কেন্দ্ৰীয় নিবন্ধনিবন্ধ

প্ৰফেছাৰ সাইবাবা : এক অদমনীয় সংগ্ৰামী সত্ত্বা ‌।।  ৰূপক বৰুৱা

প্ৰফেছাৰ সাইবাবা আছিল জনজাতি, আদিবাসী, দলিত আদি নিম্নবৰ্গৰ লোকসকলৰ অধিকাৰক লৈ যুঁজ দিয়া এজন সংগ্ৰামী ব্যক্তি। তেওঁ আছিল সঁচা অৰ্থত এজন বিপ্লৱী তথা মানৱতাবাদী। তেওঁ আছিল আদিবাসী আৰু জনজাতিসকলৰ এক শক্তিশালী কণ্ঠ। ১২ অক্টোবৰ, শনিবাৰে ৫৮ বছৰ বয়সত দীৰ্ঘদিন চলি থকা ৰাষ্ট্ৰযন্ত্ৰৰ অতিশয্যত ভাগি পৰা স্বাস্থ্যৰ বাবেই সম্ভৱতঃ তেওঁৰ মৃত্যু হয়। এটা প্ৰতিবাদী কণ্ঠ চিৰদিনৰ বাবে স্তব্ধ হৈ পৰে।

বৰ্তমানৰ শোষণ-নিষ্পেষণ আৰু অৱদমনৰ ওপৰত বৰ্তি থকা এইখন সমাজতকৈ অন্য এখন উন্নত সমাজ প্ৰফেছাৰ সাইবাবাই বিচাৰিছিল, য’ত প্ৰতিজন ব্যক্তিয়ে প্ৰকৃত স্বাধীনতা উপভোগ কৰিব পাৰিব, জনসাধাৰণ মুক্ত হ’ব সাম্ৰাজ্যবাদী শোষণ, ৰাষ্ট্ৰৰ নৃশংস অৱদমন আৰু দাৰিদ্ৰৰ পৰা। তেওঁ  বিচাৰিছিল ভাৰতীয় সমাজৰ বৰ্ণবাদ, জাতপাত বৰ্তি থকা অৰ্ধসামন্তবাদী ব্যৱস্থাৰ অৱসান হওঁক। ইয়াৰ বাবে তেওঁ বৈপ্লৱিক গণ-আন্দোলনৰ পোষকতা কৰিছিল। তেওঁ চীনৰ সাংস্কৃতিক বিপ্লৱৰ দৰে এটা বিপ্লৱেই কামনা কৰিছিল যি সামন্তবাদী মানসিকতা ধ্বংস কৰি এখন নতুন সমাজ গঠনৰ বাট মুকলি কৰিব। সেইবাবেই তেওঁ CPI (Maoist) নামৰ সংগঠনটোৰ সংগ্ৰামৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছিল। তাৰ বাদেও আন আন মাৰ্ক্সবাদী বা মাওবাদী সংগঠনবোৰৰ প্ৰতি তেওঁ সহমৰ্মিতা প্ৰদৰ্শন কৰিছিল। সাংবাদিক হৰ্ষ ঠাকুৰে লিখিছে কেনেদৰে সাইয়ে কমিউনিষ্ট আন্দোলনক বিভিন্ন বিষয়ৰ লগত জড়িত কৰি তুলিছিল। তেওঁ লেখিছে “Saibaba could connect the Communist movement or link it in many spheres whether on nationality question, fascist attacks, on minorities, on movements of workers and peasants and attacks on it, on imperialist hegemony or expansionist ambitions etc. Few activists ever confronted the large scale repression on the masses of Kashmir and their right to self-determination with the magnitude of Sai, who would bang every nail in a wall towards its cause. Few comrades ever were better masters in rekindling revolutionary democratic spirit, from the depths of despair”।

সাইবাবাৰ সক্ৰিয় সামাজিক কৰ্মকৰ্তা হিচাপে যাত্ৰা আৰম্ভ হয় ছাত্ৰাৱস্থাৰ পৰাই—১৯৯২ চনত যেতিয়া তেওঁ All India People Resistance Forum-ত যোগদান কৰিছিল আৰু তেওঁ তাৰ মূল ব্যক্তি হৈ পৰিছিল। এই ফ’ৰামৰ যোগেদি  তেওঁলোকে ভাৰত ৰাষ্ট্ৰই কমিউনিষ্ট আন্দোলন, নক্সালবাদ আৰু মাওবাদ দমনৰ নামত সাধাৰণ নাগৰিকৰ ওপৰত চলোৱা সন্ত্ৰাসৰ বিৰুদ্ধে জনমত গঠন কৰিছিল। ১৯৯৭ চনত ভাৰতবৰ্ষৰ ৫০তম স্বাধীনতা দিৱসত The All India People Resistance forum-এ মুম্বাইত আগষ্ট মাহৰ ৩০-৩১ তাৰিখে পাতিবলৈ লোৱা চেমিনাৰৰ বিষয়ে তেওঁ Economics and Political Weekly নামৰ আলোচনীত লেখা এখন চিঠিত এই বিষয়ে লিখিছিল এনেদৰে—”Today in the 50th year after transfer of power in 1947, the people of India are face unbridled imperialist exploitation, brutal State repression, inhuman oppression and grinding poverty and degradation. The political elite which run the government have never been so exposed with scams after coming to light the facade of democracy has never been so much tatters”। তেওঁ আৰু লিখিছে যে ইয়াৰ প্ৰতিবাদ নোহোৱাকৈ থকা নাই। তেওঁ অৰ্দ্ধ শতিকা ধৰি দেশৰ বিভিন্ন প্ৰান্তত চলি থকা বিভিন্ন গণআন্দোলনবোৰৰ কথা উল্লেখ কৰিছিল যেনে, বিপ্লৱী কৃষক আৰু শ্ৰমিকসকলৰ সংগ্ৰাম, ভিন্ন জাতি-জনগোষ্ঠীৰ স্বায়ত্ত্ব শাসনৰ বাবে সংগ্ৰাম, জনসাধাৰণৰ স্বাৰ্থবিৰোধী নীতি আৰু প্ৰকল্পৰ বিৰুদ্ধে সংগ্ৰাম, নাৰী, দলিত আৰু আদিবাসীসকলে অৱদমন আৰু শোষণৰ বিৰুদ্ধে কৰা সংগ্ৰাম আদি। তেওঁ অতি ক্ষোভেৰে লিখিছে যে স্কেমষ্টাৰ (Scamster), গেংগষ্টাৰ আৰু ডকাইতসকলে চৰকাৰ চলাইছে, আৰু তেওঁলোকৰ ‘ক’পাৰেট’ আৰু বহুজাতিক কোম্পানীয়ে ৫০ বছৰীয়া লুণ্ঠনৰ দিৱস উদযাপন কৰিছে। তেওঁ গণতান্ত্ৰিক আৰু বৈপ্লৱিক গণ-আন্দোলনৰ সপক্ষে থিয় দিয়াসকলৰ পক্ষে লিখিছে এনেদৰে, “It is necessary for us, who stand for democratic and revolutionary peoples movements, who stand for building a new India without oppression and exploitation to also come together to celebrate 50 years of our struggles, and condemn the 50 years of sham independence and sham democracy”।

তেলেংগানা ৰাজ্য গঠনৰ দাবীত যি আন্দোলন হৈছিল, তাৰ তেওঁ সমৰ্থক আছিল আৰু বিখ্যাত ৱাৰাংগল ঘোষণাৰ (Warangal Declaration) তেওঁ মূল ব্যক্তি আছিল। সাইৰ সতীৰ্থ কে. ৰবিয়ে লিখিছে (K. Ravi), “I worked with him for 35 years in different organisations. He was part of the Warangal Declaration that raised the need for statehood for Telangana. We formed Jana Sabha for this purpose. The TRS was formed by K. Chandrasekhar Rao after looking at the spirit of this movement. He campaigned against”।
২০০৪ চনৰ Mumbai resistance-ৰ (যি ৩১০-টা ৰাজনৈতিক আন্দোলন সংগঠিত কৰিছিল) তেওঁ আছিল এজন সক্ৰিয় কৰ্মী যি সাম্ৰাজ্যবাদ আৰু উদাৰীকৰণৰ বিৰোধিতা কৰিছিল। সেই সময়ছোৱাতে তেওঁ International league of people’s struggle নামৰ সংগঠনটোত অংশগ্ৰহণ কৰে। ২০০৫ চনত তেওঁ Revolutionary Democratic front-ত যোগদান কৰে। অন্ধ্ৰপ্ৰদেশ চৰকাৰে সংগঠনটো ২০১২ চনত নিষিদ্ধ কৰে। মাওবাদী দমনৰ বাবে অৰ্ধসামৰিক বাহিনীৰ দ্বাৰা ২০০৯চনত যি “গ্ৰীনহাণ্ট” অপাৰেচন হৈছিল তাৰ তেওঁ তীব্ৰভাৱে বিৰোধিতা কৰিছিল। তেওঁ এই সমস্যাৰ এটা ৰাজনৈতিক সমাধান বিচাৰিছিল। সাংবাদিক হৰ্ষ ঠাকুৰে তেওঁক স্মৰণ কৰি লিখিছে এনেদৰে, “In confronting Operation Green Hunt he invested every ounce of his energy, exposing the fascist designs of the state through patronising penetration of Corporates to loot the tribals. He took up the cudgels of the minorities like few crusaders travelling all around the country to project their turmoil and organising conventions. In Adivasi protests like in Niyamagiri Saibaba raised his bold voice in support”। ২০০৯ আৰু ২০১৫ চনৰ ভিতৰত ডাণ্টেৱাৰা, বিজাপুৰ জিলাত চৰকাৰৰ পৃষ্ঠপোষকতাত গঠন হোৱা “চালোৱাজুদুম” নামৰ এটা ফেচিষ্ট সংগঠনে ৬৪৪খন আদিবাসী গাঁও ধ্বংস কৰিছিল। মাওবাদীৰ লগত সম্পৰ্ক থকা বুলি সন্দেহ থকা লোকৰ ঘৰবোৰ জ্বলাই দিয়া হৈছিল। হত্যা, ধৰ্ষণ আদি সাধাৰণ ঘটনাত পৰিণত হৈছিল। অথচ এই সংগঠনটো আদিবাসীলোকৰ দ্বাৰা গঠন কৰা হৈছিল। বাচি বাচি আদিবাসী যুৱকক স্পেচিয়েল পুলিচ ইন্সপেক্টৰ হিচাপে নিয়োগ কৰা হৈছিল। সেই অঞ্চলবিলাকত বিপুল সংখ্যক অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছিল। ৩,৫০,০০০ আদিবাসীলোকক যুগ যুগ ধৰি বাস কৰি অহা তেওঁলোক বসতিৰ পৰা বিতাড়িত কৰা হৈছিল। ৪৭,০০০ আদিবাসীলোকক ৰাস্তাৰ কাষৰ কেম্পত জোৰকৈ ৰখা হৈছিল। ৪০,০০০-তকৈ অধিক লোক অন্ধ্ৰপ্ৰদেশলৈ পলাই গৈছিল। ২,৬৩,০০০ আদিবাসী লোকে গভীৰ অৰণ্যত আশ্ৰয় লৈছিল (উৎস: Bernard D’Mello-ৰ প্ৰফেছাৰ সাই বাবাক স্মৰণ কৰি দিয়া ভাষণৰ পৰা)। এই বৃহৎ সংখ্যক লোকক বিতাড়িত কৰা মূল উদ্দেশ্য আছিল বৃহৎ পুঁজিপতি গোষ্ঠী আৰু ব্যক্তিগত কোম্পানীক খনিজ সম্পদত চহকী সেই ভূমি গতাই দিয়া। প্ৰফেছাৰ সাইবাবাই এই অমানৱীয় কাৰ্যৰ বিৰোধিতা কৰিছিল। তেওঁৰ মতে বিনাদোষী বহু আদিবাসী ডেকা ল’ৰাক মিছাকৈ মাওবাদী সজাই অৰ্ধসামৰিক বাহিনীয়ে হত্যা কৰিছিল নতুবা বিনাবিচাৰে জেলত বন্দী কৰি ৰাখিছিল। তেওঁ ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু তেওঁ হৈ পৰিছিল আদিবাসী লোকসকলৰ ওপৰত হোৱা ৰাষ্ট্ৰসন্ত্ৰাসৰ বিৰূদ্ধে এক বলিষ্ঠ কণ্ঠ। সাইবাবাই ২০১২ চনত “দ্যা হিন্দু” বাতৰি কাকতৰ এটা সাক্ষাৎকাৰত কৈছিল, “gathered enough evidence that suggested that the ruling class wanted access to [Adivasi] resources, no matter what. Operation Green Hunt was launched to kill, maim, and dislodge them…”

২০০৮-০৯ চনত তেওঁ আমেৰিকালৈ নিমন্ত্ৰিত হৈছিল আৰু International League for People’s Struggle-ৰ হৈ তাত বক্তব্য ৰাখিছিল। তাত তেওঁ ডাণ্টেৱাৰা, বিজাপুৰ আদি ঠাইত আদিবাসী আৰু জনজাতিসকলৰ ওপৰত হোৱা অত্যাচাৰৰ, অতিশয্যৰ কথা উল্লেখ কৰিছিল; এই কথাই সেই সময়ৰ গৃহমন্ত্ৰী পি চিদাম্বৰামক অসন্তুষ্ট কৰিছিল। ইয়াৰ পিছত প্ৰফেছাৰ সাইবাবাই ইউৰোপ ভ্ৰমণ কৰিছিল। তাত তেওঁ বৃহৎ পুঁজিপতিৰ স্বাৰ্থত হোৱা Operation Green Hunt-ৰ কথা উল্লেখ কৰে আৰু আদিবাসী লোকসকলৰ যি প্ৰতিৰোধৰ সংগ্ৰাম তাৰ কথা উল্লেখ কৰে। সাইৰ ইউৰোপ ভ্ৰমণৰ ঠিক পিছতেই ২০১০ চনত জ্যান মিড্ৰল (Jan Mydral) নামৰ এজন মাৰ্ক্সবাদী চুইডিছ লেখকে ভাৰত ভ্ৰমণ কৰিছিল আৰু ছট্টিশগড়ৰ বাস্তাৰ অঞ্চলৰ গভীৰ অৰণ্যলৈ গৈ মাওবাদী নেতাক লগ কৰিছিল। ভাৰতৰ পৰা উলটি গৈ তেওঁ “Red Star over India” নামৰ এখন গ্ৰন্থ ৰচনা কৰে। গ্ৰন্থখন ২০১২ চনত ভাৰততে উন্মোচন কৰা হয়। সেই সময়ৰ কংগ্ৰেছ চৰকাৰ সেইবাবেই প্ৰফেছাৰ সাই ওপৰত অসন্তুষ্ট হৈ পৰে। ২০১৩ চনৰ ১২ চেপ্তেম্বৰত দিল্লী ইউনিভাৰ্ছিটিৰ তেওঁৰ বাসভৱনত দিল্লীৰ পুলিচ আৰু NIA-এ অভিযান চলাই সাইৰ মোবাইল ফোন, পেন ড্ৰাইভ, কম্পিউটাৰৰ কিছু বস্তু, লগতে কেইবাখনো কিতাপ লৈ যায়। ২০১৪ চনত তেওঁলোক আকৌ আহিছিল আৰু প্ৰফেছাৰ সাইক মাওবাদী সম্পৰ্কে সোধপোছ কৰে। ২০১৪ চনৰ মে’ মাহৰ ৯ তাৰিখে কলেজৰ পৰা উভতি অহা পথত লেণ্ডমাইন প্ৰতিৰোধী বাহনত অহা কামাণ্ডো বাহিনীয়ে সাইক অপহৰণ কৰে আৰু পিছত UAPA অধীনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনায়। তেওঁক গ্ৰেপ্তাৰ কৰি মহাৰাষ্ট্ৰ নাগপুৰলৈ লৈ যায়। এজন দিব্যাংগ ব্যক্তিক দুৰ্ধর্ষ মাওবাদীৰ দৰে গ্ৰেপ্তাৰ কৰা হয়। এনেদৰে গ্ৰেপ্তাৰ কৰা কাৰণ ব্যাখ্যা কৰি অৰুন্ধতী ৰয়ে লিখিছে, “Why did they abduct him in this way when they could easily have arrested him formally, this professor who happens to be wheelchair-bound and paralysed from his waist downwards since he was five years old? There were two reasons: First, because they knew from their previous visits to his house that if they picked him up from his home on the Delhi University campus they would have to deal with a crowd of angry people—professors, activists and students who loved and admired Professor Saibaba not just because he was a dedicated teacher but also because of his fearless political worldview. Second, because abducting him made it look as though they, armed only with their wit and daring, had tracked down and captured a dangerous terrorist”। ২০১৫ চনৰ জুলাই মাহত স্বাস্থ্যজনিত কাৰণত মুম্বাই উচ্চ ন্যায়ালয়ে তেওঁক জামিনত মুক্তি দিয়ে আৰু সেই বছৰৰ ডিচেম্বৰ মাহত তেওঁক আকৌ জেললৈ প্ৰেৰণ কৰা হয়। ২০১৬ চনত উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰে আৰু তেওঁক জেলৰ পৰা মুক্তি দিয়ে। ২০১৭ চনৰ মাৰ্চ মাহত এখন চেছনকোৰ্টে প্ৰফেছাৰ সাইবাবাক নিষিদ্ধ মাওবাদী সংগঠনৰ লগত সম্পৰ্ক থকা অপৰাধত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। তেতিয়াৰ পৰা তেওঁ ২০২৪ চনলৈ নাগপুৰৰ কাৰাগাৰত বন্দী হৈ থাকিব লগা হয়। নাগপুৰ জেলত তেওঁক দুৰ্ধর্ষ অপৰাধীৰ দৰে বৃটিছৰ দিনৰ ডিম্বাকৃতি (Anda) চেলত বন্দী কৰি ৰাখে। প্ৰায় এটা দশক জেলত বন্দী হৈ থকাৰ পিছত মুম্বাই উচ্চ ন্যায়ালয়ৰ নাগপুৰ বেঞ্চৰ ন্যায়াধীশে তেওঁক বিনাদোষী বুলি ৰায় দিয়ে। ইয়াৰ পিছতো উচ্চতম ন্যায়ালয়ে ৰায়টো পুনৰ মূল্যায়নৰ আদেশ দিয়াত উচ্চ ন্যায়ালয়ে পুনৰ সাইবাবাক দোষ মুক্ত কৰে। মুম্বাই উচ্চ ন্যায়ালয়ৰ ৰায়টোত dogy evidence-ৰ কথা উল্লেখ কৰে আৰু Gadchiroli চেছন কোটৰ ৰায়ক failure of justice বুলি উল্লেখ কৰে। সুদীৰ্ঘ কাল জেলৰ ভিতৰত নানা অত্যাচাৰ সহ্য কৰিব লগা হয় আৰু ইয়াৰ ফলতেই তেওঁৰ স্বাস্থ্য একেবাৰে ভাগি পৰে। তেওঁৰ গ’ল ব্লাডাৰৰ অপাৰেচন কৰা হৈছিল। ১২ অক্টোবৰ দিনা তেওঁ মৃত্যু হয়।

জেইলৰ পৰা মুক্ত হৈ সাংবাদিকক তেওঁ কৈছিল যে জীৱন্ত অৱস্থাত জেলৰ পৰা মুক্তি লাভ কৰাটো তেওঁৰ কাৰণে আশ্চৰ্যকৰ। তেওঁ তেতিয়া সাংবাদিকৰ লগত কথা পাতিব পৰা অৱস্থাত নাছিল। জেইলৰ ভিতৰৰ অৱস্থাৰ কথা তেওঁ তেওঁৰ পত্নী ৱাসান্থা কুমাৰী (Vasanth Kumari) লৈ লিখা চিঠিত প্ৰকাশ কৰিছে এনেদৰে, “I am living like an animal taking its last breath”। তেওঁ বিভিন্ন সাক্ষাৎকাৰত কৈছিল যে জেলৰ ভিতৰত সাধাৰণ কথাতে কাৰাবন্দীসকলক পিটা হৈছিল, উলংগ কৰি পেৰেড কৰোৱা  হৈছিল— যেন তেওঁলোক জন্তুহে। সাইক জেলৰ ভিতৰত হুইল শ্বেয়াৰ ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাছিল। সাইৰ দৰে এজন ব্যক্তিৰ কাৰণে কিমান কষ্টকৰ আছিল জেলৰ সেই চাৰে আঠ বছৰ কাল! তেওঁ কৈছিল, “I was in the same cell for eight and a half years without a wheelchair. It was a daily struggle to use the toilet, take a bath, or even fetch myself a glass of water. The prison doesn’t have a single ramp for people like me”। “আণ্ডা (Anda cell) চেলত সাইৰ লগত  আদিবাসী কাৰাবন্দীবিলাকক ৰখা হৈছিল। তেওঁলোকে প্ৰফেছাৰ সাইনো কোন জনা নাছিল কিন্তু বহু কথাত গোপনে তেওঁক সহায় কৰিছিল। জেইলৰ বাহিৰত সাইয়ে আদিবাসীসকলৰ হৈ যুঁজিছিল আৰু জেলৰ ভিতৰত তেওঁলোকে সাইৰ বাবে যুঁজিছিল! সাইয়ে সেই আদিবাসী লোকসকলক জেলৰ ভিতৰতে পঢ়াবলৈ আৰম্ভ কৰিছিল। এবছৰ ভিতৰতে তেওঁলোকে লিখা-পঢ়া কৰিব পৰা হৈছিল। সাইৰ পত্নী ৱাসান্থা কুমাৰী আৰু জীয়েক মঞ্জিৰাই তেওঁলোকলৈ বাহিৰৰ পৰা কিতাপ পঠাই দিছিল। সাই বাবাই সাংবাদিকক জেইলৰ বিষয়ে কৈছিল এনেদৰে, “For more than eight and a half years, I saw the suffering, not just of myself, but all the people in that prison”। সাইক জেলৰ ভিতৰত ঘৰৰ পৰা দিয়া একো বস্তুৱেই ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল। আনকি ঘৰৰ পৰা দিয়া গৰম কাপোৰ পিন্ধিবলৈ দিয়া নাছিল। সাইৰ স্বাস্থ্য ভাল নাছিল। হৃদৰোগকে আদি কৰি তেওঁ কেইবাটাও স্বাস্থ্যজনিত সমস্যা আছিল। জেলৰ ভিতৰত তেওঁ Covid-19 আৰু Swine flu-ত আক্ৰান্ত হৈছিল। কিন্তু তেওঁক উপযুক্ত চিকিৎসা দিয়া নাছিল। জেলৰ ভিতৰত বেমাৰ হৈ বিনা চিকিৎসাই বহু আদিবাসী লোকৰ মৃত্যু হোৱা তেওঁ দেখিছিল। তেওঁ থকা সকলো ঠাইতে CCTV লগাই দিয়া হৈছিল, আনকি গা-ধোৱা ঘৰ আৰু Toiletতো লগোৱা হৈছিল। সাইয়ে ইয়াৰ প্ৰতিবাদ কৰিছিল। আনকি অনশন পৰ্যন্ত কৰিব লগা হৈছিল।

প্ৰফেচাৰ সাইবাবা আছিল হুইল শ্বেয়াৰত থকা এজন দিব্যাংগ ব্যক্তি। কিন্তু ৰাষ্ট্ৰৰ সুবিধাভোগী, প্ৰভাৱশালী গোষ্ঠীটোৰ কাৰণে হৈ পৰিছিল এক যেন ভয়ংকৰ ব্যক্তি। দিল্লী বিশ্ববিদ্যালয়ৰ এই প্ৰফেচাৰজন প্ৰধানকৈ আছিল এজন শিক্ষক, যি পঢ়াই ভাল পাইছিল। তদুপৰি তেওঁ আছিল এজন লেখক, কবি আৰু মানৱ-অধিকাৰকৰ্মী। সমাজৰ অৱদমিত আৰু নিষ্পেষিত নিম্নবৰ্গৰ লোকসকল আৰু বিভিন্ন ক্ষেত্ৰত ৰাষ্ট্ৰৰ দ্বাৰা পীড়িতসকলৰ হৈ বলিষ্ঠভাৱে তেওঁ মাত মাতিছিল। তেওঁ আছিল ফেচিবাদৰ বিৰোধী। সেইবাবেই তেওঁ আছিল বিজেপি দলৰ অতি কঠোৰ সমালোচক। তেওঁ কংগ্ৰেছ বা বিজেপি দলৰ প্ৰতিটো দমনমূলক বা ফেচিষ্ট কাৰ্যৰ বিৰোধিতা কৰিছিল। প্ৰফেছাৰ সাইবাবাৰ চিন্তা আৰু কাৰ্যক বুজিবলৈ ভাৰতীয় সমাজৰ বিভিন্ন শক্তিৰ মাজৰ বিৰোধ আৰু দ্বন্দ্বক বুজিব লাগিব, য’ত তেওঁ বিভিন্ন অভিজ্ঞতাৰে যুক্ত হৈ আছিল। India After Naxalbari : An Unfinished History গ্ৰন্থৰ লেখক Bernard D’Mello সাইক স্মৰণ কৰি কৈছে, “Professor Saibaba’s life, or rather, Sai’s life, for that is what his friends called him, cannot be adequately understood without situating him in an authentic history and “present as history” of the Indian society of which he was a part. There are definite links between what Sai experienced and what he did and the historical and contemporary processes and changes, and the class and other contradictions which affected him. Those other contradictions emanate from the caste system, racial discrimination, and semi-feudal and capitalist patriarchy, whose main victims, have been Dalits and the so-called ritually “impure” Shudra jatis (sub-castes), Adivasis, and women, respectively. These three contradictions have also effectively divided the exploited and the oppressed. So, Sai not only has to be located in the times of which he was a part, but also in the social processes and contradictions which influenced and affected him. The ethos and quintessence of those times must be taken into account”।

প্ৰফেছাৰ সাইবাবাৰ জন্ম হৈছিল ১৯৬৭ চনত অন্ধ্ৰপ্ৰদেশৰ পূব-গোদাবৰী জিলাৰ অমলাপুৰাম মণ্ডলৰ নাল্লামালি গাঁৱৰ এটি দৰিদ্ৰ কৃষক পৰিয়ালত। দেউতাকে তেওঁলোকৰ তিনি একৰ মাটিত ধান খেতি কৰিছিল। এটা সময়ত তেওঁ সেই মাটি হেৰুৱাইছিল। সাইবাবাৰ সম্পূৰ্ণ নাম আছিল গোকাৰাকোণ্ডানাগাসাইবাবা। পাঁচ বছৰ বয়সত তেওঁ প’লিঅ’ৰ দ্বাৰা আক্ৰান্ত হয় আৰু কঁকালৰ পৰা তলছোৱা পক্ষাঘাতগ্ৰস্ত হৈ পৰে। পখিলা খেদি ফুৰা বয়সত তেওঁ হাতেৰে বগুৱাবাই শৰীৰৰ পিছ অংশ চোচৰাই যাব লগা হৈছিল আৰু হাততে চেণ্ডেল পিন্ধিছিল। বিদ্যালয়লৈ তেওঁক মাক সূৰ্যৱাৰ্থীয়ে (Suryavathi) কোলাত লৈ অনা-নিয়া কৰিছিল। সাইবাবা পঢ়া-শুনাত ভাল আছিল আৰু প্ৰতিটো শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছিল। দশম শ্ৰেণীৰ পৰীক্ষাত তেওঁ জিলাৰ ভিতৰত প্ৰথম হৈছিল। স্নাতক পৰীক্ষাত (ইংৰাজী বিষয়ত) অন্ধ্ৰ-বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম হৈছিল। এইক্ষেত্ৰত তেওঁ মাক সূৰ্যৱাথীৰ পৰা প্ৰেৰণা পাইছিল। কিন্তু সেই মাকক মৃত্যুৰ আগতে সাইয়ে চাবলৈ নাপালে। কেন্সাৰত আক্ৰান্ত মাকক চাবলৈ তেওঁক অনুমতি দিয়া নহ’ল। সংবাদ মেল এখনত মাকৰ কথা স্মৰণ কৰি তেওঁ উচুপি উঠিছিল। এটা সময়ত তেওঁ হুইল শ্বেয়াৰত আশ্ৰয় লয়। তেওঁ অন্ধ্ৰ-বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি ১৯৮৭ চনত ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰিবলৈ হায়দৰাবাদ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ১৯৮৯ চনত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। হায়দৰাবাদ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোতেই তেওঁ কমিউনিজমৰ প্ৰতি আকৰ্ষিত হয়। তেলেগু ভাষাৰ কবি আৰু গীতিকাৰ শ্ৰী শ্ৰী-ৰ (Sri Sri ) লিখনিয়ে তেওঁক প্ৰভাৱিত কৰিছিল। কেনিয়াৰ উপন্যাসিক Ngugi Wa Thiong-ৰ দ্বাৰা ৰচিত A Grain of Wheat (1967) আৰু Petals of Blood (1977) উপন্যাস দুখনে তেওঁক প্ৰভাৱিত কৰিছিল। ১৯৯০ চনত বিপ্লৱী গায়ক আৰু কবি গদ্দাৰ আৰু কবি ৱাৰাৱৰা ৰাওৰ সংস্পৰ্শলৈ আহে আৰু বৈপ্লৱিক লেখক সংস্থা ৱিৰাচামৰ (Virasam) সদস্য হয়। ৱাৰাৱাৰা ৰাওৰ দ্বাৰা সম্পাদিত সৃজনত (Srijana) সাইৰ দ্বাৰা তেলেগু ভাষাত ৰচিত কবিতা প্ৰকাশ পায়। তেওঁৰ কবিতাবোৰত প্ৰতিফলিত হৈছিল অৱদমিত নিম্নবৰ্গৰ ক্ষোভ আৰু অসন্তুষ্টি। এম.ফিল সম্পূৰ্ণ কৰি ২০০৩ চনত সাইবাবাই দিল্লী বিশ্ববিদ্যালয়ৰ ৰামলাল আনন্দ কলেজত ইংৰাজী সাহিত্যৰ সহকাৰী অধ্যাপক হিচাপে যোগ দিয়ে। Indian writing in English and Nation Making : Reading the Discipline নামৰ গৱেষণা পত্ৰৰ বাবে ২০১৩ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ PhD  ডিগ্ৰী লাভ কৰে। প্ৰফেছাৰ সাইবাবাৰ বিভিন্ন প্ৰৱন্ধ, চিঠি-পত্ৰ আমেৰিকা, জাৰ্মানী আদি দেশৰ পৰা ওলোৱা আলোচনীত প্ৰকাশ পাইছিল। জাৰ্মান ভাষাৰ আলোচনী Neue Rundschau-ত প্ৰকাশ পায় Brief asudem Gofangnis Von Nagpur (Letter from Nagpur Jail) নামৰ প্ৰৱন্ধ। আমেৰিকাৰ ৱাশ্বিংটন ডি.চিৰ পৰা প্ৰকাশ পোৱা Atlantic নামৰ আলোচনীত প্ৰকাশ পোৱা উল্লেখযোগ্য প্ৰৱন্ধ হ’ল Kiran Desai’s The Inheritance of Loss : A cultural production of a globalized world। তেওঁৰ বিভিন্ন প্ৰৱন্ধ Political and Economic weekly নামৰ আলোচনীখনত প্ৰকাশ পায়। তাৰ ভিতৰত উল্লেখযোগ্য প্ৰৱন্ধ হ’ল Colonialist Nationalism in the critical Practice of Indian writing in English: A critique। শেহতীয়াকৈ প্ৰকাশ পাইছে তেওঁৰ কবিতা পুথি “Why Do You Fear My Way So Much?”।

প্ৰফেছাৰ সাইৰ এই জীৱন সংগ্ৰামত সহযোগী হিচাপে আছিল তেওঁৰ সাহসী পত্নী ৱাসান্থা কুমাৰী। সাই জড়িত থকা প্ৰতিটো গণ আন্দোলনত তেওঁ জড়িত আছিল। তদুপৰি নাৰী-অধিকাৰ, লিংগ-বৈষম্য, কাৰাবন্দীসকলৰ অধিকাৰ আদিক লৈ তেওঁ এখন সংগ্ৰাম চলাই আছে। সাইয়ে কুমাৰীক লগ পাইছিল দশম শ্ৰেণীত থাকোঁতেই। সাই জেইলত থাকোঁতে তেওঁলৈ লিখা এখন চিঠিত এই কথা স্মৰণ কৰি কুমাৰীয়ে  লিখিছিল, “When we met for the first time in class 10, you were having trouble solving a few questions in Maths. I was the one who taught you how to solve them. In turn, you taught me English grammar. It was very difficult for us in our adolescence to stay apart without seeing each other for even four days! Look at how things are now— we have to stay apart from each other, with countless obstacles and hundreds of miles blocking our meetings, for who knows how long”। সায়ে জেইলৰ ভিতৰত লিখা কবিতা আৰু আন লেখাবোৰ লৈ প্ৰকাশ পাইছে “Why Do You Fear My Way So Much?” নামৰ কবিতাৰ পুথিখন। কিতাপখনৰ পাতনিটো লিখিছে ৱাসান্থা কুমাৰীয়ে। তাত তেওঁ লিখিছে কেনেদৰে তেওঁলোক দুয়োৰে একেলগে ঠাকুৰ, প্ৰেমচন্দ্ৰ, পেৰিয়াৰ, ৰাংগানায়কম্ আদিৰ লেখকসকলৰ, আৰু তাৰ লগত আন আন বিপ্লৱী লেখকৰ লেখাবোৰ পঢ়িছিল আৰু তেওঁলোকৰ মনত দৃঢ়ভাব প্ৰোথিত হৈছিল যে এখন নতুন সমাজ প্ৰতিষ্ঠা হ’ব য’ত সমতা,জাত-পাতৰ বিভাজন, ধৰ্মীয় ভেদভাৱ আৰু লিংগ-বৈষম্য নাথাকিব। গ্ৰেপ্তাৰ কৰা পিছতেই সাইক তেওঁৰ অধ্যাপকৰ পদৰ পৰা অপসাৰিত কৰা হয়। কুমাৰীয়ে জীৱিকাৰ বাবে সংগ্ৰাম কৰিব লগা হয়। আৰ্থিক নাটনিত পৰি ২০১৭ চনত তেওঁলোকৰ গাড়ীখন (যিখন সাইৰ বাবে অতি প্ৰয়োজন)  বিক্ৰী কৰি দিব লগা হয়। কুমাৰীয়ে সাংবাদিক হিচাপেও কাম কৰিছিল। ইফালে দিল্লীৰ পৰা সাইক লগ কৰিবলৈ বা গোচৰৰ সংক্ৰান্তত মহাৰাষ্ট্ৰলৈ গৈ থাকিব লগা হৈছিল। তেওঁলোকৰ একমাত্ৰ কন্যা মঞ্জিৰা। বৰ্তমান তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী। দেউতাকে তেওঁক মাৰ্ক্সৰ বিষয়ে পঢ়িবলৈ উৎসাহিত কৰিছিল। তেওঁ দেউতাকৰ বিষয়ে কৈছে এনেদৰে, “…only wish he had was for people…for society to be equal and free. The only thing he ever struggled for. And the only thing he could never comprehend was that there was such inequality between people. This inequality he could never comprehend. And he always believed that our achievement should be to achieve this equality in society where no other human is treated unfairly to others. That was his wish all throughout his life. And on these lines his ideology developed and he has been working towards and fighting for it”।

সমাজৰ নিম্নবৰ্গৰ লোকসকলৰ হৈ মাত মতাৰ বাবেই সাইক প্ৰায় দহ বছৰ কাল কাৰাৰুদ্ধ কৰি ৰখা হ’ল। দহ বছৰৰ পিছত আদালতে তেওঁক দোষ মুক্ত ঘোষণা কৰে। দহ বছৰ কাল বিনাদোষত তেওঁ নিৰ্মম অত্যাচাৰ সহিব লগা হ’ল। কিন্তু তেওঁ হাৰ মনা নাছিল। এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰি জীয়াই থকাৰ উদগ্ৰ বাসনা প্ৰকাশ পাইছে তেওঁৰ এই কবিতাত (কবিতাটিৰ অসমীয়া অনুবাদ এই সংখ্যাৰ “মুক্ত চিন্তা”-ত পঢ়িবলৈ ইয়াতে টিপক)—

I REFUSED TO DIE
When I refused to die
My chains were loosened
I came out
Into the vast meadows
Smiling at the leaves of grass
My smile caused intolerance in them
I was shackled again
Again, when I refused to die
Tired of my life
My captors released me
I walked out
Into the lush green valleys under the rising sun
Smiling at the tossing blades of grass
Infuriated by my undying smile
They captured me again
I still stubbornly refuse to die
The sad thing is that
They don’t know how to make me die
Because I love so much
The sounds of growing grass.

Leave a Reply

Your email address will not be published. Required fields are marked *