প্ৰযুক্তিনিৰ্ভৰ সমাজত কিতাপ বাচি থাকিবনে? ।। প্ৰত্যুষ ৰঞ্জন ভাগৱতী
মন কৰিব লগা কথা যে মানুহৰ চিৰকালৰ সৃষ্টিশীলতা আৰু অনুসন্ধিৎসাৰ পথ ধৰিয়েই বিজ্ঞানে প্ৰতি মুহূৰ্ততে খুলিছে প্ৰযুক্তিৰ ন ন দুৱাৰ— আৰু এই ব্যৱস্থা অনাগত দিনত কিমান দূৰ অতিক্ৰম কৰে আৰু ক’ত থমকি ৰয়গৈ তাৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই ।। মুক্ত চিন্তা, দশম বছৰ, প্রথম সংখ্যা, জুলাই, ২০২৪ ।।
মানুহৰ অভিযোগ— কিতাপৰ পাঠক প্ৰতিদিনে কমি আহিছে! সমাজ যিমানে প্ৰযুক্তিনিৰ্ভৰ হৈ গৈ আছে সিমানে ছপা মাধ্যম তথা কিতাপৰ প্ৰতি মানুহৰ আকৰ্ষণ কমি আহিছে৷ আজিৰ দিনত বিষয়টো একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি৷ বিজ্ঞান-প্ৰযুক্তিয়ে কঢ়িয়াই অনা আধুনিক আৰু উন্নত সা-সুবিধাসমূহৰ মাজত মানৱ সমাজ বিভিন্ন ধৰণেৰে আবদ্ধ হৈ পৰিছে৷ পূৰ্বে আজৰি পৰত এখন ভাল লগা কিতাপ পঢ়াৰ দৰে আজি অধিকাংশ মানুহৰ কিতাপ পঢ়িবলৈ সময় ক’ত? জেপত সোমাই থকা স্মাৰ্ট ফোনটোৱেই জানো সকলো সময়তে মানুহৰ প্ৰিয় আৰু আত্মীয় হৈ পৰা নাই— ফোনটো মন গ’লেই যিকোনো সময়ত, যিকোনো পৰিৱেশত চাব পাৰি— আঙুলিৰ স্পৰ্শত বিশ্বব্ৰহ্মাণ্ডখন খুঁচৰিব পাৰি? ইয়াতকৈ আৰু কি সুবিধা লাগে মানুহক? ছপা আখৰবোৰৰ লগত থকা সম্পৰ্কৰ কথাটো বাদেই উন্নত প্ৰযুক্তিৰ উপাদানসমূহে আজিৰ মানৱ সমাজক প্ৰাকৃতিকভাৱেও বিচ্ছিন্ন কৰি পেলাইছে৷ প্ৰযুক্তিয়ে মানুহক মানুহৰ পৰা আঁতৰ কৰিছে, মানুহৰ আপোন-ওচৰ সম্পৰ্কবোৰৰ মাজত বিভিন্ন ধৰণেৰে ফাট মেলিছে৷ মানুহৰ সমাজলৈ নামি আহিছে যান্ত্ৰিকতা, বিচ্ছিন্নতাবোধ, অস্থিৰতা, মানসিক-সামাজিক সংকট ইত্যাদি৷ মোবাইল, লেপটপ, ইণ্টাৰনেট, কম্পিউটাৰে ক’ব নোৱাৰাকৈ মানুহৰ জীৱনৰ পৰা কাঢ়ি লৈ গৈছে বহু সময়৷ বহু লোকে প্ৰযুক্তিয়ে দিয়া ভাৰ্চুৱেল জগতখনত নিজা পৰিমণ্ডল এটাও তৈয়াৰ কৰি লৈছে৷ যিটোৰ পৰা সহজতে মুক্ত হোৱাৰ উপায় নাই৷
আনহাতে প্ৰযুক্তিৰ জগতখনত বহু ইতিবাচক দিশো আছে—প্ৰযুক্তিৰ ফলত যোগাযোগ ব্যৱস্থাৰ উন্নতি ঘটিছে— এজন ব্যক্তিয়ে ইচ্ছা কৰিলেই অন্য এগৰাকী ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক তথা পৰস্পৰৰ মাজত আপোনত্ব গঢ়ি তুলিব পাৰে, প্ৰেম-প্ৰীতিৰ সম্পৰ্ক হ’ব পাৰে৷ ইয়াৰ জৰিয়তে (ইণ্টাৰনেট) সহজতে যিকোনো তথ্য আহৰণ কৰিব পৰা যায়৷ মানুহৰ জীৱনযাত্ৰাৰ মান উন্নত হোৱাৰ লগতে মনোৰঞ্জনৰ ব্যৱস্থা উন্নত হৈছে—নতুন আৱিষ্কাৰ, সৃষ্টিশীলতা, প্ৰতিভাৰ বিকাশ ঘটাব পৰা ব্যৱস্থা হোৱাৰ উপৰিও এইবোৰত উৎসাহ-প্ৰেৰণা পোৱাৰ ব্যৱস্থা সহজ হৈ পৰিছে৷ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত অধিক সুবিধা হৈছে৷ স্বাস্থ্য পৰিসেৱাৰ উন্নতি ঘটিছে, শিক্ষা আহৰণৰ ব্যৱস্থাৰ উন্নতি ঘটিছে—online ক’ৰ্ছ অথবা online শিক্ষাই বৰ্তমান জনপ্ৰিয়তা লাভ কৰিছে৷ সামাজিক যোগাযোগ ব্যৱস্থাৰ উন্নত হোৱাৰ লগে লগে ভ্ৰমণপ্ৰিয়সকলে অনায়াসে গন্তব্যস্থানৰ আগতীয়া তথ্য আহৰণত সুবিধা হৈছে৷ এনেবোৰ ইতিবাচক কাৰণত প্ৰযুক্তিয়ে জন-সমাজত দিনকদিনে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিছে৷ গতিকে মানুহৰ প্ৰযুক্তিনিৰ্ভৰতা বাঢ়িছে৷
মন কৰিব লগা কথা যে মানুহৰ চিৰকালৰ সৃষ্টিশীলতা আৰু অনুসন্ধিৎসাৰ পথ ধৰিয়েই বিজ্ঞানে প্ৰতি মুহূৰ্ততে খুলিছে প্ৰযুক্তিৰ ন ন দুৱাৰ— আৰু এই ব্যৱস্থা অনাগত দিনত কিমান দূৰ অতিক্ৰম কৰে আৰু ক’ত থমকি ৰয়গৈ তাৰ কোনো নিৰ্দিষ্ট পৰিসৰ নাই৷ ভৱিষ্যতে মানৱ সমাজৰ বাবে এইবোৰ অভিশাপ নে আশীৰ্বাদ হয়— তাকো এতিয়াই ক’ব নোৱাৰি৷ যদি এইবোৰৰ প্ৰতি অধিক মোহগ্ৰস্ততাই মানুহক মানৱিকতাৰ পৰা বিচ্যুত ঘটাই — তেতিয়া ভৱিষ্যতৰ সময় হৈ পৰিব ধ্বংসাত্মক৷ তেনেহ’লে উপায় কি? বিজ্ঞান-প্ৰযুক্তিৰ গতি যিহেতু অমোঘ, অনিবাৰ্য— সেয়ে প্ৰযুক্তি আৰু মানৱিক বিষয়বোৰ হাতে হাত ধৰি চলা প্ৰয়োজন৷ সেই কথা নিৰ্ভৰ কৰিব বৰ্তমান মানৱ সমাজৰ চিন্তা-চেতনা আৰু সমাজ দায়বদ্ধতাৰ ওপৰত৷ আনকি পৃথিৱীৰ মহৎ সমাজবিজ্ঞানী, অৰ্থনীতিবিদ, ৰাষ্ট্ৰবিজ্ঞানীসকলেও বিজ্ঞান-প্ৰযুক্তিৰ কৰ্মকুশলতা আৰু ইয়াৰ ভৱিষ্য-সম্ভাৱনাৰ ক্ষেত্ৰত চিন্তা-ভাবনা কৰি এটাই সিদ্ধান্তত উপনীত হৈছে যে বিজ্ঞান-প্ৰযুক্তিৰ সকলো আৱিষ্কাৰ মানৱ কল্যাণৰ বাবেই যেন নিয়োজিত হওক৷
প্ৰযুক্তিয়ে দিয়া এই সুবিধাসমূহৰ প্ৰায়োগিক তথা ব্যৱহাৰিক দিশবোৰলৈ লক্ষ্য কৰি আমি ব্যৱস্থাসমূহক দোষ দিলেও নহ’ব৷ শেহতীয়াকৈ দৈনন্দিন জীৱনত এই উপাদানসমূহৰ ব্যৱহাৰ-প্ৰয়োগে মানৱ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে৷ লেপটপ অবিহনে আজি কোনো অভিভাৱকে ভাবিব নোৱাৰে নিজ সন্তানৰ উচ্চ শিক্ষাৰ কথা৷ ইণ্টাৰনেট বেংককিং, মাণি ট্ৰেন্সফাৰ, অনলাইন মাৰ্কেটিং, অনলাইন বুকিং আদি সুবিধাবোৰো দ্ৰুত গতিত মোবাইল-লেপটপৰ মাজত আৱদ্ধ হৈ পৰিছে৷ গুৰুত্বপূৰ্ণ আৰু চিন্তনেয় বাষয় যে শেহতীয়াকৈ মানুহৰ সমাজত মাজত ধৰ্মীয় আসক্তিতকৈয়ো বৃদ্ধি পাইছে মোবাইল-ইণ্টাৰনেট আসক্তি৷ ইণ্টাৰনেট আসক্তিৰ অন্য এক নাম দিয়া হৈছে ‘ইলেক্ট্ৰনিক ড্ৰাগ’— ড্ৰাগৰ দৰেই ইণ্টাৰনেৰ নিচাত মানুহক সমাজৰ পৰা, পৰিয়ালৰ পৰা, আনকি নিজৰ সন্তান-সন্ততিৰ পৰাও বহু সময়ত নিলগাই ৰাখিছে৷ অতিৰিক্ত প্ৰযুক্তিনিৰ্ভৰতাই নিজস্ব ক্ষমতাৰ প্ৰতি আস্থা কমাই অনাৰ উপৰিও মানুহৰ দক্ষতা নষ্ট কৰিছে৷
প্ৰসঙ্গত এটি গুৰুত্বপূৰ্ণ তথ্য জনাটো অতি জৰুৰী— মোবাইল আৰু লেপটপ তৈয়াৰত যি ধাতু (কোলটন)ৰ ব্যৱহৃত হয়, সেই ধাতুৰ এক বিশাল ভাণ্ডাৰ সঞ্চিত আছে আফ্ৰিকাৰ কঙ্গো উপত্যকাৰ খনিত৷ এই ধাতুৰ আহৰণ উদ্দেশ্যেৰে দীৰ্ঘদিন ধৰি সংঘৰ্ষ চলি আছে৷ ‘ইণ্টাৰনেশ্যনেল ৰেছকিউ কমিটি’ ২০০৮ চনৰ এক সমীক্ষাত কোৱা হৈছে— কঙ্গো অঞ্চলত ১৯৯৮ চনৰ পৰা ২০০৮ চনলৈকে যি সংঘৰ্ষ চলি আহিছে, তাত ৫৪ লক্ষ মানুহৰ মৃত্যু ঘটিছে৷ প্ৰতি মাহত এই সংঘৰ্ষত ৪৫০০০ মানুহৰ মৃত্যু ঘটিছে৷ তদুপৰি সমীক্ষাত প্ৰকাশ পাইছে যে দ্বিতীয় বিশ্ব যুদ্ধৰ পাছত মানুহ নিধনৰ ইমান ডাঙৰ সংঘৰ্ষ ক’তো হোৱা নাই৷ এই সংঘৰ্ষৰ ফলত হাজাৰ হাজাৰ নাৰী ধৰ্ষিতা হৈছে, হাজাৰ লক্ষ শিশু গৃহহীন হৈছে৷ অৰ্থাৎ আজি আমাৰ দৈনন্দিন জীৱনৰ অপৰিহাৰ্য হৈ পৰা আকৰ্ষণীয় লেপটপ, স্মাৰ্টফোনটোৰ গাত কঙ্গোৰ মানুহৰ সজীৱ ৰক্ত লাগি থকা নাইতো?
মানুহে কিতাপ পঢ়িবলৈ এৰিছে— বাতৰি কাকত, আলোচনীবোৰৰ চাৰ্কুলেচন কমিছে— ছপা আখৰৰ ভৱিষ্যৎ নাই— এসময়ত ছপা মাধ্যমটো বন্ধ হৈ পৰিব৷ এনে অভিযোগ আজিকালি য’তে-য’তে অনেকৰ মুখত শুনা যায়৷ শিল্প-বিপ্লৱৰ প্ৰতিটো ঢাপতে এনে অভিযোগ শুনা গৈছিল৷ আচলতে মানুহৰ সমাজত এনে অভিযোগবোৰ কেতিয়া কৰা হয়? যেতিয়া বিজ্ঞান-প্ৰযুক্তিৰ ন ন আৱিষ্কাৰে সমাজত জনপ্ৰিয়তা লাভ কৰে আৰু সেইবোৰৰ প্ৰতি মানুহৰ আসক্তি বাঢ়ে৷ এনেবোৰ বিষয়ৰ ওপৰত মানুহ যিমানে নিৰ্ভৰশীল হৈ গৈ থাকে, সিমানে মানুহে পূৰ্বে প্ৰচলিত মাধ্যম-সামগ্ৰীসমূহ ব্যৱহাৰৰ অনুপযোগী বুলি ভাবিবলৈ আৰম্ভ কৰে৷ ইঞ্জিন আৱিষ্কাৰৰ ফলত কায়িক শ্ৰমত তাৰ বিৰূপ প্ৰভাৱ পৰিব বুলি ধাৰণা কৰা হৈছিল, মটৰগাড়ী অহাৰ পিছত বাইচাইকেল নচলিব বুলি মানুহৰ ধাৰণা হৈছিল, টিভি অহাৰ পিছত মানুহে ৰেডিঅ’ নুশুনিব বুলি ধাৰণা কৰিছিল৷ এনেবোৰ ধাৰণা সকলো ক্ষেত্ৰতে নিমিলে৷ এটা পৰ্যায়ত ব্যৱহাৰ আৰু প্ৰয়োগৰ উপযোগিতালৈ লক্ষ্য কৰি পুৰণি সামগ্ৰী তথা কৌশলসমূহো সমাজত চলি থাকে৷ পৰিৱৰ্তিত সময়ৰ লগত বিভিন্ন বিষয়-ক্ষেত্ৰলৈ শংকা-বিলুপ্তি-অচলতাৰ প্ৰসঙ্গ আহিলেও কম-বেচি পৰিমাণে প্ৰায় সকলোবোৰেই সমাজত চলি থাকে৷ এই দৃষ্টিকোণৰ পৰা চালে কিতাপৰ ক্ষেত্ৰত কথাটো সুকীয়া৷ সভ্য সমাজত মানুহে জ্ঞান অৰ্জনৰ বাবে কিতাপ পঢ়ি আহিছে, পঢ়ে, আগলৈকো পঢ়ি থাকিব৷ অসমৰ কথাকে ধৰা যাওক— এসময়ত আমাৰ ৰাজ্যত গ্ৰন্থমেলা হৈছিল গুৱাহাটী চহৰত৷ সেই সময়ত কিতাপ পঢ়া মানুহৰ সংখ্যা আজিতকৈ কিমান বেচি আছিল? লাহে লাহে যেতিয়া অসমৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলাবোৰ অনুষ্ঠিত হ’বলৈ ধৰিলে, গ্ৰন্থমেলাৰ জনপ্ৰিয়তা বাঢ়িল— তেতিয়া নতুনকৈ গ্ৰন্থমেলা অনুষ্ঠিত হোৱা ঠাইতো কিতাপৰ বিক্ৰী বাঢ়িবলৈ ধৰিলে৷ প্ৰযুক্তিৰ আশীৰ্বাদত লাহে লাহে আমাজন, ফ্লিপকাৰ্ট আৰু সামাজিক মাধ্যমৰ বিজ্ঞাপনৰ জৰিয়তেও কিতাপ বিক্ৰী আৰম্ভ হ’বলৈ ধৰিলে৷ এনেবোৰ কথাই ছপা মাধ্যমটো তথা গ্ৰন্থ উদ্যোগটোৰ বাবে ইতিবাচক দিশ নহয় জানো? বৰ্তমান ইণ্টাৰনেট যোগে বাতৰি কাকত, আলোচনী, কিতাপৰ ডিজিটেলাইজেশ্যন হৈছে— বিশ্বৰ বিভিন্ন ভাষাত ‘ই-বুক’, ‘ই-আলোচনী’ আদিও যথেষ্ট পৰিমাণে প্ৰকাশ হৈ আছে, সেইবোৰ পাঠকে পঢ়িছে৷ কিন্তু তাৰ তুলনাত আজিও বহু পাঠকে কিতাপ এখন, আলোচনী এখন ছপা ৰূপতে পঢ়িবলৈ ভাল পায়৷ ছপা কিতাপৰ গোন্ধ লৈ আজিও বহু পাঠকৰ মন পুলকিত হয়৷
কিতাপে শাসন কৰে সভ্য সমাজ৷ এই কথাত কাৰো দ্বিমত নাথাকিব নিশ্চয়৷ মনীষীসকলেও তাকে কয়৷ পৃথিৱীৰ উন্নত সভ্যতাসমূহলৈ চালে দেখা পোৱা যায়— সেই সভ্যতাসমূহত কিতাপৰ অৱদান গুৰুত্বপূৰ্ণ৷ কাৰণ জ্ঞান অৰ্জনৰ বিকল্প কিতাপৰ বাদে অন্য একো হ’ব নোৱাৰে৷ ছপাশাল আৱিষ্কাৰ হোৱাৰ আগৰে পৰা সাঁচিপাত, তুলাপাত, পেপিৰাছত লিখিত জ্ঞানৰ ভাণ্ডাৰসমূহ অধ্যয়ন-গৱেষণাৰ মাধ্যমেৰে ক্ৰমে মানৱ সমাজ আহি আজিৰ পৰ্যায় পাইছেহি৷ ইতিহাসৰ কাহিনী, ঘটনা-পৰিঘটনাবোৰ জানো কিতাপৰ পাততে লিপিবদ্ধ হৈ থকা নায়? কিতাপৰ পাততেই বিজ্ঞান, গণিত, দৰ্শন, তত্ত্ব আদি কথাবোৰ চৰ্চা হৈ থকা নাই? অৱশ্যে বৰ্তমান অনেক দুষ্প্ৰাপ্য আৰু আপুৰুগীয়া কিতাপ প্ৰযুক্তিৰ কৃপাত ডিজিটেল ৰূপত সংৰক্ষণ হৈছে— হোৱা প্ৰয়োজনো— সময়ৰ আহ্বানত সেয়া নকৰিলেও নহ’ব৷ বিভিন্ন গৱেষণা-আৱিষ্কাৰৰ কথাবোৰ পূৰ্বেও কিতাপৰ পাততেই চৰ্চা হৈছিল আৰু ভৱিষ্যতলৈ চৰ্চা হৈ থাকিব৷ এখন সমাজৰ বৌদ্ধিক বিকাশ তথা চিন্তা-চৰ্চাৰ সকলো খোৰাক কেৱল কিতাপেহে দিব পাৰে৷ কিতাপৰ পাততেই সঞ্চিত হৈ থাকে সমাজ উত্তৰণ সকলো সমল৷ প্ৰযুক্তি বিকাশৰ সমান্তৰালকৈ কিতাপৰ বিচিত্ৰ জগতখনকো আমি এনেদৰে প্ৰসাৰ-প্ৰচাৰৰ মাজেৰে আগুৱাই নিব লাগিব৷ শেষত হোমেন বৰগোহাঞিয়ে কিতাপ সম্পৰ্কে কোৱা কথাখিনিৰে চমু লেখাটি সামৰণি মাৰিলোঁ— “শৰীৰৰ নিচিনাকৈ মানৱ মনেও নিয়মিতভাৱে আহাৰ গ্ৰহণ কৰিবলৈ নাপালে ই এদিন পংগু হৈ পৰিব পাৰে, ই চিন্তাশক্তি হেৰুৱাই পেলাব পাৰে।”