কেন্দ্ৰীয় নিবন্ধনিবন্ধ

প্ৰসংগ : ভূমি অধিকাৰ, ট্রাইবেল বেল্ট এণ্ড ব্লক তথা “বিটিআৰ”ত বসবাস কৰা গোর্খাসকল ।। প্ৰকাশ কৈৰালা

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

গৃহভূমিক লৈ বড়ো ৰাইজে এক দীঘলীয়া সংগ্ৰাম কৰিছিল। বড়ো আন্দোলনত বহু হেজাৰ তেজাল বড়ো যুৱকে নিজৰ প্ৰাণ পৰ্যন্ত উচৰ্গা কৰিছিল। বড়ো আন্দোলনৰ মূল ভেটিয়েই আছিল ভূমি অধিকাৰ তথা সুকীয়া বড়োৰাজ্য। গোর্খাসকলে বড়োসকলৰ এই আন্দোলনক শ্ৰদ্ধাসহ সমৰ্থন কৰিছিল। শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে সহযোগ কৰিছিল বড়ো আন্দোলনক গোপালক গোর্খাই। কোনোকালেই গোর্খাসকল বড়োসকলৰ লগত সংঘৰ্ষত নমা নাই। গোর্খাসকলৰ জীৱন-ধাৰণ, আচাৰ-ব্যৱহাৰ বড়োসকলৰ পৰা বেছি পৃথক নহয়। পশ্চিমবংগই হওক, নেপালৰ ঝাপা জিলাই হওক, অথবা বড়োভূমিয়েই হওক, কেইবাদশক ধৰি ওচৰা-ওচৰিকৈ বহাৰ ফলত এই দুই জনগোষ্ঠীৰ মাজত নিকট আত্মীয়ৰ সম্বন্ধ গঢ় লৈ উঠিছিল। অৱশ্যে, গোর্খসকলৰ বিৰুদ্ধে এচাম দুষ্ট চক্ৰই বহিৰ্ৰাজ্য আৰু বিদেশৰ পৰা আহি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষিত শ্ৰেণীৰ সুৰুঙা লৈ বেল্ট-ব্লকৰ ভূমি গ্ৰাস কৰিব বুলি অপপ্ৰচাৰ চলোৱা বাবেই বড়ো ৰাইজৰ মাজত ভ্ৰান্ত ধাৰণাৰ সৃষ্টি নোহোৱাও নহয়।

সুকীয়া প্ৰসংগলৈ আহিছোঁ। বড়ো ৰাইজৰ দীঘলীয়া আন্দোলনৰ পিছত বিটিচিত স্থায়ী শান্তি ঘূৰাই অনাৰ স্বাৰ্থত ২৭ জানুৱাৰী, ২০২০ চনত ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা, এন.ডি.এফ.বি.-ৰ চাৰিওটা গোটৰ সৈতে ঐতিহাসিক তৃতীয় বড়ো চুক্তি নতুন দিল্লীত সম্পাদিত হৈছিল। বিটিচিবাসীয়ে আশা কৰিছিল, এই চুক্তিৰ পিছত বড়োসকলৰ সাংবিধানিক অধিকাৰৰ লগতে সেই অঞ্চলত পূৰ্বৰে পৰা বসবাস কৰা থলুৱা মানুহে ভূমিৰ অধিকাৰ প্ৰাপ্ত কৰিব। গোর্খা জনগোষ্ঠীয় সংগঠনসমূহৰ লগতে গোর্খা ৰাইজে বড়ো জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাৰ শান্তিপূৰ্ণ স্থায়ী সমাধানৰ পোষকতা কৰি আহিছে। বড়ো চুক্তি সম্পাদিত হ’ল। এতিয়া বিটিআৰ অঞ্চলত বসবাস কৰা গোর্খাসকলৰ লগতে আন আন সকলো জাতি-জনগোষ্ঠীৰ জনসাধাৰণৰ ভূমি, নিযুক্তি, ভাষা, ৰাজনৈতিক অধিকাৰ সাংবিধানিকভাৱে সুৰক্ষিত কৰি জনসাধাৰণৰ মনৰ চিন্তা আৰু সংশয় নিৰাময় কৰি আশ্বস্ত কৰাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, বিটিআৰ চৰকাৰ তথা চুক্তি স্বাক্ষৰকাৰীসকলৰ। যদি ২০০৩ চনৰ আগৰে পৰা বসবাস কৰা থলুৱা মানুহক যদি বিটিআৰ চৰকাৰে কাৰ্যক্ষেত্ৰত কাৰ্যকৰী কৰি ভূমি অধিকাৰ প্ৰদান নকৰে, তেতিয়া জনসাধাৰণৰ মাজত চিন্তা আৰু উদ্বেগ থকাটো স্বাভাৱিক হৈ পৰিব। আশা কৰোঁ, এই ক্ষেত্ৰত বিটিআৰ চৰকাৰে দৃষ্টি নিক্ষেপ কৰিব।

ভাৰতীয় সংবিধানৰ সংশোধন ঘটাই ষষ্ঠ অনুসূচী মতে গঠিত বিটিএডি অঞ্চলত অন্য ষষ্ঠ অনুসূচীৰ অঞ্চলৰ দৰে ভূমি-নীতি প্ৰযোজ্য নহ’ব বুলি ২০০৩ চনত স্বাক্ষৰিত হোৱা দ্বিতীয় বিটিচি চুক্তিত সন্নিৱিষ্ট কৰা হৈছিল। যদিও ভূমিৰ ক্ষেত্ৰত সকলো সংৰক্ষিত শ্ৰেণীৰ লোকক সম-অধিকাৰ দিয়া নাছিল, সেয়েহে মাজে সময়ে উত্তেজনাৰ সৃষ্টি হৈছিল। বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে চলা সংগ্ৰামখন সহযোগ কৰাৰ পিছতো গোর্খা ৰাইজ বহু ক্ষেত্ৰত প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হৈছিল। অৱশ্যে, তৃতীয় বড়ো চুক্তি সম্পন্ন হোৱাৰ পিছত গোর্খাসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি অসম চৰকাৰে সহানুভূতি দেখুৱাই ১৯৪৭ চনতেই নেপালী কৃষক তথা গোপালক ৰূপে ট্রাইবেল বেল্ট আৰু ব্লকত সংৰক্ষিত হোৱা জাতিক নেপালী নামকৰণৰ সলনি অকল গোর্খা জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰিলে। অৱশ্যে, এয়া প্ৰকৃত ভাৰতীয় গোর্খা নাগৰিক তথা ২০০৩ চনৰ আগতে বিটিচিত বসবাস কৰা গোর্খা ৰাইজৰ ক্ষেত্ৰতহে প্ৰযোজ্য। কিন্তু অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ পিছতো বিটিআৰ অঞ্চলৰ বেল্ট এণ্ড ব্লকত গোর্খাসকলে কাৰ্যক্ষেত্ৰত ভূমি অধিকাৰ প্ৰাপ্ত কৰা নাই।

অন্য প্ৰসংগলৈ যাওঁ। আজিৰ যুগত গৃহভূমিৰ প্ৰসংগ উপস্থাপন কৰিবলৈ যাওঁতে বৰ্তমানৰ ৰাজনৈতিক সীমাৰেখাৰ আধাৰত কৰিবলৈ চেষ্টা কৰিলে নহ’ব। অতীতে হওক অথবা প্ৰাক-ব্ৰিটিছ সামন্ত যুগতে হওক, বৰ্তমানৰ দৰে ৰাজনৈতিক সীমাবোৰ নাছিল। সেই যুগত বিভিন্ন জাতি-জনগোষ্ঠী, জনসম্প্ৰদায়ৰ লোকসকলৰ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ কম-বেছি পৰিমাণে অহা-যোৱা, জনবসতি স্থাপন কৰা ঘটনাবোৰ ঘটিছিল। সেয়েহে, “নেপালৰ বৃহৎ এলেকা ষষ্ঠ শতিকাৰ পূৰ্বে কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল আৰু এনে হোৱা বাবে স্বচ্ছল জীৱিকাৰ সন্ধানত গোর্খাসকল কামৰূপৰ ভিতৰুৱা অঞ্চললৈ প্ৰৱেশ কৰি স্থায়ীভাৱে বসবাস কৰাৰ সুযোগ গ্ৰহণ কৰিছিল। ঠিক একেদৰে, সেই যুগৰে পৰা বড়ো, ৰাজবংশীসকলেও নেপালত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছৰ পৰ্যায়তো অৰ্থাৎ এখন ভৌগোলিক এলেকাৰ পৰা আন এখন এলেকালৈ অহা-যোৱা, বসতি স্থাপন কৰা ঘটনা ঘটিছিল। সেই যুগত কোনো ৰাজনৈতিক সীমা নাছিল। আচলতে, এয়া আজিৰ দৰে প্ৰব্ৰজন বুলি ক’ব নোৱাৰি, যিহেতু এখন দেশৰ সীমাবদ্ধ এলেকাৰ পৰা আন এখন দেশলৈ মানুহ অহা-যোৱা কৰা নাছিল। প্ৰব্ৰজন আৰু সীমাৰ ধাৰণাক আমি বৌদ্ধিক তথা বিজ্ঞানসন্মতভাৱে চোৱাৰ প্ৰয়োজন আছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ গোর্খাসকলৰ গৃহভূমিৰ প্ৰসংগৰ লগত কোচ-ৰাজ্যৰ লগত নেপালৰ সম্পৰ্ক, দক্ষিণ ভূটানৰ ভূমি অধিবাসী ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্তি আৰু নেপালৰ ভূমি ভাৰতত অন্তৰ্ভুক্তিৰ ঐতিহাসিক পৃষ্ঠভূমি জানিব লাগিব। যিহেতু দুই দেশৰ গোর্খাসকলৰ জনবসতি বৃহৎ অংশ ভাৰতীয় সহিতে অসমীয়া হৈছিল। প্ৰাচীন কালৰপৰাই গোর্খাসকলৰ কামৰূপৰ লগত সম্পৰ্ক থকা কথাটো প্ৰাচীন অসমৰ বুৰঞ্জী, কালিকাপুৰাণ, যোগিনীতন্ত্ৰ আদিৰ পৰা জানিবলৈ পোৱা যায়। ছাৰ এডৱাৰ্ড গেইট চাহাবে তেওঁৰ গ্ৰন্থ “History of Assam”-ত কৈছে যে, প্ৰাচীন অসমৰ ৰজা নৰকাসুৰ কিৰাত গোষ্ঠীৰ সন্তান আছিল আৰু ৰজা জনকৰ পোষ্য পুত্ৰ আছিল। সেই নৰকৰ যুগৰ পৰাই গোর্খাসকলৰ কামৰূপ উপস্থিতি আছিল বুলি জানিব পৰা যায়।

ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বসবাস কৰা গোর্খাসকলৰ দৰে উত্তৰপূৰ্বাঞ্চলৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰপাৰে থকা জনজাতীয় খণ্ড আৰু আৱেষ্টনীত তথা বৰ্তমানৰ বিটিআৰ এলেকাৰ চাৰিওটা জিলাতে মানুহৰ জনবসতি আৰম্ভ হোৱা দিনৰ পৰাই গোর্খা জনগোষ্ঠীৰ উপস্থিতি থকা তথ্য পোৱা যায়। এই জনজাতীয় খণ্ড আৰু আবেষ্টনীত অতীতৰ পৰা বসবাস কৰি অহা অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে পিছপৰা ছয়টা সংৰক্ষিত সাম্প্ৰদায়ৰ উপৰিও সাধাৰণ শ্ৰেণীৰ অসমৰ থলুৱা লোকৰ উপস্থিতিয়ে ঠাইডোখৰ বহুজাতিক, বহুভাষিক এক মিলন ভূমি ৰূপে পৰিগণিত কৰিছে। ইতিহাসে ঢুকি পোৱা দিনৰ পৰাই কামৰূপত কিৰাতসকলে বসবাস কৰিছিল। এতিয়াও বিটিআৰ অঞ্চলত কিৰাতমূলীয়া মংগোলীয়ন গোষ্ঠীৰ লোকসকল আছে যদিও প্ৰত্যেকৰে নীতি-নিয়ম, ভাষা ভিন্ন-ভিন্ন। এই অঞ্চলত বসবাস কৰা কিৰাতমূলৰ মংগোলীয় গোষ্ঠীৰ জাতিসমূহ ক্ৰমে-বড়ো, ৰাভা, গাৰো, কোচ, দেউৰী, মদাহী, আদিৰ উপৰিও গোর্খা জনগোষ্ঠীৰ তিব্বত-বৰ্মী উপভাষী লিম্বু, ৰাই, খম্বু, মগৰ, গুৰুংসকলৰ বৰণ, শৰীৰ গঠন, আচাৰ-ব্যৱহাৰ আদি অনেক ক্ষেত্ৰত মিল থকা দেখা যায়। নৃতত্ত্ববিদসকলৰ অধ্যয়ন মতে, বৰ্তমানৰ শ্বিলং, যাক উত্তৰ কাছাৰৰ কোৰবাকুট, হাফলং আদি অঞ্চলত সু-প্ৰাচীন কালৰ পৰাই গুহা-মানৱে বসবাস কৰা বুলি শুনিবলৈ পোৱা যায়। সেয়েহে, পৰৱৰ্তী কালত আৰ্য ভাষাত ৰচিত ধৰ্মপুথিবোৰত আমাৰ অঞ্চলৰ ৰাইজক কিৰাতবাসী বা কিৰাণ্টিক বুলি কোৱা হৈছিল আৰু এই কিৰাণ্টিক শব্দয়ে গুহাত বাস কৰা মানুহক বুজায় বুলিও জনা যায়। উপৰিউক্ত তথ্যৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে, উত্তৰপূৰ্বাঞ্চলৰ লগত কিৰাতসকলৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। সেয়েহে, ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিৰাতমূলীয় গোর্খাসকল অতীতৰ পৰাই এই অঞ্চলৰ বাসিন্দা আছিল বুলি কোৱাৰ যথেষ্ট থল আছে। যিহেতু হিমালয়ৰ নামনিৰ খম্বু, লিম্বু আৰু যখা জনজাতিৰ বাসস্থান, দুধকোশি আৰু অৰুণৈৰ মাজৰ ভূখণ্ডত আছিল, সেই ভূমিক আজিও কিৰাত বোলা হয়। কৰ্ণেল ডালটণৰ মতে, ‘কিৰাত জাতিৰ মানুহে প্ৰাচীন কালৰ পৰাই উত্তৰ-পূব ভাৰতত বসবাস কৰি আহিছিল।’ গোর্খা জনগোষ্ঠীৰ এই কিৰাতগোষ্ঠীৰ লোকসকল বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলৰ ষষ্ঠ অনুসূচীসমূহৰ লগতে ভৈয়াম জনজাতিসকলৰ অধ্যুষিত অঞ্চলত সমিল-মিলেৰে বসবাস কৰা দেখা যায়। ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিৰাতসকল উপস্থিতিৰ প্ৰসংগত ১৯৭৩ চনৰ সাপ্তাহিক নীলাচল কাকতৰ বিশেষ সংখ্যাত এনেদৰে পোৱা যায়, “সবৰ্ণ হিন্দু জাতিৰ আগমনৰ লগে লগে কিৰাতসকলৰ এটা ঠাল কাছাৰ উপত্যকাৰ নামনি অঞ্চললৈ আৰু আনটো ঠাল হিমালয়ৰ নামনিলৈ উঠি গ’ল। এই পিছৰ ঠালটোৱেই হৈছে ৰাই, লিম্বু, মগৰ, কোচ, মেচ, লেপচা আদি। ‘নেপালৰ ভাষা বংশাৱলী’ নামৰ পুথিত নেৱাৰ জাতি ‘ব্ৰহ্মপুত্ৰ ক্ষত্ৰীয়’ বংশৰ বুলি উল্লেখ আছে। ঐতিহাসিক পণ্ডিত আৰু ভাষাবিদসকলৰ উপৰিউক্ত মন্তব্যৰ পৰা এটা কথা অনুমান কৰিব পাৰোঁ যে, তিব্বতো মংগোলীয় গোষ্ঠীৰ এচাম মানুহ তামাং, চেৰ্পা আদি দুৰ্গম হিমালয় পৰ্বত পাৰ হৈ তিব্বতৰ পৰা এই দেশলৈ নামি আহিছিল যদিও এই গোষ্ঠীৰ সৰহভাগ মানুহেই উত্তৰ-পূৱৰ দুৱাৰেদি অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাইদিহে ভাৰতত সোমাইছিল। বৰ্তমান গোর্খা সমাজৰ সৰহসংখ্যক মানুহ এই গোষ্ঠীৰ। সম্ভৱতঃ আদিতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অধিবাসী আছিল। সেইবাবে অসমৰ আদিবাসী আৰু সৰহসংখ্যক নেপালীভাষী এই লোকসকলৰ মাজত সামাজিক, আচৰণ-ব্যৱহাৰ, লোকগীত, লোক-নৃত্য, উৎসৱ, জীৱন-যাপনৰ বিভিন্ন দিশৰ সাদৃশ্য দেখিবলৈ পোৱা যায়।

লিম্বুসকল ব্ৰহ্মপুত্ৰ উপত্যকাৰ পুৰণি বাসিন্দা আছিল। লিম্বুসকলৰ প্ৰসংগত ইতিহাসবিদ এছ. চি. বৰুৱাই এনেদৰে কৈছে, “According to one Version based on a limbulegand of creation, they are original Inhabitants of Cachar Country (Kachar country or Mule Country) the name given by the Gorkha people of the foothill regions lying between the Brahmaputra and the Kosi rivers.” যদি ‘খাছাৰ’ নামটো গোর্খাসকলে দিছিল, অৰ্থাৎ পুৰণি দিনৰ পৰাই ব্ৰহ্মপুত্ৰ আৰু কোশী নৈৰ মাজৰ দীঘলীয়া ঠাই, পাহাৰৰ দাঁতি অঞ্চলবোৰ কোচ, মেচ, ধিমালসকলৰ উপৰি গোর্খাসকলে বসবাস কৰিছিল। অতিকৈ দুৰ্গম অঞ্চলবোৰত বসতি স্থাপন কৰি ভালপোৱা এই কিৰাত গোষ্ঠীৰ গোর্খাসকলৰ অৱস্থা বাৰুকৈয়ে শোচনীয়। বৰ্তমান সময়ত মানৱ-জাতিৰ উন্নত জীৱন-ধাৰণ পদ্ধতিয়ে ঢুকি নোপোৱা এই বংশৰ গোর্খালোকসকল বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত কিছু সংখ্যক নগৰীয়া প্ৰভাৱৰ ফলত শিক্ষিত যদিও সৰহ সংখ্যকেই অশিক্ষিত আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত। আমাৰ অঞ্চলৰ কৰ্মঠ, লাজুকীয়া স্বভাৱৰ সহজ-সৰল প্ৰজাতিৰ কিৰাত গোষ্ঠীৰ মংগোলীয়ান গোর্খাসকল তিব্বত-বৰ্মী উপভাষী (তেওঁলোকৰ নিজৰ দেৱান যেনে, লিম্বু, ৰাই, মগৰ আদি আছে) যদিও সংযোগী মূল ভাষা হিচাপে গোর্খালী/নেপালী ভাষা ব্যৱহাৰ কৰে। গোর্খাসকল শৈক্ষিক আৰু সামাজিকভাৱে অনুন্নত হোৱা বাবে বিজ্ঞানসন্মতভাৱে নৃগোষ্ঠীয় ইতিহাস চৰ্চা হোৱা নাই। গোর্খাসকলৰ দুৰ্দশা, অৱমাননা, অপমানৰ প্রতি লেখক তথা বুদ্ধিজীৱীয়ে সহৃদয়তা দেখুৱাব নোৱাৰাটো দুৰ্ভাগ্যজনক।

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে থকা খণ্ড আৰু আৱেষ্টনীত (Tribel Belt And Block) অসম ভূমি আৰু ৰাজহ আইন-১৮৮৬ প্ৰস্তুত হোৱাৰ আগৰে পৰা অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে পিছপৰা গোর্খা জনগোষ্ঠীয় লোকসকলৰ বসবাসৰ ঐতিহাসিক তথ্য পোৱা যায়। এই বেল্ট এণ্ড ব্লকত বসবাস কৰা গোর্খাসকল ঘাইকৈ গো পালক আৰু কৃষক আছিল। গো পালক গোর্খাসকলে পথাৰত, দাঁতি-কাষৰীয়া হাবি-বননিত মুক্তভাৱে গৰু-ম’হ চৰোৱাৰ পৰম্পৰাগত অধিকাৰ ভোগ কৰিছিল। ব্ৰিটিছ চৰকাৰে গৰু-ম’হৰ চৰণ মাচুল লগোৱাৰ আইন প্ৰৱৰ্তন কৰিছিল। এই আইনৰ ফলত গো পালকসকলে এক বুজন পৰিমাণৰ কৰ চৰকাৰক দিবলগীয়া হৈছিল। ‘১৮৮৮ চনত বছৰি ম’হটোৱে প্ৰতি আঠ অনা আৰু গৰুটোৱে প্ৰতি চাৰি অনা মাচুল ধার্য কৰা হৈছিল।’ অৰ্থাৎ, ১৮৮৮ চনৰ পূৰ্বৰে পৰা গোর্খাসকলে ব্ৰহ্মপুত্ৰ উপত্যকাৰ খণ্ড আৰু আৱেষ্টনীত গো পালন আৰম্ভ কৰিছিল। অৱশ্যে, পূৰ্ববংগৰ পৰা অসমলৈ হোৱা অবাধ লোক প্ৰব্ৰজনে থলুৱা গো পালক গোর্খা, মিচিং তথা জনজাতিসকলক বিশেষকৈ প্ৰভাৱিত কৰিছিল। মহম্মদ ছাদুল্লাই প্ৰধানমন্ত্ৰী পদ দখল কৰাৰ পূৰ্বে বৃহৎ পৰিমাণে পূর্ববংগৰ ব্ৰহ্মপুত্ৰৰ চৰবোৰলৈ লগতে বেল্ট আৰু ব্লকৰ ভূমিলৈ মৈমনশিঙীয়া লোকৰ প্ৰৱেশ ঘটিছিল। ফলত, গো পালন কৰা থলুৱা গোর্খাসকল আৰু প্ৰব্ৰজনকাৰী খেতিয়কৰ প্ৰত্যক্ষ সংঘাত আৰম্ভ হৈছিল। প্ৰব্ৰজনকাৰীসকলে জনজাতীয় লোকসকলৰ লগতে গো পালকসকলৰ ভূমিও গ্ৰাস কৰিছিল। পূৰ্ববংগবাসী মৈমনশিঙীয়াৰ জনসংখ্যাই অসমৰ পিছপৰা লোকসকলৰ লগতে জনজাতিসকলক ভীতিগ্ৰস্ত কৰিছিল। বিশেষকৈ কামৰূপ আৰু বৰপেটা, দৰং জিলাৰ বেল্ট-ব্লকসমূহত ভূমি আগ্ৰহী লোকৰ সংখ্যা বৃদ্ধি হৈছিল। উল্লেখ্য যে, এই ভূমি আগ্ৰাসনৰ ফলত গোর্খা, আদিবাসী, জনজাতি, অনুসূচীত জনজাতি আৰু পমুৱা অনুপ্ৰৱেশকাৰীসকলৰ মাজত মৰামৰি কটাকটি পৰ্যন্ত হৈছিল। এইদৰে ‘পূর্ববংগৰ পৰা অসমলৈ হোৱা লোক প্ৰব্ৰজন আৰু অসমত তেওঁলোকৰ পুনৰ্বাসনে যাতে থলুৱা, খিলঞ্জীয়া অধিবাসীসকলৰ সুকীয়া অস্তিত্ব আৰু অৰ্থনৈতিক সা-সুবিধা বিনষ্ট বিপন্ন কৰিব নোৱাৰে, তাৰ বাবে অসম চৰকাৰে ১৯২০ চনত ‘লাইন প্ৰথা’ প্ৰৱৰ্তন কৰি কাৰ্যকৰী কৰে।’ ভূমি আগ্ৰাসনৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টোত ব্ৰিটিছ প্ৰশাসকসকলে জনবসতিবিহীন খালী ঠাইবোৰত কোনোৱে বসতি কৰিব নোৱাৰিব আৰু সেই সেই অঞ্চলবোৰত এই লাইন প্ৰথা কাৰ্যকৰী কৰিব বিচাৰিছিল। এই প্ৰথা বৰপেটা, নগাঁও আৰু কামৰূপত চলোৱা হৈছিল। অৰ্থাৎ, এই লাইন প্ৰথা অনুযায়ী একোটা নিৰ্দিষ্ট এলেকাতহে পূৰ্ববংগীয় মুছলমানসকলক পুনৰ্বাসন দিয়াৰ ব্যৱস্থা হৈছিল। অৱশ্যে, এই প্ৰথা আশা কৰা মতে কাৰ্যকৰী হোৱা নাছিল। আনহাতে, দুৰ্নীতিপৰায়ণ ৰাজহ বিষয়াই লাইন প্ৰথা উলংঘা কৰি পমুৱাক মাটি পট্টা দি চহকী হৈছিল। ‘অসমত পুনৰ ১৯৩৯ চনত কংগ্ৰেছ সমৰ্থিত চৰকাৰ গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠন হোৱাৰ পিছত সেই লাইন প্ৰথা সমিতি তথা হকেনহল কমিটিৰ অনুমোদনৰ আৰ্হিত এটি বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰি ভূমি সংৰক্ষণৰ বাবে বেল্ট এণ্ড ব্লক গঠনৰ বিষয় চৰ্চালৈ আহিছিল।’ অৱশ্যে, এই গুৰুত্বপূৰ্ণ বিষয়সমূহ কুইট ইণ্ডিয়া মুভমেন্টত বৰদলৈদেৱে যোগদান কৰাৰ বাবে কাৰ্যকৰী কৰিব নোৱাৰিলে। উল্লেখ্য যে, ”১৯৪৪ চনৰ নৱেম্বৰ মাহত বহা বিধানসভাত ৰাজ্যপালে গোপালক তথা কৃষকসকলৰ সমস্যাক লৈ বিশদৰূপে আলোচনা কৰিছিল। ইয়াৰ ফলত ১৭ৰ পৰা ১৯ তাৰিখলৈ বহা সভাত এটি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। Political History Of Assam Voll-III ত এই প্ৰস্তাৱৰ বিষয় এনেদৰে লিখা আছে’, “Suggested to the Government through a resolution to adopt measures to stop cultivation in the professional grazing reserves to serve notice to the encroachers to vacate the reserve within six months, and to settle the evicted families from the grazing reserves elsewhere. however, the failure of the Government to implement the recommendation, compelled the Gorkha League to persist with its demand for protection of the interest of the Gurkha graziers in Assam.” অৰ্থাৎ, গোর্খা লীগে গো-পালক তথা কৃষক অৰ্থাৎ গ্ৰেজিয়াৰ্ছসকলৰ ভূমি সংৰক্ষণৰ বাবে সেই সময়ত চৰকাৰৰ ওচৰত দাবী জনাইছিল। ইয়াৰ মূলত আছিল পূর্ববংগীয় মূলৰ মানুহৰ পৰা থলুৱা গোর্খাসকলৰ ভূমি সংৰক্ষণ দিয়া। যিহেতু অনুপ্ৰৱেশকাৰীৰ পৰা থলুৱা গোর্খাসকলো প্ৰভাৱিত হ’বলগীয়া হৈছিল। উল্লেখ্য যে, ‘গোপীনাথ বৰদলৈদেৱে গ্ৰেজিয়াৰ্ছসকলৰ এই সমস্যাটোক লৈ ১৯৪২ চনৰ ১৪ মাৰ্চ তাৰিখে মহাত্মা গান্ধীলৈ চিঠি প্ৰেৰণ কৰিছিল।

উল্লেখ্য যে, ১৭-১১-১৯৩৯-ৰ পৰা ২৫-১২-১৯৪১ চনলৈ মুছলিম লীগৰ লগত ট্রাইবেল লীগৰ মিলিজুলি চৰকাৰ গঠন হ’ল। ট্ৰাইবেল লীগে ‘Line System’ কৰি দিয়াৰ প্ৰতিশ্ৰুতি ছাদুল্লাৰ পৰা পোৱা বাবেই মুছলিম লীগৰ নেতা ছাদুল্লাক সমৰ্থন কৰিছিল। কিন্তু এই প্ৰথাৰ যোগেদিও জনজাতিসকলৰ বিশেষ উন্নতি হোৱা নাছিল। পাছত, ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত ট্ৰাইবেল লীগে কংগ্ৰেছত যোগদান কৰে। সেয়েহে, সেই সময়ত বৰদলৈ মন্ত্ৰীসভাই ১৯৪৫ চনৰ ভূমি পট্টা নীতিত সন্নিৱিষ্ট প্ৰতিশ্ৰুতিৰ আধাৰত ১৯৪৭ চনতে ‘অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬’ ৰ সংশোধন কৰি মূল আইনখনৰ লগত দশম অধ্যায় (Chapter-X Protection Of Backward Classes) সন্নিৱিষ্ট কৰে। এই আইনখনৰ জৰিয়তে অসম চৰকাৰে সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিকভাৱে পিছপৰা ছয়টা জনজাতি/জনগোষ্ঠীক অনুপ্ৰৱেশকাৰী খেতিয়কৰ পৰা ৰক্ষণাবেক্ষণ দিব নোৱাৰা বাবেই সংৰক্ষিত বেল্ট এণ্ড ব্লক গঠন কৰি সুৰক্ষা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে। অৱশ্যে, ইয়াৰ পূৰ্বেই অৰ্থাৎ ১৯৩৯ চনৰ নৱেম্বৰ মাহতে অসম চৰকাৰে এটা প্ৰস্তাৱো লৈছিল ভৈয়ামৰ জনজাতি, পাহাৰী জনজাতি, চাহ জনজাতি অধ্যুষিত, নেপালীৰ খেতি আৰু গৰু-ম’হৰ খুঁটি থকা অঞ্চলবোৰ আৰু তপছীলভুক্ত জাতিয়ে বাস কৰা অঞ্চলবোৰত ভূমি হস্তান্তৰকৰণত নিষেধাজ্ঞা জাৰি কৰাৰ সপক্ষে। উল্লেখ্য যে, এই প্ৰস্তাৱ লোৱাৰ অলপ পাছতে বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰিবলগীয়া হোৱা বাবেই পৰৱৰ্তী পৰ্যায়ত ছাদুল্লা মন্ত্ৰীসভাই প্ৰস্তাৱটো গাপ দি থ’লে। যি কি নহওক, ১৯৪৭ চনত পুনৰ গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই কাৰ্যভাৰ গ্ৰহণ কৰিয়েই ৩৩টা জনজাতীয় খণ্ড আৰু আৱেষ্টনী গঠন কৰি ৫ ডিচেম্বৰ তাৰিখে R/D -69/46/19 নং অধিসূচনাৰ জৰিয়তে ভৈয়ামৰ জনজাতিসমূহ, পাহাৰৰ জনজাতিসমূহ, চাহ বাগানৰ জনজাতি, চাওঁতালসকল, নেপালী কৃষক-গোপালকসকল, অনুসূচীত জনজাতিৰ কৃষকসকলৰ ভূমি সংৰক্ষণৰ ব্যৱস্থা প্ৰদান কৰে। সেই সময়ত চৰকাৰে লোৱা সিদ্ধান্তৰ কোনো বিৰোধিতা জনজাতীয় সংগঠনে কৰা নাছিল। বিশেষকৈ ট্ৰাইবেল লীগৰ দূৰদৰ্শী নেতা ভীমবৰ দেউৰীয়েও সেই সময়ত গোর্খাসকলক সন্নিৱিষ্ট কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা তথ্য পোৱা নাই। যিহেতু, এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সংৰক্ষিত শ্ৰেণী হিচাপে পিছপৰা গোর্খাসকলক অন্তৰ্ভুক্তৰো এটি ঐতিহাসিক কাৰণ আছিল। গো পালক ৰূপে গোর্খাসকলে জনজাতিসকলৰ লগত মিলাপ্ৰীতিৰে অতীতৰে পৰা বসবাস কৰিছিল। উদাহৰণস্বৰূপে, বৰ্তমান বাক্সা জিলাৰ তামুলুপুৰ মহকুমা অন্তৰ্গত সুৱাগপুৰত ১৯২২ চনৰ বহু আগৰপৰাই সেই অঞ্চলত গো পালন কৰি গোর্খা ৰাইজে বসবাস কৰিছিল। কামৰূপ জিলাৰ Sub Deputy Collector-এ প্ৰেৰণ কৰা এটি দলিলৰ পৰা জনা যায় যে, গোর্খাসকলে সুৱাগপুৰ অঞ্চলত ৪০ ঘৰ মানুহে ১০০০ ম’হ আৰু ৩,৫০০ গৰু লৈ বসবাস কৰিছিল। একেদৰে, পুৰণি দৰং জিলাৰ মঙলদৈ, চিপাঝাৰ, গৰুখুটি, ওদালগুৰি, শোণিতপুৰ আদি ঠাইতো গো পালন কৰি গোর্খা ৰাইজে ঊনৈশ শতিকাৰ মধ্যভাগৰ পৰা বসবাস কৰিছিল। ১৮৪০ চনত শোণিতপুৰৰ এৰাবাৰীত ধৰ্মানন্দ তিমচিনাৰ দুশজনী ম’হ আছিল। বৰ্তমানৰ দৰং জিলাত ১৮০০ শতিকাৰে পৰা ২০০-ৰো অধিক গ্ৰেজিয়াৰ্ছ পৰিয়াল আছিল বুলি জনা যায়। ”পুৰণি বৰপেটা জিলাত গোঠু মহাজনে ১৯৩০ চনত ১৫০০ ম’হ পালন কৰিছিল। হস্তবিৰ কাৰ্কীৰ ১৫০০ জনী গৰু আৰু ১০০০ টা ম’হ আছিল। এই বৰপেটা জিলাৰ গোর্খাসকলে খুটিসহ বাঘবৰলৈ বিস্তৃত গোবিন্দপুৰ আদি ঠাইতো আছিল। একেদৰে, নলবাৰী জিলাৰ মুকালমুৱা লাঠুৱা ভাংনামাৰিত পশুধনসহ ১৬৫ ঘৰ গোর্খা পৰিয়াল আছিল। ১৯৩০ চনৰে পৰা থকা গোর্খা পৰিয়ালৰ ১০০-১৫০ জনীলৈ গৰু আছিল। বৰ্তমান বাক্সা জিলাৰ নিকাছিত শিৱনিধি বামুনৰ নামত থকা ১৯১৭ চনৰ গ্ৰেজিঙ পাৰ্মিট পোৱা গৈছে। কোকৰাঝাৰ জিলাত ১৯৩২ চনৰ বনবিভাগৰ তথ্য তথা ১৯৩১ চনৰ বহু আগৰ গো পালনৰ তথ্য পোৱা যায়। চিৰাং জিলাত দেৱৰগাঁৱত কৰ্ণখৰ উপাধ্যায়ৰ নামত ১৯২১ চনৰ এটি দলিল পোৱা গৈছে। লখিমপুৰ জিলাত পাহলামান ৰাউতৰ ঘৰত ১৯০৪ চনৰ ভূমি পাট্টা পোৱা গৈছে। চতিয়াৰ চমাৰ দলনি গাঁৱত এজন ব্যক্তিৰ ঘৰত ১৮৩০ চনৰ ইংৰাজ আমোলাৰ এখন পট্টা পোৱা গৈছে। পানপুৰত মতি শৰ্মা নামৰ এগৰাকী গোর্খা ব্যক্তিৰ হাতৰ পৰা ১৮৮০ চনৰ মাটিৰ পট্টা উদ্ধাৰ কৰা হৈছে।

উক্ত কেইটামান প্ৰমাণিত দলিলৰ বাহিৰেও বেল্ট-ব্লকত গোর্খাসকলৰ বসবাসৰ বহু দলিল আছে। এইবোৰ ঐতিহাসিক কাৰণৰ বাবেই শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰা সহজ-সৰল গোপালক গোর্খাসকলক বেল্ট আৰু ব্লকত সুৰক্ষিত শ্ৰেণীৰূপে অন্তৰ্ভুক্ত কৰি জনজাতিসকলৰ লগতে গোর্খাসকলৰো ভূমি সুৰক্ষাৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল। বেল্ট আৰু ব্লক ১৯৪৭ ইং চনৰ পৰা ১৯৫১ চনলৈ ৩৩টা গঠনৰ অধিসূচনা জাৰি কৰা হয়। বৰ্তমান অসমত ১৭টা খণ্ড আৰু ৩০টা আৱেষ্টনী ভৈয়াম অঞ্চলত আছে। অৱশ্যে, বৰ্তমান চৰকাৰে অধিক বৃদ্ধিৰ পোষকতা কৰি বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। সংৰক্ষিত শ্ৰেণীৰ বাহিৰে পমুৱা তথা বাংলাদেশৰ পৰা অহা লোকে বেল্ট আৰু ব্লকৰ পতিত চৰকাৰী খাচ মাটিত আৰু পট্টাৰ মাটিত বলপূৰ্বক আবাদ কৰি শান্তিপ্ৰিয় হোজা জনজাতি, গো পালক গোর্খা, আদিবাসী, তথা থলুৱা মানুহৰ মাজত অশান্তি সৃষ্টি কৰি সুৰক্ষিত সম্প্ৰদায়ৰ জীৱন, সম্পত্তি তথা জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰে। উল্লেখ্য যে, ১৯৮১ চনৰ অসম ভূমি সংস্কাৰ আয়োগৰ মতে ট্ৰাইবেল বেল্ট আৰু ব্লকৰ এই পৰিভাষা আইনগতভাৱে ভ্ৰমাত্মক। গতিকে, আইনগতভাৱে এই গোটসমূহ পিছপৰা শ্ৰেণীসমূহৰ বেল্ট এণ্ড ব্লক বুলিও নামকৰণ কৰা উচিত। আশ্চৰ্যজনকভাৱে, স্বাধীনতাৰ পূৰ্বে হকেনহল সমিতিৰ ১৯৩৯ চনৰ প্ৰস্তাৱ মতে বৰদলৈ চৰকাৰৰ দিনত সংৰক্ষিত শ্রেণীৰূপে বেল্ট আৰু ব্লকত সুৰক্ষা প্ৰদান কৰি অহা গো পালকসকলক অকাৰণতে কাৰোবাৰ খেয়াল-খুছিত অসম চৰকাৰৰ ৰাজহ বিভাগৰ No, RSD26/64PT/15 dated Shillong the 27th June 1969 ৰ অধিসূচনাৰ জৰিয়তে ট্ৰাইবেল বেল্ট বাৰু ব্লকত থকা সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা কৰ্তন কৰা হৈছিল। এয়া আছিল সেই সময়ত থলুৱা মানুহৰ প্ৰতি চৰকাৰে কৰা বৈষম্যমূলক আচৰণ। গোর্খাসকলক সংৰক্ষিত শ্ৰেণীৰ পৰা বাদ দিয়া বিষয় লৈ ২২/১১/১৯৭০ চনত অসম গোর্খা সন্মিলনৰ প্ৰতিনিধিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী, ৰাজহ আৰু বনমন্ত্ৰীক শ্বিলঙত আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি বিজয় চন্দ্ৰ ভাগৱতীক গুৱাহাটীত লগ ধৰে। উক্ত প্ৰতিনিধিবৰ্গক তেতিয়া জানিবলৈ দিয়া হৈছিল, ‘১৯৬৯ চনৰ ২৭ জুনৰ পিছত তালৈ নতুনকৈ যাব বিচৰা নেপালীসকলক বাধা দিবলৈহে’। অৱশ্যে, এই বিজ্ঞপ্তিখনৰ মতে ১৯৬৯ চনৰ আগৰ গোর্খাসকলৰ ভূমিৰ ক্ষেত্ৰত কোনো হানি হ’ব লগা নাছিল। কিন্তু পৰিতাপৰ বিষয়, অতীতৰে পৰা বসবাস কৰি অহা সংৰক্ষিত শ্ৰেণীৰ গোর্খাসকলকো ১৯৬৯ চনৰ বিজ্ঞপ্তিৰ পিছত বেল্ট আৰু ব্লকৰ পৰা সংৰক্ষিত শ্ৰেণীৰ নহয় বুলি উচ্ছেদ কৰিবলৈ আৰম্ভ কৰিলে। ফলত, বেল্ট/ব্লকসমূহৰ পৰা গোর্খাসকলে বহি:প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিলে। এয়া আছিল অসমৰ ইতিহাসত থলুৱা মানুহৰ প্ৰতি চৰকাৰে কৰা চৰম অত্যাচাৰৰ এটি ক’লা অধ্যায়। অৱশ্যে, ০৩/০৮/৭৩ চনতে গোর্খাসকলৰ প্ৰতিনিধিয়ে শৰৎ চন্দ্ৰ সিংহক লগ ধৰে আৰু লগতে ৰাজহমন্ত্ৰী পৰমানন্দ গগৈকো লগ ধৰে। সেই সময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ললিত চন্দ্ৰ দলৈয়ে গোর্খা সন্মিলনৰ প্ৰতিনিধিবৰ্গৰ কথা আন্তৰিকতাৰে বিবেচনা কৰিবলৈ ৰাজহ মন্ত্ৰীক চিঠিৰে জনায়। ফলত, গোগামুখ আৰু পানীটেংকীত হ’ব ধৰা উচ্ছেদ কাৰ্য বন্ধ হয়। উল্লেখ্য যে, তদানীন্তন মুখ্যমন্ত্ৰীয়ে বিভিন্ন বেল্ট-ব্লকত গোর্খাসকলৰ উচ্ছেদ কৰা বিষয় ৰাজহ মন্ত্ৰী ভূমিধৰ বৰ্মনৰ লগত আলোচনা কৰি নিম্নধৰণৰ নিৰ্দেশ পঠোৱাৰ ব্যৱস্থা কৰে। উক্ত নিৰ্দেশনা- “W.T.Message No.RSD266417 dated 03/12/75 from Revenue Secretary addressed to Deputy Commissioner Dibrugarh District”.

“Nepali graziers and Nepali cultivators who were living in Tribal Belts and Blocks prior to twenty Seventh June 1969 may not be evicted please refer to section 163(3)of Assam Land Revenue Regulation and Rule II under Chapter X”. copies of the above message were sent by the Deputy Secretary Revenue to the A.P.O.S Margherita and sadia and senior A.S.O.Sadia, Tinsukia by Memo letter No. LSR/61/67/6564-72dt15-12-75″। এই নিৰ্দেশনাৰ পিছত বেল্ট আৰু ব্লকত কিছু পৰিমাণে উচ্ছেদ অভিযান বন্ধ হ’ল যদিও যুগ যুগ ধৰি বেল্ট ব্লকত বসবাস কৰা বহু গো পালকৰ বহি:প্ৰব্ৰজন হয়। বিশেষকৈ, বৰ্তমানৰ বিটিচি অঞ্চলৰ ওদালগুৰি, ৰৌতা, ডিমাকুছি, হাবিগাওঁ, নিকাচি, চিৰাং ছেত্ৰীবস্তি, আমতেকা, হাতিচৰা, ঝাৰবাৰী আদি কৰি বহু ঠাইৰ পৰা উঠি অন্য ঠাইলৈ গুচি গ’ল। ১৯৭১ চনৰ লোকপিয়লত নেপালী/গোর্খাভাষী লোকৰ সংখ্যা আছিল ৩,৪৯,১১৬ জন আৰু ১৯৯১ চনত হ’লগৈ ৪,৩২,৫১৯ জন। ১৯৭১ চনত মুঠ জনসংখ্যা ২.৩৯ শতাংশ। কিন্তু ১৯৯১ চনৰ লোকপিয়লত হ’লগৈ মুঠ জনসংখ্যাৰ ১.৯৩ শতাংশ। অৰ্থাৎ, কুৰি বছৰত গোর্খাসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ২৩.৮৩ শতাংশ হয়। সেয়েহে, বুজিব পাৰি যে বহি:প্ৰব্ৰজনৰ ফলত গোর্খাসকলৰ জনসংখ্যা কমিল। এই বহিঃপ্ৰব্ৰজনৰ কাৰণ আছিল:

১. বেল্ট আৰু ব্লকৰ পৰা ভূমিৰ অধিকাৰ খৰ্ব কৰা।
২. ১৯৬৯ চনত চৰকাৰে জাৰি কৰা অমানৱীয় উচ্ছেদ কাৰ্য।
৩. উগ্ৰপন্থী সংগঠনসমূহৰ পৰা অহা ধন দাবী-ধমকী আৰু অত্যাচাৰ।
৪. থলুৱা নাগৰিকসকলকো যধেমধে বিদেশী নেপালীৰ লগত তুলনা কৰা তথা অপমান কৰা।

উল্লেখ্য যে, ট্ৰাইবেল ছাব এডভাইজাৰী কমিটীয়ে চৰকাৰৰ ওচৰত আগবঢ়োৱা এটি পৰামৰ্শ গুৰুত্বপূৰ্ণ আছিল। পৰামৰ্শটো হ’ল, “There should be through checkup of Nepalis who had grazing permits before prior to 1969 should be allowed to stay in the tribal belts and blocks and the rest evicted”. এই পৰামৰ্শৰ লগত সংগতি ৰাখি ৰাজহ সচিবালয়ৰ পৰাও No. RDS/12/80/5 dated 30/10/80 ৰ চাৰ্কুলাৰ যোগে কোৱা হ’ল- “while cultivators of all notified classes are protected, in the case of Nepalis, only those cultivators who are graziers, entailed to protection.” উল্লেখ্য যে, অৱশেষত ১৯৯৬ ইং চনৰ অধিসূচনা নং RDS17/85/PT /1/12 যোগে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সুদীৰ্ঘ এক কুৰি সাত বছৰ ধৰি হেৰুওৱা প্ৰাপ্য অধিকাৰ গো পালক গোর্খাসকলে লাভ কৰিলে। অৰ্থাৎ, ১৯৯৬ চনৰ পৰা বেল্ট আৰু ব্লকত ১৯৪৭ চনৰ স্থিতি পুনৰ বাহাল হৈ পৰিল। অৱশ্যে, এয়া গোর্খাসকলৰ নায্য প্ৰাপ্তি আছিল যদিও এইক্ষেত্ৰত তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া, বিএচি প্ৰমুখ প্ৰেমসিংহ ব্ৰহ্ম আৰু মণিকুমাৰ চুব্বাৰ যথেষ্ট কৰণীয় আছিল। গোর্খা ৰাইজে বেল্ট এণ্ড ব্লকত নিজৰ ভূমি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত কিছু সকাহ পাইছিল যদিও পৰৱৰ্তী পৰ্যায়ত গোর্খাসকলে স্বাধীনতাৰ পূৰ্বৰে পৰাই আৰম্ভ কৰা গো পালনৰ বৃত্তিৰ পৰা আঁতৰি শিক্ষা-দীক্ষা লৈ উচ্চ পদস্থ চৰকাৰী চাকৰিয়াল, শিক্ষক, ডাক্তৰ আদি বৃত্তিত নিযোজিত হ’বলৈ ধৰাৰ ফলত গ্ৰেজিঙ চাৰ্টিফিকেট পোৱাত গ্ৰেজিয়াৰ্ছৰ সতি-সন্ততিৰ অসুবিধাৰ সন্মুখীন হৈছে। কিয়নো, গোর্খা জাতি বৰ্তমান কেৱল গো পালক হৈ থকা নাই। লগতে, ১৯৪৭ চনত গোৰ্খাসকলক ”নেপালী কৃষক গোপালক” নামকৰণ কৰা হৈছিল যদিও পৰৱৰ্তী পৰ্যায়ত জাতিটোৰ নামকৰণ গোর্খা হোৱা বাবেই সংশোধন কৰি গোর্খা জাতি হিচাপে নামকৰণ কৰাৰ দাবী দীৰ্ঘদিন ধৰি গোর্খা দল-সংগঠনে কৰি আহিছিল। তাহানিতে গোপীনাথ বৰদলৈদেৱৰ দিনত গোর্খাসকলক দিয়া অধিকাৰ পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত সংশোধন কৰি বিটিআৰৰ বেল্ট এণ্ড ব্লক, শদিয়া বেল্ট ব্লক আৰু মোৰকাংছেলক বেল্ট ব্লকত গোর্খা জাতি হিচাপে সংশোধন কৰি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি দিলে। বিটিআৰৰ চিৰাং, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি জিলাত ২০০৩ চনৰ আগৰেপৰা বসবাস কৰা প্ৰকৃত ভাৰতীয় গোর্খাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ অধিসূচনা No. RSS.502/2019/26,,20th July 2021 ৰ জৰিয়তে ভূমি অধিকাৰ প্ৰদান কৰিলে। এয়া আছিল গোর্খাসকলৰ পক্ষত স্বাধীনতাৰ পিছত গোর্খাসকলৰ বাবে চৰকাৰে লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিন্তু এই পৰ্যন্ত এই অধিসূচনা প্ৰকৃত অৰ্থত বিটিআৰত কাৰ্যকৰী হোৱা নাই।

অৱশ্যে, অসম চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এচাম জনজাতীয় নেতাই প্ৰকৃত ঐতিহাসিক দিশ বিশ্লেষণ নকৰাকৈ তথা অসম চৰকাৰে প্ৰেৰণ কৰা জাননী ভালদৰে অধ্যয়ন নকৰাকৈ লাখ লাখ নেপালী বাহিৰৰ পৰা আহি বড়োভূমিত ভূমি গ্ৰাস কৰিব বুলি সমগ্ৰ অসমবাসী তথা জনজাতি, বড়ো ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ চেষ্টা চলালে। অৱশ্যে, সামাজিকভাৱে বড়ো আৰু গোর্খাৰ নিকট সামাজিক সম্পৰ্ক বিচ্ছেদ কৰাৰ এয়া দুষ্ট চক্ৰৰ কুচক্ৰান্তও হ’ব পাৰে। উল্লেখ্য যে, চৰকাৰে দিয়া অধিসূচনাত স্পষ্টভাৱে প্ৰকৃত ভাৰতীয় গোর্খা নাগৰিক, যিসকলে ২০০৩ চনৰ আগতে বিটিআৰত বসবাস কৰিছিল, সেইসকলকহে সুৰক্ষিত শ্ৰেণীত ৰাখিছে। গতিকে, ইয়াত বাহিৰৰ পৰা নেপালী আহিব বুলি ভবাৰ কোনো থল নাই। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, বিটিআৰ অঞ্চলত গোর্খাসকলৰ প্ৰব্ৰজন হৈ অহাতকৈ বহিঃপ্ৰব্ৰজন হোৱাটোহে লোকপিয়লে ইংগিত বহন কৰে। আমি কোনোপধ্যেই গোর্খা আৰু বড়োসকলৰ মাজত থকা সামাজিক বান্ধোন বিঘ্নিত হ’ব দিব নোৱাৰোঁ। গোর্খাসকলে যিদৰে বড়োসকলৰ আত্মঅধিকাৰৰ সংগ্ৰামক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰিছিল, ঠিক একেদৰে বড়োসকলেও গোর্খাসকলকো সন্মানজনক স্থানত ৰাখি সাংবিধানিক প্ৰাপ্য অধিকাৰ উপভোগ কৰাত সহায়-সহযোগ কৰিব লাগে। অপপ্ৰচাৰ আৰু বিভ্ৰান্তিকৰ কথাত কোনেও ভোল যাব নালাগে।

গ্ৰন্থপঞ্জী:
কৈৰালা প্ৰকাশ: অসমৰ গোর্খাসকলৰ ঐতিহ্যৰ অন্বেষণ (২০২০)
গোহাঁই হীৰেন আৰু বৰা দিলীপ (সম্পা.): অসম আন্দোলন প্ৰতিশ্ৰুতি আৰু ফলশ্ৰুতি (২০০৭)
নাথ ড°প্ৰফুল্ল কুমাৰ (সম্পা.): অসমৰ জনগোষ্ঠীয় ঐতিহ্য সংস্কৃতি, বিনিময় আৰু সংহতি (২০০৯)
ৰীডৰ উত্তৰ, ২৩ ছেপ্টেম্বৰ এল.চি.পি., ভলিউম ১ (১৯২১)
ক্ষেত্ৰী অগ্নিনাহাদুৰ (অনুবাদ): ইতিহাৰ আধাৰত অসমৰ নেপালী (১৯৯৬)
অসমৰ মুখ্যমন্ত্ৰীলৈ, বিষ্ণুলাল উপাধ্যায়ৰ পত্ৰ, ২৭/৬/১৯৯৪
Gait Adward: A History Of Assam, (2013)
Bhuyan, Arun Chandra And De, Sibopada (edited): Political History Of Assam, Voll-3 (1980)
Land Administration in protected Belts and Blocks, Assam govt press Dispur (1990)
Report Of the Assam Land Reforms Commission, September, (1981), part 2, Chapter XVIII
The Assam Tribune August, 1984
অগ্ৰদূত ৯ নৱেম্বৰ, ২০১২
সাপ্তাহিক নীলাচল ৯ মে, ১৯৭৩

Leave a Reply

Your email address will not be published. Required fields are marked *