প্ৰকৃতি-বিজ্ঞান আৰু সমাজ-বিজ্ঞানৰ আলোচক : এটি চমু টোকা-(চেলিম শইকীয়া)
ধৰি ললো এজন মানুহক বিজ্ঞানৰ সাধাৰন প্ৰশ্ন কিছু সোধা হল। যেনে ধৰক চাইকেল বা মটৰ গাড়ী এখন কেনেকৈ চলে, বা লাইটী বাল্ব এটা কেনেকৈ জ্বলি উঠে, বা ধৰক দমকল এটাই কেনেকৈ নিজৰ কাৰ্য সম্পাদন কৰে। এই প্ৰশ্ন সমূহ বিজ্ঞানৰ দিশৰ পৰা বহু জটিল প্ৰশ্ন নহয়। যদিহে মানুহজন এইসমূহৰ বিষয়ে অৱগত তেওঁ সহজ আৰু শুদ্ধ ভাৱেই এইসমূহৰ ব্যাখ্যা কৰিব পাৰিব। আৰু যদিহে তেওঁ নাজানে তেওঁ নাজানো বুলিয়েই নিজৰ এই দিশত অজ্ঞানতাক স্বীকাৰ কৰি লবলৈ কোনো দ্বিধাবোধ নকৰিব। বিজ্ঞানৰ অৱদান বহু সামগ্ৰী আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰো, যাৰ আঁৰৰ কাৰ্য সম্পাদনৰ ব্যাখ্যা আমি হয়তো বেছি ভাগেই নাজানো। উদাহৰণ স্বৰূপে ঘড়ীটোৰ পৰা আৰম্ভ কৰি টি. ভি., ফ্ৰীজ, মোবাইল ফোন, ৱাশ্বিং মেশ্বিন, ইনভাৰ্টাৰ, মাইক্ৰ’ৱেভ অভেন ইত্যাদি অসংখ্য সামগ্ৰীৰ নাম উল্লেখ কৰিব পাৰি। এইবিষয়ে আমাৰ কোনো মূৰৰ কামোৰণিও নাই আৰু এইবোৰৰ বিষয়ে নাজানো বুলি কবলৈ আমাৰ কোনো সংকোচো নাই। বিজ্ঞানৰ ক্ষেত্ৰ খনত আমি যদি অধিক গভীৰ বা উচ্চ পৰ্যায়লৈ যাওঁ তেতিয়া দেখা পাওঁ যে বিজ্ঞানৰ এটা বিশেষ দিশত সৰ্বোচ্চ আনুষ্ঠানিক শিক্ষা লাভ কৰা ব্যক্তি এজনেও বিজ্ঞানৰ আন এটা শাখাৰ জটিল বা গভীৰ কথাবোৰ বিশ্লেষণ কৰিব নোৱাৰিব পাৰে। আৰু এই ক্ষেত্ৰতো নিজৰ সীমাবদ্ধতাক স্বীকাৰ কৰিবলৈ কোনেও সংকোচ নকৰে। এজন অভিযন্তাৰ চিকিৎসা বিজ্ঞানৰ বিষয়ে জ্ঞান নাথাকে, এগৰাকী মহাকাশ বিজ্ঞানীয়ে জীৱবিদ্যাৰ বিষয়ে বিশেষ ভাৱে হয়তো নাজানে।
সমাজ বিজ্ঞানৰ ক্ষেত্ৰত আমি কিন্তু একেখিনি কথাই মানি নচলো। ৰাজনীতি, সমাজ, সংস্কৃতি, ধৰ্ম, ইতিহাস আদি প্ৰধানকৈ সমাজ বিজ্ঞানৰ অন্তৰ্গত বিষয়সমূহৰ উদ্ভূত প্ৰশ্ন বা সমস্যাসমূহত আমি দেখা পাওঁ যে আমাৰ অধিকাংশই নিজস্ব এক ধাৰণা পোষণ কৰি তাক এক চূড়ান্ত সত্য বুলিও গণ্য কৰোঁ। প্ৰাকৃতিক বিজ্ঞানৰ ক্ষেত্ৰত হোৱাৰ দৰে সেই প্ৰশ্ন/ সমস্যাটোৰ মূল বিষয়সমূহত আমাৰ কিমান জ্ঞান আছে সেইয়া এইক্ষেত্ৰত কিন্তু বিচাৰযোগ্য হৈ নুঠে। হয়তো আমাৰ মনত এটা ধাৰণা আছে যে আমি সমাজত বাস কৰা হেতু এই বিষয়সমূহত যিহেতু এক “first-hand” প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰোঁ, গতিকে এই বিষয়সমূহত আমাক কোনো বিশেষ জ্ঞানৰ প্ৰয়োজন নহয়। তদুপৰি সমাজ বিজ্ঞানৰ বিষয়সমূহক কাল্পনিক সাধুকথা, আজব গল্পকথাৰ দৰে বা “বিজ্ঞান, গণিত, ইংৰাজী” ৰ সমান গুৰুত্বপূৰ্ণ নহয় বুলি অৱহেলা কৰাৰ প্ৰৱণতাও আমাৰ মাজত আছেই। ফলত বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে আমি প্ৰায় সকলোৱেই একোজন সমাজ বিশেষজ্ঞ, ধাৰাভাষ্যকাৰ হৈ উঠিছোঁ। ৱিকিপিডিয়া বা গুগল ব্যৱহাৰ কৰি কাইলৈ যদি আমাক পদাৰ্থবিজ্ঞানৰ বা গণিতৰ এটা প্ৰৱন্ধ লিখিবলৈ দিয়ে আমাৰ হয়তো সাহসেই নহ’ব, যদিহে পদাৰ্থবিজ্ঞান বা গণিতৰ বিষয়ে আমাৰ আগতে ছিৰিয়াছ ধৰনৰ পঢ়া-শুনা নাই। কিন্তু , সমাজ বিজ্ঞানৰ ক্ষেত্ৰত এইয়া এক চূড়ান্ত সহজ কাৰবাৰ হৈ উঠিছে। অথচ বাস্তৱিক ক্ষেত্ৰত সমাজ বিজ্ঞানৰ লগত জড়িত এটা বিষয়ৰ আলোচনা বা এটা সমস্যাৰ একেষাৰতে সমাধান দিয়াটো বহু ক্ষেত্ৰত বিজ্ঞানৰ ক্ষেত্ৰতকৈ বেছি জটিলহে হৈ উঠে। ইয়াৰ মুখ্য কাৰণ হৈছে যে সমাজ বিজ্ঞানৰ বিষয় সমূহ আলোচনা কৰোতে আমি সম্পূৰ্ণৰূপে বস্তুনিষ্ঠ (objective) হৈ উঠিব নোৱাৰো। প্ৰাকৃতিক বিজ্ঞানৰ বিপৰীতে সমাজ বিজ্ঞানৰ বিষয়/ সমস্যা এটা আলোচনা কৰোতে আমাৰ ব্যক্তিগত সামাজিক, অৰ্থনৈতিক, সম্প্ৰদায়গত, শ্ৰেণীগত, ধৰ্মীয়, দেশ- জাতিগত ইত্যাদি আমাৰ বিভিন্ন অৱস্থানে আমাক প্ৰভাৱান্বিত কৰে। সমাজ বিজ্ঞানকেন্দ্ৰিক বিষয়/সমস্যা/ প্ৰশ্ন এটা আলোচনা কৰা সময়ত আমি চেতন- অচেতন ভাৱে উপোৰক্ত কাৰকসমূহৰ দ্বাৰা প্ৰভাৱান্বিত হওঁ। এই কথাখিনি কোনো নতুন কথাও নহয়। সমাজ বিজ্ঞান অধ্যয়নৰ দিশত জানিব লগীয়া প্ৰাথমিক কথা কিন্তু, দেখা পোৱা যায় যে আমি এইখিনি কথাৰ প্ৰতি ন্যূনতম সচেতন নোহোৱাকৈয়ে আমি নিজস্ব ধাৰণা পোষণ কৰিছো, সামাজিক মাধ্যম সমূহ, বাতৰি কাকত আলোচনীত, টক শ্বত অংশগ্ৰহণ কৰি নিজৰ ব্যক্তিগত প্ৰশ্নকেই সমাজৰ প্ৰশ্ন, ব্যক্তিগত মতকেই ৰাইজৰ মত বুলি ঘোষণা কৰি আহিছো! তাতকৈ গুৰুত্বপূৰ্ণ হল যে এনেকৈ বিভিন্ন কাৰকৰ দ্বাৰা আমাৰ মত চেতন -অচেতন ভাৱে প্ৰভাৱান্বিত হৈ থকাৰ পাছতো আমি নিজৰ মতৰ “নিৰপেক্ষতা” ক নিৰন্ধ্ৰ ভাৱে দাবী কৰি থাকো। যিহেতু কোনোবা নহয় কোনোবাখিনিত মানুহ এনে ধৰণৰ কাৰকসমূহৰ দ্বাৰা প্ৰভাৱান্বিত হৈয়ে থাকিব, তেতিয়া হʼলে সামাজিক বিজ্ঞান বিষয়ক আলোচনাৰ ক্ষেত্ৰত এক নিৰপেক্ষ আৰু বস্তুনিষ্ঠ অধ্যয়ন সম্ভৱনে? ইয়াৰ উত্তৰত ক’ব পাৰি যে কোনো এটা বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰত আমি আমাক প্ৰভাৱান্বিত কৰিব পৰা এই কাৰকসমূহৰ প্ৰতি পূৰ্ব সজাগ হৈ লগতে অধ্যয়নত অৰিহনা যোগোৱা বিভিন্ন সমল / উৎসসমূহক বিজ্ঞানসন্মত ভাৱে বিশ্লেষণ কৰি আমি সমাজ বিজ্ঞানৰ ক্ষেত্ৰতো প্ৰকৃতাৰ্থত বস্তুনিষ্ঠ অধ্যয়নৰ ওচৰ চাপিব পাৰোঁ। কেৱল প্ৰাকৃতিক বিজ্ঞানেই নহয় সমাজ বিজ্ঞান অধ্যয়নৰো কিছু সু- সংহত, প্ৰণালী বদ্ধ, বিজ্ঞানসন্মত গৱেষণা পদ্ধতি আছে। অৰ্থাৎ, বিজ্ঞানৰ কথা এটাত আমি কেৱল “মন যায়” বা “অনুভৱৰে সিক্ত হৈ ” বা “আৱেগত উথলি উঠি” যেনেকৈ যা তা লিখিব নোৱাৰো, তেনেকৈ সমাজ বিজ্ঞানৰ ক্ষেত্ৰতো নোৱাৰোঁ। আনহাতে সমাজ বিজ্ঞান অধ্যয়নত আকৌ স্বয়ং “নিৰপেক্ষ” শব্দটিৰ ব্যৱহাৰেই গন্দগোলীয়া। “নিৰপেক্ষতা” ও বহু ক্ষেত্ৰত আমাৰ নিজা অৱস্থানৰ দ্বাৰা সৃষ্ট এক আপেক্ষিকতাহে। সমাজ বিজ্ঞান অধ্যয়নত আমাক তথাকথিত “নিৰপেক্ষতা” তকৈ প্ৰয়োজন বস্তুনিষ্ঠতাৰহে। কিন্তু , দুৰ্ভাগ্যবশতঃ দেখিবলৈ পোৱা যায় যে এনে ক্ষেত্ৰত আমাৰ অৱস্থান সমূহ সম্পূৰ্ণ বিপৰীতহে হয়। ধৰ্মৰ কথা আলোচনা কৰোতে মোৰ ব্যক্তিগত ভাৱে পালন কৰা ধৰ্মহে সত্য, সম্প্ৰদায়ৰ কথা আলোচনা কৰোতে মোৰ সম্প্ৰদায়হে সৰ্বশেষত শ্ৰেষ্ঠ, সংস্কৃতিৰ ক্ষেত্ৰত মোৰ সংস্কৃতি উচ্চ, মোৰ জাতি, মোৰ দেশ ( বহুতৰ বাবে দেশ মানে শাসনত থকা চৰকাৰ !!! ), মোৰ ভাষা শ্ৰেষ্ঠ – এনেধৰনৰ মনোভাৱহে প্ৰকাশ্য বা গোপনে লৈ আলোচনাত অংশগ্ৰহণ কৰোঁ। এনে আলোচনা/অধ্যয়ন/বিতৰ্কত আমাৰ সৰ্বশেষত কাম হয় কিবাকৈ নিজৰ অৱস্থানটো শুদ্ধ বুলি প্ৰতিপন্ন কৰা। অৰ্থাৎ , আপুনি ফলাফল সম্পৰ্কে আগতেই সিদ্ধান্ত লৈহে আপোনাৰ যুক্তি আগবঢ়াইছে! ই এক চূড়ান্ত ক্ষতিকাৰক আৰু অবৈজ্ঞানিক কথা।
সমাজ বিজ্ঞানকেন্দ্ৰিক আলোচনা/বিশ্লেষণৰ দিশত আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল ইয়াত অন্ত্ঃনিহিত হৈ থকা স্ব- বিৰোধাত্মক উপাদানসমূহ। প্ৰাকৃতিক বিজ্ঞানৰ দৰে চকুমুদি সকলো ক্ষেত্ৰতে সমাজ বিজ্ঞানত ২+১=৩ নহয়গৈ। সাধাৰণ উদাহৰন স্বৰূপে, ৰাস্তাত বনোৱা ফুটপাথ সমূহ নিসন্দেহে খোজকঢ়াৰ কাৰণে বনোৱা হৈছে। তাক বেলেগ কাৰ্যৰ বাবে ব্যৱহাৰ কৰাটো আইনী দিশৰ পৰা বে-আইনী। কিন্তু, তাৰেই গয়না লৈ ফুটপাথত ব্যৱসায় কৰা অৰ্থনৈতিক ভাৱে দুৰ্বল ব্যৱসায়ীসকলক উচ্চেদ কৰা কাৰ্যক আমি একমাত্ৰ আইনকেই আধাৰ হিচাপে লৈ যন্ত্ৰৰ দৰে বিশ্লেষণ কৰিব নোৱাৰো। এনে এটা সমস্যাৰ আলোচনাত ঠাই পাবই লাগিব দুৰ্বল শ্ৰেণীৰ বাবে উপলব্ধ অৰ্থনৈতিক সুবিধা, নিবনুৱা সমস্যা ইত্যাদিয়েও। পদপথত শুই থকা গৃহহীন লোকৰ ওপৰত কোনো তাৰকাৰ কোটিটকীয়া গাড়ী চলোৱাৰ ঘটনাকো একমাত্ৰ পদপথক আইনগত ভাৱে শোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি নে নাই তাৰ ভিত্তিত বিচাৰ কৰিব নোৱাৰি। উনুকিয়াব পৰা যায় যে বিজ্ঞানৰ ক্ষেত্ৰতো অৱশ্যে গভীৰ পৰ্যায়ত কথাবোৰ বেলেগ ৰূপ লৈছে। উদাহৰণ পদাৰ্থবিজ্ঞানৰ “কোৱাণ্টাম তত্ত্ব”।
এইখিনি লিখাৰ উদ্দেশ্য এইটো নহয় যে আমাৰ সমস্যা সমূহত আমি একো ক’ব নোৱাৰোঁ, যি ক’ব ” সমাজ বিজ্ঞান” ৰ বিশেষজ্ঞই ক’ব। এই লিখাৰ উদ্দেশ্য “বিশেষীকৰণ” ক সমৰ্থন কৰা নহয়। কেৱল আমি কিছু সজাগ আৰু সাৱধান হোৱা উচিত। ফেচবুক, হোৱাটচ এপৰ এটা পোষ্ট বা মেচেজ, এটা এঘন্টীয়া টক শ্ব’, বা কেৱল বাতৰি কাকতৰ এটা প্ৰৱন্ধৰ ভিত্তিত গুৰুতৰ সামাজিক সমস্যা সমূহত আমাৰ চূড়ান্ত মত গঢ় লৈ উঠা অনুচিত। বা ধাৰণা এটা গঢ় লৈ উঠিলেও আমি তাকেই চূড়ান্ত অভ্ৰান্ত সত্য বুলি ধৰি লোৱাটো অনুচিত। এনে সহজলভ্য ধাৰণাৰ ভিত্তিতেই গঢ় লৈ উঠে হিংসা আৰু ঘৃণাৰ বাতাবৰণ। ইন্টাৰনেটৰ সুলভ আজিৰ দিনত আমি ইচ্ছা কৰিলে সহজেই অলপ খুচৰি কম সময়তে বুজি ল’ব পাৰো এটা ঘটনাৰ বিভিন্ন দিশ। তাৰ পাছত যিমানদূৰ পাৰি বিষয় /সমস্যাটিত নিজৰ অৱস্থান সম্পৰ্কে সজাগ হৈ এটা বস্তুনিষ্ঠ বিশ্লেষন কৰিব চেষ্টা কৰিব পাৰোঁ। গাৰ বলেৰে চিঞৰি চিঞৰি, নানান ৰং বিৰঙী চাৰ্কাছৰ কাৰচাজিৰে আমাক ব্ৰেকিং নিউজৰ দ্বাৰা “সত্য” শিকাব খোজা মিডিয়াৰ যুগত আমাক এনে সৰু অথচ আন্তৰিক প্ৰচেষ্টাৰ দৰকাৰ হৈ উঠিছে । লগতে নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে বিজ্ঞানসন্মত প্ৰণালীবদ্ধ ভাৱে সমাজ বিজ্ঞান অধ্যয়নৰ ।