নিবন্ধসম্পাদকীয়

সম্পাদকৰ টোকা :: বিশ্বাসতন্ত্ৰ আৰু ধোঁৱাৰ আঁৰৰ প্ৰসূতিকোঠা  (কৌশিক দাস)

(১)

চুবুৰীয়া দেশ দুখনৰ দুটা ঐতিহাসিক ঘটনা উদাহৰণ হিচাপে উল্লেখ কৰি এই চমু আলোচনা আৰম্ভ কৰিছোঁ। প্ৰথমটো ঘটনা আফগানিস্তানৰ, দ্বিতীয়টো পাকিস্তানৰ।

প্ৰায় এশ বছৰৰ আগতে, ১৯১৯ চনত আফগানিস্তানত আধুনিক বিদ্যালয়ৰ সংখ্যা আছিল মাত্ৰ চাৰিখন, তাকো নামতহে সেইকেইখন আছিল আধুনিক। সেইটো বছৰত দেশখনৰ শাসনলৈ আহিছিল এগৰাকী বিদ্যানুৰাগী মুক্ত মনৰ মানুহ—আমানউল্লাহ খান। আমানউল্লাহ খান আৰু তেওঁৰ জীৱন সংগিনী চুৰাইয়া তাৰজিৰ আন্তৰিক সদ্দিচ্ছা আৰু অভূতপূৰ্ব সক্ৰিয়তাত—পুৰুষ আৰু নাৰী, উভয়ৰে বাবেই—আফগানিস্তানত উন্মুক্ত হৈ পৰিছিল আধুনিক শিক্ষাৰ দুৱাৰ, প্ৰতিষ্ঠা হ’বলৈ ধৰিছিল নতুন নতুন শিক্ষানুষ্ঠানৰ। শিক্ষাৰ উপৰিও অন্যান্য দিশতো দেশখনত প্ৰগতিশীল আলো‌ড়নে নতুন দিগন্ত উন্মোচন কৰাৰ সম্ভাৱনাই দেখা দিছিল। বহুতেই তেতিয়া ধাৰণা কৰিছিল, ইমান দিনে পিছ পৰি থকা দেশখন দিন দিনে প্ৰগতিৰ বাটত আগুৱাই যাব।

কিন্তু তেনে নহ’ল। এটা সময়ত আশাৰ বাণী কঢ়িয়াই অনা আমানউল্লাহ আৰু চুৰাইয়াৰ প্ৰগতিৰ ৰথৰ অগ্ৰগতি সম্পূৰ্ণ স্তব্ধ হৈ পৰিল আফগানিস্তানত। এই সন্দৰ্ভত আমি “মুক্ত চিন্তা”-ৰ পূৰ্বৰ এটি সম্পাদকীয়ত বিস্তাৰিতভাৱে আলোচনা কৰাৰ প্ৰয়াস কৰিছিলোঁ (উক্ত লিখাটো পঢ়িবলৈ ইয়াতে হেঁচা মাৰক)  আজি আমি কি দেখিছোঁ দেশখনত? মাত্ৰ শিক্ষাৰ ক্ষেত্ৰতেই নহয়, আধুনিকতাৰ সকলো উপাদান নিৰ্মমভাৱে নিশ্চিহ্ন কৰি দি দেশখনক ওলোটাই লৈ যোৱা গৈছে অতীতৰ ভয়াবহ বৰ্বৰ দিনলৈ। আফগানিস্তানত একাংশ মানুহৰ আধুনিক প্ৰগতিশীল প্ৰচেষ্টা অতি শোচনীয়ভাৱে পৰাভূত হ’ল প্ৰাচীন ধৰ্মীয় মৌলতন্ত্ৰৰ হাতত।

এইবাৰ পাকিস্তানৰ কথাৰে আহোঁ দ্বিতীয়টি উদাহৰণলৈ। এই উপমহাদেশৰ স্বাধীনতা আন্দোলনৰ অন্যতম কৰুণ পৰিণতি আছিল ধৰ্মভিত্তিক ৰক্তাক্ত দেশবিভাজন। ধৰ্মক শাসনৰ মৰ্মস্থলত উপবিষ্ট কৰি পৃথিৱীৰ ৰাজনৈতিক মঞ্চত আত্মপ্ৰকাশ কৰিছিল পাকিস্তানে। বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ল, বহুপ্ৰচাৰিত তেনে ধৰ্মীয় একতাৰ প্ৰকৃত স্বৰূপ ওলাল প্ৰকট বৈষম্য-বিভাজনৰ মাজত; একেটা ধৰ্মকেই আগ স্থান দিয়া পূৰ্ব-পাকিস্তানৰ জনতাৰ ওপৰত পশ্চিমৰ পাকিস্তানে আৰম্ভ কৰি দিলে ভয়াবহ অৱদমন আৰু নৃশংস অত্যাচাৰ। পূৰ্ব-পাকিস্তানৰ সাধাৰণ মানুহৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হ’ল। ধৰ্মভিত্তিক ৰাষ্ট্ৰ গঠন কৰাটো যে এটা অৰ্থহীন কাম, ধৰ্মভিত্তিক একতা যে পানীৰ মিঠৈ— সেইটো জল্‌জল্‌ পট্‌পট্‌কৈ ওলাই পৰিল। পৰৱৰ্তী সময়ত পূৰ্ব-পাকিস্তানৰ জনতাই তেনে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ পৰা মুক্তি বিচাৰি বলিষ্ঠ সংগ্ৰাম আৰম্ভ কৰিলে। গুৰুত্ত্বপূৰ্ণ কথা, পূৰ্ব-পাকিস্তানৰেই একাংশ মানুহ— সেই একেই ধৰ্মৰ— পশ্চিমৰ অত্যাচাৰী পাকী-বাহিনীৰ সৈতে পূৰ্ণ সহযোগিতা আগ বঢ়াইছিল। মাথো সিমানেই নহয়—, নিজ দেশৰ, নিজৰ ধৰ্মৰ বহুতো মানুহক সিহঁতে হত্যা কৰিছিল, ধৰ্ষণ কৰিছিল অগণন নাৰীক। এইদৰেই ধৰ্মীয় একতাৰ স্বপ্নাশ্ৰয়ী কল্পকথা ধোঁৱা হৈ উৰি গ’ল পূৰ্ব-পাকিস্তানত, লক্ষজনৰ মৃত্যু হ’ল, ধৰ্ষিতা হ’ল অসংখ্য নাৰী। জন বায়াজৰ দৰে বিশ্ববিশ্ৰুতা শিল্পীৰ কণ্ঠৰে যেন নিৰ্গত হ’ল পূৰ্ব-পাকিস্তানৰ জনতাৰ মৰ্মবেদনা—“The story of Bangladesh / Is an ancient one again made fresh / By blind men who carry out commands / Which flow out of the laws upon which nation stands / Which is to sacrifice a people for a land / Bangladesh, Bangladesh/Bangladesh, Bangladesh /When the sun sinks in the west /Die a million people of the Bangladesh” (গীতটি শুনিবলৈ ইয়াতে হেঁচা মাৰক)। প্ৰচুৰ ৰক্তক্ষয়ী সংগ্ৰামৰ অন্তত ১৯৭১ চনত জন্ম হ’ল স্বাধীন বাংলাদেশৰ। ঘটনাটোৱে বিশ্বৰ সচেতন প্ৰগতিকামী মানুহৰ মনলৈ বহুতো আশা কঢ়িয়াই আনিছিল। নতুনকৈ জন্ম হোৱা দেশখনৰ আৱেগবিহ্বল জনতাৰ কথা বাদেই, বিদেশৰ বহুতো মানুহেও ধাৰণা কৰিছিল, বাংলাদেশত এইবাৰ মৌলতন্ত্ৰৰ শেষ—দেশখন আগ বাঢ়িব আধুনিকতাৰ হাত ধৰি। ভূপেন হাজৰিকাৰ দৰে শিল্পীয়ে প্ৰকাশ কৰিলে সুগভীৰ আশা আৰু প্ৰত্যয়—“ধৰ্মান্ধতাৰ বিপৰীতে ধৰ্মনিৰপেক্ষতা  /বিভেদকামী শক্তিৰ সলনি / গংগা পদ্মাৰ একতা” (গীতটি শুনিবলৈ ইয়াতে হেঁচা মাৰক)।

১৯৭১ চনত বাংলাদেশত মৌলতন্ত্ৰৰ সঁচাই জানোঁ উৎখাত হৈছিল? অলপ দিন তাপ মাৰি পুনৰ মৌলবাদীবোৰ তৎপৰ হৈ উঠিছিল, দিনে দিনে শক্তি সঞ্চয় কৰি গৈছিল সৰ্বসাধাৰণ মানুহৰ ধৰ্মবিশ্বাসক হাতিয়াৰ কৰি। এই বিষয়ে আমি অন্যত্ৰ কিছু দীঘলীয়াকৈ আলোচনা কৰিবলৈ যত্ন কৰিছিলোঁ (দ্ৰষ্টব্য: “নতুন পদাতিক“, জুলাই, ২০১৩)। এইদৰেই এটা সময়ত মৌলতন্ত্ৰই পুনৰ ভয়ংকৰ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিলে বাংলাদেশত, শাসনলৈ আহিল অতি ৰক্ষণশীল, গো‌ড়া, ধৰ্মান্ধ আৰু স্বৈৰতন্ত্ৰী সামৰিক কায়দাৰ শাসক। “মুক্তিযুদ্ধ”-ৰ আগে-পিছে সাধাৰণ জনতাই দেখা সপোন সপোনেই হৈ থাকিল; মুক্তচিন্তাৰ পৰিৱেশ, উদাৰ গণতান্ত্ৰিক মূল্যবোধ আদি দেশখনৰ পৰা অন্তৰ্হিত হৈ পৰিল। সংখ্যালঘুৰ ওপৰত আৰম্ভ হ’ল প্ৰচণ্ড নিপী‌ড়ন। কথা ইমানলৈ গৈছিল যে ১৯৯১ চনৰ ডিচেম্বৰ মাহত “মুক্তিযুদ্ধ”-ৰ সময়ৰ এক কুখ্যাত নৰঘাতক গোলাম আজমক জামাতি-ই-ইছলামীয়ে সিহঁতৰ দলৰ আমীৰ বুলি ঘোষণা কৰে! ধৰ্মীয় মৌলবাদে দেশখনৰ সুস্থ-সবল বিকাশৰ বাটত কণ্টক হৈ থিয় দিলে।

বহুজনবিদিত উপৰিউক্ত উদাহৰণ দুটিয়ে বাৰু আমাক কি কথা বাৰে বাৰে সকীয়াই যায়? আমাৰ চুবুৰীয়া আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশ—এই তিনিওখন দেশৰ উপৰিউক্ত কথাকেইটাই কোনো সন্দেহ, কোনো দ্বিধা, কোনো খুদুৱনিৰ অৱকাশ নথকাকৈ তৰ্কাতীতভাৱে প্ৰতিপন্ন কৰে যে ধৰ্মীয় মৌলতন্ত্ৰৰ ভিত্তিত এই যুগত এখন কল্যাণকামী আধুনিক ৰাষ্ট্ৰ গঢ় দিয়াটো সম্ভৱ নহয়।

(২)

চুবুৰীয়া দেশকেইখনত মৌলতন্ত্ৰৰ ভয়াবহতাৰ কথাটো ইমান পৰিষ্কাৰ, ইমান স্পষ্ট হোৱাৰ পাছতো সাম্প্ৰতিক সময়ে শুভবুদ্ধিসম্পন্ন মানুহক গভীৰ শংকা আৰু উদ্বেগেৰে ভৰা প্ৰশ্ন এটাৰ সৈতে মুখামুখি কৰাই দিছে। প্ৰশ্নটো হৈছে—, ধৰ্মীয় মৌলতন্ত্ৰৰ অসাৰতা আৰু ৰাষ্ট্ৰ নিৰ্মাণত তাৰ অৱধাৰিত বিফলতাৰ কথা কিমানজনে বাৰু সঁচাই অনুধাৱন কৰিবলৈ সক্ষম হৈছে? চৌপাশে ঘটি থকা নানান ঘটনাৱলীয়ে নিশ্চিতভাৱে প্ৰতীয়মান কৰিছে যে বুজনসংখ্যক মানুহ আজি মৌলতান্ত্ৰিক ৰাষ্ট্ৰনিৰ্মাণৰ স্বপ্নত বিভোৰ। বিভিন্ন মাধ্যমৰ সহায়েৰে অবিৰত প্ৰচাৰ, ক্ষমতা আৰু বলৰ প্ৰয়োগ, ধনবিতৰ কাৰবাৰ আদিয়ে তেনে স্বপ্নৰ বিস্তাৰণ অতি দ্ৰুত কৰি তুলিছে। সেইসমূহ কাৰক নিশ্চয়কৈ অতি শক্তিশালী। কিন্তু আমি লক্ষ্য কৰিব লাগিব, সামগ্ৰিকভাৱে গোটেই নেতিবাচক আলো‌ড়নটোৰ জীৱনীশক্তিৰ অন্যতম শক্তিশালী উৎস লুকাই আছে অন্য এটি দিশতহে। সেইটো হৈছে মানুহে নিজৰ নিজৰ বিশ্বাসতন্ত্ৰত স্থাপন কৰা প্ৰশ্নহীন আনুগত্য আৰু সুগভীৰ আস্থা। মৌলতন্ত্ৰই মানুহৰ বিশ্বাসক মূলধন কৰি নিজৰ কাম আৰম্ভ কৰে, মানুহৰ মনত পূৰ্বৰে পৰাই প্ৰোথিত হৈ থকা বিশ্বাসক সুৰ্‌সুৰাই দিয়ে, তেনে সুৰ্‌সুৰণিয়ে মানুহক উত্তেজিত-উদ্দীপিত কৰে, নিজৰ বিশ্বাসতন্ত্ৰৰ প্ৰতি মানুহৰ আকৰ্ষণ আৰু একাত্মতা হৈ পৰে অধিক তীব্ৰ আৰু কট্‌কটীয়া। এইটো গোটেই কথাটোৰ এটি দিশহে। অন্য এটা দিশত দেখা যায় মানুহৰ নিজৰ বিশ্বাসতন্ত্ৰৰ বহিৰ্ভূত লোক বা জনসমষ্টিৰ প্ৰতি থকা সীমাহীন বিৰোধ আৰু বিদ্বেষ। সাম্প্ৰতিক সময়ত তেনে বিৰোধ আৰু বিদ্বেষে অতি হিংসাত্মক, অতি মাৰাত্মক ৰূপত আত্মপ্ৰকাশ কৰা আমি সঘনাই দেখিবলৈ পাইছোঁ। এইটো প্ৰসংগতেই পুনৰ বাংলাদেশৰ কথালৈ উভতি যাওঁ।

উল্লেখ কৰিছিলোঁ, বাংলাদেশৰ ৰাজনৈতিক-সামাজিক ঘটনাৱলী আগ বাঢ়িছে অন‌ড় আৰু জংগী বিশ্বাসতন্ত্ৰ বনাম আধুনিক আৰু প্ৰগতিশীল মতাদৰ্শৰ মাজৰ দ্বন্দ্ব-সংগ্ৰামৰ মাজেদি। বিগত দশকৰ প্ৰথমচোৱাত তেনে দ্বন্দ্বই লৈছিল এক অভূতপূৰ্ব ৰূপ। মৌলতন্ত্ৰৰ প্ৰতিমুখে বাংলাদেশৰ ‌ঢাকাৰ ছাহবাগলৈ ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা লক্ষ লক্ষ মানুহ ওলাই আহিছিল (বিস্তাৰিত আলোচনাৰ বাবে “নতুন পদাতিক”-ৰ পূৰ্বোক্ত প্ৰবন্ধ দ্ৰষ্টব্য)। উক্ত আলো‌ড়নত এটা ডাঙৰ ভূমিকা লৈছিল ইণ্টাৰনেট ব্যৱস্থাৰ সুব্যৱহাৰ কৰা বহুকেইজন বিজ্ঞানমনস্ক লেখক-লেখিকাই; তেওঁলোকে বিভিন্ন ব্লগ্‌ আৰু ৱেব-ছাইটত মৌলতন্ত্ৰৰ অসাৰতা প্ৰতিপন্ন কৰি অবিৰতভাৱে লেখামেলা কৰি আহিছিল। মূলতঃ তৰুণ প্ৰজন্মৰ এইসকল প্ৰতিভাবান লেখক-লেখিকাৰ শানিত আৰু মৰ্মভেদী যুক্তিয়ে বাংলাদেশৰ বহুতো মানুহক বিজ্ঞানমনস্কতাৰে নতুনকৈ চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰিছিল। মৌলতন্ত্ৰক নিপাত কৰিবলৈ ‌ঢাকাৰ ছাহবাগ প্ৰাংগনত আৰম্ভ হোৱা অভূতপূৰ্ব গণআন্দোলন দেশখনৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈ পৰিছিল। আন্দোলনটোৰ মূল দাবীকেইটা আছিল দেশখনত অভূতপূৰ্ব— ৰাজাকাৰবোৰক (“মুক্তিযুদ্ধ”ৰ সময়ৰ হত্যাকাৰী-ধৰ্ষক) ফাঁচী দিব লাগিব, বাংলাদেশত ধ‌ৰ্মভিত্তিক ৰাজনীতি নিষিদ্ধ কৰিব লাগিব; বাংলাদেশ হ’ব লাগিব এখন ধ‌ৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আৰু জামাতি-ই-ইছলামী নামৰ মৌলবাদী সংগঠনটোক নিষিদ্ধ কৰিব লাগিব।

মৌলবাদী শিৱিৰটোৰ জংগী তৎপৰতাও ইফালে বাঢ়ি আহিছিল। সিহঁতে প্ৰথমতে সোতৰজন বিজ্ঞানমনস্ক ব্লগাৰৰ নাম সন্নিবিষ্ট কৰি এখন তালিকা প্ৰকাশ কৰিলে; সেই ব্লগাৰকেইগৰাকীক হত্যা কৰিবলৈ ফটোৱা জাৰী কৰা হ’ল। ফেব্ৰুৱাৰী মাহৰেই ১৫ তাৰিখে ৰাজীৱ হায়দাৰ নামৰ এগৰাকী তীক্ষ্নধী তৰুণ ব্লগাৰক গধূলি বেলিকা ছাহবাগৰ পৰা চাইকেলেৰে ঘৰলৈ উভতি যোৱাৰ পৰত মৌলবাদী গুণ্ডাই আক্ৰমণ কৰি অতি নৃশংসভাৱে হত্যা কৰে। ইয়াৰ পাছতো বিজ্ঞানমনস্ক লেখক-লেখিকাৰ ওপৰত আক্ৰমণ চলিয়েই থাকিল। অৱশ্যে, বাংলাদেশত বিজ্ঞানমনস্ক লেখকৰ ওপৰত মৌলবাদীৰ আক্ৰমণৰ সেইটো কোনো নতুন ঘটনা নাছিল। বিখ্যাত চিন্তাবিদ, সাহিত্যিক, বিজ্ঞানমনস্ক লেখক হুমায়ুন আজাদে “মুক্তিযুদ্ধ”-ৰ বিৰোধিতা কৰা জামাতি-ই-ইছলামীক সমালোচনা কৰিছিল। তাৰ ফল হ’ল অতি মাৰাত্মক; ২০০৪ চনৰ ২৭ ফেব্ৰুৱাৰীত মৌলবাদী ঘাতকে চোকা অস্ত্ৰৰে তেওঁক আক্ৰমণ কৰে। বিদেশত চিকিৎসা কৰি কিঞ্চিৎ আৰোগ্য হ’লেও সেই বছৰৰেই আগষ্ট মাহত জাৰ্মানিত মৃত্যু হয় এইগৰাকী চিন্তাবিদ-লেখকৰ। তাৰো আগতে আৰজ আলি মাতুব্বৰৰ দৰে তীক্ষ্নধী মুক্ত-চিন্তক সন্মুখীন হৈছিল মৌলবাদীৰ ভয়াবহ আক্ৰমণৰ। দেশান্তৰিত হৈছিল তসলিমা নাসৰিন। তৰুণ লেখক আছিফ মহিউদ্দীন কোনো মতে মৃত্যুৰ পৰা সাৰি জাৰ্মানিলৈ পলাবলগীয়া হৈছিল। দেখা গৈছিল যে ছাহবাগৰ সময়ত দিয়া ভাবুকিবোৰ মৌলবাদী শিৱিৰটোৱে অতি কৌশলেৰে কাৰ্যকৰী কৰি গৈছিল। বিখ্যাত বিজ্ঞানমনস্ক লেখক আৰু মেধাজীৱি অভিজিৎ ৰায়ক ২০১৫ চনৰ ২৬ ফেব্ৰুৱাৰীত ঢাকাৰ ৰাজপথত ঘপিয়াই হত্যা কৰা হৈছিল। ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল অভিজিৎ ৰায়ৰ সংগিনী ৰাফিদা আহমেদ বন্যা। এই ঘটনাই সমগ্ৰ বিশ্ব তোলপাৰ কৰিলেও মৌলবাদীবোৰে নিজৰ তৎপৰতা অকণো হ্ৰাস কৰা নাছিল। সেই বছৰৰেই মাৰ্চ মাহত তেজগাঁৱত হত্যা কৰা হয় এগৰাকী লেখক ওয়াশিকুৰ ৰহমান বাবুক। মে’ মাহৰ ১২ তাৰিখে অতি প্ৰতিভাৱান তৰুণ লেখক অনন্ত বিজয় দাসক চিলেটত হত্যা কৰে মৌলবাদীয়ে। আমি পঢ়িবলৈ পোৱা অনন্ত বিজয়ৰ কোনো লিখাতে উগ্ৰ প্ৰৰোচনামূলক মত-মন্তব্য দেখা নাই; ডাৰউইন, ধৰ্মবিশ্বাস, ছদ্মবিজ্ঞান আদিৰ সন্দৰ্ভত তথ্যৰে ভৰা নানা চিন্তাশীল প্ৰবন্ধ ৰচনা কৰিছিল এইগৰাকী প্ৰচুৰ সম্ভাৱনা থকা তৰুণে, বেছ ডাঙৰ অৱয়বৰ “যুক্তি” নামৰ এখনি আটকধুনীয়া লিটি্‌ল মেগাজিনৰ সম্পাদক আছিল তেওঁ। অনন্ত বিজয়ৰ হত্যাই দেখুৱাই গৈছিল, মৌলবাদী শিৱিৰটোৱে কিমান সংগঠিত, কিমান পৰিকল্পিত ৰূপত নিজৰ কাম-কাজ চলাই যায়। লেখক-চিন্তাবিদৰ হত্যাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৰাজীৱ হায়দাৰৰ হত্যাৰ তিনি বছৰ পাছতো—২০১৬ চনৰ ৬ এপ্ৰিলৰ দিনা—হত্যা কৰা হয় ব্লগাৰ নাজিমউদ্দিনক।

এইসমূহ ভয়াবহ ঘটনাবোৰ চুবুৰীয়া দেশৰহে মাত্ৰ বুলি ভাবিলে ডাঙৰ ভুল হ’ব। ভাৰততো নৰেন্দ্র দাভোলকাৰ, গোবিন্দ পানেছাৰ, এম এম কালবুৰ্গি, গৌৰী লংকেশ আদি লেখক-মেধাজীৱি একেজাতীয় জিঘাংসা-উন্মাদনাৰ বলি হৈছে। তসলিমা নাচৰিনে “বাংলাদেশ প্রতিদিন“-ৰ (০৩. ০৯. ২০১৫) এটি প্ৰবন্ধত লেখিলে, “বাংলাদেশত যি ঘটিছে, সেয়া ভাৰততো ঘটিছে। বাংলাদেশত যুক্তিবাদী আৰু মুক্তচিন্তকসকলক শীতল মগজুৰে হত্যা কৰা হৈছে। ভাৰততো সেয়াই হৈছে”। মন কৰিবলগীয়া কথা, এই প্ৰবন্ধটো ৰচনা কৰাৰ সময়ত তসলিমা নাচৰিনে ভাৰততেই আশ্ৰয় লৈ আছিল। উক্ত প্ৰবন্ধত তেওঁ এষাৰ বৰ তাৎপৰ্যপূৰ্ণ কথা কৈছে, “কি হৈছে এই উপমহাদেশত? মুছলিম মৌলবাদ যিদৰে বা‌‌ঢ়িছে, হিন্দু মৌলবাদো বা‌‌ঢ়িছে। অসহিষ্ণুতা বা‌‌ঢ়িছে। ঘৃণা বা‌‌ঢ়িছে। ধর্মীয় সন্ত্রাস বা‌‌ঢ়িছে। বাংলাদেশৰ মুক্তচিন্তকসকলৰ মূৰত ঘাপ পৰে, ভাৰতৰ মুক্তচিন্তকসকলৰ মূৰ লক্ষ্য কৰি গুলি নিক্ষেপ কৰা হয়। মই এই দেশৰ মুক্তচিন্তকসকলক সমর্থন কৰিম, কিন্তু সেই দেশৰ মুক্তচিন্তকসকলক সমর্থন নকৰোঁ, এনেকুৱা বহুতেই কৰে জানোঁ, কিন্তু মোৰ পক্ষে সম্ভৱ নহয় এইবোৰ কৰা। মই সকলো দেশৰ সকলো মুক্তচিন্তকসকলৰ কাষত ঠিয় হওঁ আৰু সকলো দেশৰ সকলো সন্ত্রাসবাদীৰ বিপক্ষে যুজোঁ, সিহঁত যি ধর্মেৰেই নহওঁক কিয়”। মনলৈ আহিছে, তচলিমা নাসৰিন ভাৰতত থাকিবলৈ লোৱাৰ ঠিক এটা বছৰ পূৰ্বে—১৯৯৯ চনত—গ্ৰাহাম ষ্টুৱাৰ্ট ষ্টেইন নামৰ এগৰাকী অষ্ট্ৰেলিয়ান খৃষ্টান যাজকক, ১০ আৰু ৬ বছৰীয়া দুজন পুত্ৰৰ সৈতে জীৱন্তে জ্বলাই হত্যা কৰা হৈছিল উৰিষ্যাৰ এখন গাঁৱত।

আমি অকণমান গমি চালেই দেখিম, এতিয়া আৰু পৰিস্থিতি একেই হৈ থকা নাই, কথাবোৰ দিনে দিনে অধিক ভয়াবহহে হৈ পৰিছে। প্ৰতিষ্ঠিত মেধাজীৱিকেই মাত্ৰ নহয়, ভিন্ন মত-মন্তব্য-মতাদৰ্শ প্ৰকাশ কৰা সাধাৰণ লোকৰ ওপৰতো সততেই আক্ৰমণ কৰা হৈছে। অতি গুৰুতৰ কথা, তেনে আক্ৰমণত হয়তো সাধাৰণ মানুহেই আগভাগ লৈছে। এইটো এটা অতি বিপজ্জনক কথা; একাংশ সাম্প্ৰদায়িক মৌলবাদীয়ে আৰম্ভ কৰা ঘৃণা-বিদ্বেষৰ কাৰবাৰটো যে সমাজৰ বহু গভীৰলৈ শিপাই গৈ এটা যুক্তি হননকাৰী গণউন্মাদনালৈ ৰূপান্তৰিত হৈছে, এইটো হৈছে তাৰ সংকেত। অলপতে ভাৰতবৰ্ষৰ উদয়পুৰত মুছলমান মৌলবাদী চৰিত্ৰৰ দুজন মানুহে কোনো অনুতাপ, কোনো দ্বিধা মনত নৰখাকৈ—ভিন্ন মত প্ৰকাশ কৰাৰ বাবেই—হত্যা কৰিলে এজন সাধাৰণ দৰ্জ্জীক। এনে ঘটনা অৱশ্যে আমাৰ দেশত আগতেও ঘটিছে। ষ্টুৱাৰ্ট ষ্টেইনৰ কথাটো উল্লেখ কৰিছোঁৱেই। ২০১৫ চনত “নিষিদ্ধ খাদ্য”-ৰ সন্দেহত দাদ্ৰীৰ মোহাম্মদ আখলাক নামৰ সাধাৰণ মানুহ এজনক, সাধাৰণ মানুহৰ দল এটাই ইটা, লাঠি, লোৰ ৰড আদিৰে আঘাত কৰি হত্যা কৰিছিল। এইবোৰ আছিল দেশ কঁপাই যোৱা ঘটনা।

শান্তি বিৰাজ কৰা দেশ হিচাপে নিউজিলেণ্ডৰ নাম আছে। সেইখন দেশতেই ২০১৯ চনৰ ১৫ মাৰ্চত ঘটিচিল এটা ভয়ংকৰ নৰসংহাৰৰ ঘটনা। ক্রাইষ্টচার্চৰ নূৰ আৰু লিনউড নামৰ দুটা মছজিদত সমবেত হোৱা ইছলামধৰ্মী মানুহৰ ওপৰত কোনো বাচ-বিচাৰ নোহোৱাকৈ এজন বন্দুকধাৰীয়ে ধাৰাসাৰ গুলি বৰ্ষণ কৰিছিল। নাৰকীয় হত্যাকাণ্ডটো সংঘটিত কৰাৰ সময়ত ঘাতকটোৱে মূৰত বান্ধি লৈছিল ভিডিও কেমেৰা এটা। মছজিদটোত আছিল বহুতো মানুহ। তাত সোমাই, দুৱাৰমুখৰ পৰাই মানুহলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলি চালনা কৰি গৈছিল ঘাতকটোৱে, ইটো কোঠাৰ পৰা সিটো কোঠালৈ গৈ বহুবাৰ কৰিলে অবিৰাম গুলি চালনা। এগৰাকী আঘাতপ্ৰাপ্ত মহিলা বাটত ছটফটাই আছিল। তেওঁৰ মূৰত নিচেই কাষৰ পৰা গুলি এটা মাৰি চিঞৰটো চিৰকাললৈ স্তব্ধ কৰি দিছিল ঘাতকটোৱে। ইতিমধ্যেই মৃত্যু হোৱা হতভগীয়াসকলৰ মৃতদেহবোৰ দ’ম বান্ধি পৰি আছিল। তাতেই আকৌ ধাৰাসাৰ গুলি চালনা কৰিছিল ঘাতকটোৱে।

উক্ত ঘটনাটোৰ ঠিক এমাহ পাছত—১৯১৯ চনৰ ২১ এপ্ৰিলৰ দিনা—,সেইদিনা আছিল খৃষ্টানসকলৰ ইষ্টাৰ উৎসব,—শ্ৰীলংকাত মুছলিম মৌলতান্ত্ৰিক সন্ত্ৰাসবাদীয়ে বিভিন্ন গীৰ্জা আৰু ব্যৱসায় প্ৰতিষ্ঠানত সংঘটিত কৰিছিল ভয়াবহ বোমা বিস্ফোৰণ, ঘটনাটোত মৃত্যু হৈছিল প্ৰায় ৩০০ নিৰীহ মানুহৰ।

(৩)

ধৰ্মীয় মৌলবাদীয়ে নৰসংহাৰৰ ঘটনাবোৰ সংঘটিত কৰাৰ পাছত সংগত কাৰণতেই হত্যাকাৰীক শাস্তি দিবলৈ জনমত গ‌ঢ়ি উঠে। তেনে জনমতৰ আঁৰত সাধাৰণতেই থাকে শান্তিকামী মানুহৰ শান্তিৰ প্ৰতি আন্তৰিক আশা-আকাংক্ষা। এই বাক্যটোত আমি সচেতনভাৱে “সাধাৰণতেই” বুলি শব্দটো প্ৰয়োগ কৰিছোঁ, কিয়নো তেনে জনমতত কেতিয়াবা অন্যধৰণৰ উদ্দেশ্যও প্ৰচ্ছন্ন হৈ থাকিব পাৰে। সেইটো প্ৰসংগ পাছলৈ থৈছোঁ। মৌলবাদীৰ ধৰ্মীয় সন্ত্ৰাসে কোনো গুৰুতৰ কাণ্ড সংগঠিত কৰাৰ পাছত জন্ম হোৱা বিৰুদ্ধ জনমতে “অপৰাধীৰ প্ৰাণদণ্ড দিব লাগে” ইত্যাদি কথাত বৰকৈ গুৰুত্ত্ব দিয়ে। এনে ক্ষেত্ৰত, দেশৰ আইন-কানুনৰ মাজেৰে বিচাৰ চলে, সেইমতে সিদ্ধান্ত হয়, জনমতৰ গুৰুত্ত্ব তাত তেনেকৈ নাই। বিচাৰৰ ধৰণ-কৰণ আৰু তৎজনিত সিদ্ধান্ত দেশভেদে বেলেগ বেলেগ হয়। নিউজিলেণ্ডৰ সেই ভয়ংকৰ হত্যাকাৰীটোৰ বিচাৰৰ ৰায় ঘটনাটোৰ ঠিক এবছৰ পাছতেই দিয়া হৈছিল, অপৰাধীয়ে পেৰ’লত মুক্তি পোৱাৰ সম্ভাৱনা চিৰকালৰ বাবে বন্ধ কৰি প্ৰদান কৰা হৈছিল যাৱজ্জীৱন কাৰাদণ্ড—এইধৰণৰ শাস্তি দেশখনত সেইটোৱেই আছিল প্ৰথম।

আমি উনুকিয়াই আহিছিলোঁ যে আইনগত বিচাৰ-প্ৰক্ৰিয়াৰ মাজেৰে লোৱা সিদ্ধান্তত জনমতৰ সিমান গুৰুত্ত্ব নাই। শুভবুদ্ধিসম্পন্ন বহুতো মানুহে সংগত কাৰণতেই আশা কৰে যে অপৰাধীৰ শাস্তি হওক। অৱশ‌্যে আইনগত পদ্ধতি এটাৰ মাজেদিহে বিচাৰ চলে আৰু সেইমতে অপৰাধীৰ শাস্তি হয়, তাত শুভবুদ্ধিৰ কথাটো তেনেই অপ্ৰাসংগিক, আইনৰ প্ৰায়োগিক দিশত তাৰ মূল্য শূন্য। সেইবাবে ধৃত মৌলবাদী অপৰাধীক “এই কৰিব লাগে”, “সেই কৰিব লাগে”—মানুহৰ এইধৰণৰ ইচ্ছাপূৰণমূলক কথাত অধিক গুৰুত্ত্ব দিয়াৰ সলনি আমি অন্য দুটামান দিশলৈ চকু দিলেহে ভাল হ’ব।

আমি পাহৰি গ’লে ভুল হ’ব যে এইধৰণৰ সন্ত্ৰাসবাদীৰ কামবোৰ কোনো বিক্ষিপ্ত ঘটনা নহয়। অৰ্থাৎ, এইবোৰ এজন বা দুজন মানুহ, কিম্বা এটা বা দুটা সৰু গোটে লগ লাগি কৰা কোনো বিক্ষিপ্ত আৰু উৎকেন্দ্রিক কাৰ্যৰ ফল নহয়। তাৎক্ষণিকভাৱে তেনে পৈশাচিক কাণ্ডত জড়িত হত্যাকাৰী এজনক কাৰায়ত্ত কৰি শাস্তি দিলেই মূল দ্বন্দ্ব-সমস্যাবোৰ অন্তৰ্হিত হৈ নেযায়। ধৰ্মীয় মৌলবাদ আৰু তৎজনিত সন্ত্রাস আজি বিশ্বব্যাপী সংক্রমিত আৰু সংঘটিত এটা বিৰাট আৰু বিস্তাৰিত পৰিঘটনা। উল্লেখ কৰি আহিছিলোঁ, আজি ইয়াত, কালি তাত—এইদৰে দেশে দেশে হৈ থকা ধৰ্মকেন্দ্রী ৰক্তাক্ত আৰু বিভৎস কাণ্ডবোৰ কোনো বিক্ষিপ্ত, হঠাতে আৰম্ভ কিম্বা সংঘটিত হোৱা ঘটনা নহয়। সততেই কোৱা হয় যে সম্প্রতি বিশ্বব্যাপী সংঘটিত হৈ থকা ধৰ্মীয় বিশ্বাসৰ সৈতে সম্পৰ্কিত জঘন্য নৰসংহাৰৰ ঘটনাবোৰৰ সৰহভাগ সংঘটিত কৰি আহিছে ইছলাম ধৰ্মৰ একাংশ অনুগামীয়ে। গোলকীয় পটভূমিত কথাটো সঁচা। কিন্তু সেই কথাটোৰ পৰা যদি কোনোবাই সিদ্ধান্ত লয় যে সকলো ইছলাম ধৰ্মাৱলম্বীলোক সন্ত্রাসৰ হোতা, তেন্তে সি হ’বগৈ মহামূ‌ঢ়তাৰে পৰিপূৰ্ণ প্রতি-সাম্প্রদায়িকতাৰ নিৰ্ভুল পৰিচায়ক। কিয়নো—কোৱা বাহুল্য—ইছলাম ধৰ্মৰ একান্ত অনুগত, নিষ্ঠাৱান অসংখ্য লোক তেনে সন্ত্রাসৰ পৃষ্ঠপোষকতো নহয়েই, বৰঞ্চ তেওঁলোক তেনে কাৰ্যৰ তীব্ৰ বিৰোধী। এইটো এটা জলজল-পট্‌পট কথা। বিপৰীতপক্ষে, বিশ্বৰ বিভিন্ন প্ৰান্তত অন্য ধৰ্মৰ সন্ত্ৰাসবাদীয়েও দেখোন গুৰুতৰ হিংসাত্মক কাৰ্য সংঘটিত কৰি আহিছে! চুবুৰীয়া ম্যানমাৰ, শ্ৰীলংকা কিম্বা আমাৰ নিজৰ দেশলৈ মন কৰিলেই কথাটো পৰিষ্কাৰ হ’ব। এই প্ৰসংগত নিউজিলেণ্ডৰ উপৰিউক্ত নাৰকীয় হত্যালীলাটোৰ কথাও আমি স্মৰণ কৰি ল’ব পাৰোঁ। গতিকে ধৰ্মীয় সন্ত্রাসক কোনো এটা বিশেষ ধৰ্মৰ সৈতে সমাৰোপন কৰি চাব নোৱাৰি। কিন্তু এই সাধাৰণ কথাটো বহুতেই ভালদৰে অনুধাৱন কৰিবলৈ চেষ্টা নকৰে। আনকি একাংশ ধৰ্মহীন, যুক্তিৰে কথা-বতৰাবোৰ যুকিয়াই চাবলৈ চেষ্টা কৰা লোকেও এই গুৰুতৰ বিভ্রান্তিত কেতিয়াবা নিমজ্জিত হোৱা আমি দেখিবলৈ পাইছোঁ।

পুনৰাবৃত্তি কৰিয়েই কওঁ, ধৰ্মকেন্দ্রী সন্ত্রাস আজি এটা বিশ্বব্যাপী সংঘটিত হোৱা বিস্তাৰিত প্রক্রিয়া; ই এটা গোলকীয় প্রপঞ্চ। ইছলাম ধৰ্মৰ একাংশ অনুগামীয়ে যে তেনে কাৰ্য বিশ্বব্যাপী সংঘটিত কৰি আহিছে সেইটো আমি উল্লেখ কৰিছোঁ। কিন্তু লগে লগে আমি দেখিবলৈ পাইছোঁ, অন্য ধৰ্মক কেন্দ্র কৰিও অনুৰূপ ঘটনা ঘটি আছে। তেনে ধৰ্মৰ প্রভাৱ একো একোটা সীমিত ভূখণ্ডত আৱদ্ধ হৈ থকা বাবে সেইবোৰ এটা গোলকীয় প্রপঞ্চ হৈ উঠিব পৰা নাই। সেইবুলিয়েই তেনেবোৰক কম বিপজ্জনক বুলি ঠাৱৰ কৰাটো একদেশদৰ্শীতাৰ পৰিচায়ক হ’ব। সামগ্রিকভাৱে ধৰ্মকেন্দ্রী সন্ত্রাস এটা বিৰাট পৰিঘটনা আৰু সি সমগ্র বিশ্বৰেই প্রদূষক। ভৌগোলিক বিস্তৃতি কম-বেছি হোৱাৰ সৈতে মৌলবাদী নৃশংসতাৰ তীব্ৰতাৰ কোনো সমন্ধ নাই; ক্ষুদ্ৰ এক ভূখণ্ডত শক্তিশালী হৈ থকা যিকোনো ধৰ্মৰ মৌলবাদেই সেই অঞ্চলত ভয়ংকৰ। এইটো প্ৰদূষণ ভাল, সেইটো প্ৰদূষণ বেয়া—এইটো কোনো যুক্তিগ্ৰাহ্য কথা নহয়। সেইবাবেই, ধৰ্মকেন্দ্রী সন্ত্রাসৰ বাবে এটা বা দুটা বিশেষ ধৰ্মক দোষাৰোপ কৰিলে যি কোনো যৌক্তিক কথা নহ’ব, সি হ’বগৈ একদেশদৰ্শীতাৰ পৰিচায়ক।

এইটো কথা তৰ্কাতীত যে ধৰ্মকেন্দ্রী সন্ত্রাসৰ কেন্দ্রত অৱস্থান ধৰ্মবিশ্বাসৰ; ধৰ্মবিশ্বাস ধৰ্মীয় সন্ত্রাসৰ অন্যতম চালিকা শক্তি। গতিকে ধৰ্মীয় মৌলবাদীৰ পৈশাচিক কাণ্ডবোৰৰ আঁৰত যে ধৰ্মবিশ্বাসৰ এটা প্রত্যক্ষ ভূমিকা আছে, সেইটো কোনেও নুই কৰিব নোৱাৰিব। অৰ্থাৎ, ধৰ্মকেন্দ্রী সন্ত্রাসৰ তাৎক্ষণিক কাৰণ ধৰ্মবিশ্বাস। লগতে আমি কৈছিলোঁ যে ধৰ্মত আস্থাশীল অনেক লোক কিন্তু ধৰ্মীয় সন্ত্ৰাসৰ বিৰোধী। আপাতদৃষ্টিত এই কথা দুটা পৰস্পৰবিৰোধী যেন লাগিব। কিন্ত অলপ গমি চালেই ওলাই পৰে যে উক্ত কথা দুটাই প্রকৃততে ধৰ্মৰ বহুমাত্রিক ৰূপটোৰ কথাই প্রতিফলিত কৰে। এই ৰূপ সঁচাই বৰ বিচিত্র আৰু বৈচিত্র্যময়। তেনে বহুমাত্রিক ৰূপৰ বাবেই আমি দেখোঁ যে এটা ধৰ্ম একাংশ লোকৰ মগজুত ধৰ্মীয় সন্ত্রাসৰ জুই, সেই ধৰ্মৰেই অন্য একাংশ লোক আকৌ তেনে সন্ত্রাসৰ তীব্র বিৰোধী।

সি যিয়েই নহওক, ধৰ্মবিশ্বাস যে ধৰ্মীয় সন্ত্রাসৰ অন্যতম প্ৰধান চালিকা শক্তি—সেই কথাটো আমি দ্বিধাহীনভাৱে ক’ব পাৰোঁ। এইখিনিতেই কিন্তু এটা প্রশ্ন স্বাভাবিকতেই উত্থাপিত হ’ব। ধৰ্মকেন্দ্রী সন্ত্রাসৰ একক আৰু অনন্য নিৰ্ণায়ক শক্তি মাত্র ধৰ্মবিশ্বাসেই নে? নে তাৰ আঁৰত অন্য আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰকে নিভৃতে প্রধান চালিকা শক্তি হিচাপে ক্রিয়া কৰি আহিছে? উদাহৰণ এটাই আমাক কথাটোৰ কিছু ইংগিত দিব। এমেৰিকা যুক্তৰাষ্ট্রৰ উদ্যোগত বহু দিনৰে পৰা (পাছলৈ ৰাচিয়াৰ উদ্যোগতো) “ধৰ্মকেন্দ্রী সন্ত্রাসৰ বিৰুদ্ধে” বেছ কিছু চটকদাৰী অভিযান চলোৱা হৈ আছে, বিশেষকৈ মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত। এইবোৰৰ আঁৰত কোনো আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰক নাই নে? খনিজ তেলৰ অৰ্থনীতিৰ সৈতে তেনে সামৰিক আগ্রাসনৰ কোনো সম্পৰ্ক নাই নে? ক্ষমতাৰ কথা তাত একেবাৰেই নাই নে? চমু কথাত—এসময়ত ইছলামধৰ্মীয় মৌলতান্ত্ৰিক সন্ত্ৰাসবাদৰ অন্যতম উদ্গাতা আছিল এমেৰিকান ঔপনিৱেশিক শক্তি; তাৰ আঁৰত আছিল নিশ্চিতভাৱে আৰ্থ-ৰাজনৈতিক কাৰক। পৰৱৰ্তী পৰ্যায়ত তেনে সন্ত্ৰাসৰ জন্মদাতাবিলাকেই আকৌ ধৰ্ম-উদ্ভিন্ন সন্ত্ৰাসৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিলে। তেনে বিৰোধিতাৰ আঁৰতো আছে শান্তিৰ প্ৰতি সদ্দিচ্ছাতকৈ সংকীৰ্ণ স্বাৰ্থকেন্দ্ৰী হিচাপ-নিকাচেহে।

(৪)

ধৰ্মৰ বাবে হত্যা-সন্ত্ৰাস চলাই যোৱা ঘাতকে সেই জঘন্য কামবোৰ সংঘটিত কৰে একধৰণৰ “পৱিত্ৰ” আৰু “ঐশী” তা‌ড়নাৰ প্ৰৰোচনাত পৰি। প্ৰাপ্ত ভি.ডি.ও.বোৰৰ পৰা সহজেই ধৰিব পাৰি, উদয়পুৰত সংঘটিত কৰা হত্যাকাণ্ডটোৰ ঘাতক দুটা, কিম্বা নিউজিলেণ্ডৰ সেই গণহত্যাকাৰীটো—সিহঁতে যে বেয়া কাম কৰিছে—সেই কথা সিহঁতৰ মনলৈ অহাটোতো বাদেই, সিহঁতে এটা “পৰম পৱিত্ৰ কাম” কৰিছোঁ বুলিহে গৌৰৱ কৰা দেখা গৈছিল। এই কথাটো সকলো ধৰ্মীয় নৰঘাতকৰ ক্ষেত্ৰতে প্ৰযোজ্য। কি বাৰু সিহঁতৰ মনৰ এই ভয়ংকৰ জিঘাংসাৰ আঁৰৰ চালিকা শক্তি? কোনো সন্দেহ নাই, নিজৰ বিশ্বাসতন্ত্ৰৰ সৈতে সিহঁতৰ অতি গভীৰ অথচ যুক্তিৰহিত একাত্মতা হৈছে তেনে ৰক্তপিপাসু মনোভাৱৰ অন্যতম কাৰণ। ঘটনাবোৰৰ এইটো স্বৰূপে আমাক বাৰে বাৰে সকীয়াই যায় যে মাৰ্ক্সকথিত আফিমৰ কথাটো আমাৰ সমাজখনত অহৰহ, প্ৰতিটো ক্ষণতে পৰিলক্ষিত হৈ আহিছে। এই অতি কাঢ়া আফিমৰ নিচাত নিমগ্ন মানুহে যিদৰে নিজৰ বিশ্বাসতন্ত্ৰত স্থাপন কৰে প্ৰশ্নহীন আস্থা, তেনেদৰেই তেওঁলোকে অন্যৰ বিশ্বাসতন্ত্ৰৰ প্ৰতি পোষণ কৰে অন‌ড় অনাস্থা। এই অনাস্থা পাছলৈ বিৰোধ, বিদ্বেষ, ঘৃণাৰ মাজত মূৰ্ত্ত হৈ ক্ৰমাৎ আত্মপ্ৰকাশ কৰিবলৈ ধৰে। তাৰ সৈতে যেতিয়া উগ্ৰতা আহি যোগ হয়, তেতিয়াই কথাটো অতি ভয়াবহ দিশলৈ গতি কৰে। কথাটো কিমান ভয়াবহ, সেইটো আমি বাৰে বাৰে দেখিবলৈ পাইছোঁ সাম্প্ৰদায়িক সংঘৰ্ষবিলাকৰ মাজত, আলোচনাৰ বিভিন্ন ঠাইত উল্লেখ কৰি অহা নৰসংহাৰবোৰৰ মাজত।

কোৱা বাহুল্য, যুক্তিহীন বিশ্বাসতন্ত্ৰ এটাৰ আগ্ৰাসনৰ প্ৰতিমুখে অন্য এটা অযুক্তিকৰ বিশ্বাসতন্ত্ৰক অৱলম্বন কৰি ল’লে সি সমস্যাটোৰ সমাধানত সহায়কতো নহ’বই, বৰঞ্চ তেতিয়া আমি মুখামুখি হ’ব লাগিব এক দ্বন্দ্বমুখৰ গভীৰ সামাজিক সংকটৰ। শ্ৰীলংকাত আমি দেখিবলৈ পাইছিলোঁ ২০১৮ চনৰ পৰাই শ্বাসৰুদ্ধকৰ সাম্প্ৰদায়িকতাৰ ধোঁৱা, সাম্প্ৰদায়িক সংঘৰ্ষ; সেই বছৰ মুছলিমসকলক আক্ৰমণ কৰা হৈছিল দ্বীপৰাষ্ট্ৰখনৰ বিভিন্ন স্থানত। ২০১৯ চনত মুছলিম উগ্ৰপন্থীয়ে ওলোটাই কৰা সন্ত্ৰাসবাদী কাৰ্যটোৰ কথা উনুকিয়াই আহিছিলোঁ। সেই বছৰেই—মুছলিম সন্ত্ৰাসবাদীয়ে ভয়াবহ বোমা বিস্ফোৰণ ঘটোৱাৰ পাছত—সাধাৰণ মুছলিম মানুহৰ ওপৰত চলোৱা হৈছিল ভয়ংকৰ সাম্প্ৰদায়িক হিংসাত্মক আক্ৰমণ। বিপৰীতপক্ষে, আমি উল্লেখ কৰি অহা নিউজিলেণ্ডৰ নৰসংহাৰৰ প্ৰতিক্ৰিয়াত সেই দেশত কোনো প্ৰতিহিংসামূলক কাৰ্য সংঘটিত হোৱাৰ বাতৰি আমাৰ হাতত নাই। আধুনিক সভ্য দেশ এখনত যিদৰে হ’ব লাগে—সেইদৰেই তাত বিচাৰ-প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল। অন্যফালে, আধুনিকতাৰ বাটত আগ বঢ়াৰ পৰিৱৰ্তে শ্ৰীলংকাৰ মানুহ ব্যস্ত হৈ আছিল অযুক্তিকৰ বিশ্বাসতন্ত্ৰই সাৰ-পানী দি থকা প্ৰগতিবিৰোধী কামকাজত। এইবোৰৰ সামগ্ৰিক বিষময় ফল আমি আমাৰ চুবুৰীয়া দ্বীপটোৰ সাম্প্ৰতিক বিপৰ্যস্ত আৰু বিধ্বস্ত অৱস্থাটোৰ মাজত বৰ স্পষ্টকৈ দেখিবলৈ পাইছোঁ।

ওচৰৰ দেশৰ এইবোৰ বাতৰিয়ে যে আমাৰ দেশৰ মানুহক চিন্তাত পেলাইছে, তাৰ কোনো লক্ষণ আমি দেখিবলৈ পোৱা নাই। বৰঞ্চ বুজন সংখ্যক মানুহে অন্যৰ বিশ্বাসতন্ত্ৰৰ প্ৰতিমুখে নিজৰ বিশ্বাসতন্ত্ৰক আক্ৰমণাত্মক কৰি তোলাৰ অযৌক্তিক তত্ত্বত আস্থা ৰাখিবলৈ আৰম্ভ কৰিছে। মানুহৰ মানসিকতাক এইদৰে গঢ় দিয়াত স্বাৰ্থাণ্বেষী শ্ৰেণীটো চমক্‌প্ৰদভাৱে সফল হৈছে। আন নালাগে, ধৰ্মীয় সাম্প্ৰদায়িকতাই জন্ম দিয়া সন্ত্ৰাসৰ বিৰোধিতা কৰোতেও বহুতো মানুহে সাম্প্ৰদায়িক আচৰণ কৰে। নিজ আৰু ভিন্ন ধৰ্মৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তেওঁলোকে প্ৰদৰ্শন কৰা প্ৰতিবাদত তীব্ৰতাৰ ভিন্নতা পৰিলক্ষিত হয়। ক্ষেত্ৰবিশেষে তেনে প্ৰতিবাদ অতি তীব্ৰ, অন্য ক্ষেত্ৰত নৰম কিম্বা একেবাৰেই অনুপস্থিত। সাধাৰণতেই সংখ্যাগুৰুৰ মৌলবাদে হেঁচা মাৰি ধৰা ঠাইত সংখ্যালঘুৰ সন্ত্ৰাসৰ বিৰুদ্ধে ত‌ড়িৎগতিত জনমত গঢ় লৈ উঠে। এনে জনমত সংখ্যাগুৰুৰ সাম্প্ৰদায়িক আৰু মৌলবাদী আদৰ্শৰ প্ৰসাৰত বৰ সহায়ক হয়। ধৰ্মীয় সন্ত্ৰাসৰ প্ৰকৃত আৰু যৌক্তিক বিৰোধিতা এইটো পটভূমিত সঁচাই বৰ কঠিন। প্ৰকৃততে কথাটো এতিয়া কোনো ভৱিষ্যতৰ আশংকা হৈ থকা নাই, আমি ইতিমধ্যেই এই আক্ৰমণ-প্ৰতিআক্ৰমণৰ পাকচক্ৰৰ মাজত সোমাই পৰিছোঁ। দুই অযুক্তিকৰ বিশ্বাসতন্ত্ৰৰ সংঘাতে কোনো যুক্তিগ্ৰাহ্য আৰু সুস্থ সমাধানৰ দিশলৈ আমাক লৈ যাব নোৱাৰে, বৰঞ্চ চক্ৰাকাৰ গতিত তেনে পৰিস্থিতিত দিনে দিনে তীব্ৰ হৈ পৰে বিৰোধ আৰু সংঘাত। এই পৰিস্থিতিটোৰ কথা যদিও শুনিবলৈ ভয়াবহ, আফিমৰ ৰাগিত মতলীয়া অসংখ্য মানুহে সেই চক্ৰবৎ গতিৰে আগ বঢ়া কালান্তক সৰ্বগ্ৰাসী বা-মৰালিক গভীৰ আৱেগেৰে আদৰণিহে জনায়। এইখিনিতে আমি জৰুৰী কথা এটালৈ লক্ষ্য কৰিব পাৰোঁ। বিপৰীতমুখী, সংঘাতময় দুয়োটা বিশ্বাসতন্ত্ৰৰেই উদ্গাতা সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থাণ্বেষী শ্ৰেণীটোৰ বাবে এই পৰিস্থিতিটো হৈ পৰে জীৱনদায়িনী সঞ্জীৱনী সদৃশ। সিহঁতৰ নিজৰ স্বাৰ্থ পূৰণ কৰাত জনগণৰ আৱেগ আৰু সমৰ্থন হৈ পৰে এটা প্ৰধান অৱলম্বন। এইটোৱে মজবুত কৰে ফেচিষ্ট শাসনতন্ত্ৰৰ কৰ্তৃত্ব, সি লাভ কৰে একধৰণৰ ছদ্মন্যায্যতাও। এইটো এটা অতি বিষম, অতি ভয়াবহ পৰিস্থিতি।

কোনো সন্দেহ নাই, যুক্তিহীন, বালখিল্য, ক্ষতিকাৰক আৰু ভয়ংকৰ বিশ্বাসতন্ত্ৰৰ আসোঁৱাহ আৰু ভিত্তিহীনতা উন্মোচন কৰিব পাৰে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদে। সেইবাবেই স্বাৰ্থাণ্বেষী শ্ৰেণীটো আৰু সিহঁতৰ লেমটৌবৃন্দই বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ ওপৰত অবিৰত আক্ৰমণ চলাই যায়। উদয়পুৰৰ কিম্বা সদৃশ ঘটনাৰ পাছত ফে’চবুক আদি মাধ্যমলৈ লক্ষ্য কৰিলে কথাটো পৰিষ্কাৰ হৈ পৰে। তেনে ঘটনাৰ বাবে গৰিহণা দিব লাগে মৌলতন্ত্ৰক, ধিক্কাৰ দিব লাগে সাম্প্ৰদায়িকতাক; কিন্তু ইতিকিং কৰা হয় বিজ্ঞানমনস্কতা আৰু যুক্তিবাদক, মাজে মাজে—তেনেই অপ্ৰাসংগিকভাৱে—বাঁওপন্থীসকলক! এই প্ৰসংগত আমি কিন্তু লগতে মনত ৰাখিব লাগিব, মাত্ৰ নিৰালম্ব যুক্তিবাদ, নিৰালম্ব নাস্তিকতা আদিয়ে আমাক সঠিক পথৰ নিৰ্দেশ কৰিব নোৱাৰে। কিয়নো, কথাটো মাত্ৰ ধৰ্মই জন্ম দিয়া সমস্যা নহয়। ধৰ্মই জন্ম দিয়া উগ্ৰতাৰ এটা সামাজিক পটভূমি থাকে। অযুক্তিকৰ বিশ্বাসৰ মাজত লুকাই থকা হিংসাৰ ভ্ৰূণ অংকুৰিত হ’বলৈ অনুকুল পৰিৱেশ লাগে। হিংসা-সন্ত্ৰাসৰ আঁৰৰ তেনে পটভূমিটো বিচাৰ কৰি চোৱাটো অতি প্ৰয়োজনীয় কথা। ভুল নুবুজিবলৈ এটা উদাহৰণ দিলে ভাল হ’ব। হিটলাৰৰ জাতিবিদ্বেষী নাজী মতাদৰ্শৰ চমকপ্ৰদ উত্থানৰ আঁৰত আছিল নানান আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰক; সেই কাৰণসমূহৰ বিশ্লেষণ কৰাৰ কথা উত্থাপন কৰিলে, সি কেতিয়াও হিটলাৰৰ নাৰকীয় কামকাজক ন্যায়তা প্ৰদান কৰাটো নুবুজায়। তেনেদৰেই সাম্প্ৰতিক সময়তো আমি বিচাৰ কৰি চাবই লাগিব, বিশ্বাসতন্ত্ৰক ভিত্তি কৰি দিনে দিনে জঘন্য আৰু জিঘাংসু ঘটনাবোৰৰ আগ্ৰাসন চলি আছে কিয়? এইবোৰৰ আঁৰৰ সামাজিক-ৰাজনৈতিক কাৰকবোৰ নো কি? এই কথাটোৱে যিকোনো অযুক্তিকৰ বিশ্বাসতন্ত্ৰক যৌক্তিক কিম্বা গ্ৰহণযোগ্য বুলি প্ৰতিপন্ন নকৰে। হিংসা-দ্বেষৰ পটভূমিটোৰ সঠিক বিচাৰ-বিশ্লেষণৰ অবিহনে কেৱল বিশ্বাসতন্ত্ৰৰ ওপৰত আঘাত হানিবলৈ গ’লে সেইটো বৰ এটা ফলপ্ৰসূ পন্থা নহ’ব। আৰ্থ-সামাজিক প্ৰসূতিকোঠাৰ অনুকূল পৰিৱেশে বিশ্বাসতন্ত্ৰৰ বৰ্ধন আৰু বিকাশ ত্বৰাণ্বিত কৰে; ক্ৰমাৎ বিশাল অবয়ব ধাৰণ কৰা বিশ্বাসতন্ত্ৰই নিৰ্গত কৰা আফিমী ধোঁৱাই চৌপাশৰ মানুহৰ মন আচ্ছন্ন কৰাৰ লগতে এসময়ত প্ৰসূতিকোঠাটিকো লোকচক্ষুৰ আঁৰ কৰি পেলায়। শ্বাসৰুদ্ধকৰ ধোঁৱাময় পৰিৱেশৰ পৰা পৰিত্ৰাণৰ বাটৰ সন্ধানত কৰোঁতে প্ৰসূতিকোঠাটোৰ কথা আমি মনত ৰাখিবই লাগিব।

Print Friendly, PDF & Email

2 thoughts on “সম্পাদকৰ টোকা :: বিশ্বাসতন্ত্ৰ আৰু ধোঁৱাৰ আঁৰৰ প্ৰসূতিকোঠা  (কৌশিক দাস)

  • Nabajyoti Borgohain

    যোৱাৰাতি “সম্পাদকৰ টোকা” পঢ়ি শেষ কৰিলোঁ। সুদীৰ্ঘ লেখাটোৰ পৰা বহু তথ্য জানিলো।প্ৰতিটো ঢাপতে যুক্তিৰ তৰংগৰ প্রভাৱে মোৰ মন মগজু আচ্ছন্ন কৰি ৰাখিছিল। এনে লেখা পঢ়িলে চিন্তা শক্তি সমৃদ্ধ হোৱাৰ উপৰিয়ো মোক নতুনকৈ চিন্তা কৰিবলৈ শিকাই।তাৰবাবে লেখকৰ ওচৰত কৃতজ্ঞ হৈ ৰলো।
    সমগ্ৰ দেশখনতে আজি ফেচিষ্ট হিন্দুত্ববাদী আগ্ৰাসনৰ যি জোৱাৰ ভাটা, তাৰ পৰিপ্ৰেক্ষিতত এনে বিষয়ক লেখাবোৰ অতি গুৰুত্বপূৰ্ণ হিচাবে স্বীকৃত হব লাগে।

    এইবাৰ, লেখাটো পঢ়ি মোৰ মনৰ মাজত জন্ম হোৱা কেইটামান খোকোজা স্পষ্ট কৰিব খুজিছোঁ…
    এঠাইত কোৱা হৈছে …” ধৰ্মকেন্দ্রী সন্ত্রাসৰ একক আৰু অনন্য নিৰ্ণায়ক শক্তি মাত্র ধৰ্মবিশ্বাসেই নে? নে তাৰ আঁৰত অন্য আৰ্থ-সামাজিক-ৰাজনৈতিক কাৰকে নিভৃতে প্রধান চালিকা শক্তি হিচাপে ক্রিয়া কৰি আহিছে?” । লেখকে উদাহৰণসহ দেখুৱাইছে যে ধৰ্মীয় সন্ত্ৰাসৰ মূল চালিকাশক্তি আৰ্থ-ৰাজনৈতিক চক্ৰান্ত। মোৰ মনত উদয় হোৱা প্ৰশ্নটো হৈছে – ধৰ্মীয় বিশ্বাসতন্ত্ৰ আৰু আৰ্থ-সামাজিক চক্ৰান্তৰ বিৰুদ্ধে “যুক্তিবাদ আৰু বিজ্ঞানমনস্ক”ৰ সংগ্রামে প্ৰতিৰোধ কৰিব পাৰিবনে ?

    সমগ্ৰ লেখাটো পঢ়ি এনে অনুভৱ হল যে – ধৰ্মীয় বিশ্বাসতন্ত্ৰৰ ভিত্তিত, আৰ্থ-ৰাজনৈতিক চালিকা শক্তিয়ে সমাজৰ সকলো ধ্বংস যজ্ঞ সম্পাদন কৰে। ধৰ্মীয় বিশ্বাসতন্ত্ৰক যুক্তিবাদ, বিজ্ঞানমনস্ক চিন্তাৰ দ্বাৰা প্ৰতিহত কৰা যাব কিন্তু বাকী সন্ত্ৰাসৰ জন্ম দিয়া উৰ্বৰ ক্ষেত্ৰৰ কি ব্যৱস্থা কৰা যাব সেই প্ৰশ্নৰ যেন কোনো উত্তৰ দিবলৈ যত্ন কৰা নাই…!! “প্ৰসূতিকোঠা”ৰ সম্পৰ্কত সজাগ হোৱাৰ প্ৰতি ৰেড এলাৰ্ট ঠিকেই দিয়া হৈছে, কিন্তু বিষ বাষ্প সৃষ্টি হোৱা উৎপাদন কক্ষৰ ধ্বংস নকৰাকৈ কেৱল বিশ্বাসতন্ত্ৰক আঘাত কৰি মূল সমস্যাৰ পৰা পৰিত্ৰাণ পামনে ? এই চিন্তাই মোক অলপ সমস্যাত পেলাইছে……

    যুক্তিবাদী আন্দোলনৰ কৰ্মীসকলৰ ওপৰত যি আক্ৰমণ ,সেইটো প্ৰতিহত কৰাৰ বাবেও ৰাজনৈতিক যুঁজৰ বিকল্প আছেনে ? অন্যথা চগা জুইত জাপ দি মৰাৰ যি ঘটনা , সি সদায় পুনৰাবৃত্তি হৈ নাথাকিবনে ? আন্দোলনতো অকামিলা হৈ নপৰিব নে ??

    মোৰ মনত জন্ম হোৱা খোকোজাখিনি ব্যক্ত কৰাৰ লগতে পুনৰ এই গুৰুত্বপূৰ্ণ লেখনিটোৰ বাবে পুনৰ ধন্যবাদ জনালো।

    Reply
  • সমগ্ৰ দেশখনতে আজি ফেচিষ্ট হিন্দুত্ববাদী আগ্ৰাসনৰ যি জোৱাৰ ভাটা, তাৰ পৰিপ্ৰেক্ষিতত এনে বিষয়ক লেখাবোৰ অতি গুৰুত্বপূৰ্ণ — একমত ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *