আইনৰ দৃষ্টিত ৰেইকি ।। বৰ্ণালী বৰুৱা দাস
যুক্তিবাদী কৰ্মীসকলে সংগঠিতভাৱে আইনী যুঁজ দিলে এনে প্ৰৱঞ্চক ভুৱা নিৰাময়কাৰীসকলক শাস্তি দিয়াটো বিশেষ কঠিন কাম নহয়। তাৰ দ্বাৰা জনসাধাৰণৰ মাজত এক সজাগতাৰো সৃষ্টি হ’ব ।। মুক্ত চিন্তা, দশম বছৰ, দ্বিতীয় সংখ্যা, চেপ্টেম্বৰ, ২০২৪ ।।
ৰেইকি যে এক অন্ধবিশ্বাস তাক দোহৰাৰ প্ৰয়োজন নাই। ইতিমধ্যে সেই কথা বিশ্লেষণ সহকাৰে বৰ্ণনা কৰা হৈছে। (আগ্ৰহীসকলে ইয়াতে টিপি আগৰ লেখা পঢ়িব পাৰিব)। এই অন্ধবিশ্বাসৰ যে পূৰ্বে ইউৰোপত প্ৰচলিত ডাইনি বৃত্তিৰ লগতো প্ৰভুত পৰিমাণে সাদৃশ্য আছে তাকো স্থানান্তৰত আলোচনা কৰা হৈছে (সেই বিষয়ে জানিবলৈ ইয়াতে টিপক)। ৰেইকিৰ বিষয়ে একো নজনাকৈ প্ৰথম অৱস্থাত ৰেইকি গুৰুৰ শৰণাপন্ন হৈ নিজৰ সমস্যাৰ সমাধান বিচৰাসকলৰ বহুতেও সময়ৰ লগে লগে এই পদ্ধতি যে ভুৱা সেই কথা উপলব্ধি কৰে। কাৰণ ৰেইকিয়ে দিয়া সাময়িক মোহমুগ্ধতা তথা সি কঢ়িয়াই অনা সকাহ সাধাৰণতেই দীৰ্ঘস্থায়ী নহয়। সমস্যাবোৰৰ পুনৰুত্থানত তেনে মানুহে সাধাৰণতেই দুটা আশ্বাসৰ পথ লয় –
(১) একাংশই ভাবে ঠিক যিধৰণেৰে অনুশীলন কৰিব লাগিছিল, তাক মই পালন কৰিব নোৱাৰিলোঁ। গতিকে মোৰ নিজৰ দোষৰ বাবেই ৰেইকিয়ে দিব লগা সকাহ মোক দিবলৈ ব্যৰ্থ হ’ল। তাত ৰেইকিৰ কোনো বিফলতা নাই।
(২) আন একাংশই ৰেইকিৰ বিফলতাৰ কথা সঠিকভাৱেই উপলব্ধি কৰে। কিন্তু লোক-লজ্জাৰ বাবেই হওক বা বিতৰ্কৰ প্ৰতি অনিচ্ছাৰ বাবেই হওক মৌনতা অৱলম্বন কৰে। যি হ’ল হ’ল, এতিয়া কৈ নো আৰু কি লাভ হ’ব, মোৰ ব্যয় হোৱা টকাকেইটাই ঘূৰাই পাম নে সময়খিনিয়েই ঘূৰাই পাম!
অৱশ্যে তাৰ মাজতো সৰৱ হোৱা দৃষ্টান্ত তেনেই তাকৰ নহয়। ৰেইকিৰ শৰণাপন্ন হৈ ভেল্কিবাজী বুজি পোৱা লোকে কৰা নিজৰ অভিজ্ঞতাৰ বৰ্ণনাও সামাজিক মাধ্যমত মাজে সময়ে প্ৰকাশ পায়।
কিন্তু ভূক্তভোগী সৰব হওক বা নিৰব হওক, ৰেইকিয়ে কৰা প্ৰৱঞ্চনা কিন্তু চলিয়েই থাকে। কাৰণ সৰব হোৱাসকলৰো বহুতেই নাজানে যে সৰল মানুহৰ বিশ্বাসৰ সৈতে খেলা কৰি কৰা এই প্ৰৱঞ্চনাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনত শাস্তিৰ ব্যৱস্থা আছে। আজিৰ এই লেখাত চমুকৈ ভাৰতীয় দণ্ডবিধি আইনত এই ধৰণৰ কাৰ্যৰ লগত জড়িতসকলৰ বাবে কেনে শাস্তি নিৰ্ধাৰণ কৰা হৈছে সেই সম্পৰ্কে কিছু কথা উল্লেখ কৰিম।
ভাৰতীয় দণ্ডবিধিৰ অধীনত ৰেইকি বা আন যিকোনো বিকল্প চিকিৎসাৰ দ্বাৰা ৰোগ আৰোগ্যৰ বিষয়ে অবৈজ্ঞানিক দাবী কৰিলে তাৰ বাবে শাস্তিৰ ব্যৱস্থা আছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে এনে ভুৱা চিকিৎসাৰ তালিকাখন যথেষ্ট দীঘলীয়া। জৰা-ফুকা, মন্ত্ৰ মতা, স্বপ্ন প্ৰদত্ত বিধান দিয়া আদিৰ পৰা আৰম্ভ কৰি নিউমাৰল’জি হিলিং নাম্বাৰ, এক্সেচ বাৰ ইত্যাদি ইত্যাদি পুৰণি নতুন বিবিধ অবৈজ্ঞানিক নিৰাময় পদ্ধতি আছে। তাৰে কিছুমান নিৰাময় পদ্ধতি ব্যৱহাৰ কৰি এচামে মানুহক চূড়ান্তভাৱে প্ৰৱঞ্চনা আৰু শোষণ কৰি আছে। এই আলোচনাত যদিও বিশেষভাৱে ৰেইকিৰ কথা উল্লেখ কৰা হৈছে, বাকীবোৰ ভুৱা নিৰাময় পদ্ধতিৰ বেলিকাও এই একেখিনি ধাৰাই প্ৰযোজ্য হ’ব। গতিকে দণ্ডবিধিৰ কোনবোৰ ধাৰা বা অংশত এনে ভুৱা নিৰাময় পদ্ধতিৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিষয়ে উল্লেখ আছে, সেয়া জানি থ’লে বিহিত ব্যৱস্থা ল’বলৈ সুবিধা। ভাৰতীয় আইনৰ তেনে কেতবোৰ অংশ হ’ল-
১) ড্ৰাগছ এণ্ড মেজিক ৰেমিডিজ (আপত্তিজনক বিজ্ঞাপন) আইন, ১৯৫৪ (Drugs and magical remedies (objectionable Advertisements) Act, 1954): এই আইনত ৰোগ নিৰাময় কৰা বুলি দাবী কৰা বিজ্ঞাপন বা যাদুকৰী ঔষধ আগবঢ়োৱাৰ বিজ্ঞাপনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উলংঘাকাৰীয়ে জৰিমনা আৰু কাৰাদণ্ডৰ সন্মুখীন হ’ব পাৰে।
২) ভাৰতীয় চিকিৎসা পৰিষদ আইন, ১৯৫৬ (The Indian Medical Council Act, 1956): এই আইনৰ অধীনত চিকিৎসা বিদ্যা চৰ্চা নিয়ন্ত্ৰণ কৰা হয় আৰু অযোগ্য ব্যক্তিক চিকিৎসা চৰ্চা কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয়। চিকিৎসা বৃত্তিৰ অৰ্হতা অবিহনে ৰোগ নিৰাময় কৰা বুলি দাবী কৰাসকলে শাস্তিৰ সন্মুখীন হ’ব পাৰে।
৩) গ্ৰাহক সুৰক্ষা আইন, ২০১৯ (The Consumer Protection Act, 2019): এই আইনে বিকল্প ঔষধৰ সৈতে জড়িত বিজ্ঞাপনকে ধৰি ভুৱা বা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ পৰা গ্ৰাহকক সুৰক্ষা প্ৰদান কৰে। গ্ৰাহকে প্ৰতিকাৰৰ বাবে অভিযোগ দাখিল কৰিব পাৰে।
৪) ভাৰতীয় দণ্ডবিধি, ১৮৬০ (আই পি চি) {The Indian Penal Code, 1860 (IPC)}: ভুৱা দাবী কৰা বা অসত্য চিকিৎসা সেৱা বিক্ৰী কৰাসকলৰ ক্ষেত্ৰত ৪১৭ (প্ৰতাৰণা) আৰু ৪২০ (প্ৰৱঞ্চনা), ধাৰা প্ৰয়োগ কৰিব পাৰে।
৫) ক্লিনিকেল প্ৰতিষ্ঠান (পঞ্জীয়ন আৰু নিয়ন্ত্ৰণ) আইন, ২০১০ (The Clinical Establishments (Registration and Regulation) Act, 2010) : এই আইনে বিকল্প চিকিৎসা কেন্দ্ৰকে ধৰি চিকিৎসা প্ৰতিষ্ঠানসমূহৰ পঞ্জীয়ন আৰু নিয়ন্ত্ৰণৰ নিৰ্দেশ দিয়ে। এই আইনৰ নিয়ম মানি নচলিলে শাস্তিৰ সন্মুখীন হ’ব পাৰে।
৬) ৰাজ্য নিৰ্দিষ্ট আইন (State-specific laws) : ভাৰতৰ কিছু ৰাজ্যত অন্ধবিশ্বাসৰ বিৰুদ্ধে বিশেষভাৱে প্ৰযোজ্য কিছুমান আইন আছে। উদাহৰণ স্বৰূপে মহাৰাষ্ট্ৰত প্ৰচলিত আছে ‘অন্ধবিশ্বাস বিৰোধী আৰু ক’লা যাদুৰ অধ্যাদেশ’ (Anti superstition and black magic ordinance) আইন। উল্লেখযোগ্য যে যুক্তিবাদী নৰেন্দ্ৰ দাভোলকাৰৰ একনিষ্ঠ প্ৰচেষ্টাত গঢ়ি উঠা ‘মহাৰাষ্ট্ৰ অন্ধ শ্ৰদ্ধা নিৰ্মূলন সমিতি’ৰ দাবীত তেওঁৰ মৃত্যুৰ ৪ দিন পাছত গৃহীত হোৱা এই আইনখনৰ সহায়ত সেই ৰাজ্যই বিকল্প ঔষধৰ সৈতে জড়িত অবৈজ্ঞানিক আৰু ভুৱা দাবীক বিশেষভাৱে লক্ষ্য কৰি বিহিত আইনী ব্যৱস্থা ল’ব পাৰে।
৭) অসম নিৰাময় (অশুভ প্ৰথা প্ৰতিৰোধ) আইন, ২০২৪ {The Assam Healing (prevention of evil) Practices Act, 2024}
ৰাজ্য নিৰ্দিষ্ট আইনৰ ভিতৰত কিছুদিন পূৰ্বে অসমত গৃহীত হোৱা এখন আইনৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা প্ৰয়োজন। কাৰণ আইনখন উত্থাপনৰ সময়ত সংসদত হোৱা আলোচনাৰ কিয়দাংশ বিভিন্ন প্ৰচাৰ মাধ্যমত বিয়পি পৰিছিল যদিও আচলতেনো আইনখনত কি আছে সেই বিষয়ে সাধাৰণ নাগৰিক অবগত নহ’ল। বৰং সুনিৰ্দিষ্টভাৱে ৰেইকিকে ধৰি কোনো ভুৱা নিৰাময় ব্যৱসায়ৰ বিষয়ে নাম উল্লেখিত নোহোৱাৰ ফলত আইনখনে এনে ব্যৱস্থাক সম্বোধন কৰা নাই যেন ধাৰণা এটাহে প্ৰচাৰিত হ’ল। সেয়েহে এই বিষয়ে কিছু কথা কোৱাটো জৰুৰী। অসমৰ বিজ্ঞানকৰ্মীসকলক ৰেইকি বা তেনে ধৰণৰ অবৈজ্ঞানিক নিৰাময়ৰ বিৰুদ্ধে আইনী যুঁজ দিবলৈ এই আইনখনেও প্ৰভুত পৰিমাণে সহায় কৰিব।
আইনখনৰ প্ৰস্তাৱনাতে খুব স্পষ্টকৈ সমাজত বৰ্তি থকা অবৈজ্ঞানিক নিৰাময় পদ্ধতিসমূহৰ পৰা জনসাধাৰণ যাতে শোষিত নহয় সেই লক্ষ্যৰ কথা উল্লেখ কৰিছে। প্ৰস্তাৱনাটো এনেধৰণৰ — To bring social awakening in the society and to bring healthy science based knowledge and safe social environment to protect human health against the evil and sinister practices thriving on ignorance and ill health of people to eradicate the non-scientific healing practices with ulterior motives for exploiting the innocent people and thereby destroying the fiber of the public health of the societies for matters connecting there with or incidental thereto.
আইনখনত ‘Evil practices’ ৰ সংজ্ঞাও স্পষ্টকৈ দিয়া হৈছে এনেদৰে – “Evil practices” means commission of any act of healing practices and magic healing by any person, with a sinister motive to exploit common people. ৰেইকি যে তৰ্কাতীতভাৱে এই আওতাৰ ভিতৰত পৰে তাক কোৱা বাহুল্য মাত্ৰ। কাৰণ ব্যৱসায়িক ৰেইকি হিলাৰে মেজিক হিলিঙৰ দাবী কৰি জনসাধাৰণৰ পৰা বুজন পৰিমাণৰ ধন আদায় কৰে। সাধাৰণ মানুহক আভুৱা ভাৰি শোষণ কৰাৰ উদ্দেশ্যৰেই যে ‘মহাজাগতিক প্ৰাণ শক্তি’ নামৰ অবৈজ্ঞানিক ধাৰণা মানুহৰ মাজত প্ৰচাৰ কৰে সেইটো সহজেই অনুমেয়। তেনে কোনো শক্তি প্ৰকৃততে নাই, আৰু থাকিলেও তাক হাতেৰে ধৰি আনি মানুহৰ শৰীৰত সুমুৱাই দিব নোৱাৰে। এই কথা সাধাৰণ বিচাৰ বুদ্ধিৰেই প্ৰতিপন্ন কৰিব পাৰি। কিন্তু এই সম্পূৰ্ণৰূপে ভিত্তিহীন কথাবোৰকেই নানান কৌশলেৰে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি শোষণ চলাই থকা হৈছে।
আইনখনত বিশেষভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে এইকেইটা বিষয়ত –
ক) কিছুমান ৰোগ আৰু স্বাস্থ্যজনিত বিকাৰৰ চিকিৎসাৰ বাবে নিৰাময় পদ্ধতিৰ ওপৰত নিষেধাজ্ঞা – এই আইনৰ বিধান অনুসৰি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে ৰোগ নিৰাময়ৰ বাবে চিকিৎসাৰ ভুৱা ধাৰণা প্ৰচাৰ কৰি কোনো ব্যক্তিৰ শৰীৰৰ কোনো ৰোগ, বিকাৰ, বিষ-কোপ বা বিশেষ কিবা সমস্যাৰ বাবে যাদুকৰী নিৰাময় পদ্ধতি ব্যৱহাৰ কৰিব নোৱাৰিব।
খ) ৰোগ নিৰাময়ৰ বাবে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা – কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ভুৱা দাবীৰ সৈতে যুক্ত বা কোনো বিভ্ৰান্তিকৰ সামগ্ৰীৰ কোনো ধৰণৰ ঔষধ বা প্ৰতিকাৰৰ বিষয়ে বিজ্ঞাপন দিব নোৱাৰিব।
অপৰাধীৰ শাস্তি: কোনো ব্যক্তিয়ে নিজেই বা আন ব্যক্তিৰ জৰিয়তে আইনখনৰ বিধান উলংঘা কৰি এনেধৰণৰ অমানৱীয়, দুষ্ট বা যাদুকৰী নিৰাময়ৰ কোনো কাৰ্য্য কৰিলে বা এনে প্ৰথাৰ প্ৰচাৰ বা প্ৰসাৰ কৰিলে বা যি কোনো ক’লা যাদুৰ কাৰ্য্যত জড়িত হ’লে এই আইনৰ অধীনত তাক অপৰাধ হিচাপে গণ্য কৰা হ’ব আৰু এনে অপৰাধ কৰা ব্যক্তিক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হ’ব। প্ৰথম অপৰাধৰ ক্ষেত্ৰত এবছৰৰ পৰা তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড লগতে পঞ্চাশ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব। পৰৱৰ্তী সময়ত আকৌ দোষী সাব্যস্ত হ’লে পাঁচ বছৰলৈকে কাৰাদণ্ড আৰু এক লাখ টকা জৰিমনা বিহা হ’ব।
আইনী ব্যৱস্থা লোৱাৰ পদ্ধতি: ৰেইকিকে আদি কৰি যিকোনো ভুৱা নিৰাময় ব্যৱস্থাৰ বিৰুদ্ধে ভাৰতীয় আইন ব্যৱস্থাই দিয়া সুবিধাখিনিৰ কথা ওপৰত উনুকিওৱা হৈছে। ইয়াৰ ভিতৰত ‘ড্ৰাগছ এণ্ড মেজিক ৰেমিডিজ (আপত্তিজনক বিজ্ঞাপন) আইন, ১৯৫৪’ ৰ প্ৰয়োগেৰে কেনেকৈ জ্যোতিষী আদিৰ ভুৱা দাবীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা যায়, সেই কথা ভাৰতৰ আন ঠাইৰ যুক্তিবাদী কৰ্মীয়ে, বিশেষকৈ পশ্চিম বংগৰ অগ্ৰণী যুক্তিবাদী প্ৰবীৰ ঘোষে সবিস্তাৰে লিখিছে। এই আলোচনাত সেই আইনৰ লগতে আনকেইখন আলোচিত আইনৰ দ্বাৰা কেনেকৈ ভুৱা নিৰাময়কাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰি সেই কথা উল্লেখ কৰিছোঁ।
ব্যৱস্থা আৰম্ভ কৰিবলৈ প্ৰথমে অভিযোগ দাখিল কৰিব লাগিব। তলৰ যি কোনো এটা ঠাইত অভিযোগ দাখিল কৰিব পাৰে –
১) স্থানীয় থানা
২) ৰাজ্যিক গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগ
৩) ভাৰতীয় চিকিৎসা পৰিষদ (MCI) বা ৰাজ্যিক চিকিৎসা পৰিষদ
অভিযোগ প্ৰমাণিত কৰিব পৰাকৈ যাৱতীয় নথি পত্ৰ সঠিককৈ ৰখাত গুৰুত্ব দিব লাগিব। বিশেষকৈ বিজ্ঞাপনৰ নমুনা, প্ৰচাৰিত ভিডিঅ’ আদিৰ লিংক, ধন দিয়া ৰচিদ, কিবা লিখিত উপদেশ থাকিলে সেইখিনি প্ৰমাণ হিচাপে অতিশয় গুৰুত্বপূৰ্ণ। কাৰণ নিৰ্দিষ্ট পৰিস্থিতি আৰু প্ৰমাণেহে আইনৰ ধাৰাসমূহৰ প্ৰযোজ্যতা নিৰ্ধাৰণ কৰিব। নিৰ্দেশনাৰ বাবে আইনী বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।
যুক্তিবাদী/বিজ্ঞানকৰ্মীৰ দায়িত্ব: সমাজৰ পৰা অন্ধবিশ্বাস আঁতৰাই এখন যুক্তিবাদী সমাজ গঢ়ি তুলিবলৈ চেষ্টা কৰা ব্যক্তি, দল, সংগঠনে আন প্ৰচেষ্টাৰ লগতে আইন ব্যৱস্থাই দিয়া সুবিধা সমূহতো গুৰুত্ব দিব পাৰে। এই কথা অনস্বীকাৰ্য যে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন অবিহনে এনে ভুৱা নিৰাময় পদ্ধতিৰে মানুহক শোষণ কৰাৰ বাটটো সম্পূৰ্ণ ৰূপে ৰোধ কৰিব নোৱাৰি। বিভিন্ন ৰূপত এইবোৰ প্ৰৱঞ্চনাই মানুহক জুৰুলা কৰিয়েই থাকিব। উদাহৰণ স্বৰূপে সাধাৰণ মানুহক মন্ত্ৰ মাতি, জৰা-ফুকা কৰি আৰোগ্য কৰাৰ যিবোৰ পুৰণি পদ্ধতি আছিল সেইবোৰকে সজাই পৰাই আধুনিক মানুহৰ বিশ্বাসযোগ্য কৰিবৰ বাবে বিজ্ঞানৰ প্ৰতিশব্দ দুটামান লগাই ৰেইকি, এক্সেচ বাৰ আদি নতুন নতুন ভুৱা নিৰাময় পদ্ধতি বজাৰত বিক্ৰী কৰিয়েই আছে। মানুহ প্ৰৱঞ্চিত হৈয়েই আছে। গতিকে এই পৰিৱেশ পৰিস্থিতিৰ পৰা কেনেকৈ চিৰতৰ মানৱ মুক্তি সম্ভৱ কৰি তুলিব পৰা যায় তাৰ দীৰ্ঘম্যাদী পৰিকল্পনা আৰু কাৰ্যপন্থা হাতত লোৱাটো যুক্তিবাদী বিজ্ঞানকৰ্মীৰ একান্ত কৰ্তব্য। তাৰ লগতে হ্ৰস্বম্যাদী কাৰ্যপন্থাৰ অংশ ৰূপে আইনে দিয়া এই সুবিধাখিনি গ্ৰহণ কৰি ৰেইকি হিলাৰ বা তেনে সমস্ত ভুৱা নিৰাময়কাৰীৰ পৰা শোষিত, প্ৰৱঞ্চিতসকলক উদ্ধাৰ কৰাৰ অভিযান চলাব পৰা যায়।
ভুৱা নিৰাময় পদ্ধতিৰ ব্যৱসায়ী সকলেই কেৱল নহয় তাৰ প্ৰচাৰকসকলো আইনৰ দৃষ্টিত সমানেই অপৰাধী। এইবোৰৰ বিষয়ে প্ৰচাৰ কৰা লিখক, মিডিয়া, ইউ টিউবাৰ, পডকাষ্টাৰ বা আন সকলো ডিজিটেল ক্ৰিয়েটৰৰ ওপৰতো বিহিত ব্যৱস্থা ল’বলৈ যুক্তিবাদী কৰ্মীসকল আগবাঢ়ি আহিব লাগে।
যুক্তিবাদী কৰ্মীসকলে সংগঠিতভাৱে আইনী যুঁজ দিলে এনে প্ৰৱঞ্চক ভুৱা নিৰাময়কাৰীসকলক শাস্তি দিয়াটো বিশেষ কঠিন কাম নহয়। তাৰ দ্বাৰা জনসাধাৰণৰ মাজত এক সজাগতাৰো সৃষ্টি হ’ব। মনত ৰাখিব লাগিব ভাৰতত এসময়ত প্ৰচলিত ঘৃণনীয় সতীদাহ প্ৰথা নিৰ্মূলত আইনৰ এক ডাঙৰ ভূমিকা আছিল। বৰ্তমান প্ৰচলিত ৰেইকি আদি ভুৱা নিৰাময় পদ্ধতিক আইনৰ দ্বাৰা সম্পূৰ্ণ নিৰ্মূল কৰা সম্ভৱ নহ’লেও, গাঁৱে নগৰে চলাই থকা তাৰ অবাধ লুণ্ঠন নিশ্চয়কৈ কমাব পৰা যাব। লাগে মাথো কৰ্মীসকলৰ সদিচ্ছা আৰু সক্ৰিয়তা।