বিবিধ চিন্তা

পুণ্য প্ৰভা বৰুৱা: সশ্ৰদ্ধ সোঁৱৰণ-(জিতুমণি শইকীয়া)

১৪ মাৰ্চ,২০২৪ চন‌।

হঠাৎ উৰা বাতৰিৰ দৰে উৰি অহা এক দু:খবৰ‌। সমলয়ৰ বুকুত ওপজা নামৰূপৰ কবি সমাজক মৰ্মাহত কৰা অতি শোক-বিহ্বল খবৰ‌।১৯৮৪-৮৫ চনৰ পৰাই ‘সমলয় কবি চক্ৰ’ৰ জন্ম ইতিহাসৰ আগৰ সময়ৰ পৰাই ওত:প্ৰোত ভাৱে জড়িত হৈ নামৰূপত এখন কাব্য সমাজ গঠন কৰাৰ অন্যতম এগৰাকী সৈনিক, কৰ্মী, সংগঠক, কাব্যপ্ৰাণা আমাৰ মাজৰ পৰা মেলানি মগাৰ খবৰ‌। সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠা কালৰে কবি পুণ্য প্ৰভা বৰুৱাৰ জীৱন নিৰ্বাপিত হোৱাৰ খবৰে বৃহত্তৰ নামৰূপৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত থকা কবি সমাজকো ব্যথিত কৰি তুলিছে‌। বিগত কালৰ বহু স্মৰণীয় মুহূৰ্ত্ত, বহু সতেজ সোঁৱৰণ দি থৈ যোৱা পুণ্য প্ৰভা বৰুৱা বাইদেউলৈ শতকৌটি প্ৰণিপাত জনাই নামৰূপৰ কবিপ্ৰাণ সকলৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ‌।

তেখেতৰ বিয়োগত শ্ৰদ্ধাঞ্জলি জনাই ‘সমলয়’ আলোচনী, সমলয় কবি চক্ৰ আৰু সদৌ অসম কবি সন্মিলনৰ সৈতে পুণ্য প্ৰভা বৰুৱাই আজন্ম জড়িত হৈ থকা আৰু আমাৰ মনত পৰা দিনবোৰৰ দুটামান মধুৰ সোঁৱৰণহে মাথোঁ ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিছোঁ‌।

পুণ্য প্ৰভা বৰুৱা বাইদেউক ১৯৮৪-৮৫ চন মানৰ পৰাই আমি কম বেছি পৰিমাণে জানি আহিছিলো‌। নামৰূপত কাব্য চিন্তা চৰ্চা কৰা, আলোচনা কৰা, কাব্যৰ এক পৰিমণ্ডল গঢ়ি তোলা আগশাৰীৰ কবি, সংগঠকসকলৰ ভিতৰত অন্যতম এগৰাকী আছি পুণ্য প্ৰভা বৰুৱা বাইদেউ‌। ১৯৮৫ চন‌। শিক্ষাগুৰু জনাৰ্দন মহন্ত (সেই সময়ত নামৰূপত স্থাপন কৰা ‘অমৃতশ্ৰী’ প্ৰেছৰ স্বত্তাধীকাৰী), আনন্দ দত্ত, পথাৰ খ্যাত কবি ৰাম গগৈদেৱৰ অপ্ৰাণ প্ৰচেষ্টাত ‘সমলয়’ কাব্যালোচনীয়ে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা সময়তেই নামৰূপৰ সোণাৰী তিনিআলিৰ গাতে লাগি থকা অসম টাইপৰ এটি আহল বহল ঘৰৰ গৃহস্থী হিচাপে ব্যস্ততাভৰা ঘৰুৱা দায়িত্ব পালন কৰাৰ উপৰিও ‘সমলয়’ৰ সম্পাদক আনন্দ দত্ত দেৱৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ পুণ্য প্ৰভা বৰুৱা বাইদেউৱে এক উল্লেখনীয় সাংগঠনিক ভূমিকা গ্ৰহণ কৰিছিল‌। সহজ-সৰল, অমায়িক, স্নেহময়ী, সৰবৰহী এগৰাকী সঁচা মন প্ৰাণেৰে গঠিত কবি হৃদয়ৰ গৰাকী আছিল পুণ্য প্ৰভা বৰুৱা বাইদেউ‌। নামৰূপৰ সোণাৰী তিনিআলিত থকা বাইদেউহঁতৰ পুৰণি ঘৰটোৰ চিত্ৰখন এতিয়া মনত পৰিছে‌। বৰুৱা বাইদেৱে সেই গৃহটিৰ পৰাই অবিৰত আৰু অফুৰন্তভাৱে কবিচক্ৰৰ সাংগঠনিক সেৱা আগবঢ়োৱাৰ কথা, বিশেষকৈ ৰাম গগৈ ছাৰ, জনাৰ্দন মহন্ত ছাৰ,আনন্দ দত্ত, মাখন বৰুৱা, জুলিয়ানা বেগম আদি কবি প্ৰাণ সংগঠকসকলক দেখুওৱা অপত্য স্নেহ-শ্ৰদ্ধা আৰু আদৰ আতিথ্য আগবঢ়োৱা দিনবোৰলৈ আজি বৰ মনত পৰিছে‌। বাইদেউৰ সেই গৃহটিয়েই যেন ‘সমলয়’ আৰু ‘সমলয় কবি চক্ৰ’ৰ অঘোষিত আনুষ্ঠানিক কাৰ্যালয় আছিল‌। সন্মিলনৰ বিভিন্ন কামৰ যোগাযোগৰ প্ৰাণকেন্দ্ৰ আছিল বৰুৱা বাইদেউহঁতৰ সেই অসম টাইপৰ ঘৰটো‌। সেই বাবেই হয়তো পুণ্য প্ৰভা বৰুৱা বাইদেউৱে সক্ৰিয়তাৰে ৰাম গগৈ ছাৰ, আনন্দ দত্তদেৱ আদি সকলৰ সৈতে সাংগঠনিক আলোচনা বিলাকত অংশ লোৱাৰ সুবিধাও পাইছিল‌।

নামৰূপত থকা দীৰ্ঘ সময়চোৱাত পুণ্য প্ৰভা বৰুৱা বাইদেউৱে নামৰূপৰ ঔদ্যোগিক সামাজিক জীৱনৰ সৈতেও সংপৃক্ত হৈ নামৰূপ সাহিত্য সভা, সমলয় কবি চক্ৰ, সদৌ অসম জনসাংস্কৃতিক পৰিষদ, নামৰূপৰ মহিলা সমাজ, বৰ নামঘৰ আদি কৰি প্ৰায়বোৰ জাতীয় অনুষ্ঠানৰ সৈতে আন্তৰিকতাৰে জড়িত হৈ পৰিছিল‌। আনকি আমি কেতিয়াবা দেখিছিলো যে সমাজৰ অন্যায়, অপৰাধ, দুৰ্নীতি, অন্ধবিশ্বাসৰ বিৰুদ্ধেও সাংগঠনিক ভূমিকা গ্ৰহণ কৰি সৰব হৈ উঠিছিল‌। সমাজকৰ্মী স্বামী প্ৰয়াত মুৰুলীধৰ বৰুৱাদেৱৰ সৈতেও বাইদেৱে জুটীয়াভাৱে সমাজ সেৱাত ব্ৰতী হৈ আছিল‌। পুণ্য প্ৰভা বৰুৱা বাইদেউৰ ঘৰুৱা জীৱন পৰিক্ৰমাত বহু ঘাত-প্ৰতিঘাতেৰে উজুটি খায়ো এক নিৰপেক্ষ দৃষ্টিৰে সমাজখন চাব বিচাৰিছিল‌ বা অন্বেষণ কৰিছিল‌। তেখেত আছিল সমাজ সচেতন, সমাজৰ প্ৰমূল্যবোধ ৰক্ষা কৰি চলা আপোচহীন এগৰাকী যুঁজাৰু সৈনিক‌।

বহু জল্পনা-কল্পনা আৰু বাক্‌ বিতণ্ডাৰ ধুমুহা ফালি১৯৮৭ চনৰ ৬ চেপ্তেম্বৰ তাৰিখে নামৰূপতেই সমলয়ৰ বুকুত সদস্যসকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন অগ্ৰজ কবিৰ প্ৰচেষ্টাত সদৌ অসম কবি সন্মিলনৰ জন্ম হৈছিল‌। এই জন্ম লগ্নৰ কিছু পৰিকল্পনা পুণ্য প্ৰভা বৰুৱা বাইদেউৰ গৃহৰ পৰাই আৰম্ভ হৈছিল‌ বুলি ক’ব পাৰি‌। উল্লেখ্য যে ‘সমলয়’ কাব্যালোচনীখনত অসমৰ বিভিন্ন ন-পুৰণি কবিৰ কাব্যানুভূতিৰ উন্মেষ ঘটিছিল‌। আৰু উত্তৰ পূৰ্বাঞ্চলত এক জনপ্ৰিয় কাব্য আন্দোলন গঢ় লৈ উঠিছিল‌। এনে অন্তৰ্মুখী বিশাল অনুভৱী হৃদয়ৰ জাগৰণত অশেষ ত্যাগ আৰু অৰিহণা নিহিত হৈ আছিল পুণ্য প্ৰভা বৰুৱা বাইদেউৰ‌।

শ্ৰদ্ধা সহকাৰে কওঁ যে পুণ্য প্ৰভা বৰুৱা বাইদেউৱে অসমৰ কাব্য সাহিত্যত কাব্য-কলা-কীৰ্তিৰে খ্যাতি লাভ নকৰিলেও কিন্তু সেই সময়ৰ সমাজ-ৰাজনৈতিক পৰিবেশৰ পটভূমিত চুটি চুটিকৈ বহুতো কবিতা ৰচনা কৰিছিল‌। কবিতাসমূহত পৰিস্ফূত হৈছিল এক সৃষ্টিশীল আৰু সংবেদনশীল মনৰ সৰল সমাহাৰ‌। এইটো কথা ঠিক যে ৰাম গগৈ ছাৰ, আনন্দ দত্তদেৱৰ সুবাস সান্নিধ্যৰে পৰিপুষ্ট বাইদেউৰ কবি সন্মিলনৰ প্ৰতি দিন যোৱাৰ লগে লগে হেপাহ আৰু ব্যগ্ৰতা ক্ৰমান্বয়ে বৃদ্ধি পাইছিল‌। অগ্ৰজ কবি মহীৰূহসকলক  অকৃত্ৰিম আগ্ৰহেৰে আতিথ্য আগবঢ়োৱাৰ যি মানসিকতা দেখা পাইছিলো সি কোনো দিনেই হ্ৰাস পোৱা নাছিল‌।

ৰাম গগৈ ছাৰ, আনন্দ দত্ত, জুলিয়ানা বাইদেউ হঁতৰ উপস্থিতিত আয়োজিত বহু উচ্চমানৰ বিশিষ্ট কবি সন্মিলনত পুণ্য প্ৰভা বৰুৱা বাইদেউৱে নিয়মীয়াকৈ অংশ লৈছিল, কবিতা পাঠ কৰিছিল‌। সমলয় কবি চক্ৰ, সদৌ অসম কবি সন্মিলনৰ সুদীৰ্ঘ যাত্ৰাত পুণ্য প্ৰভা বৰুৱা বাইদেউৰ দেহ-মনৰ ত্যাগ অৰিহণা আৰু বদান্যতাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই ডিব্ৰুগড় জিলা কবি সন্মিলনে ২০১৭ চনত ‘সুমনশ্ৰী’ শীৰ্ষক বঁটাৰে সন্মানিত কৰিছিল‌। ‘সমলয় কবি চক্ৰ’ইও ‘সমলয় বঁটা’ প্ৰদান কৰি শ্ৰদ্ধা নিবেদন কৰিছিল‌।

দেশ, জাতি, মাটি, ভাষা-কৃষ্টি-সংস্কৃতিক সঁচা-অৰ্থত জাতীয় ভাৱাপন্নতাৰে আৰু পবিত্ৰ সত্তাৰে ভালপোৱা পুণ্য প্ৰভা বৰুৱা বাইদেউ আজি আমাৰ মাজত নাই‌। তথাপি নামৰূপ, জয়পুৰৰ লগতে অসমৰ কবিপ্ৰাণ সমাজে সদায় শ্ৰদ্ধা আৰু কৃতজ্ঞতাৰে তেখেতক সুঁৱৰি থাকিব‌।

আশাকৰোঁ পুণ্য প্ৰভা বৰুৱা বাইদেউৰ কাব্যিক জীৱন, সামাজিক জীৱন আৰু সংগ্ৰামী সত্তাৰ ওপৰত অনাগত সময়ত অধিক পৰিশিলিত ৰূপত চৰ্চা, আলোচনা আৰু স্মৰণ  হ’ব‌।

শেষত বাইদেউলৈ পুনৰ শতকৌটি প্ৰণিপাতেৰে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ‌।

Leave a Reply

Your email address will not be published. Required fields are marked *