অনুবাদকবিতা

দেশ তুমি ভালে থাকা-(মূলঃ গাজী ৰহমান অনুবাদঃ বিতোপন গগৈ)

কথা আছিল
ৰেলত উঠাবা আমাক
কিন্তু ৰেলহে উঠিল
আমাৰ ওপৰত

দেশ তুমি ভালে থাকা
থৈ গৈছো ৰুটি
খাবা ভিজাই আমাৰ তেজত

দেশ তুমি ভালে থাকা

দেশ তুমি আৰু কিমান দিন
মৌন হৈ থাকিবা
কিমান জনৰ মৃত্যুত নিৰৱে কান্দিবা

দেশ তুমি নিৰৱে থকাটো
স্বভাৱ হৈ গৈছে
বিবেক তোমাৰ ঘূণে ধৰিছে

মই মৰিলো দুখ নাই
জীয়াই যে আছিলো
তাৰোতো একো অৰ্থ নাই

মোৰ বুঢ়ী আইক চাবা
দেশ তুমি ভালে থাকা

মোৰ জীৱন্ত দেহ লৈ যাবলৈ
গাড়ী নাই
মৃতদেহ নিবলৈ গাড়ীৰ ভীৰ

দুখ নাই মই মৰিছো বুলি
দুখ মাথো মানৱতাৰ মৃত্যু দেখি

দেশ তুমি ভালে থাকা!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *