল। উল্লেখ্য যে মধ্যযুগৰ অসমত বিকল্প গণ মাধ্যমৰ ক্ষেত্ৰত শংকৰদেৱে এক নতুন দিগন্তৰ সূচনা কৰিছিল। তেওঁৰ দ্বাৰা প্ৰচাৰিত সংস্কৃতিত বিকল্প গণ মাধ্যমৰ বিভিন্ন উপাদান পৰিলক্ষিত হয়।
এইখিনিতে ক’ব লাগিব যে প্ৰাচীন আৰু মধ্য যুগৰ পৰম্পৰাগত গণ মাধ্যম আৰু বিকল্প গণ মাধ্যমৰ ব্যৱস্থাবোৰৰ বিষয়ে বিদ্যায়তনিক দিশত গৱেষণা হ’বলৈ এতিয়াও বহু বাকী আছে। শেহতীয়াকৈ বিশ্বৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানত গণ মাধ্যমক এক বিষয় হিচাপে লৈ নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন হৈছে বাবে গণ মাধ্যমে অতীত, বৰ্তমান আৰু ভৱিষ্যত কালত সমাজ গঠন আৰু পৰিচালনাত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল/কৰিছে/কৰিব; সেই সম্পৰ্কত বিদ্যায়তনিক দিশত নিত্য নতুন অধ্যয়ন আৰু গৱেষণাৰ বাট মুকলি কৰিব বুলি আশা কৰিব পাৰি।
সি যি নহওক, ইউৰোপত সূচনা হোৱা ৰেনেচা বা নৱজাগৰণে আধুনিক যুগৰ বাট কাটি দিয়াৰ পাছতেই বিশ্বৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৌদ্ধিক, সাংস্কৃতিক আদি ক্ষেত্ৰক ব্যাপক পৰিৱৰ্তনৰ ঢৌৱে কোবাই গ’ল। বিশেষকৈ ১৪৪০ চনত জোহান্স গুটেনবাৰ্গে জাৰ্মানীত ছপাশাল আৱিষ্কাৰ কৰাৰ লগে লগে মানৱ সভ্যতাই এখন নতুন পৃথিৱীত প্ৰৱেশ কৰিলে বুলি ক’লেও বঢ়াই কোৱা নহ’ব। এসময়ত কেৱল পুৰোহিত আৰু আমোলা শ্ৰেণীৰ মাজত আবদ্ধ হৈ থকা জ্ঞানৰ বিশাল ভাণ্ডাৰ মুদ্ৰিত গ্ৰন্থৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত দ্ৰুতগতিত প্ৰচাৰ–প্ৰসাৰ হ’বলৈ ধৰিলে। তাৰ লগে লগে মধ্যযুগীয় গণ মাধ্যমৰ ক্ষেত্ৰখনতো ব্যাপক আৰু অভূতপূৰ্ব পৰিৱৰ্তনৰ সূচনা হ’ল।
ইউৰোপত সোতৰ শতিকাত ছপা সংবাদপত্ৰই জন্ম লাভ কৰাৰ লগে লগে আধুনিক গণ মাধ্যমৰ সুদূৰপ্ৰসাৰী জয়যাত্ৰা আৰম্ভ হয়। ঊনবিংশ আৰু বিংশ শতিকাত বিশ্বজুৰি গণ মাধ্যম হিচাপে ক্ৰমে আকাশবাণী আৰু দূৰদৰ্শনৰ প্ৰচলন আৰম্ভ হ’লেও বাতৰিকাকতৰ প্ৰভাৱ একেদৰেই থাকিল। লক্ষণীয় যে বাতৰি কাকতৰ জন্মলগ্নৰ পৰাই এই প্ৰশ্ন উত্থাপন হৈছিল— কাকত এখন জীয়াই ৰাখিবলৈ হ’লে মালিকপক্ষই ব্যৱসায়িক স্বাৰ্থক গুৰুত্ব দিয়াটো প্ৰয়োজন হৈ পৰে, কিন্তু ব্যৱসায়িক স্বাৰ্থ ৰক্ষা কৰি কাকত এখনে জনসাধাৰণৰ কিমান দূৰ হিত সাধন কৰিব? এই প্ৰশ্নৰ এক গ্ৰহণযোগ্য উত্তৰ দিয়াটো সম্ভৱপৰ নহ’লেও নিঃসন্দেহে ক’ব পাৰি যে বৃহৎ পুঁজিপতি গোষ্ঠীয়ে গণ মাধ্যমৰ ক্ষেত্ৰত বিনিয়োগ আৰম্ভ নকৰালৈকে অলপ হ’লেও সামাজিক চেতনাসম্পন্ন মালিকপক্ষৰ বাবে বাতৰিকাকত প্ৰকাশৰ উদ্দেশ্য কেৱল ব্যৱসায় কৰাটোৱেই নাছিল; এখন সমাজৰ জ্বলন্ত সমস্যাসমূহ শাসকপক্ষৰ দৃষ্টিগোচৰ কৰা, জনমত সৃষ্টি কৰা আদিও মূল উদ্দেশ্য আছিল। কিন্তু, পুঁজিপতি গোষ্ঠীয়ে মুদ্ৰণ বা বৈদ্যুতিন মাধ্যমত বিনিয়োগ আৰম্ভ কৰাৰ লগে লগে মালিকপক্ষই জনসাধাৰণৰ হিত সাধনৰ উদ্দেশ্যতকৈ ব্যৱসায়িক উদ্দেশ্যকহে অগ্ৰাধিকাৰ দিবলৈ ধৰে।
পুঁজিপতি নিয়ন্ত্ৰিত মূলসুঁতিৰ গণ মাধ্যমে অহৰহ শাসকপক্ষৰ সফলতাৰ খতিয়ান দাঙি ধৰাত ব্যস্ত হৈ থকাৰ বিপৰীতে প্ৰান্তীয় কণ্ঠক যথোচিত গুৰুত্ব আগতেও দিয়া নাছিল, এতিয়াও নিদিয়ে। মালিক পক্ষ বা সম্পাদনা পক্ষই বিজ্ঞাপনৰ উপৰি অন্যান্য সা–সুবিধাৰ আশাতে কাকত–আলোচনীত শাসকপক্ষক বিপাঙত পেলাব পৰা সংবাদ, প্ৰবন্ধ আদি প্ৰকাশ কৰিব নিবিচৰাৰ ফলত জনসাধাৰণৰ খং–ক্ষোভ–হতাশা, অভাৱ–অভিযোগ আদি অনুচ্চাৰিত হৈ ৰয়। শাসকপক্ষৰ আশীষধন্য সম্পাদক–সাংবাদিক–লেখকসকলে সমাজৰ জ্বলন্ত সমস্যাৰাজি কাকত–আলোচনীত তথ্যসহকাৰে আৰু নিৰপেক্ষভাৱে প্ৰচাৰ কৰাতকৈ বিভিন্ন মানৱীয় সমস্যা, তথাকথিত জনপ্ৰিয় ব্যক্তিৰ সঁচা–মিছা প্ৰেম কাহিনী আদি প্ৰচাৰতহে ব্যস্ত থাকে। এতিয়াও এই মাধ্যমে ঋণগ্ৰস্ত হেজাৰ হেজাৰ দৰিদ্ৰ কৃষকৰ সমস্যাতকৈ কৰীণা কাপুৰৰ কণমানি পুত্ৰৰ দুষ্টামিৰ খবৰ বা বিমুদ্ৰাকৰণৰ ফলত কঁকাল ভাগি পৰা লক্ষাধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ জীৱন–মৰণৰ সমস্যাতকৈ মুকেশ আম্বানিৰ কন্যাৰ কোটিটকীয়া বিবাহৰ আয়োজনৰ খবৰ প্ৰচাৰ কৰাটো বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে।
মূলসুঁতিৰ ব্যৱস্থাগত আৰু সুসংগঠিত গণ মাধ্যমে প্ৰান্তীয় কণ্ঠক যথোচিত গুৰুত্ব নিদিয়াৰ পৰিণতিতে শাসিতপক্ষক প্ৰতিনিধিত্ব কৰা বিভিন্ন দল–সংগঠনে প্ৰাচীৰ লিখন, প্ৰচাৰপত্ৰ বিতৰণ, বাটৰ নাট আদি বিকল্প গণ মাধ্যমৰ জৰিয়তে শাসকপক্ষৰ বিফলতা বা শাসন ব্যৱস্থাৰ দোষ–দুৰ্বলতা প্ৰচাৰ–প্ৰসাৰ কৰাত গুৰুত্ব দিছিল। মূলতঃ স্থিতাৱস্থাবিৰোধী দল–সংগঠনসমূহেই বিকল্প গণ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত নিজৰ মতাদৰ্শ প্ৰচাৰ কৰি বিকল্প শাসন ব্যৱস্থাৰ সন্ধান কৰিছিল।
বিকল্প গণ মাধ্যমৰ অন্য এক প্ৰভাৱশালী আহিলা হ’ল— ক্ষুদ্ৰ কাকত–আলোচনী। সাধাৰণতে একোটা সৰু অনুষ্ঠান বা দুজনমান সমভাবাপন্ন ব্যক্তিয়ে লগ হৈ ক্ষুদ্ৰ কাকত, আলোচনী আদি প্ৰকাশ কৰে। ক্ষুদ্ৰ কাকত–আলোচনীসমূহৰ প্ৰকাশৰ আঁৰত ব্যৱসায়িক উদ্দেশ্য বা প্ৰাতিষ্ঠানিক শক্তি নাথাকে বাবে সিবোৰৰ আয়ুস সাধাৰণতে তেনেই চমু হয়। কিন্তু, স্বল্পায়ু হ’লেও এনে ক্ষুদ্ৰ কাকত–আলোচনীসমূহে প্ৰান্তীয় অঞ্চলৰ বিভিন্ন সমস্যা সবল ৰূপত তুলি ধৰিবলৈ বা বিভিন্ন আৰ্থ–সামাজিক বিষয়সমূহত জনমত সৃষ্টি কৰিবলৈ বা নিৰ্দিষ্ট মতাদৰ্শ পৰিকল্পিতভাৱে প্ৰচাৰ কৰিবলৈ সক্ষম হয়। এইখিনিতে ক’ব পাৰি যে অসমৰ সংবাদ জগতৰ ইতিহাসত ড০ হীৰেন গোহাঁইৰ সম্পাদনাত আশী দশকত প্ৰকাশ পোৱা ‘কলাখাৰ’ কাকতে বিকল্প গণ মাধ্যম হিচাপে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। মূলসুঁতিৰ সংবাদ মাধ্যমে অসমৰ জনসাধাৰণৰ মাজত উগ্ৰ জাতীয়তাবাদী ভাবধাৰা প্ৰচাৰ কৰি ৰাজ্যখনত এক অগণতান্ত্ৰিক পৰিৱেশ সৃষ্টিৰ ক্ষেত্ৰত সাৰ–পানী যোগোৱাৰ সময়তে ড০ গোহাঁয়ে ‘কলাখাৰ’ৰ পাতত যুক্তিনিৰ্ভৰ আৰু তথ্যনিৰ্ভৰ সংবাদ পৰিৱেশন কৰি গণতান্ত্ৰিক চেতনাৰ চাকিগছি জ্বলাই ৰাখিছিল। ‘সাপ্তাহিক জনজীৱন’, ‘সাম্প্ৰতিক সাময়িকী’, ‘পদাতিক’, ‘নতুন পদাতিক’, ‘নতুন পৃথিৱী’, ‘নতুন মানুহ’, ‘নতুন চিন্তা’, ‘সেউজ চিন্তা’, ‘ত্ৰৈমাসিক কলং’, ‘প্ৰতিবাদ’, ‘ছাত্ৰ বাৰ্তা’, ‘সঁজাল’, ‘ক্ৰান্তি’, ‘ভূমি’ আদি অলেখ ক্ষুদ্ৰ কাকত আৰু আলোচনীয়ে অসমীয়া সাহিত্য–সংবাদ জগতত এক বিকল্প ধাৰাৰ সৃষ্টি কৰিছিল।
সি যি নহওক, মূলসুঁতিৰ বেছিভাগ সংবাদ প্ৰতিষ্ঠানে শাসকপক্ষৰ গুণ–গান গোৱাতে ব্যস্ত হৈ থাকিলেও দুই–এক সংবাদ প্ৰতিষ্ঠান জনসাধাৰণৰ প্ৰতি অলপ হ’লেও দায়বদ্ধতা প্ৰকাশ কৰিছিল। তেনে সংবাদ প্ৰতিষ্ঠানে সোঁতৰ বিপৰীতে গৈ হ’লেও জনসাধাৰণৰ অভাৱ–অভিযোগ আদি দাঙি ধৰিছিল। গণতান্ত্ৰিক শাসন ব্যৱস্থাত জনসাধাৰণৰ প্ৰতি দায়বদ্ধ সংবাদ প্ৰতিষ্ঠানৰ এনে সদৰ্থক ভূমিকাৰ বাবেই গণ মাধ্যম বা সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছিল। ভাৰতীয় গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ ইতিহাসত আমি দেখিছোঁ যে বিধানপালিকা আৰু কাৰ্যপালিকাই ওভতগোৰে নাচিবলৈ আৰম্ভ কৰিলে সংবাদ মাধ্যমে এই দুটা স্তম্ভক নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সোঁৱৰাই দিছিল। সংবাদ মাধ্যমৰ এনে সজাগ প্ৰহৰীৰ ভূমিকাক জনসাধাৰণে মুকলিকৈ সমৰ্থন কৰাৰ বিপৰীতে ক্ষমতাৰ নিচাত অন্ধ হৈ পৰা এচাম ৰাজনীতিকে আপোচহীন সংবাদ প্ৰতিষ্ঠানৰ কণ্ঠৰোধ কৰিবলৈও অপচেষ্টা চলাই আহিছে। কিন্তু, শেহতীয়াভাৱে প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত পূৰ্বতকৈ ৰাজনৈতিক হস্তক্ষেপ আৰু বৃহৎ পুঁজিপতি শক্তিৰ চাপ বৃদ্ধি হোৱাৰ ফলত মূলসুঁতিৰ সংবাদ মাধ্যমে ক্ষমতাশালী তথা ধনবলী ৰাজনীতিক আৰু পুঁজিপতি শক্তিৰ ওচৰত আপোচ কৰিবলৈ বাধ্য হৈ পৰিছে। ফলত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভসদৃশ সংবাদ মাধ্যমৰ ওপৰত থকা জনসাধাৰণৰ শেষ আস্থাকণো হ্ৰাস হৈ আহিছে। প্ৰায়বোৰ সংবাদ প্ৰতিষ্ঠানেই কোনো এক প্ৰভাৱশালী পক্ষক সহায় কৰিবলৈ এনেদৰে সংবাদ পৰিৱেশন কৰে যে সাধাৰণ পাঠক–দৰ্শকসকল বিভ্ৰান্ত হৈ পৰে। বহু সময়ত আকৌ কৃত্ৰিম জনমত গঠনেৰে জনসাধাৰণক প্ৰভাৱান্বিত কৰি প্ৰকৃত সত্যক ঢাকি ৰাখিবলৈ অপচেষ্টা কৰা দেখা যায়। সেইদৰে, নীতিনিষ্ঠ আৰু আপোচহীন সাংবাদিকৰ সংখ্যা দ্ৰুত গতিত কমি অহাত ক্ৰমশঃ ধূসৰ হৈ পৰিছে সংবাদ মাধ্যমৰ স্বচ্ছতা আৰু নৈতিকতা।
এনে এক পৰিস্থিতিত বিকল্প গণ মাধ্যমৰ প্ৰসংগটো পূৰ্বতকৈ বেছি চৰ্চিত হৈ পৰিছে। নক’লেও হয় যে তথ্য প্ৰযুক্তিৰ জগতত বৈপ্লৱিক পৰিৱৰ্তনৰ জোৱাৰ সৃষ্টি হোৱাৰ লগে লগে, বিশেষকৈ বিশ্বজুৰি ইণ্টাৰনেট সেৱা সুলভ হৈ পৰাৰ লগে লগে বিকল্প গণ মাধ্যমৰ ক্ষেত্ৰখনত পৰিলক্ষিত কেতবোৰ পৰম্পৰাগত ধ্যান–ধাৰণাও সলনি হৈ পৰিল। আগতে মূলসুঁতিৰ গণ মাধ্যমে প্ৰচাৰ কৰা খবৰ বা মতাদৰ্শ জনসাধাৰণৰ মনঃপূত নহ’লেও জনসাধাৰণে সিবোৰৰ বিৰোধিতা কৰাৰ সুযোগ খুব কমেই পাইছিল। ক্ষুদ্ৰ কাকত–আলোচনীৰ দৰে বিকল্প গণ মাধ্যমসমূহৰো অনেক সীমাবদ্ধতা আছিল বাবে জনসাধাৰণৰ ক্ষোভ–অসন্তুষ্টিয়ে শাসকপক্ষৰ নিদ্ৰা সহজে ভংগ কৰিব পৰা নাছিল। কিন্তু, তথ্য প্ৰযুক্তিৰ অভাবনীয় উত্তৰণৰ ফলত গণ মাধ্যম জনসাধাৰণৰ হাতৰ মুঠিলৈ আহিল আৰু সামাজিক গণ মাধ্যম ব্যৱহাৰ কৰা প্ৰতিজন লোকেই একোজন মুক্ত সাংবাদিক হৈ পৰিল। ফে’চবুক, হোৱাটছএপ আদি সামাজিক যোগাযোগৰ মাধ্যমসমূহত মুক্ত আলোচনা আৰু সুস্থ বিতৰ্কৰ সুবিধা থকা বাবে এই মাধ্যমসমূহ অত্যাধুনিক বিকল্প গণ মাধ্যমলৈ ৰূপান্তৰিত হ’ল। এই সামাজিক মাধ্যমসমূহে মূলসুঁতিৰ সংবাদ মাধ্যমৰ একপক্ষীয় বাতৰি পৰিৱেশনৰ ধাৰাকো সবলভাৱে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ’ল। পূৰ্বতে মূলসুঁতিৰ সংবাদ মাধ্যমৰ চকুত নপৰা বা পৰিলেও কোনো গুৰুত্ব নিদিয়া প্ৰান্তীয় সমাজৰ বিভিন্ন প্ৰসংগ সামাজিক মাধ্যমত ব্যাপক ৰূপত চৰ্চিত হ’বলৈ ধৰাত মূলসুঁতিৰ সংবাদ মাধ্যমেও সিবোৰৰ প্ৰতি গুৰুত্ব দিবলৈ একপ্ৰকাৰে বাধ্য হৈ পৰিল।
নব্য বিকল্প গণ মাধ্যমৰ মূল বৈশিষ্ট্য হ’ল, ইয়াক আনুষ্ঠানিকভাবে কোনো নিৰ্দিষ্ট লোকৰ দ্বাৰা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। ইয়াত পক্ষপাতিত্বৰ স্থানো নাই। মূলসুঁতিৰ সংবাদ মাধ্যমে বিভিন্ন মিথ্যাচাৰৰ প্ৰলেপেৰে ঢাকি থোৱা প্ৰকৃত সত্যক এই মাধ্যমে ৰাইজৰ মাজলৈ সহজে লৈ যাব পাৰে। এই মাধ্যমৰ জৰিয়তে দুবছৰমান পূৰ্বে এজন ভাৰতীয় সেনা জোৱানে কৰ্তব্যৰ সময়ত বিভাগীয়ভাৱে যোগান ধৰা নিম্নমানৰ খাদ্যৰ নমুনা দাঙি ধৰিবলৈ এক ভিডিঅ’ প্ৰচাৰ কৰিছিল। ভিডিঅ’টো সম্প্ৰচাৰ হোৱাৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ আলোড়নৰ সৃষ্টি হয়। সেই ভিডিঅ’টো ৰাজহুৱা হোৱাৰ পাছত মূলসুঁতিৰ সংবাদ মাধ্যমসমূহেও সামৰিক বিভাগৰ খাদ্য কেলেংকাৰিৰ খবৰ প্ৰচাৰ কৰিবলৈ বাধ্য হৈছিল। এই উদাহৰণেই নব্য বিকল্প গণমাধ্যমৰ শক্তিৰ উমান দিয়ে।
বুজা গ’ল যে বৰ্তমান সামাজিক যোগাযোগৰ মাধ্যমৰ ক্ষেত্ৰখন কেৱল বন্ধু–বান্ধৱ বা আত্মীয়–স্বজনৰ মাজত ভাবৰ আদান–প্ৰদানতে আবদ্ধ হৈ থকা নাই; ই বিভিন্ন তথ্যৰ আদান–প্ৰদান, বিভিন্ন মতাদৰ্শ প্ৰচাৰ, জনমত গঠন আদিৰ ক্ষেত্ৰতো ব্যাপক ৰূপত ব্যৱহৃত হৈছে। এই মাধ্যমৰ নেতিবাচক ব্যৱহাৰ সম্পৰ্কত কেতবোৰ সমালোচনা শুনিবলৈ পোৱা গ’লেও ইয়াৰ ইতিবাচক ব্যৱহাৰেহে বেছি চৰ্চা লাভ কৰিছে। ফে’চবুক, হোৱাটছএপ আদি সহজলভ্য আৰু বহু প্ৰচলিত সামাজিক মাধ্যমসমূহক প্ৰায়বোৰ ব্যৱহাৰকাৰীয়ে যোগাত্মক আৰু দায়বদ্ধ ৰূপত ব্যৱহাৰ কৰিবলৈ সক্ষম হ’লে এখন নতুন আৰু সুস্থ সমাজ গঢ়াৰ পথো প্ৰশস্ত হ’ব বুলি নিৰ্দ্বিধায় ক’ব পাৰি।
বিকল্প গণ মাধ্যম হিচাপে পৰিচিত পূৰ্বৰ ক্ষুদ্ৰ কাকত–আলোচনী, বাটৰ নাট, চিত্ৰকলা প্ৰদৰ্শনী আদি মাধ্যমৰ লগত শেহতীয়াভাবে যোগ হৈছে বৈদ্যুতিন আলোচনী, নিউজ পৰ্টেল, তথ্যচিত্ৰ, বক্তব্যমূলক ছুটি ছবি আদি। বৰ্তমান ছপা সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি, পৰিৱৰ্তিত পঠনাভ্যাস আদি বিভিন্ন কাৰণত নিয়মীয়াভাৱে প্ৰকাশিত ক্ষুদ্ৰ কাকত–আলোচনীৰ সংখ্যা কমি আহিলেও ক্ষুদ্ৰ কাকত–আলোচনীৰ অভাৱ নিউজ পৰ্টেল বা বৈদ্যুতিন আলোচনীসমূহে পূৰণ কৰিবলৈ সক্ষম হৈছে।
অত্যাধুনিক বিকল্প গণ মাধ্যমৰ দ্ৰুত প্ৰসাৰে কেৱল মূলসুঁতিৰ সংবাদ মাধ্যমৰ প্ৰচলিত ধ্যান–ধাৰণাকে ওলট–পালট কৰা নাই; সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত পৰিলক্ষিত প্ৰচলিত ধ্যান–ধাৰণাকো ওলট–পালট কৰি পেলালে। সৌ সিদিনালৈকে কেৱল এচাম নিৰ্দিষ্ট লোকে কাগজ–কলমেৰে গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ আদি লিখি কাকত–আলোচনীলৈ প্ৰেৰণ কৰাৰ পাছত সিবোৰ সম্পাদকসকলে চাই–চিতি প্ৰকাশৰ যোগ্য হয় নে নহয় নিৰ্ধাৰণ কৰিছিল। যিসকলৰ গল্প, কবিতা, প্ৰবন্ধ আদি আপেক্ষিকভাৱে বহু প্ৰচলিত কাকত–আলোচনীত নিয়মীয়াকৈ প্ৰকাশ হৈছিল; তেওঁলোকেহে কবি, গল্পকাৰ, প্ৰবন্ধকাৰ আদি স্বীকৃতি লাভ কৰিছিল। দুজনমান ‘লব্ধ প্ৰতিষ্ঠিত’ সাহিত্যিক–সমালোচকৰ আশীষধন্য হ’ব পাৰিলেতো কথাই নাই, তেওঁলোক ‘বিশিষ্ট’ৰ শাৰীত উপনীত হৈছিল। বহু সময়ত এনেকুৱাও হৈছিল যে কোনো লেখকৰ মৌলিক চিন্তা–চেতনাসম্পন্ন, গভীৰ অধ্যয়ন আৰু বিশ্লেষণৰ চাপ থকা লেখাও ‘মহামহিম’ সম্পাদকৰ দৃষ্টিত এলাগী হৈ পৰি ৰৈছিল। দুজনমান ধীমান, সহানুভূতিশীল সম্পাদকৰ ব্যতিৰেকে বেছিভাগ সম্পাদকেই লেখা প্ৰকাশৰ মান নিৰ্ণয়ৰ বাবে তৈল মৰ্দন, খাতিৰ–বাতিৰ, ৰূপ–যৌৱনক মাপ কাঠি হিচাপে ব্যৱহাৰ কৰিছিল বা কৰি আছে।
এই প্ৰজাতিৰ সম্পাদক–সমালোচক(প্ৰশংসক?)ৰ কৃপাতে ৰাজ্য বা দেশৰ কেন্দ্ৰীয় স্থানত বসবাস কৰা লেখক এজনক, লাগিলে তেওঁৰ লেখাৰ সংখ্যা আৰু গুণগত মান তুলনামূলকভাৱে কমেই হওক, প্ৰান্তীয় অঞ্চলৰ লেখকতকৈ বেছি গুৰুত্ব দিয়াৰ এক অশুভ পৰিৱেশ গঢ় লৈ উঠিছিল। এনে পৰিৱেশত প্ৰান্তীয় অঞ্চলৰ লেখকজন প্ৰবল আত্মবিশ্বাসী আৰু অধ্যাৱসায়ী নহ’লে টিকি থকাটোৱেই টান আছিল। দলাদলি, উপেক্ষা–অৱমাননাই তেওঁক টিলিকতে নস্যাৎ কৰি পেলাব পাৰে। অৱশ্যে, যশ–খ্যাতিৰ প্ৰতি লালায়িত নোহোৱা সামাজিক দায়বদ্ধতাসম্পন্ন লেখকৰ কথা সুকীয়া আছিল – বহু প্ৰচলিত কাকত–আলোচনীত নালাগে, ক্ষুদ্ৰ কাকত–আলোচনীত লেখা প্ৰকাশ কৰিব নোৱাৰিলেও তেওঁ হতাশ হোৱাৰ কথা নাভাবিছিল; প্ৰয়োজন হ‘লে দেৱালে দেৱালে তেওঁ নিজৰ মত প্ৰকাশ কৰি গৈছিল।
এতিয়া কথাবোৰ সলনি হ’ল। কবিতা বা গল্প এটা লেখি কাকত–আলোচনী পঠিয়াই প্ৰকাশৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ সময় উকলিল। কাগজ–কলমৰ পৰিৱৰ্তে ম’বাইল বা লেপটপৰ কী টিপি লেখা এটা ফে’চবুক–হোৱাটছএপ আদি মাধ্যমত এৰি দিলেই হ’ল। এনে মাধ্যমত কোনো নিৰ্দিষ্ট সম্পাদক নাথাকে বাবে সচেতন পাঠকসকলেই সম্পাদকৰ ভূমিকা লৈ ভুল–শুদ্ধ আঙুলিয়াই দিব। মানসম্পন্ন লেখা হ’লে দীক্ষিত পাঠকে আন্তৰিকতাৰে গ্ৰহণ কৰিব আৰু পৰম্পৰাগত মাধ্যমৰ সম্পাদনা কৰ্মীয়েও লেখাটো সংগ্ৰহ কৰি তথাকথিত মূলসুঁতিৰ মাধ্যমত প্ৰকাশ কৰিবলৈ বাধ্য হ’ব। মুঠতে এক সাহিত্য প্ৰতিভাৰ বিকাশৰ পথত আগৰ দৰে কোনেও হেঙাৰ হৈ থিয় দিব নোৱাৰে। সাংস্কৃতিক ক্ষেত্ৰখনতো একেই পৰিৱেশৰ সৃষ্টি হৈছে। এজন সংগীতানুৰাগী বা অভিনয়ানুৰাগীয়ে পূৰ্বৰ দৰে আত্মপ্ৰতিষ্ঠাৰ সপোন দেখি প্ৰযোজক–পৰিচালকৰ দৃষ্টি আৰ্কষণৰ বাবে চেষ্টা কৰাৰ প্ৰয়োজন নাই। ফে’চবুক, ইউটিউব আদিত গীত–অভিনয়ৰ ৰেকৰ্ড কৰি এৰি দিলেই হ’ল। নব্য গণ মাধ্যম ব্যৱহাৰকাৰীসকলে সেই গীত বা অভিনয় আদৰি ল’লে তেওঁৰ আত্মপ্ৰতিষ্ঠাৰ পথ মসৃণ হৈ পৰিব আৰু প্ৰযোজক–পৰিচালক তেওঁৰ ওচৰলৈ নিজেই দৌৰি আহিব। এই মাধ্যমত লাইক বা মন্তব্যৰ সংখ্যাই সৃষ্টিৰ মান নিৰ্ণয় নকৰে বুলি এতিয়া বহুতেই বুজি পাইছে বাবে অদূৰ ভৱিষ্যতে বিকল্প গণ মাধ্যমে পৰম্পৰাগত মাধ্যমক পিছ পেলাই বহু দূৰ আগুৱাই যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত গণ মাধ্যমৰ এই বৈপ্লৱিক পৰিৱৰ্তনে অসমকো চুই গৈছে। যোৱা দহ বছৰতে অসমৰ ভাষা–সাহিত্য আৰু সংবাদৰ ক্ষেত্ৰখনলৈ নব্য গণ মাধ্যমে কেতবোৰ নতুনত্ব কঢ়িয়াই আনিছে। ইণ্টাৰনেট ব্যৱহাৰ কৰা নতুন লেখক–লেখিকাসকলে সামাজিক যোগাযোগৰ মাধ্যমতে সাহিত্য চৰ্চা কৰিবলৈ লৈছে আৰু বহুতে উচ্চ মানৰ লেখাৰে সফলতাও অৰ্জন কৰিছে। এচামে ব্যক্তিগত বা আনুষ্ঠানিক ব্লগ আৰু ৱেবছাইটৰ জৰিয়তে চিন্তাৰ অনুশীলন চলাই গৈছে। উল্লেখ্য যে ২০১০ চনৰ ১৩ মাৰ্চত ‘এনাজৰী’ নামৰ অসমীয়া বৈদ্যুতিন আলোচনীখন প্ৰকাশ হোৱাৰ পাছতেই অসমীয়া আলোচনীৰ ইতিহাসত এক নতুন ধাৰাৰ সূচনা হয়। পৰৱৰ্তী পৰ্যায়ত ‘সাহিত্য’, ‘নীলা চৰাই’, ‘মুক্ত চিন্তা’, ‘বৌদ্ধিক বিচাৰ’ৰ আদি কেইবাখনো ভিন্নধাৰাৰ বৈদ্যুতিন আলোচনীৰ প্ৰকাশে এই ধাৰাটোক সমৃদ্ধ কৰি তুলিছে।
এইখিনিতে কৈ থোৱা যুগুত হ’ব যে অসমত সংবাদ মাধ্যমক এক উদ্যোগ ৰূপ দিয়া ব্যক্তিসকলেও কেৱল ব্যৱসায়িক স্বাৰ্থ সন্মুখত ৰাখি কাকত–আলোচনী প্ৰকাশ কৰা নাছিল; তেওঁলোকে জাতীয় স্বাৰ্থক সমানেই, দুগৰাকীমানে বেছিয়েই গুৰুত্ব দিছিল। কিন্তু, বিংশ শতিকাৰ শেষৰ ফালে উদ্যোগটোলৈ এচাম দুৰ্নীতিগ্ৰস্ত ব্যক্তি, ক’লা ব্যৱসায়ীৰো আগমন ঘটাত উদ্যোগটোৱে পূৰ্বৰ গৰিমা হেৰুৱাবলৈ ধৰিলে। মালিকপক্ষৰ ক’লা ধনৰ বিনিয়োগ, নীতিহীন সম্পাদক–সাংবাদিকৰ অসৎ ৰাজনীতিকৰ সৈতে মিতিৰালি, বিশ্বায়নৰ কুপ্ৰভাৱ আদিৰ ফলত অসমীয়া সাংবাদিকতাত চাঞ্চল্যধৰ্মী ধাৰা এটা প্ৰৱৰ্তন হয়। নতুন শতিকাৰ প্ৰথমকেইবছৰত ব্যক্তিগত বৈদ্যুতিন সংবাদ মাধ্যমৰ আগমনৰ পাছততো অসমীয়া সাংবাদিকতাত ৰুচিৰ সংকটেই দেখা দিলে। বৈদ্যুতিন সংবাদ মাধ্যমে টি আৰ পিৰ দৌৰত অৱতীৰ্ণ হোৱাৰ লগে লগে দহৰ বা সমাজৰ কোনো কামত নহা অপ্ৰয়োজনীয় খবৰেও গুৰুত্ব লাভ কৰাত বেছিভাগ দৰ্শকেই বিৰক্ত হৈ পৰিছে। দৃষ্টিকটু পক্ষপাতিত্ব, নীতিহীন ৰাজনীতিকৰ তৰল মন্তব্যৰ প্ৰচাৰ, অতিনাটকীয় উপস্থাপন আদিয়ে বৈদ্যুতিন সংবাদ মাধ্যমৰ প্ৰতি ৰুচিশীল পাঠকৰ মোহভংগ ঘটাইছে।
এনে এক সন্ধিক্ষণত অসমতো অত্যাধুনিক বিকল্প গণ মাধ্যমৰ আহিলা নিউজ পৰ্টেলৰ প্ৰাসংগিকতা বৃদ্ধি পায়। অসমৰ নব্য বিকল্প সংবাদ মাধ্যমৰ ক্ষেত্ৰত ‘অসমীয়াৰ সুখ–দুখ’ৰ দৰে বৈদ্যুতিন কাকত প্ৰকাশ পোৱাৰ উপৰি ‘News Next’, ‘আমাৰ খবৰ 24X7’, ‘নৰ্থ–ইষ্ট নাও‘, ‘চাবুৱা লাইভ‘ আদি নিউজ পৰ্টেলৰ আত্মপ্ৰকাশ এক উল্লেখযোগ্য ঘটনা। অৱশ্যে, এই মাধ্যমলৈ এতিয়াও অভিজ্ঞ সংবাদকৰ্মীৰ আগমন নোহোৱাত পৰ্টেলবোৰৰ সংবাদ পৰিৱেশন শৈলী দুৰ্বল হৈ আছে। বৰ্ণাশুদ্ধি, অশুদ্ধ বাক্যবিন্যাস আদিয়েও সচেতন পাঠকক বহু সময়ত উত্যক্ত কৰে।
আমাৰ ধাৰণা, অসমত এতিয়া বিকল্প গণ মাধ্যমক শক্তিশালী ৰূপ দিয়াৰ সময় আহিছে। এই মাধ্যমে সততা, মূল্যবোধ, নীতিনিষ্ঠতা আৰু সামাজিক দায়বদ্ধতাক আধাৰ হিচাপে লৈয়েই জনগণক প্ৰকৃত ৰাজনৈতিক শিক্ষাৰে শিক্ষিত কৰা, বিজ্ঞানসন্মত মানসতাৰ অধিকাৰী কৰা, জনজীৱনক সুস্থ জীৱনবোধেৰে উজ্জীৱিত কৰা আদি দায়িত্বও নিষ্ঠাৰে পালন কৰিব। বিকল্প গণ মাধ্যম জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকিলেহে সমাজ পৰৱিৰ্তনৰ নতুন যাত্ৰা ফে’চবুক, হোৱাটছএপ, পৰ্টেল আদিৰ পৃষ্ঠাৰ পৰা আৰম্ভ হ’ব বুলি আশা কৰিব পাৰি।