প্ৰাচীন ইউৰোপৰ ডাইনী বৃত্তি আৰু সাম্প্ৰতিক অসমৰ ৰেইকি বৃত্তি: কিছু সাদৃশ্য-(বৰ্ণালী বৰুৱা দাস)
শিৰোনামটো পঢ়িয়েই পাঠকৰ মনত নিশ্চয়কৈ এক কৌতুহলৰ ভাবে ক্ৰিয়া কৰিছে। বহুতেই হয়তো ভাবিছে ডাইনী বৃত্তিৰ সৈতে ৰেইকিৰ আকৌ কেনেকৈ সাদৃশ্য থাকিব? হয়, দুয়োটাৰ মাজত বহু দিশত কেতবোৰ সাদৃশ্য পৰিলক্ষিত হয়। বিশেষকৈ ক’ভিড পৰৱৰ্তী সময়ৰ পৰা অসমত বহুলভাৱে জনপ্ৰিয় হোৱা ৰেইকি বৃত্তিৰ প্ৰশিক্ষণৰ নিয়ম কানুন আদিলৈ চালেই এই সাদৃশ্য বৰ সুন্দৰকৈ প্ৰকট হয়। একে সময়তে অসমৰ বাহিৰতো নিশ্চয়কৈ এই ব্যৱসায় বাঢ়িছে। কিন্তু আমাৰ আলোচনা অসমৰ ৰেইকি প্ৰচাৰক গোটবোৰৰ কৰ্মসূচীৰ অধ্যয়নৰ মাজতেই সীমাৱদ্ধ ৰাখিছোঁ।
‘ডাইনী’ শব্দটো শুনিলেই বৰ্তমান আমাৰ মনলৈ পোনচাটেই আহে বিভিন্ন জনজাতি অঞ্চলত বা চাহ-বাগিচাৰ মাজত দুৰাৰোগ্য ব্যাধিৰ দৰে বিয়পি পৰা ‘ডাইনী নিগ্ৰহ’ৰ ঘটনাবোৰৰ কথা। সন্দেহ নাই যে সৰহ সংখ্যক মানুহেই ‘ডাইনি নিগ্ৰহ’ৰ দৰে ঘটনাক অন্ধবিশ্বাসৰ চূড়ান্ত ৰূপ বুলি মানি লয়। ডাইনী সন্দেহত কাৰোবাক নিৰ্যাতন কৰা বা হত্যা কৰাৰ বিৰুদ্ধে এখন কঠোৰ আইনো প্ৰণয়ন হৈছে। আইনখনৰ ৰূপায়নত কিমান সফল হ’ব পাৰিছে সেইবোৰ এক অন্য প্ৰসংগ। কিন্তু সাধাৰণভাৱে মানুহে যে ডাইনি সন্দেহত কৰা হত্যাক একেমুখে গৰিহণা দিয়ে তাত বিতৰ্কৰ অৱকাশ নিশ্চয় নাই। কিন্তু ভাবিলে আচৰিত লাগে যে এসময়ৰ ইউৰোপত ডাইনী বিদ্যা চৰ্চাকাৰীৰ বিৰুদ্ধেহে সংসদীয় আইন বলৱৎ হৈছিল। ১৫৬৩ চনত বৃটিছ পাৰ্লিয়ামেণ্টত প্ৰথম ডাইনীৰোধী আইন গৃহীত হয়। সেই আইন অনুসৰি যদি কোনো লোকে ডাইনী বৃত্তিৰ প্ৰয়োগ কৰি কাৰোবাক হত্যা কৰা বা ধ্বংস কৰাৰ অনুশীলন কৰে বা ডাইনীমন্ত্ৰৰ দ্বাৰা যদি কোনোৱে আনৰ শাৰীৰিক ক্ষতি কৰিব খোজে বা সা-সম্পদ নষ্ট কৰিব খোজে তেন্তে সেই ডাইনী চৰ্চাকাৰীৰ শাস্তি হ’ব কাৰাবাস। তাৰ পাছত বিভিন্ন সময়ত ডাইনী চৰ্চাকাৰীৰ বিৰুদ্ধে আইন কেতিয়াবা অতি কঠোৰ আৰু কেতিয়াবা কিছু নৰম হৈছে। কিছু সংখ্যক ৰাজ কৰ্মচাৰীক ডাইনী বৃত্তি চৰ্চাকাৰী ধৰি অনাৰ বাবে মকৰলো কৰা হৈছিল। এইসমূহ ৰাজ কৰ্মচাৰীৰ মনত এনে এক ধাৰণা প্ৰোথিত হৈছিল যে ডাইনী মানেই কুৰূপা বৃদ্ধা একোগৰাকী। বয়সৰ বলিৰেখা সৰ্বস্ব মুখমণ্ডল, লোমশ কুঞ্চিত চেলাউৰী, কেৰা চকুৱা, সেৰেঙা দন্তধাৰী বা দন্তহীন, খোড়া, আভজা, অপৰিস্কাৰ জীৰ্ণ শৰীৰেৰে দেখিলেই ভয়ংকৰ যেন লগা, ইত্যাদি লক্ষণ কোনোবা নাৰীৰ গাত দেখিলেই, তেওঁক ডাইনীবৃত্তি চৰ্চাকাৰী বুলি ধৰি আনি ফাঁচীও দিয়া হৈছিল। এইদৰে আইন বলবৎ হোৱাৰ ফলত আৰু ৰাজ কৰ্মচাৰীৰ ডাইনী চিনাক্তকৰণৰ ধৰণবোৰে সাধাৰণ মানুহৰ মনতো তেনে মানুহৰ প্ৰতি ভীতি সঞ্চাৰিত কৰিছিল। তেনে মানুহৰ প্ৰতি সন্দেহ সৃষ্টিৰ মূলতে এনে আইনবোৰ আৰু সেই আইন ৰক্ষাকাৰীৰ ধাৰণাবোৰ বুলি ক’ব পাৰি।
ইউৰোপত ডাইনি বিদ্যাৰ চৰ্চাকাৰী বুলি সঁচাই মিছাই বহু হাজাৰ হাজাৰ যুৱক-যুৱতীক অতি নৃসংশভাৱে পুৰি মাৰিছিল। এই আইনখনৰ সুবিধা লৈ বহুতে নিজৰ ব্যক্তিগত শত্ৰুৰ বিনাশৰো প্ৰচেষ্টা চলাইছিল। আইনৰ ছত্ৰছায়াত ডাইনী নিধনৰ এই অমানুষিক হত্যা প্ৰায় পাঁচশ বছৰ জুৰি চলিছিল। ৰোমান কেথলিক ধৰ্মযাজকৰ বিচাৰালয়ত অপৰাধী সজাই কৰা হত্যাৰ এই নৃশংসতাই আনকি হিটলাৰৰ ইহুদি নিধনৰ নাৰকীয়তাকো চেৰ পেলাইছিল বুলি বহুতে ক’ব খোজে।
কি পৰিস্থিতিত আদিম যাদু বিশ্বাসৰ এক অন্যতম ৰূপ ডাইনী বৃত্তি চৰ্চাই ইউৰোপত প্ৰসাৰ লাভ কৰিছিল, তথা তাৰ ওপৰত কেনেকুৱা আইনী ব্যৱস্থা লোৱা হৈছিল সেই বিষয়ে বিস্তৃতভাৱে গৱেষণালব্ধ তথ্য পাতি পোৱা যায়। তেনে অধ্যয়নে উৎসুক পাঠকক বহু নতুন চিন্তাৰ খোৰাক দিব। আমি এই আলোচনাত সেই প্ৰসংগ বৰ বিস্তৃত নকৰি মাত্ৰ থূলমূলকৈ ক’ব পাৰি যে আদিম সমাজৰ বহু যুক্তিহীন ঐন্দ্ৰজালিক বিশ্বাসৰ দৰেই ডাইনী বিদ্যাৰ আবিৰ্ভাৱো হৈছিল প্ৰকৃতিৰ প্ৰতিকূল শক্তিক বা শত্ৰুপক্ষক পৰাভূত কৰি নিজৰ জীৱনক সুষম আৰু নিৰাপদ কৰাৰ বাবেই। সেইবোৰ টুক টাক মেজিকধৰ্মী ক্ৰিয়া কলাপৰ দ্বাৰা প্ৰকৃতিক তথা শত্ৰুপক্ষক পৰাভূত কৰা বা নিয়ন্ত্ৰণ কৰা যে সম্ভৱ নহয় সেই কথা পৰৱৰ্তী সময়ৰ জ্ঞানে মানুহক দিলে যদিও এচামে পৰম্পৰাগতভাৱে ইয়াক জীয়াই ৰাখিলে। সি যি নহওক, সেই ইতিহাস প্ৰসংগান্তৰলৈ থৈ আজি আমি মাত্ৰ ইউৰোপৰ সেই ডাইনী বৃত্তি চৰ্চাকাৰীসকলৰ সৈতে বৰ্তমান সমাজত, বিশেষকৈ অসমৰ সমাজত সম্প্ৰসাৰিত হোৱা ৰেইকি বৃত্তিৰ কিছু সাদৃশ্যৰ বিষয়েহে আলোচনা কৰিম।
১) স্পৰ্শৰ প্ৰৱাহ: গোষ্ঠীসমাজত প্ৰচলিত বহু ঐন্দ্ৰজালিক ক্ৰিয়া কলাপৰ বিষয়ে ছাৰ জেমছ জৰ্জ ফ্ৰেজাৰে তেখেতৰ The Golden Bough গ্ৰন্থত লিপিৱব্ধ কৰিছে। এটি উদাহৰণ এনেকুৱা – নিউজিলেণ্ডৰ মাওৰি নামৰ সম্প্ৰদায়টোৰ মনত এটা বিশ্বাস গভীৰভাৱে প্ৰচলিত আছিল। তেওঁলোকৰ দলপতিয়ে যদি এক বিশেষ উদ্দেশ্য লৈ কিবা এটা বস্তু স্পৰ্শ কৰে, তেন্তে সেই বস্তুটোলৈ এক অলৌকিক শক্তি প্ৰৱাহিত হয়। কোনোবা দ্বিতীয় বা তৃতীয় ব্যক্তিয়ে সেই বস্তু স্পৰ্শ কৰিলে লগে লগে সেই ব্যক্তি অসুস্থ হৈ পৰাটো নিশ্চিত। আৰু কেৱল অসুস্থতাতেই শেষ নহয়। সেই অসুস্থতাই মানুহজনক মৃত্যুলৈও লৈ যাব পাৰে। মাওৰিসকলে সেয়েহে দলপতিৰ কোনো বস্তু স্পৰ্শ কৰাৰ পৰা সযত্নে বিৰত থাকে। কেতিয়াবা ভুলক্ৰমে স্পৰ্শ কৰিলেও নিশ্চিত মৃত্যুৰ ভয়ে সেই ব্যক্তিক সঁচাকৈয়ে মৃত্যুৰ গৰাহত পেলায়। ডাইনী বিদ্যাৰ ক্ষেত্ৰত এনে স্পৰ্শমূলক মেজিকধৰ্মী বিশ্বাস বিদ্যমান। ডাইনী দলপতিৰ হাতৰ স্পৰ্শৰ মূল্য বহুত। সেই স্পৰ্শক প্ৰৱাহিত কৰি বহু অসাধ্য সাধন কৰাৰ বিশ্বাস ডাইনী বৃত্তিত বিদ্যমান। এই দলপতিক ৰেইকি বৃত্তিৰ ক্ষেত্ৰত আমি ৰেইকি মাষ্টাৰ বা গ্ৰেণ্ড মাষ্টাৰ বুলি ধৰিব পাৰোঁ। এই মাষ্টাৰ, গ্ৰেণ্ড মাষ্টাৰসকলৰ হাতৰ তলুৱাৰ দ্বাৰা আনৰ শৰীৰলৈ শক্তি প্ৰৱাহিত হোৱা বিশ্বাসটোৰ লগত ডাইনীবৃত্তিত প্ৰচলিত এই স্পৰ্শমূলক ঐন্দ্ৰজালিক বিশ্বাসৰ মূলগত প্ৰভেদ নাই। মাত্ৰ ডাইনীবৃত্তিত সাধাৰণতে আনলৈ অপকাৰী শক্তি প্ৰৱাহিত কৰাৰ বিশ্বাস আৰু ৰেইকি বৃত্তিত উপকাৰী শক্তি প্ৰৱাহিত কৰাৰ বিশ্বাস প্ৰচলিত। অৱশ্যে উল্লেখ কৰি থোৱা দৰকাৰ যে প্ৰথমাৱস্থাত ডাইনীবৃত্তিৰ ক্ষেত্ৰতো তেওঁলোকে বিশ্বাস কৰা সেই শক্তিক প্ৰৱাহিত কৰি অশুভ শক্তি তথা শত্ৰুপক্ষক পৰাভূত বা নিয়ন্ত্ৰিত কৰি জীৱনক সুচল কৰাৰ অনুশীলনহে আছিল। অৰ্থাৎ নিজ গোষ্ঠীভূক্ত মানুহৰ কল্যাণ কামনাহে আছিল এনে বিশ্বাসৰ নেপথ্য কাৰণ। পাছলৈহে তেওঁলোকে বিশ্বাস কৰা সেই শক্তিক আনৰ অকল্যাণ আৰু অমংগলৰ কামত ব্যৱহাৰ কৰিবলৈ ধৰিলে। ইয়াৰ কাৰণসমূহো ডাইনী গৱেষকসকলে বিশ্লেষণ কৰি দেখুৱাইছে। সেই আলোচনা প্ৰসংগান্তৰলৈ ৰাখিলোঁ।
আকৌ বহু দূৰৰ পৰাও শক্তি বা ডাইনী মন্ত্ৰ প্ৰয়োগ কৰি মিত্ৰৰ কল্যাণ আৰু শত্ৰুৰ অকল্যাণ কৰিব পাৰি বুলি ডাইনীতন্ত্ৰত বিশ্বাস কৰা হৈছিল। আৰু সেই অনুসৰি নানা আচাৰ আচৰণ পালন কৰা হৈছিল। ৰেইকি বৃত্তিতো বহু দূৰৰ পৰা ৰেইকি শক্তি প্ৰেৰণ কৰি ৰোগ আৰোগ্য কৰাৰ কথা কোৱা হয়, সেই অনুসৰি দূৰৈৰ পৰাই ৰেইকি দিয়াৰ কথাও শুনা যায়। আনহে নালাগে ৰোগাক্ৰান্ত ব্যক্তি বা আন সমস্যাত ভোগা ব্যক্তিৰ ফ’টোৰ ওপৰত ৰেইকি শক্তি প্ৰৱাহিত কৰাৰ বিশ্বাসো প্ৰচলিত।
২) ক’ভেন আৰু গ্ৰেণ্ড মাষ্টাৰ: ইউৰোপৰ ডাইনী চৰ্চাকাৰীসকল আছিল চয়তানৰ ওচৰত আত্মনিবেদিত। ঠায়ে ঠায়ে তেওঁলোকৰ কিছু সংঘ আছিল। এইবোৰক কোভেন (Coven) বোলা হৈছিল। বহু ভাষাতাত্বিকৰ মতে ক’ভেন শব্দটো আহিছে লেটিন শব্দ ‘Convenire’ শব্দৰ পৰা, যাৰ অৰ্থ হ’ল ‘সমবেত হোৱা’ বা ‘সমবেত হ’বলৈ আহ্বান জনোৱা’। একে অৰ্থতে ব্যৱহাৰ হোৱা ইংৰাজী শব্দ ‘Convene’ ৰ উৎসও একটাই বুলি কোৱা হয়। এই ক’ভেনবোৰ হৈছে ডাইনীতন্ত্ৰৰ ভেটি স্বৰূপ। খুব নিয়াৰিকৈ আৰু শৃংখলাৱদ্ধভাৱে তেওঁলোকে সমৱেত হৈ ডাইনী সভা অনুষ্ঠিত কৰিছিল। একোটা কোভেনৰ একোজন দলপতি আছিল। দলপতিক কোৱা হৈছিল কোভেন মাষ্টাৰ। তেনেকৈ আঞ্চলিক কোভেন গোটবোৰৰ ওপৰত আছিল একোটা সন্মিলীত সংঘ। এই সংঘৰ দলপতিজনক কোৱা হৈছিল গ্ৰেণ্ড মাষ্টাৰ। গ্ৰেণ্ড মাষ্টাৰক সকলো ডাইনীয়ে ভয়-ভক্তি-সমীহ কৰি চলিছিল কাৰণ তেওঁৰ হাতৰ পৰাই ডাইনী শক্তি প্ৰবাহিত হয় বুলি অন্ত:কৰণেৰে বিশ্বাস কৰিছিল। ডাইনী সভাবোৰত সমূহীয়া ভোজনৰ উপৰিও তেওঁলোকৰ নিৰ্দিষ্ট আচাৰ পালন কৰা হৈছিল। গ্ৰেণ্ড মাষ্টাৰগৰাকী সাধাৰণতেই আছিল সুন্দৰী মহিলা। সেই গ্ৰেণ্ড মাষ্টাৰক সন্মান প্ৰদৰ্শন কৰাৰ নিদৰ্শন বোৰ আছিল কোভেন লৈ লৈ বেলেগ বেলেগ। স্কটলেণ্ড, ফ্ৰাঞ্চ আৰু বেলজিয়ামত বৰ বেছি দূৰলৈ নগৈ গ্ৰেণ্ড মাষ্টাৰৰ আসনখনতে চুমা যাচিছিল। কিন্তু ইটালীত এই অভিবাদন প্ৰথাটো আছিল বেছ চিত্তাকৰ্ষক। বহুকেইগৰাকী ডাইনী মাষ্টাৰে গ্ৰেণ্ড মাষ্টাৰৰ সন্মুখত বাগৰি পৰি তেওঁৰ আঁঠুত দুহাতেৰে স্পৰ্শ কৰে আৰু আন এদলে হাতত মম জ্বলাই তেওঁৰ পায়ু চুম্বন কৰি কৰি আগবাঢ়ি যায়। সুন্দৰী গ্ৰেণ্ডমাষ্টাৰৰ পশ্চাদদেশ থাকে অনাবৃত।
উপৰিউক্ত বৰ্ণনাৰ পৰাই যিসকলে বৰ্তমান অসমৰ বিভিন্ন অঞ্চলত প্ৰসাৰিত ৰেইকি বৃত্তিৰ অনুশীলনসমূহৰ সৈতে পৰিচিত, তেওঁলোকে ইউৰোপৰ প্ৰাচীন ডাইনীবৃত্তিৰ সৈতে তাৰ আশ্চৰ্যকৰ সাদৃশ্য মন কৰিব পাৰিব। যিসকলে বৰ্তমানৰ ৰেইকি বৃত্তি চৰ্চাকাৰীসকলৰ কাৰ্যকলাপৰ বিষয়ে বিশেষ অৱগত নহয় তেওঁলোকে অনুসন্ধান কৰিলেই গম পাব যে ৰেইকি চৰ্চাকাৰীসকলেও সেই প্ৰাচীন ডাইনী বৃত্তি চৰ্চাকাৰীসকলৰ দৰেই একোজন দলপতিক অতিশয় শক্তিশালী জ্ঞান কৰে। গ্ৰেণ্ড মাষ্টাৰ আখ্যায়িত দলপতিগৰাকীৰ বাবে বিশেষ সন্মান বা আন কথাত অন্ধ ভক্তি প্ৰদৰ্শন কৰে। তেওঁলোকৰ এই অচলা ভক্তিৰ স্বৰূপ সেই প্ৰাচীনকালৰ সুন্দৰী গ্ৰেণ্ড মাষ্টাৰৰ অনাবৃত পায়ু চুম্বনৰ প্ৰায় সমগোত্ৰীয়। পাৰ্থক্য মাথো ইমানেই যে সেই কালৰ ডাইনী চৰ্চাকাৰীসকলৰ নাছিল কোনো আনুষ্ঠানিক শিক্ষা, বৰ্তমানৰ ৰেইকি চৰ্চাকাৰী গ্ৰেণ্ড মাষ্টাৰৰ অনুগামীসকলৰ কিছু হ’লেও আনুষ্ঠানিক শিক্ষা আছে। একাংশৰ নামৰ পাছত উচ্চ শিক্ষাৰ ডিগ্ৰীও বিদ্যমান। বিভিন্ন অঞ্চলত ৰেইকিৰ চেমিনাৰ আদি নিয়মিতভাৱে অনুষ্ঠিত হয়। ডাইনী চৰ্চাকাৰীসকলে যেনেকৈ বিভিন্ন অঞ্চলত ক’ভেনবোৰ অনুষ্ঠিত কৰিছিল, তেনেকৈ। এই ৰেইকিৰ চেমিনাৰবোৰতো নিয়ম-শৃংখলাৰ ক্ষেত্ৰত ৰেইকিৰ দলটো সদা সচেতন। ভোজন পৰ্ব, প্ৰীতি অনুষ্ঠান আদিও কোভেন সভাবোৰৰ দৰেই পূৰ্ব নিৰ্ধাৰিত।
৩) বতৰ নিয়ন্ত্ৰণত ডাইনী আৰু ৰেইকি: প্ৰাচীন গ্ৰীক দাৰ্শনিক তথা ঐতিহাসিক প্লিনিৰ এক মত অনুসৰি তৎকালীন ডাইনীসকলে বতৰ নিয়ন্ত্ৰণ কৰিব পাৰিছিল। “ —- as Pliny tells us they controlled the winds just as the witches of Lapland and Norway want to do; they could cover the hail storm or on the other hand they could cover a smiling sky with the menace of dark clouds and torrential rain” (ইয়োৰোপেৰ ডাইনিবৃত্তিৰ ইতিহাস : ড০ দেবব্ৰত ভট্টাচাৰ্য, পৃষ্ঠা ২০)। অৰ্থাৎ প্লিনিৰ মতে প্ৰাচীন ইউৰোপীয় ডাইনীসকলে ডাইনী শক্তি প্ৰয়োগ কৰি নিৰ্মল আকাশত ক’লীয়া ডাৱৰৰ সমষ্টিৰে যেনেকৈ ভৰাই দিব পাৰে তেনেকৈয়ে গোমা, অন্ধকাৰ আকাশক পোহৰৰ হাঁহিৰে জলমলায়ো তুলিব পাৰে। এতিয়া পাঠকে ইণ্টাৰনেটত উপলভ্য এটি ৰেইকি ৱেব চাইটত জিলিকি থকা তলৰ ৰেইকি অনুশীলনকাৰীৰ বক্তব্যৰ সাদৃশ্য মন কৰক। পাঠকৰ সুবিধাৰ বাবে ৰেইকি টেকনিক ডট কম নামৰ চাইটটোত ৰেইকি অনুশীলনকাৰীগৰাকীৰ বক্তব্যখিনি তুলি দিয়া হ’ল। বক্তব্যখিনি এনেকুৱা – “Angel ৰেইকি লোৱাৰ পাছত মই নিজকে আৰু সলনি কৰিব পাৰিলোঁ। মই ক’ৰবাত গ’লেই Angel Pray কৰোঁ মোৰ লগত থাকিবৰ বাবে, মোক হেল্প কৰিবৰ বাবে। মই আবেলি ৫ বজাত কাম আছিল, ওলাই গৈছোঁ। বতৰ ইমানেই আন্ধাৰ কৰি আনিছে, মানে ৰাতিৰ দৰে কৰিছে। মোৰ লগৰ জনীয়ে ভয় কৰিছে। কিন্তু মই ভয় নকৰি Angel pray কৰিছোঁ। আৰু আচৰিত ধৰণেৰে ৩ মিনিট সময় নালাগিল, বতৰ ৰ’দ দিয়াৰ দৰে কৰি দিলে।
৪) পুনৰুত্থান: ইতিমধ্যেই উল্লেখ কৰা হৈছেই যে ১৫০০ চনৰ পৰাই ডাইনী চৰ্চাকাৰীসকলৰ বিৰুদ্ধে ইংলণ্ডত বহুকেইখন সংসদীয় আইন প্ৰণয়ন কৰা হৈছিল। খ্ৰীষ্ট ধৰ্মীয় প্ৰশাসকৰ প্ৰত্যক্ষ ছত্ৰছায়াত ডাইনী চৰ্চাকাৰীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই হত্যা কৰিছিল। এই নিৰ্যাতনবোৰৰ বিভৎসতাই ডাইনী চৰ্চাকাৰীসকলৰ নানা উদ্ভৎ কৰ্মকাণ্ডৰ নাৰকীয়তাকো চেৰ পেলাইছিল। সি যি নহওক, ডাইনীৰোধী আইনবোৰৰ বাবেই হওক বা আধুনিক বিজ্ঞানৰ তৰান্বিত গতিৰ বাবেই হওক লাহে লাহে ডাইনীবৃত্তিৰ প্ৰসাৰ ইউৰোপত কমি আহিছিল। বহুতেই ইয়াক সম্পূৰ্ণৰূপে লোপ পালে বুলিয়েই ভাবিছিল। পিছে সামাজিক মানৱ মন এক আশ্চৰ্যকৰ বস্তু। ইয়াত জ্ঞানৰ জলমলীয়া আলোকৰ সিটো পাৰেও লুকাই থাকে কুহকী আন্ধাৰ। সেয়েহে শিক্ষিত বহুতে অন্ধবিশ্বাস বুলি উৰাই দিয়াৰ সময়তো অনুন্নত অঞ্চলত নিম্ন মধ্যবিত্ত বেষ্টনীত চেগা চোৰোকাকৈ হ’লেও এই বৃত্তিৰ চৰ্চা চলি থাকিল। তাৰ অৱশ্যে আন আৰ্থ-সামাজিক কাৰকো আছে। আধুনিক চিকিৎসা সেৱাই ঢুকি নোপোৱা অনগ্ৰসৰ অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণে হাততে পোৱা ‘ডাইনী চিকিৎসক’ৰ শৰণাপন্ন হোৱাৰ বাহিৰে উপায়ো নাছিল। এনেকৈয়ে ডাইনীবৃত্তিৰ প্ৰবাহ স্তব্ধ হৈ যাবলৈ নিদি তাৰ ধাৰা বোৱাই ৰাখিলে মুষ্টিমেয় কিছু সংখ্যক মানুহে। কিন্তু বিংশ শতিকাত এই বিশ্বাসে ডাল পাত মেলি পুনৰ সমাজ আকাশ চাটি ধৰিলে। বহু ডাইনী গৱেষকে এই পুনৰুত্থানৰ লগত বিভিন্ন ঘটনাক জড়িত কৰিব খোজে।
তেনে এক তথ্য অনুসৰি বিংশ শতিকাত জাৰ্মানিত ডাইনীতন্ত্ৰৰ পুনৰুত্থান ঘটিছিল মূলত: নাৎসিবাদৰ বোকোচাত উঠি। ইহুদি সংহাৰৰ বাবে ডাইনী চয়তানৰ শক্তি আয়ত্ব কৰাটো সুবিধাজনক হ’ব বুলি হিটলাৰ আৰু তেওঁৰ সাংগোপাংগসকলে বিশেষকৈ গোৱেবলচ, হিমলাৰ আদিয়ে গভীৰভাৱে বিশ্বাস কৰিছিল। নাৎসিবাদক শক্তিশালী কৰিবৰ বাবে জাৰ্মান স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিত বহু হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে চয়তান কাল্ট (Satanic Cult)ত দীক্ষা লৈছিল। নাৎসিসকলে কৰা ঘৃণনীয় ৰাজনৈতিক পৰিকল্পনা অনুসৰি ইহুদী নৰ-নাৰীৰ ৰক্তৰে ডাইনী চয়তানৰ পাণ-পাত্ৰ ওপচাই পেলোৱা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ডাইনী চয়তানৰ শক্তিৰ বলত জাৰ্মান বিৰোধী মিত্ৰশক্তিক পৰাভূত কৰি একছত্ৰী হোৱাৰ সপোনো দেখিছিল নাজীবাহিনীয়ে। পিছে ডাইনী শক্তিয়ে যে হিটলাৰক সহায় কৰিব নোৱাৰিলে সেই কথা ১৯৪৫ চনৰ ৩০ এ’প্ৰিলত হিটলাৰৰ আত্মহত্যাই প্ৰমাণ কৰিলে।
ইফালে আকৌ বিংশ শতিকাত আমেৰিকাত ডাইনী বৃত্তিৰ পুনৰুত্থানৰ লগতো এচামে হিটলাৰৰ নাম টানি আনে। এইসকলৰ তথ্য অনুসৰি আমেৰিকাত যুদ্ধৰ সময়ত চৰকাৰীভাৱেই ডাইনী সম্প্ৰদায়ক উৎসাহিত কৰা হৈছিল। সেই উৎসাহত উৎসাহী হৈ কেইগৰাকীমান বগা সাজ পৰিহিত লোকে নিজকে ডাইনী চৰ্চাকাৰী বুলি পৰিচয় দি ৱাচিংটনৰ এখন পাৰ্কত ৰাজহুৱাভাৱে হিটলাৰৰ প্ৰতিমূৰ্তি এটাত আলপিন বিদ্ধ কৰি ডাইনী মন্ত্ৰ আওৰায়। তাৰ কিছুদিনৰ পাছতে কাকতালীয়ভাৱে হিটলাৰে আত্মহত্যা কৰে আৰু নাজীদলে আত্মসমৰ্পন কৰে। এনে সুবৰ্ণ সুযোগ জানো এৰি দিয়া যায়? সেই ডাইনী চৰ্চাকাৰী আলপিনধাৰী দলটিয়েও এৰি নিদিলে। তেওঁলোকে ৰাজধানীৰ পথে পথে সমদল উলিয়াই যিমান পাৰি সিমান প্ৰচাৰ কৰিবলৈ ধৰিলে যে ডাইনী মন্ত্ৰৰ বলতেই হিটলাৰৰ পতন হ’ল। এই ঘটনাই আমেৰিকাৰ শিক্ষিত মানুহৰ মনতো ডাইনী বৃত্তিৰ প্ৰতি সম্ভ্ৰমৰ ভাৱ জগাই তুলিলে।
এই ঘটনাৰ পাছত ডাইনী চৰ্চাই সদম্ভে আত্মপ্ৰকাশ কৰিলে। নতুন নতুন মানুহে ডাইনী দীক্ষা ল’বলৈ আগবাঢ়ি আহিল। অৱশ্যে এইক্ষেত্ৰত খ্ৰীষ্ট ধৰ্মীয় অনুশাসনৰ প্ৰতি বীতশ্ৰদ্ধ হোৱা বহু ডেকা গাভৰুও আছে। তাৰ লগতে ডাইনী চৰ্চাৰ কেন্দ্ৰসমূহত অনুমোদন জনোৱা অবাধ মুক্ত যৌনাচাৰেও একাংশ তৰুণ তৰুণীক তীব্ৰ ভাৱে আকৰ্ষণ কৰিছিল।
ৰেইকিৰ ক্ষেত্ৰতো পুনৰুত্থান মন কৰিবলগীয়া। কোৱা হয় যে বহু কাল আগতেই স্পৰ্শৰ দ্বাৰা আৰোগ্য কৰাৰ বিদ্যাটো আছিল। মধ্যযুগীয়া এই গুপ্তবিদ্যা বিলুপ্ত বা সুপ্ত হৈ পৰাৰ পাছত আধুনিক যুগত জাপানৰ মিকাই উশুইয়ে পুনৰুদ্ধাৰ কৰে। উশুইৰ পাছত চেগা চোৰোকাকৈ সেই প্ৰবাহ বৈ আছিল। কিন্তু ক’ৰনা অতিমাৰীৰ আৱদ্ধ সময়ছোৱাত নাগৰিক জীৱনলৈ নামি অহা ভয়ংকৰ দু:চিন্তা, ভয়, হতাশা আৰু চূড়ান্ত অনিশ্চয়তাই ৰেইকি বৃত্তিলৈ আকৌ নতুন সুযোগ আনি দিলে। লগতে বিশেষকৈ অসমৰ পৰিপ্ৰেক্ষিতত ই এক ভয়াবহ গুৰুমুখী পৰম্পৰাৰো উত্থান ঘটাইছে। গুৰুৰ প্ৰতি অন্ধভক্তিয়ে শিষ্যৰ যুক্তি-বুদ্ধিৰ বিলোপ সাধন কৰি এক আদেশ পালনকাৰী যন্ত্ৰলৈ ৰূপান্তৰ কৰে। নক’লেও হ’ব যে ক্ষমতাপিয়াসী শাসকৰ বাবে এনে আদেশ পালনকাৰী যন্ত্ৰৰ প্ৰয়োজন সকলোতকৈ বেছি। সেয়েহে অচিৰেই এই বৃত্তিয়ে চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰিলেও আচৰিত হ’ব লগা একো নাথাকিব। ডাইনীতন্ত্ৰৰ পুনৰুত্থানৰ সৈতে থকা সাদৃশ্যৰ পৰাই এই পূৰ্বানুমান কৰিব পাৰি।
৫) দীক্ষা: মধ্যযুগীয়া ডাইনীতন্ত্ৰৰ ক’ভেনবোৰৰ কথা ওপৰত কোৱা হৈছে। সেই ক’ভেনসমূহত ডাইনী গ্ৰেণ্ড মাষ্টাৰক অভিবাদন জনোৱাৰ পাছত নতুন ডাইনীক দীক্ষা দিয়াৰ কামো আৰম্ভ হয়। ডাইনী দীক্ষা দিয়াৰ সেই প্ৰাচীন পৰম্পৰাত বহুতো কঠিন ৰীতি নীতি পালন কৰিবলগীয়া হৈছিল। একেদৰেই ৰেইকিৰ দীক্ষা দিয়াৰ সময়তো ২১ দিনৰ এক নিৰ্ধাৰিত নিয়ম মানি চলিবলৈ নিৰ্দেশ দিয়া হয়। বিংশ শতিকাৰ ইউৰোপত পুনৰুত্থানৰ সময়ৰ পৰা ডাইনীতন্ত্ৰই এক স্বাধীনচিতীয়া ৰূপ লৈছিল। নি:সংকোচে তেওঁলোকে সমাজত প্ৰচাৰ কৰিবলৈ লয় যে ইউৰোপৰ শ্ৰীবৃদ্ধি নিৰ্ভৰ কৰিছে ডাইনীতন্ত্ৰৰ বিভিন্ন আচাৰ-অনুষ্ঠান, তন্ত্ৰ-মন্ত্ৰ আৰু বিধি-বিধান মানি চলাৰ ওপৰত। দুৰাৰোগ্য ব্যাধি দূৰ কৰাত ডাইনী মন্ত্ৰৰ অলৌকিক ক্ষমতাৰ কথা প্ৰচাৰ কৰিবলৈ আৰু নতুন নতুন মানুহক ডাইনী ধৰ্মত দীক্ষিত কৰিবলৈ সঘনাই ডাইনী ক’ভেন অনুষ্ঠিত হ’বলৈ ধৰে। এই আধুনিক কালৰ ডাইনী ক’ভেনত দীক্ষা দিয়াৰ পদ্ধতি আৰু ৰেইকি প্ৰশিক্ষণত দীক্ষা দিয়াৰ পদ্ধতি প্ৰায় একেই। ডাইনী ক’ভেনত বাৰগৰাকী ডাইনী পুৰুষ-নাৰীক বৃত্তাকাৰে থিয় কৰাই মূল ডাইনী পুৰোহিতে তেওঁলোকৰ দুৰ্বোধ্য মন্ত্ৰ উচ্চাৰণ কৰি থাকে। এঙাৰেৰে অঁকা এটা মেজিক বৃত্তৰ মাজলৈ নতুনকৈ দীক্ষা ল’ব খোজাসকলক এগৰাকী এগৰাকীকৈ লৈ অহা হয়। তেওঁলোকক হাত দুখন পাছফালে ৰাখিবলৈ দি চকুত ক’লা কাপোৰৰ পটি বান্ধি দিয়া হয়। ডাইনী গ্ৰেণ্ড মাষ্টাৰে তেওঁলোকৰ বুকুত তৰোৱাল এখনেৰে স্পৰ্শ কৰি শপত বাক্য পাঠ কৰায়। তাৰ পাছত দীক্ষাৰ্থীৰ ভৰি, আঁঠু, ওঁঠ আৰু নিম্নাংশৰ দুয়োফালে মুঠতে পাঁচটা চুম্বনেৰে গ্ৰেণ্ড মাষ্টাৰে নতুন জনলৈ ডাইনী শক্তি প্ৰৱাহিত কৰে, বা নতুন ডাইনীৰ সৃষ্টি কৰে। ৰেইকিৰ ক্ষেত্ৰতো প্ৰথম ডিগ্ৰীত দীক্ষিত কৰিবৰ সময়ত এইদৰেই ‘ঔম’ ধ্বনি বা তেনে আন মন্ত্ৰোচ্চাৰণেৰে এক আধ্যাত্মিক পৰিৱেশ ৰচনা কৰাৰ চেষ্টা কৰা হয়। নতুন দীক্ষাৰ্থী সকলক চকু মুদি ধ্যান কৰিবলৈ দিয়া হয়। কোনো কোনো দীক্ষানুষ্ঠানত চকুত কাপোৰ বন্ধাও হয়। তাৰ পাছত গ্ৰেণ্ড মাষ্টাৰে হাতেৰে এগৰাকী এগৰাকীকৈ সকলোৰে শিৰত স্পৰ্শ কৰাৰ লগে লগে ৰেইকি শক্তি সেইগৰাকীলৈ প্ৰবাহিত হয় বুলি কোৱা হয়।
৬) ভুৱা ডক্তৰেট: প্ৰাচীন ডাইনীবৃত্তিক পুনৰাই আধুনিক মানুহৰ মাজত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত জেৰাল্ড গাৰ্ডনাৰ (Gerald Gardner) নামৰ এজন ইংৰাজ গুপ্তবিদ্যাবিদৰ নাম উল্লেখযোগ্য। “Witch craft today” নাম দি তেওঁ এখন গ্ৰন্থও ৰচনা কৰিছিল। তেওঁ বহুলভাৱে প্ৰচাৰ কৰিছিল যে ডাইনীবৃত্তিয়ে এনে এক শক্তিৰ সাধনা কৰে, যাৰ দ্বাৰা আধুনিক জীৱনৰ বহু জটিল সমস্যাৰ সমাধান কৰিব পাৰি। প্ৰচাৰ মাধ্যমেও তেওঁক খুব গুৰুত্ব দিছিল। ফলত ইংলণ্ডৰ বহু ঠাইত কাঠফুলাৰ দৰে ডাইনীবৃত্তি চৰ্চাৰ কেন্দ্ৰ গঢ়ি উঠিছিল।
গাৰ্ডনাৰে নামৰ আগত এটা ডক্তৰেট ডিগ্ৰীও লগাই লৈছিল। ১৯৫১ চনত চানডে’ পিকট’ৰিয়েল (Sunday Pictorial) নামৰ কাকত এখনে তেওঁৰ সাক্ষাৎকাৰ এটা লৈছিল। তাত তেওঁ কৈছিল বোলে তেওঁৰ দুটা ডক্টৰেট ডিগ্ৰীৰ এটা চিংগাপুৰ বিশ্ববিদ্যালয়ৰ পৰা পোৱা আৰু আনটো সাহিত্যত টুলুজৰ পৰা পোৱা। পিছে পাছত তদন্ত কৰি পোৱা গ’ল যে তেওঁৰ এই ডিগ্ৰী আছিল ভুৱা। সেই সময়ত ছিংগাপুৰ বিশ্ববিদ্যালয় স্থাপনেই হোৱা নাছিল আৰু টুলুজ বিশ্ববিদ্যালয়ৰ হাতত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ কোনো ৰেকৰ্ড নাছিল। আনুষ্ঠানিক শিক্ষা তেওঁৰ বৰ বেছি নাছিল। তথাপি ডাইনী শক্তিৰ মহত্ত প্ৰচাৰ কৰি এগাল ভক্ত গোটাইছিল। ভক্তসকলৰ মাজত ডাঙৰ মানুহ বোলাবলৈকে নামৰ আগত ডক্তৰ এটা লিখি লৈছিল তেওঁ।
যুগে যুগে একেবোৰ কথাই চলি থাকে। ৰেইকি গুৰুৰ ক্ষেত্ৰতো এনে সন্দেহজনক ডক্তৰেট ডিগ্ৰী নামৰ আগত সংলগ্ন কৰাৰ কথা শুনা যায়। উৎসাহী সমৰ্থকে তেওঁলোকৰ গুৰুৰ এনে ডিগ্ৰীৰ বিশ্বাসযোগ্যতা প্ৰতিপন্ন কৰিবলৈ সততাৰে অনুসন্ধান কাৰ্য চলোৱা উচিত।
৭) নাৰীৰ আসক্তি: বহু ডাইনী গৱেষকে প্ৰাচীন ইউৰোপীয় ডাইনী বৃত্তিত পুৰুষৰ অংশগ্ৰহণৰ বিষয়ে তথ্য দিয়ে যদিও এই কথা অনস্বীকাৰ্য যে নাৰীয়েই ডাইনী বৃত্তি চৰ্চাত অধিক মনোনিবেশ কৰিছিল জন্মলগনৰে পৰা। মানুহৰ মনতো ডাইনী বৃত্তিত নাৰীৰ অংশগ্ৰহণক লৈ এক বদ্ধমূল ধাৰণা আছিল। ইংৰাজী Witch শব্দটোৰ আভিধানিক অৰ্থটোলৈ চালেই কথাটো স্পষ্ট হয়। Oxford dictionery ৰ মতে Witch হৈছে, – A Woman regarded as having supernatural or magical power and knowledge । ডাইনী বৃত্তি চৰ্চাকাৰী নাৰীৰ দলবোৰৰ বিভিন্ন ক’ভেন আদিৰ বিষয়েও অনেক তথ্য পোৱা যায়, যাৰ দ্বাৰা এই বিদ্যাত নাৰীৰ আধিক্যৰ কথা প্ৰতিষ্ঠিত হয়।
একেদৰেই, আধুনিক ৰেইকী বৃত্তিত নাৰীৰ আধিক্যৰ কথাটোৰ সত্যতা পৰীক্ষা কৰিবলৈকো বিশেষ কঠিন নহয়। যি কোনো এখন ৰেইকী দীক্ষানুষ্ঠানত নাৰী দীক্ষাৰ্থীৰ সংখ্যালৈ মন কৰিলেই জানিব পাৰি। বৰ্তমান সময়ত ছ’চিয়েল মিডিয়া যোগে ৰেইকিৰ প্ৰচাৰৰ বাবে গঠন কৰা গ্ৰুপবোৰত ভুমুকি মাৰিলেও কথাটো স্পষ্ট হয়। এই প্ৰতিবেদন যুগুত কৰাৰ সময়ত তেনে ৫টা সক্ৰিয় ৰেইকি গ্ৰুপত চলোৱা এক সমীক্ষাত দেখা গৈছিল যে ৰেইকি গ্ৰুপবোৰৰ ৯৮ শতাংশ সদস্যই হৈছে নাৰী।
দুয়োটা বৃত্তিতে নাৰীৰ আধিক্যৰ কাৰণ বিশ্লেষণ কৰাটো দৰকাৰী। সেই বিষয়ে স্থানান্তৰত আলোচনা কৰা হ’ব। এই আলোচনাত মাত্ৰ দুয়োটা বৃত্তিৰ মাজৰ সাদৃশ্যৰ প্ৰসংগতহে কথাটো উলেখ কৰা হৈছে।
সামৰণি:
আদিম যাদুবিশ্বাসৰ ফলত উদ্ভুত ক্ৰিয়া-কৰ্ম, ৰীতি-নীতি আদিৰ মাজত সাদৃশ্য থকাটো তেনেই স্বাভাবিক। বিজ্ঞানৰ দৰেই সকলো অন্ধবিশ্বাসেও বিৱৰ্তনৰ একেটা বাটেৰেই বাট বুলি আহিছে। সেয়েহে মানুহৰ মংগলামংগলৰ লগত জড়িত এই দুই বৃত্তি, ৰেইকিবৃত্তি আৰু ডাইনীবৃত্তিৰ মাজত অপাৰ সাদৃশ্য বিদ্যমান। কিন্তু তৎসত্তেও দুয়োটাৰ মাজত এক ডাঙৰ পাৰ্থক্য নোহোৱা নহয়। পাৰ্থক্যটো দুয়োটা বৃত্তিৰে উপযোগিতা বিষয়ক। আজিৰ বৈজ্ঞানিক জ্ঞানেৰে সমৃদ্ধ যুগত আদিম ডাইনী চৰ্চাক যিমানেই তুচ্চ, অৰ্থহীন তথা উদ্ভট যেন নালাগক কিয়, আদিম অজ্ঞ সমাজত ডাইনী বৃত্তি চৰ্চাকাৰীসকলৰ এই কাম যে গুৰুত্বপূৰ্ণই আছিল সেই কথা অযান্ত্ৰিকভাৱে বিচাৰ কৰিলে অনুধাবন কৰিব পাৰি। ডাইনী চৰ্চাকাৰীসকলে মানুহৰ মংগলামংগলৰ বাবে প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰা নানা গছ পাত শিপা আদিৰ মাজতেই যে মানুহৰ ৰোগ আৰোগ্যৰ বাবে পথ্য-অপথ্যৰ গৱেষণাৰ বীজ লুকাই আছিল তাক বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। যিসকল ডাইনী চৰ্চাকাৰীয়ে এই প্ৰাকৃতিক বস্তুবোৰ সংগ্ৰহ কৰি তাৰ পৰা বিভিন্ন ৰস, ভস্ম আদি তৈয়াৰ কৰাৰ কাম অহৰ্নিশে কৰি আছিল তেওঁলোকক সংগতভাৱেই আদিম ‘মেডিচিন মেন’ নাম দিয়া হৈছে। নৃবিজ্ঞানী তথা ডাইনীবিদ্যা গৱেষক P. Thomson এ সেয়ে লিখিছে, – It is not without reason that sorcerer is often described as the medicine man: for the science of medicine rose mainly through the art of the sorcerer. His cauldron of crabs, herbs and loathsome objects was the first laboratory in the world, and a good deal of the modern science of healing had the origin in the fearsome rites of the magician. গতিকে হাজাৰটা অৰ্থহীন টুকটাক কথাৰ মাজতো এই এটা গৱেষণাযোগ্য উপযোগিতাৰ বিষয়ে এক মুকলি চিন্তাৰ পথ খোলা ৰখাটো অপ্ৰয়োজনীয় নহয়। ৰেইকী বৃত্তিৰ কিন্তু এনে কোনো উপযোগিতাৰ কথা প্ৰতিষ্ঠা কৰিব নোৱাৰি। হাতেৰে টানি অনা মহাজাগতিক শক্তিৰ কাৰুকাৰ্যৰ মাজত এনে কোনো উপযোগিতামূলক দিশ নাই যাৰ দ্বাৰা ইয়াক বিশুদ্ধ অন্ধবিশ্বাসৰ বাহিৰে আন কিবা বুলি অভিহিত কৰিব পাৰি।
সহায়ক পুথি:
০ ইয়োৰোপেৰ ডাইনিবৃত্তিৰ ইতিহাস : ড০ দেবব্ৰত ভট্টাচাৰ্য
০ ভাৰতীয় লোকজীৱন ও সাহিত্যে ডাইনিবৃত্তিৰ প্ৰভাব ও প্ৰসাৰ: দেবব্ৰত ভট্টাচাৰ্য
০ The Devil: a very Short Introduction- Darren Oldridgem
প্ৰাচীন ইউৰোপৰ দেশতো একালত ডাইনীৰ এনে উপদ্ৰপ আছিল, কথাবোৰ তাৰ বৰ্তমানৰ উন্নত চিন্তাৰ লগত কিবা আকাশ – পাতাল যোগসূত্ৰ নোহোৱা কথা যেন লাগে। ৰেইকিৰ লগত ইয়াৰ সাদৃশ্য আৰু ৰেইকীৰ ঐতিহাসিক বিকাশৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ মনকৰিলগীয়া। ৰেইকী বিৰোধী সংগ্ৰামখনৰ স্বাৰ্থত ই এটা গৱেষণাৰ বিষয় হবই পাৰে।
অৱশ্যে এই ৰেইকি বিৰোধী যুঁজখনত সমাজৰ আৰ্থৰাজনৈতিক দিশটো যেনেকৈ জঢ়িত হৈ আছে ,তাৰ লগত বিৰুদ্ধে যুঁজখনৰ ৰূপৰেখা কি হব সেইটো ভাবিচাবগীয়া আৰু আটাইতকৈ জৰুৰী বুলি মোৰ ধাৰণা। কেৱল অন্ধবিশ্বাসৰ দিশটোৰ বিৰোধিতা কৰি আমি কিজানি ইয়াৰ সফলতাৰ দিশত বৰ বেছি আগুৱাব নোৱাৰিম।