বিবিধ চিন্তা

ধৰ্ম আৰু ৰাজনীতি ।। বৈকুণ্ঠ দাস

ধৰ্ম আৰু ৰাজনীতিৰ মাজত সদায়ে এক ওচৰ সম্পৰ্ক প্ৰত্যক্ষ কৰা যায়। সততেই ৰাজনীতি আৰু ধৰ্মই এটাই আনটোক প্ৰভাৱিত কৰি আহিছে। ধৰ্ম আৰু ৰাজনীতিয়ে ইটোৱে সিটোৰ পৰিপূৰক হিচাপে খোজ দিয়ে। ধৰ্ম আৰু ৰাজনীতিৰ মাজত আন্তঃসম্পৰ্কৰ বিষয়ে জ্ঞাত হোৱাৰ প্ৰয়োজনতে আজিৰ এই আলোচনা যুগুত কৰা হৈছে।

অন্যহাতে, ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ যি সম্পৰ্ক সচৰাচৰ প্ৰত্যক্ষ কৰা যায় সেই সম্পৰ্কৰ ফলশ্ৰুতিত সমাজ জীৱন বাৰুকৈয়ে প্ৰভাৱিত হয়। সমাজ জীৱনে ভিন্ন নেতিবাচক পৰিণামেৰে মোকাবিলা কৰিবলগীয়াত পৰে।

ধৰ্ম আৰু ৰাজনীতিৰ মাজত সচৰাচৰ প্ৰত্যক্ষ কৰা আন্তঃসম্পৰ্কক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি ।

১) শাসকৰ বিশেষ ধৰ্মৰ পৃষ্ঠপোষকতা

বহু সময়ত শাসকীয়  পক্ষই বিশেষ ধৰ্মৰ পৃষ্ঠপোষকতা কৰা দেখা যায়। এনে কাৰ্যৰ দ্বাৰা শাসকে নিজস্ব পছন্দৰ ধৰ্মক প্ৰচাৰ আৰু প্ৰসাৰ দিয়াৰে এক চেষ্টা কাৰ্যকৰী কৰে। শাসকৰ এনে কাৰ্য্যৰ অন্তৰালৰ উদ্দেশ্য হৈছে ৰাজকীয়  পৃষ্ঠপোষকতা কৰা ধৰ্মটোত বিশ্বাসী জনগণৰ আস্থা লাভ কৰা আৰু ইয়াৰ সহায়ত দীৰ্ঘদিন বৰ্তি থাকি নিজৰ সুখ- সমৃদ্ধিৰ নতুন পৰিধি দিয়া। ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত অতি সাম্প্ৰতিক সময়ত কেন্দ্ৰত শাসনাধিস্থিত BJP নেতৃত্বাধীন চৰকাৰে হিন্দু ধৰ্মক বিশেষভাৱে প্ৰচাৰ আৰু প্ৰসাৰ দিয়াৰ প্ৰচেষ্টা কাৰ্যকৰী কৰিছে সেই প্ৰসঙ্গক ইয়াত উদাহৰণ হিচাপে দাঙি ধৰিব  পাৰি।

২) ধৰ্মীয় অনুষ্ঠানলৈ  ৰাজসাহায্য

শাসকীয় পক্ষই সততে ধৰ্মীয় আনুষ্ঠান-প্ৰতিস্থানলৈ  ৰাজসাহায্য প্ৰদানৰ এক চেষ্টা কাৰ্যকৰী কৰে। বিশেষকৈ আৰ্থিক অনুদান এনে সাহায্যৰ অন্যতম। ধৰ্মীয় আনুষ্ঠান-প্ৰতিস্থানসমূহৰ মেৰামতিৰ বাবদ এনে আৰ্থিক সাহায্য প্ৰদান কৰা যায়। ইয়াৰ মাধ্যমেৰে শাসকে সেই বিশেষ ধৰ্মীয় সম্প্ৰদায়সমূহ (যিসমূহ সম্প্ৰদায়ৰ ধৰ্মীয় আনুষ্ঠানৰ মেৰামতিৰ বাবে আৰ্থিক সাহায্য দিয়া হৈছে)ৰ জনগণৰ আস্থালাভৰ চেষ্টা চলায়। মূল উদ্দেশ্য হৈছে জনগণৰ আস্থাৰ সহায়ত নিৰ্বাচনী বৈতৰণী পাৰ হৈ শাসনৰ গাদীত দীৰ্ঘদিন বৰ্তি থকা। সাম্প্ৰতিক সময়ত শাসনাধিস্ঠিত BJP নেতৃত্বাধীন চৰকাৰে মঠ, মন্দিৰ-নামঘৰ আদি নিৰ্মাণৰ বাবে যি আৰ্থিক অনুদানৰ ব্যৱস্থা কৰিছে সেই প্ৰসঙ্গক ইয়াত উদাহৰণ হিচাপে প্ৰক্ষেপ কৰিব পাৰি।

৩) ৰাজনীতিৰ  ক্ষেত্ৰখনত ধৰ্মীয় নেতাৰ পদাৰ্পণ

ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ আন্তঃসম্পৰ্কৰ এক উল্লেখনীয় প্ৰতিফলন হৈছে ধৰ্মীয় নেতাৰ ৰাজনীতিত পদাৰ্পণ কৰা কাৰ্য। বহুসময়ত দেখা যায় কিছুসংখ্যক ধৰ্মীয় নেতাই ৰাজনীতিৰ ক্ষেত্ৰখনত পদাৰ্পণৰ  চেষ্টা চলায়।তেওঁলোকৰ এনে চেষ্টাৰ অন্তৰালৰ উদ্দেশ্য হৈছে ৰাজনৈতিক ক্ষেত্ৰখনত নিজৰ লগতে তেওঁলোকে পৃষ্ঠপোষকতা কৰা ধৰ্মটোক/ধৰ্মীয় সম্প্ৰদায়টোক প্ৰতিষ্ঠা দিয়া। বদৰুদ্দিন আজমল, আচাউদ্দিন ওৱেছিছ আদি ধৰ্মীয় নেতাৰ প্ৰসঙ্গ এই ক্ষেত্ৰত বিশেষ উল্লেখনীয়।

৪) ধৰ্মভিত্তিক ৰাজনৈতিক দল

ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ আন্তঃসম্পৰ্কৰ আন এক প্ৰতিফলন হৈছে ধৰ্মক ভিত্তি কৰি গঠন কৰা ৰাজনৈতিক দলসমূহ। বহুসংখ্যক ধৰ্মীয় নেতাই ধৰ্মৰ ভিত্তিত ৰাজনৈতিক দল গঠনৰ এক প্ৰচেষ্টা সততে কাৰ্য্যকৰী কৰি আহিছে। তেওঁলোকৰ এনে প্ৰচেষ্টাৰ উদ্দেশ্য হৈছে নিজস্ব ধৰ্মীয় সম্প্ৰদায়ৰ জনগণৰ সুৰক্ষা। মৌলানা বদৰুদ্দিন আজমলৰ All India United Democratic Front আৰু আচাউদ্দিন ওৱেছিছৰ All India Majlis -e – Ittehadul Muslimeen -ৰ প্ৰসঙ্গ এই ক্ষেত্ৰত উদাহৰণ হিচাপে তুলি ধৰিব পাৰি।

৫) ধৰ্মীয় নেতাৰে  ৰাজনীতিকৰ  বিশেষ সম্পৰ্ক

ধৰ্মীয় নেতাৰে বহুসংখ্যক ৰাজনীতিকৰ ওচৰ সম্পৰ্ক প্ৰত্যক্ষ কৰা যায়।ৰাজনৈতিকে ধৰ্মীয় নেতা /গুৰু শৰণাপন্ন হোৱা অন্তৰালৰ উদ্দেশ্য হৈছে ধৰ্মীয় গুৰুৰ মাধ্যমেৰে বৃহৎ সংখ্যক লোকৰে সংযোগ স্থাপন। প্ৰত্যেক ধৰ্মীয় গুৰুৰে বৃহৎ সংখ্যক অনুগামী থাকে। ৰাজনৈতিক নেতাই সেই বৃহৎ সংখ্যক অনুগামীৰ আস্থালাভেৰে নিৰ্বাচনী জয়ৰ চেষ্টা চলায়। সেই উদ্দেশ্যেৰেই তেওঁলোকে ধৰ্মীয় গুৰুৰে বিশেষ সম্পৰ্ক স্থাপন কৰে। ধৰ্ম প্ৰচাৰক গুৰমিত ৰাম ৰহিম সিং, আশাৰাম বাপু আদিৰে প্ৰসঙ্গ এই ক্ষেত্ৰত উদাহৰণ হিচাপে উল্লেখনীয়।

৬)  ধৰ্মীয় উৎসৱ উদযাপনৰ বাবে ৰাজহুৱা বন্ধ

ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ আন এক বিশেষ উল্লেখনীয় আন্তঃসম্পৰ্ক হৈছে ধৰ্মীয় উৎসৱ-পাৰ্বণ আদি উদযাপনৰ বাবে দিয়া চৰকাৰী বন্ধৰ দিন। চৰকাৰে বিশেষ কেতবোৰ ধৰ্মীয় উৎসৱ-পাৰ্বণত চৰকাৰী বন্ধ ঘোষণা কৰে যাতে ধৰ্মীয় সম্প্ৰদায়ৰ লোকে মুক্তভাৱে উৎসৱ-পাৰ্বণ উদযাপনত অংশ ল’ব পাৰে। চৰকাৰৰ  এনে কাৰ্য্যৰ অন্তৰালৰ উদ্দেশ্য হৈছে ধৰ্মীয় সম্প্ৰদায়সমূহৰ আস্থভাজন হোৱা আৰু ইয়াৰ দ্বাৰা নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা চলোৱা। জন্মাস্তমী, শিৱৰাত্ৰি, ঈদ, বৰদিন আদিত চৰকাৰী বন্ধৰ প্ৰসঙ্গক ইয়াতে উদাহৰণ ৰূপত প্ৰক্ষেপ কৰিব পৰা যায়।

৭) ধৰ্মীয় ৰীতি-নীতিক বিশেষ প্ৰাধান্য দিয়া

ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ আন্তঃসম্পৰ্কৰ আন এক প্ৰতিফলন হৈছে চৰকাৰীভাৱে  ধৰ্মীয় ৰীতি-নীতিক বিশেষ গুৰুত্ব প্ৰদান কৰা। চৰকাৰে সততেই ধৰ্মীয় ৰীতি-নীতিক সন্মান জনাই আহিছে। ধৰ্মীয় ৰীতি-নীতিৰ আধাৰত ধৰ্মীয় সম্প্ৰদায়ৰ জনগণৰ ভিন্ন বিষয় পৰিচালিত হৈ আহিছে। চৰকাৰে অযথা এনেবোৰ বিষয়ত হস্তক্ষেপ নকৰে। সম্পত্তি উত্তৰাধিকাৰ, বিবাহ আদি বিষয়ত ধৰ্মীয় ৰীতি-নীতিৰ আধাৰতে  ধৰ্মীয় সম্প্ৰদায়সমূহ জীৱন পৰিচালিত হোৱাৰ যি পৰম্পৰাগত ব্যৱস্থা তাতে চৰকাৰে সন্মান জনাই হস্তক্ষেপ নকৰা সিদ্ধান্ত লৈছে। ইয়াৰ উদ্দেশ্য হৈছে ধৰ্মীয় সম্প্ৰদায়সমূহৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰি নিৰ্বাচনত জয়ী হোৱা চেষ্টা চলোৱা। লগতে দীৰ্ঘদিন শাসনত বৰ্তি থকাটো  নিশ্চিত কৰে।

উল্লেখিত ধৰণেৰেই ধৰ্ম আৰু ৰাজনীতিৰ মাজৰ আন্তঃসম্পৰ্কক চিহ্নিত কৰিব পৰা যায়। ৰাজনৈতিক নেতাই ধৰ্মীয় আৱেগক ব্যৱহাৰ কৰি শাসনত অধিষ্ঠিত তথা বৰ্তি থকাৰ চেষ্টা কাৰ্যকৰী কৰে।

 

One thought on “ধৰ্ম আৰু ৰাজনীতি ।। বৈকুণ্ঠ দাস

  • Ashini kr. Chiring

    ধৰ্মৰ সৃষ্টিৰ মূল কাৰণ আছিল মানুহৰ মাজত এক সংঘবদ্ধ জীৱন যাপনৰ যোগেদি এখন সমাজত সকলোৱে মিলা প্ৰিতিৰে বসবাস কৰা। একে চিন্তা ধাৰণাৰ যোগেদি এটা অঞ্চলত বাস কৰি হিংসাৰ পৰা দূৰত থকা। কিন্তু বৰ্তমান সময়ত ৰাজনৈতিক লাভালাভৰ বাবে ধৰ্মীয় সংঘাত কৰা দেখিবলৈ পোৱা যায়।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *