পুষ্পল মুখোপাধ্যায়ৰ “সব বানানো গল্প”-ৰ আঁত ধৰি (ৰতন পাল)
কলকাতা হ’ল আধুনিক ভাৰতীয় সাহিত্যৰ কাৰখানা ঘৰ। ৰেনেচাঁৰ কোবাল ধুমুহাৰ প্ৰকোপত পৰি ভাৰতীয় সাহিত্যই তাৰে পৰা নতুনকৈ ঠন ধৰি উঠে। এতেকে তেতিয়াৰে পৰা আজিলৈকে তাত সাহিত্যৰ বিভিন্ন শাখাৰ কিমান যে অলি-গলি-ৰাস্তা নিৰ্মাণ হ’ল তাৰ কোনো লেখ-জোখ নাই। গল্পৰ বাবে সাধাৰণতে আৱশ্যক হোৱা প্ৰধান উপাদনবোৰ হ’ল কাহিনী, পৰিৱেশ, চৰিত্ৰ, আৰু মনস্তাত্বিক বিশ্লেষণ। এইদিশত আমাৰ বিভিন্ন ভাষাত গল্প আৰু চৰিত্ৰবোৰ সহজতে ৰচকসকলে সৃষ্টি কৰি পেলায়। কিন্তু কলকাতাৰ পৰিৱেশ আৰু তাৰ লেখকসকলৰ গল্পৰ চৰিত্ৰবোৰৰ মনস্তাত্বিক বিশ্লেষণৰ ক্ষমতা এক অতিৰিক্ত মাত্ৰা যুক্ত হৈ পৰে। সেয়েহে সাহিত্য ৰসিকসকলে, তেওঁ যিকোনো মাতৃভাষা গোটৰে নহওক লাগে, ভাষাটো আয়ত্ব কৰি সেই গল্পক ৰসোত্তীৰ্ণ কৰাৰ প্ৰয়াস কৰি আহিছে। সম্প্ৰতি মোৰ হাতত পুষ্পল মুখোপাধ্যাৰ “সব বানানো গল্প” নামৰ গল্প সংকলন এটা পৰাত আলোচনা কৰিবলৈ সুযোগ এটা লাভ কৰিলোঁ আৰু প্ৰথমবাৰলৈ গল্পৰ আলোচনা লেখিবলৈ প্ৰয়াস কৰিলোঁ।
পকাবন্ধা কিতাপখন প্ৰকাশিত হৈছে বিবক্ষিত প্ৰকাশ, পূর্ব বৰ্দ্ধমানৰ পৰা। প্ৰচ্ছদৰ শৈল্পিক স্কেছ অংকন কৰিছে আইৰি মুখোপাধ্যায়ে। মূল্য ২২৫টকা। পৃষ্ঠা সংখ্যা ১২৭। প্ৰথম পৃষ্ঠাৰ প্ৰচ্ছদৰ বকলাত খুব সংক্ষিপ্তভাৱে গল্পৰ সংক্ষিপ্ত বৰ্ণনা আছে; চতুৰ্থ বা শেষ প্ৰচ্ছদত লেখকৰ একাষাৰত অন্তৰ্ভুক্ত হৈছে “সময়” সম্পৰ্কীয় লেখকৰ মূল্যবান উপলব্ধিখিনি। তাৰে বকলাত মুখত দাড়ি, চকুত ক’লা ফ্ৰেমৰ চছমাৰে সৈতে পুষ্পল মুখোপাধ্যায় ছবি, আৰু তাৰ তলত গল্পকাৰৰ এটি চমু বৰ্ণনা।
সৰল ৰেখা এডালেৰে কিমান কি যে অংকন কৰিব পৰা যায় তাৰ জানো কিবা সীমা আছে! সেইদৰে বৃত্ত এটাৰ কথাও তেনেকুৱা। আকৌ সৰল ৰেখা আৰু বৃত্তৰ কেকটেলত আমি হেৰাই যাব পৰাবিধৰ ছবি আঁকিব পাৰোঁ। ক’বলৈ গৈছিলোঁ আধুনিক চুটি গল্পৰ ফ্ৰেমৰ কথা। আলোচ্য এই গল্প সংকলনত থকা ১২-টা গল্পৰ কিমান যে পৰিৱেশগত ফ্ৰেমৰ ৰচনা হৈছে তাৰ হিচাপেই নাই। আমাৰ মগজুৰ সীমাত গাঁও, নগৰ-মহানগৰ, অফিচ-কাছাৰিৰ ছবি—এইবোৰেই সাধাৰণতে চুটি গল্পৰ ক্ষেত্ৰভূমি হিচাপে লৈ কাহিনী আগবাঢ়ি থাকে। পুষ্পল মুখোপাধ্যায়ৰ ক্ষেত্ৰতো তাৰ ব্যতিক্ৰম নাই সচাঁ, কিন্তু তেখেতে প্ৰতিটো দৃশ্য, প্ৰতিটো চৰিত্ৰ ৰচনাত যি প্লট আৰু তাৰ আঁক-বাক ৰচনা কৰিছে সি প্ৰতিজন পাঠকৰ মনত যে এক অনন্য অনুভূতি জাগ্ৰত কৰিব, তাত কোনো সন্দেহ নাই। প্ৰতিটো গল্পত তিনি-চাৰিটাকৈ প্ৰধান বা কেন্দ্ৰীয় চৰিত্ৰ আছে। কিন্তু চৰিত্ৰবোৰে এটাই আনটোৰ ওপৰত জলছাপৰ দৰে প্ৰভাৱ পেলোৱা নাই। ইয়াত থকা চল্লিচ-পঞ্চলিছটা চৰিত্ৰই স্বতন্ত্ৰ। সমাজিক ব্যৱস্থা আৰু সময়ৰ প্ৰভাৱৰ বিষয়টো চৰিত্ৰবোৰৰ ওপৰত কি দৰে পৰিছে, তাৰ বৰ্ণনাত লেখকৰ আদৰ্শগত অৱস্থান নিশ্চিত হৈ পৰে। “লাটাই” নামৰ গল্পত অতিকৈ দুখীয়া ন্যাড়া নামৰ কিশোৰ এজনৰো যে এটা সপোন থাকে আৰু তাতো যে অৰ্থনৈতিক ব্যৱস্থাটোৰ প্ৰভাৱ পৰে, দৰিদ্ৰতাৰ অভিশাপ যে চিলা উৰুৱা যুদ্ধখনতো আহি পৰিব পাৰে—তাৰ জীৱন্ত চলন্ত বিৱৰণি দেখা যায় “লাটাই”-ত। ৰসঘন প্ৰচণ্ড উত্তেজনা সৃষ্টি কৰি লেখকে পাঠকক বান্ধি ৰাখিবলৈ সক্ষম হৈছে গল্পটিত। “পৰিৰ কাৰ্টুন” নামৰ মধ্যবিত্তীয় পৰিমণ্ডলৰ এটা গল্পত গল্পকাৰে পাবত গজা মানুহবোৰৰ সুবিধাবাদী চৰিত্ৰটো বৰ নিপুণভাৱে অংকন কৰিছে। জীয়েকজনীক বিখ্যাত স্কুলত ভৰ্তি কৰাবলৈ আগৰে পৰা ফিটিং কৰি থোৱা আছিল; কিন্তু ইণ্টাৰভিউলৈ ওলোৱাৰ সময়তে এক যুদ্ধবিৰোধী মিছিলৰ বাবে তেওঁলোক বাটতে ৰৈ থাকিবলগীয়াত পৰিল। মাৰ্কিন সাম্ৰাজ্যবাদৰ মুণ্ডপাত হৈছে শ্ল’গানত। বাপেকৰ বাবে অসহনীয় অৱস্থা। সময়মতে উপস্থিত হোৱাৰ বাবে মাকৰ উত্ৰাৱল উৎকণ্ঠা। তাতেই মিছিলৰ চিনাকি মানুহ এজনে তেওঁলোকক মিছিলৰ লগতে খোজকাঢ়ি গ’লে সোনকালে ঠাইখিনি পাৰ হ’ব পাৰিব বুলি পতিয়ন নিয়াৰ ফলত—ইচ্ছাৰ বিৰুদ্ধে হ’লেও—তেওঁলোক মিছিলত খোজমিলাই আগুৱাই যাবলৈ বাধ্য হৈ পৰিল। কণমানিজনীক মিছিলৰ মানুহে মৰমত কোলাত তুলি শ্ল’গান দিবলৈ শিকাই দিলে। তাইও ইনকিলাব জিন্দাবাদ গাই গাই কিবা এটা আনন্দত মছগুল হৈ পৰিল। দুই-এক মিনিটতে তাই বুজি উঠিলে যে যুদ্ধখন বন্ধ হ’লেহে তাই স্বাধীনভাৱে টি.ভি-ত প্ৰিয় কাৰ্টুনবোৰ চাই থাকিব পাৰিব। দেউতাকে সদায় যুদ্ধৰ অগ্ৰগতিৰ বাতৰি শুনাত তাইৰ সেই কাৰ্টুন চোৱাৰ অধিকাৰ খৰ্ব হৈছে। গতিকে মাক আৰু দেউতাকলৈ নাচাই তাই চিঞৰি থাকিল মিছিলৰ শ্ল’গান। এই গল্পত গল্পকাৰজনে নিজৰ লেখনশৈলীৰ শ্ৰেষ্ঠাতাখিনি যেন উবুৰিয়াই দিছে। আকৌ “চন্দ্ৰাৱতী” নামৰ গল্পটোত লেখকে আধুনিক সময়ৰ জটিলতাখিনিক ৰূপকথাৰ সাঁচত অৱলোকন কৰিবলৈ কৰা প্ৰয়াস সফল হৈছে। “হিটকা” নামৰ আন এটা গল্পত অন্ধবিশ্বাসী বাঁওপন্থী মানুহৰ ছবি এখন ঘটনা-পৰিঘটনাৰ মাজেৰে ফুটাই তুলিছে। “কবুতৰ কথা” নামৰ গল্পত লেখকে ৰজাদিনীয়া সমাজ ব্যৱস্থাত আধুনিক কালৰ সমস্যা এটা ভৰাই সফল পৰীক্ষা সম্পন্ন কৰিছে। বিখ্যাত “উলংগ ৰজা” নাটকখনৰ দৰে এইটোও যেন আন এক বিশেষ ধৰণৰ নাটক। “হেবি পালাচ্ছেন, না” নামৰ গল্পত মহানগৰৰ উচ্চশিক্ষিত ভদ্ৰ ঘৰৰ সন্তানবোৰে গাঁৱৰ সহজ-সৰল ৰাইজক কি দৰে নিজৰ ইচ্ছা পূৰণত ব্যৱহাৰ কৰি নিজৰ লাম্পট্যক প্ৰকাশ কৰে, তাৰ এক সুন্দৰ স্কেচ অংকন কৰিছে। প্ৰতিটো গল্পই পাঠকৰ মনোজগতত এনেদৰে খুন্দা মাৰে যে সেই অভিঘাতে গল্পৰ কোনো এটা চৰিত্ৰৰ সৈতে পাঠকক একাত্ম হৈ পৰিবলৈ উদ্ধুব্ধ কৰি পেলায়। এয়াই সাৰ্থক সৃষ্টি। নিচাত মছগুল নহ’লে নিচাক জানো অংকন কৰিব পাৰি!
সংকলনত থকা গল্পবোৰ পঢ়িলে আমি মুগ্ধ-মুক্ত কণ্ঠে লেখকৰ সলাগ ল’ম। কিন্তু তাৰ লগতে লেখকৰ সামাজিকতাৰ দৃষ্টিভংগীৰ বিষয়ে কিছু কথা খুলি কোৱাটো যুগুত। পুষ্পল মুখোপাধ্যায়ে এই সংকলনত তেওঁৰ শ্ৰেষ্ঠ গল্পবোৰকেই যে ঠাই দিছে তাত আমাৰ সন্দেহ নাই। সেয়েহে এইবোৰ তেখেতৰ প্ৰতিনিধিস্থানীয় লেখা বুলি গণ্য কৰি দুটামান কথা কৈ থবলৈ ইচ্ছা কৰিলোঁ। বাংলা সাহিত্যৰ এক অঘোষিত পৰম্পৰাৰ পৰা পুষ্পল মুখোপাধ্যায় যেন বাহিৰ হ’ব নোৱাৰিলে, আৱদ্ধ হৈ পৰিছে সেই মান্ধাতাৰ চক্ৰত। লক্ষ্য কৰিবলগীয়া কথাটো হ’ল তেখেতৰ এই সংকলনৰ কোনো এটা গল্পতেই বংগৰ নিপীড়িতসকলৰ সমাজ-ব্যৱস্থাৰ বিষয়টোৱে স্থান নাপালে, অথচ বংগৰ জনসাধাৰণৰ আধা অংশ লোকেই তেনে পিছপৰা শ্ৰেণীৰ মানুহ। পুষ্পল মুখোপাধ্যায়ৰ দৰে ডেকা লেখকৰ কলমৰ পৰা যদি নিপীড়িতসকলৰ কণ্ঠধ্বনি উচ্চাৰিত নহয়, তেন্তে হতাশ হোৱাৰ বাদে আন ৰাস্তা নাথাকে। পণ্য-সংস্কৃতিৰ যুগত ৰাইজে কিনিবলৈ আগ্ৰহ থকা বস্তু এটাহে উৎপাদকে উৎপাদন কৰি থাকিবলৈ ইচ্ছা কৰিব। এই আদৰ্শমতেই বংগৰ বিখ্যাত লেখক-সাহিত্যিকসকলৰ কলমৰ পৰা নিপীড়িত শ্ৰেণীৰ বাবে কথা নিগৰি নাহে হে নাহে। পুষ্পল মুখোপাধ্যায়ো তাৰ ব্যতিক্ৰম নহ’ল।