ৰেনেচাঁ আৰু যুক্তিবোধৰ উন্মেষ (সন্ধ্যা দেৱী)
১.
‘Rinascita’ শব্দটিৰ পৰা অহা ফৰাচী শব্দ Renaissance-ৰ প্রকৃত অর্থ হ’ল Rebirth বা পুনর্জন্ম। শব্দটি ব্যৱহাৰ কৰিছিল ফৰাচী ইতিহাসবিদ Jules Michelet-এ তেওঁৰ History of France নামৰ কিতাপখনিত। তেওঁৰ দৃষ্টিত ৰেনেচাঁৰ মর্ম হ’ল—Man refound himself । অর্থাৎ মানুহে পুনৰ নিজকে আৱিষ্কাৰ কৰিলে। Michelet-ৰ মতে ৰেনেচাঁ আছিল আধুনিক যুগৰ সূচনাপর্ব আৰু সেই যুগে কঢ়িয়াই আনিছিল প্রগতিশীল আৰু গণতান্ত্রিক মূল্যবোধ। তেওঁৰ ধাৰণা, ৰেনেচাঁৰ আৱিৰ্ভাব ফ্রান্সতহে হৈছিল। কিন্তু তেওঁৰ এই মতবাদ খণ্ডন কৰে চুইজাৰলেণ্ডৰ গৱেষক বুখহার্টে (Jacob Burckardt)। বুখহার্টৰ মতে ৰেনেচাঁৰ সূচনা ফ্রান্সত নহয়, ইতালীতহে। বুখহার্টে তেওঁৰ প্রসিদ্ধ কিতাপ The Civilization of the Renaissance in Italy-ত উল্লেখ কৰিছে যে ৰেনেচাঁই মানুহৰ ভাবজগতত ব্যক্তিসত্তাৰ জন্ম দিয়ে। ইংলেণ্ডৰ Walter Pater-ৰ মতে ৰেনেচাঁৰ শিল্প আছিল “a spirit of rebellion and revolt against the moral and religious ideas of the time’—ৰেনেচাঁ হ’ল সেই সময়ৰ নৈতিক আৰু ধর্মীয় ধ্যান-ধাৰণাৰ বিৰুদ্ধে এক বিদ্রোহী অৱস্থান (এই মূল্যায়নবোৰৰ সীমাবদ্ধতাৰ প্রতি সমালোচকসকলে অৱশ্যে চকু দিছে)।
ৰেনেচাঁৰ বিষয়ে বিশ্লেষণ কৰা কেইগৰাকীমান ইতিহাসবিদৰ মন্তব্য উল্লেখ কৰি আমি সংক্ষিপ্তভাৱে ৰেনেচাঁ সম্পর্কে কিছু আভাস দিবলৈ চেষ্টা কৰিলোঁ। ৰেনেচাঁৰ বৈশিষ্ট্য আৰু চৰিত্ৰ সন্দৰ্ভত পণ্ডিতসকলে নতুন নতুন ব্যাখ্যা তথা মূল্যায়ন আগবঢ়াইছে। আমি সেইবিধৰ আলোচনালৈ নগৈ সাধাৰণভাৱে ৰেনেচাঁ সম্পর্কে আৰু যুক্তিবোধৰ উন্মেষৰ প্রক্ৰিয়াত তাৰ অৱদানৰ বিষয়ে থোৰতে আলচ কৰিব বিচাৰিছোঁ। কোনো সন্দেহ নাই যে সমগ্র ইউৰোপত এক বিস্তৃত সময় ধৰি চলি থকা এই ৰেনেচাঁ পাশ্চাত্য ইতিহাসৰ এক অতি গুৰুত্বপূর্ণ ঘটনা। ইতিহাসবিদসকলৰ মতে খ্রীষ্টীয় ত্রয়োদশ শতাব্দীৰ পৰা সপ্তদশ শতাব্দী পর্যন্ত চলি থকা এই ৰেনেচাঁ মূলতঃ আছিল ইউৰোপৰ মধ্যযুগৰ পৰা আধুনিক যুগলৈ উত্তৰণৰ প্রক্রিয়া। এই ক্রান্তিকালতেই প্রায় সমগ্র ইউৰোপৰ ৰাজনৈতিক, অর্থনৈতিক, ধর্মীয় আৰু সাংস্কৃতিক বাতাৱৰণত এক বিপুল পৰিৱৰ্তন লক্ষ্য কৰা যায়। প্রগতিশীলতাৰ ধাৰক আৰু বাহক ৰেনেচাঁই কেৱল গণতান্ত্রিক চিন্তাই অংকুৰিত কৰা নাছিল—ই লগতে অংকুৰিত কৰিছিল ব্যক্তিসত্তাৰ চেতনা, মুক্তচিন্তা, যুক্তিশীলতা আৰু কিছু পৰিমাণে ধর্মীয় ঐতিহ্য আৰু নৈতিকতাক প্রশ্ন কৰাৰ মোক্ষম সাহস।
ৰেনেচাঁ বা নৱজাগৰণৰ উন্মেষৰ অন্তৰালত আছিল বাণিজ্যিক অর্থনীতি। দ্বাদশ শতাব্দীৰ দীর্ঘকালীন ক্রুচেড (Crusade) বা ধর্মযুদ্ধৰ বাবে বিপুল সংখ্যক লোকৰ প্রাণ হানি হয়। সেই সংকট-কালত শ্রম শক্তিৰ অভাৱত Manorial Farming লাহে লাহে অৱক্ষয়ৰ গ্ৰাসত পৰে। ফলস্বৰূপে গ্রামীন অর্থনীতিত কিছু স্খলন ঘটে। ইপিনে বাণিজ্যিক প্রসাৰৰ পৰিণামত গিল্ডৰ কঠোৰ প্রথাও শিথিল হবলৈ বাধ্য হয় আৰু কাৰিকৰসকলে মালিকসকলৰ পৰা আঁতৰি গৈ নিজৰ ক্ষমতা আৰু দক্ষতাৰে নিজস্ব গিল্ড গঢ়ি তোলাটো সম্ভৱপৰ হৈ উঠে। এই নতুন পৰিৱৰ্তিত অর্থনীতিয়ে সৃষ্টি কৰিলে চহৰকেন্দ্রিক অর্থনীতি যাৰ মূল চালিকা শক্তি আছিল কাৰিকৰ আৰু বণিক শ্রেণী। ক্রুচেডৰ দীর্ঘকালীন যুদ্ধই আনিছিল প্রাচ্য আৰু পাশ্চত্যৰ সংযোগ আৰু এই যোগসূত্ৰৰ বাবে দুয়ো দিশৰ বেহা-বাণিজ্যৰ বিকাশ আৰু বৃদ্ধি ঘটে। ফলত বণিকশ্ৰেণীয়ে প্ৰচুৰ অর্থ লাভ কৰি এক প্ৰভাৱশালী বিত্তৱান শ্ৰেণীলৈ ৰূপান্তৰিত হৈ সামন্ত প্রভুৰ দৰেই ক্ষমতাৱান হৈ পৰে। ধনৰ জোৰত আদায় কৰা যশ, প্রতিপত্তি আৰু অসীম প্রভাৱ থকা এই নতুন বিত্তৱান শ্রেণী বিশেষভাৱে দেখা গৈছিল ইটালীত। অনুকূল ভৌগোলিক পৰিৱেশৰ বাবে ভেনিচ, পিচা আৰু ফ্লোৰেঞ্চৰ বণিকসকলে বাণিজ্যিক মুনাফাৰ সিংহভাগ দখল কৰিবলৈ সক্ষম হয়। নতুন ভৌগোলিক আৱিষ্কাৰ আৰু কাৰিকৰী বিজ্ঞানেও ইয়াত যথেষ্ট অৰিহণা যোগাইছিল। এনেকৈ বণিক আৰু কাৰিকৰী শ্ৰেণীৰ পৰা উৎপত্তি হয় বার্গাৰ শ্ৰেণী (Burghur), যি পিছলৈ কর্মদক্ষ আৰু উদ্যোগী মধ্যবিত্ত শ্রেণী ৰূপে সমাজত এক গুৰুত্বপূর্ণ স্থিতি লাভ কৰে আৰু মধ্যযুগৰ নিষ্ক্ৰিয়তাৰ অৱসান ঘটাই ইহজাগতিক (secular) চিন্তাৰ বিকাশৰ বাটত প্রথম পদক্ষেপ দিবলৈ লয়।
মধ্যযুগ আছিল সম্পূর্ণভাৱে ধর্মযাজকসকলৰ নিয়ন্ত্রণত। সেই যুগত নতুন ধাৰণা বা অনুসন্ধানমূলক চিন্তাৰ (spirit of inquiry)পথ সকলো স্তৰতে ৰুদ্ধ আছিল। পিছে সেই প্রতিকূল সময়তে এক শীর্ণ যুক্তিবাদী প্রবাহ ইউৰোপত দেখা গ’ল। পেৰিছ বিশ্ববিদ্যালয়ত ১১১০ চনৰ পৰা ১১৪০ চনলৈকে অধ্যাপকৰূপে কাম কৰা Peter Abelard আৰু ইংৰাজ ভদ্রলোক Roger Bacon-এ (১২১৪-৯৪) যুক্তিবাদী চিন্তাৰ কিছু মৌলিক বীজ সিঁচিলে এই মধ্যযুগতেই। Abelard-ৰ মতে ঈশ্বৰে ক’লে বুলিয়েই এটা মত সঁচা হ’ব নোৱাৰে—আমি যুক্তিৰ সহায়ত তাক বিচাৰ কৰি চাব লাগিব। ১২ শতিকাতে এনে মত প্রকাশ কৰাটো আছিল এক দুঃসাহসী কাৰ্য আৰু চার্চে ধর্মীয় বিসম্বাদৰ (heterodoxy) কাৰণে তেওঁক মতামত উঠাই লবলৈ বাধ্য কৰে। এনে বিসম্বাদী মতামতৰ বাবে Roger Bacon-ও চাৰ্চৰ কাৰাগাৰত সোমাইছিল। ৰোজাৰ বেকন আছিল মূলতঃ এজন বৈজ্ঞানিকহে, যি Leonardo da Vinci-ৰ আগতেই Flying machine নিৰ্মাণৰ কল্পনা কৰিছিল। বেকন বাইবেল-বিৰোধী নহ’লেও ভ্ৰান্তিৰ যিবোৰ কাৰণৰ কথা তেওঁ কৈছে তাৰ এটা হ’ল—শাস্ত্ৰকাৰসকলৰ সিদ্ধান্ত বাচ-বিচাৰ নকৰাকৈ গ্রহণ কৰা। মানুহৰ যুক্তি বুদ্ধিত গুৰুত্ব দিয়া এনে মতামতৰ দ্বাৰা তেওঁ মধ্যযুগীয়া চিন্তাৰ পৃথিৱীত সজোৰে আঘাত হানে। ৰোজাৰ বেকনৰ চিন্তাৰ প্ৰভাৱ পৰবৰ্তী কালত ৰেনেচাঁ যুগৰ ফ্রান্সিচ বেকনৰ (Francis Bacon) ওপৰত পৰা যেন লাগে
২.
চৈধ্য শতিকাৰ মাজভাগত সমগ্র ইউৰোপতে প্লেগ মহামাৰীয়ে দেখা দিলে। ব্লেক ডেথ (Black Death) নামেৰে অভিহিত এই মহামাৰীত বহুতো লোকৰ মৃত্যু হোৱাত শ্ৰম কৰা লোকৰ সংখ্যা ক্রমে হ্রাস পালে। এনে পৰিস্থিতিৰ সৃষ্টি হ’ল যত দিন-শ্রমিকসকলে (Wage earner) শ্ৰমৰ বাবে নগদ ধন দাবী কৰে। শ্ৰমিকৰ পৰিমিত সংখ্যাৰ বাবে মালিক আৰু ভূস্বামীসকলেও এই দাবী স্বীকাৰ কৰিবলৈ বাধ্য হয়। এই নগদ ধনৰ দাবীয়ে অর্থনৈতিক কাঠামোৰ কিছু সাল-সলনি ঘটায়। আমি আগতেই উল্লেখ কৰিছোঁ যে বেহা-বেপাৰৰ দ্বাৰা এক নতুন ধনিক শ্রেণী সৃষ্টি হোৱাত সামন্ততান্ত্রিক প্রথা কিছু শিথিল হৈছিল। এই সামাজিক আৰু অর্থনৈতিক পৰিৱর্তনে সৃষ্টি কৰিলে এক বজাৰ-অর্থনীতিৰ য’ত নগদ ধনৰ লেন-দেনে প্রাধান্য পালে। নিজৰ ৰুচি-অৰুচি, ইচ্ছা-অনিচ্ছা, পছন্দ-অপছন্দ অনুযায়ী দ্রব্যৰ বেচা-কিনা হোৱাত মানুহৰ নিজৰ অভিমতে প্রকাশৰ বাট বিচাৰি পালে। এনে বাতাৱৰণৰ ফলত আহিল ব্যক্তিচেতনা, ব্যক্তিস্বাতন্ত্ৰ্যবাদ, উদাৰ ভাৱধাৰা আৰু যুক্তিমনস্কতা। বজাৰ-অর্থনীতিৰ মুকলি পৰিৱেশত লাহে লাহে ঠন ধৰি উঠা এই নতুন বৈশিষ্ট্যবোৰ মধ্যযুগীয়া ভাৱধাৰাৰ পৰা আছিল সম্পূর্ণ পৃথক আৰু বিপৰীত।
১৫ শতিকাৰ মাজভাগত কনষ্টাণ্টিনোপল (Constantinople) সম্পূর্ণভাৱে তুৰস্কৰ চুলতান দ্বিতীয় মহম্মদৰ দখললৈ আহে। ই আছিল সমগ্র ইউৰোপৰ বাবে এক ঐতিহাসিক ঘটনা, কাৰণ কনষ্টাণ্টিনোপল আছিল খৃষ্টীয়ানসকলৰ পীঠস্থান আৰু ই আছিল পোপৰ অধীনত। কিন্তু চুলতানে ইয়াক সম্পূর্ণভাৱে তুৰস্কৰ মুছলমান শাসকসকলৰ অধীনলৈ আনিলে। ক’বলৈ গ’লে, এটা অর্থত, ইয়াৰ পৰাই হৈছিল ৰেনেচাঁৰ সূত্রপাত। অতীতৰ গ্ৰীক ভাবধাৰা আছিল সম্পূর্ণভাৱে ইহজাগতিক, প্রগতিশীল আৰু মানৱীয়। এই গ্রীক ভাবধাৰাৰ পুনৰ ইউৰোপত জাগৰণ হোৱাৰ পৰাই Re-birth বা পুনৰ জাগৰণৰ সূচনা। পোপৰ শাসনকালত মধ্যযুগৰ ইউৰোপত প্রাচীন গ্রীক আৰু ৰোমান গ্রন্থবোৰ বিস্মৃতিৰ গহ্বৰত প্রায় হেৰাই গৈছিল। আৰৱ পণ্ডিতসকলে এই জ্ঞান ভাণ্ডাৰৰ সংৰক্ষণত আগভাগ লোৱা বুলি জনা যায়। আনহাতে লুপ্তপ্রায় এই গ্রন্থবোৰ ইটালীৰ যাজকসকলে (monk) অনুবাদ কৰি প্রায় হেৰাই যোৱা এই গ্রন্থসমূহ, বিশেষকৈ গ্রীক আৰু ৰোমান শিল্প, সাহিত্য, দর্শন, ইতিহাস, বিজ্ঞান আদি বিষয়ৰ জ্ঞান সংৰক্ষণ কৰে। এই গ্রন্থবিলাক জনা বা পঢ়াৰ আগ্রহ সমগ্র ইউৰোপতেই গঢ় লৈ উঠে আৰু ইয়েই ৰেনেচাঁৰ জ্ঞান ভাণ্ডাৰৰ উন্মেষ ঘটায়। আচলতে ৰেনেচাঁ কেৱল এটা সাধাৰণ সাংস্কৃতিক আন্দোলন নহয়। ই আধুনিক যুক্তিৰ যুগলৈ দিয়া প্রথম পদক্ষেপ। এই উত্তৰণৰ কেন্দ্রবিন্দু আছিল দক্ষিণ ইটালী—য’ত বণিকসকলে নতুন জ্ঞান ভাণ্ডাৰৰ প্রতি আর্কষিত হৈছিল আৰু তেওঁলোকৰ সন্তানসকলক নৱ্য শিক্ষাৰে শিক্ষিত কৰিবলৈ অধ্যাপকসকলক আহ্বান কৰিছিল।
মধ্যযুগ আছিল ৰক্ষণশীল যুগ। এই যুগৰ ধর্মীয় বিশ্বাস মতে মানুহ মাত্রেই পাপী। মানুহে চাৰিওপিনে দেখিছিল চয়তানৰ চক্রান্ত, ডাইনীৰ সন্ত্রাস; নানাধৰণৰ কুসংস্কাৰত মানুহ নিমজ্জিত। তেতিয়াৰ ধর্মীয় কল্পনাত ভগৱান কঠোৰ। পাপ, নৰক, নৰকৰ জুই আদিৰ চিন্তাত মানুহ ভীতিগ্রস্ত। ইয়াৰ উপৰি ধর্মযাজকসকলে ধৰ্মৰ দোহাই দি চলাইছিল অবিৰাম অত্যাচাৰ। চাৰ্চৰ কৰৰ বোজাত বা ধর্মযাজকসকলৰ ইচ্ছাপত্র (Selling of Indulgences) দ্বাৰা মানুহ পীড়িত। মানুহে ভাবিছিল, আত্মশুদ্ধি, আত্মপীড়ন, স্বর্গপ্রাপ্তি আদিয়েই হ’ব লাগিব জীৱনৰ চৰম লক্ষ্য। শিক্ষাৰ মূল বিষয় আছিল ধর্ম। মধ্যযুগৰ এই ৰক্ষণশীল পৰিৱেশে মানুহক ধৰ্মৰ ওপৰত বেছি নিৰ্ভৰশীল কৰি তুলিলে।
কিন্তু ৰেনেচাঁ বা নৱজাগৰণে উন্মোচন কৰা পৃথিৱীখন সম্পূর্ণ বিপৰীত। ইয়াত ধর্ম মূল বিষয় নহয়। মানুহ আৰু ইহজীৱনেই নৱজাগৰণৰ কেন্দ্রীয় বিষয়। এই দিশটো অৱশ্যে একেবাৰে নতুন উদ্ভাৱন নহয়। প্রাচীন কালতো এইধৰণৰ ইহলৌকিক আৰু বাস্তৱমুখী চিন্তাৰ সম্ভেদ পোৱা যায়। সেই কাৰণে ৰেনেচাঁ যুগত গ্রেকো-ৰোমান ঐতিহ্যৰ প্রতি মানুহ মুগ্ধ হ’ল। কাৰণ ইয়াত আছে কলা, সাহিত্য, ইতিহাস, শিল্প, বিজ্ঞান আৰু দর্শন—যি কলা-সাহিত্য বা দর্শন খৃষ্টীয় ভাৱধাৰাৰ সম্পূর্ণ বিপৰীত। ইয়াত ইহজগত বা পাৰ্থিৱ জীৱনৰ প্রতি কোনো বৈৰগ্য নাই। বণিকসকলৰ জীৱন-দৰ্শনৰ লগত ই খাপ খাই পৰিছিল।
৩.
১৪ শতিকাৰ পৰা ১৬ শতিকালৈকে—এই তিনিটা শতাব্দীৰ ক্ৰান্তিকালৰ সময়ছোৱাত সমাজ, অর্থনীতি আৰু চিন্তাৰ জগতলৈ আহিল বহু গুৰুত্বপূর্ণ পৰিৱর্তন। সামন্ততান্ত্রিক কাঠামোৰ অৱক্ষয়, বণিক শ্ৰেণীৰ আধিপত্য, বেহা-বাণিজ্যৰ অগ্রগতি, ছপাশালৰ প্ৰসাৰ, বিজ্ঞানৰ পৃথিৱীত ন ন আৱিষ্কাৰ, Columbus-ৰ পৰা আৰম্ভ কৰি Copernicus, Galileo দৰে স্বনামধন্য ব্যক্তিৰ কৰ্মতৎপৰতা, নতুন দেশসমূহৰ আৱিষ্কাৰ, ধর্মীয় বিশ্বাসত আঘাত, বাণিজ্য, উৎপাদন আৰু জলপথৰ যাত্ৰাৰ বাবে নতুন নতুন সজুলি বা যন্ত্রপাতিৰ প্রয়োগ, পৃথিৱীৰ মানচিত্র অংকন—অর্থাৎ সকলো ক্ষেত্ৰতে মানুহ ইহজগতক লৈ ব্যস্ত হ’ল। ইয়াত পৰজগত বা অলৌকিকতাৰ স্থান নাই—এই নতুন পৃথিৱীখন যুক্তি-বুদ্ধিৰেহে পৰিচালিত। কোনো অদৃশ্য শক্তিৰ হাত থাকিলেও মানুহেই ইয়াক পৰিচালিত কৰিব লাগিব। আত্মপ্রকাশৰ বাট বিচাৰি পোৱা বহুমুখী সৃজনশক্তিয়ে মানুহক কৰি তুলিলে আত্মবিশ্বাসী আৰু যুক্তিবাদী। মানুহ নিজেই নিজৰ বিধাতা। কোনো ঐশ্বৰিক শক্তিৰ প্রয়োজন নোহোৱাকৈ মানুহ হ’ব পাৰে সর্বশ্রেষ্ঠ প্রাণী। এই বিশ্বাসে গঢ় দিছিল ৰেনেচাঁৰ বহুতো প্রতিভাসম্পন্ন ব্যক্তিক। মানুহ মাত্রেই পাপী—খৃষ্ট ধৰ্মৰ এই বক্তব্য খণ্ডন কৰি তেওঁলোকে এই যুক্তি প্রতিষ্ঠা কৰে যে মানুহ জন্মগতভাৱেই গুণসম্পন্ন আৰু সেইবাবে ভগৱান যীশু জন্ম ললে মানৱৰূপে। সেয়েহে মানুহ অসীম শ্রদ্ধা আৰু মৰ্যদাৰ পাত্র।
আমি উল্লেখ কৰিছোঁ যে মধ্যযুগৰ ধর্মকেন্দ্রিক স্থবিৰ জীৱন আৰু জগতলৈ নতুন চিন্তাৰ আগমনৰ বাট বন্ধ আছিল। ৰোজাৰ বেকনৰ দৰে মনীষী আছিল এক বিৰল ব্যতিক্রম। ৰেনেচাঁৰ যুগত কিন্তু বাতাৱৰণ যথেষ্ট সলনি হ’ল। এই পৰিৱৰ্তনৰ কাৰণ—নতুন চিন্তা-ভাৱনাক আঁকোৱালি ল’ব বিচৰা এচাম লোকে সেই কালছোৱাত বেপাৰ-বাণিজ্যৰ সহায়ত প্রতিপত্তি লাভ কৰিব ধৰিছিল। পঞ্চদশ শতিকাত বাণিজ্যিক অর্থনীতিয়ে যি স্বাতন্ত্র্যবোধ অংকুৰিত কৰে তাৰ প্ৰভাৱ আমি ৰেনেচাঁৰ ভাবগততো দেখা পাওঁ। এই কালছোৱাত আমি এনে চিন্তাবিদক পাওঁ যিসকলৰ বক্তব্যত মধ্যযুগীয়া গোড়ামি তথা অন্ধতা নাই। এই প্রসংগত ১৫ শতিকাৰ প্রথম ভাগতেই আলোড়ন তোলা ইটালিৰ Lorenzo Valla-ৰ (1407-1467) নাম উল্লেখ কৰিব পাৰোঁ যি মুক্তকণ্ঠে আৰু যুক্তিসহকাৰে প্রমাণ কৰে যে কেথলিক চার্চৰ দলিল Donation of Constantine সম্পূর্ণভাৱে ভুৱা। প্রবাদ মতে ৪ শতিকাত এই দলিলখনি লিখিছিল ৰজা Constantine-এ আৰু ধর্মযাজকসকলে এই দলিলখনিৰ ভিত্তিতেই নিজৰ কর্তৃত্ব চলাইছিল। কিন্তু ব্যাকৰণবিদ লৰেঞ্জো ভাল্লাই দলিলখনিৰ বহুতো ভাষ্য আৰু শব্দ গাথঁনিৰ ভুলবোৰলৈ আঙুলিয়াই যুক্তিসহকাৰে প্রমাণ কৰে যে বিসংগতিপূর্ণ দলিলখনি আচলতে ৮ শতিকাতহে লিখা হৈছিল। এই দলিলখনিৰ সহায় লৈ ধর্মযাজকসকলে তেওঁলোকৰ বৈষয়িক স্বার্থ পূৰণ কৰি জনগণক ধর্মীয় প্ৰৰোচনাৰে দমন আৰু শোষণ কৰিছিল। ভাল্লাৰ এনে দুঃসাহসী কাৰ্য আছিল চাৰ্চৰ প্রতি এক দুর্দান্ত প্রত্যাহবান আৰু ই সমাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে। আনকি তাৰ পিছৰ শতিকাত মার্টিন লুথাৰে এই দলিলখনিক ‘unauthentic, crass and impudent lies’ বুলি চোকা মন্তব্য দি ভাল্লাৰ কাৰ্যক ভূয়সী প্রশংসা কৰা দেখা যায়। ভাল্লাৰ বক্তব্যই জনগণৰ ধর্মান্ধতা আৰু ৰক্ষণশীলতা কিছু পৰিমাণে লাঘৱ কৰিব পাৰিছিল। কাৰণ ইতিমধ্যেই চাৰ্চৰ ভিতৰুৱা কাৰ্যকলাপ, পোপসকলৰ নিজৰ ক্ষমতাক লৈ বাক-বিতণ্ডা আৰু যাজকসকলৰ ব্যভিচাৰী আৰু বিলাসী জীৱন দেখি জনসাধাৰণ যথেষ্ট বিতুষ্ট হৈছিল আৰু চাৰ্চৰ প্রতি এক আক্রোশৰ ভাব তেওঁলোকৰ মনত জাগ্ৰত হৈছিল। সেয়ে ধৰ্মক নিৰপেক্ষভাৱে আৰু যুক্তিশীলতাৰে বিচাৰ কৰিব পৰাটো ভাল্লাৰ বাবে সহজ হৈছিল। এই সাহসী বৌদ্ধিক বিশ্লেষণৰ বাবে যি অনুকূল বাতাৱৰণৰ প্ৰয়োজন সি সম্ভৱতঃ নৱজাগৰনৰেই অৱদান।
যুক্তি-বুদ্ধিৰে বিচাৰ-বিশ্লেষণ কৰা আন এগৰাকী স্বনামধন্য ৰেনেচাঁচিন্তক হ’ল ইটালীৰ Giovanni Pico della Mirandola (1463-1494)। মাত্র ৩১ বছৰ বয়সত মৃত্যু হোৱা মিৰাণ্ডোলাৰ গ্ৰন্থ Dignity On the Oration of Man-ক ৰেনেচাঁৰ ইস্তাহাৰ বুলি বিবেচনা কৰা হয়। ব্যক্তি স্বাতন্ত্ৰ্যবাদৰ প্রবুদ্ধ প্রবক্তা মিৰাণ্ডোলাৰ বৈপ্লৱিক চিন্তাধাৰাই মধ্যযুগীয়া ঈশ্বৰ-নিয়ন্ত্রিত পৃথিৱীৰ ওপৰত আঘাত হানিলে। ৰেনেচাঁ ভাবধাৰাৰে প্ৰভাৱিত হৈ তেওঁ ঘোষণা কৰে যে মানুহ সকলো প্রাণীতকৈ শ্রেষ্ঠ, কাৰণ তেওঁ নিজৰ প্রতিভা আৰু স্বাধীন ইচ্ছাৰ (free will) দ্বাৰা নিজকে নিয়ন্ত্রণ কৰিবলৈ সকলো ফালৰ পৰা সক্ষম। এই ক্ষেত্ৰত ঈশ্বৰৰ অন্যান্য সৃষ্টি—আনকি ঈশ্বৰৰ দেৱদূতসকলো বঞ্চিত। ভগৱানৰ অন্য সৃষ্টি এটা নিদিষ্ট পৰিসীমাতে বন্দী, কিন্তু মানুহ ইয়াৰ ব্যতিক্রম—ইচ্ছা অনুযায়ী তেওঁৰ হ’ব পাৰে দেৱদূতৰ স্তৰলৈ উত্তৰণ অথবা পশুৰ স্তৰলৈ স্খলন। অৱশ্যে মানুহ দায়বদ্ধ হ’ব লাগে ধৰ্মৰ প্রতি, কিন্তু জ্ঞান আৰু যুক্তিসহকাৰে নিজৰ প্রতিভা বিকাশৰ ক্ষেত্ৰতো ব্ৰতী হ’ব লাগে। তেওঁৰ আন এটি বক্তব্য হ’ল, মানুহৰ সকলো দর্শনৰ ওপৰত ব্যুৎপত্তি থাকিব লাগে, কাৰণ সকলো ধৰ্মতে কিছু সত্য আৰু জ্ঞান থাকে—অর্থাৎ ইহুদী, ইছলাম বা অন্যান্য অ-খৃষ্টীয় ধর্মক তেওঁ একেবাৰে নাকচ কৰা নাই। এনেধৰণৰ খৃষ্টীয়ান প্রমূল্যবিৰোধী মন্তব্যৰ বাবে তেওঁ Pope Innocent VIII ৰ ৰোষত পৰে আৰু ২৭ বছৰ বয়সত নিজ দেশ ইটালী এৰি ফ্রান্সত আশ্রয় লবলৈ বাধ্য হয়। তেওঁৰ বিখ্যাত উক্তি হ’ল—“ভগৱানে সৃষ্টি শেষ কৰি মানুহক অবাধ বিচৰণৰ সুযোগ দিলে”। এই উক্তিত কেৱল স্বাধীনতাস্পৃহাহেই নাই, ই ঈশ্বৰৰ নিয়ন্ত্ৰণৰ পৰিসীমাও সীমিত কৰিলে। নিঃসন্দেহে ক’ব পাৰি যে এনেধৰণৰ উক্তিত আমি যুক্তিশীল চেতনা, ব্যক্তি স্বাধীনতা আৰু ইহজাগতিক চিন্তাৰ আভাস পাওঁ। এনে উক্তিত Deism-ৰ বীজো নিহিত থকা যেন লাগে।
(8)
ইংলেণ্ডৰ টমাচ ম’ৰৰ (Thomas More, 1457-1535) ৰচনাত আমি পাওঁ নতুন ভাৱধাৰাৰে অনুপ্রাণিত এখন কাল্পনিক পৃথিৱীৰ মনোগ্রাহী ছবি। তেওঁৰ বিখ্যাত গ্রন্থ ‘ইউটোপীয়া’ত তেওঁ শাসনতন্ত্র সম্পূর্ণভাৱে যুক্তিৰ (reason) ওপৰত ভিক্তি কৰি স্থাপন কৰিব লাগে বুলি অভিমত দিছে। ধর্মীয় সহিঞ্চুতাৰ পক্ষ লৈ তেওঁ প্রকাশ্যভাৱে মধ্যযুগীয়া বিধি-নিষেধবোৰ স্পষ্টভাৱে আৰু সাহসেৰে অস্বীকাৰ কৰা দেখা যায়। ইউটোপীয়াৰ নিখুঁত পৃথিৱীত ধর্ম বা মঠ (monastry) আদিৰ কথা নাই—তাৰ বাসিন্দাসকলে চন্দ্রসূৰ্যকহে আৰাধনা কৰে। কেথলিক যাজকবৃন্দ তেওঁৰ সমালোচনাৰ পাত্ৰ আছিল। তেওঁৰ মতে ধর্মীয় গোড়ামি আৰু ধর্মীয় নির্যাতন মানৱতাৰ প্ৰতি ভাবুকি স্বৰূপ।
‘মানুহ সর্বশ্রেষ্ঠ সৃষ্টি (Man is the supreme achievement of creation) বুলি দাবী কৰা ফৰাচী দার্শনিক মিচেল দু মনটেইন (Michel de Montaigne 1533-1592) আছিল এজন যুক্তিপৰায়ণ মানৱতাবাদী। ধর্ম আৰু ধর্মীয় গোড়ামিক তেওঁ সমালোচনা কৰি মতামত দিছিল এইবুলি যে ধর্মই যুক্তিপূর্ণ অনুশীলনক কেতিয়াও ৰোধ কৰিব নোৱাৰে। তেওঁৰ মতে ধৰ্মৰ তাত্ত্বিক আলোচনাই (scholasticism) সদায় সংঘাত আনে আৰু ফলস্বৰূপে ই হয় ত্রুটিপূর্ণ। আত্মাৰ অমৰত্ব অস্বীকাৰ কৰি মানৱীয় চেতনা বা Consciousness-ক তেওঁ বেছি প্রাধান্য দিছিল আৰু ধর্মীয় সহিঞ্চুতাক সমর্থন কৰি তেওঁ ধর্মীয় গোড়ামি আৰু ভণ্ডামি পৰিহাৰ কৰিবলৈ আহ্বান জনাইছিল। তেওঁৰ বিখ্যাত ৰচনাসমূহ (Essays, 1533-1592) মুক্তচিন্তা আৰু নাস্তিকতাৰ পথ-প্রদর্শক আৰু ১৭ আৰু ১৮ শতিকাৰ যুক্তিবাদীসকলৰ ওপৰত ই যথেষ্ট প্রভাৱ পেলায়। যুক্তি আৰু অভিজ্ঞতাই (reason and experience) জ্ঞানৰ পথ প্রশস্ত কৰে আৰু যুক্তিয়ে বিচাৰ ক্ষমতাক তীক্ষ্ন আৰু প্ৰখৰ কৰি তোলে এয়ে আছিল তেওঁৰ মত।
ডাচ্ মানৱতাবাদী ডেচিদেৰিয়াচ ইৰেচমাচক (Desiderius Erasmus, 1469-1536) ৰেনেচাঁৰ প্রতিভূ বুলিয়েই গণ্য কৰা হয়। ইহজাগতিক মূল্যবোধ ধর্মীয় ভাষাৰে প্ৰচাৰ কৰিব লাগে বুলি তেওঁ মত পোষণ কৰিছিল। তেওঁ ব্যক্তি স্বাতন্ত্ৰ্যবাদৰ পক্ষপাতিত্ব কৰে আৰু জ্ঞানক প্রাধান্য দিব লাগে বুলি মতামত দিছিল। মঠ জীৱনৰ সীমাবদ্ধ জ্ঞান, ধর্মীয় গোড়া তত্ত্বক খামুচি ধৰা মনোভাব আৰু তাৰ পৰা উদ্ভৱ হোৱা বাক-বিতণ্ডাত জড়িত হোৱা কথাটিক তেওঁ ধিক্কাৰ দিয়ে। Protestant ধৰ্মক অস্বীকাৰ কৰিলেও, তেওঁ কিন্তু যুক্তি আৰু বুদ্ধিমত্তাক সমর্থন কৰিছিল।
ৰেনেচাঁই প্রেৰণা যোগোৱা ইহলৌকিক চিন্তা-ভাৱনা আৰু আবেগ-অনুভুতিয়ে সাহিত্য সাধনাৰ ওপৰতো প্রভাৱ পেলাইছিল। আমি বহুতেই ডাণ্টেৰ (Dante Aligheri, 1265-1321) নাম শুনিছোঁ। চৈধ্য শতিকাৰ প্রথম ছোৱাত ডাণ্টেৰ Divine Comedy-এ কিছু খলকনি তুলিলে। ‘ডিভাইন কমেডি’ লিখা হৈছিল ইতালীৰ ভাষাত, লেটিনত নহয়—অর্থাৎ তেওঁৰ কাব্য সাধাৰণ মানুহৰ বোধগম্য হ’ল। ডাণ্টেই নৰক, স্বর্গ, পাৰগেতৰি আদিৰ বর্ণনা দিলে বিস্তৃতভাৱে, কাৰণ সমাজ তেতিয়াও ধৰ্মৰ কবলত। কিন্তু তেওঁ ঈশ্বৰমুখী স্বর্গীয় প্ৰেমৰ বাহিৰেও মানৱীয় প্রেমৰো জয়গান গালে—তাৰ লগতে তেওঁ বন্দনা কৰিলে প্রকৃতি আৰু নিজৰ দেশৰ। ইয়াৰ আগতে কেৱল ধর্মকেন্দ্রিক সাহিত্যহে সৃষ্টি হৈছিল। কিন্তু ডাণ্টেই নিজৰ প্ৰেয়সী বিয়েট্রিচৰ (Beatrice) কথা উল্লেখ কৰি এই পৰম্পৰা কিছু পৰিমাণে ভংগ কৰিলে। তেওঁৰ লগতে আন দুজন সাহিত্যিক পেত্রাক (Francesco Petrarch, 1304-1374) আৰু বোক্কাচিঅ’ই (Giovanni Boccaccio, 1313-1375) একেধৰণৰ ৰচনা সৃষ্টি কৰি ডান্টেকেই অনুসৰণ কৰিলে। পেত্রাকৰ লেটিন সাহিত্যত বুৎপত্তি আছিল আৰু তেওঁ ভার্জিল, চিচেৰো, লিভি আদি বিখ্যাত মনীষীৰ ৰচনা অনুবাদ কৰি পঢ়ুৱৈসমাজক গ্রীক বিদ্যা-চৰ্চা কৰিবলৈ আহ্বান জনালে। ডাণ্টেৰ দৰে পেত্রাকেও প্রেয়সী ল’ৰাক (Laura) লৈ চনেট লিখিছিল। বোক্কাচিঅ’ৰ (Boccaceio) কবিতা পুথিৰ নাম আছিল ডিকেমন (Decamoron), যত তেওঁ সম্ভ্রান্ত মহিলা আৰু পুৰুষৰ মুখেৰে গল্প কোৱাই এক মনোৰম আৰু ৰসপূর্ণ সাহিত্য সৃষ্টি কৰে। এইবিধ সাহিত্যৰ ইহলৌকিক চৰিত্ৰ মন কৰিবলগীয়া—যি পঢ়ুৱৈসমাজক দিলে এক নতুন পৃথিৱীৰ সন্ধান।
মানৱতাৰ জয়গান গাই মনুষত্বৰ মৰ্যদাক মুকলি স্বীকৃতি দিছে ইংলেণ্ডৰ প্রসিদ্ধ নাট্যকাৰ শ্বেইক্সপীয়েৰে (William Shakespeare, 1564-1616) তেওঁৰ বিশ্ববিখ্যাত নাটক হেমলেটত (Hamlet)। ইয়াত তেওঁ মানুহক গুণ আৰু কৃতিত্বেৰে মহীয়ান কৰি তুলিছে। মানুহ ভাগ্যৰ দাস নহয়, তেওঁ সৌন্দৰ্যৰ প্রতীক—কর্মক্ষমতাত দেৱদূত স্বৰূপ, বোধশক্তিত ভগৱানসদৃশ। তেওঁ পৰিপূৰ্ণ, জীৱশ্রেষ্ঠ—What a piece of work is man! How noble in reason! how infinite in faculties! in form and moving, how express and admirable! in action how like an angel! in apprehension, how like a god! the beauty of the world! the paragon of animals! নিঃসন্দেহে ক’ব পাৰি এই উক্তিত আছে অকুণ্ঠ মানৱবন্দনা, বুদ্ধিমত্তাৰ স্বীকৃতি। ৰেনেচাঁ যুগত ইহজাগতিক বাস্তৱভিত্তিক চিন্তাই এই কথা প্রতিষ্ঠা কৰিছিল যে অলৌকিক পৃথিৱীৰ প্রতি স্পৃহা এক নিষ্ফল সন্ধান। মধ্যযুগীয়া নৈৰাশ্যবাদী ভাবধাৰা আৰু জীৱন-বিমুখ ধর্ম নহয়, এতিয়া প্রয়োজন বাস্তৱমুখী সম্ভাৱনাপূর্ণ স্থিতি আৰু আধুনিকমনস্ক পৰিপূর্ণ ব্যক্তিৰ।
৫.
ৰেনেচাঁই মানুহৰ ব্যক্তিত্বক নকৈ গঢ় দিব বিচাৰিছিল। এজন ৰেনেচাঁ আদর্শ ব্যক্তিৰ সংজ্ঞা আমি পাওঁ ইতালীৰ বালদাচাৰ ক্যাসটিলিয়নৰ (Baldassare Castiglione, 1478-1529) Book of Courtier-ত। ১৫২৮ চনত লিখা এই কিতাপখনি বহুতো সম্ভ্ৰান্ত আৰু ৰাজপৰিয়ালৰ লোকৰ বাবে এখন হাত পুথিয়েই আছিল য’ত ভদ্রতা আৰু সৌজন্যবোধৰ শিক্ষাৰে উদ্ভাসিত ভদ্রালোকৰ প্রতিচ্ছবি দাঙি ধৰা হৈছে। আধুনিক ৰেনেচাঁ ভদ্রলোকজন হ’ব লাগিব শিক্ষিত, ৰণকৌশলত পাৰ্গত, উদ্যোগী, সপ্রতিভ আৰু সুদর্শন। তেওঁ জানিব লাগিব গ্রীক আৰু লেটিন, হ’ব লাগিব খেলাত দক্ষ, ঘোঁৰা দৌৰত পাকৈত, সুঠাম দেহৰ গৰাকী, তীক্ষ্ণধী, নিপুন যোদ্ধা আৰু সমাজৰ এক সন্মানিত ব্যক্তি। দাম্ভিকতা আৰু ভণ্ডামি পৰিহাৰ কৰি তেওঁ হ’ব লাগিব এক সহজ, সৰল সংস্কৃতিৱান ব্যক্তি। বহির্বিশ্বৰ আৰু সমাজৰ যোগ্য ব্যক্তি এইজন ৰেনেচাঁ পুৰুষ অত্যন্ত Secular, তেওঁ বৈষয়িক চিন্তা আৰু ব্যক্তিস্বতন্ত্ৰ্যৰ প্রতীক—তেওঁ আত্মবিশ্বাসী আৰু আত্মসচেতন। ভাগ্যক ধিয়াই থকা দুর্বল মন তেওঁৰ নাই, অর্থাৎ তেওঁৰ জীৱন-শৈলীত মধ্যযুগীয়া অভ্যাস-আচৰণ নাই।
ইটালীৰ নিকলো মেকিয়াভেলিৰ (Niccolo Machiavelli, 1469-1527) ৰচনা The Prince ৰেনেচাঁ যুগৰ এক যুগান্তকাৰী গ্রন্থ। বস্তুনিষ্ঠ দৃষ্টিভংগীৰে লিখা এই গ্রন্থত মধ্যযুগীয়া ধাৰণা “ৰজা ভগৱানৰ প্রতিভূ”—, এই বিশ্বাসক সম্পূর্ণভাৱে ধূলিসাৎ কৰা হৈছে। ঐশ্বৰিক শক্তিৰ প্রতিভূ ৰজাই কোনো ভুল কৰিব নোৱাৰে বা ভুল পথ ল’ব নোৱাৰে—এনে ভ্রান্তিমূলক ধাৰণা আৰু ধর্মীয় ব্যাখ্যা বর্জন কৰি মেকিয়াভেলিয়ে ব্যৱহাৰিক ৰাজনীতিৰ (Politics) ওপৰত বেছি গুৰুত্ব দিছে। তেওঁৰ মতে ৰজা সময়বিশেষ হ’ব লাগিব, ধূর্ত, সুবিধাবাদী, নিষ্ঠুৰ আৰু হত্যাকাৰী—অৰ্থাৎ, ৰজাৰ শাসন নৈতিক মূল্যবোধৰ উৰ্দ্ধত। “The end justifies the means”—মেকিয়াভেলিৰ এই নীতিৰ ভিত্তিত ৰাজতন্ত্ৰৰ অন্যায়ও হৈ পৰে ব্যৱহাৰিক ৰাজনীতিৰ অংগ। তেওঁৰ চিন্তাই একধৰনৰ ধৰ্মনিৰপেক্ষ শাসন পদ্ধতি সূচনা কৰে।
ৰেনেচাঁ যুগৰ শিল্প কলাতো বাস্তৱধৰ্মী আৰু মানৱীয় চিত্র দেখা যায়। ইয়াৰ লগত মধ্যযুগীয়া ধর্মীয় শিল্পকলাৰ পার্থক্য চকুত পৰাবিধৰ। মধ্যযুগৰ শিল্পকলাৰ পৃষ্ঠপোষক আছিল গীৰ্জা আৰু চিত্রশিল্পীসকল আছিল গীৰ্জাৰ যাজক (Monk)। বাইবেলৰ গল্প-কাহিনী আছিল চিত্ৰৰ মূল বিষয়। সাধাৰণতে আকাশ অৰ্থাৎ ভগৱানৰ পিনে তেওঁলোকৰ দৃষ্টি নিবদ্ধ হৈ থাকে। ৰেনেচাঁ শিল্পকলাই এই ধৰ্মীয় গণ্ডী বা বাতাৱৰণৰ পৰা তেওঁলোকৰ চিত্ৰসমূহ বহু পৰিমাণে মুক্ত কৰিলে। তেওঁলোকে চিত্রায়ণ কৰিলে আৱেগ-অনুভূতিসম্পন্ন প্রাণৱন্ত মানুহ আৰু মানুহৰ বুদ্ধিদীপ্ত ছবি অঁকাটোৱেই আছিল এওঁলোকৰ মূল লক্ষ্য। এচাম শিল্পীয়ে ধর্মীয় বাধা-নিষেধ নেমানি বৈজ্ঞানিক দৃষ্টি আৰু যুক্তিৰে শিল্পৰ বিষয়বস্তুৰ স্বৰূপ বুজিবলৈ চেষ্টা কৰিছিল। মাইকেল এঞ্জোলোৱে (Michael Angelo, 1475-1564) গোপনে মানৱ দেহ ছেদন কৰি দেহৰ গঠনৰ বিষয়ে জানিবলৈ বিচাৰিছিল। যিটো কাম কেথেলিক ধর্মই নিষিদ্ধ ঘোষণা কৰিছিল। প্রায়ে দেখা গৈছিল যে এই যুগৰ শিল্পীসকলৰ সৃজনত আছিল যুক্তিপূর্ণ উপস্থাপন আৰু সূক্ষ্ম পৰ্যবেক্ষণ।
সেই যুগৰ মনীষীসকলৰ জীৱনত জ্ঞানৰ স্পৃহাই কেনেকৈ বিজ্ঞানীসুলভ মানসিকতাৰ উন্মেষ ঘটাইছিল তাৰ আভাস পাবলৈ আমি লিয়োনাৰ্ডো দ্যা ভিঞ্চিৰ (Leonardo da Vinci, 1452-1519) বক্তব্য উল্লেখ কৰিব পাৰোঁ। “প্রকৃতি নিয়মৰ দ্বাৰা নিয়ন্ত্রিত, কিন্তু মানুহে সেই নিয়ম আৱিষ্কাৰ কৰিবলৈ সক্ষম” এনে মতামতত যুক্তি আৰু বৈজ্ঞানিক মানসিকতা সর্বোচ্চ স্তৰত উপনীত হোৱা যেন লাগে। অলৌকিক ব্যাখ্যাৰ প্রতি ভিঞ্চিৰ কোনো আগ্রহ নাছিল। তেওঁ কৈছিল—ইন্দ্রিয়গ্রাহ্য অভিজ্ঞতাৰে বিজ্ঞানক আগুৱাই নিব লাগিব। তেওঁৰ বিচাৰত আত্মাও এই মানৱিক অস্তিত্বৰে অংশ। ধর্মমুক্ত (Secular) মনোভাৱৰ স্পষ্ট পৰিচয় দি তেওঁ কৈছিল,“আত্মাৰ যদি অন্য কিবা বৈশিষ্ট্য আছে, সেই কথা মই নেজানোঁ। ধর্মযাজকসকলেহে সেই কথা ভালকৈ জানিব”। এই প্রকাৰৰ মতামতে তেওঁৰ যুক্তিবাদী ধর্মনিৰপেক্ষ মনৰ পৰিচয় দিয়ে। যিহেতু ভিঞ্চিক ৰেনেচাঁৰ প্রতিভূ বুলি ধৰা হয় সেই কাৰণে আমি তেওঁৰ বক্তব্যৰ ওপৰত বিশেষ গুৰুত্ব দি ৰেনেচাঁৰ বুকুত যি যুক্তিশীলতাৰ উন্মেষ ঘটিছিল তাৰ স্বৰূপ বুজিবলৈ যত্ন কৰিলোঁ। যুক্তিশীলতাৰ আশ্ৰয় লৈ ভিঞ্চিয়ে সগৌৰবে ঘোষণা কৰিছিল, “প্রকৃতিৰ ৰহস্য উদঘাটন কৰাক মই মোৰ জীৱনৰ ব্ৰত হিচাপে গ্রহণ কৰিছোঁ”। এনে অভিমতত আধুনিক মানসিকতাৰ বার্তা শুনিবলৈ পাওঁ।
লিয়োনাৰ্ডোৰ উক্তিৰ পৰা বুজা যায় সেই কালত বৈজ্ঞানিক মানসিকতাই বহুতকে উদগনি দিছিল। কিন্তু কেৱল উদগনি দিয়াই নহয়, বিজ্ঞানে আত্মপ্রকাশৰ বাট বিচাৰি পাইছিল ৰেনেচাঁ যুগৰ এচাম প্রতিভাধৰ ব্যক্তিৰ চিন্তা- চৰ্চাত। নৱলব্ধ যুক্তিবোধৰ সহায়ত এওঁলোকে এৰিষ্টটল, গেলেন আৰু টলেমিৰ বৌদ্ধিক একাধিপত্যক লাহে লাহে শিথিল কৰিছিল। কোপাৰনিকাচ, গেলিলিঅ, ব্রুনোৰ দৰে বিজ্ঞানীয়ে মধ্যযুগীয়া বিশ্ব-ভাবনাৰ ভেটি দুর্বল কৰাত প্রচুৰ অৰিহণা যোগাইছিল। “পৃথিৱীৰ চাৰিওফালে সূর্য ঘূৰিব ধৰিছে”—এই ধর্মীয় ধাৰণাই ৰেনেচাঁৰ কালছোৱাত বিশ্বাসযোগ্যতা হেৰুৱাইছিল। এইধৰণৰ ধৰ্মবিৰোধী ধাৰণা প্রচাৰ কৰাৰ কাৰণে ব্রুনোক জীয়াই জীয়াই পুৰি মৰাৰ ঘটনা আজি সর্বজনবিদিত। আনহাতে ইংলেণ্ডৰ ফ্রান্সিচ বেকনৰ দৰে মনীষীয়ে বিজ্ঞানচৰ্চাৰ ক্ষেত্ৰত কাৰণ-অনুসন্ধানমূলক পদ্ধতিৰ গুৰুত্বৰ কথা কৈছিল। এইধৰণৰ চিন্তা-চৰ্চা এটা সংকীর্ণ শ্ৰেণীৰ মাজত আবদ্ধ থাকিলেও তাৰ সুদূৰপ্ৰসাৰী প্রভাক অস্বীকাৰ কৰিব নোৱাৰি। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে প্রযুক্তি বিজ্ঞানৰ অগ্রগতিয়েও ৰেনেচাঁৰ উদ্ভৱ আৰু প্রসাৰত অৰিহণা যোগাইছিল। উদাহৰণ হিচাপে ছপাশালৰ কথা ক’ব পাৰি। ছপাশালৰ কাৰণেই নতুন ভাবধাৰা কঢ়িয়াই অনা ছপা পুথিবোৰ সেই যুগৰ বহু মানুহৰ বাবে সহজলভ্য হৈ পৰিছিল। তাৰ আগলৈকে যাজক আৰু অভিজাত শ্ৰেণীৰ মাজতহে হাতে লিখা পুথিবোৰ আৱদ্ধ আছিল।
ৰেনেচাঁৰ সময়ছোৱাত দুগৰাকী প্ৰভাৱশালী সম্রাজ্ঞীয়ে—ইংলেণ্ডৰ ৰাণী এলিজাবেথ (Elizabeth, 1558-1603) আৰু স্পেইনৰ ৰাণী ইজাবেলাই (Isabella of Castile 1474-1504) ৰাজত্ব কৰিলেও, কোনো বিদূষী মহিলাৰ গুৰুত্ত্বপূৰ্ণ ৰচনা অথবা শিল্পকর্ম এই কালছোৱাত দেখা নগ’ল। সেই সময়ৰ সমাজ যে কঠোৰ পিতৃতান্ত্রিক নিয়ম-নীতিৰ অধীনত আছিল সেই কথাৰ কিছু আভাস Leon Battista Alberti-ৰ On the Family-ত (1444) পোৱা যায়। তেওঁৰ দৃষ্টিত তিৰোতাসকলে পুৰুষৰ দৰে বজাৰত মুকলিকৈ চলা-ফুৰা কৰিলে স্বামীসকলৰ সন্মান ক্ষুন্ন হয়। অৱশ্যে এনে মূল্যবোধৰ বিৰুদ্ধে আমি দুই-এগৰাকী মহিলাৰ প্রতিবাদী কণ্ঠস্বৰৰ সম্ভেদ পাওঁ। ফ্রান্সৰ কৃষ্টিন দ্যু পিজাই (Christine du Piza) লিখা The City of Ladies-এ (1404-5) পুৰুষতন্ত্ৰৰ অধিপত্যৰ বিষয়ে ব্যতিক্রমী মন্তব্য দিছে। তেওঁৰ মতে যিসকল দুশ্চৰিত্ৰ পুৰুষ তেওঁলোকে ঈৰ্ষাৰ বশৱৰ্তী হৈ তেওঁলোকতকৈ উচ্চবুদ্ধিসম্পন্না আৰু সৎ নাৰীক সাধাৰণতে দোষাৰোপ কৰে। ১৪৩০ চনত ভেৰোনাৰ Isotta Nagarola-ই সমধর্মী মতামত দিছিল, “পুৰুষতকৈ বেচি কথা-চহকী আখ্যা দিয়াতকৈ নাৰীসকলৰ সৎ গুণ আৰু বাকচাতুর্যহে তেওঁলোকতকৈ বেছি বুলি পুৰুষসকলে কোৱা উচিত”। এনেধৰণৰ সাহসী উক্তি প্রকাশ কৰাৰ বাবে পুৰুষসকলৰ চকুত তেওঁ গৰিহণাৰ পাত্রী হয়। কোৱা বাহুল্য, এইসকল নাৰীৰ বিসম্বাদ আছিল ব্যতিক্রমহে। বুৰঞ্জীৰ পাতত আমি সমজাতীয় বিসম্বাদৰ আৰু নমুনা পাওঁ। ১৫৫৫ চনত Louise Labbe-এ পেত্রাকৰ পুৰুষসুলভ প্ৰেমৰ ৰীতিৰ বিপক্ষে লিখে, “I’d use the power of my eyes so well / That in no time I’d conquer him completely”। এই আত্মবিশ্বাসসূচক উক্তিত ‘conquer’ শব্দটো অর্থবহ। এক উচ্চমানবিশিষ্ট নাৰীবাদী কবিতা লিখিছিল ১৬১২ চনত ইংলেণ্ডত জন্ম গ্রহণ কৰা (পিছলৈ তেওঁ আমেৰিকাৰ বাসিন্দা হয়) Anne Bradstreet-এ। পুৰুষতান্ত্রিক সমাজত সাধাৰণতে নাৰীৰ কৃতি বা সাফল্যক পুৰুষে স্বীকৃতি দিব নিবিচাৰে। এই প্রতিকূলতা সন্দৰ্ভত ব্রেডষ্ট্ৰীটৰ আক্ষেপ স্পষ্ট—,“If what I do prove well, it won’t advance, They’ll say its stolen, or else it was by chance”। এনেকৈ কবিয়ে তেওঁৰ Prologue নামৰ কবিতাটিত পুৰুষতান্ত্রিক সমাজত এগৰাকী লেখিকা হোৱাৰ যাতনাৰ কথা ক্ষোভেৰে ব্যক্ত কৰিছে। লক্ষনীয় যে এনে সৃষ্টিত একধৰণৰ যুক্তিপৰায়ণতাৰ উদগনি লক্ষ্য কৰা যায়। কিয়নো, যুক্তিৰ দ্বাৰা চালিত নহ’লে পৰম্পৰাগত লিংগ বৈষম্যৰ বিভিন্ন দিশ ফঁহিয়াই চোৱটো সম্ভৱ নহয়। কোৱা বাহুল্য, এইধৰণৰ কবিতাই নাৰীবাদী সৃষ্টিৰ পথ কিছু পৰিমাণে মুকলি কৰি দি ৰেনেচাঁৰ ঐতিহ্যত এক সুকীয়া মাত্রা প্রদান কৰে।
গ্রন্থ-পঞ্জী
J. Brotton, The Renaissance : A Very Short Introduction, Oxford, 2005
G. A. Johnson, Renaissance Art : A Very Short Introduction, Oxford, 2005
H. A. Davies, An Outline History of the World, Hong kong, 1975.
A Dictionary for Believers and Nonbelivers, Moscow, 1989.
R. J. Forbes, The Conquest of Nature, Harmondsworth, 1971.
J. R.Hale, Renaissance Europe : 1480-1520, London, 1972.
সুৰজিৎ দাশগুপ্ত, নবজাগৰণ : বিচাৰ বিতৰ্ক, কলকাতা, ২০১৬।
বসুধা চক্রবর্তী, মানবতাবাদ, কলকাতা, ১৯৬১।
আবদুল হালিম/নূন নাহাৰ বেগম, মানুষেৰ ইতিহাস : আধুনিক ইউৰোপ, ঢাকা, ২০০৫।
অমলেশ ত্রিপাঠী, ইতালীৰ ৰনেশাঁস, বাঙালীৰ সংস্কৃতি, কলকাতা, ১৯৯৬।
শিবনাৰায়ণ ৰায়, প্রবন্ধ সংগ্রহ (২), কলকাতা, ২০০৩।
[কিছুমান তথ্য ইণ্টাৰনেটৰ যোগেদি বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে।]