কেন্দ্ৰীয় নিবন্ধনিবন্ধ

ৰেইকি: ‘মহাজাগতিক প্ৰাণশক্তি’ক হাতেৰে ধৰি অনাৰ অলৌকিক সাধুটো-(বৰ্ণালী বৰুৱা দাস)

১) আপোনাৰ কোনোবা আত্মীয় দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ দুৱাৰদলিত ৰৈ আছে নেকি? দেশ-বিদেশৰ বহু চিকিৎসকে আশা এৰি দিবলৈ কৈছে নেকি? – চিন্তা নকৰিব‌। আপোনাৰ চহৰৰ চুকে কোনে গঢ়ি উঠা ৰেইকি হিলিং চেণ্টাৰ এটাত অকণমান সময় শুই বা বহি দিয়ক‌। ৰেইকি মাষ্টাৰে কোনো দৰব-জাতি নিদিয়াকৈ হাতখনৰ কেৰামতিতে আপোনাৰ আত্মীয়ৰ দূৰাৰোগ্য ৰোগ দূৰ কৰি দিব‌। লাগিলে তাৰ পাছত শৰীৰ স্কেন কৰক‌। দেখিব আগৰ যিবোৰ সমস্যা যন্ত্ৰ-পাতিয়ে ধৰা পেলাইছিল সেইবোৰ আৰু যন্ত্ৰইও বিচাৰি নোপোৱা হ’ল‌।

২) বিশেষ কামত ক’ৰবালৈ যাবলৈ ওলাইছে? আকাশখন ক’লা কৰি আনিছে, এই ধুমুহা আহেই আৰু! চিন্তা নকৰিব‌। ৰেইকি প্ৰশিক্ষণত শিকোৱা এঞ্জেল প্ৰাৰ্থনা কৰক (Angel pray) দেখিব এক দুই মিনিটৰ ভিতৰত বতৰ ফৰকাল হৈ পৰিছে‌।

৩) মূৰৰ চুলি কমিছে নেকি? ৰেইকি প্ৰশিক্ষণত শিকোৱা Angel Number ব্যৱহাৰ কৰক‌। চুলি গজিবলৈ আৰম্ভ কৰিব‌। সকলোৱে আপোনাক সুধিবলৈ বাধ্য হ’ব, ‘চুলিত কি লগাইছা?’

৪) কিবা কামত ওলাই যোৱাৰ আগতে তিনি মিনিট ৰেইকি স্মৰণ কৰক‌। দেখিব গাড়ী আপুনি ঠিকে-ঠাকে পাইছে, ভাল চীট পাইছে, বেংকত দীঘলীয়া শাৰী পাতিব লগা হোৱা নাই ইত্যাদি ইত্যাদি‌।

৫) আপুনি এগৰাকী চেলিব্ৰেটি শিল্পী‌। মুম্বাইত থাকে‌। কলকাতাত পাৰ্ফৰমেঞ্চ আছে‌। আপুনি মুম্বাইৰ পৰাই ক’লকাতাৰ মঞ্চ, প্ৰেক্ষাগৃহ আদিলৈ ৰেইকি প্ৰেৰণ কৰক‌। দেখিব আপোনাৰ পৰিবেশন দৰ্শকে খুব ভাল পাইছে‌।

৬) ট্ৰেফিক জামত আৱদ্ধ হৈ আছে? এক মিনিটমান ৰেইকি দি দিয়ক‌। ৰাষ্টা খালি হৈ পৰিব‌।

কথাবোৰ মই মনে সাজি কোৱা যেন লাগিছে নেকি? নহয়!  আচলতে কথাবোৰ মই কোৱা নাই‌। এনেকুৱা অলেখ অযুত অবৈজ্ঞানিক কথাৰে কাকত-আলোচনীৰ পাত, ইণ্টাৰনেটৰ চাইট, ইউ টিউবৰ চেনেল, ছ’চিয়েল মিডিয়া ভৰি আছে‌। তাৰে মাত্ৰ দুটামানহে মই ইয়াত উল্লেখ কৰিছোঁ। ইয়াৰ ৫ আৰু ৬ নম্বৰৰ কথাকেইটা হেমা মালিনীয়ে কোৱা ( https://youtu.be/1c2pV9Dq54Y ) আৰু ১, ২, ৩, ৪ এই আটাইকেইটা আৰু বহু বহু চমৎকাৰ কথা বিৰাজ কৰিছে ৰেইকি টেকনিক ডট কম https://reikitechnique.com/reiki-workshop/ নামৰ চাইট এটাত‌। অসমীয়া বানান আৰু বাক্য গাঁঠনিৰ অপূৰ্ব সমাহাৰসহ তাত আৰু বহুতো এনেকুৱা কথা নিজৰ অভিজ্ঞতা বুলি প্ৰকাশ কৰিছে কেইগৰাকীমান ৰেইকিপ্ৰাপ্তই‌। আৰু সেইখিনি সন্নিৱিষ্ট হৈছে “What people are says..” ( https://reikitechnique.com/reiki-workshop/ ) শীৰ্ষক এটি শিৰোনামৰ ভিতৰত‌। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাৰে এই শোচনীয় অৱস্থাৰ পৰা চাইটটোক ৰেইকিয়ে উদ্ধাৰ কৰিব নোৱাৰিলেও ৰেইকিপ্ৰাপ্তসকলক কিন্তু উদ্ধাৰ কৰিছে! দৈহিক, মানসিক, সামাজিক আদি ক্ষেত্ৰৰ অনেক শোচনীয় অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ দাবী তাতেই কৰা হৈছে‌।

ৰেইকি নো কি?

দাবী অনুসৰি ৰেইকি হৈছে এটা জাপানী চিকিৎসা পদ্ধতি‌। এই চিকিৎসা পদ্ধতিত শূন্যৰ পৰা শক্তি আহৰণ কৰি ৰোগীলৈ প্ৰবাহিত কৰা হয় যাৰ নাম ৰেইকিয়ে দিছে ‘মহাজাগতিক প্ৰাণশক্তি’ (Universal life force energy)‌। দাবী মতে, ৰেইকি অনুশীলনকাৰীয়ে হাতৰ তলুৱাৰ দ্বাৰা ৰোগীৰ নিৰ্দিষ্ট ৰোগাক্ৰান্ত অংশলৈ এই ‘মহাজাগতিক প্ৰাণ শক্তি’ সঞ্চাৰিত কৰি ৰোগ নিৰ্মূল কৰে‌। লগতে কোৱা হয় যে মানৱ শৰীৰত সাতটা মুখ্য শক্তিকেন্দ্ৰ বা চক্ৰ থাকে যিকেইটা কোনো নহয় কোনো গ্ৰন্থিৰ লগত সংলগ্ন‌। সেই চক্ৰ বা কেন্দ্ৰবোৰৰ মাজেদিয়েই মহাজাগতিক শক্তি দেহলৈ প্ৰবাহিত হয়‌। কিবা কাৰণত এই প্ৰবাহ বন্ধ হ’লেই হেনো মানুহৰ বেমাৰ হয়‌। গতিকে ৰেইকি হিলাৰে সেই বন্ধ বাট মুকলি কৰি নিজৰ হাতেৰেই মহাজাগতিক শক্তি সুমুৱাই দিয়ে‌।

বিজ্ঞানে কি কয়?

বিজ্ঞানে মানুহৰ দেহৰ নিৰ্দিষ্ট কেন্দ্ৰৰে ভিতৰলৈ সোমোৱা এনে কোনো ‘মহাজাগতিক প্ৰাণশক্তি’ নামৰ শক্তিৰ কথা স্বীকাৰ নকৰে‌। মানুহক জীয়াই থাকিবলৈ তথা কাম কৰিবলৈ শক্তি লাগে‌। সেই শক্তি এইদৰে মহাজগতৰ পৰা টানি আনিব নোৱাৰি‌। খোৱা খাদ্যৰ দ্বাৰা শৰীৰৰ ভিতৰতেই জটিল ৰাসায়নিক প্ৰক্ৰিয়াত শক্তি উৎপন্ন হয়‌। মহাজগতৰ পৰা অতি বেঙুনীয়া ৰশ্মি, তড়িৎ চুম্বকীয় বিকিৰণ ইত্যাদিহে পৃথিবীলৈ আহে‌। সেইবোৰৰ এই ‘মহাজাগতিক প্ৰাণশক্তি’ৰ লগত কোনো কাৰবাৰ নাই‌। সেইবোৰ মানুহ গৰু, কুকুৰ, মেকুৰী, ৰাষ্টা, পদূলি, শিল, ইটা সকলোতে সমানে পৰিব বা সোমাব‌। সোমাবলৈ মানুহৰ দেহৰ চক্ৰ বিচাৰি নুফুৰে‌। আনহাতে কিবাকৈ ধৰি আনি অতি বেঙুনীয়া ৰশ্মিক মানুহৰ দেহলৈ ধাৰাসাৰে সুমুৱাই দিবলৈ হ’লে তাৰ ফল কি হ’ব তাক বোধহয় বেলেগে ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই। শৰীৰ বিজ্ঞানতো এনেকুৱা দেহৰ সাতটা শক্তিকেন্দ্ৰৰ অস্তিত্ব নাই‌। সমগ্ৰ শৰীৰ জুৰি আছে অসংখ্য কোষ আৰু তাৰেই মাজত আছে শক্তিৰ ভঁড়াল ৰূপী মাইট’কণ্ড্ৰিয়াবোৰ‌। ইহে আমি খাদ্যৰ পৰা পোৱা শক্তিক কোষে ব্যৱহাৰ কৰিব পৰা শক্তিলৈ ৰূপান্তৰিত কৰে‌। বিজ্ঞানৰ ভাষাত এয়াই হৈছে মানৱ শৰীৰত শক্তিৰ মূল কথা‌।

বিজ্ঞানৰ ভাষাৰে সজোৱা অন্ধবিশ্বাস:

খুব স্পষ্ট ভাষাত ৰেইকি এক অন্ধবিশ্বাস‌। ইয়াক মানুহৰ মাজত গ্ৰহণযোগ্য কৰিবৰ বাবে কেতবোৰ বিজ্ঞান বিজ্ঞান লগা শব্দৰে সজাই পৰাই ব্যাখ্যা কৰা হয়‌। এনেকৈ অবৈজ্ঞানিক কথাত বিজ্ঞানৰ প্ৰতিশব্দ ব্যৱহাৰ কৰি ব্যাখ্যা কৰিলে তাক ছদ্মবিজ্ঞান (Pseudo Science) বোলা হয়‌। এইখিনিতে এটা বৰ আমোদজনক তথ্য দিব খুজিছোঁ‌। কভিডকালীন সময়ৰ পৰা হঠাৎ উত্থান হৈ বৰ্তমান অসমৰ চুকে-কোণে বহুলভাৱে শিপাবলৈ লোৱা এটা ৰেইকি প্ৰতিষ্ঠান আছে‌। প্ৰতিষ্ঠানটোৰ নিজা ৱেবচাইট এটাও আছে‌। চাইটটোত ৰেইকি যে এক ছদ্মবিজ্ঞান সেইটো নিজেই ঘোষণা কৰি থৈ দিছে‌। ঘোষণাটো আৰম্ভ হৈছে এনেকৈ – “Reiki is a pseudoscience as per scholarly texts…..”‌ (সংলগ্ন স্ক্ৰীণশ্বটটো দ্ৰষ্টব্য)‌। খুব সম্ভৱ উইকিপেডিয়াৰ পৰা ৰেইকিৰ বিষয়ে এটুকুৰা তুলি অনাৰ ফলতেই এই কাণ্ড ঘটে‌। উইকিপেডিয়াত খুব স্পষ্টকৈ আছিল যে ৰেইকি হৈছে এক ছদ্মবিজ্ঞান, আৰু ইয়াক পণ্ডিতসকলৰ লিখাত আৰু বিদ্যায়তনিক আলোচনীৰ প্ৰবন্ধত ছদ্মবিজ্ঞানৰ এটা দৃষ্টান্তমূলক উদাহৰণ হিচাপে ব্যৱহাৰ কৰা হয় (Reiki is a pseudoscience, and is used as an illustrative example of pseudoscience in scholarly texts and academic journal articles.) চাইট নিৰ্মাণ কৰাগৰাকীয়ে বোধহয় ৰেইকিৰ শুভ্ৰজ্যোতিৰ প্ৰভাৱত  pseudoscience শব্দটোকো ইতিবাচকভাৱে কিবা এটা ডাঙৰ বিজ্ঞান বুলিয়েই বুজি ল‌’লে‌! নিজেই ইয়াক ছদ্মবিজ্ঞান বুলি ঘোষণা কৰাৰ পাছত আচলতে ক’বলৈ একো নাথাকেই‌। পিছে ৰেইকিৰ ‘গুৰু-মা’, ‘গুৰু-দেউতা’সকলেই ছদ্মবিজ্ঞানৰ অৰ্থ নাজানিলেও ব্যৱসায়ীক জ্ঞানেৰে বিজ্ঞানৰ প্ৰলেপ সানি আকৰ্ষণীয়ভাৱে প্ৰচাৰ কৰাত সফল হৈছে‌। ফলত জাকে জাকে মানুহে নিজৰ জ্ঞান-বুদ্ধি দূৰলৈ দলিয়াই ৰেইকিৰ দীক্ষা ল’বলৈ ধাপলি মেলিছে‌।

অসমৰ ৰেইকি চাইট এটাত ৰেইকি এটা ছদ্মবিজ্ঞান বুলি নিজেই কৰা ঘোষণা

ৰেইকিৰ ইতিহাস

ৰেইকিক যদি এটা স্পৰ্শ চিকিৎসা বুলি কোৱা হয়, তেন্তে ইতিহাস বিচাৰি গ’লে দেখা যায় যে মানুহক স্পৰ্শ কৰিয়েই আৰোগ্য কৰাৰ কথা বিভিন্ন ধৰ্মীয় উৎসক সংলগ্ন কৰিও প্ৰচাৰিত হৈ আহিছে‌। বুদ্ধদেৱ, যীশুখ্ৰীষ্ট ইত্যাদিৰ কথা কোৱা হয়, বশিষ্ঠ মুনি আদিৰ উল্লেখো কৰা হয়‌। ৰেইকি প্ৰচাৰকসকলৰ মতে এই প্ৰাচীন স্পৰ্শ চিকিৎসাকেই পাছত জাপানৰ মিকাও উশুইয়ে পুনৰোদ্ধাৰ কৰে‌। তেওঁ হেনো ২১ দিনৰ কঠোৰ সাধনাৰ পাছত এই বিদ্যা লাভ কৰে‌। তাৰপাছত তেওঁ অজস্ৰ শিষ্যক এই বিদ্যা শিকায় আৰু ই দেশে-বিদেশে বিয়পি পৰে‌।

এই কথা সত্য যে আদিম অৱস্থাৰ পৰাই মানুহে ৰোগ-ব্যাধিৰ পৰা মুক্তি পাবলৈ বিভিন্ন উপায় অৱলম্বন কৰিছিল‌। তাৰে কিছুমান পদ্ধতি অভিজ্ঞতালব্ধ জ্ঞানৰ ভিত্তিত গঢ়ি উঠিছিল, যিবোৰৰ কাৰ্যকাৰিতা সেইসময়ৰ পৰিপ্ৰেক্ষিতত উল্লেখনীয়ই আছিল‌। পৰৱৰ্তী সময়ত সেইবোৰৰ আঁৰত থকা বৈজ্ঞানিক কাৰণো অধ্যয়ন কৰা হৈছে‌। এই অধ্যয়নৰ দ্বাৰা বিজ্ঞানসন্মতবোৰ গ্ৰহণ কৰি বিকাশ ঘটোৱা হৈছে আৰু অবৈজ্ঞানিকবোৰক বিজ্ঞানে পৰিত্যাগ কৰিছে‌। কিন্তু মানুহৰ মন বৰ আচৰিত‌। বিজ্ঞানৰ চূড়ান্ত অগ্ৰগতিৰ পাছতো মনবোৰত বিজ্ঞানৰ পোহৰ নপৰাকৈ মনৰ দুৱাৰ-খিৰিকিবোৰ নিকপকপীয়াকৈ বন্ধ কৰি থ’বলৈ মানুহে ভাল পায়। সেয়েহে এনেবোৰ পদ্ধতিৰ ব্যৱসায় কৰি এচামৰ মুনাফা অৰ্জনৰ কাম চলি থাকে‌।

এমিলিৰ পৰীক্ষা:

এজনী ৯ বছৰীয়া ছোৱালী‌। নাম এমিলি ৰজা (Emily Rosa)‌। তাই এদিন হঠাৎ এটা ভিডিঅ’ দেখিলে‌। ভিডিঅ’টোত স্পৰ্শ চিকিৎসাৰ (TT— Therapeutic Touch) বিষয়ে দেখুওৱা হৈছিল‌। তাত দাবী কৰা হৈছিল যে সকলো মানুহৰে এক নিজস্ব শক্তি ক্ষেত্ৰ থাকে (HEF— Human Energy Field)‌। সেই শক্তি ক্ষেত্ৰখন অনুশীলনকাৰীয়ে অৰ্থাৎ ৰেইকি হিলাৰে অনুভৱ কৰিব পাৰে আৰু তাক নিজৰ  হাতৰ স্পৰ্শৰে নিয়ন্ত্ৰিত কৰি ৰোগ আৰোগ্য কৰিব পাৰে‌। হিলাৰসকলে বৰ নিশ্চিতভাৱেই মন্তব্য দিছিল যে তেওঁলোকে মানুহৰ শক্তি ক্ষেত্ৰখনৰ উষ্ণতাৰ উমান পায় আৰু তাৰ জেলি সদৃশ স্পৰ্শও অনুভৱ কৰে‌। তেওঁলোকৰ এই আত্মবিশ্বাসত এমিলি প্ৰথমে অতিশয় আপ্লুত হয়‌। শক্তি ক্ষেত্ৰখন কেনেকৈনো তেওঁলোকে অনুভৱ কৰে তাকে পৰীক্ষা কৰিবলৈ এমিলিয়ে মন মেলিলে‌।  তাৰ বাবে এমিলিয়ে এটি অতি সৰল কিন্তু অব্যৰ্থ পৰীক্ষা পদ্ধতি অৱলম্বন কৰিলে‌। কাৰ্ডব’ৰ্ড এখনৰ ইপাৰে হিলাৰগৰাকীক বহিবলৈ দি হাতকেইখন ফটোত দেখুওৱাৰ দৰে তলফালেৰে পাৰ কৰি দিবলৈ দিলে‌। তাৰ পাছত এমিলিয়ে তেওঁৰ নিজৰ হাতখন হিলাৰৰ এখন হাতৰ কিছু ওপৰত (স্পৰ্শ নকৰাকৈ) ৰাখি কোনখন হাতৰ ওপৰত শক্তিক্ষেত্ৰ অনুভৱ কৰিছে প্ৰশ্ন কৰি গ’ল‌। সোঁহাতৰ ওপৰত নে বাওঁহাতৰ ওপৰত‌। এইদৰে ৫, ৬ জন হিলাৰৰ ওপৰত পৰীক্ষা কৰি দেখা যায় যে তেওঁলোকৰ অধিক সংখ্যক উত্তৰেই ভুল‌। প্ৰাৰম্ভিক পৰ্যায়ৰ এই পৰীক্ষাটো পাছত আৰু অধিক প্ৰণালীৱদ্ধভাৱে অধিক সংখ্যক ৰেইকি হিলাৰক লৈ কৰা হয়‌। নক’লেও হ’ব যে এইবাৰো বিজ্ঞানৰ পৰীক্ষাত হিলাৰসকল অনুৰ্ত্তীৰ্ণ হয় আৰু ‘মানুহৰ শক্তি ক্ষেত্ৰ’, ‘স্পৰ্শ চিকিৎসা’ আদিবোৰ যে আভুৱা ভৰা কথা সেইটো প্ৰমাণিত হয়‌। এই যে পাছৰবাৰ বহলকৈ পৰীক্ষাটো কৰা হ’ল, সেইটো কৰা হয় ‘চাইণ্টিফিক আমেৰিকান ফ্ৰণ্টিয়াৰ’ৰ অনুৰোধত আৰু সমগ্ৰ ঘটনাটো ভিডিঅ’ কেমেৰাত বন্দীও কৰা হয়‌। পাছত এই পৰীক্ষাৰ ফলাফল চিকিৎসা বিজ্ঞানৰ এখন সন্মানজনক গৱেষণা পত্ৰিকাত‌ প্ৰকাশ হ’ল‌। পত্ৰিকাখনৰ নাম জাৰ্নেল অৱ দা আমেৰিকান মেডিকেল এছ’চিয়েচন (Journal of the American Medical Association) (আগ্ৰহীসকলে এইটো লিংকৰ পৰা ডাউনল’ড কৰি উক্ত গৱেষণা পত্ৰখন পঢ়িব পাৰিব‌। https://jamanetwork.com/journals/jama/fullarticle/187390 )‌। এমিলিক গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে বৈজ্ঞানিক গৱেষণা পত্ৰিকা প্ৰকাশ কৰা সকলোতকৈ কম বয়সীয়া বিজ্ঞানী হিচাপে স্বীকৃতিও দিয়ে‌।

এমিলি ৰ’জাই স্পৰ্শ চিকিৎসকৰ ওপৰত কৰা পৰীক্ষা

ৰেইকিৰ দৰে স্পৰ্শ চিকিৎসাৰ ভিত্তিহীনতা তথা অযৌক্তিকতাক ইমান সুন্দৰকৈ এগৰাকী কিশোৰীয়ে প্ৰমাণ কৰি দেখুওৱাৰ পাছতো কিন্তু ইয়ালৈ অন্ধবিশ্বাসীৰ স্ৰোত বৈয়েই আছে। ৰেইকী ব্যৱসায়ীৰ প্ৰচাৰৰ চমকত ভোল যোৱাৰ বাবেই হওক বা প্ৰচণ্ড আৰ্থ-সামাজিক সংকটৰ ফলত পানীত পৰা মানুহে খেৰকূটাক সম্বল কৰাৰ বাবেই হওক ৰেইকি ব্যৱসায়ীৰ জালত নিতৌ মানুহে ভৰি দিয়েই আছে‌।

ৰেইকিয়ে কিয় ভাল কৰে?

বহুত মানুহেই দাবী কৰে যে ৰেইকীয়ে ৰোগ আৰোগ্য কৰে‌। তেওঁলোকে হয়তো নিজেই তাৰ প্ৰমাণ পাইছে বা আনৰ ভাল হোৱা প্ৰত্যক্ষ কৰিছে‌। গতিকে এই দাবীবোৰৰ বিষয়েও কিছু আলোকপাত কৰা দৰকাৰ‌। ৰেইকিয়ে ৰোগ ভাল কৰাৰ আঁৰত থকা কাৰণবোৰ আমি তলত দিয়াৰ দৰে যথাক্ৰমে ব্যাখ্যা কৰিব পাৰোঁ-

১) স্পৰ্শ সুখ:  মানুহৰ শৰীৰত স্পৰ্শৰ জানো একেবাৰে প্ৰভাৱ নাই? ৰোগত পৰি থকা মানুহ এজনৰ প্ৰতি সহানুভূতি জনাবলৈকে বহু সময়ত কপাল, মুখমণ্ডল, হাত-ভৰি আদিত হাত ফুৰাই দিয়া কামটো বহুতেই কৰে‌। ৰোগীয়েও এনে মৰমৰ স্পৰ্শত সুখ পায়‌। পিতৃ-মাতৃৰ মমতাময় স্পৰ্শই সন্তানক মনোবল দিয়ে‌। প্ৰিয়জনৰ পৰম আকাংক্ষিত স্পৰ্শইতো সৰু-সুৰা ৰোগৰ ক্ষেত্ৰত বহুখিনি যন্ত্ৰণা নিমিষতে নোহোৱা কৰিব পাৰে‌। মূৰৰ কামোৰণিত অলপ মালিচ কৰাই উপশম নিবিচৰা মানুহ খুব কমেই ওলাব‌। এইবোৰৰ বৈজ্ঞানিক ভিত্তি আছে‌। স্পৰ্শৰ দ্বাৰা ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ ফলত বা স্নায়ুপ্ৰান্তবোৰত মৃদু বা উষ্ণ উত্তেজনা সঞ্চালনৰ ফলত কিছু ক্ষেত্ৰত কিছু সুফল লাভ কৰিব পাৰে‌। ৰেইকি হিলাৰৰ স্পৰ্শতো কেতিয়াবা কোনো ৰোগীয়ে, বিশেষকৈ মানসিকভাৱে দূৰ্বল ৰোগীয়ে কিছু সকাহ পাব পৰে‌। এইটো এটা তেনেই সাধাৰণ পৰিঘটনা‌। পিছে ৰেইকিয়ে ইয়াক সাধাৰণ স্পৰ্শ বুলি নকয়‌। তেওঁলোকে সেই স্পৰ্শত ‘উৰ্জা’, ‘মহাজাগতিক প্ৰাণশক্তি’, ‘সপ্ত চক্ৰ’ আদি বিজ্ঞানৰ সুগন্ধি সনা অবৈজ্ঞানিক শব্দৰ সংযোগেৰে ৰোগ আৰোগ্যৰ নামত অন্ধবিশ্বাসৰ বেহানি মেলে‌।

২) এজেণ্টৰ অভিনয়: যুক্তিবাদী আব্ৰাহাম কভূৰ, প্ৰবীৰ ঘোষ আদি ব্যক্তিয়ে অলৌকিক চিকিৎসাৰে যাদুৰ দৰে কাম কৰা বহুতো ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিছে‌। এনেকুৱা বহু ধাপ্পাবাজী ধৰা পৰিছে য’ত কোনোবা বাবা, সাধু আদিৰ নিজৰে এজেণ্টে খোজ কাঢ়িব নোৱৰা, কথা ক’ব নোৱৰা, অন্ধ ইত্যাদিৰ অভিনয় কৰি আহি থিতাতে বাবা বা সাধুজনৰ স্পৰ্শত বা দৰ্শনত দৃষ্টি শক্তি, বাক শক্তি লাভ কৰে বা খোজ কাঢ়িব পৰা হয়‌। এজেণ্টৰ এই অভিনয়ত তালৈ অহা আনসকল ৰোগী ভোল যায় আৰু সেই ঘটনা দুগুণ উৎসাহেৰে প্ৰচাৰ কৰে‌। নিজ চকুৰে দেখা ঘটনাত আৰু সন্দেহ থাকেনে? ঠিক এই ঘটনাটো ৰেইকি ব্যৱসায়ীয়েও কৰাৰ সম্ভাৱনা আছে‌। বৰ্তমান মানুহৰ হাতে হাতে থকা ম’বাইল কেমেৰাৰ জহত এনেধৰণৰ নাটকবোৰ সঁচা বুলি অতি দ্ৰুত গতিত প্ৰচাৰ হয়‌। ৰেইকি ব্যৱসায়ীৰ দ্বাৰা প্ৰচাৰিত এনে ঘটনাৰ ৰহস্য উদ্ঘাটন কৰি জন মানসত প্ৰচাৰ কৰাটো বিজ্ঞানকৰ্মীৰ দায়িত্ব‌।

৩) দ্বৈত চিকিৎসা: ৰেইকিয়ে ভাল কৰা বুলি দাবী কৰা বহু ৰোগীৰ ক্ষেত্ৰতে দেখা যায় তেওঁলোকে ৰেইকি কৰাৰ সমসাময়িকভাৱে ডাক্তৰী চিকিৎসাও চলাই থাকে‌। চিকিৎসা বিজ্ঞানত কিছুমান ৰোগৰ আৰোগ্যৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়‌। দেখা যায় যে এই দীঘলীয়া সময়চোৱাত এফালে ঔষধো খাই থাকে আনফালে ৰেইকিও কৰি থাকে‌। ফলত ডাক্তৰী ঔষধে ভাল কৰিলেও প্ৰচাৰটো কৰে ৰেইকিৰ‌। আনকি চিকিৎসালয়ত ভৰ্তি হৈ থকা ৰোগীকো কোনোবা ৰেইকি হিলাৰে শতযোজন দূৰৈৰ পৰা ৰেইকি দিয়াৰ ফলতহে সুস্থ হ’ল বুলি দাবী কৰা হয়‌। চিকিৎসালয়ত দিনে নিশাই ডাক্তৰ-নাৰ্চৰ নিৰৱচ্ছিন্ন তত্বাৱধানৰ কথা সেই সময়ত প্ৰায়েই প্ৰচাৰ নহয়।

৪) প্লেচিব’ প্ৰভাৱ: মানুহৰ শৰীৰ আৰু মনৰ এক আন্ত:সম্পৰ্ক আছে‌। বহু ৰোগ আৰোগ্যৰ ক্ষেত্ৰত মনৰ বিশ্বাসৰো এক ভূমিকা থাকে‌। ‘এই দৰবটো খালে মোৰ বেমাৰ ভাল হ’ব’ – এই বিশ্বাসটোৱে কেতিয়াবা আৰোগ্যৰ হাৰ দ্ৰুততৰ কৰিব পাৰে‌। চিকিৎসা বিজ্ঞানত ইয়াক প্লেচিব’ প্ৰভাৱ বোলে‌। চিকিৎসকে কিছুমান ৰোগীৰ ক্ষেত্ৰত এনে প্লেচিব’ ঔষধ ব্যৱহাৰ কৰে‌। ৰেইকিৰো কেতিয়াবা কিছুমানৰ ওপৰত এই প্লেচিব’ প্ৰভাৱ পৰিব পাৰে‌।

৫) মনৰ অসুখত সুখ: জনা-শুনা মানসিক ৰোগবোৰৰ উপৰি মানুহৰ এনে কিছুমান ৰোগো থাকে যাৰ আদি উৎসটো মানসিক, কিন্তু প্ৰকাশটো হয় শাৰীৰিক‌। হঠাতে পোৱা প্ৰচণ্ড মানসিক আঘাটে হৃৎ-ক্ৰিয়া স্তব্ধ কৰাৰ কথা আমি শুনি থাকোঁ‌। সন্দেহ নাই তাৰ বাবে দীৰ্ঘদিনীয়া শৰীৰ বিত্তিয় কাৰকো থাকিব পাৰে‌। তথাপি মানসিক আঘাতটো এই ক্ষেত্ৰত তাৎক্ষণিক কাৰক হৈ পৰে‌। আকৌ দীৰ্ঘদিনীয়া বিষণ্নতা, অবদমিত হতাশা, পেৰানয়া, হিষ্টিৰিয়া আদি মানসিক ৰোগৰ ফলত বিভিন্ন শাৰীৰিক বিসংগতিয়ে দেখা দিয়ে‌। সেই শাৰীৰিক বিসংগতিক দূৰ কৰিবলৈ মনোৰোগৰ চিকিৎসাৰ প্ৰয়োজন হয়‌। যিখন সমাজত কুসংস্কাৰৰ প্ৰকোপ বেছি সেইখন সমাজত নিউৰটিক ৰোগৰ প্ৰকোপো বেছি‌। আমাৰ দৰে ধৰ্মৰ প্ৰবল প্ৰভাৱ থকা সমাজত স্বাভাৱিকতেই মানুহৰ মনবোৰ ধৰ্ম বিশ্বাসে অযৌক্তিক, বিজ্ঞানবিমুখ আৰু অদৃষ্টবাদী কৰি তোলে‌। এনেকুৱা মনবোৰ মানসিক ৰোগ অংকুৰণৰ উৰ্বৰ ক্ষেত্ৰ‌।

অন্ধবিশ্বাসৰ পৰা উদ্ভূত ৰোগবোৰৰ ক্ষেত্ৰত ৰেইকি, জৰা-ফুকা, তাবিজ-মাদুলি আদি যি-কোনো ভুৱা তথা অন্ধবিশ্বাসী চিকিৎসাই কাম দিব পাৰে‌। কথাটো এটা উদাহৰণৰ দ্বাৰা বুজাত সহজ হ’ব‌। আমাৰ সমাজত এক বিশ্বাস প্ৰচলিত আছে যে আন্ধাৰ ৰাতি দীঘল চুলি মেলি বাহিৰলৈ গ’লে যখিনীয়ে পায়‌। এই বিশ্বাসটো যিসকলে আজন্ম শুনি থাকে, মাক-দেউতাক, ককাক-আইতাকে যাক সৰুৰে পৰা তেনেকৈ ওলাবলৈ মানা কৰে, তেওঁলোকৰ মগজুত সেই কথাটো গভীৰভাৱে প্ৰোথিত হৈ পৰে‌। কেতিয়াবা অজানিতে যদি তেনেকৈ ওলাই যায়, পাছত সেই কথা ভাবি শংকিত হৈ পৰে‌। আকৌ যখিনী লম্ভা মানুহে কেনেকুৱা আচৰণ কৰে, সেইবোৰো যিহেতু তেওঁ ইতিমধ্যে শুনিছিল আৰু মগজুত সেইবোৰো সংৰক্ষিত হৈ আছিল তেওঁ নিজে ক’ব নোৱৰাকৈয়ে মগজুৱে যখিনী লম্ভাৰ দৰে আচৰণ কৰিবলৈ শৰীৰলৈ নিৰ্দেশ পঠায়‌। ফলত সকলোৱে দেখে যে তেওঁৰ গাত যখিনী লম্ভিছে‌। তেওঁৰ মগজুত এই কথাও সংৰক্ষিত হৈ থাকে যে বেজে জাৰিলে শৰীৰত লম্ভা যখিনী ওলাই যায়‌। ফলত এনে ৰোগীৰ ক্ষেত্ৰত বেজে জাৰিলে মগজুৰ নিৰ্দেশতে স্বাভাৱিক অৱস্থালৈ আহিব পাৰে‌। মগজুৰ দ্বাৰা প্ৰেৰিত বাৰ্তাই শৰীৰত প্ৰভাৱ পেলোৱা এই প্ৰক্ৰিয়াটোক স্ব-নিৰ্দেশ বা অট’ চাজেচন (Auto suggestion) বোলা হয়‌। এনে অট’ চাজেচনৰ কেতবোৰ পৰিঘটনাই মানুহক আচৰিত কৰি তুলিব পাৰে‌। উদাহৰণস্বৰূপে এক বিশেষ পৰিৱেশ সৃষ্টি কৰি এজন ব্যক্তিক সন্মোহন কৰাৰ পাছত যদি এই কথা তেওঁৰ মগজুলৈ প্ৰেৰণ কৰা হয় যে এতিয়া এডাল গৰম লোহা তেওঁৰ গাত লগোৱা হ’ব আৰু তাৰপাছত এডাল ঠাণ্ড লোহাৰে লাহেকৈ তেওঁৰ গাত স্পৰ্শ কৰা হয়, মগজুৱে চালৰ কোষসমূহলৈ প্ৰেৰণ কৰা বাৰ্তাৰ ফলত ঠাণ্ডা লোহাৰ স্পৰ্শতো মানুহজনৰ গাৰ সেই অংশত পোৰাৰ দৰে ঢৌ উঠা দেখা যায়। এনেকুৱা কিছুমান ক্ৰিয়াৰ বাবেই অন্ধবিশ্বাসী মানুহৰ মনো-দৈহিক ৰোগত (Psychosomatic disease) ৰেইকি দিলে কেতিয়াবা সকাহ পাবও পাৰে‌। কাৰণ সেই ক্ষেত্ৰত ‘ৰেইকি দিলে ভাল হয়’ এই কথাষাৰ আগৰ উদাহৰণৰ ‘বেজে জাৰিলে ভাল হয়’ বোলা কথাষাৰৰ সমগোত্ৰীয়‌। পাৰ্থক্য মাথোঁ ইমানেই যে ৰেইকি বেজৰ জাৰণটো বেছ আকৰ্ষণীয়কৈ সজ্জিত‌, গতিকে যথেষ্ট ব্যয়বহুলো‌। লগতে আৰু এটা কথা মন কৰা দৰকাৰ যে এইধৰণৰ অন্ধবিশ্বাসজনিত চাইক’চ’মেটিক ৰোগবোৰ উপযুক্ত পৰিৱেশ পালে পুনৰ উক দিয়াৰ সম্ভাবনা প্ৰবল‌।

এইখিনিতে আৰু এটা কথা উল্লেখ কৰা উচিত হ’ব যে সকলো মানসিক ৰোগ অন্ধবিশ্বাসজনিত নহয়‌। জীৱনত পোৱা দুখ-যন্ত্ৰণা, অভাৱ-অনাটন তথা আধুনিক জীৱন শৈলীয়ে সৃষ্টি কৰা উদিগ্নতা, নিসংগতা, মানসিক চাপ আদিৰ ফলতো এনেবোৰ ৰোগ হ’ব পাৰে‌। তেনে ক্ষেত্ৰত একাংশই মদ-ভাং আদিৰ আশ্ৰয় লয়, একাংশই ধৰ্মকে আদি কৰি যি কোনো অলৌকিক বিশ্বাসৰ আশ্ৰয় লয়‌। এই চাম মানুহৰ বাবেও ৰেইকিয়ে সাময়িক সকাহ দিব পাৰে‌।

বিজ্ঞানকৰ্মীৰ দায়িত্ব:

যিকোনো পণ্য উৎপাদনকাৰীয়ে গ্ৰাহকক নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ বিজ্ঞাপন দিয়ে‌। এই বিজ্ঞাপনবোৰত নানা সঁচা-মিছা কথা অতি আকৰ্ষণীয়কৈ প্ৰচাৰ কৰা হয়‌। ৰেইকিও যিহেতু বৰ্তমান এক ৰমৰমীয়া ব্যৱসায়, গতিকে তাৰ বাবেও প্ৰচাৰ তথা বিজ্ঞাপন দিয়াত ৰেইকি ব্যৱসায়ীসকল পিছ পৰি থকা নাই‌। ইণ্টাৰনেটৰ সহায়ত এই অন্ধবিশ্বাসৰ ব্যৱসায় বিয়পাই দিয়াৰ লগতে ছ’চিয়েল মিডিয়াত নিৰন্তৰ প্ৰচাৰৰ জৰিয়তে হাজাৰ হাজাৰ মানুহৰ পৰা ধন আদায় কৰিছে‌। অসমৰ দৰে ৰাজ্যতো, মহানগৰৰ পৰা আৰম্ভ কৰি পিচপৰা গাঁও-চহৰৰ বহুসংখ্যক মানুহে নিজৰ কষ্টৰ ধন ৰেইকি ব্যৱসায়ীৰ হাতত তুলি দিছে‌। ৰেইকি প্ৰশিক্ষণৰ নামত এবাৰতে ১৫০০ টকাকৈ লোৱা হয়‌। হিলিঙৰ নামত হাতখন বুলায়েই ঘণ্টাত হাজাৰ হাজাৰ টকা ৰেইকি ব্যৱসায়ীয়ে আদায় কৰে‌। গতিকে এই ঠগবাজিৰ প্ৰতি মানুহক সজাগ কৰাটো প্ৰতিজন বিজ্ঞানকৰ্মীৰে দায়িত্ব‌।

বিজ্ঞানমনস্কতাৰ প্ৰসাৰত ব্ৰতী ব্যক্তি বা সংগঠনে ৰেইকিয়েই হওক বা আন বিশ্বাস চিকিৎসাৰ বিৰোধ কৰোঁতে কেতিয়াবা এটা প্ৰশ্নৰ সন্মুখীন হয়‌। প্ৰশ্নটো হ’ল- যদিহে বিশ্বাসৰ ফলত অট’-চাজেচন প্ৰক্ৰিয়াৰ মাজেৰেই কোনো ৰোগীৰ ৰোগ আৰোগ্য হৈছে, তাক বাধা দিয়াৰ বা সমালোচনা কৰাৰ প্ৰয়োজন কি? আচলতে মানুহৰ মংগলৰ বাবেই  ইয়াৰ বিৰোধ কৰা প্ৰয়োজন‌। কাৰণ মস্তিষ্কৰ বিশেষ গঠন-বৈশিষ্ট্যৰ অধিকাৰী কিছু মানুহৰ বাবে বা হিষ্টিৰিয়া, পেৰানয়া আদি মানসিক ৰোগীয়ে ৰেইকি বা তেনে আভুৱা ভৰা কথাটো বিশ্বাস কৰি নিজৰ অজানিতে মগজুলৈ স্ব-নিৰ্দেশ পঠাই সাময়িক আৰোগ্য লাভ কৰিব পাৰে‌। কিন্তু অন্ধবিশ্বাসী প্ৰৱণতাৰ বাবেই যিকোনো মুহূৰ্ততে তেনে লোকৰ পুৰণি উপসৰ্গবোৰে দেখা দিব পাৰে‌। গতিকে বিজ্ঞানকৰ্মীৰ দায়িত্ব হ’ল সকলোধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা সমাজখনক মুক্ত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা‌।

সন্মোহিত হৈ সাময়িক সকাহ পোৱা এজন-দুজন মানুহৰ গয়না লৈ ৰেইকিয়ে ক্ৰমে ক্ৰমে কিছুমান অদ্ভূত অদ্ভূত দাবীও কৰিবলৈ ধৰে‌। আনকি গোমা হৈ অহা বতৰো ৰেইকি প্ৰাৰ্থনাৰ ফলত ফৰকাল হৈ পৰা, ৰেইকি দি ম’বাইলৰ চাৰ্জ দিয়া, বেয়া যন্ত্ৰ-পাতি ভাল কৰা, কেঞ্চাৰ ৰোগ ভাল কৰা, তপাৰ মূৰত চুলি গজোৱা, অন্ধক দৃষ্টি শক্তি দিয়া আদি কথাও প্ৰচাৰ কৰে‌। মানুহেও এই সকলোবোৰ বিশ্বাস কৰি নিজকে দিনে দিনে অন্ধকাৰৰ গৰ্ভলৈ ঠেলি নি থাকে‌। ৰেইকিৰ আলোচনা আদিত প্ৰতি দিনে বিভিন্নজনৰ মত-মন্তব্য আদি মন কৰিলেই ধৰিব পাৰি‌। তদুপৰি সময়মতে বিজ্ঞানসন্মত চিকিৎসা নকৰি ৰেইকিৰ কাষ চপাৰ ফলত ৰোগীৰ অৱস্থা সংকটজনক হৈ মৃত্যু হোৱাৰ উদাহৰণো অনেক‌। বেছি দূৰৈৰ উদাহৰণলৈ নগৈ ৰেইকিৰ জনক মিকাই উশুইৰ কথাটোকেই ক’ব পাৰি‌। উশুইৰ নিজৰ পু্ত্ৰৰে মৃত্যু হয় মাত্ৰ ২২ বছৰ বয়সত‌। এই অকাল মৃত্যুক তেওঁ ৰেইকিৰ শক্তিৰে ৰোধিব নোৱাৰিলে‌। তাতোকৈও ডাঙৰ কথা স্বয়ং উশুইৰে মৃত্যু হয় ষ্ট্ৰ’কৰ ফলত‌। ৰেইকিৰ ডাঙৰ-সৰু ব্যৱসায়ীসকললৈ মন কৰিলেও দেখা যাব যে তেওঁলোকেও নিজৰ অসুখত ডাক্তৰৰ চিকিৎসাহে লয়‌।

ৰেইকিকে ধৰি সকলোধৰণৰ অন্ধবিশ্বাসৰ স্বৰূপ উদ্ঘাটন কৰি নিৰন্তৰভাৱে বিজ্ঞানমনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো যুক্তিবাদী সংগঠনসমূহৰ দায়িত্ব‌। লগতে যি আৰ্থ-সামাজিক ব্যৱস্থাই মানুহক অদৃষ্টবাদী কৰি তুলিছে, যি ব্যৱস্থাই আধুনিক মানুহক মানসিক চাপত ভাৰাক্ৰান্ত কৰি তুলিছে, তাৰ পৰা উদ্ধাৰ পোৱাৰ পথ নিৰ্মাণ কৰাটোও সমানেই জৰুৰী‌।

Print Friendly, PDF & Email

26 thoughts on “ৰেইকি: ‘মহাজাগতিক প্ৰাণশক্তি’ক হাতেৰে ধৰি অনাৰ অলৌকিক সাধুটো-(বৰ্ণালী বৰুৱা দাস)

  • Moniparna Goswami

    বৰ দৰকাৰী লেখা এটা পঢ়িলোঁ বাইদেউ। বৰ্তমান কিছু সংখ‍্যক মানুহৰ মানুহৰ মাজত ৰেইকীয়ে বৰ বেয়াকৈ আকৃষ্ট কৰা দেখা গৈছে। সঁচাকৈয়ে, বিজ্ঞানৰ ছাত্ৰী হিচাপে এনে অন্ধবিশ্বাস সমাজৰ পৰা দূৰ কৰিবলৈ আমিও আগবাঢ়ি আহিব লাগিব।

    Reply
    • Binita Bora Dev choudhury

      অতি প্ৰয়োজনীয় লিখনি বৰ্তমান সময়ত৷সকলোৱে পঢ়া উচিত৷

      Reply
      • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

        মন্তব্যৰ বাবে ধন্যবাদ৷

        Reply
  • সুস্মিতা দাস

    কি নিৰ্মোহ লেখা । অসম্ভৱ ভাল পালো । বিষয়টো মোৰ বাবে বৰ নতুন । দুবছৰ আগলৈকে শুনাই নাছিলোঁ ।কিঞ্চিত কৌতূহল আছিল । লেখাটোৱে সমস্ত দ্বিধা দূৰ কৰিলে ।

    লেখিকালৈ অলেখ শুভকামনা

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • একেবহাতে প্ৰবন্ধটো পঢ়িলোঁ। অন্যতম শ্ৰেষ্ঠ প্ৰবন্ধ।
    ৰেইকী বিশ্বাস নকৰোঁ কিন্তু এইবোৰ বিশ্বাস কৰা মানুহক উত্তৰ দিবলৈ গৈ কেতিয়াবা একো বিচাৰি নাপায় আঁতৰি আহিবলগীয়া হয়। এই লেখাটোৱেই সেই অভাৱ দূৰ কৰিব বুলি এতিয়া নিশ্চিত। মই ভাবোঁ ছ’ছিয়েল মিডিয়াত ৰেইকীক লৈ যিমান ভুল আলোচনা/মন্তব্য চকুত পৰে, সকলোতে এইটো লেখাৰ লিংক কপি পেষ্ট কৰি যাব লাগে। ১০০ জনৰ ১০ জনেতো পঢ়িব।
    লাহে লাহে মানুহে বুজি পাব তেতিয়া
    লগতে লেখিকা বাইদেউলৈ আৰু এটা অনুৰোধ, পাৰিলে এই লেখাটোৰ অডিঅ’ ভিজুৱেল এটা কৰক বা কৰাওক। নপঢ়াসকলে শুনিব পৰাৰ বাট এটা থাকিব। ইনেও ইউ টিউবত এইবোৰ খুঁচৰিয়ে থাকে মানুহে। তেতিয়া যিসকলে শুনিব,তাৰে অৰ্ধেকৰ মন-মগজুক ক্ৰিয়া কৰিলেও বহুখিনি উন্নতি হ’ব সমাজৰ।

    লেখাটোৰ বাবে বহুত বহুত ধন্যবাদ বাইদেউ।

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • Rajashree Dhandia, APS

    ৰেইকিৰ ওপৰত মোৰ আস্থা বিশ্বাস তিলমানো নাই। কোনোবাই নিৰ্মোহ নিৰপেক্ষ বিশ্লেষণেৰে এই কথাখিনি ৰাজহুৱাভাৱে জনোৱাৰ সৎ সাহস কৰাটো খুবেই প্ৰয়োজনীয় আছিল যিটো আপুনি কৰি দেখুৱালে। অশেষ ধন্যবাদ। আশা কৰিছোঁ, ৰাইজে পঢ়িব আৰু কিবা এটা অন্ততঃ বুজি পাব।

    Reply
    • দিলীপ গোস্বামী

      সুন্দৰ আৰু আৱশ্যকীয় লিখনি৷ ৰেইকীৰ দৰে আন কিছুমান অন্ধবিশ্বাসে সমাজক বিপথে পৰিচালিত কৰি আহিছে৷ এই লিখনিটোয়ে বহুতৰ মাজৰ ভ্ৰান্ত ধাৰণা নাইকিয়া কৰিবলৈ সম্ভৱ হব যেন অনুমান হৈছে৷

      Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • জয়শ্ৰী শইকীয়া

    সময়োপযোগী প্ৰৱন্ধ। বৈজ্ঞানিক মানসিকতাৰ ওপৰত নিৰ্ভৰশীল সমাজ এখনহে উন্নত সমাজ। ক’ভিদোত্তৰকালত ৰেইকীৰ উত্থান দেখি কিবা ভয়হে লাগিছে।

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • নিবেদিতা

    ইমান সুন্দৰ লেখনি। বহুত ভাল লাগিল।

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • Nabajyoti Borgohain

    ‘ৰেইকি’ বিষয়ক লেখাটো আজিৰ নব্য সামন্তীয় উত্থানৰ জটিল সময়ছোৱাত অতি গুৰুত্বপূৰ্ণ লেখা। বিভিন্ন বিধৰ অন্ধবিশ্বাসৰ দ্বাৰা আক্ৰান্ত আজিৰ সমাজত মানুহৰ সুস্থ মানসিক বিকাশ প্ৰায় ৰুদ্ধ হৈ পৰিছে। শাসক চক্ৰই এইবোৰত পাৰ্য্যমানে সাৰ পানীৰ যোগান ধৰিছে।শোষণৰ পথ সুগম কৰিবলৈ ‘অন্ধবিশ্বাস’ এবিধ অতি ওপৰ খাপৰ অনুঘটক। অৰ্থাৎ অন্ধবিশ্বাস বিয়পিওৱাৰ যোগেদি মূলতঃ দুটা কাম খুব ভালকৈ কৰিব পাৰি-
    1. ব্যক্তিবিশেষৰ মানসিক দুৰ্বলতাৰ সুযোগ লৈ ধন ঘটিব পাৰি।
    2. মানুহক মানসিকভাৱে পংগু কৰি ৰাজনৈতিকভাৱে দাসত্বৰ শিকলি পিন্ধাব পাৰি।
    এইবোৰ মানৱবিৰোধী কামৰ বিৰুদ্ধে সৰৱ হৈ উঠাটো অতি জৰুৰী বুলি বিবেচিত হব লাগে। ইয়াৰ বাবে বিজ্ঞানমনস্ক চিন্তাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দল সংগঠন, যুক্তিবাদী চিন্তাৰ সংগঠনৰ দায়িত্ব অপৰিসীম। কিন্তু যিহেতু ইয়াৰ লগত স্পষ্ট ৰূপত ৰাজনীতিৰ কথা আহি পৰিছে ,সেইবাবে ৰাজনৈতিক প্ৰতিৰোধ সমানেই গুৰুত্বপূৰ্ণ। অন্যথা ইয়াৰ বিকাশ ৰোধ কৰাটো প্ৰায় অসম্ভৱ !!

    লেখনিতোৰ বাবে পুনৰ লেখিকাক ধন্যবাদ জনালো।

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • মৃদুস্মিতা সন্দিকৈ

    ছদ্ম বিজ্ঞানক আগৰে পৰাই অন্ধবিশ্বাস বুলিয়ে ভাবো যদিও মোৰ লগৰ বিজ্ঞানৰ ছাত্ৰী দুগৰাকী মানৰ ৰেইকী প্ৰচাৰৰ প’ষ্ট বোৰ দেখি মোৰ ও ৰেইকীৰ প্ৰতি কৌতূহল জন্মিছিল । আজি সম্পূৰ্ণ পৰিষ্কাৰ হলো ৰেইকীক লৈ । ধন্যবাদ বাইদেউ । এইধৰণৰ লেখা বৰ্তমান আমাৰ সমাজখনৰ বাবে অতিকৈ দৰকাৰী ।

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • Nabajyoti Borgohain

    ‘ৰেইকি’ বিষয়ক এই লেখাটো আজিৰ নব্য সামন্তীয় উত্থানৰ জটিল সময়ছোৱাত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হব লাগে।হিন্দুৰাষ্ট্র নিৰ্মাণৰ লক্ষ আগত ৰাখি শাসক চক্ৰই সমাজৰ চাৰিয়োফালে বিভিন্ন বিধৰ অন্ধবিশ্বাস বিয়পাই দিছে। এনে উদ্দেশ্যৰ অন্তৰালত মুখ্যতে দুটা লক্ষ পূৰণ হয়।
    1. মানুহৰ মানসিক দুৰ্বলতাৰ সুযোগ লৈ ধন ঘটা। ইয়াৰ এখন বিশাল বজাৰ নিৰ্মাণ হৈছে।
    2. সমাজখনক অন্ধবিশ্বাসৰ দ্বাৰা মানসিকভাবে পংগু কৰি শাসক চক্ৰই নিজৰ ৰাজনৈতিক উদ্দেশ্য সিদ্ধি কৰা।

    এই দুটা অন্যতম উদ্দেশ্যে । ইয়াৰ পৰা এটা কথা স্পষ্ট যে ৰেইকি না আন অন্ধবিশ্বাসৰ নেপথ্যত ৰাজনৈতিক উদ্দেশ্য অত্যন্ত সক্ৰিয়। ইয়াৰ প্ৰতিৰোধৰ বাবে বিজ্ঞান মনস্ক অভিযানৰ লগেলগে ৰাজনৈতিক প্ৰতিৰোধৰ চিন্তাও একে সময়তে জৰুৰী। আচলতে এই শাসন ব্যৱস্থাৰ দ্বাৰা আক্রান্ত হৈ মানুহ অন্ধবিশ্বাসী হৈ উঠে। এইবোৰেই মুক্তিৰ মূল উপায় বুলি শাসক পক্ষই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অহৰহ প্ৰচাৰ চলাই আছে। তাৰ বিপৰীতে বিশেষ কোনো কামকাজ নাই। ফলত দিনে দিনে সংকট বাঢ়ি গৈছে। সেইবাবেই এনে লেখামেলা, বিভন্ন আলোচনা চক্ৰ আদি ঘনাই হোৱাটো বৰ দৰকাৰী। ৰাজনৈতিক দল সংগঠনেও এইবোৰ বিষয়ত বিশেষভাৱে মনোনিবেশ কৰাটো জৰুৰী।

    পুনৰ লেখনিতোৰ বাবে ধন্যবাদ জনালো

    Reply
    • ‘মুক্ত চিন্তা’ৰ কৰ্মদল

      মন্তব্যৰ বাবে ধন্যবাদ৷

      Reply
  • চন্দন

    বৰ সুন্দৰকৈ উপস্থাপন কৰিছে। অন্ধবিশ্বাসতকৈও ছদ্মবিজ্ঞানসমূহ অধিক অপকাৰী বুলি ভাবোঁ। আশা কৰোঁ মানুহৰ মনবোৰ বিজ্ঞানমুখী হওক।

    Reply
  • Surujmita Arandhara

    Totally agreed

    Reply
  • Pallabi Saikia

    Aji eitu bohut guruttopurno kotha likhile apuni… bortoman ei reikie manuhe nije eku hustho manokhikotare sinta sorsa koribo nuara hoise …nijor mogoje eku koribo nuara hoi..vool pothe bisolito hoise…ei andhobiswakhe manuhok jurula korise… scientific jugot manuhor ei reikie hokolu hekh korise…jikunu khetrote manuh dependent hoise reikir..utha pora hualoike okol reikir uporot nirvor korise..aji ei scientific jugot ei reikie apoprosar solai manuhok bipothe porisalito korise..nijor doinindin kamor pora atori ratie dine reiki healing dia heibur uporote sorsa kore…crystalr namot byobokhai solaise…ghoror kotha nuhuni reikir uporot emanei soku mudi biswakh koribo dhorise jen reikiehe hokolu thik koribo..prithibit tnte doctor nurse medical r proyujon nai …ei reikir dore andhobiswakh jodi enedore soli thake tnte hokolue postabo lagibo..nijor vorit nije kuthar mari lua dore hoise..ei reikir uporot jate olop hokolue bisar kori kiba eta byobosta loi jate hunkale ei andhobiswakh dur hoi takei kamona korilu..mur nijor atmiyo ei reikir kuprovabot pori vuktovugi hoi ase..heikarone nijor abhigyartapora mur motamot kolu..

    Reply
  • আজি ৰেইকিৰ ভ্ৰান্তি দূৰ হ’ল । ইউটিউবত বা অন্য মাধ্যমত কিছুমান অডিঅ ‘ পোৱা যায় । যিবোৰ শুনিলে মূৰৰ বিষ , চকুৰ পুৰণি এইবোৰ দূৰ হ’ব বুলি তেওঁলোকে দাবী কৰে। কিবা wave generate হয় বুলিও তেওঁলোকে উল্লেখ কৰে। বিজ্ঞানিক ভিত্তি আছেনে নাই এইবোৰৰ ? লিখিব চোন।

    Reply
  • Isfaqur Rahman

    ‘ৰেইকি’ তথা অন্ধবিশ্বাস সংক্ৰান্তত বৰ্ণালী বৰুৱা দাসৰ লেখাটো খুবেই মনোগ্ৰাহী, প্ৰত্যয়দীপ্ত, যুক্তিপূৰ্ণ আৰু তথ্যসমৃদ্ধ। সমাজৰ বাবে কামত অহা এটা উচ্চমানৰ লেখা। যিকোনো স্তৰৰ পাঠকৰ বাবে সহজেই বোধগম্য। পাঠক যুক্তিবাদী হ’লে প্ৰবন্ধটোৰ কথাখিনি সহজে গ্ৰহণ কৰিব।
    বৰ্ণালীৰ লেখাটো ৬ নে ৭ জুলাইতে পঢ়িলোঁ। যথাসময়ত মন্তব্য দিয়া নহ’ল। কিবা-কিবি ব্যস্ততাৰ বাবে থাকি গৈছিল।
    অহা দিনবোৰত বৰ্ণালীয়ে এনেবোৰ বিষয়ত লেখা-মেলা কৰি থাকিলে আমি সকলোৱে উপকৃত হম, সমাজ উপকৃত হ’ব।

    Reply
  • বর্তমান গৰমৰ যি অৱস্থা heat wave ত মানুহৰ মৃত্যু হৈ আছে । Reiki healer পিতা-মাতাসকলে সূর্যদেৱতাৰ ভল্টেজটো ইমান দিনে কিয় কমাব পৰা নাই ? কোনোবা এগৰাকীয়ে বতৰ পৰিবর্তন কৰি পোৱা বুলিয়ো লিখিছে ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *