ৰামায়ণ: বাল্মীকিৰ পৰা ওম ৰাউটলৈ-(মছউদুল হক)
প্ৰাচীন সভ্যতাবোৰৰ অন্যতম সিন্ধু নদীৰ পাৰৰ সভ্যতা অতি আগবঢ়া আছিল। আজিৰ পৰা এশ বছৰৰ আগতে এতিয়াৰ পাকিস্তানৰ সিন্ধু প্ৰদেশত হৰপ্পা আৰু মহেঞ্জোদাৰোত খনন কাৰ্য চলাই বিশেষজ্ঞসকল বিস্ময়ত অভিভূত হৈছিল। ইমান সুন্দৰ পৰিকল্পিত নগৰ মাটিৰ তলত। ইটাৰ সুন্দৰ সমান জোখ, জোখ-মাখ কৰি সজা কোঠা, স্নান ঘৰ, পানী যোগান ব্যৱস্থা, ঢাকোন দিয়া নলা-নৰ্দমা, প্ৰশস্ত ৰাস্তা-পদূলি। মুঠতে আধুনিক চহৰৰ সকলো উপকৰণ পাঁচ হাজাৰ বছৰতকৈও বেছি আগত। সেই মানুহবোৰ ক’ৰ পৰা আহিছিল, কি ভাষাত কথা পাতিছিল আমি আজিও স্পষ্টকৈ নাজানো। অথচ সেই মানুহখিনিৰ মেচ’পটেমিয়া আৰু য়েমেনৰ লগত ঘনিষ্ঠ যোগাযোগৰ অলেখ প্ৰমাণ পোৱা গৈছে। সেই দুই দেশৰ পৰা পোৱা প্ৰমাণে আমাক কয় তেওঁলোকে সিন্ধু নদীৰ পাৰৰ দেশখনক ‘মেলুহা’ বুলি কৈছিল। হৰপ্পা আৰু মহেঞ্জোদাৰোত পোৱা চীল-মোহৰত থকা লিপিৰ পাঠ আজিও উদ্ধাৰ নোহোৱাটো দুখৰ কথা। পৰৱৰ্তী কালত এই সভ্যতাৰ প্ৰায় দুকুৰি উন্নত নগৰৰ অৱশেষ খান্দি উলিওৱাৰ পিছতো তেওঁলোকৰ বিষয়ে আমাৰ জ্ঞান সীমিত।
সিন্ধু নদীৰ পাৰৰ সেই উন্নত সভ্যতা ধ্বংস হ’ল কেনেকৈ সেই কথাও আমি স্পষ্টকৈ নাজানো। জানো তাৰ পিছৰ জনবসতিৰ কথা৷ দুই বসতিৰ মাজত দুই-তিনি শতিকাৰ ব্যৱধান। এওঁলোকক আৰ্য ভাষাগোষ্ঠীৰ মানুহ বুলি ঠাৱৰ কৰা হৈছে। তেওঁলোকৰ আছিল উন্নত ভাষা। আজিৰ আফগানিস্তান আৰু পাকিস্তানৰ প্ৰায় সীমাতে থকা পেছোৱাৰৰ ওচৰতে আছিল ঋষি পানিনিৰ আশ্ৰম। তেওঁ ৰচনা কৰিছিল ‘অষ্টাধ্যায়ী’। পৃথিৱীৰ প্ৰথমখন ব্যাকৰণ। মুখে-মুখে চলি থকা বেদে লিখিত ৰূপ পালে তাৰ পিছতে। ঋগ্বেদত আমি পাওঁ পুৰন্দৰক। নগৰ ধ্বংসকাৰী দেৱতা। আমি জানো এই মানুহখিনিৰ নগৰ সভ্যতা নাছিল। তেওঁলোকে ঘোঁৰা পুহিছিল। তেওঁলোকৰ ঋষি-মুনিসকলে ৰচনা কৰিছিল উন্নত দাৰ্শনিক তত্ব আৰু জীৱন-জিজ্ঞাসাৰ আকৰ উপনিষদবোৰ। পুৰাণ গ্ৰন্থবোৰ বহুকাল পিছৰ। তেওঁলোক আহি আৰ্যাৱৰ্ত অধিকাৰ কৰাৰ আগে আগে ৰামায়ণ আৰু পিছতে মহাভাৰত নামৰ দুই মহাকাব্য (আচলতে পুৰাণেই) ৰচনা কৰিছিল। আধুনিক গৱেষকসকলে আকৌ ৰামায়ণ আফগানিস্তানতে ৰচনা কৰা হৈছিল বুলি ভাৱে।
সি যি নহওক, ৰামায়ণ পৃথিৱীৰ আটাইতকৈ বেছি জনপ্ৰিয় মহাকাব্য। তাৰ লগত তুলনীয় কেৱল গ্ৰীক ‘ইলিয়াড’। পিছে জনপ্ৰিয়তাৰ নিৰিখত ৰামায়ণ বহুত আগত। ‘মা নিষাদ প্ৰতিষ্ঠাং….’ বুলি নিষাদৰ কাঁড়ে সংগীবিহীন কৰা ক্ৰৌঞ্চৰ বিষাদ মহৰ্ষি বাল্মীকিৰ কণ্ঠৰ পৰা নিৰ্গত হ’ল। বাল্মীকি কবি হ’ল। ঢেঁকীত উঠি আহি তেওঁৰ সন্মুখত উপস্থিত হ’ল দেৱৰ্ষি নাৰদ। নিৰ্দেশ দিলে ৰামায়ণ ৰচনা কৰিবলৈ। ‘তোমাৰ দিব্য দৃষ্টিত পৰিস্ফূট হ’ব চৰিত্ৰবোৰ, শুনিবা তেওঁলোকৰ বচন। দেখিবা কাৰ্যকলাপ। তুমি লিখি গৈ থাকিবা। সেই মহাকাব্য হ’ব যুগজয়ী, কালজয়ী…।’ বাল্মীকিয়ে লিখিলে। ৰচনাৰ প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পিছতো ভাৰতীয় জনমানসত ৰামায়ণে বৃহৎ স্থান অধিকাৰ কৰি আছে। ৰচনাৰ অত বছৰৰ পিছতো ৰামায়ণক লৈ মানুহৰ আগ্ৰহৰ অন্ত নাই। ভাৰতৰ কথাই নাই, চুবুৰীয়া দেশ আৰু দক্ষিণ-পূব এচিয়াৰ দেশবোৰতো একে অৱস্থা।
বাল্মীকি ৰসিক কবি। নীতিবাগীশো। তেওঁৰ কাহিনীৰ নায়ক ৰামচন্দ্ৰ মৰ্যাদাপুৰুষোত্তম। উন্নত মনৰ অতি গুণী মানুহ। প্ৰতি নায়ক ৰাৱণৰো কিন্তু চাৰিত্ৰিক গুণ কম নহয়। মানৱ চৰিত্ৰৰ আটাইতকৈ মহৎ গুণবোৰ ক্ষমা, দয়া, মৰম, সহানুভূতি ৰামৰ চৰিত্ৰত অধিক। সেইবুলি ৰাৱণৰো কম নহয়, নিষ্প্ৰভতো মুঠেই নহয়। নায়ক আৰু প্ৰতিনায়ক দুয়োকে পূৰ্ণতা দি গঢ়ি তুলিছে কবিয়ে। তেওঁ জানে তেনে কৰিলেহে কাহিনীৰ ৰস জমিব বেছিকৈ। সৃষ্টিৰ সেই সৌন্দৰ্যৰ বলতে ৰামভক্তৰ সংখ্যাগৰিষ্ঠতা সত্ত্বেও ৰাৱণভক্তৰ সংখ্যাও তাকৰ নহয়। ইমান মজাৰ আৰু ৰসাল কাহিনীটোত ন-ন ডাল-পাত জোৰা দি নতুন নতুন দৃষ্টিৰে আলোকপাত কৰি বিশাল ভাৰতভূমিৰ চুকে-কোণে আঞ্চলিক ভাষাত ৰচিত হৈছে বিধে বিধে ৰামায়ণ। এনে retelling-ত কাহিনীৰ ৰস বাঢ়িছেহে, কমা নাই।
পৃথক কিন্তু এক ভক্তিযুগত ৰাম দশ অৱতাৰৰ অন্যতম হৈ জনমানসত অৱতীৰ্ণ হ’ল। ৰাম হ’ল স্বয়ং ভগৱান বা ভগৱানৰ অৱতাৰ। গৃহস্থৰ ঘৰে-ঘৰে, অন্তৰৰ অন্তেষপুৰত ৰামৰ বসতি হ’ল। আঞ্চলিক ৰামায়ণবোৰত যোগ হোৱা বৈশিষ্টপূৰ্ণ সৌন্দৰ্যৰ স্বাদ ভক্তৰ বাবে অমৃত। আনকি কিছুমান জনগোষ্ঠীৰ মাজত থকা মৌখিক ৰামায়ণৰো আকৰ্ষণী শক্তি প্ৰবল। ভাৰতত কমেও তিনিশখন ৰামায়ণ আছে। দক্ষিণ-পূব এচিয়াৰ মালয় আৰু ইন্দোনেচিয়াতে আছে দহখন। থাইলেণ্ড, লাওচ, ভিয়েটনাম, কম্বোডিয়াৰ ৰাম-কাহিনীত স্পষ্টকৈ বৌদ্ধ ঐতিহ্যৰ ছাপ। বিশ্বৰ সবৰ্বৃহৎ মন্দিৰ কমপ্লেক্স এংকৰৱাটৰ মন্দিৰত বেৰে-চালে ৰামায়ণৰ ফ্ৰেচকোৰ তলত শুই আছে অতি বৃহৎ বৌদ্ধ মূৰ্ত্তি। ইন্দোনেচিয়া আৰু মালয়েচিয়াৰ ‘হিকায়ত চেৰি ৰামা ৱ চেৰি লকচমানা’ আৰু ৰামাকিয়েন বা ‘ৰামাকীৰ্তি’ত স্পষ্ট ৰূপত মুছলমানী ৰং, ঢং। আমাৰ ক্ষুদ্ৰ টাই ৰামায়ণ, কাৰ্বি ৰামায়ণ আৰু মণিপুৰৰ মৈতিৰ মৌখিক ৰামায়ণো কম মজাৰ নহয়। ভাৰততে বৌদ্ধ ‘দশৰথ জাতক’ৰ অভিনয় দেখি খঙত উগ্ৰ মূৰ্তি ধৰি প্ৰদৰ্শনী স্থল ভাঙিবলৈ যোৱা ঘটনাৰ তিনি দশকো হোৱা নাই। জৈন ৰামায়ণ ‘পৌমাকাৰিয়ম’ৰ বেলিকাও একে ঘটনা। ৰাজস্থানৰ জয়পুৰত ৰামায়ণী উৎসৱলৈ আমন্ত্ৰণ কৰি অনা ইন্দোনেচিয়াৰ দলটো ৰামভক্ত আৰু হনুমানভক্তৰ আক্ৰমণৰ পৰা কথমপিহে ৰক্ষা পৰিছিল। ঝাৰখণ্ডৰ চাওঁতালসকলে তেওঁলোকৰ বাসভূমিতে অযোধ্যা নাম দি লৈছে এটা পাহাৰক। তাৰ গুহাত ৰাম-সীতাৰ বাসস্থান। পহু আৰু বৰাহৰ মঙহ পোৰা আৰু পোৰা আলু, কচু-মহুৱা খাই তেওঁলোক সম্পূৰ্ণ চাওঁতাল। ইফালে কেৰালাৰ উত্তৰাংশৰ পাহাৰৰ জনজাতীয়সকলে ভাবে তেওঁলোক ৰামৰ সতি-সন্ততি। অন্যফালে সুদূৰ থাইলেণ্ডৰ এতিয়াৰ বৌদ্ধধৰ্মী ৰজা নিজেই দশম ৰাম৷ তেওঁৰ ৰাজ্যৰ পূবৰ্ৰ ৰাজধানী ‘অযুথ্যা’। ৰাৱণৰ বংশধৰ বুলি পৰিচয় দিয়া জনগোষ্ঠীও আছে ঝাৰখণ্ড, মধ্য প্ৰদেশ, তেলেংগনা, ছত্তিছগড়ত আৰু কৰ্ণাটকত। পিছে এই মজাৰ বৈচিত্ৰ্য উপভোগ কৰিব পৰা মনবোৰ নিকৃষ্ট ৰাজনীতিয়ে ঠেকাই আনি প্ৰায় নোহোৱা কৰি পেলাইছে।
আঞ্চলিক বৈশিষ্ট্যৰ মজা—
দক্ষিণ ভাৰতৰ ৰামায়ণবিলাকৰ কাহিনীৰ প্ৰায় ভাগতে ৰাৱণহে মহানায়ক। তেওঁৰ শৌৰ্য-বীৰ্য আৰু মহানুভৱতাৰ অন্ত নাই। বাল্মীকিয়ে যিটো ৰূপত সীতাক হৰণ কৰোৱাইছে, এই ৰামায়ণবোৰত তাৰ বিপৰীত অৱস্থা। এইবোৰত সীতা মন্দোদৰীৰ কন্যা। দৈৱজ্ঞই তেওঁৰ পৰা পিতৃৰ অমংগল হ’ব বুলি মত দিয়াত মন্দোদৰীয়ে সোণৰ নাৱত তুলি জীয়েকক সাগৰত উটুৱাই দিলে। নাওখন আহি লাগিলহি ৰাজৰ্ষি জনকৰ কৃষিভূমিৰ দাঁতিত। জনকে পাই তুলি আনি প্ৰতিপাল কৰি শিক্ষাই-দীক্ষাই উন্নত কৰি জানকীক বিবাহোপযুক্ত কৰি তুলিলে৷ ইতিমধ্যে ৰাৱণে গম পাই গৈছে জীয়েক সীতাৰ কথা। জীয়েকৰ বিবাহ আৰু পিছত ৰামৰ বনবাসত সীতা সংগী হোৱা কথাও। জীয়েকৰ অমংগলৰ আশংকাত তেওঁ ব্যাকুল হৈছে। শেষত চিত্ৰকূটৰ পৰ্ণ কুটীৰৰ পৰা সীতাক অপহৰণ কৰি আনিছে। কাশ্মীৰৰ দিবাকৰ ভট্টৰ ৰামায়ণেও এই কাহিনীক মান্যতা দিছে৷ দক্ষিণ-পূব এচিয়াৰ ৰামায়ণবোৰ দক্ষিণ ভাৰতৰ পৰা যোৱা বণিকসকলে কঢ়িয়াই নিয়া। গতিকে সেই সকলোবোৰতে ৰাৱণ সীতাৰ দুখ-কষ্টৰ চিন্তাত বিমৰ্ষ বিতত পিতৃ।
তামিল ৰামায়ণৰ স্ৰষ্টা কম্বনে ৰাম-সীতাৰ পূবৰ্ৰাগৰ ইংগিত দিছে। দুয়োৰে দৃষ্টি বিনিময় ঘটাইছে স্বয়ম্বৰৰ পূৰ্বে। প্ৰথম দৃষ্টিতে দুয়ো বিমোহিত, নিথৰ। দুয়োৰে কণ্ঠ স্তব্ধ। কথা আছে জানকীৰ সখীহঁতৰ মুখতহে। সন্ত তুলসী দাসেও এই দৃশ্যটো ‘ৰামচৰিতমানস’ত বৰ্ণনা কৰিছে। তুলসীয়ে আকৌ শিশু ৰামৰ লীলা-খেলাও দেখুৱাইছে। তেওঁৰ ৰামে পিতৃৰ কোলাত উঠি ৰাজ-পোছাকত দৈ-লৱনু ঘঁহিছে। শিশু কৃষ্ণৰ দুষ্টালি আৰু নুপূৰৰ ৰুণ-জুন শব্দও শুনাইছে। তাৰ পৰাই আহিছে আজিৰ ‘ৰামলালা’ অৰ্থাৎ শিশু ৰাম। বাল্মীকিয়ে কিন্তু দশৰথৰ পুত্ৰহঁতৰ শৈশৱ মাত্ৰ কেইটামান শাৰীতে সামৰিছে। পিছৰ সৰ্গতে বিশ্বামিত্ৰ আহি উপস্থিত। যজ্ঞ নষ্ট কৰা তাৰকা আৰু সংগীসকলক বধ কৰিবলৈ ৰাম-লক্ষ্মণক নিছেহি। বাল্মীকিৰ বিশ্বামিত্ৰ প্ৰাক্তন ক্ষত্ৰিয় নৃপতি হিচাপে উচ্চ পৰ্যায়ৰ অস্ত্ৰ বিশাৰদ। কিন্তু ঋষি হিচাপে তেওঁ নিজে অস্ত্ৰ ধাৰণ নকৰে। ৰাম-লক্ষ্মণক অস্ত্ৰ প্ৰয়োগৰ উন্নত কৌশল শিকাই সংগীসকলসহ তাৰকাক বধ কৰাইছে। বংগৰ কৃত্তিবাসৰ ৰামায়ণত বিশ্বামিত্ৰ মহা ভীৰু। ৰামহঁতৰ আঁৰত লুকাইছে। একালৰ ক্ষত্ৰিয় নৃপতি বিশ্বামিত্ৰজনৰ কথা যেন কৃত্তিবাস পণ্ডিতে পাহৰি গৈছে।
কৃত্তিবাসে দস্যু ৰত্নাকৰক বাল্মীকিলৈ উত্তৰণ ঘটাইছে। ‘মৰা’, ‘মৰা’ কৰোঁতে কৰোঁতে ৰাম নাম ল’ব পৰা হোৱা ৰত্নাকৰৰ কল্পনা কৰিব পৰাকৈ উবৰ্ৰ মস্তিষ্ক চাগে বাল্মীকিৰ নাছিল। স্বয়ং ভগৱান ৰামচন্দ্ৰই দেৱী পূজা পতা, এশ পাহ ফুলৰ এপাহ বাৰে বাৰে কমি যোৱা, জীৱনত ত্ৰি-সন্ধ্যা খতি-খুন নোহোৱাকৈ পালন কৰা পূজাৰী বিচাৰি হাবাথুৰি খাই শেষত ছদ্মবেশী ৰাৱণকে পূজাৰীৰ ৰূপত বহুৱাই দিয়া কৃত্তিবাসৰ দ্বাৰাহে সম্ভৱ। বাল্মীকি তেনে কল্পনাৰ পৰা বহু নিলগত। আকৌ, শক্তিশেলত অচেতন হৈ পৰি থকা ৰাম-লক্ষ্মণক মহিৰংগদানৱে অপহৰণ কৰি নি পাতালত বন্দী কৰি থৈছে। বন্দীশালত ক’তো গবাক্ষ নাই, নাই বাতায়ন। সামান্য ছিদ্ৰ এটি পাই তাত প্ৰৱেশ কৰিছে হনুমানে মাখিৰ ৰূপ ধৰি। যোগ বলত শৰীৰৰ আকাৰ বৃদ্ধি কৰোঁতে কৰোঁতে এনে অৱস্থা হ’ল যে দুৰ্গ ভাগি চুচুৰ্মৈ। ৰাম-লক্ষ্মণ যুদ্ধ ক্ষেত্ৰলৈ আহি গ’ল পৱনপুত্ৰৰ কান্ধত উঠি। গন্ধমাদন পবৰ্তৰ পৰা চূড়াটো এৰুৱাই দাঙি আনি ঔষধি বন বিচাৰি উলিয়াই দুয়োকে সু্স্থ কৰি তোলা হ’ল। বাল্মীকিয়ে পিছে কেৱল লক্ষ্মণকহে অচেতন হোৱা দেখুৱাইছে।
আমাৰ মাধৱ কন্দলীও ভক্ত কবি। কিন্তু তেওঁ বাল্মীকিৰ পৰা অকণো আঁতৰি অহা নাই। তেওঁৰ ৰামায়ণ তুলসী দাসতকৈ ডেৰশ বছৰ আৰু কৃত্তিবাসতকৈ এশ বছৰতকৈও বেছি আগৰ। কন্দলীৰ ৰামায়ণ পঞ্চকাণ্ডতে শেষ। আদিকাণ্ড মাধৱদেৱে আৰু উত্তৰাকাণ্ড শংকৰদেৱে এক শতিকাৰ পিছত যোগ কৰিছে। ৰামায়ণ বিশেষজ্ঞ পণ্ডিতসকলৰ মতে এই দুই কাণ্ড পিছৰ যুগৰ সংযোজন। এই দুই কাণ্ডতে বাল্মীকিৰ মৰ্যাদাপুৰুষোত্তম ৰামচন্দ্ৰ স্বয়ং ভগৱানত পৰিণত হৈছে। উক্ত কবিসকল ভগৱানৰ চৰিত্ৰত চেকা পৰিব পৰা কথাবোৰ আঁতৰ কৰিবলৈ সচেষ্ট হৈছে। কিন্তু বাল্মীকিৰ লুক-ঢাক নাই। তেওঁ মানৱ মনৰ কাম-ক্ৰোধ, মোহ একোৰে পৰা ৰামচন্দ্ৰক মুক্ত কৰি ৰখা নাই। বসন্ত ঋতুত প্ৰকৃতিৰ লয়লাসৰ মাজত কামাতুৰ হৈ পৰা ৰামচন্দ্ৰক বাল্মীকিয়ে যেন চিত্ৰশিল্পীৰ দক্ষতাৰে তুলি ধৰিছে। তাৰ আগতে বন্ধু গুহক চণ্ডালক লগ পাই বাল্মীকিৰ ৰামে হৃষ্টচিত্তে সাৱটি ধৰিছে। ভক্ত কবিসকলে কিন্তু গুহকক নিৰাপদ দূৰত্বত ৰাখি সেৱকত পৰিণত কৰিছে। সীতাহৰণত বাল্মীকিৰ ৰাৱণে এহাতে কঁকালত খামুচি ধৰি আনখন হাতেৰে জটায়ুৰ পাখি কাটি পক্ষীৰাজৰ দুৰ্গতি কৰিছে। ভক্ত কবিয়ে ৰাৱণক সীতাৰ চুলিত ধৰি দাঙি নিয়াতে সীমিত কৰি ৰাখিছে। অৱশ্যে বাল্মীকিৰ ৰাৱণ শাপগ্ৰস্ত। তেওঁ নাৰীৰ ওপৰত জোৰ-জুলুম কৰিব নোৱাৰে।
বাল্মীকিৰ ৰাম-সীতা ভোজনৰসিক। তেওঁলোকৰ সুস্বাদু মাংস আৰু সুগন্ধি মৈৰেয় নামৰ উৎকৃষ্ট সুৰাৰ প্ৰীতিৰ কথা বাল্মীকিত বাৰম্বাৰ আহিছে। নাৱত নদীবক্ষত সীতাই সংকল্প প্ৰকাশ কৰিছে নদীক সাক্ষী কৰি যে নিৰ্বিঘ্নে বনবাসৰ পৰা উভটি আহিব পাৰিলে বিবিধ পশু আৰু বহু কলহ উত্তম সুৰা উছৰ্গা কৰি বৃহৎ যজ্ঞ পাতিব। নদীয়েও তাৰ ভাগ পাব। বনবাসৰ আৰম্ভণিতে লক্ষ্মণে এটা বুজন আকাৰৰ পহু চিকাৰ কৰি আনিছে। মৃগৰ ছাল চেলাই নাড়ি-ভূৰু আঁতৰাই মস্ত একুৰা জুই ধৰি ৰঙা হৈ যোৱাকৈ ৰোষ্ট কৰিছে। তেজ-মঙহৰ গোন্ধ নাইকিয়া হৈ সুস্বাদু আৰু কোমল হৈ সুন্দৰ সুগন্ধি বিলাইছে। ডাঙৰ ডাঙৰ পাতত লক্ষ্মণে ভগাই দিছে। মৈৰেয় নামৰ সুস্বাদু সুৰা সহকাৰে তেওঁলোকৰ ভোজন পৰ্বৰ সমাধা হৈছে। ক্ষত্ৰিয় ৰাজকুমাহৰহঁতৰ এই ভোজন বিলাস বৈষ্ণৱী চিন্তাৰ সম্পূৰ্ণ বিপৰীত। ভক্ত কবিসকলে তেওঁলোকক তেনে ৰসাস্বাদনৰ পৰা বঞ্চিত কৰিছে। এখিনিয়েতো লক্ষ্মণক ভোজন আৰু নিদ্ৰাৰ পৰাই বঞ্চিত কৰি অনুগত ‘ৰবট’ত পৰিণত কৰিছে। বেচেৰী সীতাক তুলসী পুলি ৰোৱাতে ব্যস্ত ৰাখিছে।
শূপৰ্ণখাৰ পৰা হনুমান আৰু …
বাল্মীকিৰ শূপৰ্ণখা ৰাৱণৰ ভনীয়েক। বৰ্ণনাৰ পৰাই জনা যায় তেওঁ সুন্দৰী। পাৰ্লাৰলৈ নোযোৱাকৈয়ে তেওঁৰ নখ মেনিকিউৰ আৰু পেডিকিউৰ কৰা। ‘শূপ’ মানে কুলা। শূপৰ্ণখা মানে কুলাকৃতিৰ নখযুক্ত। যাৰ নখ ইমান চিকুণকৈ ৰখা তেওঁ সুন্দৰী নহৈ পাৰেনে? লক্ষ্মণক প্ৰেম নিবেদন কৰিবলৈ গৈছে তেওঁ। তেতিয়াৰ সমাজত মুকলিকৈ প্ৰেম নিৱেদন কৰাটো নিশ্চয় অশোভন নাছিল। কিন্তু শূপৰ্ণখাক সেই দোষতে নাক-কাণ কাটি দুৰ্গতি কৰা হ’ল ৰামচন্দ্ৰৰ প্ৰত্যক্ষ সমৰ্থনেৰে। ভক্ত কবিসকলে বাল্মীকিৰ বৰ্ণিত ঘটনাটো যুক্তিসংগত কৰিবলৈ দেখুৱাইছে শূপৰ্ণখা ৰাক্ষসী আৰু শূপৰ্ণখাই সীতাক আক্ৰমণ কৰিবলৈ খেদি যোৱাতহে লক্ষ্মণে সেই কৰ্ম কৰিছে।
বালী বধৰ ক্ষেত্ৰতো বাল্মীকিৰ বৰ্ণনা স্পষ্ট। ৰামচন্দ্ৰই লুকাই থাকি বালীক বধ কৰিছে। বালীৰ মুখেৰে বাল্মীকিয়ে সেই অপকৰ্মৰ বাবে ৰামচন্দ্ৰক বে’চকৈ ককৰ্থনা কৰাইছে। ভক্ত কবিসকলৰ কলমত বালী শাপমুক্ত হৈছে প্ৰভু ৰামৰ অস্ত্ৰাঘাটত। তাৰ বাবে মৃত্যুমুখী বালী কৃতজ্ঞ। হনুমানক বাল্মীকিয়ে ৰামচন্দ্ৰৰ সন্মুখত উপস্থিত কৰাইছে এজন সুপণ্ডিত, সু-কুটনীতিবিদ অতি ভদ্ৰ দূত হিচাপে। হনুমানৰ মুখত সুললিত মাৰ্জিত সংস্কৃত বক্তব্য শুনি ৰাম-লক্ষ্মণ বিমোহিত। হনুমানৰ বিচক্ষণতা আৰু সাংগঠনিক দক্ষতা ৰামৰ বাবে সম্পদত পৰিণত হৈছে। ভক্ত কবিসকলে হনুমানক প্ৰায়ে হাস্য-ব্যংগৰ পাত্ৰ কৰিছে। হনুমন্তৰ শাৰীৰিক বল আৰু অলৌকিক ক্ষমতাত অধিক গুৰুত্ব দিছে। জনজাতীয় তপস্বিনী শৱৰীৰ সান্নিধ্য বাল্মীকিৰ ৰামে উপভোগ কৰিছে। কিন্তু ভক্ত কবিসকল নাৰাজ শৱৰীয়ে কামোৰা ফল ৰামৰ মুখত দিয়াৰ ক্ষেত্ৰত।
অগ্নি পৰীক্ষা আৰু ৰামৰ বংশ মৰ্যাদা
যুদ্ধ হৈ গ’ল। সীতা উদ্ধাৰ সম্পন্ন হ’ল। তাৰ পিছত ৰামৰ ক্ষত্ৰিয় তেজৰ উত্তাপ দেখি পাঠক স্তম্ভিত। সীতাক উদ্ধাৰ আৰু অপহৰণকাৰীক শাস্তি দিয়া হেনো ক্ষত্ৰিয় ধৰ্ম আৰু বংশ মৰ্যাদা ৰক্ষাৰ কাৰণেহে কৰা হ’ল। ৰামৰ মুখেদি নিৰ্গত হ’ল সন্দেহৰ বাৰ্তা। নিষ্কলুষতাৰ প্ৰমাণ সীতাই দিব লাগিব অগ্নি পৰীক্ষাত অৱতীৰ্ণ হৈ। ৰচয়িতা বাল্মীকি নিজেই ক্ষুণ্ণ, অতি ক্ষুব্ধ। প্ৰকৃতি নিথৰ। ভক্তসকলে লোকনিন্দাৰ ভয় আৰু বহু যুক্তি দিছে। কিন্তু দুৰ্বল যুক্তি।
ৰামৰতো ৰথ নাই। বিমান নাই। আছে ৰাৱণৰ। ৰাৱণৰ পুষ্পকতে ৰামৰ দলটোৰ অযোধ্যালৈ প্ৰত্যাৱৰ্তন। অভিষেক। ভোগ-সম্ভোগ। সীতা গৰ্ভৱতী। আকৌ সন্দেহৰ কীট। সংশয়। লোক নিন্দাৰ ভয়, লজ্জাৰ ভয়। শেষত সীতা পৰিত্যক্তা। আশ্ৰমত লৱ-কুশৰ জন্ম। পুনৰ অগ্নি পৰীক্ষাৰ দাবী। লজ্জাৱনত সীতাৰ পাতাল-প্ৰৱেশ। ভক্ত কবিসকল এইবোৰ কথাত প্ৰায় নিমাত। বাল্মীকিৰ পাঠক শোকে-দুখে ম্ৰিয়মান। শুম্বক বধৰ কথাটো বাল্মীকিয়ে স্পষ্টকৈ কৈছে। ঘটনাটো ন্যায়সংগত কৰাৰ চেষ্টা কৰা নাই। ভক্ত কবিসকল অন্য মেৰুত।
দূৰদৰ্শন আৰু বোলছবিত
দূৰদৰ্শনত ১৯৮৭-৮৮ চনত প্ৰায় চাৰি কুৰি সপ্তাহজুৰি চলিছিল ৰামানন্দ সাগৰৰ ‘ৰামায়ণ’। পুৱা ৯ বজাৰ পৰা ৯-৪৫ বজালৈ দেশৰ সবৰ্ত্ৰে কাৰ্ফিউৰ দৰে অৱস্থা। মাদ্ৰাজতো সেই অৱস্থা দেখি বিস্মিত হৈছিলোঁ। তাৰ কিছুদিনৰ আগতে আন্নাদুৰাই মুখ্যমন্ত্ৰী হৈ থাকোঁতে আৰু কৰুনানিধি প্ৰথমবাৰ মুখ্যমন্ত্ৰী হওঁতে ৰাম-লক্ষ্মণহঁতৰ প্ৰতিমূৰ্তিত জোতাৰ মালা পিন্ধাই শোভাযাত্ৰা উলিওৱা দেখিছিলোঁ। দূৰদৰ্শনৰ ৰামায়ণ চলি থকা সময়ত দেখাক দেখি টেলিভিচন ছেটটোকে ধূপ-ধূনা দি মালা পিন্ধাই পূজা কৰাটো সাধাৰণ দৃশ্য হৈ পৰিল। দূৰদৰ্শনৰ ৰামায়ণে পেৰিয়াৰ ৰামস্বামী নাইকাৰে আৰম্ভ কৰা rationalist আন্দোলনৰ আৰু দ্ৰাবিড় গৌৰৱৰ পৰম্পৰাত বেয়াকৈ আঘাত কৰিলে। গোটেই দেশত জনসংঘৰ উত্তৰাধিকাৰী দল বিজেপিৰ প্ৰচাৰ আৰু প্ৰসাৰ সহজ হ’ল। এইবাৰ সাধাৰণ নিৰ্বাচনলৈ কেইমাহমানহে বাকী থকা অৱস্থাত আহি গ’ল ওম ৰাৱটৰ ৰামায়ণ ‘আদিপুৰুষ’। ৰাম (ৰাঘৱ) আৰু জানকীৰ চৰিত্ৰত কোনো দ্বন্দ-অন্তদ্বৰ্ন্দ, বেদনা, কাম নাই। দুয়ো ভগৱান-ভাগৱতী। সম্পূৰ্ণ ত্ৰুটিহীন নিখুঁত। পাঁচশ কোটি টকা খৰচ হোৱা বুলি কোৱা চিনেমাখনত বছৰচেৰেক আগৰ ‘বাহুবলী’ৰ ছাপ স্পষ্ট। অভিনেতা-অভিনেত্ৰীয়ে প্ৰচুৰ শ্ৰম কৰিছে নিজৰ নিজৰ চৰিত্ৰ ৰূপায়ণত। শ্বেফ আলী খানৰ লংকেশ বিশেষভাৱে উল্লেখযোগ্য। কেইবছৰমানৰ আগতে তেওঁৰ কমনীয় চেহেৰা আৰু মধুৰ বচনৰ বাবে শৰ্মিলা পাটউদিৰ পুত্ৰক মানুহে শেফালি খান বুলিহে ক’বলৈ লৈছিল। এইবাৰ কিন্তু তেওঁ চিক্স কি এইট পেকেৰে সৈতে ভয়ংকৰ ‘ভিলেইন’। হনুমানৰ মুখত নিম্ন পৰ্যায়ৰ গুণ্ডা-বদমাচৰ ভাষা। ৰাম লক্ষ্মণ সকলো ৰামায়ণতে পুৰুষ হৈও চিৰ যৌৱনৰ অধিকাৰী। স্নিগ্ধ কোমল শৰীৰৰ গৰাকী। এতিয়াৰ ৰাম পেশীবহুল কৰ্কশ ভগৱান। টাটুৰ পৰা অস্ত্ৰলৈকে সকলোতে আধুনিক নিম্ন ৰুচিৰ ছাপ। প্ৰভু ভগৱন্তৰ বিপৰীতে লংকেশ পূৰাপুৰি ভিলেইন। ভিলেইনো ভিলেইন সংখ্যালঘু সম্প্ৰদায়ৰ ভিলেইন। শাসকৰ বাবে ভোটদাতাক ধৰ্মীয় মেৰুকৰণৰ সুবিধা।
ব্যতিক্ৰম, ব্যতিক্ৰমী ৰামায়ণ
সংস্কৃত ভাষাত থকা চাৰিখন ব্যতিক্ৰমী ৰামায়ণৰ কথা ইয়াত নকওঁ। ক’ব খুজিছোঁ বংগৰ চন্দ্ৰাৱতী আৰু তেলেগু মোল্লৰ ৰামায়ণৰ কথা। চন্দ্ৰাৱতীৰ ৰামায়ণক পণ্ডিতসকলে ‘সীতায়ণ’ অৰ্থাৎ নাৰীবাদী ৰামায়ণ বুলিহে ক’ব খোজে। চন্দ্ৰাৱতীৰ ৰামায়ণ প্ৰতিবাদমুখৰ। সীতাৰ প্ৰতি কৰা প্ৰতিটো সন্মান হানিকৰ ঘটনাৰ বাবে ৰামচন্দ্ৰক বাৰে বাৰে জবাবদিহি কৰিছে চন্দ্ৰাৱতীয়ে। তেলেগু মোল্লও কম নহয়। পশ্চিমৰ নাৰীবাদী আন্দোলনৰ কথা বহুচৰ্চিত। কিন্তু ভাৰততে নাৰীবাদী সাধিকাই তিনি-চাৰিশ বছৰৰ আগতেই সীতাৰ পক্ষ লৈ বৈষম্যৰ বিৰুদ্ধে শাস্ত্ৰীয় ব্যৱস্থাৱলীৰ বিৰুদ্ধাচাৰণতো কৰিছেই, ভক্তৰ ভগৱান ৰামচন্দ্ৰক কথাই কথাই কাঠগৰাত তুলিছে।
ড° বি.আৰ. আম্বেদকাৰৰ Riddles of Hinduism তকৈ তিনিশ বছৰ বা তাৰো আগতে আঞ্চলিক পৰ্যায়তে এনে চিন্তা লক্ষণীয়। অসমত, বিহাৰ আৰু উত্তৰ প্ৰদেশত, মধ্য প্ৰদেশতো বিয়ানাম আৰু তেনে ধৰণৰ গীতত এনে প্ৰতিবাদৰ ভাষা কমকৈ হ’লেও শুনা যায়।
শেষ কৰাৰ আগতে ওম ৰাৱটৰ ‘আদিপুৰুষ’ৰ সীতা হৰণৰ দৃশ্যটোৰ কথা কৈ লোৱা ভাল। তেখেতৰ চিনেমাৰ সীতাক ভিলেইনৰ সামান্যতম স্পৰ্শৰ দ্বাৰাও কলুষিত হ’বলৈ নিদিয়াকৈ ৰাখিছে। এসোপা অতিপ্ৰাকৃত লতাৰ পিঞ্জৰা এটাত আৱদ্ধ হৈ থকা অৱস্থাত ভিলেইনে সীতাক দাঙি নিছে। বাল্মীকিৰ মহাকাব্যৰ ৰস আৰু স্বাদৰ সমস্ত উপকৰণ, দ্বন্দ-অন্তৰ্দ্বন্দ এপদ এপদকৈ কাঢ়ি নিলে এক মাত্ৰিক নীৰস উপাসনা হ’ব পাৰে কিন্তু মহাকাব্য নহয়।
তুলসীদাসৰ সমকালৰ এজন কবিয়ে লিখিছে, ‘‘আনহোনে উনকি ত্ৰিয়া চুৰায়ী… উনহোনে কী লড়ায়ী… তুলসীনে ৰচা দাউ পোথন্না।’’ তেওঁ তেওঁৰ পত্নীক হৰণ কৰিলে। তেওঁ যুদ্ধ কৰিলে। আমাৰ তুলসীয়ে তাকে লৈ ৰচিলে বৃহৎ পুথি। হয়, ওম ৰাউটৰো মূল গুৰুত্ব যুদ্ধত। তুলসীৰ বা বাল্মীকিৰ ৰচনাৰ মূল গুৰুত্ব কিন্তু মানৱ মনৰ দ্বন্দ-অন্তৰ্দ্বন্দ, প্ৰেম-বিৰহৰ, শোক-আনন্দৰ মধুৰ ৰস সৃষ্টিত। সেই কাৰণেই তেওঁলোকৰ সৃষ্টি যুগজয়ী, কালজয়ী। যুদ্ধৰ উন্মাদনাৰ কাৰণে নহয়।