কেন্দ্ৰীয় নিবন্ধ

ৰবীন্দ্ৰ সৰকাৰৰ প্রতিশ্রুতি — (ড° হীৰেন গোহাঁই)

সাম্প্রতিক অসমীয়া কবিতাত ৰবীন্দ্ৰ সৰকাৰৰ এক বিশিষ্ট ভূমিকা আছে। ডেকাচামৰ বহু কবি আৰু পঢ়ুৱৈৰ সঁহাৰিত ইতিমধ্যে সি স্বীকৃতি পাইছে।
তেওঁৰ কবিতাৰ অতিশয় সুস্পষ্ট আৰু অতীব আকর্ষণীয় গুণ হ’ল তাৰ জৰুৰী কণ্ঠস্বৰ। মুহূৰ্ততে আত্মকেন্দ্রিক তুচ্ছতাৰ বাধা ভাঙি সি আমাক লৈ যায় জীৱনৰ বৃহত্তৰ প্ৰত্যাহ্বানৰ পিনে। এই কণ্ঠস্বৰ কেতিয়াবা ক্রুদ্ধ আৰু ক্ষুব্ধ, কেতিয়াবা সি তীব্ৰ ঘৃণাত ফাটি পৰিছে। কিন্তু তাৰ পৰাই প্ৰমাণ হয় জনতাৰ মুক্তি তেওঁৰ বাবে এটা মধুৰ সপোনেই মাত্ৰ নহয়, জনগণৰ বৰ্তমান দাসত্ব তেওঁৰ বাবে এটা দুঃস্বপ্ন আৰু যন্ত্রণা।

বিপ্লৱ তেওঁৰ বাবে এটা ৰোমাণ্টিক ভাববিলাস নহয়— বহু তৰুণ কবিৰ ৰচনাত যেনেকুৱা তাৰ চেহেৰা। ৰুদ্ধ যৌবনে বিচৰা অভিনৱ অমিয়া মুক্তিৰ সৈতে তেওঁ বিপ্লৱক একাকাৰ কৰি পেলোৱা নাই। তেওঁৰ আকূতিত আত্মগত তাড়নাৰ আভাস নাই। বৰং ক্ষুধার্ত, বঞ্চিত, অপমানিত আৰু ক্ৰুদ্ধ যিসকল সাধাৰণ মানুহৰ মুখ তেওঁৰ কবিতাত ফুটি উঠিছে, সেই সকলৰে অন্তৰৰ গভীৰতম এক আকাংক্ষা আৰু প্ৰেৰণা যেন তেওঁৰ কবিতাৰ সুৰত মূৰ্ত হৈছে:

চৌকাত জুই
ৰঙা ৰঙা জুই
মানুহজনীয়ে ৰুটি সেঁকিছে আৰু ভাবিছে
কোলাত শুই থকা কেঁচুৱাটোৰ কথা—
“জাৰৰ দিনকেইটা গ’লেহে ৰক্ষা!”

*
বজালীত অনাহাৰ নামৰ
এটি ভয়ংকৰ বেমাৰ—
বাদুলিৰ ডেউকাত নামি আহে
ব্লেকআউটৰ কুচক্রী এন্ধাৰ

*
ৰেচনৰ দোকানৰ সমুখত
শাৰী পাতি ৰৈ আছে তেজমাংসবিহীন ক্ষুধার্ত ভাৰত,
মুখবোৰত আজিকালি ভীষণ ধাৰ
চুই দিলেই টংকৈ বাজি উঠে।
অফিচত সদায় ‘লেটবাবু’ হৈ বৰচাহাবৰ ধমকি খাই
টাইপৰ শাৰীবোৰ ভাগি ছিগি গ’ল;
মানুহজনে গমেই নেপালে বগা কাগজত ভাহি উঠিল
ক্ষুধার্ত মানুহৰ সমদল—
অসহায়া মাতৃৰ বেদনাক্লিষ্ট মুখ।

*
ভয়ৰ বুকুত গোৰ মাৰি
ধনুৰ গুণৰ দৰে মানুহবোৰে কান্ধৰ যুঁৱলি দলিয়াই
বুকু ফিন্দাই ধিয় হ’ল।

চৰকাৰী নিৰ্যাতন আৰু শোষকশ্রেণীৰ অমানুষিকতা পাহৰি যিসকল স্পর্শকাতৰ বুদ্ধিজীৱিয়ে বিপ্লৱৰ মাজত আৱিষ্কাৰ কৰে কেৱল ভয়াবহ অৰাজকতা, তেতিয়া সৰকাৰৰ স্বচ্ছ আৰু সতেজ অনুভূতিয়ে আমাক সোঁৱৰাই দিয়ে যে বিপ্লৱ এটা নিতান্ত মানৱীয় প্রয়োজন, এটা সুন্দৰ আৰু স্বাভাৱিক কামনা, এটা অমোঘ সত্য। বুৰ্জোৱা আৰু সামন্তপ্রভুসকলৰ ৰংচঙীয়া শ্মশান-মেলাৰ মাজতো নতুন জীৱনৰ যি উন্মেষ ঘটিছে, তাৰ গৰ্ভযন্ত্ৰণা আৰু আসন্ন প্ৰসৱৰ ইংগিত সৰকাৰৰ কবিতাত ধৰা পৰিছে।

: সর্বনাশ !
তলত থকা মানুহজাকে ওপৰলৈ চালে:
খটখটিত তেজৰ চিন—
শিৰাই শিৰাই উত্তৰণৰ যন্ত্ৰণা
ক’ৰবাত যেন শিলভঙাৰ শব্দ
কিবা এটা গঢ়িছে চাগৈ!
কেঁচুৱাটোৰ আধাফুটা থুনুক-থানাক মাত
আৰু স্পষ্ট হ’ব,
মাটিত ভৰ দি থিয় হ’ব
ফুটফুটীয়া এটা সুন্দৰ দিন ;
তাৰ পাছত সজাগ সতর্ক দৃষ্টি লৈ
নিৰ্ভয়ে ৰাস্তাটো পাৰ হ’ব পাৰিব।

অৱশ্যে বাস্তৱ পৰিস্থিতিৰ ঐকান্তিক অধ্যয়ন আৰু উত্তৰণৰ বাবে চৰম সিদ্ধান্ত ল’ব পৰা কল্পনা— ধৈৰ্য্য আৰু সাহস— এনে দুই বিপৰীত গুণৰ যথাৰ্থ সমন্বয় নেতৃত্বৰ মাজত বিৰল বাবে ভাৰতীয় বিপ্লৱৰ মহৎ সম্ভাৱনা মূৰ্ত হোৱাত পলম হৈছে। নিম্নমধ্যবিত্ত চিন্তা আৰু মনোবৃত্তিৰ শৃংখল এতিয়াও যেন আমাৰ বামপন্থী আন্দোলনে ভাঙিব পৰা নাই। স্বাভাৱিকতে কবিৰ মনত এই নিকৰুণ প্রতীক্ষাই মাজে মাজে সৃষ্টি কৰিছে তিক্ততা আৰু হতাশা। তেওঁৰ সহজাত আত্মপ্রত্যয় নিমগ্ন হৈছে আত্মগ্লানিত। আত্মবিশ্লেষণৰ তাগিদাত বিবেকৰ আঘাতত তেওঁৰ মন ক্রুছবিদ্ধ।

: চুৱাপাতনিত আহাৰ নোপোৱা সেই কুকুৰটোৰ দৰে
ফটা জোতাকে কামুৰি
ইমূৰৰ পৰা সিমূৰলৈকে
বিয়পাই দিলোঁ চৰম উত্তেজনা।
*
ফুলতকৈ কাঁইটেই ভাল বুলি নিৰ্বিকাৰ হোৱাত
অহৰহ বঞ্চনাৰ বেদনা,
তথাপি খুলিব নোৱাৰোঁ সেই
ছাৰ্কাছৰ ক্লাউনৰ পোছাক।
*
দৰব-বেচা মানুহজনৰ কণ্ঠ এতিয়া
ভগা ৰেকৰ্ডৰ উচ্চগ্ৰামত
একেৰাহে বাজি আছে— বাজি আছে:
“বাঘে-ছাগে একেঘাটে
পানী থোৱাৰ অব্যর্থ ঔষধ।”

এই তিক্ততা আৰু হতাশাৰ লগত তেওঁৰ পৰিচয় নোহোৱা হ’লে তেওঁৰ বাস্তৱবোধ আৰু আশাবাদ নিতান্তই সস্তীয়া বস্তু হৈ পৰিলহেঁতেন। কিন্তু সেই নেতিবাচক অভিজ্ঞতাতে ডুব গৈ থকা হ’লে সি কেৱল আমাৰ মধ্যবিত্ত শ্ৰেণীৰ ধূৰ্ত কাপুৰুষৰ দলৰ আত্মতুষ্টিহে সবল কৰিলেহেঁতেন।  কাৰণ বিপ্লৱীৰ ভণ্ডামি আৰু শঠতা উদঙাই বিপ্লৱক কলংকিত কৰাটো সিহঁতৰ এটা পুৰণা আৰু ঘৃণ্য কৌশল। সুখৰ বিষয় এই চাকনৈয়াত সৰকাৰ হেৰাই যোৱা নাই। তেওঁৰ ব্যংগ কেৱল আনৰ প্রতিয়েই নহয়, নিজৰ প্ৰতিও নির্দিষ্ট।

কিন্তু এইখিনিতে উল্লেখ কৰিব পাৰি যে সৰকাৰৰ চেতনা নিম্নমধ্যবিত্ত গণ্ডী চেৰাই বেছি দূৰলৈ যাব পৰা নাই। এই শ্ৰেণীৰ মাজত যেনে প্রবল আদর্শনিষ্ঠা, আবেগিক উন্মাদনা আৰু দুঃসাহস সময়ে সময়ে লক্ষ্য কৰা যায়, সৰকাৰৰ চেতনাত তাৰ প্ৰতিফলন সুস্পষ্ট। আনহাতে ঐতিহাসিক বাস্তৱৰ গতি সম্পর্কে এই শ্ৰেণীৰ মাজত বিবিধ ভ্ৰম আৰু মোহৰ সঞ্চাৰ হোৱাৰ সম্ভাৱনাও বহুল। শ্রমিকশ্রেণীৰ ধৈৰ্য্য, প্রত্যয় আৰু দৃঢ়তা আৰু তাৰ ভিত্তিস্বৰূপে বাস্তৱৰ লগত এক অবিচল সংযোগ এই শ্ৰেণীৰ পৰা আশা কৰিব নোৱাৰি। সৰকাৰৰ বিপ্লৱী মনোভাবৰ মাজত শ্রমিকশ্রেণীৰ চেতনা অনুভৱ কৰা নাযায়, বৰং শ্রমিক শ্ৰেণীৰ বাহিৰৰ বহল জনসাধাৰণৰ চেতনাৰ স্বাক্ষৰহে সি বহন কৰিছে। সেয়ে তেওঁৰ ভাষা, আংগিক আৰু অনুভূতিত বাস্তৱৰ গভীৰতম আৰু সৰলতম বাণী এতিয়াও যেন ধ্বনিত হোৱা নাই।

আৰু ঠিক এইবাবেই জীৱনৰ বিচিত্র অভিজ্ঞতাৰ স্পৰ্শৰ অভাৱত সৰকাৰৰ কবিতাবোৰত বাস্তৱবোধৰ কিছু দৈন্য পৰিলক্ষিত হয়। ইতিহাসৰ নদী কেতিয়াবা খৰস্রোতা, কেতিয়াবা শান্ত, ধীৰগতি (যদিও এই ধীৰতা নিশ্চলতা নহয়), কেতিয়াবা শিলৰ পাহাৰত খুন্দা খাই নিজৰ মাজত নিজে বিভ্রান্ত, দিশাহাৰা। অভিজ্ঞতা তথা উপলব্ধিৰ জৰিয়তে জীৱনৰ এই বহল পটভূমি আয়ত্ত কৰিব নোৱাৰিলে কবিতাৰো ৰসসৃষ্টি হ’ব সীমাবদ্ধ। লেনিনে এনেয়ে ‘অভিজাত পুস্ব্কিনক বিপ্লৱী মায়াকফ্স্কিতকৈ উচ্চস্তৰৰ কবি বুলি ভবা নাছিল।

অৱশ্যে পাহৰিব নোৱাৰি যে চহৰ আৰু গাৱঁৰ শ্রমিকশ্রেণীৰ বাহিৰে যি বিপুল জনসাধাৰণে অভাৱ আৰু নিষ্পেষণৰ মাজেদি বৈপ্লৱিক সংগ্ৰামৰ শিক্ষা অৰ্জন কৰিছে তেওঁলোকৰ মনৰ কথাও সাধুতা আৰু আন্তৰিকতাৰে আমাক সকলোৱে শুনাব পৰা নাই । আত্মগত ভাবোচ্ছ্বাসকে কিছুমানে বিপ্লৱৰ উদ্গীৰণ বুলি ভাবিছে। সৰকাৰ এজন সেইবিধৰ মানুহ, আন্তৰিকতাৰ ফলত যি সমাজৰ একো একোটা বৃহৎ শক্তিৰ প্ৰতিনিধি হ’ব পাৰে। সেইগুণেই তেওঁৰ অনুভূতি তীব্র, স্বচ্ছ আৰু নৈর্ব্যক্তিক।

অনুভূতিৰ এই উত্তাপ আৰু তীব্রতাই সৰকাৰৰ আংগিকলৈকো আনিছে অভিনৱত্ব আৰু স্বতন্ত্রতা। আধুনিক বুৰ্জোৱা কাব্যৰীতি সম্পূৰ্ণ বৰ্জন নকৰি তাৰ প্ৰয়োজনীয় সালসলনিৰ সহায়েৰে তেওঁ প্ৰকাশ কৰিছে এহাতে ক্ষয় আৰু শোষণৰ, আনহাতে নবজন্ম আৰু সংগ্ৰামৰ বিবিধ ৰূপ । বুৰ্জোৱা আধুনিক কবিতাৰ ধ্যানমগ্ন চিত্রধর্মিতা তেওঁৰ কবিতাত দেখা নাযায়— ইতিহাসৰ গতিয়ে তেওঁৰ কবিতাৰ শৰীৰলৈ আনিছে শিহৰিত চঞ্চলতা। ছিনেমাৰ মন্তাজৰ লেখীয়া দ্রুত সঞ্চৰণশীল দ্ৰুত পৰিৱৰ্তনশীল চিত্ৰবিন্যাসৰ জৰিয়তে প্ৰকাশ পাইছে তেওঁৰ এই গতিময় উপলব্ধি:

বজ্ৰমণিৰ দৰে অস্থিৰ সময়
বুকুৰ কমাৰশালত কঁপে—
*
মাকৰ বুকু শুদা কৰি ওলাই যোৱা ল’ৰাবোৰ এতিয়া ৰক্তগোলাপ হৈ ফুলি আছে আমাৰ বুকুত
*
দূৰ বননিৰ পৰা ভাহি অহা খৰিকটীয়াৰ কুঠাৰৰ ঘাপ।
বৰ বৰ গছ বাগৰি পৰাৰ অশ্ৰুত শব্দত
বুকুখন পাতল লাগে।
*
হৃদয়ৰ গভীৰত
প্রাণোচ্ছ্বল নিজৰাৰ শব্দ
মই সাৰ পাওঁ:
সমুদ্র!
সমুদ্র!!

আমাৰ চকুৰ আগেদি এনে যিবোৰ ছবি সজীৱ হৈ দ্রুতগতিৰে ভাহি গৈছে সেইবোৰত লাগি আছে পৰিচিত জগতৰ ধূলিবালি। সেইবোৰ ঘঁহিমাজি ভদ্ৰ কৰিবলৈ সৰবে চেষ্টা কৰা নাই:

ৰাস্তাটো পাৰ হ’বলৈ যাওঁতে
হঠাতে জীৱনৰ আৰ্তনাদ—
কেঁ-এচকৈ এটা শব্দ,
জুমবাজি থকা মানুহজাকে
চিঞৰি উঠিল:
“গ’ল গ’ল গ’ল…”
*
ডাষ্টবিনৰ পৰা আহাৰ বুটলি খোৱা
সেই মানুহজনে চেৰেলা কুকুৰৰ সতে
আকৌ এবাৰ চিঞৰি উঠক—
“বিংশ শতিকাত ময়েই ৰজা”…

কেতিয়াবা কেতিয়াবা দুঃস্বপ্ন বা ৰোগশয্যাত দেখাৰ দৰে এই চিত্ৰবোৰত অস্বাভাবিক বা অদ্ভুত ভাবৰ ৰহণো থাকে। আচলতে কিন্তু বাস্তৱৰ গৰ্ভত লুকাই থকা আশা বা আতংকৰ হেঁচাতে সিহঁতৰ চেহেৰাত এনে অদ্ভুত ভাব ফুটিছে:

কোনোবাই যেন এটা বন্ধ কোঠালীত
শ্বাসৰুদ্ধ হৈ চিঞৰিছে:
আমি নুশুনাৰ ভাও জুৰি আছোঁ।
কোন, ক’ত, কিয়— এই শব্দবোৰ
উত্তেজনাৰ মুহূৰ্তত
ভাগি টুকুৰা টুকুৰ।
*
কোলাহল মুখৰিত নগৰীত
ঘৰদুৱাৰ সকলো ভাঙি পৰে,
সুর্যমুখীৰ পাহিবোৰ
নিষ্ঠুৰ বতাহত সৰে,
চিনাকি মুখৰ ছবি
যাঠিৰ দৰে জোঙা হয়।
*
স্বৰ্গৰ দুৱাৰ যাদুকৰীৰ মন্ত্ৰবলত
মুকলি হোৱাৰ আগতেই
নৰকৰ জুইকুৰা যাত্ৰীসকলৰ ফালে
হু-হুৱাই আগুৱাই আহি আছে।
মানুহজনে উলাহত চিঞৰিছে:
নৰক গুলজাৰ! নৰক গুলজাৰ!

সৰকাৰৰ কবিতাৰ বিষয়বস্তুৰ বাবেই তাৰ প্রধান বিপদ হ’ল শ্ল’গানধর্মিতা। ৰাজনৈতিক বিষয়ৰ কবিয়ে পাহৰি যাব পাৰে যে টেঁটু ফালি চিঞৰিলেই গভীৰ আবেগ প্রকাশ নহ’বও পাৰে, বজ্ৰমুঠিৰ আঁৰত নাথাকিব পাবে বিশ্বাস। বহুব্যৱহৃত বাক্যাংশ বা চিত্ৰৰ সহায়ত ‘পাল মাৰি’ কবিয়ে বাস্তৱৰ নিত্যনতুন চৰিত্ৰ এৰাই যাব পাৰে। কবি সৰকাৰৰ কবিতাতো কেতিয়াবা এনে জড় ভাবভংগীৰ ছাপ পৰিছে:

আবেলিৰ ৰেষ্টোৰাঁত
ৰংঘঁহা নিকেল সভ্যতা
*
ৰোটাৰিত ছপা হয় মন্ত্ৰীৰ বাণী
অথচ নিবাৰণ কেৰাণীৰ উদং মোনাটো আজিও উদং
*
সৃষ্টিৰ নতুন চেতনা লৈ
ধ্বংসৰ গীত গোৱা
পূতিগন্ধ জীৱনক কৰাহি সুন্দৰ।
*
নৱজীৱনৰ গান গাই গাই
আহিব ধৰিছে উজ্জ্বল দিন—
মজদুৰ-স্বাধীনতা।

কিন্তু এই ধৰণৰ স্খলনে তেওঁৰ কবিতাক কোঙা কৰিব পৰা নাই। এনেবোৰ ভুল বা ব্যৰ্থতাৰ মাজেদি তেওঁ শিকিছে জীৱন্ত সত্যৰ প্ৰতি নিষ্ঠা। নতুন সৌন্দৰ্য্য সৃষ্টি কৰিবলৈ যাওঁতে কেতিয়াবা বাটকেনা লগাটো স্বাভাৱিক। কিন্তু অতি কুশলী, সাৱধান, ভুল নোহোৱা শিল্পীজনহে সৃষ্টিৰ ক্ষেত্ৰত অক্ষম বুলি প্ৰমাণ হ’ব পাৰে।

(ৰচনাকাল: ১৫/০৩/১৯৭৪, গুৱাহাটী‌। লেখাটি ৰবীন্দ্ৰ সৰকাৰৰ কাব্য সংকলন ‘সত্তৰৰ পদাতিক’ৰ পাতনি ৰূপে প্ৰকাশিত‌। লেখকৰ অনুমতি সাপেক্ষে মুক্ত চিন্তাত পুনৰ প্ৰকাশ কৰা হ’ল।)

Leave a Reply

Your email address will not be published. Required fields are marked *