কেন্দ্ৰীয় নিবন্ধ

ৰবীন্দ্ৰ সৰকাৰৰ কবিতাৰ কিছু কথা— (ডা° ভগৱান দেৱ মিশ্ৰ)

ৰবীন্দ্ৰ সৰকাৰ মানুহজনেই আছিল প্ৰচাৰবিমুখ। নীলমনি ফুকন, হীৰেন ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, হীৰেন দত্ত, হীৰেন গোহাঁই, ৰাজেন কলিতা প্ৰমুখ্যে কেইজনমান কবিতাৰ মানুহৰ খেচখেচনি নাথাকিলে হয়তো তেখেতৰ কবিতাপুথি আমি দেখাই নাপালোহেঁতেন। নীলমণি ফুকন, নলিনীধৰ ভট্টাচাৰ্য আৰু হীৰুদাৰ প্ৰসংগ তেখেতৰ কবিতাত একাধিকবাৰ উল্লিখিত হৈছে। তেখেতে নিজেই কৈছে— ‘প্ৰস্তুতিপৰ্বৰ বহু কবিতাই সাঁচি ৰাখিব পৰা নাই।’ ৰবীন্দ্ৰ চৰকাৰৰ কবিতাসমূহৰ সময়ক্ৰম উদ্ধাৰ কৰিব নোৱাৰিলোঁ। সময়ক্ৰম নাজানিলে কবি এজনৰ কবিতাৰ অভিজ্ঞতাভিত্তিক উত্তৰণৰ আলোচনাত কিছু অসুবিধা হয়। “এজন কবিয়ে সমগ্ৰ জীৱনজুৰি এটাই কবিতা ৰচনা কৰে, বাৰে বাৰে চিহ্নিত কৰে নিজৰ অৱস্থান”— ৰবীন্দ্ৰ সৰকাৰৰ এইষাৰ কথাৰ আশ্ৰয় লৈয়েই এটা কঠিন কামত আগবাঢ়িছোঁ।
এজন কবিৰ কবিতাৰ আলোচনা আলোচকৰ নিজস্ব দৃষ্টিভংগী, ৰুচিবোধ আৰু স্থান-কালৰ (Point of reference) ওপৰত নিৰ্ভৰ কৰে। গতিকে একেটা কবিতাৰ ব্যাখ্যা বা পৰ্যবেক্ষণ দুজন আলোচকৰ ভিন্ন হ’ব পাৰে, আনকি সেই আলোচনা কবিজনৰ কবিতা নিৰ্মাণৰ সময়ত হোৱা অনুভূতিৰ লগতো ভিন্ন হ’ব পাৰে।
ৰবীন্দ্ৰ চৰকাৰ বিপ্লৱী কবি; কিন্তু নিশাটোতেই ধাহিমুহি আগৰ সকলোবোৰ ভাঙিচিঙি কিবা এটা নতুন কৰা ধৰণৰ বিপ্লৱী কবি নহয় তেখেত; নতুবা বিপ্লৱক এক ৰোমাঞ্চকৰ অনুভূতি বুলি ভাবি লোৱা ধৰণৰ কবিও নহয় তেখেত। বহু কবিয়ে সমাজৰ কল্যানমূলক পৰিবৰ্তনৰ সপোন দেখে, বিপ্লৱক আহ্বান কৰে। ৰবীন্দ্ৰ চৰকাৰে কিন্তু অকল সমাজ ব্যৱস্থাৰ আমূল পৰিবৰ্তনকেই বিশ্বাস কৰা নাছিল, বিপ্লৱৰ অনিবাৰ্যতাকো বিশ্বাস কৰিছিল।
কবি আৰু কবিতাৰ অনুৰাগীসকল শব্দপ্ৰেমিক। কবিসকলে সেইবাবেই শব্দ বিচাৰি দিহিঙে দিবাঙে লৱৰি ফুৰে। সেইবোৰ শব্দকেই কবিয়ে নিৰ্বাচিত কৰে য’ত সুৰৰ গোন্ধ আৰু সুষমা থাকে। স্থান আৰু সময় সাপেক্ষে এই শব্দবোৰে সুৰ সলনি কৰে। এই শব্দবোৰেৰে কবিয়ে বাস্তৱতা নিৰ্মাণ কৰে, কবিয়ে বাস্তৱতাক অনুকৰণ নকৰে। সেইবাবেই প্ৰতিভাশালী সুৰাকাৰে কবিতা এটাক সহজে গান কৰি পেলাব পাৰে। শব্দৰ বৰ্ণ-গন্ধ-ৰূপৰ অনুভৱ এজন কবিৰ চেতনাতেই সম্ভৱ। কবিতা বুটলিবলৈ, শব্দ বুটলিবলৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছিল ৰবীন্দ্ৰ চৰকাৰে। লোকসাহিত্যত কবিতাৰ সমল বিচাৰি প্ৰত্যন্ত গাঁওবোৰত খোজ কাঢ়ি কাঢ়ি ঘূৰি ফুৰিছিল। এটা সময়ত মই ঘৰে ঘৰে ঘূৰি ফুৰা ৰঙিয়া অঞ্চলৰ ভিতৰুৱা গাঁওবোৰলৈও শব্দ বিচাৰি ঢাপলি মেলিছিল তেখেতে–
” মনৰ আকাশত মোৰ ৰং ধৰা নাই
হেজাৰ কবিতা গৈছে শুকাই
মধুকুছি, পানাৰা, হাচাঙৰ ঘৰে ঘৰে”
” বজালীত অনাহাৰ নামৰ
এক ভয়ংকৰ বেমাৰ–“
নৈসৰ্গিক সকলোবোৰ পৰিঘটনাতেই সৌন্দৰ্য থাকে বুলি কবিজনে বিশ্বাস নকৰিছিল। কঠিন শিলত কটা জীৱনত ৰামধেনু দেখিও ‘ধুনীয়া!’ বুলি চিঞৰি উঠিব পৰা নাই কবিয়ে——
” মানুহজনে গমেই নাপালে
গোলাপৰ দৰে সুন্দৰ জীৱন
ফাইলৰ হেঁচাত চেপা খাই গ’ল
বৰষুণৰ পাছত পূৱ আকাশত
ৰামধেনুৰ ৰং চাই আৱেগ-বিহ্বল
তেওঁ ক’ব নোৱাৰিলে—ধুনীয়া!–“
ৰবীন্দ্ৰ সৰকাৰৰ বেছিখিনি কবিতাই প্ৰতীকবাদ (Symbolism) ৰ আংগিকেৰে বন্ধা। তেখেতৰ প্ৰতীকবাদী কবিতাবোৰৰ বক্তব্য‌ও বৰ স্পষ্ট-
” ৰাজহাড়ত
১১০০০ ভ’ল্টৰ বিদ্যুৎ প্ৰভাৱ
বজাৰত ৰঙা গাড়ী
বিপদৰ লাওখোলা অঁকা।”
“ৰাস্তাৰ দাঁতিত হাট বহিছে
ডিঙিত ৰছী লগোৱা মানুহৰ হাট”
“কচাইৰ দোকানত ওলোমাই থোৱা
চেলোৱা ছাগলীৰ দৰে জীৱন”
” ৰং সলনি হ’লেই
দিন সলনি হৈ নাযায়——-
কচাইৰ কুকুৰে কুকুৰা চৰাইটোক খেদি ফুৰে।”
আকৌ চিত্ৰকল্পৰ উপস্থিতি চাওক তেখেতৰ কবিতাত। কবিতা নুবুজাজনকো আঙুলিৰে ইংগিত দি কবিতা দেখুৱাই দিব পৰা চিত্ৰকল্প—
” ৰাস্তাটো পাৰ হ’বলৈ যাওঁতে
হঠাতে জীৱনৰ আৰ্তনাদ–
কেঁ-এচকৈ এটা শব্দ
জুম বান্ধি থকা মানুহজাকে চিঞৰিলে–
গ’ল–গ’ল–গ’ল–
পেটুৱা টায়াৰ চাৰিটা ভয়তে থমকি ৰ’ল
সমুখত সময়ৰ ৰঙা চকু।”
“মাজৰাতি কোনোবাই বাটে ঘাটে
আঁৰি থৈ যায় প্ৰাচীৰপত্ৰ—
‘বলিয়া কুকুৰৰ পৰা সাৱধান!’
” মেঘবোৰে আজিকালি ছল পালেই বুঢ়া আঙুলি দেখুৱায়
সাগৰতো জ্বলে জুই, ৰঙাচকু দেখুৱাই চবজিৰ বজাৰে
ঢেৰঢেৰীয়া বাছবোৰে কঁকাল-মূৰ ভাঙি চেকুৰি চেকুৰি
কাণ টিপি আদায় কৰিছে বেছি ভাৰা
লিফ্‌টত ভৰি দিওঁতেই ‘ লোডছেডিং’–“
‘ভেদবুদ্ধিৰ পাকঘূৰণিত আমি হেৰুৱাব লগা হৈছে আমাৰ নৈতিকতা আৰু মূল্যবোধ’ আৰু এনেকুৱা দু:সময়ত যিকোনো মানুহৰেই হতাশা আহে, লাগিলে মানুহজন যিমানেই বাস্তৱবাদী নহ‌ওক কিয়। ৰবীন্দ্ৰ চৰকাৰো কেতিয়াবা হতাশ হৈছে। এই হতাশা (Positive pessimism) কিন্তু অইন দহজনৰ দৰে নিৰাশা নহয়। পেটত আশা সোমাই থকা হতাশা——
“হে স্বদেশ, মই বহুদিন দেখা নাই সত্যনিষ্ঠ শিশুৰ মুখ
মই বহুদিন দেখা নাই বৃষ্টিবিন্দুৰ দৰে
শ‌ইচৰ সম্ভাৰ, সোনোৱালী ভাস্বৰ “
“কাৰফিউৰ ৰাতি
কাউৰীৰ মাত শুনি
বুকুখন হমহমায়
নি:শব্দে গুছি যায় কবি
বেলি লহিয়ায়–“(পুণ্ডৰীকাক্ষ ভৰালীৰ স্মৃতিত)
“কাতি হৈ থকা কেৰাহিটো উৰি যায়
নেকি ঢোঁৰা কাউৰীৰ দৰে “
“সূৰুযমুখী গাইজনীয়ে
কিহৰ দুখত হেম্বেলিয়ায়
বিহুৱা ল’ৰাটো এইবেলি অকলে অকলে
কাৰ ওঁঠৰ তেজ মচি
কাৰ চোতাললৈ গুছি গ’ল”
“কথাৰ পিঠিত কথা সজাই তোমাক ভালপোৱা
সেই দিনবোৰ উকলিল
এতিয়া গান নোহোৱা জীৱন
অকলে অকলে এটা নিজান বাটেদি গৈ থকা
সুৰংগৰ পাছত আকৌ সুৰংগ
ভৌতিক খিকিন্দালি–“
“সৰিয়হনীৰ হালধীয়া গাত সানি কাহিলীপুৱাতে
টিলাটোৰ আঁৰত মিচিং গাভৰুজনী
নেদেখা হ’ল যি হ’লেই, বহুপৰলৈকে
বেলিটোৱে ৰৈ ৰৈ ডুব গ’ল
ত‌ই কাৰ ঘৰৰ জীয়ৰী
হেৰ’, যাবি ক’লৈ, এথোন সকলোতে মৰিশালি”
ৰবীন্দ্ৰ সৰকাৰৰ বেছিভাগ কবিতাতেই আশাবাদ (Optimism) ৰ প্ৰভাৱ স্পষ্ট। কিন্তু তেখেতৰ আশাবাদৰ এক বৈশিষ্ট আছে। এই বৈশিষ্ট হ’ল আশা আৰু হতাশাৰ পৰিপূৰকতা আৰু ইয়েই তেখেতৰ কবিতাক এক ব্যতিক্ৰমী মাত্ৰা দিছে। অতি দুৰ্যোগতো, সেয়া জৰুৰী অৱস্থাই হ‌ওক বা অসম আন্দোলনৰ সময়েই হ‌ওক নতুবা আজিৰ আৰোপিত সাম্প্ৰাদায়িকতাৰ সময়তেই হ‌ওক, কবিয়ে সুদিনৰ আশা এৰা নাই—–
“ৰাতি নৌপুৱাওঁতেই
কমাৰশালাৰ নিয়াৰিত
কাৰ উজ্জ্বল হাতুৰীৰ শব্দই
দিন ভাঙে, দিন গঢ়ে।”
“মোৰ মুখৰ পৰা শব্দ সৰিলেই
সাৰ পায় ৰুক্ষ স্বদেশ”
“পুৱাৰ মাটিক সাবটি ইয়াতেই
এইখিনিতেই ক’ৰবাত
আকাশ ৰঙা কৰি শুই আছে
ফৰিংফুটা কবিতাৰ জোনাক”
“দূৰ বননিৰ পৰা ভাহি অহা খৰিকটীয়াৰ কুঠাৰৰ ঘাপ
বৰ বৰ গছ বাগৰি পৰা অশ্ৰুত শব্দত
বুকুখন পাতল লাগে”
“চোৱা এজন কবি আহিছে
আহিছে এই পৃথিৱীৰ একচ্ছত্ৰী সম্ৰাট”
কবিৰ ক্ষোভো আছে, দুৰ্দান্ত ক্ষোভ। সংবিধানে দিয়া অধিকাৰবোৰ বাস্তৱক্ষেত্ৰত অবৰ্তমান হ’লে, সমাজখন ঠিকেঠাকে নচলিলে, জনসাধাৰণ বঞ্চিত হ’লে, গৰিব প্ৰৱঞ্চিত হ’লে, সমাজত অন্যায় হ’লে কবিৰ খং উঠে। শিশুসকল বিদ্যালয়লৈ মাব নোৱাৰিলে, খেতমজুৰে কাম নাপালে, সন্তান সম্ভৱা মাতৃয়ে ৰাস্তাত আলকাত্‌ৰা ঢালিবলগীয়া হ’লে, চাহশ্ৰমিকে ন্যায্য পাৰিশ্ৰমিক নাপালে, বানপানী-গৰাখহনীয়াই গৃহহাৰা কৰা মানুহে বাসস্থান খুজি গুলী বুকুত ল’বলগীয়া হ’লে, বুটজোতাৰ গোৰ বুকুত ল’বলগীয়া হ’লে কবিৰ খং উঠে। প্ৰতিভাশালী শিল্পী নিৰুদ্দেশ হ’লে, অন্যায়ভাৱে নিগৃহীত হ’লে বা অপমানিত হ’লে কবিৰ খং উঠে——–
” ঈশ্বৰ,
মানচিত্ৰৰ কোনখিনিত
ভৰি থ’বা?—
—––—-
সুমথিৰাৰ দৰে উজ্জ্বল পৃথিৱী
তোমাৰ নখৰ আঁচোৰত ৰক্তাক্ত—–
ঈশ্বৰ,
মানচিত্ৰৰ কোনখিনিত তোমাৰ
শুভ্ৰ দাঁত বহুৱাবা?”
“মানৱতাৰ ফাঁচীত ওলোমাই
সিহঁতে তাৰ হাত দুখন কাটি দিছে
চকু দুটা ঘুকুটি উলিয়াইছে
নিজ সন্তানৰ নামত শপত খাই
জুই দিছে তাৰ পঁজাত”
“পখিলাৰ দৰে এই পাহাৰখনক
গিলি খোৱাৰ পাছতো তাইৰ ভোক নুগুচে
চেলেকি ফুৰে মোৰ শৈশৱৰ ৰঙামাটি
সোনাৰুজোপাৰ তলেদি
অনাই বনাই ফুৰা ধূলিয়ৰি পথ –“
“আজিলৈকে নিজাকৈ ঘৰ এটা নহ’ল মোৰ
অথবা আকাংক্ষিত এটি মৃত্যু
যেনেকৈ ভাবিছিলোঁ তেনেকৈ অনুবাদ নহ’ল স্বপ্ন
মানুহে মানুহৰ ভাষা পাহৰিলে”
“মোৰ পদূলিৰ ফুলবোৰ নিনিয়ালৈকে
সিহঁতৰ বেজাৰ নুগুচে,
জোনটোকো সিহঁতে নমাই আনিব খোজে
বিছনাত,
সততাৰ উলংগ দেহাটো পৰি থাকে
তেজৰ ডোঙাত
চেপি-পিহি মানুহৰ ফচিল নে আন কিবা।”
ৰবীন্দ্ৰ সৰকাৰে পোনেপোনে কথা কয়, কবিতাতো তেখেতৰ বিশেষ ভাঁজভুজ নাই। মূলতঃ তেখেত এজন Realist কবি। সেইবাবেই হয়তো কেতিয়াবা তেখেতৰ কবিতা শ্লোগানধৰ্মিতাৰ দোষত দুষ্ট হৈ পৰা যেন লাগে। সাধাৰণ মানুহৰ দুখ-যন্ত্ৰণা, ভয়-আশংকা, আশা-নিৰাশাৰ কথা পোনপটীয়াকৈ কয়—-
“চৌকাত জুই
ৰঙা ৰঙা জুই
মানুহজনীয়ে ৰুটি সেকিছে আৰু ভাবিছে
কোলাত শুই থকা কেঁচুৱাটোৰ কথা—
জাৰৰ দিনকেইটা গ’লেহে ৰক্ষা।”
“নিজৰ আইক চিনি নোপোৱাৰ দৰে
পথাৰখনক এতিয়া কোনেও চিনি নাপায়
ঘূৰি নাচায় তাইৰ পুৰি ক’লা হোৱা মুখখনলৈ
কেৱল পিষ্টনৰ ঘট-ঘটাং শব্দ, হাজিৰাবহীৰ চিঞৰ-
এটা ৰাতিৰ খবৰ বেলিয়ে লাহ দিয়াৰ আগতেই
নিজানত হেৰাই যায়,
মই মোৰ কলিজাটো
পথাৰখনৰ বুকু খান্দি উলিয়াওঁ কেনকৈ?”
“মানুহবোৰ ইয়াত কেতিয়াবাই মৰি গৈছে।
হাত-ভৰি জোকাৰি থকাটোৱেই অকল
জীয়াই থকাৰ লক্ষণ নহয়,
চিঞৰি কথা কয়, মাত নুফুটে
নিজৰ অতীত নজনাকৈ
বতাহৰ আগে আগে দৌৰি ফুৰিছে সময়।
মানুহবোৰ ইয়াত কেতিয়াবাই মৰি গৈছে।
———-
ইমানবোৰ মৃত মানুহৰ মাজত
মই জীয়াই থাকিম কেনেকৈ?”
“ভোকাতুৰৰ ভাতেই ঈশ্বৰ
পঞ্চাশৰ আকালতো ঈশ্বৰে কান্দিছিল—-
টোপনিতো মই ভাতৰ স্বপ্ন দেখোঁ
যুঁজো, সমবেত ভাতৰ সংগীত শুনো–“
কবি জ্ঞান পূজাৰীক কৈছে—” কাইটীয়া বাটত কবিতাতকৈ মানুহ ডাঙৰ”
কবি ৰবীন্দ্ৰ সৰকাৰ বিশ্বায়নৰ অকল আৰ্থিক দিশটোৰেই নহয়, তাৰ দুস্কৃতিৰ দিশটোৰ বিৰুদ্ধেও পাঠকক সজাগ কৰিবলৈ গৈ বাস্তৱবাদৰেই আশ্ৰয় লৈছে। বিশ্বায়নক তেখেতে ভুৱনায়ন বুলি কৈছিল—–
“হেজাৰ-বিজাৰ পতাকাৰ মাজত তোমাৰ মাতটো
চিকাৰ দৰে চিঁ চিঁয়াইছে
বিজ্ঞাপনে ঢাকি থৈছে আই-ওলোৱা মুখখন
ইস্কনৰ ৰথৰ চেপা খাই
তুমি পাহৰিছা নিজৰ নাম
হেৰিপটাৰ নে ঘনশ্যাম”
“ভোক নুগুছে, পিয়াহ নুগুছে
বেলি উঠে , আকৌ মাৰ যায়
কেকাৰু বৰ্মনে মুখা বনায়।”( এজন মুখাশিল্পীৰ কথাৰে)
“সেউজীয়া তচ্‌নচ্‌ কৰি তোমাৰ শৰীৰ খান্দি অট্টালিকা,
বিজ্ঞাপনৰ ঘোঁৰাই আমাৰ হাড়-মূৰ চোবাই
পাৰ হ’ব খোজে ভুৱনায়নৰ পথাৰ।
গাঁওবোৰে এখোজ-দুখোজকৈ উঠি আহিব খোজে
চহৰলৈ , ইজনে সিজনক দবা গুটিৰ দৰে সজাই লয়
আত্মভুক, জীৱন-সায়াহ্নলৈকে
অকল নিজৰ ছাঁটোকে খেদি ফূৰে।”
“কলৰ ভুৰত উটি গ’ল দেশ”
‘এটা ভালে থকাৰ কবিতা’–এই কবিতাটোত Dualism ৰ প্ৰভাৱ দেখা যায়। সাধাৰণতে ৰবীন্দ্ৰ সৰকাৰৰ কবিতাত দ্বৈতবাদ আৰু উত্তৰ-আধুনিকতাৰ উপস্থিতি নাই বুলিয়েই ক’ব পাৰি।’সূৰ্য এতিয়া এটা অন্তিম চিঞৰ’ কবিতাটোত উত্তৰ-আধুনিকতাৰ অলপ চাপ দেখা যায়—–
“তাৰ নাম সূৰ্য। সি মই একেদিনাই কিৰণপ্ৰভা স্কুলত
নাম লগাইছিলোঁ। জাৰত জাক জাক চৰাই উৰি আহি
বহিছিল আমাৰ চোতালত। কুঁৱলীৰ মাজেদি পুৱাৰ স্কুল
———–
সি স্বপ্নৰ মাজত ডুব গৈছিল। স্বপ্ন বিলাই দিব খুজিছিল
শীতাৰ্ত মানুহবোৰৰ মাজত। সূৰ্য আকাশ হ’ব খুজিছিল,
নদী আৰু বৰষুণ।
ৰ’দ হৈ সোমাব খুজিছিল আমাৰ বুকুত।
সূৰ্য এতিয়া ধ্বংসস্তূপৰ মাজত এটা অন্তিম চিঞৰ।”
আচলতে ৰবীন্দ্ৰ সৰকাৰৰ প্ৰতিটো কবিতাই একো একোটা নিবন্ধ দাবী কৰিব পাৰে যোগ্যজনৰ পৰা। কিন্তু বিশ্বায়নে সুস্থ কবিতাৰ জগতখনক চেপি আনিছে। কবিতাৰ কিতাপৰ পাঠক সীমিত, কবিতাৰ চিৰিয়াচ পাঠক নাই, কবিতাৰ কিতাপ কিতাপৰ দোকানত পাবলৈ টান। প্ৰচাৰমুখী কবিৰ কিতাপৰো পাঠক নাই, বিক্ৰী আছে। কবিতাত এতিয়া মাৰ্কেটিং চলিছে। কবিতা এতিয়া পৰস্পৰে পৰস্পৰক তোষামোদ কৰাৰ খেল হৈ পৰিছে। নতুনচামে নতুন কিবা এটা কৰিব লাগিব। যুঁজিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *