চাবিৰ হাকাৰ চৌদ্ধটি কবিতা-(অনুবাদ: বিতোপন গগৈ)
চাবিৰ হাকা: ইৰাণৰ নিৰ্মাণ শ্ৰমিক চাবিৰ হাকাৰ কবিতাবোৰ বজ্ৰপাতৰ আঘাতৰ দৰে। তেওঁৰ জন্ম ১৯৮৬ চনত ইৰাণৰ কেৰমানশ্বাহ চহৰত হৈছিল। বৰ্তমান তেওঁ তেহৰাণত বাস কৰে আৰু অট্টালিকাৰ নিৰ্মাণকাৰ্যত মজদুৰী কৰে। চাবিৰ হাকাৰ দুখন কবিতা সংগ্ৰহ প্ৰকাশ হৈছে আৰু তাৰ বাবে তেওঁ পুৰস্কৃতও হৈছে। কিন্তু কবিতাৰে পেট নভৰে। সেয়ে জীৱন নিৰ্বাহৰ বাবে তেওঁ ইটা-বালি কঢ়িয়াব লাগে। এটা সাক্ষাৎকাৰত তেওঁ কৈছিল— “মই ভাগৰুৱা। বহুত ভাগৰুৱা। মই জন্মৰ আগৰ পৰাই ভাগৰুৱা। মোৰ মায়ে মোক গৰ্ভত লৈয়ে মজদুৰী কৰিছিল। মই তেতিয়াৰ পৰাই মজদুৰ। মই মোৰ মাৰ ভাগৰ অনুভৱ কৰিব পাৰিছিলো। তেওঁৰ সেই ভাগৰ এতিয়াও মোৰ দেহত আছে।”
(কবিতা কেইটা গীত চতুৰ্বেদীয়ে কৰা হিন্দী অনুবাদৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে। – অনুবাদক)
১ নুনি
আপুনি কেতিয়াবা পকা লোপথুপীয়া নুনি দেখিছেনে
যি ঠাইত সৰি পৰে, সিমানখিনি মাটি
তাৰ ৰঙা ৰসেৰে চেকা ধৰে
সৰি পৰাতকৈ যন্ত্ৰণাদায়ক আৰু একো নাই
মই কিমান মজদুৰক দেখিছো
অট্টালিকাৰ পৰা সৰি পৰা
সৰি পৰি নুনি হৈ যোৱা।
২ ভগবান
ভগৱানো এজন মজদুৰ
নিশ্চয় তেওঁ ৱেল্ডাৰৰো ৱেল্ডাৰ
সন্ধ্যাৰ পোহৰত
তেওঁৰ চকু অঙঠাৰ দৰে ৰঙা হয়
নিশা তেওঁৰ চোলাত
ফুটাই ফুটা হয়।
৩ বন্দুক
সিহঁতে যদি বন্দুকৰ আৱিষ্কাৰ নকৰিলেহেঁতেন
তেন্তে কিমান যে মানুহ, দূৰৰ পৰাই হওক
মৰাৰ পৰা বাচি গ’লহেঁতেন
বহুত কামেই সহজ হৈ গ’লহেঁতেন
সিহঁতক মজদুৰৰ শক্তিৰ অনুভৱ কৰোৱাটোও
বহুত সহজ হৈ পৰিলহেঁতেন।
৪ মৃত্যুৰ ভয়
গোটেই জীৱন মই এই কথা বিশ্বাস কৰি চলিলো
যে মিছা কোৱাটো ভুল
কাৰোবাক কষ্ট দিয়াটো ভুল
গোটেই জীৱন মই এই কথা স্বীকাৰ কৰিলো
যে মৃত্যুও জীৱনৰে এক অংশ
ইয়াৰ পাছতো মোৰ মৃত্যুলৈ ভয় লাগে
ভয় লাগে আনখন পৃথিৱীতো মজদুৰ হৈ ৰোৱাৰ।
৫ কেৰিয়াৰ নিৰ্বাচন
মই কেতিয়াও এজন সাধাৰণ বেংক কৰ্মচাৰী হ’ব নোৱাৰিলোঁ
খোৱা-বোৱা সামগ্ৰীৰ চেলছমেনও নহয়
কোনো পাৰ্টিৰ নেতাও নহয়
নহয় টেক্সী ড্ৰাইভাৰ
প্ৰচাৰত লাগি থকা মাৰ্কেটিংৱালাও নহয়
মই মাত্ৰ এইটোৱেই বিচাৰিছিলোঁ
যে চহৰৰ আটাইতকৈ ওখ ঠাইখনত ঠিয় হৈ
তলৰ ঠাহখাই থকা অট্টালিকাবোৰৰ মাজত
সেই তিৰোতাজনীৰ ঘৰটো চাব বিচাৰোঁ
যাক মই ভাল পাওঁ
সেয়ে মই নিৰ্মাণ কাৰ্যৰ মজদুৰ হ’লোঁ।
৬ মোৰ দেউতা
যদি মই মোৰ দেউতাৰ বিষয়ে কিবা কোৱাৰ সাহস কৰোঁ
তেন্তে মোৰ কথা বিশ্বাস কৰক
তেওঁৰ জীৱনে তেওঁক খুব কম সুখ দিলে
সেই মানুহজন নিজৰ পৰিয়ালৰ বাবে সমৰ্পিত আছিল
পৰিয়ালৰ অভাৱবোৰ পূৰণ কৰিবলৈ
তেওঁ নিজৰ জীৱনটো কঠোৰ আৰু ৰুক্ষ কৰি ল’লে
আৰু এতিয়া
নিজৰ কবিতাবোৰ ছপা কৰি
মোৰ মাত্ৰ এটা কথাতে সংকোচ হয়
যে মোৰ দেউতাই পঢ়িব নোৱাৰে।
৭ আস্থা
মোৰ দেউতা মজদুৰ আছিল
আস্থাৰে মন ভৰি থকা মানুহ
যেতিয়া তেওঁ নামাজ পঢ়ে
(আল্লাহে) তেওঁৰ হাত দুখন দেখি লজ্জিত হয়।
৮ মৃত্যু
মোৰ মায়ে কৈছে
তেওঁ মৃত্যুক দেখিছে
তাৰ ডাঙৰ ডাঙৰ মোছ আছে
সি ওখ-ডাঙৰ, যেন এটা পগলা মানুহ
সেই নিশাৰ পৰা
মাৰ সৰলতাক
মই সন্দেহৰ দৃষ্টিৰ চাবলৈ ল’লোঁ।
৯ ৰাজনীতি
ডাঙৰ ডাঙৰ পৰিবৰ্তনবোৰো
কিমান সহজে কৰি দিয়া হয়
হাতে-কামে কৰি থকা মজদুৰক
ৰাজনৈতিক কৰ্মীলৈ সলনি কৰি দিয়াটোও
কিমান সহজ, নহয় নে!
ক্ৰেনবোৰে এই পৰিবৰ্তনক উঠায়
আৰু ফাঁচিকাঠ পৰ্যন্ত লৈ যায়।
১০ বন্ধুত্ব
মই ঈশ্বৰৰ বন্ধু নহয়
ইয়াৰ মাত্ৰ এটাই কাৰণ
যাৰ শিপা বহু দূৰ অতীতলৈ শিপাই আছেঃ
যেতিয়া আমাৰ ছজনীয়া পৰিয়ালটো
এটা সৰু কোঠাত আছিলোঁ
ঈশ্বৰৰ কিন্তু বহুত ডাঙৰ ঘৰ আছিল
য’ত তেওঁ অকলে থাকিছিল।
১১ সীমান্ত
যেনেকৈ বগা কাপোৰেৰে ঢাকি দিয়ে মৃতদেহ
বৰফেও বহু বস্তু ঢাকি লয়
ঢাকি লয় অট্টালিকাৰ কংকালবোৰ
গছবোৰ, কবৰবোৰ বগা কৰি দিয়ে।
আৰু মাত্ৰ বৰফেই আছে
যি সীমান্তবোৰকো বগা কৰি পেলায়।
১২ ঘৰ
মই গোটেই পৃথিৱীৰ বাবে ক’ব পাৰোঁ এই শব্দ
পৃথিৱীৰ প্ৰতিখন দেশৰ বাবে ক’ব পাৰোঁ
মই আকাশকো ক’ব পাৰোঁ
এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুকো
কিন্তু তেহৰাণৰ এই খিৰিকি নথকা
ভাৰা কোঠাটোক ক’ব নোৱাৰো
এইটোক ঘৰ বুলি ক’ব নোৱাৰো।
১৩ চৰকাৰ
এক দীঘলীয়া সময় ধৰি
পুলিচে মোক বিচাৰি আছে
মই কাকো হত্যা কৰা নাই
মই চৰকাৰৰ বিৰুদ্ধেও একো লিখা নাই
মাত্ৰ তুমি জানা, মোৰ প্ৰিয়তমা
জনতাৰ বাবে কিমান যন্ত্ৰণাদায়ক হ’ব
চৰকাৰে মাত্ৰ এইটো কাৰণতে মোলৈ ভয় কৰে
যে মই এজন মজদুৰ
যদি বিপ্লৱী বা বিদ্ৰোহী হ’লোহেঁতেন
তেতিয়া তেওঁলোকে কি কৰিলেহেঁতেন?
তথাপিও ল’ৰাটোৰ বাবে এই পৃথিৱী
বহুত কিবা সলনি হোৱা নাই
যি স্কুলৰ সকলো কিতাপৰ বেটুপাতত
নিজৰ ফটো ছপা হোৱাটো চাব বিচাৰে।
১৪ একমাত্ৰ ভয়টো
যেতিয়া মই মৰিম
নিজৰ সকলোবোৰ প্ৰিয় কিতাপ লগত লৈ যাম
নিজৰ কবৰ ভৰাই পেলাম
সেইসকলৰ ছবিৰে
যাক মই ভাল পাওঁ
মোৰ নতুন ঘৰত কোনো ঠাই নাথাকিব
ভৱিষ্যতৰ ভয়ৰ বাবে।
মই শুই থাকিম, চিগাৰেট হুপিম
আৰু কান্দিম সেই তিৰোতাবোৰলৈ মনত পেলায়
যাক মই সাৱতি ল’ব বিচাৰিছিলোঁ।
এই সকলো প্ৰসন্নতাৰ মাজতো
এটা ভয় বাচি থাকে—
এদিন কাহিলী পুৱাতে
কোনোবাই কান্ধত ধৰি জোকাৰি মোক জগাব
আৰু ক’ব—
উঠা হে চাহাব, কামলৈ যাব লাগে’!