বিজ্ঞান-প্ৰযুক্তি

পানীত থকা ক্ষুদ্ৰ জীৱবোৰ (অনুমিত্ৰা ফুকন)

পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৭১% অঞ্চলেই পানীয়ে আৱৰি আছে যাক সামগ্ৰিকভাৱে জলমণ্ডল বুলি কোৱা হয়। সকলোৱে জানে, এই জলমণ্ডলত বহুতো জীৱই বাস কৰে। কিন্তু শুনিলে আচৰিত লাগে যে এই জলমণ্ডলত থকা জীৱকূলৰ প্ৰায় ১০% মানহে মাত্ৰ মানুহৰ জ্ঞানৰ পৰিসৰলৈ আহিছে। খালী চকুৰে দেখা পোৱা ডাঙৰ ডাঙৰ জলজ জীৱবোৰৰ বাহিৰেও এই পানীৰ পৃথিৱীখনত কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ উটি-ভাহি ফুৰে। এই জীৱবোৰৰ কিছুমানৰ আকাৰ ইমানেই ক্ষুদ্ৰ যে উচ্চ ক্ষমতাসম্পন্ন অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে সেইবোৰ দৃষ্টিগোচৰ হয়। পানীৰ এই জীৱবোৰক প্লাংকটন (plankton) বোলা হয়। কিছুমান প্লাংকটনৰ দেহত উদ্ভিদৰ দৰে পত্ৰহৰিৎকণা (chlorophyll) বিদ্যমান আৰু সেয়েহে সূৰ্যৰ পোহৰত তেনে প্লাংকটনে সালোক-সংশ্লেষণ কৰিবলৈ সক্ষম। এইসমূহক কোৱা হয় ফাইট’প্লাংকটন (phytoplankton)। জলমণ্ডলত বাস কৰা পত্ৰহৰিৎকণাযুক্ত এইধৰণৰ ক্ষুদ্ৰতম ফাইট’প্লাংকটনবোৰ হৈছে সমগ্ৰ জীৱজগতৰ বাবে প্ৰয়োজনীয় অক্সিজেন যোগান ধৰোঁতাৰ মাজৰ অন্যতম। বিভিন্নধৰণৰ বেক্টেৰিয়া, শেলাইজাতীয় উদ্ভিদ, পত্ৰহৰিৎকণাযুক্ত ক্ষুদ্ৰাকাৰ ডাইএটম (diatoms) আৰু ডেচমিদ (desmids) আদিয়েই হ’ল ফাইট’প্লাংকটনৰ জগতখনৰ সদস্য। অন্যহাতেদি প্ৰাণীৰ দৰে অন্য প্লাংকটন ভক্ষণ কৰি জীয়াই থকা প্লাংকটনবোৰ হ’ল জুপ্লাংকটন (zooplankton)। প্লাংকটনবোৰক অন্য জলজ প্ৰাণী— যেনে, শামুক, মাছ, তিমিজাতীয় প্ৰাণী আদিয়ে খাদ্য হিচাপে গ্ৰহণ কৰে। এইদৰে  প্লাংকটনবোৰে জলজ পৰিৱেশতন্ত্ৰত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

এবিধ ফাইট’প্লাংকটন। অনুবীক্ষণ যন্ত্ৰৰ সহায়েৰে এই প্ৰবন্ধৰ লেখিকাই গ্ৰহণ কৰা আলোকচিত্ৰ।

মাইক্ৰ’নৰ পৰা চেণ্টিমিটাৰৰ সীমাৰ মাজত থকা শৰীৰৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি প্লাংকটনবোৰক পিক’, নেন’, মাইক্ৰ’, মেচ’, মেক্ৰ’ আৰু মেগা— এই ছয় প্ৰকাৰত ভাগ কৰিব পাৰি। বহুক্ষেত্ৰত পানীত থকা পৰিপুষ্টিৰ ঋতুকালীন সালসলনিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন আকাৰৰ প্লাংকটনৰ সংখ্যাৰ বঢ়া-টুটা হোৱা দেখা যায়। কম পৰিপুষ্টিযুক্ত পানীত (low nutrient water) সাধাৰণতে সৰু আকাৰৰ প্লাংকটনৰ সংখ্যা বেছি হয়, কিয়নো সিহঁতে কম পৰিমাণৰ পৰিপুষ্টিতো সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। ফাইট’প্লাংকটন ভক্ষণ কৰি জীয়াই থকা জুপ্লাংকটনবোৰে ফাইট’প্লাংকটনত জমা হৈ থকা জৈৱিক কাৰ্বনবোৰ জুপ্লাংকটন ভক্ষণকাৰী মাছ আৰু অন্যান্য প্ৰাণীৰ শৰীৰলৈ কঢ়িয়াই নিয়ে। তদুপৰি জুপ্লাংকটনে নিৰ্গত কৰা বিষ্ঠাই পানীৰ পৰিপুষ্টিৰ ভঁ‌ৰালটো (nutrient pool) সমৃদ্ধ কৰে। বহুতো জুপ্লাংকটনে গোটেই জীৱন কালছোৱা প্লাংকটন হিচাপেই কটায়, ইহঁতক হ’ল’প্লাংকটন বুলি কোৱা হয়। কিন্তু কিছুমান প্ৰাণীৰ পোৱালী অৱস্থাটোহে জুপ্লাংকটন হিচাপে ধৰা হয়; বয়স বঢ়াৰ লগে লগে সিহঁত আৰু জুপ্লাংকটন হৈ নাথাকে। তেনে জুপ্লাংকটনক মেৰ’প্লাংকটন বুলি কোৱা হয়।

অনুবীক্ষণ যন্ত্ৰৰ তলত অন্য এবিধ ফাইট’প্লাংকটন। লেখিকাই গ্ৰহণ কৰা আলোকচিত্ৰ।

বহুক্ষেত্ৰত সামঞ্জস্য থাকিলেও সাগৰ-মহাসাগৰৰ লুণীয়া পানী আৰু খাল, বিল, জান-জুৰি, নদী, পুখুৰী, হ্ৰদ আদিৰ অলুণীয়া পানীত থকা প্লাংকটনবোৰৰ মাজত বিভিন্নধৰণৰ গুণগত পাৰ্থক্য বিদ্যমান। এই বিষয়ত এতিয়াও বিস্তৃত অধ্যয়ন চলি আছে। বোৱঁতী পানী আৰু স্থবিৰ হৈ থকা পানীৰ পৰিৱেশত থকা প্লাংকটনৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ মাজত থকা তাৎপৰ্যপূৰ্ণ পাৰ্থক্যৰ কথাও বিভিন্ন অধ্যয়নৰ যোগেদি পোহৰলৈ আহিছে। এক জলজ পৰিৱেশত কি কি ধৰণৰ প্লাংকটন থাকিব, কিমান সংখ্যক থাকিব আৰু প্লাংকটনৰ বৃদ্ধি সেই পৰিৱেশত কেনেকুৱা হ’ব— এই সকলোবোৰ কথাই সেই পৰিৱেশটোৰ কিছুমান ভৌতিক, ৰাসায়নিক আৰু জৈৱিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। দিনটোৰ দৈৰ্ঘ, পোহৰৰ উজ্জ্বলতা, পানী আৰু বায়ুৰ তাপমাত্ৰা, অতি বেঙুনীয়া ৰশ্মি, গভীৰতা অনুযায়ী পানীৰ সোঁতৰ বেগ আৰু চলনৰ তাৰতম্য আদি ভৌতিক কাৰকে প্লাংকটনৰ পৰিস্থিতিগত বৈশিষ্ট্য নিৰ্ধাৰণ কৰে। জলজ পৰিৱেশত বিভিন্নধৰণৰ জৈৱিক (organic) আৰু অজৈৱিক (inorganic) ৰাসায়নিক পদাৰ্থৰ উপস্থিতিয়েও প্লাংকটনসমূহৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। প্লাংকটনসমূহৰ বংশবৃদ্ধি প্ৰক্ৰিয়া, বিভিন্ন প্লাংকটনৰ মাজত খাদ্য আৰু বাসস্থানক কেন্দ্ৰ কৰি সংঘটিত হোৱা প্ৰতিযোগিতা, খাদ্য হিচাপে ফাইট’প্লাংকটনৰ ওপৰত জুপ্লাংকটনৰ চাপ, পৰজীৱিতা (parasitism), সহজীৱিতা (symbiosis) আদি হ’ল কোনো জলজ পৰিৱেশত থকা প্লাংকটনৰ বৈশিষ্ট্য নিৰ্ধাৰণকাৰী নিৰ্ণায়ক জৈৱিক কাৰক।

আৰু এবিধ ফাইট’প্লাংকটন অনুবীক্ষণ যন্ত্ৰৰ তলত। আলোকচিত্ৰ এই লেখিকাৰ।

নগৰ-চহৰ অঞ্চলৰ পৰা পানীলৈ বৈ অহা আৱৰ্জনা, কিছুমান কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক পদাৰ্থ, খেতি-বাতিত ব্যৱহৃত বিভিন্ন ধৰণৰ সাৰ, ব্যৱসায়ভিত্তিকভাৱে পালন কৰা বৃহৎ সংখ্যক গৰু-ম’হ আদিৰ পৰা দাঁতিকাষৰীয়া পানীত মিলি যোৱা বিষ্ঠা আদিয়ে যি কোনো জলজ পৰিৱেশত বিভিন্ন জৈৱিক আৰু ৰাসায়নিক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰি‌ পেলায়। তাৰ ফলত সেই জলজ পৰিমণ্ডলত অস্বাভাৱিকভাৱে বাঢ়ি যায় পৰিপুষ্টিৰ মাত্ৰা। জলজ পৰিৱেশৰ এই অৱস্থাটোক ইউট্ৰ’ফিকেচন (Eutrophication) বোলা হয়। এই প্ৰক্ৰিয়াৰ আৰম্ভণিৰ সময়ছোৱাত অত্যধিক পৰিপুষ্টি গ্ৰহণ কৰি কিছুমান ফাইট’প্লাংকটন প্ৰজাতিৰ অস্বাভাৱিক ধৰণেৰে বৃদ্ধি (algal bloom) হ’বলৈ ধৰে। এই প্ৰক্ৰিয়াৰ লগত সংগতি ৰাখি সেই নিৰ্দিষ্ট ফাইট’প্লাংকটন ভক্ষণ কৰোঁতা কিছুমান জুপ্লাংকটন আৰু লগতে মাছৰ সংখ্যা বৃদ্ধি হয় সেইটো সঁচা। কিন্তু তাৰ লগে লগে, অন্য কিছুমান অতি গুৰুত্ত্বপূৰ্ণ প্লাংকটনৰ লগতে মাছ আৰু অন্যান্য জলজ জীৱ সেই পৰিৱেশতন্ত্ৰটোৰ পৰা লাহে লাহে অন্তৰ্হিত হৈ পৰে। পাছলৈ অত্যধিক হৈ পৰা ফাইট’প্লাংকটনবোৰে পানীত থকা পৰিপুষ্টিবোৰ ক্ৰমাৎ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি সেই জলজ পৰিৱেশটোক অপুষ্টিকৰ আৰু ৰুগীয়া কৰি তোলে। যিকোনো পৰিৱেশ সুস্থ আৰু সৱল হৈ থকাৰ মূল মন্ত্ৰটো সেই পৰিৱেশটোত বসবাস কৰা জীৱজগতৰ লগতে বিভিন্ন ভৌতিক তথা ৰাসায়নিক কাৰকৰ ভাৰসাম্যতাৰ ওপৰতে নিৰ্ভৰ কৰে। ইউট্ৰ’ফিকেচনে অস্বাভাৱিকভাৱে প্লাংকটন বৃদ্ধি কৰি জলজ পৰিৱেশতন্ত্ৰটোৰ ভাৰসাম্য নষ্ট কৰি পেলায়। সঠিক সময়ত উপযুক্ত প্ৰতিকাৰৰ ব্যৱস্থা নকৰিলে এটা সময়ত সেই সম্পূৰ্ণ জলজ পৰিৱেশটোৰ পানীৰ গুণাগুণ আৰু স্বাভাৱিক হৈ নাথাকে যাৰ প্ৰভাৱ লাহে লাহে সেই অঞ্চলৰ সমগ্ৰ জলবায়ুৰ ওপৰতেই পৰিবলৈ আৰম্ভ কৰে।

অনুবীক্ষণ যন্ত্ৰৰ তলত পৰিবৰ্ধিত ৰূপত এবিধ জুপ্লাংকটন। আলোকচিত্ৰ লেখিকাৰ।
অনুবীক্ষণ যন্ত্ৰৰ সহায়ৰে লেখিকাই গ্ৰহণ কৰা অন্য এবিধ জুপ্লাংকটনৰ আলোকচিত্ৰ।

আওপকীয়াকৈ চালে এনেকৈও ক’ব পাৰি যে কোনো এক জলজ পৰিৱেশত থকা প্লাংকটনৰ পৰিস্থিতিগত বৈশিষ্ট্যসমূহ অধ্যয়ন কৰি আমি সেই জলজ পৰিৱেশতন্ত্ৰটোৰ সামগ্ৰিক অৱস্থা অনুধাৱন কৰিব পাৰোঁ। আকাৰত নগণ্য, পানীৰ পৃথিৱীখনৰ বাসিন্দা এই জীৱবোৰৰ বিষয়ে কৰা অধ্যয়নে যিকোনো জলজ পৰিৱেশৰ সামগ্ৰিক পৰিস্থিতিৰ পৰ্যবেক্ষণত প্ৰভূত বৰঙণি যোগাই আহিছে। তাৰ উপৰিও, তেনে অধ্যয়ন-অনুসন্ধানে জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল আৰু বহুমাত্ৰিক বিষয়ৰ বিচাৰ-বিশ্লেষণতো অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। এক কথাত ক’বলৈ গ’লে প্লাংকটনৰ কিছুমান প্ৰজাতিৰ উপস্থিতিৰ সালসলনিয়ে সেই বিশেষ জলজ পৰিৱেশটোৰ স্বাস্থ্য আৰু অৱস্থাৰ পৰিৱৰ্তনৰ লগতে গুণগত উন্নতি তথা অৱনতিৰ  সূচনা কৰে। অলপ গমি চালেই ধৰিব পাৰি যে জলপ্ৰদূষণ ৰোধ কৰি এই ক্ষুদ্ৰ জীৱৰ পৃথিৱীখনৰ ভাৰসমতা বৰ্তাই ৰাখিব পাৰিলে সামগ্ৰিকভাৱে সকলো জীৱৰেই পৰিৱেশ স্বাস্থ্যকৰ হৈ থাকিব। “জীয়াই থাকা আৰু আনকো জীয়াই ৰাখা” এই কথাষাৰ, — পৰিৱেশৰ সুস্থতাৰ দিশটোৰ কথা বিবেচনা কৰি—, জীৱজগতৰ সকলোৰে লগতে পানীৰ উপঙি ফুৰা এই ক্ষুদ্ৰ জীৱবোৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হোৱা যুগুত।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *