অনুবাদপ্ৰবন্ধ

ৰাজস্থানৰ ‘কোটা’-ৰ অকথিত কাহিনী (প্ৰথম অংশ) (মূল : মৃদুলিকা ঝা, ভাবানুবাদ : পংকজ কুমাৰ নেওগ)

প্ৰথম অংশ

এটা বিশাল অভ্যৰ্থনা হল; গ্ৰেণ্ড চেণ্ডেলিয়াৰ আৰু বিলাসী আচবাবপত্ৰৰ সৈতে কোটাৰ এই হোষ্টেলটো আনকি পঞ্চতাৰকাযুক্ত হোটেলতকৈয়ো আড়ম্বৰপূৰ্ণ। মালিকজনে মোক লৈ ফুৰাইছে আৰু সকলোবোৰ ব্যৱস্থা দেখুৱাইছে—চি.চি.টি.ভি কেমেৰা, বায়’মেট্ৰিক চিষ্টেম আৰু অট্টালিকাৰ চুক-কোণে পাৰি ৰখা জাল। “কোনোবা শিক্ষাৰ্থীয়ে আত্মহত্যাৰ বাবে জাঁপ দিবলৈ চেষ্টা কৰিলেও ধৰা পৰিব”, তেওঁ গৌৰৱেৰে কয়!

কোটা কেৱল ডাঙৰ হোষ্টেল বা ইনষ্টিটিউটৰ কথা নহয়, এটা ডাঙৰ সপোনৰ কথা—সেই সপোন হ’ল NEET বা JEE সুকলমে অতিক্ৰম কৰি ডাক্তৰ বা অভিযন্তা হোৱাৰ! এই সপোনবোৰ পূৰণৰ প্ৰতিশ্ৰুতিৰে চলি থাকে কোচিং ইনষ্টিটিউটসমূহ। এটা সম্পূৰ্ণ ব্যৱসায়িক ব্যৱস্থাই এই অনুষ্ঠানসমূহক সাৰ-পানী যোগান ধৰি খুব সুন্দৰকৈ প্ৰতিপালন কৰি আহিছে, একো-একোগৰাকী ১৫-১৬ বছৰীয়া কিশোৰ বা কিশোৰীক এটা এটা জীৱন্ত মেচিনলৈ ৰূপান্তৰিত কৰিছে। সকলোবোৰ সুচাৰুৰূপেই চলি থাকে যেতিয়ালৈকে কোনো এটা মেচিনৰ কাম বন্ধ নহয়। যোৱা দুমাহত ৯-গৰাকী চেমনীয়াই (এইবছৰত এতিয়ালৈকে ২৪ গৰাকীয়ে) আত্মহত্যাৰ দ্বাৰা মৃত্যু আকোঁৱালি লৈছে। ছাদৰ পৰা জাঁপ দি নিজৰ জীৱন ল’লে কোনোবাই, আন এজনে চিলিঙ ফেনত ওলমি ফাঁচ ল’লে। কিছুমানে আত্মহত্যাৰ টোকা লিখি থৈ গ’ল আৰু আন কিছুমান নীৰৱে, নিঃশব্দে আঁতৰি গৈছে। মৃতকৰ কোঠা কিছুদিন বন্ধ হৈ থাকিল—, তাৰ পিছত ধুই-মেলি পৰিষ্কাৰ কৰাৰ পিছত আন এজন ছাত্ৰক সেই কোঠা আবণ্টন কৰা হ’ল! সকলোবোৰ যেন একত্ৰিত হৈ মৃত্যুৰ গোন্ধ আঁতৰোৱাত ব্যস্ত! নাম প্ৰকাশ নকৰাৰ চৰ্তত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “কোটা যেন বাৰুদৰ এটা পাহাৰৰ ওপৰত, এটা মাত্ৰ স্ফুলিংগৰ দৰকাৰ—যি সকলো জাকজমকতা ছাইলৈ পৰিণত কৰিব আৰু অট্টালিকাবোৰ পৰিত্যক্ত বাকচলৈ ৰূপান্তৰিত হ’ব। এই চহৰখন মৃত শৈশৱৰ বিনিময়তহে জীয়াই আছে!”

দিল্লীৰ পৰা প্ৰায় ৫০০ কিলোমিটাৰ দূৰৈত অৱস্থিত কোটালৈ যাত্ৰা আৰম্ভ কৰাৰ সময়ত মই কিছু হোমৱৰ্ক কৰিছিলোঁ। কিছুমান নম্বৰত মই ফোন কৰিবলগীয়া হৈছিল, কাৰণ মানুহ কিছুমানক মই লগ ধৰিবলৈ খুজিছিলোঁ; কিন্তু ৰে’ল ষ্টেচনৰ পৰা ওলাই অহাৰ লগে লগে মই কৰা হোমৱৰ্কৰ কোনো মূল্যই নাথাকিল। মই মোৰ নিজৰ কাহিনীৰ চৰিত্ৰ হৈ পৰিলোঁ। ষ্টেচনৰ পৰা ওলাই অহাৰ লগে লগে অটো চালকবোৰে মোক ঘেৰি ধৰিলে—কিছুমানে মোক আশ্বস্ত কৰিলে যে তেওঁলোকে মোক “মোৰ সন্তানৰ বাবে কোটাৰ শ্ৰেষ্ঠ হোষ্টেল” দিয়াব পাৰিব। আন কিছুমানে মোক সস্তা দামত শীৰ্ষ কোচিং চেণ্টাৰত আসন দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। মোক এজন সম্ভাৱ্য শিক্ষাৰ্থীৰ অভিভাৱক বুলিয়েই সকলোৱে অনুমান কৰিছিল। কোচিং ব্যৱস্থাৰ বাবে বিপণন ৰে’লৱে ষ্টেচনৰ পৰাই আৰম্ভ হয়! এগৰাকী গ্ৰাহকৰ ৰূপত মই এখন টেক্সি ভাৰা কৰোঁ। ড্ৰাইভাৰজন কম কথাৰ মানুহ। মই কিছু কথোপকথন আৰম্ভ কৰাৰ পিছত তেওঁ কয়, “মেডাম, ঘৰত সকলো এৰি থৈ সন্তানৰ সৈতে থাকিব পাৰিলেহে আপোনাৰ সন্তানক এই চহৰলৈ আনিব। এই চহৰখনে বহুতো নিষ্পাপ হৃদয়ৰ অভিশাপ বহন কৰিছে”। চালকজনৰ মুখখন আছিল ভাৱ-লেশহীন, চকু যেন ক’ৰবাৰ দূৰ-দিগন্তত।

ড্ৰাইভাৰজনক আৰু ক’তো লগ পোৱা নাছিলোঁ যদিও পৰৱৰ্তী ডেৰ দিন কোটাৰ সকলোতে মই সেই একেটা হেৰাই যোৱা চাৱনিকে দেখা পাইছিলোঁ। কুঁহিয়াৰৰ ৰস বেছা ঠেলাগাড়ী এখনৰ পৰা জুছ খাবলৈ যোৱা ল’ৰা-ছোৱালীবোৰৰ মাজতেই হওক বা ঠাণ্ডা চাহ একাপ কাষত লৈ কিতাপৰ পাত লুটিয়াই থকা শিক্ষাৰ্থীবোৰেই হওক বা হোষ্টেলৰ কমন এলেকাত ল’ৰা-ছোৱালীবোৰক কেনে আছা বুলি সোধা প্ৰশ্নৰ উত্তৰত দিয়া “সব বড়িয়া হায়” বুলি ভাটৌৰ দৰে দিয়া উত্তৰতেই হওক—সকলোতে বিভ্ৰান্তি আৰু কিবা যেন নাই নাই ভাব এটা লক্ষ্য কৰিছিলোঁ। ৮০-ৰ দশকত যেতিয়া এটা কোচিং ইনষ্টিটিউটৰ এজন ছাত্ৰই ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিত (আইআইটি) স্থান লাভ কৰিছিল, ল’ৰা-ছোৱালীক মেচিনলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থাটো তেতিয়াই আৰম্ভ হয়। নিশাটোৰ ভিতৰতে সেই কোচিং স্কুলখন বিখ্যাত হৈ পৰাৰ লগতে কোটাত কেইবাখনো কোচিং ইনষ্টিটিউট বেংছতাৰ দৰে গজি উঠে। ছাত্ৰ-ছাত্ৰীৰ ক্ষুদ্ৰ স্ৰোত লাখ লাখ চেমনীয়াৰ স্ফীত বন্যাৰ নদীলৈ পৰিণত হ’ল। তাৰ পাছত এই শিক্ষাৰ্থীসকলক ৰাখিবলৈ হোষ্টেল, কেণ্টিন সকলোবোৰ স্থাপিত হ’ল। চাহ আৰু জলপানৰ ষ্টলৰ পৰা আৰম্ভ কৰি অটোৰিক্সালৈকে সকলোৱে উজান দিলে। লক্ষ্য আছিল সকলোৰে বাবে একেই—১৫-১৬ বছৰীয়া চেমনীয়াসকল। গোটেই চহৰখনে ঘনকৈ বোৱা জাল এখনেৰে এই সকল চেমনীয়াক যেন খেদি ফুৰিছিল।

এইবছৰ প্ৰায় ৩ লাখ ছাত্ৰ-ছাত্ৰী বাছনি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কোটালৈ আহিছে বুলি হোষ্টেলৰ মালিক আৰু অন্যান্য সূত্ৰই প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰীৰ সৈতে আমাৰ মত বিনিময়ৰ অংশ হিচাপে আমি আই আই টি প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা সমৰ সিঙক লগ পাওঁ। দুমাহ আগতে সমৰ কোটাত আহি উপস্থিত হৈছে। আজি দেওবাৰ, কিন্তু ক’তো বন্ধৰ দিনৰ কোনো লক্ষণ নাই। সমৰে কয়, “আজি ছাত্ৰ-ছাত্ৰীসকলে হয় ক্ষতি হোৱা টোপনি পূৰাবলৈ চেষ্টা কৰিব, নহয় কোচিং চেণ্টাৰলৈ পৰীক্ষা দিবলৈ যাব”। প্ৰশ্ন, “কাপোৰ কেতিয়া ধোৱা”? হোষ্টেলৰ কৰ্মচাৰীয়ে কাপোৰ ধুই দিয়ে বুলি সমৰে কয়। “যদি শিক্ষাৰ্থীয়ে এই সকলোবোৰ কৰিব লগা হয় তেনেহলে কেতিয়া পঢ়িব? অভিভাৱকে এনে এখন হোষ্টেল বিচাৰে য’ত কেৱল খাদ্যই নহয় কাপোৰ-কানি ধুই-মেলি দিয়া সেৱাও প্ৰাপ্ত। আমি একো চিন্তা কৰিব নালাগে, মাত্ৰ পঢ়া-শুনাহে কৰিব লাগে”।

প্ৰশ্ন, “তুমি দৈনিক কিমান ঘণ্টা পঢ়া”? সমৰে কয়, “প্ৰথম ক্লাছ পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হয়। আমি সেই সময়ৰ পৰা আৰম্ভ কৰি ৰাতি ২ বজালৈকে পঢ়া চলাই যাওঁ”। সমৰে আমাৰ লগত নিজৰ ৰুটিন শ্বেয়াৰ কৰে। এনে ব্যস্ততাৰে পূৰ্ণ দৈনন্দিন সূচীত উশাহ ল’বলৈকো সময় নাই। পঢ়াৰ মাজত সি মাত্ৰ দুবাৰ কথা পাতে— এবাৰ ফোনৰ জৰিয়তে মাক-দেউতাকৰ লগত আৰু এবাৰ কাষৰ কোঠাটোত থকা বন্ধুজনৰ লগত।

বাৰাণসীৰ পৰা অহা সমৰে কয়, “যদি কোনোবা দিনা মই অলপ বেছি সময় শুই পৰোঁ, মোৰ নিজকে অপৰাধী যেন লাগে। মোৰ তেতিয়া কান্দিবলৈ মন যায়”। দ্বিধাবোধ কৰি মই প্ৰশ্ন এটা আধৰুৱাকৈ সোধোঁ, “যদি আইআইটিলৈ যাব নোৱাৰা”! সমৰে কয়, “সেই কথা ভবা নাই। কিন্তু আইআইটিত চিট পাম। মই কঠোৰ পৰিশ্ৰম কৰি আছোঁ”।

ঠিক মোৰ যেনেকৈ পোনপটীয়া প্ৰশ্ন এটা সুধিবলৈ অসুবিধা হয়, সমৰেও প্ৰত্যক্ষ উত্তৰ দিয়াৰ পৰা আঁতৰি থাকে। “যদি আইআইটি বা মেডিকেলত নহয়”!—এই চিন্তাটোৱেই হৈছে কোটাত সকলোৰে মূৰত ওলমি থকা সেই অদৃশ্য তৰোৱালখন। প্ৰতি বছৰে বহু ছাত্র-ছাত্রী স্বপ্নভংগ হৈ ঘৰলৈ উভতি যায়। বহুতো উভতি নাযায়! কোটাৰ বেছিভাগ কোচিং ইনষ্টিটিউট চহৰৰ কিছুমান বিশেষ অঞ্চলত কেন্দ্ৰীভূত হৈ আছে। কুনহাদী, ৰাজীৱ গান্ধী নগৰ, মহাবীৰ নগৰ, বিজ্ঞান নগৰ, জৱাহৰ নগৰ এনে কিছুমান অঞ্চলত। সমৰক লগ পোৱাৰ পাছত শেহতীয়াকৈ যি হোষ্টেল আৰু পি.জি-ৰ ব্যৱস্থা থকা অঞ্চলত শিক্ষাৰ্থী দুগৰাকীমানে আত্মহত্যা কৰিছিল, সেই অঞ্চললৈ যাওঁ। বজাৰৰ মাজত থকা ল’ৰাৰ হোষ্টেলটো বাজেট হোটেল যেন লাগে। চিকিৎসাবিজ্ঞানৰ বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকল এই অঞ্চলত থাকে। আমি হোষ্টেলত সোমোৱাৰ লগে লগে ৰিচেপচনৰ ল’ৰাজন তৎপৰ হৈ উঠে, “ইয়েছ মেম”! দুমাহ পূৰ্বে এই হোষ্টেলৰ এটা কোঠাত ছাত্ৰ এজনে আত্মহত্যা কৰিছিল। হোষ্টেলৰ ছাত্ৰসকলক লগ পোৱাৰ হেঁপাহ থকা বাবে বিশেষ একো প্ৰশ্ন ল’ৰাজনক নক’ৰোঁ। ৰিচেপচনত থকা ল’ৰাজনে নিজকে ৱাৰ্ডেন বুলি পৰিচয় দি কাৰোবালৈ নিম্নকণ্ঠত ফোন এটা কৰে। পিছ মুহূৰ্তত ফোনটো মোৰ হাতত তুলি দিলে।

সিটো মূৰৰ পৰা এটা তীব্ৰ কণ্ঠস্বৰ ভাহি আহিল, “নাই মেডাম, আমি আমাৰ শিক্ষাৰ্থীসকলক লগ কৰিবলৈ দিব নোৱাৰোঁ। কিছু সময় অপেক্ষা কৰক, মই উপস্থিত থাকিলেহে সিহঁতক লগ ধৰিব পাৰিব”।
“কেতিয়া আহি পাব”?
“সময় লাগিব”।
“কিমান সময়”?
“নাজানোঁ, সময় লাগিব”।
কলটো হঠাতে আনটো মূৰৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ পাছত কৰিবলৈ একো নাছিল।
বয়জ হোষ্টেলৰ পৰা পি.জি-ৰ ব্যৱস্থা থকা অন্য এটা ঘৰৰ ফালে আগ বাঢ়িলোঁ। ইয়াত আন এজন ছাত্ৰই আত্মহত্যা কৰিছিল। পি.জি-ৰ দায়িত্বত থকা ব্যক্তিজনে মোৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰে। ওচৰে-পাজৰে আন বহুতো ছাত্ৰ-ছাত্ৰী থাকে। এগৰাকী শিক্ষাৰ্থীয়ে কয় যে কোটাৰ আত্মহত্যাবোৰৰ কথা শুনি অভিভাৱকসকল ভয় খায়। আত্মহত্যাৰ খবৰ শুনিলে দিনটোত একাধিকবাৰ আৰু কেইবাদিনো তেওঁলোকে ফোন কৰি থাকে আৰু আমাৰ মংগল নিশ্চিত কৰে। তেওঁলোকে কয়, “অযথা মানসিক হেঁচা নল’বা”। কিন্তু কেইদিনমানৰ পিছতে সকলোবোৰ আকৌ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। “স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ অৰ্থ কি”?—মই প্ৰশ্ন কৰোঁ। শিক্ষাৰ্থীগৰাকীয়ে কয়, “ইয়াৰ অৰ্থ হ’ল তেওঁলোকে পুনৰ পঢ়া-শুনা আৰু পৰীক্ষাৰ নম্বৰৰ কথা ক’বলৈ আৰম্ভ কৰে। কোচিং ইনষ্টিটিউটসমূহে প্ৰতি সপ্তাহত পৰীক্ষা ল’বলৈ আৰম্ভ কৰে আৰু ফলাফল অভিভাৱকৰ সৈতে ভাগ কৰা হয়। এবাৰো যদি পৰীক্ষাৰ নম্বৰ বেয়া হয় তেওঁলোকে (অভিভাৱকে) পেঘেনিয়াই থাকে, ‘কিবা সমস্যা আছে নেকি তোমাৰ? তুমি তালৈ পঢ়িবলৈ গৈছা, তোমাৰ মা-দেউতাই তোমাৰ ভাল হোৱাটোকে বিচাৰে, সেইবাবেই তেওঁলোকে তোমাৰ ওপৰত ইমান টকা খৰচ কৰিছে”।–এইদৰে শিক্ষাৰ্থীগৰাকীয়ে কয়।
“মই লেখক হ’ব বিচাৰিছিলোঁ। মই গল্প লিখিছিলোঁ, কিন্তু দেউতাই মোৰ লেখাবোৰ ফালি-চিৰি পেলাই দিছিল, মাই মোৰ লগত কথা পতা বন্ধ কৰি দিছিল। এতিয়া ইয়াত মই দিনে-নিশা ডাক্তৰ হোৱাৰ প্ৰস্তুতি চলাইছোঁ”।
“তোমাৰ আটাইতকৈ দীঘলীয়া কাহিনীটো কোনটো আছিল”?
“ৰিলেচনশ্বিপৰ বিষয়ে। ৮১ পৃষ্ঠাৰ আছিল”।
“এতিয়া তোমাৰ লগত লিখা কিবা আছে নেকি”?
“নাই, লিখা বহীখন টুকুৰা-টুকুৰ কৰি পেলোৱা হৈছিল; তাৰ পিছত মই একো লিখা নাই”।
মই কৌশলেৰে প্ৰশ্ন কৰি থাকোঁ, “চাৰিওফালে যি দেখিছা, তাৰ পৰা নিশ্চয় গল্পৰ আইডিয়া পাইছা”।
“হয়। প্ৰতি নিশা মোৰ কাষৰ কোঠাটোৰ ল’ৰাটোৱে মোবাইলৰ টৰ্চটো অন-অফ কৰি থাকে আৰু কাষৰ ছোৱালী হোষ্টেলৰ কোনোবা এটা কোঠাৰ লাইটো অন আৰু অফ হৈ যায়। সেইটো ঘটনা দেখি মোৰ কাহিনী এটা লিখিবলৈ মন গৈছে, কিন্তু এতিয়া মই কেৱল ডাক্তৰহে হ’ব লাগিব”! কণ্ঠত অভিযোগৰ সুৰ লৈ শিক্ষাৰ্থীগৰাকীয়ে কয়। নতুন গোঁফ আৰু দাড়ি থুতিয়াবলৈ ধৰা ছাত্ৰগৰাকীৰ চকুৱে-মুখে এটা অব্যক্ত বেদনা!
১৫ বছৰীয়া চিকিৎসক হ’ব বিচৰা উচ্চাকাঙ্খীগৰাকীয়ে ক’ব বিচৰা কাহিনী হয়তো আৰু আছে—যিবোৰ চিৰদিনৰ বাবে অকথিত হৈ থাকিব। তেওঁ ভৱিষ্যতে যিয়েই নহওক কিয় সম্ভৱতঃ লেখক কেতিয়াও নহ’ব!

তাৰ পৰা ওলাই গৈ ছোৱালীৰ হোষ্টেল এখনলৈ বাট পোনাও। মোৰ ভ্ৰমণৰ কথা হোষ্টেল মেনেজমেণ্টক আগতীয়াকৈ জনাই থোৱা আছিল। ছাত্ৰীসকলৰ নিৱাস হোষ্টেলতকৈ এটা পঞ্চতাৰকা হোটেলৰ দৰেহে লাগিল। কেন্দ্ৰীয়ভাৱে শীততাপ নিয়ন্ত্ৰিত অট্টালিকাটোৰ লাউঞ্জটোলৈ এবাৰ চকু ফুৰালে এনে ভাব হয় যেন এগৰাকী ইণ্টেৰিয়ৰ ডিজাইনাৰে নিজৰ সৰ্বোত্তম কৌশলৰ প্ৰমাণ সৰ্বত্ৰ বিলাই দিব খুজিছে। ট্ৰেণ্ডি কফি শ্বপ এখনত থকাৰ দৰে বিশাল চেণ্ডেলিয়াৰ আৰু আচবাব পত্ৰ, ৰিচেপচন ডেস্ক আৰু কেইবাখনো ফ্ৰেমযুক্ত ফটো। ইয়াত কোটাৰ লেণ্ডমাৰ্ক চিটিৰ এটা ডাঙৰ হোষ্টেলত প্ৰায় ২৫০-গৰাকী ছোৱালীয়ে মেডিকেল প্ৰৱেশ পৰীক্ষাৰ বাবে সাজু হৈছে। ছাত্ৰীসকলক লাউঞ্জতে এজনী এজনীকৈ লগ পাওঁ কাৰণ কোঠাবোৰলৈ যোৱা নিষিদ্ধ। মালিকে ক’লে, “ই তেওঁলোকৰ গোপনীয়তাত প্ৰভাৱ পেলায়। আমি কোঠাবোৰলৈ নাযাওঁ”। ছাত্ৰীবোৰৰ লগত দৰাচলতে কোনো কথা-বতৰা পতাই নহ’ল। চা-চিনাকি পৰ্ব আৰম্ভ হোৱাৰ লগে লগে পাৰস্পৰিক ক্ৰিয়া-কলাপ শেষ। “সকলো ঠিকেই আছে”—সকলোৰে পৰা পোৱা এটা অভিন্ন উত্তৰ। মই মোৰ বেগৰ পৰা কেমেৰাটো উলিয়াবলৈ চেষ্টা কৰোতেই হাত এখনে মোক স্পৰ্শ কৰি বাধা দিয়ে—“প্লিজ ভিডিঅ’ শ্বুট নকৰিব, সমস্যা হ’ব”।

হোষ্টেলৰ মালিক বিনোদ গৌতমৰ লগত কোমল কুশ্বনযুক্ত চোফা এখনত বহি লওঁ। তেওঁ কয়, “হোষ্টেলত ২৫০-গৰাকী ছোৱালী আছে। Covid-19 মহামাৰীৰ ঠিক আগে আগে আমি হোষ্টেলটো খুলিছিলোঁ”। গৌতমে মোৰ লগত কথা পাতি আছে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো সম্বোধন কৰা নাই।

মই সময় নষ্ট নকৰি তেওঁক সেই গুৰুত্বপূৰ্ণ প্ৰশ্নটোলৈ আনিবলৈ চেষ্টা কৰোঁ। “কোটাত ইমানবোৰ শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে কিয়”—মই প্ৰশ্ন কৰোঁ। গৌতমে লগে লগে উত্তৰ দিয়ে যে তেওঁলোকৰ হোষ্টেলত তেনে কোনো ঘটনা হোৱা নাই। তাৰ পিছত তেওঁ বায়’মেট্ৰিক ডিভাইচ এটাৰ ফালে আঙুলিয়াই কয়, “অভিভাৱক এগৰাকীয়ে তেওঁৰ ছোৱালী কেতিয়া হোষ্টেলৰ পৰা বাহিৰলৈ যায় খবৰ পাই থাকে। সন্ধিয়া ৭:৩০ বজাৰ ভিতৰত যদি কোনোবা ঘূৰি নাহে অভিভাৱকক খবৰ দিয়া হয়। হোষ্টেলৰ চাৰিওফালে জাল আছে। কোনোবাই জপিয়াই মৰিবলৈ চেষ্টা কৰিলেও জালত পৰি ধৰা পৰিব। কোঠাবোৰৰ চিলিং ফেনবোৰত ডিভাইচ সংলগ্ন আছে। ১০ কিলোগ্ৰামতকৈ অধিক বোজা চিলিং ফেনত পৰিলে এলাৰ্ম বাজি উঠে”, গৌতমে কয়। হোষ্টেলৰ গেটৰ সন্মুখত কেইবাখনো ই-ৰিক্সা ৰখাই থোৱা আছে। মই গৌতমক সেই ই-ৰিক্সাসমূহ তাত ৰখাই থোৱাৰ কাৰণ সোধোঁ। তেওঁ কয়, “ছোৱালীবোৰে এই ই-ৰিক্সাবোৰেৰে কোচিং ক্লাছলৈ অহা-যোৱা কৰে। বজাৰ কৰিবলৈ বজাৰলৈ যাবলগীয়া হ’লেও তেওঁলোকে এই ই-ৰিক্সাবোৰ ব্যৱহাৰ কৰে”। তেওঁ দাবী কৰে যে তেওঁৰ হোষ্টেলত সকলো অতি নিৰাপদ।

“নিৰাপদ কেনেকৈ”?

“যদি কোনো ছোৱালীয়ে কেনেবাকৈ নিশা ১০ বজাৰ পাছত ওলাই যাবলৈ সাহস কৰে, ৫-মিনিটৰ ভিতৰত তাইক ঘূৰাই অনা হয়। এই সকলোবোৰৰ ব্যৱস্থা আছে। কোটাৰ প্ৰতিটো চুকে-কোণে আমাৰ মানুহ আছে। কোচিং চেণ্টাৰবোৰেও চহৰখনৰ বিভিন্ন ঠাইত নিজৰ মানুহক নিয়োগ কৰিছে। যদি কেনেবাকৈ ল’ৰা-ছোৱালীৰ যোৰা চাহৰ ষ্টল বা পাৰ্কত দেখা পোৱা যায় সিহঁতক তৎক্ষণাত চিনাক্ত কৰা হয়। তাৰ পিছত আমি পৰিস্থিতিটো নিজৰ ধৰণে চম্ভালি লওঁ”—গৌতমে কয়। গৌতমে ‘সুৰক্ষা ব্যৱস্থা’ বুলি ব্ৰেণ্ডিং কৰা ব্যৱস্থাটো সমগ্ৰ চহৰখনতে দৃশ্যমান।

বেছিভাগ কোচিং চেণ্টাৰে ছোৱালী আৰু ল’ৰাৰ বাবে পৃথকে পৃথকে ক্লাছ অনুষ্ঠিত কৰে। যদি কোনো ছাত্ৰই কাৰোবাৰ লগত ঘূৰি ফুৰাৰ সন্দেহ হয়, তেন্তে তেওঁলোকক কোৱা হয় যে “প্ৰেমৰ বাবেই বহুতো যুৱক-যুৱতীৰ মৃত্যু হৈছে”। এনে ছাত্ৰ-ছাত্ৰীক লগে লগে ঘৰলৈ ঘূৰাই পঠিউৱা হয়। “আমি কিয় গোটেই পৰিৱেশটো বিনষ্ট কৰিম”? হোষ্টেলবোৰৰ কাষেৰে পাৰ হৈ যাওঁতে লক্ষ্য কৰিলোঁ, সকলো খিৰিকী আৰু দুৱাৰ বন্ধ। ভিতৰত কিবা এটা হ’লেও ঘণ্টাৰ পিছত ঘণ্টা কোনেও গম নাপায়। বেছিভাগ সময়তে এনেকুৱাই হয়। লেণ্ডমাৰ্ক চিটিৰ এটা স্নেক ষ্টলত এগৰাকী শিক্ষাৰ্থীয়ে কয়, “প্ৰতিজন ছাত্ৰ বা ছাত্ৰীকে সুকীয়াকৈ কোঠা দিয়া হয় যাতে পঢ়া-শুনা সুচাৰুৰূপে চলি থাকে। কোনোবাই কেইবাদিনো ক্লাচ ক্ষতি কৰিলেহে আমি খবৰ ল’বলৈ যাওঁ”। পুলিচ বিষয়াজনে কোৱা কথাবোৰ মনত পৰিছে। “ছাত্ৰ-ছাত্ৰীসকল হয়তো ইয়ালৈ আহি থাকিব নিজৰ ভৱিষ্যত গঢ়ি তুলিবলৈ—কিন্তু কোটা এখন ভৱিষ্যতহীন চহৰ। ইয়াৰ ভৱিষ্যত এতিয়া অতীতৰ কথা হৈ পৰিছে। এতিয়া ইয়াত কেৱল প্ৰতিযোগিতা, নিসংগতা, হতাশা আৰু আত্মহত্যাৰ ভয়ানক চক্ৰৰ পুনৰাবৃত্তিহে ঘটে”!

(অহা সংখ্যাত পৰৱৰ্তী অংশ প্ৰকাশ পাব)

One thought on “ৰাজস্থানৰ ‘কোটা’-ৰ অকথিত কাহিনী (প্ৰথম অংশ) (মূল : মৃদুলিকা ঝা, ভাবানুবাদ : পংকজ কুমাৰ নেওগ)

  • Nabajyoti Borgohain

    এই ভয়ানক পৰিস্থিতিৰ অবসান কেনেকৈ সম্ভৱ ?? আমি সকলোৱে একেলগে বিকল্পৰ সন্ধান কৰিব লাগিব। অন্যথা আমি প্ৰত্যেকেই কম বেছি পৰিমাণে , প্ৰত্যক্ষ বা পৰোক্ষ ভাবে এই ভয়ংকৰ অমানৱীয় বেপাৰক সঁহাৰি জনোৱা হব।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *