অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

অক্লান্ত আৰু বিতৰ্কিত বিপ্লৱী : মেক্সমিলিয়েন ৰবচপিয়েৰ-(কুমাৰ নূপুৰ হৃষিকেশন)

মেক্সমিলিয়েন ৰবচপিয়েৰ

এসময়ত পৃথিৱীৰ প্রায়ভাগ দেশতেই প্রচলিত আছিল ৰাজতন্ত্ৰ। তেতিয়া ৰজাই আছিল দেশৰ সৰ্বেসৰ্বা। ৰজাৰ ইচ্ছাই আছিল আইন। ৰাজতন্ত্রৰ সৈতে সাধাৰণতেই একাকাৰ হৈ পৰিছিল একনায়কতত্ত্ববাদী স্বৈৰতন্ত্রী নিষ্ঠুৰতা। কিন্তু সমাজ-ব্যৱস্থা কেতিয়াও একেঠাইতে স্থবিৰ হৈ নাথাকে। ৰাজতন্ত্রও আছিল মানৱ-ইতিহাসৰ এচোৱা সময়ত বিৰাজ কৰা এবিধ শাসন-ব্যৱস্থা মাথোন। ইতিহাসৰ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ যে যেতিয়াই ৰাজতন্ত্রৰ অত্যাচাৰ-অৱদমনে চৰম সীমা অতিক্ৰম কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই তীব্র হৈ উঠিছিল জনগণৰ প্রতিৰোধৰ সংগ্রামখনো। তেনে প্রতিৰোধ, তেনে সংগ্রামৰ মাজতেই ৰাজতন্ত্রই এদিন ইতিহাসৰ পৰাই বিদায় ললে। এই কথাটোৰ আঁৰত প্রতিবাদী মানুহৰ বীৰত্বপূৰ্ণ সংগ্রামৰ অমোচনীয় অৱদান আছে, সেইটো সঁচা কথা। কিন্তু মাৰ্ক্সীয় বৈজ্ঞানিক পদ্ধতিৰে কথাটোৰ বিচাৰ-বিশ্লেষণৰ কৰি চালেহে তেনে ঘটনাৰ মৰ্মত লুকাই থকা প্রকৃত সত্যটো পোহৰলৈ আহিব।

প্রকৃত কথাটো চমুকৈ এনেধৰণৰ। ৰাজতন্ত্রৰ উদ্ভৱ আৰু বিপুল বিকাশৰ নেপথ্যৰ নিৰ্ণায়ক চালিকা শক্তি আছিল সামন্তবাদী অৰ্থনীতি। সহজ কথাত সামন্তবাদ আছিল এটা উৎপাদন ব্যৱস্থা। প্রথমচোৱাত তেনে এটা ব্যৱস্থা—পূৰ্বৰ উৎপাদন-ব্যৱস্থাতকৈ, যেনে দাসভিত্তিক উৎপাদন-ব্যৱস্থাতকৈ, অধিক কাৰ্যকৰী আৰু উৎপাদনক্ষম আছিল। কিন্তু কালক্রমত উক্ত উৎপাদন-ব্যৱস্থাটো জৰাজীৰ্ণ হৈ পৰিল। প্রয়োজন হ’ল নতুন উৎপাদন-ব্যৱস্থাৰ। তাৰ বাবে স্বাভাবিকতেই পূৰ্বৰ জৰাজীৰ্ণ ব্যৱস্থাটোক উৎখাত কৰাটো অৱশ্যাম্ভাৱী হৈ পৰিল। ইতিহাসৰ তেনে যুগসন্ধিক্ষণতেই সমাজত বিপ্লৱ ঘটাৰ সম্ভাৱনীয়তাই দেখা দিয়ে। তাৰ সৈতে সংগতি ৰাখি কিছুমান প্রমূল্যয়ো সমাজত নতুনকৈ আত্মপ্রকাশ কৰে। স্বাধীনতাৰ বাবে সংগ্রাম, নিজৰ অধিকাৰৰ দাবী আদিবোৰ হৈছে তাৰ উদাহৰণ। মানৱজাতিয়ে সংগ্রামৰ মাজেদি ৰাজতন্ত্রক বিদায় জনোৱাৰ সময়তো আমি তেনে ঘটনা দেখিবলৈ পাওঁ। বিশ্ববিশ্রুত ফৰাচী লেখক ভিক্টৰ হ্যুগো-ৰ ভাষাত, “When dictatorship is a fact, revolution becomes right.”

                ফৰাচী বিপ্লৱ আছিল তেনে এক জটিল যুগসন্ধিক্ষণৰ এক অৱধাৰিত পৰিণতি। ফৰাচী দেশৰ বৈপ্লৱিক কৰ্মকাণ্ডই, সমগ্র পৃথিৱীকে ওঠৰ শতিতাৰ শেষৰ দশককেইটিত কঁপাই তুলিছিল। সেয়া আছিল প্রকৃততে মানৱ-ইতিহাসৰেই এটা জটিল সন্ধিক্ষণ। এই সময়খিনিত ফৰাচী জনসাধাৰণে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সম্পূৰ্ণ সলাই পেলাইছিল, শ শ বছৰ ধৰি চলি অহা ৰাজতন্ত্ৰ, একনায়কত্ত্ববাদী শাসন আৰু স্বৈৰতন্ত্ৰক উঘালি পেলাইছিল। ইয়াৰ মূল কাৰক আছিল, মানৱ-ইতিহাসত নতুনকৈ আগমণ ঘটা পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ বিকাশ। পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ সৈতে পূৰ্বৰ সামন্তবাদী, ভূ-অৰ্থনীতিকেন্দ্রী উৎপাদন ব্যৱস্থাটো সংগতিপূৰ্ণ নাছিল। গতিকে উক্ত ব্যৱস্থাটোৰ অৱলুপ্তি আছিল সময়ৰ দাবী। কিন্তু পূৰ্বৰে পৰা বৰ্তি থকা ব্যৱস্থাটোৰ পৃষ্ঠপোষক, যেনে জমিদাৰ-সামন্ত, অভিজাত, সম্রাট আদিয়ে স্বইচ্ছাৰে ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ কোনো সম্ভাৱনা নাছিল। গতিকে হিংসাত্মক পন্থাৰে উদীয়মান শ্রেণীটো লিপ্ত হ’বলগীয়া হৈছিল সমাজ-পৰিৱৰ্তনৰ কাৰ্যত। সেই সময়ত ফ্রান্সৰ সম্রাট আছিল বুঁৰ্ব বংশৰ ষষ্ঠদশ লুই। ভূতৰ ওপৰত দানহ পৰাৰ দৰে—, ৰাজতন্ত্রৰ স্বৈৰাচাৰিতাৰ লগে লগে—, পুতৌজনক অৰ্থনৈতিক নীতিয়ে ফৰাচী জনগণক জোলোকা-জোলোকে পানী খুৱাইছিল। তাৰ পাছত ফৰাচী জনগণে অদম্য সংগ্রাম আৰু অভাৱনীয় মনোবল সমগ্র পৃথিৱীকে দেখুৱাই ফ্ৰান্সত এক অভূতপূৰ্ব বিপ্লৱ সংঘটিত কৰিলে। উক্ত বিপ্লৱৰ এগৰাকী প্রধান সূত্রধাৰ আছিল মেক্সমিলিয়েন ৰবচপিয়েৰ।

        মেক্সমিলিয়েন ৰবচপিয়েৰৰ (Maximilien Robespierre) জন্ম হৈছিল ১৭৫৮ চনৰ ৬ মে’-ত, ফ্ৰান্সৰ অ’ৰাছ চহৰত। তেওঁৰ পিতৃ ফ্রানকোইছ বাৰ্থালমি ৰবচপিয়েৰ আছিল এগৰাকী উকীল। মাতৃৰ নাম আছিল মাৰ্গাৰেট। মেক্সমিলিয়েন আছিল ফ্রানকোইছ আৰু মাৰ্গাৰেটৰ চাৰিটা সন্তানৰ মাজৰ জ্যেষ্ঠ। ১৭৬৪ চনত সন্তান এটি জন্ম দিয়াৰ বাৰ দিনৰ পাছত মাৰ্গাৰেটৰ মৃত্যু হয়। সেই সময়ত প্রসূতিজনিত ৰোগত  মৃত্যু হোৱা মহিলাৰ সংখ্যা বহু বেছি আছিল। প্রিয়তমা পত্নীৰ মৃত্যুৰ বেদনা ফ্রানকোইছৰ বাবে ইমানেই অসহনীয় আছিল যে তেওঁ সকলো এৰি থৈ ইউৰোপৰ দেশে দেশে উদ্ভ্রান্ত হৈ তেওঁৰ মৃত্যুৰলৈকে ভ্রমি ফুৰিবলৈ ধৰিলে। মেক্সমিলিয়েন ৰবচপিয়েৰ ডাঙৰ-দীঘল হ’ল আত্মীয়ৰ ঘৰত। তেনেকৈয়ে তেওঁ বিদ্যালয়ৰ শিক্ষা গ্রহণ কৰি গৈছিল। বিদ্যালয়ত তেওঁৰ ৰেকৰ্ড বৰ ভাল আছিল। তেতিয়াই ৰবচপিয়েৰে তেওঁৰ মেধাৰ বাবে জলপানী এটাও লাভ কৰে। মন কৰিবলগীয়া কথা, সেই সময়ৰ তেওঁৰ দুগৰাকীমান কণকণ সহপাঠীয়ে কালক্রমত ফৰাচী বিপ্লৱত উল্লেখযোগ্য অৱদান দিবলৈ সক্ষম হৈছিল। দিনে দিনে ৰবচপিয়েৰে গভীৰভাবে প‌ঢ়াশুনাত নিমগ্ন হ’বলৈ আৰম্ভ কৰিলে। ছাত্র অৱস্থাতেই তেওঁৰ মনত অতি গভীৰভাবে প্রভাৱ পেলায় ফৰাচী চিন্তাবিদ-দাৰ্শনিক জ্যা জ্যাক ৰুচোৰ ৰচনাৱলীয়ে। ৰুচোৰ “ছচিয়েল কন্ট্রেক” নামৰ বিশ্ববিখ্যাত গ্রন্থখনৰ প্রভাৱ ৰবচপিয়েৰৰ ওপৰত বাৰুকৈয়ে পৰিছিল। তদুপৰি, মন্টেস্কু, মাব্লি আদি তীক্ষধী চিন্তানায়কৰ চিন্তাধাৰাই তেওঁৰ ওপৰত প্রভাৱ বিস্তাৰ কৰিছিল। স্কুলীয়া শিক্ষা সাং কৰাৰ পাছত পেৰিচ বিশ্ববিদ্যালয়ত ৰবচপিয়েৰে আইন প‌ঢ়িবলৈ লয়। সেই চাৰি বছৰীয়া ছাত্র-জীৱনত প্রদৰ্শন কৰা চমৎকাৰ শৈক্ষিক ফলাফল আৰু ব্যক্তিগত সুচৰিত্রৰ সুবাদত তেওঁ এটা বিশেষ আৰ্থিক বঁটা লাভ কৰে।

১৭৮১ চনত ৰবচপিয়েৰে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তিনিমাহৰ পাছতেই তেওঁ অ’ৰাছ নগৰত কৰ্মজীৱন আৰম্ভ কৰে এগৰাকী উকীল হিচাপে। কম সময়ৰ ভিতৰতে তেওঁ আইনৰ জগতখনিত সুনাম অৰ্জন কৰিবলৈ সক্ষয় হয়। অলপ দিনৰ পাছতেই ৰবচপিয়েৰক বিচাৰকৰ পদ দিয়া হৈছিল। কিন্তু তেওঁ সেই সময়ত বিচাৰকৰ পদৱীত থাকি অতিশয় অস্বস্তি পাইছিল। কিয়নো তেওঁ মাজে মাজে মৃত্যুদণ্ডৰ ৰায় শুনাবলগীয়া হৈছিল, অথচ সেই সময়ত তেওঁ আছিল মৃত্যুদণ্ডৰ বিৰোধী। তেনে মানসিক দ্বন্দ্বৰ বাবে তেওঁ বিচাৰকৰ পদৰ পৰা ইস্তাফা দিয়ে আৰু পুনৰাই ওকালতি কৰিবলৈ লয়। সেই সময়তেই ৰবচপিয়েৰে প্রণয়ন কৰা আইন বিষয়ক ৰচনা এখনে সন্মানীয় পুৰস্কাৰো লাভ কৰিছিল। তেওঁৰ ৰচনাত দুখীয়া জনসাধাৰণৰ অধিকাৰৰ প্ৰতি সমৰ্থন ফুটি উঠিছিল।

সেই সময়ত ফ্রান্সৰ আৰ্থ-ৰাজনৈতিক পৰিৱেশ হৈ পৰিছিল অভূতপূৰ্ব। আগতেই উল্লেখ কৰা হৈছে যে তেতিয়া ফ্রান্সৰ সম্রাট আছিল ষষ্ঠদশ লুই। ক্রমাৎ ঘনীভূত হৈ আহিছিল দেশখনৰ অৰ্থনৈতিক সংকট। উদীয়মান বুৰ্জোৱা শ্রেণীটোৰ বাবে সামন্তপ্রথা আছিল প্রগতিৰ প্রতিবন্ধক। দ্বন্দ্ববোৰ তীব্রৰ পৰা তীব্রতৰ হৈ পৰিছিল। অৰ্থনৈতিক মন্দাৱস্থা প্রশমিত কৰিবলৈ সম্রাটে বাট বিচাৰিবলৈ ধৰিলে। ১৭৮৮ চনত ঘোষণা কৰা হ’ল নিৰ্বাচনৰ। ৰবচপিয়েৰৰ ৰাজনৈতিক সক্রিয়তা বা‌ঢ়ি আহিল। নানান বিতৰ্কত তেওঁ নিজৰ মত সজোৰে উপস্থাপন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ বহুতো অনুগামীৰ সৃষ্টি হ’ল। ১৭৮৯ চনৰ এপ্রিল মাহত তেওঁ এষ্টেট-জেনাৰেলৰ (ফ্রান্সৰ সংসদ) সদস্য হিচাপে নিৰ্বাচিত হয়। সেই সময়ত তেওঁৰ বয়স আছিল মাত্র ৩১ বছৰ।

ইফালে বিপ্লৱৰ বহ্নিত সমগ্র ফ্রান্স উত্তপ্ত হৈ উঠিছে। দফাই দফাই বৈঠক বহিছে, কিন্তু কোনো সমাধান নাই। ১৭৮৯ চনৰ ১৪ জুলাইত পেৰিচৰ জনতাই এটা অভাৱনীয় ঘটনা ঘটাই সমগ্র বিশ্বক তভক খুৱাই পেলালে।  ফ্রান্সৰ ৰাজধানীখনত আছিল এটা অতি কুখ্যাত কাৰাগাৰ, নাম  বাষ্টিল। এইটো প্রকৃততে আছিল এটা দুৰ্গ। ৰাজতন্ত্রৰ বিৰুদ্ধে প্রতিবাদ কৰিলেই তাত বন্দী কৰা হৈছিল। বাষ্টিল আছিল সম্রাটৰ স্বৈৰতন্ত্রৰ প্রতীক। সেইদিনা জনতাই বাষ্টিল কাৰাগাৰটোত আক্রমণ কৰি তাৰ পতন আনিলে। বন্দীসকলক মুক্ত কৰি দিয়া হ’ল। আৰম্ভ হ’ল ফৰাচী বিপ্লৱৰ। কঁপি উঠিল ৰাজতন্ত্র, নিনাদিত হ’ল ৰবচপিয়েৰৰ সৃষ্ট সাম্য, মৈত্রী আৰু স্বাধীনতাৰ বাণী। সংসদৰ ভিতৰে-বাহিৰে ৰবচপিয়েৰে তেওঁৰ অগ্নিবৰষা বক্তৃতা প্রদান কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ জড়িত হৈ পৰিল এটা বিপ্লৱী সংগঠন জোকোবিন সংঘৰ সৈতে। সাম্য আছিল সংঘৰ মূলমন্ত্র। তাত তেওঁৰ সমৰ্থকৰ সংখ্যা বা‌ঢ়ি আহিল। ১৭৯০ চনত তেওঁ সংঘৰ সভাপতি ৰূপে নিৰ্বাচিত হয়। ইফালে বিপ্লৱৰ প্রথম পৰ্যায়ৰ নেতা মিৰাবাওৰ মৃত্যু হয়। তেওঁৰ শূন্য স্থান পূৰণৰ বাবে বিপ্লৱীসকলৰ মাজত আৰম্ভ হয় প্রতিযোগিতাৰ। ফ্রান্সত আৰম্ভ হ’ল অবিৰত ৰক্তপাত। বিচাৰ চলে, পৰিণতি সাধাৰণতেই হয়গৈ মৃত্যুদণ্ড।

ইফালে সম্রাটক বিচাৰৰ অধীনলৈ অনাৰ দাবী সজোৰে উত্থাপিত হৈছিল।  অৱশ্যে বিপ্লৱীসকলৰ একাংশই কৌশলগত কাৰণত তেনে কৰাটো উচিত নহ’ব বুলি বিবেচনা কৰিছিল। অন্য কিছুমান মহলে, যেনে ৰাজতন্ত্রৰ প্রচ্ছন্ন সমৰ্থকসকলে, তেনে দাবীৰ বিৰোধিতা কৰিছিল। বিখ্যাত বিপ্লৱী নেতা দাঁ-তঁ, মাৰা আদিৰ লগতে ৰবচপিয়েৰে সম্রাটৰ বিচাৰৰ দাবী অতি বলিষ্ঠভাবে উত্থাপন কৰিলে। বিপৰীতে জিৰণদিন নামৰ গোটটোৱে তাৰ বিৰোধিতা কৰিলে। তেতিয়া জিৰণদিন গোটটোৰ হাতত যথেষ্ট ক্ষমতা আছিল। কিন্তু তেওঁলোকৰ কথা নৰজিলগৈ। অন্য এটা গোট মন্টাগনাৰ্ডৰ নেতাসকল অতি সক্রিয় হৈ উঠিল সম্রাটৰ বিচাৰৰ বাবে। জিৰণদিনসকলৰ সকলে প্রচেষ্টা অথলে গ’ল। ৰবচপিয়েৰে মন্টাগনাৰ্ডসকলক সমৰ্থন কৰিলে।

অৱশেষত সম্রাট ষষ্ঠদশ লুইৰ বিচাৰ আৰম্ভ হ’ল। ১৭৯৩ চনৰ ২১ জানুৱাৰীত তেওঁৰ শিৰচ্ছেদ কৰা হয় গিলোটিনত। সমগ্র বিশ্বৰ ৰাজতন্ত্র থৰথৰকৈ কঁপি উঠিল। উগ্রপন্থী বিপ্লৱীসকলৰ হাতত ক্ষমতা পুঞ্জীভূত হৈ পৰিল। তেনে পৰিস্থিতিত মাৰা নামৰ বিপ্লৱীগৰাকী অতি শক্তিশালী হৈ পৰিল। তেওঁৰ বিৰুদ্ধে জিৰণদিনসকলে কাৰ্যকালাপ চলোৱাৰ উমান পাই মাৰাই কঠোৰ স্থিতি গ্রহণ কৰাত  জিৰণদিনসকল পলাই গ’ল। বহুতো জিৰণদিনক হত্যা কৰা হ’ল। কিন্তু এগৰাকী মহিলা আতাতায়ীৰ হাতত মাৰাও নিহত হয়। হত্যাকাণ্ডটোৰ আঁৰত জিৰণদিনসকলৰ হাত আছে বুলি সন্দেহ কৰি পেৰিচৰ জনতাই তেওঁলোকক মাৰি পেলাবলৈ আৰম্ভ কৰিলে। ঘটনাচক্রত শাসনৰ পৰা দাঁ-তঁও আঁতৰি পৰিল। প্রভূত ক্ষমতা আহি জমা হ’ল ৰবচপিয়েৰৰ হাতত।

ইফালে ফ্রান্সৰ অৱস্থা অতি বেয়া হৈ পৰিছে। ইউৰোপৰ অন্য দেশে ৰাজতন্ত্র পুনৰউদ্ধাৰ কৰিবলৈ ফ্রান্সৰ ওপৰত আক্রমণ আৰম্ভ কৰিছে। ভাঙি পৰিছে অৰ্থনীতি। পৰিস্থিতিৰ সুযোদ লৈছে ক’লাবজাৰীবোৰে। বিভিন্ন অঞ্চলত জিৰণদিনসকলে বিদ্রোহ কৰি দখল কৰি লৈছে কেইখনমান নগৰ। ফৰাচী বিপ্লৱ ব্যৰ্থ হোৱাৰ উপক্রম হৈছে।

তেনে পৰিস্থিতিত ৰবচপিয়েৰ অতি সাংঘাতিক কঠোৰ হৈ পৰিল। সমগ্র দেশখনক ঐক্যবদ্ধ কৰি ৰাখিবলৈ আৰু আভ্যন্তৰীণ শত্রুৰ বিনাশ কৰিবলৈ ভয়ংকৰ সন্ত্রাস আৰম্ভ কৰা হ’ল। সাম্রাজ্ঞী মেৰী এটোয়ানেটৰো শিৰচ্ছেদ কৰা হ’ল গিলোটিনত। হাজাৰ হাজাৰ জিৰণদিনক প্রদান কৰা হ’ল মৃত্যদণ্ড। আনকি দাঁ-তঁ—যি নিজেই আৰম্ভ কৰিছিল তেনে সন্ত্রাস—তেওঁৰ মূৰটোও কটা গ’ল। হেবাৰৰ দৰে বিপ্লৱীও সাৰি নগ’ল মৃত্যুদণ্ডৰ পৰা। তেনে সন্ত্রাসে অসংখ্য লোকক ত্রাসিত কৰি তুলিছিল, কিন্তু ফ্রান্সত তাৰ বেলেগধৰণৰ প্রভাৱো পৰিছিল সেই সময়ত। ক’লাবজাৰীবোৰ নাইকীয়া হ’ল, যুদ্ধত ফৰাচী সেনাই আচৰিতধৰণে পৰাক্রম দেখুৱাই বিজয় সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিলে। কথাটো ফলপ্রসূ হৈছে যেন দেখি ৰবচপিয়েৰে সন্ত্রাস অধিক ব‌ঢ়াই তুলিলে। এই সময়চোৱা সঁচাই আছিল অতি ৰক্তাক্ত। ইতিহাসত এইচোৱা সময়ক সন্ত্রাসৰাজ ( Reign of Terror) বুলি অভিহিত কৰা হয়।

ৰবচপিয়েৰে সৃষ্টি কৰা সন্ত্রাসৰ মাত্রা আছিল অভাৱনীয়। এটা মাত্র উদাহৰণে কথাটো স্পষ্ট কৰিব। ৰবচপিয়েৰে গীৰ্জা আৰু যাজকসকলৰ বিৰুদ্ধেও কিছুমান কাৰ্যসূচী গ্রহণ কৰিছিল। তাৰ প্রতিক্রিয়াত যাজকসকলে বিদ্রোহী হৈ পৰিল। তাত ইন্ধনৰ যোগান ধৰিলে বিপ্লৱৰ বিৰোধী অভিজাতসকলে। বিদ্রোহী সেনা বাহিনী এটা গঠন কৰিলে তেওঁলোকে। তেওঁলোকক পৰাভূত কৰিবলৈ ৰবচপিয়েৰে প্রেৰণ কৰা বাহিনীয়ে অগণন যাজকক হত্যা কৰিলে। মহিলা আৰু সাধাৰণ মানুহো সাৰি নগ’ল। বহুতো লোকক এখন পুৰণি ভগা জাহাজত উঠাই মাজ সমুদ্রত সেইখন ডুবাই দিয়া হ’ল। মুঠতে কোনো দয়া নাই, কোনো ক্ষমা নাই; সন্ত্রাস, মাথোন সন্ত্রাস।

তেনে পৰিস্থিতিত অন্য নেতাসকল অতিশয় শংকিত হৈ পৰিল। কাৰণ, ৰবচপিয়েৰে সকলোতে সাংঘাতিক সফলতা লাভ কৰিছে। সামৰিক দিশত ফ্রান্সৰ কেইফালে জয়জয়ময়ময়। দেখাত তেওঁৰ কোনো প্রতিদ্বন্দ্বী নাই। গতিকে তেওঁ কাক কেতিয়া গিলোটিনলৈ পঠিয়াই মূৰ কাটে, তাৰ কোনো ঠিক নাই। সেইবাবে সকলো মিলি ৰবচপিয়েৰৰ বিৰুদ্ধে ষড়যন্ত্রত লিপ্ত হ’ল। সদলত তেওঁলোক একগোট হৈ ৰবচপিয়েৰৰ বিৰুদ্ধে অভিযোগ আনিলে। তেওঁ আনকি আত্মপক্ষ সমৰ্থন কৰাৰো সুযোগ নাপালে। বন্দী কৰি তেওঁক প্রেৰণ কৰা হ’ল লাক্সেমুবৰ্গৰ কাৰাগাৰলৈ। ৰবচপিয়েৰৰ সমৰ্থক বাহিনীয়ে তেওঁক মুক্ত কৰাৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল। ৰবচপিয়েৰে আত্মহত্যাৰ চেষ্টা চলাইছিল, কিন্তু সফল নহ’ল। বিচাৰৰ অন্তত মৃত্যুদণ্ঢৰ ৰায় দিয়া হয়।

১৭৯৪ চনৰ ২৮ জুলাই। গিলোটিনৰ কাষলৈ ৰবচপিয়েৰক লৈ অহা হ’ল। সুন্দৰ সুন্দৰ পোছাক পিন্ধি বহুতো মানুহে তেওঁৰ মৃত্যু চাবলৈ আহিছে। কাষৰ ওখ দালানবোৰৰ দুৱাৰ-খিৰিকিবোৰ বহু দৰত ভাড়ালৈ দিয়া হৈছে ৰবচপিয়েৰৰ জীৱনৰ যবনিকা প্রত্যক্ষ কৰিবলৈ। মহিলাসকল যেন কোনোবা উৎসৱ-অনুষ্ঠান উপভোগ কৰিবলৈহে আহিছে!

গিলোটিলৰ তীক্ষ্ন ফালে কাটি পেলালে ৰবচপিয়েৰৰ শিৰ। যি গিলোটিনলৈ তেওঁ প্রেৰণ কৰিছিল অসংখ্যজনক, সেই গিলোটিল তেওঁৰ নিজৰ তেজেৰেই ৰঞ্জিত হৈ পৰিল। তেনে মৃত্যু সেইসময়ৰ পেৰিচত আছিল এটা সাধাৰণ দৃশ্য। কিন্তু ৰবচপিয়েৰৰ মৃত্যুৱে যেন সেই সন্ত্রাসৰাজক বিদায় জনালে। যেতিয়া এই বিপ্লৱীগৰাকীৰ কটা মূৰটো জনতাই চাবলৈ বুলি তুলি ধৰা হ’ল, তেতিয়া সমবেত জনতা উৎফুল্লিত হৈ পৰিল।

সন্ত্রাসৰ ৰাজত্ব লাহে লাহে শেষ হ’ল ফ্রান্সত। কিন্তু তাৰ লগে লগে বিপ্লৱৰ ঘোষিত লক্ষ্যৰ পৰাও ফ্রান্স বিচ্যুৎ হৈ পৰিল। সাম্য-মৈত্রী-স্বাধীনতাৰ বাণীসমূহ বাণী হৈয়েই থাকি গ’ল, সেইসমূহ বাস্তৱায়িত নহ’লগৈ। অৱশ্যে তাৰ আঁৰৰ কাৰণ ৰবচপিয়েৰৰ অনুপস্থিতি বুলি ভাবিলে সৰলীকৰণ কৰা হ’ব। বিপ্লৱৰ পাছত বুঁৰ্জোৱাসকলে ক্ষমতা দখল কৰিলে। প্রসংগত উল্লেখ কৰিব পাৰি, তেনে ঘটনাৰ মৰ্মভেদী বিশ্লেষণ আগব‌ঢ়াইছে মাৰ্ক্সবাদৰ অন্যতম পথিকৃত ফ্রিডৰিখ এংগেলছে।

ফ্রান্সত উক্ত ঘটনাক্রমৰ পাছত নেপেলিয়নৰ হাতলৈ ক্ষমতা গুছি যায়। আৰম্ভ হয় নেপোলিয়নৰ যুগ। ফৰাচী বিপ্লৱৰ ঘোষিত লক্ষ্য সফল নহ’ল। কিন্তু পৃথিৱী কঁপোৱা সেই বছৰকেইটি মানুহৰ ইতিহাসত বৰ গুৰুত্ত্বপূৰ্ণ হৈ থাকি গ’ল। তাৰ প্রভাৱ এতিয়াও আছে। সেই ঘটনাঘন পৰিস্থিতিৰ সৈতে সদায়েই উচ্চাৰিত হৈ থাকিব মেক্সমিলিয়েন ৰবচপিয়েৰ নামৰ অক্লান্ত অথচ বিতৰ্কিত বিপ্লৱীগৰাকীৰ নাম।

Leave a Reply

Your email address will not be published. Required fields are marked *